পৰিৱেশ ভূগোল আৰু পৰিৱেশ ভূগোলৰ ধাৰণা | Class 10 Geography Elective Chapter 2 | Class 10 Assamese Medium.

 পৰিৱেশ ভূগোল আৰু পৰিৱেশ ভূগোলৰ ধাৰণা

পৰিবেশ ভূগোল | দ্বিতীয় অধ্যায় | আধুনিক ভূগোল । দশম শ্ৰেণীৰ বাবে | পৰিৱেশ ভূগােল - দশম শ্ৰেণী - elective geography - seba - class x. Class 10 Geography Elective Chapter 2 in Assamese medium. ভূগোল class 10 |

সূচীপত্ৰ অনুসৰি তলত দিয়া লিংকবোৰত ক্লিক কৰক-

·         ভূ-আকৃতিকপ্ৰক্ৰিয়া

·         পৰিৱেশ আৰুপাৰিৱেশিক ভূগোলৰ ধাৰণা

·         ঞ্চল আৰু আঞ্চলিক ভূগোলৰ ধাৰণা

·         মেৰিকা যুক্তৰাষ্টৰ আঞ্চলিক ভূগোল

·         জাপানৰ আঞ্চলিক ভূগোল

·         ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল 


পৰিৱেশ ভূগোল আৰু পৰিৱেশ ভূগোলৰ ধাৰণা




1. পৰিৱেশ বুলিলে কি বুজা ? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় ?

উত্তৰ:  জীৱ বা জীৱ-সম্প্রদায়ৰ চাৰিওফালৰ  অৱস্থাকে পৰিৱেশ বুলি কোৱা হয় । চাৰিওফালৰ  অৱস্থা বুলি কওঁতে যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নির্ভৰ কৰে, সেই আটাইবোৰকে সামৰি লোৱা হয়। এই উপাদানসমূহ জীৱীয় (Biotic) আৰু অজীৱীয় (abiotic) উভয় প্রকাৰৰ হ'ব পাৰে । এই দুয়ো প্ৰকাৰৰ উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্রয়োজনীয় পৰিৱেশ গঢ়ি তোলে । পৰিৱেশৰ অৰ্থ আৰু পৰিসৰ অতি ব্যাপক আৰু ই বহুতো উপাদানৰ পাৰস্পাৰিক সম্পৰ্কৰ ফল । 

         পৰিনেশক এটা তন্ত্ৰ (System) হিচাপে বিবেচনা কৰা হয় । গোলকীয় পৰ্যায়ত পৰিৱেশে এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে কাৰ্য কৰি আছে । তন্ত্ৰ শব্দটোৱে কিছুমান পাৰস্পাৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতিক সূচিত কৰে । 



2.         পৃথিৱীৰ বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ সম্পৰ্ক উদাহৰণ দি বুজোৱা ǀ

উত্তৰ : পৃথিৱীৰ পৰিবেশৰ উপাদানসমূহ চাৰিটা বিশেষ  মণ্ডলৰ অন্তৰ্গত । এই চাৰিটা মণ্ডলৰ প্ৰত্যেকৰে সুকীয়া অস্তিত্ব আছে যদিও, ইটো সিটোৰ লগত প্ৰকৃতিকভাৱেই সম্পৰ্কিত ǀ মণ্ডল কেইটা হল- স্থলমণ্ডল, (Lithosphere), জলমণ্ডল,(Hydrosphere), জীৱমণ্ডল, (Biosphere) আৰু বায়ুমণ্ডল,(Atmosphere)

