Light – Reflection And Refraction | Class 10 science Chapter 10 Question Answer in Assamese. পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ .

 NCERT Solution for Class 10 Science Chapter 10 Light – Reflection And Refraction | 


Chapter 10  Light - Reflection And  Refraction Science . Class X Solution for Assamese Medium Student Assamese Science Solution SEBA Class10 Science Solution   Assamese Medium Science Class 10 Chapter 10 Solution | দশম  শ্ৰেণীৰ সাধাৰণ বিজ্ঞান

  Class 10 General Science All Chapter Solution .


পোহৰ - প্ৰতিফলন আৰু প্ৰতিসৰণ 


প্ৰ শ্না ৱ লী

 

Class 10 Science NCERT Textbook – Page 168

 

1. অৱতল দাপোণৰ মূখ্য ফকাছৰ সংজ্ঞা দিয়া । 

উত্তৰ : অৱতল দাপোণৰ যি বিন্দুত অসীমৰ পৰা মূখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱা ৰশ্মিয়ে প্ৰতিফলনৰ পাছত যি বিন্দুত কটাকটি কৰে , সেই বিন্দুটোৱেই হৈছে  অৱতল দাপোণৰ মূখ্য ফকাছ ।   ইয়াক  ‘F’  আখৰেৰে বুজেৱা হয় । 

2.         গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 ছেমি । ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান

সমাধান :  ইয়াত ,

           ভাঁজ ব্যাসাৰ্ধ R = 20 ছেমি

                    ফকাছ দৈৰ্ঘ্য   f = ?

আমি জানো যে ,

                           গোলাকাৰ দাপোণৰ ক্ষেত্ৰত ,

                           ভাঁজ ব্যাসাৰ্ধ = 2 x ফকাছ দৈৰ্ঘ্য

                              R = 2f 

                

 গতিকে , প্ৰদত্ত গোলাকাৰ দাপোনখনৰ ফকাছ দৈৰ্ঘ্য (f) 10  ছে: মি:  ।  

    3.  এখন দাপোনৰ নাম কোৱা , যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে । 

উত্তৰ : অৱতল দাপোন । 

    4.  গাড়ীৰ পিছলৈ ছোৱা দাপোণ হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয় । 

উত্তৰ : উত্তল দাপোন সদায় সংকুচিত , থিয় আৰু অসৎ প্ৰতিবিম্ব গঠন কৰে , তদুপৰি উত্তল দাপোন যিহেতু বাহিৰলৈ বেঁকা গতিকে ইয়াৰ দৃষ্ট ক্ষেত্ৰ বহল । সেইবাবে গাড়ীৰ পিছলৈ চোৱা  দাপোণ হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয় ।



Class10 Science NCERT Textbook – Page 171 

 

1. 32 cm  ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোনএখন ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা ।

উত্তৰ : ইয়াত ,   

                  ভাঁজ ব্যাসাৰ্ধ  R = +32 ছেমি  

(উত্তল দাপোনৰ ক্ষেত্ৰত  R  আৰু উভয়ে ধনাত্মক ) 

      কাছ দৈৰ্ঘ্য ,f = ? 

 আমি জানো

      ভাঁজ  ব্যাসাৰ্ধ   2 x  কাছ দৈৰ্ঘ্য 

                     R  = 2f   

                  

                      f  = 16

  গতিকে উত্তল দাপোনখনৰ ফকাছ দৈৰ্ঘ্য (f) 16 ছে : মি ।

অধ্যায় 11 : মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী


  অধ্যায় 12 : বিদ্যুত


  অধ্যায় 13 : বিদ্যুত প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া


  অধ্যায় 14 : শক্তিৰ উৎসসমূহ


  অধ্যায় 15 : আমাৰ পৰিৱেশ


  অধ্যায় 16 : প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা


    2.          অৱতল দাপোন এখনে ইয়াৰ সন্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সত প্ৰতিবিম্ব গঠন কৰে । প্ৰতিবিম্বটোৰ অৱস্থান অৱস্থান কি ?

