ভূ-আকৃতিৰ প্ৰক্ৰিয়া | দশম শ্ৰেণীৰ ভূগোল | Class 10 geography chapter 1 question answer in Assamese

Class 10 Geography Chapter 1 Question Answer in Assamese medium. SEBA Class  10 Advanced Geography All chapter solution in Assamese Medium.



Advanced Geography 

প্ৰথম- অধ্যায়

ভূ-আকৃতিৰ প্ৰক্ৰিয়া

 

  1. স্থলাকৃতি বুলিলে কি বুজা ?

উত্তৰ : আকাৰ-আকৃতিৰ অৱয়ৱে পৃথিৱীৰ উপৰিভাগক বৈচিত্ৰপূৰ্ণ কৰি তুলা এই অৱয়ৱবোৰকে স্থলাকৃতি বুলি কোৱা হয় ।

 

2.         ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া ।

উত্তৰ : ভূগোলৰ যি  শাখাই স্থলাকৃতিবো ৰৰ উৎপত্তি, ক্রম বিকাশ আকাৰ -আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে। এই শাখাটোক ভূ-আকৃতিক বিজ্ঞান বোলা হয়।

 

3.          ভূ-আকৃতিক প্রক্রিয়াৰ অৰ্থ লিখা ।

উত্তৰ:  স্থলাকৃতি সৃষ্টি আৰু বিকাশৰ লগত জ়ডিত প্ৰক্ৰিয়াবোৰক ভূ-আকৃতিক প্ৰক্ৰিয়া বোলে । 

 

4.         বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা ।

উত্তৰ : বাহ্যিক প্রক্রিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি পৰে ।

 

5.          অবনমন বুলিলে কি বুজা ?

উত্তৰ : কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াক অৱনমন (Deflation) বোলে । 

 

6.          ইনছেলবার্গ কি ছবি আঁকি দেখুওৱা ।

উত্তৰ : ইনছেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ । 


7.         মৰুদ্যান কাক বোলে ? ইয়াৰ তাৎপর্য কি ?

উত্তৰ : অবনমনৰ ফলত মৰুভূমিৰ একো-একোটা অংশৰ উচ্চতা কমি ভূগর্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে। তেনে অৱসেসত অৱনমিত অংশটোক মৰুদ্যান  বোলে । 

     ইয়াৰ তাৎপৰ্য এয়ে যে – মৰুদ্যানত কিছু পৰিমাণে সৰু সৰু গছ-গছনি আৰু উদ্ভিদ থাকে । মৰুদ্যানত অলপ-অচৰপ খেতি-বাতি কৰিব পাৰি কাৰণ মাটিভাগ জীপাল আৰু আংশিকভাৱে সাৰুৱা হয় ।

 

8.         বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰ : মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধুলি-বালিবোৰ য'ত জমা হয়গৈ, সেই অংশটো ক্রমে ওখ হৈ গৈ থাকে । এনেদৰে জমা হোৱা ধুলি-বালিবোৰে শেহলৈ পাহাৰৰ ৰূপ ল'ব পাৰে। এনেকৈ বালিৰে গঠিত হোৱাৰ বালিৰ পাহাৰক বালিয়াৰি বোলা হয় । আৰু ইয়াৰ সৃষ্টি এলেকৈ হয় । 

 

9.       অপঘর্ষণ কি ? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয় ?

উত্তৰ : মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘর্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কার্যক অপঘর্ষণ বোলে l

   ইয়াৰ ফলত ইনছেলবাৰ্গ আৰু ইয়াৰদাং ৰ দৰে ভূ-অৱয়বৰ সৃষ্টি হয় ǀ

 

10.     সংনিঘৰ্ষণৰ অর্থ লিখা ।

উত্তৰ : মৰুভূমিত বতাহে সৃষ্টি কৰা আন এটা ঘর্ষণজনিত প্রক্রিয়া হল সংনিঘর্ষণ ।

নাইবা

বতাহৰ দ্বাৰা পৰিবাহিত শিল-বালিবোৰৰ মাজতো পৰস্পৰিক ঘর্ষণৰ সৃষ্টি হয়, অর্থাৎ পৰিবাহিত হৈ থকা অবস্থাতে সেইবোৰৰ মাজত খুন্দা-খুন্দি লাগে ইয়াৰ ফলত শিলবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয় বা আকাৰত ক্ৰমে সৰু হৈ আহে। এই দৰে পাৰম্পৰিক বর্ষৰ দল শিলবোৰ ভাঙি-চিঙি টুকুৰা-টকুৰ হোৱা প্রক্রিয়াকে সনিঘর্ষণ বুলি কোৱা হয় ।

 

