মুদ্ৰা আৰু বেংক ব্যৱস্থা | দশম শ্ৰেণীৰ সমাজ বিজ্ঞান অর্থনীতি মুদ্ৰা আৰু বেংক ব্যৱস্থা | Class 10 social science economics chapter 1 Assamese

 মুদ্ৰা আৰু বেংক ব্যৱস্থা |  দশম শ্ৰেণীৰ সমাজ বিজ্ঞান অর্থনীতি মুদ্ৰা আৰু বেংক ব্যৱস্থা |



মুদ্ৰা আৰু বেংক ব্যৱস্থা

 

মুদ্ৰা আৰু বেংক ব্যৱস্থা

 

অনুশীলনী 

 

অতি চমু উত্তৰৰ প্ৰশ্ন-


1. বিনিময় প্ৰথা কি ?

উত্তৰ:- সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হল- বিনিময় প্ৰথা  

        যি ব্যৱস্থাত দ্ৰৱ্যৰ সলনি দ্ৰৱ্যৰ বিনিময় হয় তাকে বিনিময় প্ৰথা বোলে । 

 

2.                মুদ্ৰা কি ?

উত্তৰ:- বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্যসম্পাদন কৰা যিকোনো সামগ্ৰীয়ে মুদ্ৰা । 

 

3.         মুদ্ৰাৰ এটা কাৰ্য উল্লেখ কৰা ǀ

উত্তৰ:- মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে ।

 

4.          অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া ǀ

উত্তৰ:-   অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হল - চেক মুদ্ৰা ǀ

 

5.                প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি ?

উত্তৰ:- ধাতুগত মুদ্ৰাৰ মান বুজাবলৈ কাগজী মুদ্ৰা ব্যৱহাৰ কৰা হয় । যেনে- পূৰ্বতে ১০০ টকাৰ কাগজী মুদ্ৰা ১০০ টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল ǀ এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক (সোণ বা ৰূপৰ প্ৰতিনিধি)বা পৰিবৰ্তনীয় কাগজী মুদ্ৰা বোলে । 

 

6.           বেংক কি  ?

 উত্তৰ:- বেংক এটা অৰ্থনৈতিক বিত্তিয় অনুষ্ঠান, যি ঋণৰ ব্যৱসায় কৰে বেংকে সঞ্চয়কাৰীৰ  পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু  সংগৃহীত সঞ্চয় ঋণ লওঁতা সকললৈ আগবঢ়ায় ǀ ইয়াকে বেংক বুলি কয় । 

 

7.               ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত  হৈছিল ?

উত্তৰ:-  ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত  ১৯৩৫ চনত হৈছিল । 

 

8.         চলিত আমানত কি ?

উত্তৰ:-  চলিত আমানতৰ ক্ষেত্ৰত, বেনকত জমা কৰা ধন  সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে ।


চমু উত্তৰৰ প্ৰশ্ন :-

 1. সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে ?

উত্তৰ:- অভাৱ ৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয় ǀ উদাহৰণস্বৰূপেআৰুদুজন ব্যক্তি ǀই কুহিঁয়াৰ  উৎপাদন কৰে আৰু ধান বিচাৰিছে ; ‘ই ধান উৎপাদন কৰে আৰু কুহিঁয়াৰ  বিচাৰিছে ǀ এই ক্ষেত্ৰতআৰুমাজত অভাৱৰ সংগতি আছে আৰু সেয়েহে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে ǀ যদি  অভাৱৰ সংগতি নাথাকে তেতিয়া দুয়োজনৰ মাজত বিনিময় নহব ǀ উদাহৰণস্বৰূপেআলু বিচাৰিছে তেতিয়াৰ লগত তেওৰ বিনিময় নহ ǀ

 

2.               মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা ?

উত্তৰ:- মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি ǀ সেয়ে মুদ্ৰাৰ সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয় । 

 

3.          মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয় ?

উত্তৰ:- মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে- সাধাৰণ গ্ৰহণযোগ্যতা ǀ

    বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক সকলোৱে গ্ৰহণ কৰে ǀ ই সকলোৰে মাজত পৰিচিত ।

 

4.          মুদ্ৰাৰ তাৰল্য গুণ কি ?

উত্তৰ:- যি কোনো মুদ্ৰা সমমূল্যৰ  সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হোৱা গুণ থকাটোকে  মুদ্ৰাৰ তাৰল্য গুণ বুলি কয় । 

 

5.                মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী’ –বাখ্যা কৰা ǀ

উত্তৰ:-  মুদ্ৰাৰে সকলে বস্তু কিনা-বেছা কৰিব পাৰি । যিমান মূল্যবান বস্তুৱেই হওঁক মুদ্ৰাৰে কিনিব পাৰি । মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মুল্যই হল সামগ্ৰীৰটোৰ দাম । মুদ্ৰাৰে দাম দি বস্তু কিনিব পৰা যায়  মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতায়া মাপ-কাঠী ; কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ।  

6.         সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি ?