 

সমাধান: ইয়াত

           বিবৰ্ধন , m = -3 (যিহেতু প্ৰতিবিম্বটো সৎ ) 

          লক্ষ্যবস্তুৰদূৰত্ব u = 10 ছে:মি:

        প্ৰতিবিম্বৰ দূৰত্ব  v  = ? 

আমি জানো যে,

            

গতিকে , অৱতল দাপোনখনৰ সন্মুখৰফালে 30 ছে:মি: দূৰত্বত এটা ওলোটা প্ৰতিবিম্ব গঠন হয় (ঋণাত্মক চিনে দাপোনখনৰ বাওঁফালে নিৰ্দেশ কৰিছে),   অৰ্থা প্ৰতিবিম্বটো  লক্ষ্যবস্তুৰ থকাফালে  অৱস্থিত   

 

Class 10 Science NCERT Textbook – Page 176

 1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে । পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হকিয় ?                   

উত্তৰ:  পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হব ।

এডাল পোহৰৰ ৰশ্মিয়ে আলোকীভাৱে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে পোহৰৰ দ্ৰতি হ্ৰাস পায় আৰু ই উলম্বৰ পিনে বেঁকা হয় ।   যিহেতু পানী বায়ুতকৈ আলকায়ভাৱে ঘনতৰ মাধ্যম সেয়ে বায়ুৰ মাজেৰে অতিক্ৰম কৰি অহা পোহৰৰ ৰশ্মিয়ে পানীত প্ৰৱেশ কৰিলে উলম্বৰ দিশলৈ বেঁকা হয় । 

   2.         পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে । কাঁচত পোহৰৰ দ্ৰতি কিমান হ? শূণ্যত পোহৰৰ দ্ৰতি 3 x  108 m প্ৰতি ছেকেণ্ড । 

সমাধান: ইয়াত ,

        কাঁচৰ প্ৰতিসাৰণাংক , ng = 1.50

         শূণ্যত পোহৰৰ দ্ৰুতি c = 3×108ms-1

            কাঁচত পোহৰৰ দ্ৰুতি , v = ?

 আমি জানো,

           

                                                         

গতিকে, কাঁচত পোহৰৰ দ্ৰুতি 2×108ms-1       

 

   3.         তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা । আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা ।

তালিকা 10.3 কিছুমান দ্ৰব্যাত্মক মাধ্যমৰ পৰা প্ৰতিসৰণাংক

ক্ৰমিক   নং

দ্ৰব্যত্মক মাধ্যম

প্ৰতিসৰণাংক

ক্ৰমিক   নং

দ্ৰব্যত্মক মাধ্যম

প্ৰতিসৰণাংক

1.

বায়ু

1.0003

9.

ক্ৰাউন কাঁচ

1.52

2.

    বৰফ

1.31

10.

কানাডা বাছলাম

1.53

3.

   পানী

1.33

11.

শৈল লৱণ

1.54

4.

এলকহল

1.36

12.

কাৰ্বন-ডাই অক্সাইড

1.63

5.

কেৰাচিন

1.44

13.

ঘন ফ্ৰিণ্ট কাঁচ

1.65

6.

গলিত কোৱাৰ্টজ

1.46

14.

ৰুবী

1.71

7.

টাৰপেনটাইন তেল

1.47

15.

চেফায়াৰ

1.77

8.

বেনজিন

1.50

16.

হীৰা

2.42

উত্তৰ :  

এটা মাধ্যমৰ পোহৰ প্ৰতিসৰণ কৰিব পৰা সামৰ্থ্য পৰিমপ কৰিবলৈ আলোকী ঘনত্বৰ ব্যৱহাৰ কৰা হয় । সংশ্লিষ্ট মাধ্যমৰ প্ৰতিসাৰণাংকৰ সৈতে ই প্ৰত্যেক্ষ ভাৱে জড়িত ।  গতিকে , সৰ্বোচ্চ প্ৰতিসাৰণাংক  বিশিষ্ঠ মাধ্যমৰ আলোকী ঘনত্ব সৰ্বোচ্চ আৰু সৰ্বোচ্চ  আলোকী ঘনত্ব বিশিষ্ট মাধ্যমৰ প্ৰতিসাৰণাংক সৰ্বোচ্চ । 

