ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ . Class 10 Science chapter 1 all question answer in assamese .

NCERT Solutionsfor Class 10 Science Chapter 1 Chemical Reactions and Equations . 

 

Chapter 1 Chemical Reactions and Equations Science . Class 10 Solution for Assamese Medium Student Assamese Science Solution SEBA .  | দশম  শ্ৰেণীৰ সাধাৰণ বিজ্ঞান |  দশম শ্ৰেণীৰ বিজ্ঞান সহায়িকা |

 Class 10 General Science All Chapter Solution .

SEBA Board Class 10 Science Textbook Solution

SEBA Borad  ncert textbook solutions for class Science chapter 1 Chemical Reactions And Equationss


 


Vivo V25 Pro 5G (Sailing Blue, 128 GB) (8 GB RAM)


Brand    Vivo

Model Name    V25 Pro 5G-cr

Network Service Provider    Unlocked for All Carriers

OS    Android 12.0

Cellular Technology    5G

About this item

64MP + 8MP + 2MP | 32MP Front Camera

4830 mAh Lithium Battery

120 Hz 3D Curve Display

Color Changing Fluorite AG Glass Design

 

 

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

 

Class 10 Science NCERT Textbook – Page 6

 

প্ৰ শ্না ৱ লী

1.   বায়ুত দহনৰ আগতে মেগনেছিযামৰ ফিটা এডাল পৰিস্কাৰ কৰি লব লাগে কিয় ?

উত্তৰ: মেগনেছিয়ামৰ ফিটা এডালৰ ওপৰত মেগনেচিয়াম অক্সাইড (MgO) ৰ তৰফ থাকে যিয়ে পুনৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰাত বাধা দিয়ে । সেয়েহে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি লব লাগে।

2.          তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।

(i) হাইড্ৰজেন + ক্লৰিন হাইড্ৰজেন ক্লৰাইড

(ii) বেৰিয়াম ক্লৰাইড + এলুমিনিয়াম ছালফেট  →             বেৰিয়াম  ছালফেট + এলুমিনিয়াম ক্লৰাইড 

(iii) ডিয়াম + পানী ডিয়াম হাইড্ৰক্সাইড +হাইড্ৰজেন 

    উত্তৰ :  

      (i)  H2 + Cl 2HCl

       (ii)  3BaCl2 + Al2(SO4)3 3BaSO4 + 2AlCl3

       (iii)  2Na + 2H2O → 2NaOH + H2

 3.তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন ( State Symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।

(i) বেৰিয়াম ক্লৰাইড  আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাৱ্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তত হয় ।

(ii) ডিয়াম হাইড্ৰক্সাইড দ্ৰৱ (পানীত) হাইড্ৰক্লৰিক এছিডৰ (পানীত)ৰে সৈতে বিক্ৰিয়া কৰি ছডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে । 



 উত্তৰ :  

(i) BaCl+ (aq) + Na2SO4 → BaSO4 (S) + 2NaCl (aq) 

(ii) 2NaOH (aq) +2HCl (aq) →2NaCl (aq) + H2O (l) 

Class 10 Science NCERT Textbook – Page 10 


অধ্যায় 2 :  এছিড, ক্ষাৰক আৰু লৱণ


   অধ্যায় 3 :  ধাতু আৰু অধাতু


   অধ্যায় 4 :  কাৰ্বন আৰু তাৰ যৌগ


   অধ্যায় 5 :  মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন


প্ৰ শ্না ৱ লী

1.  এটা পদাৰ্থ ‘X’ দ্ৰৱক বগা ৰঙ সানিবলৈ (White washing) ব্যৱহাৰ কৰা হয় । 

 (i) পদাৰ্থ ‘X’ ৰ নাম আৰু সংকেত লিখা ।

 (ii) পানীৰে সৈতে পদাৰ্থ ‘X’ এ কৰা বিক্ৰিয়াটো লিখা । 

উত্তৰ : (i) পদাৰ্থ ‘X’ ৰ নাম : কেলছিয়াম অক্সাইড 

                             সংকেত : CaO

    (ii) পানীৰে সৈতে পদাৰ্থ ‘X’ এ কৰা বিক্ৰিয়াটো হল -                                           

                   CaO + H2O → Ca(OH)2

                    (পোৰাচূন)         (শিথিলিত চূন)