উত্তৰ:- সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য হ

 

সসীম বিহিত মুদ্ৰা

অসীম বিহিত মদ্ৰা

1. যি বিহিত মুদ্ৰাৰ সহায়ত কম আৰু  সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি ,সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা ।

যেনে :- কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা ।

1. যি বিহিত মুদ্ৰাৰে বা ব্যৱস্থাৰে অসীম লেন-দেন  কৰিব পাৰি ,সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা ।

যেনে :- চেক মুদ্ৰা ।



7.          আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে ?

উত্তৰ:-   আঞ্চলিক গ্ৰাম্য বেংকৰ মূল দুটা কাম হল -

 

  •  বেপাৰী ,মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাওঁবাসীলৈ অতি কম সুতৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া
  •  গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা

 

8.               অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ ?

উত্তৰ:- অনা বেংক প্ৰতিষ্ঠানসমূহ মাজৰ পাৰ্থক্য 

 

বেংকৰ প্ৰতিষ্ঠাপন

অনা বেংক

1. চেকৰ ব্যৱহাৰ হয় ।

1. চেকৰ ব্যৱহাৰ নহয় ।

2. বীমা আঁচনি থাকে 

2 বীমা আঁচনি নাথাকে । 

3. সঞ্চয়ৰ নিৰাপত্তা থাকে ǀ

3. সঞ্চয়ৰ নিৰাপত্তা নাথাকে |

 

দীঘল উত্তৰৰ প্ৰশ্ন :

1.  বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা বাখ্যা কৰা

উত্তৰ:- ক) সংগতিহীন অভাৱ :

          অভাৱ ৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয় ǀ উদাহৰণস্বৰূপেআৰুদুজন ব্যক্তি ǀ ‘ই কুহিঁয়াৰ উৎপাদন কৰে আৰু ধান বিচাৰিছে ; ‘ই ধান উৎপাদন কৰে আৰু কুহিঁয়াৰ বিচাৰিছে ǀ এই ক্ষেত্ৰতআৰুমাজত অভাৱৰ সংগতি আছে আৰু সেয়েহে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে ǀ যদি  অভাৱৰ সংগতি নাথাকে তেতিয়া দুয়োজনৰ মাজত বিনিময় নহব ǀ উদাহৰণস্বৰূপে-আলু বিচাৰিছে তেতিয়াৰ লগত তেওৰ বিনিময় নহব । 

    খ) হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ :

          বিনিময় প্ৰথাত বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত ǀ প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব ǀ যেনে ১ টা আপেলৰ সমান ৩টা মধুৰিআম কিন্তু আমৰ এই বিনিময় হাৰ কেৱল এটাই যে এটাই হব তাৰো নিশ্চয়তা নাথাকে  ǀ বজাৰত যিমান সামগ্ৰী আছে সিমান সামগ্ৰীৰ বিপৰীতে বিনিময়ৰ হাৰ থাকিব লাগিব ǀ বজাৰলৈ ওলাই যোৱা ব্যক্তি এজনে সেই সকলো বোৰ বিনিময়ৰ হাৰ মনত ৰাখিব লাগিব ǀ সেইয়া অসম্ভৱ কথা সেইবাবে প্ৰতিটো সামগ্ৰীৰ মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় ।  

       (গ)  বিভাজনীয়তাৰ অসুবিধা :

          কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু গোটত ভাগ কৰিব নোৱাৰি ǀ বিনিময় প্ৰথাত এই সামগ্ৰীবোৰে প্ৰক্ৰিয়াটো সম্পাদন কৰাত অসুবিধাৰ সৃষ্টি কৰে ǀ যেনে- এজন মানুহৰ এজনী ছাগলী আছে আৰু তেওঁক এক কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে, তেনে অৱস্হাত ছাগলীজনী সৰু সৰু অংশত ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহব । মুদ্ৰা ব্যৱস্থাত এই অসুবিধা দূৰ হল । 

      ঘ) মূল্যৰ ভাণ্ডাৰৰ অভাৱ

          বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লগা হৈছিল ǀ সামগ্ৰী বোৰ বেছিদিন সাঁচি ৰাখিব নোৱাৰি ,নষ্ট হৈ যায়  সেইবাবে ইয়াৰ অভাৱ হোৱা দেখা যায় । 

 