তালিকা 10.3 ত দেখা গল যে হীৰাৰ প্ৰতিসাৰণাংক সৰ্বোচ্চ (2.42) গতিকে , সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো হৈছে হীৰা । 

একেদৰে , বায়ুৰ আলোকী ঘনত্ব আটাইতকৈ কম কিয়নো ইয়াৰ প্ৰতিসাৰণাংক আটাইতকৈ কম (1.0003)  


    4.         তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে । এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ ? তালিকা -10.3 ত দিয়া তথ্য মতে ব্যৱহাৰ  কৰা । 

সমাধানপ্ৰতিসৰণাংকৰ সম্পৰ্ক হিচাপে প্ৰকাশ কৰা হয় । 

এতিয়া

     এটা মাধ্যমৰ প্ৰতিসৰণাংক

    

 

ওপৰৰ সম্পৰ্কটোৰ পৰা ব্যক্ত কৰিব পাৰি যে নিম্নতম প্ৰতিসাৰণংকৰ মাধ্যমত পোহৰে সৰ্বাধিক দ্ৰুতিৰে গতি কৰে আৰু সৰ্বাধিক প্ৰতিসাৰণাংকৰ মাধ্যমত পোহৰে নিম্নতম দ্ৰুতিৰে গতি কৰে । 

তালিকা 10.3 ৰ পৰা আমি পাওঁ,

      কেৰাচিনৰ প্ৰতিসাৰণাংক = 1.44

টাৰপেনটাইন তেলৰ প্ৰতিসাৰণাংক = 1.47

   পানীৰ প্ৰতিসাৰণাংক  = 1.33

গতিকে প্ৰদত্ত তিনিটা মাধ্যমৰ ভিতৰত পানীৰ প্ৰতিসৰণাংক আটাইতকৈ কম । গতিকে, পানীত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ । 

 

   5.         হীৰাৰ প্ৰতিসাৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি

উত্তৰ : এটা মাধ্যমৰ প্ৰতিসৰণাংক (nm), সেই মাধ্যমটোত পোহৰৰ দ্ৰুতি (v) আৰু বায়ুত পোহৰৰ দ্ৰুতি (c)  ৰে সম্পৰ্কিত । ইয়াক এনেদৰে প্ৰকাশ কৰিব পাৰি ।  


এটা মাধ্যমৰ প্ৰতিসৰণাংক,

অৰ্থাৎ হীৰাৰ বায়ুৰ দ্ৰুতি, 

হীৰাৰ প্ৰতিসাৰণাংক 2.42 ইয়াৰ অৰ্থে এয়ে যে হীৰাত পোহৰৰ দ্ৰুতি বায়ুত পোহৰৰ দ্ৰুতিৰ ½.42 গুণ । 


  Class 10 Science NCERT Textbook – Page 184


1. লেন্ছ এখনৰ 1 ডায়প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া ।

উত্তৰ : ডায়প্টাৰ হৈছে এখন লেন্ছৰ ক্ষমতাৰ  S.I (এছ আই একক) । ইয়াক D আখৰেৰে সুচোৱা হয়। 

এখন  লেন্ছৰ ক্ষমতা 1 ডায়প্টাৰ হব যদিহে ইয়াৰ ফকাছ লেন্ছৰ দৈৰ্ঘ্য 1 মিটাৰ হয় ।

1D = 1m-1

 

 

    2.               উত্তল লেন্ছ এখনে বেজী এটাৰ সত আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে । যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় , তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সন্মুখত কত ৰখা হৈছিল ? নিৰ্ণয় কৰা । 

সমাধান:

       ইয়াত

                প্ৰতিবিম্বৰ দূৰত্ব,  v  = 50ছেমি 

                লক্ষ্যবস্তুৰ দূৰত্ব , u = ? 

                               ক্ষমতা , P = ? 

