মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম | class 10 social science assamese medium .

দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ড । মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম । class 10 social science assamese medium


মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম



 অতি চমু উত্তৰৰ প্ৰশ্ন :-

১)মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ


২)সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছি?

উত্তৰঃ সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে দক্ষিণ আফ্ৰিকাত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল

 

৩)ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় 'নাইট উপাধি' ত্যাগ কৰিছিল ?

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত 'নাইট উপাধি' ত্যাগ কৰিছিল

 

৪)কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎআন্দোলনৰ সূচনা হৈছিল ?

উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতত খিলাফৎআন্দোলনৰ সূচনা হৈছিল  

 

৫) চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ চৌৰীচৌৰাৰ ঘটনা ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল

 

৬) কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?

উত্তৰঃ লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিছে নিৰ্দয় ভাৱে লাঠি চালনা কৰে,  'ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যু বৰণ কৰে ।

 

৭) কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯২৯ চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত লাহোৰত বহা ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল

 

 

৮)গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডীৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?

উত্তৰঃ গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডীৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত ৩৮৫ কিলোমিটাৰ দূৰত্ব আছিল

 

৯) সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?

উত্তৰঃ সীমান্ত গান্ধী নামেৰে আব্দুল গফুৰ খানক জনা যায়

 

১০) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?

উত্তৰঃ লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল

 

১১) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ?

উত্তৰঃ ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম ৰামজে মেকডোনাল্ড আছিল

 

১৩) আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা নেতাজী সুভাষচন্দ্ৰ বসু ।

 

১৪) 'মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম' এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?

উত্তৰঃ 'মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম' এই বিখ্যাত বাণীটো নেতাজী সুভাষচন্দ্ৰ বসুৰ আছিল

 

১৫) ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেডক্লিফ লাইন নামেৰে জনা যায়

 

১২) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিমশ্লোগান দিছিল ?

উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিমশ্লোগান দিছিল

 More Resours For Class 10 Solutions in Assamese Medium

দীঘল উত্তৰৰ প্ৰশ্নঃ

১) সত্যাগ্ৰহ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা

উত্তৰঃ  সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ শব্দৰে গঠিত । ইয়াৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্য নিষ্ঠা হৈ কাম কৰা । 

                                         বা

সত্যাগ্ৰহ হল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চত কৰণ প্ৰক্ৰিয়া  

                         

(ক) চম্পাৰণত তেওঁ ভূ-স্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল

(খ) খেড়াত, কৃষকসকলৰ খেতিনষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক কৰৰ বিপক্ষে মাত মাতিছিল

(গ) আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে মাত মাতিছিল

   

 

২) ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ?

উত্তৰঃ ২৮ জুন ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সূচনা হৈছিল ǀ এই যুদ্ধত বিশ্বৰ দেশসমূহ দুটা ফৈদত বিভক্ত হৈ এই যুদ্ধত অংশ গ্ৰহণ কৰিছিল তাৰে এটা পক্ষত  আছিল মিত্ৰ শক্তি যত অংশগ্ৰহণকাৰী দেশবোৰ আছিল- ব্ৰিটেইন, ফ্ৰান্স, ৰাচিয়া, জাপান আৰু আনটো পক্ষ আছিল কেন্দ্ৰীয় শক্তি- জাৰ্মানী, অষ্ট্ৰীয়া, হাংগেৰী, ইটালী, বুলগেৰিয়া আৰু অট্টোমান সাম্ৰাজ্য অট্টোমান সম্ৰাজ্য হল- তুৰ্কী সকলে নেতৃত্ব দিয়া কিছুমান ইছলামিক ৰাষ্ট্ৰৰ (ইৰাক, ইজিপ্ত, লেবেনান, পেলেষ্টাইন ইত্যাদি) গোট

 ১২৯৯ খ্ৰীষ্টাব্দত আৰম্ভ হোৱা এই সাম্ৰাজ্য ১৪শ, ১৫শ আৰু ১৬শ শতিকাত প্ৰৱল প্ৰতাপী হৈ উঠিছিল  অট্টমান সাম্ৰাজ্যৰ অধীনত ইছলাম ধৰ্মাম্বলী লোকৰ কেইবাখনো প্ৰবিত্ৰ স্হান অন্তভুক্ত হৈ আছিল খালিফে ইয়াৰ নেতৃত্ব বহন কৰিছিল প্ৰথম বিশ্বযুদ্ধত কেন্দ্ৰীয় শক্তি পৰাজিত হোৱাৰ পিছত মিত্ৰ শক্তিৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰিবলগীয়া হয় শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত মিত্ৰ শক্তিৰ অধীনত থকা অট্টোমান সাম্ৰাজ্যৰ ৰাষ্ট্ৰবোৰ ভাগ ভাগ হৈ পৰে আৰু ইছলাম ধৰ্মৰ নেতা খালিফ ৰ স্হিতি ক্ৰমাৎ দুৰ্বল হৈ পৰে সেই সময়ত গোটেই বিশ্বৰ মুছলমানসকলে নিজৰ পবিত্ৰ স্হানসমূহৰ নিৰাপত্তা আশা কৰি খিলাফৎ আন্দোলন গঢ়ি তুলিছিল মৌলানা চৌকত আলি আৰু মহম্মদ আলিয়ে ১৯১৯ চনত সদৌ ভাৰত মুছলিম সমাবৰ্তন আহ্বানকৰি ভাৰতবৰ্ষৰ ইছলাম ধৰ্মৰ লোকসকলক এই আন্দোলনত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে

 

 

Class 10 History Part All Chapter Solutions .


Published by Lokesh Das

Class 10 Social Science Assamese Medium questions Answer.

CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 SOCIAL SCIENCE SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 SOCIAL SCIENCE HISTORY PART  CHAPTER 2 SOLUTIONS IN ASSAMESE MEDIUM. 

************

 

Previous Post Next Post