2.          কাৰ্যকলাপ 1.7 ত এটা পৰীক্ষানলত , সংগ্ৰহ কৰা গেছৰ পৰিমানণ আনটো পৰীক্ষানলত  সংগ্ৰহ কৰা পৰিমানণ  দূগুণ কিয় এই গেছটোৰ নাম লিখা । 



ইয়াত

         উৎপন্ন হোৱা হাইড্ৰজেন গেছৰ আয়তন অক্সিজেন গেছৰ দূগুণ । সেইবাবে এটা পৰীক্ষানলীত  সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত  সংগ্ৰহ কৰা পৰিমানণ  দূগুণ । গেছটোৰ নাম : অক্সিজেন আৰু হাইড্ৰজেন ।

 

Class 10 Science NCERT Textbook – Page no 13

 

 1.লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেটৰ দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্বতন ঘটে কিয়

উত্তৰ : লো কপাৰতকৈ অধিক সক্ৰিয় গতিকে লোৱে কপাৰ ছালফেট দ্ৰৱ কপাৰ মৌলটোক অপসাৰিত কৰি আইৰণ ছালফেট  উৎপন্ন কৰিছে । সেইবাবে দ্ৰৱটোৰ ৰঙৰ পৰিৱৰ্তন কৰিছে । 

  এই বিক্ৰিয়াটোৰ ৰাসায়নিক হব -

Fe (S)  +  CuSo4 (aq) → FeSo4 (aq)  +  Cu (S) 

 

  2.  কাৰ্যকলাপ 1.10 ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰন বিক্ৰিয়াৰ উদাহৰণ দিয়া  

উত্তৰ :  2Cu  +  O2    →  2CuO         

     

  3.          তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাচি উলিওৱা ।

(i) 4Na (S)  +  O2 (g)  → 2Na2 O(S) 

(ii) CuO (S)  +  H2 (g)  → Cu (S) + H2O (l) 

উত্তৰ :      (i) 4Na (S)  +  O2 (g)  → 2Na2 O(S) 

          →  Na  জাৰিত হৈ   Na2পন্ন   হৈছে । 

 

  (ii) CuO (S)  +  H2 (g)  → Cu (S) + H2O (l)

            →  CuO (S) বিজাৰণ হৈ Cu পন্ন   হৈছে । 

                 আৰু H2 জাৰণ হৈ H2পন্ন   হৈছে । 


Class 10 General Science All Chapter Solution .

(অনুশীলনী)



1.  তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ

       2PbO (S)  + C (S) → 2Pb (S)  + CO2 (g) 

  a.          লেড বিজাৰিত হৈছে । 

  b.          কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে । 

  c.          কাৰ্বন জাৰিত হৈছে ।

  d.          লেড অক্সাইড বিজাৰিত হৈছে । 

            (i)   (a) আৰু   (b)

            (ii)   (a)  আৰু (c)

    (iii)  (a) , (b)  আৰু  (c) 

    (iv)  সকলো 

উত্তৰ :   (i)  (a) আৰু (b) 

 

2. Fe2O3  +  2Al  → Al2O3  +  2Fe

 ওপৰতৰ বিক্ৰিয়াটো এটা উদাহৰণ 

 a.          এটা সংযোজন বিক্ৰিয়াৰ

 b.          এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ

 c.          এটা বিযোজন বিক্ৰিয়াৰ

 d.          এটা অপসৰণ বিক্ৰিয়াৰ

উত্তৰ :    (d) এটা অপসৰণ বিক্ৰিয়াৰ

 