ওপৰত উল্লেখ কৰা এই চাৰিওটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল । চাৰিওটা মণ্ডলৰ মাজত  জলচক্ৰ,(Hydrologoal Cycle), কাৰ্বন চক্ৰ,(Carbon Cycle) আদিৰ দৰে পাৰস্পাৰিক ক্ৰিয়া-বিক্ৰিয়া চলি থাকে ।  উদাহৰণস্বৰূপেঃ জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদ থকা অংশবোৰ সামৰি লয় ǀ পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে- স্থলপৃষ্ঠ, সাগৰ মহাসাগৰ আৰু বায়ু মণ্ডলৰ চৰাই- চিৰিকটি আৰু কীট - পতংগ উৰি ফুৰা অংশ ǀ গতিকে দেখা যায় যে জীৱমণ্ডল আটাইকেইটা মণ্ডলৰে অৰ্ন্তভুক্ত হৈ আছে ǀ ঠিক তেনেদৰে হ্ৰদ, নদ নদী ,সাগৰ মহাসাগৰৰ (জলভাগৰ )উপস্থিতি  ভূ-ভাগৰ ওপৰতে আকৌ জল আৰু স্হলভাগৰ ওপৰতে বায়ুমণ্ডলে অৱস্থান লৈ আছে ।

 

3.         পৃথিৱীৰ সকলো অঞ্চলৰ পৰিবেশ কিয় একে নহয়, চমুকৈ লিখা ।

উত্তৰ : পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ একে নহয় । পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰিৱেশৰ মাজত পাৰস্পৰিক সম্বন্ধ থাকিলেও ভৌগোলিক কাৰণতে প্রতিটো অঞ্চলৰে পৰিৱেশৰ কিছু সুকীয়া ধৰ্ম বা বৈশিষ্ট্য থাকে। প্রাকৃতিক উপাদানবোৰৰ গুণাগুণ পথিৱীৰ সকলো ঠাইতে একে নহয় ।যেনে- মাটি, পানী, উত্তাপ, জীৱ আদিৰ অঞ্চলভেদে  পার্থক্য দেখা যায় । ঠিক তেনেকৈ ভূ-পৃষ্ঠত ঠাইৰ অৱস্থান, ভূ-আকৃতি, সাগৰ মহাসাগৰৰ পৰা দূৰত্ব,সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ,জলবায়ু, উদ্ভিদ,বন্যপ্ৰাণী আদি নানা কাৰকে সংশ্লিষ্ট ঠাইৰ প্ৰাকৃতিক পৰিবেশ নিৰূপণ কৰে ǀ এই কাৰকবোৰৰ অঞ্চল আৰু ঠাইভেদে পাৰ্থক্য আছে ǀ সেয়েহে  পৃথিৱীৰ সকলো অঞ্চলৰ পৰিবেশ কিয় একে নহয় ǀ উদাহৰণস্বৰূপে নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ থিয়কৈ পৰে বাবে সেই অঞ্চলবোৰ উষ্ণ ǀ তাৰ বিপৰীতে দুই মেৰুত সূৰ্যৰ তাপ হেলনীয়াকৈ পৰে বাবে সেই অঞ্চলবোৰ শীতল ǀ  

 

4.         পৰিবেশ ভূগোলৰ সংজ্ঞা দিয়া ǀ

উত্তৰ : ভূগোল যিটো শাখাই পৃথিৱীৰ পৰিবেশৰ স্বৰূপ  পৰিবৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে  সেইবোৰৰ  সমাধানৰ উপায় উদ্ভাৱনৰ প্ৰয়াস কৰে ,তাকে পৰিবেশ ভূগোল বোলে ǀ

 

