বৰগীত | Class 10 assamese lesson 1 question answer .

Sudev Chandra Das

 

Class 10 assamese lesson 1 question answer . SEBA  .

Assamese সাহিত্য চয়নিকা নতুন  for Class 10 Assamese Chapter no 1  বৰগীত | Assamese Question Answer |

 

SEBA Board Class 10 Assamese Textbook Solution

 

 

বৰগীত

ৰাগ :  বসন্ত

শ্ৰী শ্ৰী মাধৱদেৱ 

 

প্ৰ শ্না ৱ লী

 

ভাব - বিষয়ক :

 

১/ চমুকৈ প্ৰশ্ৰৰ উত্তৰ দিয়া : 

   (ক) “.......নেৰিবা বান্ধৱ মোক জীৱণে মৰণে ।’’

              -  কবিয়ে জীৱণে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে

 

 উত্তৰ : “.......নেৰিবা বান্ধৱ মোক জীৱণে মৰণে ।’’

কবিয়ে জীৱণে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে ।

 

(খ)সনক সনন্দ যোগী যাহাকু ধিয়ায় ।

       সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান  কৰে বুলি কৈছে

উত্তৰ:   ‘সনক সনন্দ যোগী যাহাকু ধিয়ায় ।

  সনক, সনন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কৈছে ।

 

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে

 উত্তৰ :  কবিয়ে  সাংসাৰিক জ্বলা-যন্ত্ৰণা, দুখ, বিষয় বাসনাত  আতুৰ হোৱা বুলি কৈছে । 

 

(ঘ) বৰগীতটি কোনে ৰচনা কৰা

উত্তৰ : বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা কৰা ।

 

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে

উত্তৰ :  বৰগীতটি বসন্ত ৰাগত বন্ধা আছে । 

 

(চ)  কবিয়েবান্ধৱবুলি কাক সম্বোধন কৰিছে

উত্তৰ :   কবিয়েবান্ধৱবুলি হৰিক সম্বোধন কৰিছে ।

 

(ছ)মোহ-পাশমানে কি ?

উত্তৰ :মোহ-পাশমানে হৈছে মায়াৰ বন্ধন । 

 

২/ বৰগীতটিৰ মূলভাৱ লিখা । 

উত্তৰ : আমাৰ পাথ্যপুঠিত সন্নিৱিষ্ট বৰগীত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত দাস্য ভক্তিত প্ৰকাশিত এটি মনোৰম বৰগীত বৰগীতটি বসন্ত ৰাগত বন্ধা ।

        বৰগীতটিৰ কবি মাধৱদেৱে সাংসাৰিক  বিষয়-বাসনাত আতুৰ হৈ ভগৱানক কাতৰ অনুৰোধ কৰিছে যাতে তেওঁ চৰণ কমলত কবিক স্থান দিয়ে, আৰু জীৱনে মৰণে যাতে ভগৱানৰ আশিৰ লাভ কৰে ।

                   অপাৰ মহিমাৰ গৰাকী হৰিক সনক, সনন্দৰ দৰে যোগসিদ্ধ পুৰুষে হওঁক নিগম শাস্ত্ৰ হওঁক তেওঁক কিন্তু বিচাৰি নাপায় । সহস্ত্ৰজনে তেওঁৰ গুণানোকীৰ্ত্তন তেওঁৰ মহিমাৰ অন্ত পেলাব নোৱাৰে । ত্ৰিজগতৰ পালনকৰ্তা, সৃষ্টিকৰ্তা  স্বৰূপ সেই হৰিৰ থা কয়ো মাধৱদেৱে কিদৰে অন্ত পেলাব পাৰিব ।

                   গতিকে মাধৱদেৱে কাতৰে নিবেদন জনাইছে যাতে ভগৱানে তেওঁক নিজ চৰণ-কমলত স্থান দিয়ে । ভগৱানৰ চৰণ যুগলে তেওঁৰ বাবে মহাধন । মাধৱদেৱে কৃপাৰ সাগৰ ভগৱানৰ ওচৰত কৃপা বিচাৰি শৰণ লৈছে । সাংসাৰিক মায়াৰ বন্ধন চিঙি তেওঁ ভগৱানৰ চৰণতে নিজকে দাসৰো দাস হিচাপে অৰ্পন কৰিছে ।

 

৩. বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ  বৰগীতটিৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ । নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদাৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা । শংকৰদেৱৰ প্ৰিয় শিষ্ মাধৱদাৱৰ গুৰুৰ পদাংককে অমুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰিদিয়া, ভেলাদাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল । ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য়-সংস্কৃতিৰো পূজাৰি এইজনা মহান গুৰুৰ সাহিত্ক জীৱনৰ কীৰ্তিস্তম্ভ হনামঘৰাএহেজাৰটা ঘোষা থকা বাবে এইজনক হেজাৰী ঘোষা বুলি কোৱা হয় । তেওঁৰ আন আন ৰচনাসমূহ হল- 