যিহেতু প্ৰতিবিম্বটো সৎ আৰু লক্ষ্যবস্তু (বেজী ) ৰ আকাৰৰ সমান । 

          

                      u = -50

গতিকে, লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সন্মুখত 50 ছে:মি: দূৰত্বত ৰখা হৈছিল ।

এতিয়া,

     আমি জানো যে, 

               

        f হৈছে লেন্ছখনৰ ফকাছ দৈৰ্ঘ্য । 

              

গতিকে, উত্তল লেন্ছৰকাছ দৈৰ্ঘ্য +25 ছে:মি: বা +0.25 মি  

 

 এতিয়া,

       
   গতিকে, লেন্ছখনৰ ক্ষমতা +4.0D   .

   3.  2m কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা 

সমাধান: 

                ইয়াত

                           কাছ দৈৰ্ঘ্য, f = -2m

    (অৱতল লেন্ছৰ ফকাছ দৈৰ্ঘ্য ঋণাত্মক ) 

এতিয়া

       

                   = -5.0D

 গতিকে, অৱতল লেন্ছখনৰ ক্ষমতা -5.0D   ।

 More Resours For Class 10 Solutions in Assamese Medium


 (অনুশীলনী)

    

1.  তলত দিয়া কোনটো পদাৰ্থ লেন্ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি

       a.         পানী       (b) কাঁচ     (c) প্লাষ্টিক  (d) মৃত্তিকা

       উত্তৰ :  (d) মৃত্তিকা 

  2. অৱতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গল । লক্ষ্যবস্তুৰ অৱস্থান কত হব লাগিব

  a.         মূখ্য ফকাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত 

  b.         ভাঁজ কেন্দ্ৰত 

  c.          ভাঁজ কেন্দ্ৰৰ বাহিৰত 

  d.         দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফকাছ মাজত। 

  উত্তল :  (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফকাছ মাজত । 

  3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সত প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব

  a.         লেন্ছৰ মূখ্য ফকাছত 

  b.         কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

  c.          অসীমত 

  d.         লেন্ছৰ আলোক কেন্দ্ৰ আৰু মূখ্য ফকাছৰ মাজত 

    উত্তৰ : (b) কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

  4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ছ প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য  -15 cm দাপোণ আৰু লেন্ছৰ প্ৰকৃত কেনেকুৱা হব পাৰে

  a.         দুয়োখন অৱতল 

  b.         দুয়োখন উত্তল 

  c.          দাপোণখন অৱতল লেন্ছখন উত্তল 

  d.         দাপোণখন উত্তল লেন্ছখন অৱতল 

 উত্তৰ :  (a) দুয়োখন অৱতল 

 

 5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় । দাপোনখন কেনেকুৱা হব পাৰে

  a.         সমতল 

  b.         অৱতল 

  c.          উত্তল 

  d.         হয় লমতল নতুবা উত্তল । 

  উত্তৰ :  (d) হয় সমতল নতুবা উত্তল । 


  6. অভিধানত থকা সৰু সৰু আখবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা

  a.         50 cm কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ

  b.         5 cm   কাছ দৈৰ্ঘ্যৰ অৱতল  লেন্ছ

  c.          5 cm   কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ

  d.         50 cm  কাছ দৈৰ্ঘ্যৰ অৱতল  লেন্ছ

 উত্তৰ : c.     5 cm   কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ


  7.   50 ছেমি ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো ।দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত ? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু ? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্ৰ আঁকা । 

  উত্তৰ : অৱতল দাপোন এখন ব্যৱহাৰ কৰি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো মেৰু  (P) আৰু মূখ্য ফকাছ (F)  ৰ মাজত ৰাখিব লাগিব । গতিকে , দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ 0 (শূণ্য) তকৈ ডাঙৰ , কিন্তু 50 ছেমিতকৈ কম । 

দাপোনৰ পিছফালে এটা অসৎ, থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন হৈছে । 

  প্ৰতিবিম্বৰ প্ৰকৃতি : 

  গঠন হোৱা প্ৰতিবিম্বটো সত আৰু থিয় । 

 প্ৰতিবিম্বৰ আকাৰ  :