5.         ভূগোল বিষয়টোৰ এটা শাখা হিচাপে পৰিবেশ ভূগোলৰ গুৰুত্ব আলোচনা কৰা ǀ

উত্তৰ: ভূগোল বিষয়টোৰ এটা শাখা হিচাপে পৰিবেশ ভূগোলৰ গুৰুত্ব অধিক । সম্প্রতি আমাৰ পৃথিৱীখনে নানা ধৰণৰ পাৰিৱেশিক সমস্যাৰ সন্মুখীন হৈছে। এহাতে দ্রুত হাৰত ঘটা জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণ আৰু ঔদ্যোগীকৰণৰ প্রসাৰ আৰু আনহাতে মানুহৰ জীৱন প্ৰণালীৰ  উন্নয়নে পৃথিৱীৰ পৰিৱেশৰ ওপৰতে স্বাভাৱিকতে হেঁচা প্রয়োগ কৰিছে । ইয়াৰ লগতে জড়িত হৈ আছে যাতায়াত পৰিবহনৰ অভূতপূর্ব প্রসাৰ, সকলো ধৰণৰ উৎসৰ পৰা সম্পদ আহৰণৰ প্রচেষ্টা, কৃষিৰ আধুনিক কৰণ, বজাৰৰ সম্প্ৰসাৰণ, উদ্যোগ আৰু যানবাহনত খনিজ ইন্ধনৰ ব্যাপক প্রয়োগ আৰু বহুতো আর্থ-সামাজিক উন্নয়ন প্রক্ৰিয়া। এই প্ৰক্ৰিয়াবোৰৰ ফলতেই  বননি ধ্বংস, জৈৱ-বৈচিত্র্য সংখ্যা কমি অহা, গোলকীয় উত্তাপ বৃদ্ধি, মৰুভূমিৰ প্ৰসাৰ, মাটি-পানী বায়ু প্ৰদূষণ আদিৰ দৰে পাৰিৱেশিক সমস্যাই পৃথিৱীখনক আগুৰি লৈছে ǀ এই সমস্যাবোৰৰ প্রণালীবদ্ধ বিশ্লেষণ আৰু সমাধানৰ লগতে ভূগোল বিষয়টোৰ ওপৰতো পৰিছে ǀ পৰম্পৰাগত ধ্যান ধাৰণা, কৌশল, পদ্ধতি আদিৰে এই জটিল সমস্যাবোৰৰ অধ্যয়ন কৰাটো টান ǀ ভূগোলবিদসকলে সেয়েহে  ন ন চিন্তা আৰু প্ৰযুক্তি প্ৰয়োগ কৰি এই সমস্যাবোৰৰ বিজ্ঞানভিত্তিক অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছে ǀ এই উদ্দেশ্যে ভূগোল বিষয়ৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিছে । 

 

6.         পৰিবেশ-ভূগোলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া ।

উত্তৰ:  পৰিবেশ ভূগোলে মানুহ আৰু মানুহৰ কৰ্মৰাজীক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিবেশৰ স্থিতিস্বৰূপ আৰু পৰিবৰ্তন অধ্যয়ন কৰে ǀ কোনো এটা অঞ্চলত বনাঞ্চল ধ্বংসৰ পৰিমাণ আৰু কাৰণ, বানপানী, গৰা খহনীয়া, ভূমিস্খলন আদি দুৰ্যোগ আদি কত কেনেকৈ সংঘটিত হৈছে, প্ৰদূষণে কত কি ধৰণে পৰিবেশ বিনষ্ট কৰিছে আদি কথাবোৰ পৰিবেশ ভূগোলত আলোচনা কৰিব পাৰি ǀ প্ৰাকৃতিক সম্পদৰ পৰিবেশ অনুকূল ব্যৱহাৰ,পৰিবেশৰ পৰিচালনা,বহনক্ষম উন্নয়ন আদিও পৰিবেশ ভৌগোলিক অধ্যয়নৰ বিষয়বস্তু ǀ পৰিবেশৰ ঐতিহাসিক বিকাশ, জনসংখ্যাৰ বৃদ্ধি আৰু পৰিবেশৰ লগত ইয়াৰ সম্বন্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা, অৰ্থনীতি আৰু সংস্কৃতিৰ লগত পৰিবেশৰ সম্বন্ধ আদিৰ বিষয়ে অধ্যয়ন কৰাই পৰিবেশ বিজ্ঞানৰ মূল উদ্দেশ্য ǀ 

    ভূগোলবিদসকলে পৰিৱেশ ভূগোল বিষয়টোৰ জৰিয়তে এই ধৰণৰ পাৰিৱাশিক সমস্যাবোৰৰ এক প্ৰণালীবূদ্ধ বিজ্ঞান ভিত্তিক অধ্যয়ন কৰি তাৰ সমাধানৰ উপায় উলিয়াবলৈ প্ৰয়াস কৰিছে ।  

 