2.          মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য বাখ্যা কৰা ।

উত্তৰ:-   মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য হৈছে-

ক) মুদ্ৰাৰ সাধাৰণ গ্ৰহণ যোগ্যতা থাকিব লাগে নহলে ই বিনিময়ৰ মাধ্যম হব নোৱাৰে ǀ

 

খ) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হব লাগিব ǀ আন সকলো সাগগ্ৰীতকৈ ই বেলেগ হব লাগিব ǀ মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহলে সামগ্ৰী বেচা কিনাৰ সময়ত জটিলতাই দেখা দিব ǀ

 

গ) মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হব নোৱাৰে ǀ মাছ,কণী, গাখীৰ, ইত্যাদিৰ কোনোটোৱেই মুদ্ৰা হব নোৱাৰে ǀ কাৰণ এইবোৰ সামগ্ৰী বেছি দিন নিটিকে ǀ মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হব লাগিলে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব । 

 

ঘ) মুদ্ৰা তাৰল্য গুণ থাকিব লাগিব ǀ যিকোনো মুদ্ৰা সমসূল্যৰ  সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হলেই মুদ্ৰাৰ তাৰল্য গুণ আছে বুলিব লাগিব বিনিময় প্ৰথাত তাৰল্য গুণ নাথাকে কাৰণ সামগ্ৰী তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে আন সামগ্ৰীলৈ ৰূপান্তৰ হলেও সামগ্ৰীবোৰ বেছি দিন নিটিকে । 


 

3.         মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য বাখ্যা কৰা ǀ

 উত্তৰ:- মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য হৈছে-

ক) বিনিময়ৰ মাধ্যম

          বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল ǀ মুদ্ৰা ব্যৱস্হাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয় ǀ চাউল উৎপাদন কৰা ব্যক্তি এজনে বজাৰত চাউল বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে ।

খ) সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী

          মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মুল্যই হল সামগ্ৰীটোৰ দাম । মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী ,কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ǀ

গ) স্থগিত দেনা পাওনাৰ মানদণ্ড 

       কিছুমান সামগ্ৰী বেচা কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয় ǀ ঋণৰ ক্ষেত্ৰত ঋণ লওঁতাই ঋণ পৰিশোধ কৰোতে সময় লয় ǀ এনেবোৰ ক্ষেত্ৰত ধন আদায় প্ৰক্ৰিয়াটো তৎকালিন নহয়, প্ৰক্ৰিয়াটো স্হগিত কৰি ৰখা হয় ǀ সকলোবোৰ স্হগিত দেনা পাওনাৰ মান মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ǀ

(ঘ) মূল্য ভাণ্ডাৰ

          মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি  

 

4.               চেক এখন মুদ্ৰা নে ? তোমাৰ উত্তৰ সপক্ষে যুক্তি দেখুওৱা ǀ

উত্তৰ:-  চেক এখন মুদ্ৰা হব নোৱাৰে ǀচেকৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে ǀ উদাহৰণস্বৰূপে ব্যক্তি এজনে দোকানৰ পৰা এক কেজি চাউল কিনিছে ǀ এতিয়া মূল্য বা দাম পৰিশোধ কৰাৰ ক্ষেত্ৰত তেওঁ যদি দোকানজনলৈ মূল্যটো লিখি এখন চেক দোকানীজনলৈ আগবঢ়ায় দিয়ে তেন্তে সেই চেকখন দোকানীজনে গ্ৰহণ নকৰিব পাৰে ǀ সেইখন বেংকত দিয়াৰ পিছতহে ধন হাতলৈ আহিব ।

 

5.         মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা বাখ্যা কৰা ǀ

উত্তৰ:- মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা হৈছে-

ক) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ সমস্যাৰ সৃষ্টি হয় মুদ্ৰাৰ মূল্য অৱিৰত ভাৱে কমি গলে মানুহৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিব লগীয়া হয় ǀ

 

খ) মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ আহিলা হব পাৰে ǀইয়াৰ ফলত সমাজত অৰ্থনৈতিক বৈষম্য বৃদ্ধি পাব পাৰে

গ) মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰো অৱক্ষয় ঘটাব পাৰে মুদ্ৰাক লৈ সমাজত দুৰ্নীতি,অনিয়ম,অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি কলে অত্যুক্তি কৰা নহব । 

ঘ) মুদ্ৰাৰ পৰা কলা মুদ্ৰাৰ সৃষ্টি হয় ǀ লা মুদ্ৰা প্ৰকৃততে এক অৰ্থনৈতিক অপৰাধ ǀ এনে বোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয় ।

 

6.          কেন্দ্ৰীয় বেংকেৰ চাৰিটা প্ৰধান কাৰ্য বাখ্যা কৰা

উত্তৰ:- কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য হল-

 