    প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ । 

  8. তলত দিয়া পৰিস্থিসমূহত  ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা-

  a.         গাড়ীৰ হেডলাইট

  b.         গাড়ীৰ পিছলৈ চোৱা দাপোণ 

  c.          সৌৰ ভাঁতী 

উত্তৰ :  (a) গাড়ীৰ হেডলীইট :   অৱতল দাপোন 

  কাৰণ  :  উচ্চ প্ৰাবল্যৰ সমান্তৰাল ৰশ্মিগুচ্ছ উতপন্ন কৰিবলৈ গাড়ীৰ হেডলাইটত অৱতল দাপোনক প্ৰতিফলক হিচাপে ব্যৱহাৰ কৰা হয় । অৱতল দাপোনৰ ফকাছত বাল্ব স্থাপন কৰিলে বাল্বৰ পোহৰৰ ৰশ্মিগুচ্ছ অৱতল দাপোণত প্ৰতিফলিত হৈ সমান্তৰাল ৰশ্মিগুচ্ছ হিচাপে গতি কৰে । 

 

(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ :  উত্তল দাপোন । 

   কাৰণ : গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয় কাৰণ উত্তল দাপোণে  লক্ষ্যবস্তুৰ এটা থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে বাবে যান-বাহনৰ পিছফালৰ বিস্তূত দৃশ্য এখন ক্ষুদ্ৰ দাপোণতে চাব পৰা যায় । 

 

(c) সৌৰ ভাঁতী : অৱতল দাপোণ । 

   কাৰণ : অৱতল দাপোনে অভিসাৰী হোৱা হেতুকে সৌৰ ভাঁতী   উত্তপ্ত  কৰিবলৈ বৃহৎ আকাৰৰ অৱতল দাপোন ব্যৱহাৰ কৰা হয় । বৃহৎ আকাৰৰ অৱতল প্ৰতিফলকৰ ফকাছত সৌৰ ভাঁতী স্থাৰন কৰা হয় । অসীমৰ পৰা আপতিত হোৱা সূৰ্যৰ পোহৰৰ সমান্তৰাল ৰশ্মিগুচ্ছ অৱতল প্ৰতিফলকত প্ৰতিফলিত হৈ মুখ্য ফকাছলৈ অৰ্থাৎ সৌৰ ভাঁতীলৈ অভিসাৰীত হয় । ফলস্বৰূপে, সৌৰ ভাঁতী উত্তপ্ত হৈ পৰে আৰু প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে ।


 9. উত্তল লেন্ছ এখনৰ অৰ্ধাংশ কলা কাগজৰে ঢাকি দিয়া হল। এই লেন্ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে ?

উত্তৰ :  হয়, উত্তল লেন্ছ এখনৰ অৰ্ধাংশ কলা কাগজৰে ঢাকি দিলেও লেন্ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰে ।


10. 5 cm ৰ্দৈঘ্য বস্তু এটা 10 cm কাচ দৈঘ্যৰ অভিসাৰী লেনছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ।

NOTE :  

 (উত্তল লেন্ছক অভিসাৰী নেন্ছ বোলা হয় ।)

   [ উত্তল লেন্ছৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্য ধনাত্মক ]

  সমাধান :

               ইয়াত,

           লক্ষ্যবস্তুৰ আকাৰ, h = 5 ছে:মি:

                         লক্ষ্যবস্তুৰ  দূৰত্ব,  u = -25 ছে:মি:

                          কাছ দৈৰ্ঘ্য,   f = 10 ছে:মি:

                      

    আমি জানো,

   লেন্ছৰ সূত্ৰ অনুসৰি,

         
  

প্ৰতিবিম্বৰ দূৰত্বৰ ধনাত্মক মানে সূচায় যে লেন্ছৰ আনটো ফালে 16.7  ছে:মি: দূৰত্বত এটা সৎ প্ৰতিবিম্বৰ গঠন হয় ।

 আকৌ, আমি জানো যে, 

        