7.          পৰিৱেশৰ উপাদান বুলিলে কি বুজা ? জীবীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা।

উত্তৰ: যিবোৰ উপাদান পাৰস্পাৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তোলে। সেইবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই সকলো বোৰক পৰিৱেশৰ উপাদান বোলে । 

পৰিৱেশৰ উপাদানবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয় । সেই দুটা হল - 

  জীবীয় উপাদানঃ জীৱীয় উপাদান সমূহ জীৱমণ্ডলৰ অন্তৰ্ভুক্ত ǀ নানা প্ৰজাতিৰ উদ্ভিদ আৰু অণুজীৱকে আৰম্ভ কৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জীৱীয় উপাদানৰ ভিতৰত পৰে ǀ যেনে- জীৱ জন্তু,গছ-গছনি ইত্যাদি ǀ 

  অজীৱীয় উপাদানঃ স্হলমণ্ডল,জলমণ্ডল,বায়ুমণ্ডলৰ প্ৰাণীহীন সকলো উপাদান অজীৱীয় উপাদানৰ ভিতৰত পৰে ǀ যেনে- মাটি,পানী,বতাহ,বিভিন্ন ধাতু আদি ।

 

8.         তলত উল্লেখ কৰা উপাদানবোৰ জীৱীয় আৰু অজীৱীয় -এই দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকাখন পুৰোৱা ǀ

      উপাদান - বালি, মণিক, বেক্টেৰিয়া, উদ্ভিদপ্লৱক (Phytoplankton), ঘাঁহ, বৰষুণ, আর্দ্রতা (humidity)., মাটি, পানী,অৰণ্য, কীট-পতঙ্গ,ভাইৰাছ. কয়লা ,খনিজ তেল, মেনগ্ৰভ, সৌৰ শক্তি ।

উত্তৰ: 

জীৱীয় উপাদান

অজীৱীয় উপাদান

বেক্টেৰিয়া

উদ্ভিদ প্লৱক

ঘাঁহ     

অৰণ্য     

কাট-পতংগ    

ভাইৰাছ      

মেনগ্ৰ

বালি, মণিক

বৰষুণ

আৰ্দ্ৰতা

মাটি

পানী

কয়লা

খনিজ তেল, সৌৰ শক্তি

 

9.         পাৰিৱেশিক সমস্যা মানে কি ?

উত্তৰ: প্ৰাকৃতিক পৰিৱেশ আৰু তাত থকা বিভিন্ন উপাদানৰ লগতে বা মানৱ সৃষ্ট বিভিন্ন কাৰকৰ ফলত পৰিবেশৰ ওপৰত যি প্ৰভাৱ পৰে তাকে পাৰিৱেশিক সমস্যা বোলে ǀ 

 

10.     পৃথিৱীৰ পাৰিবেশিক সমস্যা ক্ৰমে বৃদ্ধি পায় অহাৰ কাৰণবোৰ উল্লেখ কৰা ǀ

উত্তৰ: মানব সভ্যতাৰ আৰম্ভণিত আজিৰ দৰে পৰিৱেশজনিত সমস্যাই মানুহক জুৰুলা কৰা নাছিল। পৃথিৱীয়ে অৱশ্যে যুগ যুগ ধৰি ভূমিকম্প, আগ্নেয় উদ্গিৰণ, ঘূর্ণীবতাহ, বানপানী, ভয়াবহ সাগৰীয় আদিৰ দৰে প্রাকৃতিক দূৰ্যোগৰ সম্মুখীন হৈ আহিছে। কিন্তু বৰ্তমান কালত পাৰিবেশিক সমস্যাৰ বৃদ্ধি পায় অহাৰ কাৰণ হল ।

(১) জনসংখ্যাৰ দ্ৰুত বৃদ্ধি

(২)  সম্পদৰ অত্যধিক ব্যৱহাৰ ,

(৩)  উৎপাদনত ব্যৱস্থাত প্ৰযুক্তি বিদ্যাৰ ব্যাপক প্ৰয়োগ

(৪) যান বাহনৰ অধিক ব্যৱহাৰ 

(৫) ঔদ্যোগিক খণ্ডৰ দ্ৰুত বিস্তাৰ আৰু

(৬) নগৰ মহানগৰৰ সম্প্ৰসাৰণ ইত্যাদি ǀ

 

11.     পৰিবেশৰ ভাৰসাম্য অৱস্থা বুলিলে কি বুজা ?

