Class 9 Science Chapter 1 Question answer in Assamese medium NCERT Solutions For Class 9 Science Chapter 1 Matter in Our Surroundings

Class 9 Science Chapter 1 Question answer in Assamese medium

NCERT Solutions For Class 9 Science Chapter 1 Matter in Our Surroundings




আমাৰ চাৰিওফালৰ বস্তুবোৰ

অনুশীলনী

       Class 9 Science NCERT Textbook – Page 12

        1.  তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা

            (a)293 K                    (ii)470 K

টোকাঃ  মি জানো যেউষ্ণতাৰ SI একক হৈছে, কেলভিন (K) 0° C = 273.16 K, সুবিধাৰ হেতু 0°C = 273 K বুলি ধৰা হয়। কেলভিন স্কেলৰ পৰা ছেলছিয়াছ স্কেললৈ নিবলৈকেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে সেইদৰে ছেলছিয়াছৰ পৰা কেলভিনলৈ নিবলৈ 273 যোগ দিব লাগে

   উত্তৰ
(a)  ( 293 – 273 ) K =  20°C
(b)  ( 470 – 273 ) K =  197°C

        2.  তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা-

    (a)25°C      (ii)373°C 

   উত্তৰঃ  

 (a) 25 + 273  = 298 K
 (b) 373 + 273 = 646 K

        3.  কাৰণ দৰ্শোৱা-

(a)  খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় ।

উত্তৰ: নেফথেলিন বল উৰ্ধপাতনৰ পৰিঘটনা দেখুৱাই । ইহঁতে গোটা অৱস্তাৰ পৰা তৰল অৱস্তাৰ মাজেৰে অতিক্ৰম নকৰাকৈ পোনপটীয়াভাৱে গেছিয় অৱস্তালৈ পৰিৱৰ্তিতহয় ।

(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পাওঁ ।

উত্তৰ: বায়ুৰ কণিকাবোৰৰ সৈতে আতৰৰ কণিকাবোৰৰ ব্যপন হয় আৰু সকলো দিশে দ্ৰুতভাৱে গতি কৰে সেয়ে আমি দূৰৰ পৰাই আতৰৰ গোন্ধ পাওঁ ।

     4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা- পানী, চেনি আৰু অক্সিজেন

       উত্তৰ  অক্সিজেন পানী চেনি 

       5.  তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্হা কি ?

(a)  25°C  (b) 0°C  (c) 100°C 

       উত্তৰ  (a) জুলীয়া (b) গোটা (c) গেছীয়

       6.  যুক্তি দৰ্শাই ব্যাখ্যা কৰা-

(a)  সাধাৰণ উষ্ণতাত পানী জুলীয়া ।

       উত্তৰ সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ

(i)    ইয়াৰ নিৰ্দিষ্ট আকৃতি নাথাকে কিন্ত  নিৰ্দিষ্ট আয়তন থাকে । ইয়াক যি পাত্ৰত ৰখা হয়, সেই পাত্ৰৰে আকৃতি লয় ।

(ii) ই প্ৰবাহিত হব পাৰে । সেয়ে ইয়াক প্ৰবাহী বুলি কোৱা হয় ।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন ।

       উত্তৰ সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন কাৰণ

(i)   ইয়াৰ নিৰ্দিষ্ট আকৃতি আৰু  নিৰ্দিষ্ট আয়তন আছে ।

(ii)   দৃঢ় আৰু ইয়াক সহজে সংকোচিত কৰিব নোৱাৰি।

        7.  273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ?

  উত্তৰ গলনৰ লীন তাপৰ বাবে 273 K উষ্ণতাত থকা বৰফৰ একে উষ্ণতাত                      

থকা পানীতকৈ কম পৰিমাণৰ তাপ থাকে । 273 K উষ্ণতাত থকা 1kg বৰফ গলিবলৈ 3.35 × 105 জুল তাপ শক্তি লাগে, যিখিনি তাপ পদাৰ্থৰ পৰা শোষণ কৰা হয় । ফলস্বৰূপে,  পদাৰ্থটোৱে তাপ শক্তি হেৰুৱাই  গতিকে273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে ।

       8.  উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব ?

  উত্তৰ লীন তাপৰ বাবে 100°C উষ্ণতাত থকা পানীৰ ভাপৰ 100°C উষ্ণতাত  থকা উতলা পানীতকৈ অধিক পৰিমাণৰ তাপ থাকে আৰু ছালৰ সংস্পৰ্শত অধিক পৰিমাণৰ তাপ নিৰ্গত কৰে । গতিকে,  100°C উষ্ণতাত থকা পানীৰ ভাপে 100°C উষ্ণতাত থকা উতলা পানীতকৈ বেছিকৈ পুৰিব ।

       9.  অৱস্তাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত  A,B, C, D, E আৰু F ৰ নাম দিয়া 

 

 


     উত্তৰ         A     -    বিগলণ

                        B     -    বাষ্পীভৱন

                        C     -    ঘনীভৱন

                        D     -    গোটাকৰণ

                        E     -     উৰ্ধপাতন

                        F     -     উৰ্ধপাতন

Class 9 Science NCERT Textbook – Page 3

        1.  তলৰ কোনবোৰ পদাৰ্থ ?

চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস ।

     উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয় আদি পদাৰ্থ ।

         2  .  তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোয়া ।

উত্তপ্ত অৱস্তাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোয়া যায় ।কিন্ত ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ।

     উত্তৰঃ ব্যাপনশীল পদাৰ্থৰ উষ্ণতা বৃদ্ধিৰ লগে লগে ব্যাপনৰ হাৰ বৃদ্ধি পায় । গতিকে, উত্তপ্ত অৱস্তাত থকা বস্তুৰ পৰা নিৰ্গত উত্তপ্ত গেছৰ কণিকাবোৰৰ বায়ুৰ কণিকাবোৰৰ সৈতে অধিক দ্ৰুত হাৰত ব্যাপন ঘটে ।ফলত উত্তপ্ত অৱস্তাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোয়াযায় ।কিন্ত ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ।

       3.  এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে । পদাৰ্থৰ কি ধৰ্মৰ ভিক্তিত এইটো সম্ভৱ ?

  উত্তৰ এটা পৰ্যবেক্ষণে উপস্তাপন কৰিছে যে পদাৰ্থৰ কণিকাবোৰে পৰস্পৰক আকৰ্ষণ কৰে ।অৱশ্যে এই ক্ষেত্ৰত পানীৰ কণিকাবোৰৰ আকৰ্ষণ বলৰ মান কম।গতিকে, এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে ।

 

Published by - Krishna Das

 

FULL COMING SOON
Previous Post Next Post