কাৰ্বন আৰু তাৰ যৌগ | Class 10 Science chapter 4 all question answer in assamese.

 কাৰ্বন আৰু তাৰ যৌগ

NCERT Solution for Class 10 Science Chapter 4 Carbon and its Compounds   

 

Chapter 4 Carbon and its Compounds Science . Class X Solution for Assamese Medium Student Assamese Science Solution SEBA Class10 Science Solution   Assamese Medium  Class 10 Chapter 4 Solution | দশম  শ্ৰেণীৰ সাধাৰণ বিজ্ঞান |  

  Class 10 General Science All Chapter Solution .

SEBA Board Class 10 Science Textbook Solution

 

কাৰ্বন আৰু তাৰ যৌগ

প্ৰ শ্না ৱ লী

 

Class 10 Science NCERT Textbook – Page No 61

1. কাৰ্বন ডাই-অক্সাইড (Co2ৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ

উত্তৰ: কাৰ্বন ডাই-অক্সাইড (Co2ৰ ইলেক্ট্ৰন বিন্দু গঠন কি হল : 

          

    এটা কাৰ্বন পৰমাণু   দুটা অক্সিজেন পৰমাণু    কাৰ্বন ডাই-অক্সাইড অণু, CO2

2.         আঠটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ

উত্তৰ: ছালফাৰ (S8) অণুৰ ইলেক্ট্ৰন বিন্দু গঠন :


Class 10 Science NCERT Textbook  Page No 68

1. পেণ্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা

উত্তৰ: পেণ্টেন (C5H12) ৰ বাবে তিনিটা গঠন সমযোগী আঁকিব পৰা  যায় । 

    (i) 

বা

  (ii) 
বা

  (iii) 

বা

  2.         কাৰ্বনৰ কোনদুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন-যৌগ দেখা পাওঁ

উত্তৰ:কাৰ্ননৰ নিম্নোক্ত ধৰ্ম দুটাৰ বাবে আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন-যৌগ দেখা পাওঁ । 

     (i) কেটিনেচন : কাৰ্বন পৰমাণু এটাই এই অনন্য ধৰ্ম (কেটিনেচন) ৰ বাবে আন কাৰ্বন পৰমাণুৰ সৈতে বান্ধনি সৃষ্টি কৰি শৃংখলৰ আকাৰত বৃহত সংখ্যক অণু (যৌগ) গঠন কৰিব পাৰে । 

  (ii) চতুৰ্সহযোজ্যতা : কাৰ্বনৰ যোজ্যতা চাৰি (4) হোৱা বাবে ই আন চাৰিটা কাৰ্বনৰ পৰমাণু অথবা হাইড্ৰজেন, অকেসিজেন, নাইট্ৰজেন,ছালফাৰ, ক্লৰিন আদি একযোজী মৌলৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে । 

  3.         চাইক্লপেন্টেনৰ সংকেত আৰু ইলক্ট্ৰনীয় বিন্দু গঠন কি হব লিখা । 

 উত্তৰ:  চাইক্লপেন্টেনৰ সংকেত হল (C5H10) |


4.         তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা :

(i) ইথানয়িক এছিড          (ii) ব্ৰপেণ্টন *

(iii) বিউটান                  (iv) হেক্সানেল

      * ব্ৰপেণ্টনৰ সমযোগী সম্ভৱনে

 

উত্তৰ: (i) ইথানয়িক এছিড          CH3COOH

 (ii) ব্ৰপেণ্টন C9 H11 Br

 (iii) বিউটান     C2H5 COCH3         

(iv) হেক্সানেল, C5H11CHO : 


5. তলৰ যৌগবোৰৰ নাম লিখা ।

   (i)   
   (ii)  
   (iii)  

উত্তৰ: (i) ব্ৰম’ইথেন

    (ii) মিথানেল

    (iii) হেক্সইন

 

 

Class 10 Science NCERT Textbook – Page No 71

1. ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া

 উত্তৰ: ইথানলক ক্ষাৰকীয় KMnO4 বা আম্লিক K2Cr2O7 ৰ উপস্থিতি উত্তপ্ত কৰিলে ইথানলে অক্সিজেন গ্ৰহণ কৰি ইথায়নিক এছিড উৎপন্ন কৰে বাবে ই এটা জাৰণ বিক্ৰিয়া ।

 

2.          লোহা জোৰা দিয়া সময়ত (Welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয় । ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়