উত্তৰ: পৰিবেশত উপলব্ধ বিভিন্ন উপাদান সমূহ নিৰ্দিষ্ট অনুপাতত থাকিলেহে পৰিবেশৰ ভাৰসাম্যতা অটুত থাকে ǀ প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত এই উপাদানসমূহৰ পৰিমাণ কম বেছি হলে পৰিবেশত এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হয় ǀ উদাৰণস্বৰূপে - বায়ুমণ্ডলত থাকিবলগীয়া কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ ০.০৩৫ শতাংশ ǀ ইয়াতকৈ বেছি  কাৰ্বন ডাই অক্সাইড গেছৰ উপস্থিতিয়ে  বায়ুমণ্ডলত এক ভাৰসাম্যহীন অৱস্থাৰ  সৃষ্টি কৰে । ইয়াকে পৰিৱেশৰ ভাৰসাম্য অৱস্থা বুলি কোৱা হয় । 

 

12.     নিৰ্বনীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল-উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা ǀ

উত্তৰ: পৃথিৱীৰ পাৰিবেশিক সমস্যাবোৰৰ অন্যতম প্ৰধান হৈছে বননি ধ্বংস ǀ এই বননি ধ্বংস কৰা প্ৰক্ৰিয়াকে নিৰ্বনীকৰণ বোলে ǀ নিৰ্বনীকৰণৰ প্ৰধান কাৰণ হৈছে ঔদ্যোগিক বিকাশ আৰু মানুহৰ জীৱন প্ৰণালীৰ দ্ৰুত উন্নয়ন ǀ নিৰ্বনীকৰণে এহাতে মানুহক বনজ সম্পদৰ যোগান ধৰি তথাকথিত আৰ্থিক উন্নয়ন সম্ভৱ কৰি তুলিছে । নিৰ্বনীকৰণৰ ফলত আজি বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড আৰু অনান্য সেইজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পায়ছে আৰু ইয়ে গোলকীয় উত্তাপ বৃদ্ধি কৰিছে । দেখা যায়  চহৰ বা নগৰত উদ্যোগ বা কাৰখানা এটা স্থাপন কৰিবলৈ হলে প্ৰথমে তাত থকা হাবি জংঘল বোৰ কাটি পৰিষ্কাৰ কৰি লোৱা হয় ǀ ইয়াৰ ফলত অঞ্চলটোত উপলব্ধ গছ-গছনিৰ লগতে পশু-পক্ষীৰ আশ্ৰয় স্থলো নাইকিয়া হয় ǀ নিৰ্বনীকৰণৰ ফলত মাটিৰ গুণাগুণৰ ওপৰতো প্ৰভাৱ পৰে অৰ্থাৎ কবলৈ গলে মাটিৰো অৱক্ষয় ঘটে  ǀ অঞ্চলটোৰ জলবায়ুৰ ওপৰতো তাৰ বিৰোপ প্ৰভাৱ পৰে ǀ সেয়েহে কব পাৰি নিৰ্বনীকৰণে এহাতে যেনেকৈ উন্নয়নৰ বাট মুকলাই দিছে, আনফালে ইয়াক লৈ বহু  সমস্যাও সৃষ্টি হৈছে ǀ 

 

13.     গোলকীয় উত্তাপ বৃদ্ধি মানে কি ? ইয়াৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা ǀ

উত্তৰ: মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যৱলীৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পোৱা পৰিঘটনাটোৱে   গোলকীয় উত্তাপ বৃদ্ধি বোলা হয় । 