         আখ্যামূলক ৰচনা --ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়

         তত্ত্বমূলক ৰচনা -- জন্মৰহস্য, ভক্তি-ৰত্নায়লী, নামমালিকা ।

        নাট -- অৰ্জুন-ভঞ্জন বা দধিমথন ।

      ঝুমুৰা -- চোৰধৰা, পিম্পৰা-গুচোৱা,  ভূমি-লেটোৱা,     ভোজনবিহাৰ ।

 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ  দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ-ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল 

  

/ বাখ্যা কৰাঃ

 

(ক) সহস্ৰ বয়নে যাৰ নপায়ন্ত সীমা ।

         অধমে জানিবো কোনে তোমাৰ মহিমা ।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুঠিৰ অসমীয়া সাহিত্য চয়নিকাৰ বৰগীত নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে । কবিতাটিৰ ৰচক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ।

             সংগতিঃ কবিতাফকিৰ জৰিয়তে মাধৱদেৱ অপাৰ মহিমাৰ গৰাকী হৰিৰ বিষয়ে বৰ্ণনাবলৈ গৈছে ।

             হৰিৰ অপাৰ মহিমাৰ গৰাকী । সনক সনন্দৰ দৰে মহান যোগীয়ে যাক ধ্যান কৰে । নিগম শাস্ত্ৰই ‘যাবিচাৰি নাপায়, হৰিৰ অনন্ত শৰ্য্য়াৰ বিশ্ৰামস্থলী অনন্ত নাগৰ সহস্ৰ মুখেৰে বৰ্ণনা কৰিও যাৰ মহিমাৰ কথা অন্ত পেলাব নোৱাৰি, সেইজন ভগবানৰ মহিমাৰ কথা মাধৱদেৱৰ ধৰে এজন অধমে কি দৰেনো জানিব বুলি উল্লেখ কৰিছে । পৰম   জ্ঞানী সকলৰ দ্বৰাও বিছাৰি নোপোৱা হৰিৰ মহিমাৰ বিষয়ে বুজিবলৈ কবিয়ে নিজকে অক্ষম বুলি কৈছে ।

 

 

(খ) আতুৰ ভৌলোহো হৰি বিষয় বিকলে ।

        কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।।

 

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকী আমাঅসমীয়া পাঠ্যপুঠি অসমীয়া সাহিত্য চয়নিকাৰ বৰগীৰত নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে । কবিতাটিৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ ।

              সংগতিঃ কবিতাফাকিৰ জৰিয়তে মাধৱদেৱে সাংসাৰিক জ্বালা-যন্ত্ৰণা, বিষয়- বাসনাৰ পৰা উদ্ধাৰ কৰিবলৈ কবিয়ে হৰিক প্ৰাথনা জনাইছে ।

               হৰিৰ মায়াপাশতেই সমগ্ৰ জগত বন্দী হৈ আছে । গতিকে হৰিয়ে মায়াজ্ঞানৰ পৰা মানুহক মুক্ত কৰিব পাৰে । মায়াৰ বন্ধন আঁতৰ হলেই নিজৰ আৰু ঈশ্বৰৰ মাজৰ ভেদ-অভেদ সম্পৰ্কে জানিবলৈ মানুহে সক্ষম হয় । যি মূহুৰ্তত এক আত্মাৰ সকলোৰে মাজত অৱস্থিত উপলদ্ধি মানুহৰ হয়, সেই মূহুৰ্তৰ পৰাই লোভ, মোহ, ক্ৰোধ জাতীয় বিচাৰসমূহ মনৰ পৰা আঁতৰি যায় আৰু যি মূহুৰ্তৰ পৰাই এইবোৰৰ মাত্ৰা কমে তেতিয়া মানুহে মোক্ষ লাভৰ অধিক নিকট হৈ পৰে । সেয়ে কবিয়ে এই মায়া-মোহ বিষয়-বাসনা সাংসাৰিক জ্বালা-যন্ত্ৰণা, সুখ-দুখৰ পৰা উদ্ধাৰ কৰিবলৈ হৰিৰ শ্ৰীচৰণত-কমলত প্ৰাৰ্থনা জনাইছে । মায়া-পাশৰ পৰা মুক্ত হলে সাংসাৰিক জ্বালা যন্ত্ৰণাই কবিক আতুৰ কৰিব নোৱাৰিব ।

 

(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন ।

        জগত জনেৰে নিজ তুমিয়ে জীৱন । 

 

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুঠিৰ অসমীয়া সাহিত্য চয়নিকাৰ বৰগীত নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে । কবিতাটিৰ ৰচক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ।