উত্তৰ: অসংপৃক্ত হাইড্ৰকাৰ্বন ইথাইন আৰু বায়ুৰ মিশ্ৰণ এটা দহণ কৰিলে অসম্পূৰ্ণ দহন ঘটি কলা ধোঁৱা আৰু এলান্ধু নিৰ্গত হয় । গতিকে লোহা জোৰা দিয়াৰ বাবে আৱশ্যক হোৱা সঠিক উষ্ণতা প্ৰাপ্ত নহয় । কিন্তু যেতিয়া ইথাইন আৰু অক্সিজেনৰ মিশ্ৰণ এটাৰ দহণ ঘটে তেতিয়া  সম্পূৰ্ণ দহন হোৱাৰ ফলত পৰিষ্কাৰ নীলা শিখা নিৰ্গত হয় আৰু লোহা জোৰা দিয়াৰ বাবে প্ৰয়োজন হোৱা উষ্ণতা প্ৰপ্ত হয় । 

 

Class 10 Science NCERT Textbook – Page No 74

1. পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পৰি

উত্তৰ: ডিয়াম হাইড্ৰকাৰ্বনেট পৰীক্ষাৰ দ্বাৰা এলকহল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ দেখুৱাব পৰা যায় । 

দুটা পৃথক পৰীক্ষানলীত এলকহল আৰু কাৰ্বক্সিলিক এছিড লৈ দুয়োটাতে ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ এক জুলীয়া দ্ৰৱ মিহলোৱা হল ।

  এলকহলে ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ (NaHCO3) সৈতে কোনো বিক্ৰিয়া নকৰিলে কিন্তু কাৰ্বক্সিলিক এছিড থকা পৰীক্ষানলীটোত কাৰ্বন ডাই-অক্সাইডৰ নিৰ্গমনৰ বাবে বুৰবুৰণি দেখিবলৈ পোৱা যাব । 

 

2.         জাৰক দ্ৰৱ্য কি

উত্তৰ: যিবোৰ দ্ৰৱ্যই আন যৌগক অক্সিজেন দিবলৈ সক্ষম তাকে জাৰক দ্ৰৱ্য বুলি কোৱা হয় । 


 অধ্যায় 2 :  এছিড, ক্ষাৰক আৰু লৱণ


   অধ্যায় 3 :  ধাতু আৰু অধাতু


   অধ্যায় 5 :  মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

 

Class 10 Science NCERT Textbook – Page No 74

1. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয়নে নহয় কব পাৰিবানে

উত্তৰ: অপমাৰ্জক ব্যৱহাৰৰ দ্বাৰা  পানীৰ  কঠিনতা পৰীক্ষা কৰিব পৰা নাযায় । অপমাৰ্জকে কঠিন আৰু কোমল দুয়োবিধ পানীতে ফেন উপন্ন কৰে আৰু কাৰ্যক্ষম হয় ।  অপমাৰ্জকৰ আহিত মেৰুবোৰে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত অদ্ৰৱণীয় অধ:ক্ষেপ সৃষ্টি নকৰে ।

2.  কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে । সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুচে বা ভৰিৰে গচকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰ (Washing Machine) ভৰাই জোকাৰি দিয়ে । কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?

উত্তৰ: চাবোন কণাপুঞ্জ বা মাইছেল বুলি কোৱা অণুৰ থূপ বা পুঞ্জ সৃষ্টি কৰে যিবোৰে তেলতীয়া মলিবোৰ কেন্দ্ৰত জমা কৰে । এই কণাপুঞ্জবোৰ কাপোৰবোৰৰ ওপৰ ভাগত ওলমি থাকে যিয়ে পানীত অবদ্ৰৱ বা ইমালচন সৃষ্টি কৰে । কণাপুঞ্জবোৰ দ্ৰৱটোত অৱদ্ৰৱ হিচাপে থাকে আৰু আয়ন বিকৰ্ষণৰ বাবে অধ:ক্ষিপ্ত নহয়, সেয়ে চাবোনৰ দ্ৰৱত (পানীত) কাপেৰবোৰ বুৰাই থুকুছি, ঘঁহি বা জোকাৰি কণাপুঞ্জত থকা মলিবোৰ সহজে ধুই আঁতৰ কৰিব পৰা যায় । জোকাৰণিয়ে চাবোনৰ কণাপুঞ্জবোৰক মলিবোৰ পানীত দ্ৰৱীভূত কৰাত তথা কাপেৰ পৰিষ্কাৰ কৰাত সহায় কৰে । 

 

Class 10 General Science All Chapter Solution .