ইয়াৰ প্ৰধান কাৰণবোৰ হৈছে-

1) যান বাহনৰ অধিক ব্যৱহাৰ তথা জীৱাষ্ম ইন্ধনৰ বহু প্ৰয়োগ ।

2) শিল্প উদ্যোগৰ প্ৰসাৰ । 

3) বনজুই বা দুৰ্ঘটনাৰ ফলত সংঘটিত অগ্নিকাণ্ড । 

4) নগৰীকৰণ ৰ বাবে বনাঞ্চল ধ্বংস কৰা । 

5) শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ অধিক ব্যৱহাৰ   

 

14.     গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হব পৰা সমস্যাবোৰৰ এটি আভাস দিয়া ǀ

উত্তৰ: গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হব পৰা সমস্যাবোৰ হৈছে-

১) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কৃষিৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰিব ǀ শস্যৰ উৎপাদন হ্ৰাস পাব ।

২) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভিদজগতৰ ওপৰতো প্ৰত্যক্ষ প্ৰভাৱ পৰিব ǀ ভূ-পৃষ্ঠত উদ্ভিদৰ বৰ্তমানৰ যি বিতৰণ তাৰ লক্ষণীয় পৰিববৰ্তন ঘটিব পাৰে  ǀ 

৩) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত বিভিন্ন কাৰণত পৃথিৱীপৃষ্ঠৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ  লগে লগে মেৰু অঞ্চলৰ বৰফবোৰ গলিছে তথা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে ǀ ইয়াৰ ফলত বহুতো সামুদ্ৰিক দ্বীপ, প্ৰবাল দ্বীপ আৰু ব-দ্বীপ বানপানী  হোৱাৰ সম্ভাৱনা আছে ǀ

৪) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত জলবায়ুৰ পৰিবৰ্তন ঘটিব ǀ বহু  ঠাই বেছি বৰষুণ বা অনাবৃষ্টিৰ কবলত পৰিব পাৰে ǀ

৫) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত জলবায়ুৰ পৰিবৰ্তন ৰ ফলত অৰণ্য অঞ্চলত থকা জীৱজন্তুবোৰ খাদ্যা, বাসস্থান  আদিৰ পৰিবৰ্তন হǀ 

৬) ভাইৰাচ আৰু বেক্টৰিয়া জনিত ৰোগৰ প্ৰকোপ বৃদ্ধি পাব ǀ বহু  ৰোগৰ অৰ্ভিভাৱ হ  পাৰে ǀ

 

15.     গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্য সম্পৰ্কে চমুকৈ লিখা ǀ

উত্তৰ: গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্যসমূহ হৈছে -

১) যান বাহনৰ সীমিত ব্যৱহাৰ কৰা উচিত ǀ 

২) শীত তাপ নিয়ন্ত্ৰক যন্ত্ৰ   ব্যৱহাৰ পৰাপক্ষত কম কৰিব লাগে ǀ তাৰ পৰা বিভিন্ন বিষাক্ত গেছ ওলাই ।

৩) জনসংখ্যা বৃদ্ধিৰ উচ্চ হাৰক নিয়ন্ত্ৰণ কৰা ।

৪)  বৃক্ষৰোপণ দ্বাৰা বনানীকৰণ প্ৰক্ৰিয়াত সহায়ৰ হাত আগবঢ়াব লাগে ǀ

৫) পৰিবেশ প্ৰদূষণ সম্পৰ্কীয় আইন কানুন সমূহ দেশ বা ৰাজ্য খনত কঠোৰভাৱে পালন কৰা উচিত । তাৰ বাবে চৰকাৰে চকু দিয়া উচিত । 

 

) স্কুল,কলেজ আদিকে ধৰি অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবোৰত পৰিবেশ প্ৰদূষণ সম্পৰ্কীয় সজাগতা সভাসমূহ অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক এই বিষয়ত সচেতন কৰি তুলিব লাগে  ǀ

 


 

16. সেউজগৃহ গেছকেইটাৰ নাম লিখা । 

উত্তৰ:-  কেইটামান সেউজগৃহ গেছ হৈছে- কাৰ্বন ডাই অক্সাইড,(Co2) মিথেন,(CH4) নাইট্ৰাছ অক্সাইড,(N2o)  ক্লৰফ্লৰকাৰ্বন (CFC) জন গেছ ((O3) ছালপাৰ ডাই-অক্সাইড (SO2) ইত্যাদি ǀ 

 

17. বায়ু প্ৰদূষণ বুলিলে কি বুজা ? কি কি কাৰণত বায়ু প্ৰদূষিত হয় ?