             সংগতিঃ  কবিতাফাকিৰ জৰিয়তে মাধৱদেৱে হৰিৰ দুই চৰণত ভক্ত সকলৰ জীৱন অৰ্পন হৈ আছে বুলি এই কথাষাৰ বৰ্ণনাবলৈ গৈছে ।

              বাখ্যা: শ্ৰী হৰি সমগ্ৰ ত্ৰিজগতৰ স্বামী । তেওঁৰ ওপৰতেই সমগ্ৰ জগতৰ সৃষ্টি, স্থিতি, প্ৰলয় নিৰ্ভৰশীল । কিন্তু ইমান শক্তিশালী হলেও ভগৱান সদায়েও ভক্তৰ দাস। ভক্তিৰ দ্বাৰা এই ঈশ্বৰক লাভ কৰিব পাৰি । ভক্তৰ জীৱন হৈছে ভগৱান সেই ভগৱান চৰণ চিন্তাৰ দ্বাৰাই তেওঁক পাব পাৰি । অৰ্থাত শ্ৰী চৰণত নিজক অৰ্পণ কৰি ভগৱানক সন্তুষ্ট কৰিব পাৰি । সেয়ে তেওঁৰ দুই চৰণ মহাধন স্বৰুপ বুলি কবিয়ে উল্লেখ কৰিছে । তেওঁৰ শ্ৰীচৰণত কবিয়ে দাসৰ ৰূপত নিজক সমৰ্পণ কৰিছে ।

 

৩.সনক সনন্দ যোগী যাহাকু ধিয়াই

      সকল নিগমে যাক বিচাৰি নাপায় ।

    --- তাতপৰ্য বিচাৰ কৰা ।

 

উত্তৰঃ ভগৱান শ্ৰী হৰিৰ মহিমা অপাৰ । তেওঁৰ মহিমা কোনেও বুজিব নোৱাৰে । জগতৰ সৃষ্টি, স্থিতি, প্ৰলয়ৰ তেওঁ কাৰণ । কেৱল ভক্তিৰ দ্বাৰাহে তেওঁৰ মায়া ভেদ কৰিব পাৰি । সনক, সনন্দ প্ৰভূতি মহাযোগীয়ে সেয়ে ভক্তিৰ দ্বাৰাহে তেওঁৰ প্ৰয়াস কৰে । তেওঁ ধ্যান দ্বাৰা তেওঁলোকে ভগৱানক পায় । আনকি বেদ, পুৰাণ আদি নিগম শাস্ত্ৰইও এইজন হৰিৰ সন্ধান দিব নোৱাৰে । কাৰণ তেওঁ মায়াৰ অতি, মহিমাধাৰী পৰমপুৰুষ । তেওঁক লাভৰ একমাত্ৰ উপায় তেওঁৰ শ্ৰীচৰণত নিজক অৰ্পণ কৰে । এই কথাখিনি উপলদ্ধ কৰি কবিয়ে শ্ৰী হৰিৰ কথা এনেদৰে কৈছে । সনক, সনন্দ প্ৰভূতি মহাযোগীৰ তুলনাত কবি অতি তুচ্ছ । সেইসকলে মহাপ্ৰভুক ধ্যান কৰিয়েই মোক্ষ লভিছে আৰু সংসাৰ বন্ধনৰ পৰা মুক্ত হৈছে । নিগম শাস্ত্ৰইও বিচাৰি উলিয়াব নোৱৰা সেইজন হৰিৰ মায়াৰাজি বৰ্ণোৱাৰ প্ৰসংগতে এই কবিতাফাকি কৈছে ।

 

৬. বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা ।

উত্তৰঃ  বৰগীতৰ চাৰিটা লক্ষণ হল-

     (ক) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত ।

     (খ) বৰগীতৰ ভাষা ব্ৰজাৱলী ।

     (গ) বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্মা          

             প্ৰাকাশক ।

     (ঘ) শংকৰ-মাধৱে লিখা গীতসমূহকে বৰগীত  বোলা হয় । নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্য বৰগীতসমূহ ৰচিত ।

 

ভাষা-বিষয়কঃ

 

১. তলত দায়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

 

     নপায়ন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰে, কহয় ।

উত্তৰঃ      নপায়ন্ত ---------  নাপায়; পোয়া নাযায় ।

                 কেনে --------- কেনেকৈ, কিদৰে ।

            ভৈলোহো ----------  হলো ।

               তুমিসে ---------- তুমিহে ।

               জনেৰে  ---------- সকলোৰ ।

                 কহয় ---------- কয় ।

২. ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠসমূহ উল্লেখ কৰা ।

উত্তৰঃ 

   (ক) ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা । 

   (খ) ব্ৰজাৱলী ভাষাৰ মূল ভেঁটি মৌথেলী ।

  (গ) ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী স্বৰধ্বনি অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধূৰ । 

 

 

                               Publish by - Krishna And Lokesh 

       *******************************

 

      

Our website uses cookies to enhance your experience. Learn More
Accept !