 3. কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এছিড লোৰ গুৰিত যোগ কৰা হয় ? শুদ্ধ উত্তৰটো টিক চিন দিয়া । 

a.          হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয় । 

b.          ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয় । 

c.          বিক্ৰিয়া নঘটে । 

d.          আইৰণ লৱণ আৰু পানী উৎপন্ন হয় । 

উত্তৰ :  (a) হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয় । 

 

4. সন্তুলিত  ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে

উত্তৰ : সন্তুলিত  ৰাসায়নিক সমীকৰণ হৈছে এনে এটা ৰাসায়নিক সমীকৰণ যত বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থৰ প্ৰতিটো উপাদান মৌলৰ সমান সংখ্যক পৰমানু থাকে । 

           ভৰৰ নিত্যতা বিধি অনুসৰিৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা নাশ  ব নোৱাৰে । সেয়েহে   ভৰৰ নিত্যতা বিধি অনুসৰি ৰাসায়নিক সমীকৰণ সন্তুলিত হোৱাৰ প্ৰয়োজন ।

 

5. তলৰ উক্তিসমূহৰ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা । 

a.          হাইড্ৰজেন গেছে নাইট্ৰজেনেৰে সৈতে লগ হৈ এমনিয়া প্ৰস্তত কৰে । 

উত্তৰ :    H2  +  N →  NH3

                 সমতুল ৰাসায়নিক সমীকৰণ

        3H2 (g)  +  N →  2NH3 (g)

 

        

b.  হাইড্ৰজেন  ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে । 

উত্তৰ :      H2S  +  O2  →  H2O  +  SO2

সমতুল ৰাসায়নিক সমীকৰণ

         2H2S (g)  +  3O2  →  2H2O (l)  +  2SO2 (g) 





c.  বেৰিয়াম ক্লৰাইডে এলুমিয়াম ছালফেটেৰে সৈতে বিক্ৰিয়া কৰি এলুমিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অধ:ক্ষেপ উৎপন্ন কৰে ।

 উত্তৰ :     BaCl2  +  Al2(SO4)3  →  BaSO4  + AlCl3

                সমতুল ৰাসায়নিক সমীকৰণ

3BaCl2 (aq) +  Al2(SO4)3 (aq) →  3BaSO4 (s)  + 2AlCl3 (aq) 



d.  পটেছিয়াম ধাতুয়ে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছে উৎপন্ন কৰে ।

 উত্তৰ :      K  +  H2→  KOH  +  H2

          সমতুল ৰাসায়নিক সমীকৰণ

            2K (s)  +  2H2→  2KOH (aq)  + H2 (g)

 

6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা । 

a.          HNO3  +  Ca (OH)2 →  Ca (NO3)2  +  H2 O

           2HNO3  +  Ca (OH)2 →  Ca (NO3)2 +  2H2O



b.  NaOH  +  H2SO4  → Na2SO4  +  H2O

        2NaOH  +  H2SO4  → Na2SO4  +  H2O



c.  NaCl  + AgNO3  → AgCl  +  NaNO3

          NaCl  + AgNO3  → AgCl  +  NaNO3

 

d.  BaCl2  +  H2SO→ BaSO4  +  HCl

        BaCl2  +  H2SO→ BaSO4  + 2HCl

 

7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা । 

a.          কেলছিয়াম হাইড্ৰক্সাইড  +  কাৰ্বন ডাই অক্সাইড  →  কেলছিয়াম কাৰ্বনেট  +  পানী   

  Ca(OH)2 (aq)  +  CO2 (g) → CaCO3 (aq)  + H2O (l)



b.  যিংক  +  ছিলভাৰ নাইট্ৰেট  →  যিংক নাইট্ৰেট + ছিলভাৰ   

  Zn (s) + 2AgNO3 (aq) → Zn(NO3)2 (aq) + 2Ag (s) 