উত্তৰ:- যেতিয়া বায়ুত কোনো দূষিত পদাৰ্থ বা গেছ মিহলি হৈ ইয়াৰ স্বাভাৱিক ভাৰসাম্য বা ধৰ্মৰ পৰিবৰ্তন ঘটালে, তেতিয়া তাক বায়ু প্ৰদূষণ বোলে ǀ 

বায়ু প্ৰদূষিত হোৱাৰ কাৰণবোৰ হৈছে - 

১) উদ্যোগিক প্ৰদূষণ কাৰক 

২) ইন্ধনৰ দহন ।

৩) যান বাহনৰ পৰা নিৰ্গত প্ৰদূষক । 

৪) আগ্নেয়গিৰি উদ্গীৰণ দ্বাৰা । 

৫) মানুহৰ কিছুমান দূষিত কাৰ্যকলাপে বায়ু প্ৰদূষণ কৰে । 

 

18. বায়ু প্ৰদূষণে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা ǀ

উত্তৰ:- বায়ু প্ৰদূষণে বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । 

সেইবোৰ হৈছে- 

১) বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰে ।   

২) বায়ু প্ৰদূষণে জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায় । বায়ুমণ্ডলত অত্যধিক পৰিমাণে ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰজেন ডাই-অক্সাইড জমা হলে এচিড বৰষুণৰ সৃষ্টি হয় । 

৩) বায়ু প্ৰদূষণে উদ্ভিদৰ পাতত জমা হোৱা ঙূলি ধোঁৱা আদিৰ তৰফৰ পৰা সালোক সংশ্লেষণ কাৰ্যত বাধা সৃষ্টি হয় ।  

৪)   বায়ুমণ্ডলৰ ষ্টেটছফিয়াৰত থকা অজন গেছৰ স্তৰটোৱে সূৰ্যৰ পৰা অহা  অতি বেঙুণীয়া ৰশ্মিক বাধা প্ৰদান কৰি জীৱ জগতৰ উপকাৰ সাধন কৰে ǀ বায়ু প্ৰদূষণৰ ফলত এই অজন গেছৰ তৰপটো ক্ৰমে দুৰ্বল হৈ পৰিছে ǀ 

৫) বায়ু প্ৰদূষণে ক্ষয়ীভৱনৰ দ্বাৰা ঘৰৰ পকীবেৰ,ৰং আদি নষ্ট কৰে । 

 

19.  পানী কিদৰে প্ৰদূষিত হয় ? পানী প্ৰদূষণৰ পৰা হব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰ:- কোনো প্ৰকৃতিক কাৰণত বা মানুহৰ কাৰযকলাপৰ ফলত জৈৱ, অজৈৱ আৰু অনুজৈৱিক কাৰকবোৰৰ প্ৰভাৱত পানীৰ সাধাৰম গুণাগুণ বিনষ্ট হৈ মানুহৰ গ্ৰহণৰ অনুপযোগী হোৱাকে পানী দূষিত হোৱা বুলি কোৱা হয় । 

পানী প্ৰদূষণৰ কাৰণবোৰ হৈছে-

১) উদ্যোগজনিত প্ৰদূষণ 

২) ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰৱ্য দ্বাৰা প্ৰদূষণ 

৩) খনিজ পদাৰ্থৰ উদ্ঘাটনক্ষেত্ৰৰ পৰা প্ৰদূষণ

৪) পেলনীয়া দ্ৰৱ্যৰ নিক্ষেপণৰ দ্বাৰা প্ৰদূষণ

৫) তেজস্ক্ৰীয় পদাৰ্থ দ্বাৰা প্ৰদূষণ

৬) বায়ুমণ্ডলত জমা হোৱা ছালফাৰ ডাই - অক্সাইড গেছ বৰষুণ আকাৰে নামি আহিলে পানী প্ৰদূষণ হয় ǀ 