গতিকে, প্ৰতিবিম্বৰ আকাৰ ঋণাত্মক মানে দেখুৱাইছে যে প্ৰতিবিম্বটো ওলোটা । প্ৰতিবিম্বৰ আকাৰ 3.3ছে:মি: অৰ্থাৎ প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু । 


  11. 15 cm কাছ দৈৰ্ঘ্য অৱতল লেনছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে । লক্ষ্যবস্তুটো লেন্ছৰ পৰা কিমান দূৰত্বত আছে ? ৰশ্মিচিত্ৰ আঁকা । 

   সমাধান :  

        ইয়াত,

        ফকাছ দৈৰ্ঘ্য  f = -15 ছে:মি:

  [ অৱতল লেন্ছৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্য ঋণাত্মক ]

                প্ৰতিবিম্বৰ দূৰত্ব, v  = -10 ছে:মি:

[যিহেতু অৱতল লেন্ছে গঠন কৰা প্ৰতিবিম্বটো অসৎ]

লক্ষ্যবস্তু দূৰত্ব, u = ?

  আমি জানো,

   লেন্ছৰ সূত্ৰ অনুসৰি,

         


গতিকে, লক্ষ্যবস্তুৰ দূৰত্বৰ ঋণাত্মক মানে সূচায় যে লক্ষ্যবস্তুটো অৱতল লেন্ছখনৰ সন্মুখত 30 ছেমি দূৰত্বত ৰখা হৈছে ।


  12. 15 cm কাছ দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হল । প্ৰতিবিম্বৰ অৱস্থান আৰু  প্ৰকৃতি নিৰিণয় কৰা । 

  সমাধান :  

        ইয়াত,

        লক্ষ্যবস্তুৰ দৈৰ্ঘ্য, u = -10 ছে:মি:

        ফকাছ দৈৰ্ঘ্য f = 15 ছে:মি:

  [ উত্তল দাপোণৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্য ধণাত্মক ]

         প্ৰতিবিম্বৰ দূৰত্ব,  v =  ?

    আমি জানো,

    দাপোণৰ সূত্ৰ অনুসৰি,

           

গতিকে, প্ৰতিবিম্ব দূৰত্বৰ ধণাত্মক মানে সূচায় যে উত্তল দাপোনখনৰ পিছফালে প্ৰতিবিম্ব গঠিত হৈছে ।দাপোনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব 6 ছে:মি

আকৌ, আমি জানো, 

        

                               = +.06

গতিকে, বিবৰ্ধন ধণাত্মক মানে সূচায় যে গঠন হোৱা প্ৰতিবিম্বটো অসৎ আৰু থিয় ।


  13. সমতল দাপোণে  +1 বিবৰ্ধন দিয়ে । ইয়াৰ অৰ্থ কি ?

    সমাধান :  

      সমতল দাপোনে কৰা বিৰ্বধন এনেদৰে প্ৰকাশ কৰা হয়–

       

[দিয়া আছে সমতল দাপোণৰ ক্ষেত্ৰত, m=+1]

        

ইয়াৰ অৰিথ এয়ে যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান । তদুপৰি, বিৰ্বধন ধণাত্মক মানে সূচায় যে প্ৰতিবিম্বটো অসৎ আৰু থিয় ।  

  14. 30 cm ভাঁজ ব্যসাৰ্ধৰ উত্তল  দাপোণ এখনৰ সন্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হল । প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা । 

সমাধান :  ইয়াত,

           লক্ষ্যবস্তুৰ আকাৰ, h = 5.0 ছে:মি:

                        লক্ষ্যবস্তুৰ দূৰত্ব,  u = -20 ছে:মি:

           ভাঁজ ব্যাসাৰ্ধ, R = + 30 ছে:মি:

   [ উত্তল দাপোণৰ ক্ষেত্ৰত R ধণাত্মক ]

                       প্ৰতিবিম্বৰ দূৰত্ব, v = ?