অনুশীলনী

1. ইথেন (C2H6) অণু এটাত ______  

a.         6 টা সহযোগী বান্ধনী আছে 

b.         7 টা সহযোগী বান্ধনী আছে 

c.          8 টা সহযোগী বান্ধনী আছে 

d.         9 টা সহযোগী বান্ধনী আছে 

উত্তৰ : (b) 7 টা সহযোগী বান্ধনী আছে

 

2. চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হ_____  

a.         কাৰ্বক্সিলিক এছিড 

b.         এলডিহাইড

c.          কিট 

d.         এলকহল 

উত্তৰ : (C) কিট    

 

3. ৰন্ধনৰ সময়ত ব্যৱহিত বৰ্তনৰ তলফালে কলা পৰে কিয়নো ______   

a.         খাদ্য ভালদৰে নিসিজিলে ।

b.         ইন্ধন সম্পূৰ্ণৰূপে দহণ নহলে । 

c.          ইন্ধন সিক্ত হলে । 

d.         ইন্ধন সম্পবৰ্ণৰূপে দহন নহলে । 

উত্তৰ : (b) ইন্ধন সম্পূৰ্ণৰূপে দহণ নহলে । 

 

4. CH3Cl ৰ উদাহৰণ লৈ সহযোগী বান্ধনি স্বৰূপ (Nature) বাখ্যা কৰা । 

উত্তৰ :  সহযোগী বান্ধনি হল দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ-বতৰাৰ দ্বাৰা গঠন হোৱা এক ৰাসায়নিক বান্ধনি যত দুয়োটা পৰমাণুৱে এনেদৰে ইলেক্ট্ৰনৰ   ভাগ-বতৰা কৰে যাতে পৰমাণু দুটাই সিহঁতৰ নিকটৱৰ্তী সম্ভান্ত্ৰ গেছৰ স্থিৰ ইলেক্ট্ৰনায় বিন্যাস লাভ কৰে 

CH3Cl  বান্ধনি গঠনত ব্যৱহিত সহযোগী বান্ধনিৰ প্ৰকৃতি তলত দিয়া হ 

(i)  কাৰ্বনৰ পাৰমাণৱিক সমখ্যা 6 হয় । ইয়াৰ যোজক কক্ষত চাৰিটা ইলেক্ট্ৰন থাকে । ই অষ্টক সম্পূৰ্ণ কৰিবলৈ চাৰিটা  ইলেক্ট্ৰনো গ্ৰহণ কৰিব নোৱাৰে বা চাৰিটা ইলেক্ট্ৰন ত্যাগ কৰি ডুপলেটত উপনীত হ’’বও নোৱাৰে যিহেতু উভয়কে যথেষ্ট শক্তিৰ প্ৰয়োজন হয় । 

(ii) হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা (1) ইয়াৰ যোজক কক্ষত মাত্ৰ এটা ইলেক্ট্ৰন থাকে । ইয়াৰ নিজৰ কক্ষ সম্পূৰ্ণ কৰিবলৈ এটা ইলেক্ট্ৰনৰ প্ৰয়োজন ।

(iii) ক্লৰিণৰ পাৰমাণৱিক সংখ্যা হল (17) ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ2,8,7 ইয়াৰ যোজক ইলেক্ট্ৰন হ7টা । ইয়াক নিজৰ অষ্টক সম্পূৰ্ণ কৰিবলৈ আৰু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন । 

সেয়েহে অষ্টক সম্পূৰ্ণ কৰিবলৈ CH3Cl গঠনত কাৰ্বনে ইয়াৰ চাৰিটা যোজক ইলেক্ট্ৰনক তিনিটা হাইড্ৰজেন পৰমাণুৰ আৰু এটা (1) পৰমাণুৰ সৈতে ভগ-বতৰা কৰে । CH3Cl ত চাৰিডাল সহযোজী একবান্ধনি থাকে ।

 

5. তলত দিয়াবিলাকৰ ইলেক্ট্ৰন বিন্দু লিখা :

a.         ইথানয়িক এছিড 

b.         H2S

c.          প্ৰপান 

d.         F2 

 উত্তৰ :

(a)                        ইথানয়িক এছিড 





b.         H2S



c.          প্ৰপান 


d.         F2 



6. সমগনীয় শ্ৰেণী কি ? উদাহৰণ দি বুজাই লিখা । 

উত্তৰ : সমগনীয় শ্ৰেণী হল কাৰ্বন যৌগসমূহৰ এটা গোট যত কাৰ্বন শৃংখল এটাত হাইড্ৰজেন পৰমাণুবোৰ একে কাৰ্যকৰীমূলকৰ দ্বাৰা প্ৰতিস্থাপিত হয় । 