পানী প্ৰদূষণৰ পৰা হব পৰা ক্ষতিসমূহ হৈছে- 

১) নদী এখনৰ পানী প্ৰদূষিত হলে অঞ্চলটোৰ বাসিন্দাসকল খাদ্য, খোৱাপানী আৰু জীৱিকা আদিৰ দৰে বহু সমস্যাত ভুগিবলগীয়া হব পাৰে ।

২) পানী প্ৰদূষণে মানুহৰ বেমাৰ আজাৰ সৃষ্টি কৰে ǀ যেনে - কলেৰা, টাইফয়ড, জণ্ডিচ ইত্যাদি । 

৩)  জল প্ৰদূষণে ভূমিৰ উৎপাদনশীলতা হ্ৰাস পায় ।

৪) বৃহৎ উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া দ্ৰৱ্যৰ ফলত আশে পাশে থকা জলাশয়ৰ নিৰ্মল পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পাইছে ǀ ই মানুহৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ǀ  

 

20. পাৰিবেশিক সমস্যা সমাধানৰ কাৰণে মানুহে কেনে ধৰণৰ পদক্ষেপ লব পাৰে বহলাই লিখা ǀ

উত্তৰ:- পাৰিবেশিক সমস্যা সমাধানৰ কাৰণে মানুহে লব পৰা পদক্ষেপ সমূহ হৈছে -

১) জনসংখ্যা নিয়ন্ত্ৰণ কৰা, যাতে সম্পদৰ চাহিদা নিয়ন্ত্ৰণত থাকে ।

২) গছ-কটা হন্ধ কৰাৰ বাবে কঠোৰ আইন প্ৰৱৰ্তন কৰা । 

৩) গাড়ী-মটৰৰ পৰা সৃষ্টি হোৱা প্ৰদুষণ ৰোধ কৰিবলৈ সেইবোৰ উপযুক্ত বিভাগৰ দ্বাৰা পৰীক্ষাকৰণৰ ব্যৱস্থা  হাতত লব লাগিব ǀ

৪)কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোৱা আৰু পেলনীয়া দ্ৰৱ্য নিষ্কাষণৰ পৰিমাণ কম কৰিব লাগিব ǀ 

৫) স্কুল,কলেজ আদিকে ধৰি অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবোৰত পৰিবেশ প্ৰদূষণ সম্পৰ্কীয় সজাগতা সভাসমূহ অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক এই বিষয়ত সচেতন কৰি তুলিব লাগিব ǀ

 

৬) আপুৰুগীয়া বন্যপ্ৰাণী আৰু গছ গছনি থকা বনাঞ্চলসমূহ সংৰক্ষণৰ ব্যৱস্থা  কৰিব লাগে ǀ 

৭) শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ অতি উচ্চ প্ৰাবল্যৰ মাইক, চাউণ্ড ছিচটেম, গাড়ী মটৰৰ হৰ্ণ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব ǀ

৮) নলা নৰ্দমা পৰিষ্কাৰ কৰি ৰখা আৰু তাত জাৱৰ জোথৰ পেলোৱা নিষেধ কৰা ǀ 

৯) খেতি পথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰৱ্য প্ৰয়োগ কৰাতকৈ জৈৱিকভাৱে প্ৰস্তুত কৰা সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা উচিত ǀ

১০) নবীকৰণযোগ্য শক্তিৰ উৎসবোৰ জনপ্ৰিয় কৰা আৰু গ্ৰহণ কৰা । 

 

HSLC ত অহা লাগতিয়াল প্ৰশ্নসমূহ আমি আগন্তক সময়ত দিম । 

আমাৰ Website ত গণিতৰ সমাধান সুন্দৰভাৱে কৰা হৈছে । 



Published by Lokesh Das

********

Previous Post Next Post