                     
   আমি জানো, 

        

                       f = 15 ছে:মি:

  দাপোণৰ সূত্ৰ অনুসৰি, 

       

গতিকে, প্ৰতিবিম্বৰ দূৰত্বৰ ধনাত্মক মানে সূচায় যে উত্তল দাপোনৰ পিছফালে প্ৰতিবিম্বটো গঠিত হৈছে । দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্বৰ 8.57 ছে:মি:যিহেতু প্ৰতিবিম্বটো উত্তল দাপোনৰ পিছফালে গঠিত হৈছে, ই অসৎ আৰু থিয় ।

 আকৌ, আমি জানো, 

        

গতিকে, অসৎ আৰু থিয় প্ৰতিবিম্বটোৰ আকাৰ 2.14 ছে:মি: অৰ্থাৎ প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু ।


   15. 18 cm কাছ দৈৰ্ঘ্য়ৰ অৱতল দাপোন এখনৰ সন্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে । দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব ? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ।

সমাধান :  

      ইয়াত,

       লক্ষ্যবস্তুৰ আকাৰ, h =  7.0 ছে:মি:

          লক্ষ্যবস্তুৰ দূৰত্ব,    u = -27ছে:মি:

          কাছ দৈৰ্ঘ্য,        f = - 18 ছে:মি:

  [ অৱতল দাপোনৰ ফকাছ দৈৰ্ঘ্য ঋণাত্মক ]

            প্ৰতিবিম্বৰ দূৰত্ব, v = ?

          

  আমি জানোঁ,

        দাপোণৰ সূত্ৰ অনুসৰি, 

       

গতিকে, প্ৰতিবিম্বৰ দূৰত্বৰ ঋনাত্মক মানে সূচায় যে স্পষ্ট প্ৰতিবিম্বৰ গঠনৰ বাবে পৰ্দাখন অৱতল দাপোণৰ বাওঁফালে (লক্ষ্যবস্তু থকাফালে) ৰাখিব লাগিব । দাপোণখনৰ পৰা পৰ্দাখন দুৰত্ব হব লাগিব 54 ছে:মি:

  আকৌ, আমি জানো, 

          

গতিকে, প্ৰতিবিম্বৰ আকাৰ 14 ছে:মি:

প্ৰতিবিম্বৰ আকাৰ ঋণাত্মক মানে সূচায় যে প্ৰতিবিম্বটো সৎ আৰু ওলোটা । 

  16. -2.0 D ক্ষমতাৰ লেন্ছ এখনৰ ফকাছ ৰ্দৈঘ্য় কিমান ? লেন্ছখনৰ প্ৰকৃতি কেনেকুৱা ?

   সমাধান :  

      ইয়াত,

      লেন্ছখনৰ ক্ষমতা, P = - 2.0 D

লেন্ছখনৰ কাছ দৈৰ্ঘ্য   f  = ?

আমি জানোঁ, 

         

কাছ দৈৰ্ঘ্য = -0.50 m

গতিকে, কাছ দৈৰ্ঘ্য ঋণাত্মক মানে সূচায় যে প্ৰদত্ত লেন্ছখন অৱতল লেন্ছ । 

    17. ডাক্তৰে এজনে বিধান দিয়া সংশোধনীমূলক লেন্ছৰ ক্ষমতা +1.5 D লেন্ছখনৰ ফকাছ ৰ্দৈঘ্য় নিৰ্ণয় কৰা । এই লেন্ছখন অভিসাৰী নে অপসাৰী ?

   সমাধান :

      ইয়াত,

           লেন্ছখনৰ ক্ষমতা, P = - 2.0 D

            লেন্ছখনৰ কাছ দৈৰ্ঘ্য   f  = ?

    আমি জানোঁ, 

           

কাছ দৈৰ্ঘ্য = + 0.67 m  

গতিকে, ফকাছ দৈৰ্ঘ্য ধণাত্মক মানে সূচায় যে বিধান দিয়া সংশোধনী লেন্ছখন অভিসাৰী লেন্ছ । (উত্তল লেন্ছ) । 

Class 10 General Science All Chapter Solution .


Published by Lokesh Das

Chapter 10 Light – Reflection And Refraction Science . Class 10 Solution for Assamese Medium Student Assamese Science Solution SEBA.

************


Previous Post Next Post