উদাহৰণস্বৰূপে : মিথেন, ইথেন, প্ৰপেন, বিউটোন, পেণ্টেন, হেক্সেন আদি এলকেন বোৰ একে সমগনীয় শ্ৰেণীৰভুক্ত :

 

ক্ৰমি নং

এলকেন

পাৰমাণৱিক সংকেত

পাৰ্থক্য

(i)

মিথেন

CH4

___

(ii)

ইথেন

C2H6

__CH2

(iii)

প্ৰপেন

C3H8

­­__CH2

(iv)

বিউটেন

C4H10

__ CH2

(v)

প্ৰণ্টেন

C5H12

__ CH2

(vi)

হেক্সেন

C6H14

__ CH2

 

More Resours For Class 10 Solutions in Assamese Medium

7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য লিখা ।

উত্তৰ : 

ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য :

ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি 

 

ক্ৰমিক নং

ইথানল

ইথানয়িক ওছিড

(i)

উত্তেজনাকাৰী গোন্ধবিশিষ্ট।

ভিনেগাৰৰ বৈশিষ্ট্যগত এক উগ্ৰ গোন্ধযুক্ত

(ii)

শীতকালত গোট নামাৰে ।

শীতকালত 170C তলত ই গোট মাৰে ।

(iii)

সাধাৰণ উষ্ণতাত ই বাষ্পভূত হয় ।

সাধাৰণ উষ্ণতাত ই বাষ্পভূত নহয় ।

ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি 

ক্ৰমিক নং

ইথানল

ইথানয়িক ওছিড

(i)

ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া নকৰে । 

ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই-অক্সাইড উপন্ন কৰে ।

 

 

 

 

 

 

 

8.  পানীত চাবোন দিলে কিয় ফেন উঠে ? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে

উত্তৰঃ পানীত চাবোন দিলে , ইয়াৰ উদাসীণ হাইড্ৰকাৰ্বন মূৰটোৱে পানীৰ ভিতৰফালে আৰু আধানযুক্ত মূৰ বাহিৰফালে ওলাই আহে । ইয়াক মাইচেলি (Mecelle) বোলে । মাইছেলি গঠনৰ বাবে পানীত ফেন উঠা দেখা যায় ।

       ইথানলে চাবোনৰ লগত ফেন উৎপন্ন নকৰে । কিয়নো ইয়াত মাইছেলি গঠন নহয় ।

 

9. প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগসমূহক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়  কিয় ?

উত্তৰ : কাৰ্বন আৰু ইয়াৰ যৌগবোৰক প্ৰায় সকলো ক্ষেত্ৰতে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়  কাৰণ অক্সিজেনৰ উপস্থিতিত কাৰ্বন দহন কৰিলে কাৰ্বন ডাই-অক্সাইডৰ লগতে অধিক পৰিমাণৰ তাপ আৰু পোহৰ পন্ন হয় ।

  Class 10 General Science All Chapter Solution . 

 

10.  কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (Scum) কি দৰে সৃষ্টি হয় । ব্যাখ্যা কৰা

উত্তৰঃ কঠিন পানীত মেগনেছিয়াম আৰু কেলছিয়ামৰ লৱন দ্ৰৱীভূত হৈ থাকে

               যেতিয়া এনে পানীত চাবোন ঘঁহা হয়, তেতিয়া চাবোনে এই লৱনৰ লগত প্ৰথমে বিক্ৰিয়া কৰে আৰু ছডিয়াম বা পটাছিয়াম বা লৱন উৎপন্ন কৰে । এই বোৰ পানীত অদ্ৰৱণীয় বাবে গেদৰ সৃষ্টি হয় ।

 


11. নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা ?