11.     হিমবাহ কাক বোলে ? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি

উত্তৰ : ভূ-পৃষ্ঠত জমা হৈ থকা স্তূপবোৰৰ মাটিৰ ঢল অনুসৰিক্ৰমে তললৈ নামি আহে। নামি অহাৰ গতিবেগ অৱশ্যে অতি ধীৰ।  এনেকৈ ধীৰ নি গতিৰে নামি অহা বৰফকে হিমবাহ  বোলে ।

           হিমবাহবোৰ মাটি বা পাহাৰ পৰ্বতৰ ঢাল অমুসৰি বৈ আহে ǀ ঢাল কম থাকিলে ইয়াৰ গতিবেগো কমি যায় ǀ আনহাতে হিমবাহৰ লগত অন্যবহুতো পদাৰ্থ, শিল , বালি, মাটি আদি পাহাৰৰ ওপৰৰ পৰা বৈ আহে ǀ এইবোৰৰ বাবে হিমবাহৰ গতি অতি ধীৰ ।

 

12.     হিমবাহ কেই প্ৰকাৰৰ ? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা ।

উত্তৰ : হিমবাহ তিনি  প্ৰকাৰৰ ǀ সেইবোৰ হল – 

 

  ক) মহাদেশীয় হিমবাহঃ এই হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে। উত্তৰ কানাডা, গ্রীণলেণ্ড, স্কান্দিনেভিয়া, এন্টার্কটিকা আদিত মহাদেশীয় হিমবাহবোৰ বিয়পি আছে। এই হিমবাহবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে। |

      

      খ) পার্বত্য হিমবাহঃ সুউচ্চ পর্বতৰ উচ্চাংশত এনে হিমবাহ দেখা যায়প্রধানকৈ ইউৰোপৰ আল্প, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পার্বত্য অঞ্চলত পার্বত্য হিমবাহ বিদ্যমান। সাধাৰণতে পার্বত্য বা উপত্যকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট বেছি। 

 

    গ) গিৰিপদ হিমবাহঃ  কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পার্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে। গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণে এনে হিমবাহক গিৰিপদ বা শৈলপদী হিমবাহ বোলে উত্তৰ আমেৰিকাৰ আলাস্কাত এনে হিমবাহ দেখা যায় ।

 

13.      হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা ।

উত্তৰ : 


14.      ওলোমা উপত্যকা কি লিখা ।

উত্তৰ :  ওলোমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা অন্য এক ক্ষয়জনিত অৱয়ব ।

        মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈও উপহিমবাহ কিছুমান বৈ আহে মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে ডাঙৰ আৰু দ উপহিমবাহৰ উপত্যকা সৰু আৰু কম দ 'ত আহি উপহিমবাহ মূল হিমবাহৰ লগ লাগে, তাতে স্বাভাৱিক কাৰণতে উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লগে সেয়ে এই  হিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা  বোলে ।

 

15.     গ্রাকি ? ই কেইপ্ৰকাৰৰ ? চিত্র আঁকি গ্রাবৰ অৱস্থান দেখুওৱা ।

উত্তৰ: হিমবাহ পাহাৰৰ পৰা নামি আহোঁতে বৰফৰ উপৰিও অন্য পদাৰ্থ কঢ়িয়াই আনে ǀ এইবোৰকেই সামগ্ৰিকভাৱে  গ্ৰাৱ বোলে ǀ 

        গ্ৰাৱ চাৰি প্ৰকাৰৰঃ  (a)পাৰ্শ্ব গ্ৰাৱ

                                      (b)মধ্য গ্ৰাৱ

                                      (c)ভূমি গ্ৰাৱ

                                      (d)প্ৰান্ত গ্ৰাৱ 


16.     গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্রভাব পেলাব সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া । 

উত্তৰ:  গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ তলত উল্লেখ কৰা ধৰণৰ প্রভাব পেলাবঃ

(i)  হিমবাহবোৰ গলিবলৈ ধৰিব আৰু তাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব ǀ

(ii) সাগৰ- মহাসাগৰৰ উপকূলৰ  বহুতো অঞ্চল তথা নিম্নভূমি সমূহ পানীৰ তলত দুব যাব ǀ 

(iii)  সেইবোৰ অঞ্চলত উপলব্ধ মানৱ সভ্যতা আৰু জৈৱ বৈচিত্ৰ নিচিহ্ন হব ǀ

(iv)  সাগৰ মহাসাগৰ তথা বিশ্বৰ পাৰিপাৰ্শ্বিক অৱস্হাত ব্যাঘাত জন্মিব ǀ

(v)  জলবায়ু সলনি হব ǀ ঠাই বিশেষে বৰষুণ কম-বেছি হব ǀ

 

 

     * গোলকীয় উত্তাপ বৃদ্ধি পালে এনে ধৰণৰ সমস্যাৰ সৃষ্টি হব ।



Published by Lokesh Das

************



Previous Post Next Post