 

   (c)  এলুমিনিয়াম  +  পাৰ ক্লৰাইড  →  এলুমিনিয়াম ক্লৰাইড  +  পাৰ ।

   2Al (s) + 3CuCl2 (aq) → 2AlCl3 (aq) + 3Cu (s) 

 

    (d) বেৰিয়াম ক্লৰাইড  + পটেছিয়াম ছালফেট   বেৰিয়াম ছালফেট   + পটেছিয়াম ক্লৰাইড   

  BaCl2  (s)  +  K2SO4 (aq)  → BaSO4 (aq)  +  2KCl (s)

 

8. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা । 

   

a.          পটেছিয়াম ব্ৰমাইড (aq)  +  বেৰিয়াম আয়ডাইড (aq) →  পটেছিয়াম আয়ডাইড  (aq) + বেৰিয়াম ব্ৰমাইড (S)



b.  যিংক কাৰ্বনেট (S)   যিংক অক্সাইড (S) +  কাৰ্বন ডাই অক্সাইড (g) 

 

   (c) হাইড্ৰজেন (g) + ক্লৰিন (g) হাইড্ৰজেন ক্লৰাইড (g) 

 

   (d)  মেগনেছিয়াম (s)  +  হাইড্ৰক্লৰিক এছিড (aq)  মেগনেছিয়াম ক্লৰাইড (aq)  + হাইড্ৰজেন  (g)



উত্তৰ :   

ক্ৰমিক

 নং

সমতুল ৰাসায়নিক

সমীকৰণ

বিক্ৰিয়াৰ প্ৰকাৰ

(a)

2KBr (aq) + BaI2 (aq) → 2KI (aq) + BaBr2 (s)

দ্বিঅপসৰণ বিক্ৰিয়া

(b)

ZnCO3 (s) → ZnO (s) + CO2 (g)

বিযোজন বিক্ৰিয়া

(c)

H2 (g) + Cl2 (g) → 2HCl (g)

সংযোজন বিক্ৰিয়া  

(d)

Mg (s) + 2HCl (aq) → MgCl2 (aq) + H2 (g)

  অপসৰণ বিক্ৰিয়া


 More Resours For Class 10 Solutions in Assamese Medium

 

9. তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা ? উদাহৰণ দিয়া । 

উত্তৰ :  যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় তাকে তাপবৰ্জী  বিক্ৰিয়া বোলে । 

 

 উদাহৰণস্বৰূপে:    মিথেন গেছে বায়ুত অক্সিজেনৰ উপস্থিতিত জ্বলি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ লগতে যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰে । 

  CH4 (g) + 2O2 (g) → CO2 (g) + 2H2O (g) + তাপ শক্তি

 

আনহাতে ,

           যি ৰাসায়নিক বিক্ৰিয়াত শক্তি বা তাপ শোষিত হয় তাকে তাপগ্ৰাহী বিক্ৰিয়া বোলে ।

উদাহৰণস্বৰূপে:  ছিলভাৰ ক্লৰাইড আৰু ক্লৰিন সূৰ্যৰ পোহৰৰ উপস্থিতিত ছিলভাৰ উৎপন্ন কৰাৰ লগতে ক্লৰিন উৎপন্ন কৰে ।

 

10. শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা  হয়  ? বাখ্যা কৰা 

উত্তৰ : শ্বসন এনে এটা প্ৰক্ৰিয়া যত জৈৱিক পদাৰ্থসমূহৰ বিভংগন ঘটি শক্তি মুক্ত হোৱাৰ লগতে সৰল বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় ।   যাক পৰৱৰ্তী পৰ্যায়ত দেহৰ বিভিন্ন ক্ৰিয়াকলাপত ব্যৱহাৰ কৰা হয় । পাচন প্ৰক্ৰিয়াত খাদ্যত থকা কাৰ্বহাইড্ৰেট  গ্লকজলৈ বিযোজিত হয় । এই গ্লকজে দেহৰ কোষত অক্সিজেনৰ সৈতে বিকেৰিয়া কৰি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ লগতে শক্তি উৎপন্ন কৰে । 

      বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ হৈছে :-

 C6H12O6 (aq) + 6O2 (aq)   → 6CO2 (g) + 6H2O (l) + শক্তি

 

এই বিক্ৰিয়াত শক্তি উতপন্ন হোৱা বাবে ইয়াক তাপবৰ্জী বিক্ৰিয়া হিচাপে  বিবেচনা কৰা হয় ।

    Class 10 General Science All Chapter Solution .

11. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়  ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা । 

উত্তৰ :    সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ (মৌল যৌগ)  যোজিত হৈ নতুন পদাৰ্থ উৎপন্ন কৰে । 

উদাহৰণস্বৰূপে:  অক্সিজেনৰ উপস্থিতিত হাইড্ৰজেনক দাহিত কৰিলে ই এক শিখা জ্বলি পানী উৎপন্ন কৰে ।

  2H2 (g) + O2 (g) → 2H2 (g) 

 

বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বা যৌগ বিযোজিত হৈ দুটা ততোধিক পদাৰ্থ উৎপন্ন হয় । 

উদাহৰণস্বৰূপে:   পানীত বিদ্যুত বিশ্লেষণ কৰিলে হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ উৎপন্ন হয় ।

  


 

12 . তাপ , পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা ।

উত্তৰ :  (i) তাপ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া (তাপীয় বিযোজন)

  

 লেড নাইট্ৰেট    লেড অক্সাইড  নাইট্ৰজেন-ডাই অক্সাইড অক্সিজেন

(ii) পোহৰ শক্তিৰে সংঘটিত বিযোজন :

  

 ছিলভাৰ ব্ৰমাইড       ছিলভাৰ      ব্ৰমিন

(iii) বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ 
    

এলুমিনিয়াম অক্সাইড      এলুমিনিয়াম    অক্সিজেন

  


13.অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াটোৰ বাবে সমীকৰণ লিখা ।

উত্তৰ :   এবিধ ৰাসায়নিক বিক্ৰিয়া যত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক ইয়াৰ যৌগ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেনে ৰাসায়নিক বিক্ৰিয়াক অপসৰণ বিক্ৰিয়া বোলে । 

যেনে :   সমীকৰণ অপসৰণ বিক্ৰিয়াৰ :

          Mg (s) + 2HCl (aq) → MgCl2 (aq) + H2 (g)

 

       এবিধ  ৰাসায়নিক বিক্ৰিয়া যত দুটা বিক্ৰিয়কে আয়ন বিনিময় কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উতপন্ন হয় তেনে ৰাসায়নিক বিক্ৰিয়াক   দ্বিঅপসৰণ বিক্ৰিয়াৰ বোলে । 

যেনে :    সমীকৰণ অপসৰণ বিক্ৰিয়াৰ : 

      2KBr (aq) + BaI2 (aq) → 2KI (aq) + BaBr2 (s)

14. ছিলভাৰ সংশোধনত ছিলভাৰ নাইট্ৰেট দ্ৰৱ পৰা আহৰণ কৰোঁতে কপাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয় । জড়িত বিক্ৰিয়াটো লিখা   

 উত্তৰ:  AgNO3 (aq) + Cu (s) → Cu (NO3)2 (aq) + 2Ag (s)

          (ছিলভাৰ নাইট্ৰেট)   ( পাৰ )          (পাৰ নাইট্ৰেট )        ( ছিলভাৰ )

 

15. অধ:ক্ষেপণ বিক্ৰিয়া মানে কি বুজা ? উদাহৰণ দি বাখ্যা কৰা । 

উত্তৰ :  যি বিক্ৰিয়াৰই অধ:ক্ষেপ উৎপন্ন কৰে (পানীত অদ্ৰৱণীয় গোটা পদাৰ্থ ) তাকে অধ:ক্ষেপণ বিক্ৰিয়া বোলে । 