উত্তৰঃ চাবোন ক্ষাৰকীয় ধৰ্ম বিশিষ্ট বাবে ই ৰঙা লিটমাছ কাগজ নীলা কৰে আৰু নীলা লিটমাচ কাগজৰ ৰঙটো পৰিৰ্তন কৰে ।

 

12. হাইড্ৰজেনেচন মানে কি ? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা ।

উত্তৰঃ পেলাডিয়াম বা নিকেলৰ দৰে অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হোৱা প্ৰক্ৰিয়াকে হাইড্ৰজেনেচন বুলি কোৱা হয় ।

 

 হাইড্ৰজেনেচন ঔদ্যোগিক প্ৰয়োগ  :

সাধাৰণতে বন্ধনৰ বাবে ব্যৱহিত উদ্ভিদ জাত তেলবোৰ দীঘল অসংপৃক্ত কাৰ্বন শৃংখলযুক্ত যেতিয়া নিকেল অনুঘটকৰ উপস্থিতিত এই উদ্ভিদজাত তেলবেৰৰ মাজেৰে হাইড্ৰজেন গেছ পাৰ হৈ যায় তেতিয়া অসংপৃক্ত তেলবোৰ সংপৃক্ত গোটা চৰ্বিলৈ সলনি হয় ।

 এনেদৰে প্ৰকৃতিকভাৱে উপলব্ধ হোৱা উদ্ভিদজাত তেলৰ  হাইড্ৰজেনেচন সম্পন্ন কৰি বনস্পতি ঘিৰ পণ্য উৎপাদন কৰা হয় ।

 

13. তলৰ কোনবিলাক হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুয়ায় ?

  C2H6,   C3H8,   C3H6, C2H2,      আৰু CH4  ?

 উত্তৰঃ-  কেৱল অসংপৃক্ত হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুয়ায় ইয়াৰে C3H(প্ৰপিন) C2H2 (ইথাইন)হল অসংপৃক্ত হাইড্ৰকাৰ্বন সেয়েহে এই হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুয়ায়

 

 

14. মাখন (Butter) আৰু খোৱাতেলৰ (Cooking oil)  মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা ।

উত্তৰঃ-  মাখন এটা সংপৃক্ত হাইড্ৰকাৰ্বন । আনহাতে, খোৱা তেল অসংপৃক্ত হাইড্ৰকাৰ্বন । অসংপৃক্ত হাইড্ৰকাৰ্বনৰ দ্ৰৱত ব্ৰমিণ যোগ কৰিলে, ব্ৰমিণৰ মুগা বৰণ অদৃশ্য হয়, কিন্তু সংপৃক্ত হাইড্ৰকাৰ্বনৰ আৰু ব্ৰমিণৰ কোনো বিক্ৰিয়া নহয় । যেতিয়া ব্ৰমিণ ৰন্ধন তেলত যোগ কৰা হয়, তেতিয়া ৰং অদৃশ্য হয়, কিন্তু মাখনত ব্ৰমিণ যোগ কৰিলে, ইয়াৰ ৰং মুগা বৰণ ধাৰণ কৰে ।

 

15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action)  ব্যাখ্যা কৰা ।

উত্তৰঃ- চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া চাবোন পানীত কলয়ডীয় দ্ৰব্যৰ উৎপন্ন কৰে আৰু মাছেলিৰ সৃষ্টি কৰে ।

       চাবোনৰ অণুবোৰৰ ধনাত্মক মূৰবোৰে পানীৰ পৰা বাহিৰফালে মুখ কৰি সংস্থাপিত হয় আৰু হাইড্ৰকাৰ্বন যুক্ত নেজবোৰ পানীৰ পৰা বাহিৰফালে মূখ কৰি সংস্থাপিত হয় । আয়নিক মূৰবোৰ পানীক আকৰ্ষণ কৰে আৰু হাইড্ৰকাৰ্বনযুক্ত মেৰু পানী ঘৃণী । যেতিয়া এই চাবোন পানীত মলিয়ন হোৱা কাপোৰত তিয়াই দিয়া হয়, তেতিয়া মাইছেলিৰ হাইড্ৰকাৰ্বন যুক্ত নেজবোৰে মলিত থকা তেল বা গ্ৰীজ জাতীয় কণিকাৰ ফালে আকৰ্ষিত হয়।

       যেতিয়া কাপোৰখন থুচি দিয়া হয় মিঠা তেল বা গ্ৰজীৰ কণিকাবোৰ সৈতে হাইড্ৰকাৰ্বন শৃংখল কাপোৰ পৰা খহি পানীত গেদ হিচাপে জমা হয় । তলৰ কণাবোৰ কাপোৰৰ পৰা ওলাই অহা বাবে কাপোৰখন পৰিস্কাৰ পানীত তিয়াই থুকুচি দিলে মলিবোৰ সম্পূৰ্ণৰূপে আঁতৰি গৈ কাপোৰখন অতি পৰিস্কাৰ হয় 

  


Published by Lokesh Das

Chapter 4 Carbon and its Compound Science . Class 10 Solution for Assamese Medium Student Assamese Science Solution SEBA .

************


Previous Post Next Post