উদাহৰণ : পাৰ ছালফেটৰজলীয় দ্ৰৱৰ মাজেৰে হাইড্ৰজেন  ছালফাইড গেছ যাব দিলে কপাৰ ছালফাইডৰ এটা কলা অধ:ক্ষেপ আৰু ছডিয়াম নাইট্ৰেট দ্ৰৱ উৎপন্ন হয় । 

 CuSO4 (aq) + H2S (g) → CuS (s) + H2SO4 (aq) 

(পাৰ            (হাইড্ৰজেন         ( পাৰ       ( ছালফাউৰিক এছিড)

 ছালফেট )       ছালফাইড )         ছালফাইড)   




16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ  বাখ্যা কৰা । 

a.          জাৰণ । 

b.          বিজাৰণ ।

উত্তৰ :    (a)  জাৰণ :- যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যোগ হয় তাকে জাৰণ  বিক্ৰিয়া বোলে । 

উদাহৰণস্বৰূপে: (i) S (s) + O2 (g)   → SO2 (g) 

                     ( ছালফাৰ) (অক্সিজেন)   ( ছালফাৰ ডাই অক্সাইড )

ছালফাৰে অক্সিজেন  লাভ কৰি ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ।

 

(b) বিজাৰণ :- যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই  অক্সিজেন হেৰুৱাই  তাকে জাৰণ  বিক্ৰিয়া বোলে । 

(i)      ZnO (s) + C (g) → Zn (s) + CO (g)

    ( যিংক অক্সাইড )   (কাৰ্বন )    ( যিংক )     ( কাৰ্বন মনক্সাইড )

যিংক অক্সাইড ৰ পৰা অক্সিজেন অপসাৰিত হৈছে ।  

Class 10 General Science All Chapter Solution .

 17. এটা উজ্জল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত কলা হৈ পৰিল । মৌল ‘X’ আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা । 

উত্তৰ :  উজ্জল মুগা ৰঙৰ মৌল ‘X’ হৈছে কপাৰ (Cu) আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটো হৈছে কপাৰ (II) অক্সাইড (CuO

তলত দিয়া ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হৈছে :

 


  কপাৰ   অক্সিজেন           কপাৰ অক্সাইড

 

18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়

উত্তৰ :   নিয়মীয়া সময়ৰ ব্যৱধানত লোৰ সামগ্ৰীৰ পৃষ্ঠভাগত ৰং প্ৰয়োগৰে মামৰ প্ৰতিৰোধ কৰিব পৰি । লোৰ বস্তুবোৰ বায়ুৰ জলীয় বাষ্পৰ সংস্পৰ্শত লো ফেৰাছ অক্সাইডলৈ জাৰিত হয় যি সংশ্লিষ্ট বস্তুৰ ওপৰত মামৰ বুলি কোবা ৰঙচুৱা মুগা বৰণৰ তৰপ হিচাপে বিৰাজ কৰে । সামগ্ৰীৰ পৃষ্ঠভাগত ৰঙে এক সুৰক্ষা প্রদায়ক প্রলেপ গঠন আ্রৰু এই প্রলেপে ধাতবীয় পৃষ্ঠৰ সৈতে বায়ুৰ আর্দ্রতাৰ  সংস্পৰ্শত প্রতিৰোধ কৰি মামৰ সৃষ্টি  হোবাত বাধা দিয়ে । 

 

19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়

উত্তৰ :  তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়নো নাইট্রজেনে প্রতিজাৰক হিচাপে কাম কৰে যাৰ ফলত বায়ুৰ অক্সিজেনৰ পৰিৱেশত জাৰণ ঘটিব নোবাৰে । এনেদৰে দুর্গন্ধিতা বা ৰেনচিডিটি প্রতিৰোধ কৰিব পাৰি । 

20. এটা উদাহৰণৰে  সৈতে তলৰ পদসমূহ বাখ্যা কৰা । 

a.          ক্ষয়ীভৱন । 

b.          চৰ্বিৰ দুৰ্গন্ধিতা । 

উত্তৰ :   (a) ক্ষয়ীভৱন :-  জলীয় বাষ্প , এছিড আদিৰ প্রভাবত ধাতুৰ পৃষ্ঠভাগর অবক্ষয় সাধন হোবা প্রক্রিয়াটোয়েই হৈছে ক্ষয়ীভৱন । ক্ষয়ীভৱন প্রক্রিয়াই ধাতুৰে তৈয়াৰী সকলোবোৰ বস্তু বিশেষকৈ লোৰে তৈয়াৰী  বস্তু যেনে - গাড়ী-মটৰ , দলং , জাহাজ আদিৰ ক্ষতিসাধন কৰি জটিল সমস্যাৰ সৃষ্টি কৰে । 

 বিভিন্ন ধাতুৰ ওপৰত ক্ষয়ীভৱনৰ কেইটামান প্ৰভাৱ হৈছে  : 

(i)  লোৰ ওপৰত ৰঙচুৱা মুগা বৰণৰ পাউদাৰৰ চামনি পৰে । 

(ii)  ছিলভাৰৰ ওপৰত কলা  চামনি পৰে । 

(iii) কপাৰৰ ওপৰত সেউজীয়া চামনি পৰে । 

 



উদাহৰণ : লোত মামৰে ধৰাটো সচৰাচৰ পৰিলক্ষিত হোৱা এবিধ ক্ষয়ীভৱন । লোৰ সামগ্ৰীবোৰত বায়ুৰ আৰ্দ্ৰতাৰ সংস্পৰ্শত ৰঙচুৱা  মুগা বৰণৰ  চামনি পৰে । 

 

(b)  চৰ্বিৰ দুৰ্গন্ধিতা :-  তেল অথবা চৰ্বিযুক্ত খাদ্য দীৰ্ঘসময়ৰ কাৰণে ৰাখি থলে বেয়া গোন্ধ তথা বেয়া স্বাদৰ সৃষ্টি হয় । ইয়াৰ কাৰণে এয়েই যে এনে খাদ্য দ্ৰব্যত থকা তেল আৰু চৰ্বি বায়ুৰ অক্সিজেনৰ দ্বাৰা জাৰিত হয় । এই পৰিঘটনাক দুৰ্গন্ধিতা বা ৰেনচিডিটি বুলি কোৱা হয় । 

 দুৰ্গন্ধিতা প্ৰতিৰোধ বা মন্থৰ কৰাৰ পদ্ধতিসমূহ :  

(i) চৰ্বিযুক্ত বা তেলযুক্ত খাদ্যসমূহত প্ৰতিজাৰক (জাৰণ প্ৰতিৰোধ কৰা দ্ৰৱ্য)  যোগ কৰি  দুৰ্গন্ধিতা প্ৰতিৰোধ  কৰিব পাৰি । 

(ii) বায়ুৰোধী পাত্ৰত ৰখা খাদ্যই জাৰণ প্ৰতিৰোধ কৰে । 

(iii)  চৰ্বিযুক্ত বা তেলযুক্ত খাদ্যসমূহত নাইট্ৰজেন যোগ কৰা হয় যাতে সেইবোৰ জাৰিত নহয় । 

উদাহৰণ :  গ্ৰীষ্মকালত মুকলি ঠাইত ৰখা মাখনত কিছুদিনৰ পাছত গোন্ধ আৰু স্বাদ সলনি হয় ।  



Published by Lokesh Das

Chapter 1 Chemical Reactions and Equations Science . Class 10 Solution for Assamese Medium Student Assamese Science Solution SEBA .

************


Previous Post Next Post