ক) কাগজী মুদ্ৰা ছপা কৰা

          কেন্দ্ৰীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ । বাকী কোনো বেংকেৰ এই অধিকাৰ নাই । 

 

খ) আমানত মুদ্ৰা বা ঋণ পৰিমাণ নিয়ন্ত্ৰণ কৰা

          কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে ǀ কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্হাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকৰ ঋণপ্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে ǀ

 

(গ) বেংক সমূহৰ বেংক

          কেন্দ্ৰীয় বেংকে আন বেংকসমূহৰ হিচাপ নিকাচসমূহ পৰীক্ষা কৰে ǀ কেন্দ্ৰীয় বেংক অন্য বেংকবোৰৰ বাবে বিপদৰ বন্ধু ǀ আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্ৰয়স্থল ।

 

(ঘ) চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা

          বাজেটত ঘাটিয়ে দেখা দিলে  তাক দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা বিত্তীয় সাহাৰ্য লয় ǀ কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি এই সাহাৰ্য আগবঢ়ায় ǀ ই চৰকাৰৰ পৰামৰ্শদাতাও ǀ চৰকাৰৰ আয় নীতি,ৰাজহ নীতি, বাণিজ্য নীতিৰ বিষয়ে কেন্দ্ৰীয় বেংকে পৰামৰ্শ আগবঢ়ায় ǀ চৰকাৰৰ প্ৰতিনিধি হিচাপে সকলো চৰকাৰী আয় ব্যয়ৰ হিচাপ ৰাখে ǀ

 

7.          বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য বাখ্যা কৰা

উত্তৰ:- বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য হল

১/ বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা সঞ্চয় কৰে ।এই সঞ্চয় তিনি প্ৰকাৰৰ (ক) চলিত আমানত (খ) স্থিৰ আমানত (গ)সঞ্চয় আমানত চলিতআমানতত সঞ্চয়কাৰীয়ে নিজৰ সঞ্চিত ধন চেক যোগে যিকোনো সময়তে উলিয়াব পাৰে ।

২/  বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে বেংকৰ সঞ্চয়কাৰীয়ে আৱশ্যক মতে ঋণ লাভ কৰিব পাৰে ।

 

8. তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ লিখা ।

(ক) আই ডি বি আই      

(খ) আঞ্চলিক গ্ৰাম্য বেংক

(গ) কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক

(ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক ।

উত্তৰ:- (ক) আই ডি বি আই (IDBI)- ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক  

 এই বেংকটো ১৯৬৮ চনত স্থাপন কৰা হৈছিল । ইয়াৰ প্ৰধান কাৰ্যাৱলী হল-

(i)                 ঔদ্যোগিক প্ৰতিষ্ঠান সমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা ।

(ii)               ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠান সমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰে ।

(iii)             অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগিক ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়াই ।

(iv)             বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবাহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয় ।


(খ) আঞ্চলিক গ্যাম্যবেংক-১৯৭৫ চনত প্ৰথমতে ৫ টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয় । এই বেংকে সম্পাদন কৰা মূল কাম দুটা হল-

(i)                 গ্ৰাম্যাঞ্চলৰ বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি টকা ধাৰলৈ লোৱা দুখীয়া খেতিয়ক গাওঁবাসীলৈ অতি কম সুদত টকা ধৰলৈ দিয়াত এই বেংকে সহায় কৰে ।

(ii)               দুখীয়া গাওঁবাসীক সঞ্চয়ৰ বাবে উৎসাহ প্ৰদান কৰি, ক্ষুদ্ৰ সঞ্চয়কৰি, সংগ্ৰহ কৰি বিভিন্ন উৎপাদনসূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা ব্যৱস্থা কৰে ।

(গ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক- ১৯৮২ চনতে নাবাৰ্ডৰ (NABARD) স্তাপন কাৰ্য সম্পন্ন কৰা হৈছিল । গ্ৰামাঞ্চলৰঋণ দিয়া কাম-কাজৰ বাবে ৰিজাৰ্ভ বেংকে যিবোৰ কাম-কাজ কৰিচিল এই সমুদায় কাৰ্যাৱলী বৰ্তমান নাবাৰ্ডলৈ হস্তান্তৰ কৰা হৈছে । বৰ্তমান নাৰ্বাডৰ এনে ধৰণৰ-

(i)                 গাওঁ অঞ্চলৰ যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ কামত জড়িত সেই সকলোবোৰ শীৰ্ষ বিত্তীয় যোগানকাৰী প্ৰতিষ্ঠান হল নাবাৰ্ড

(ii)               ঋণ প্ৰদান প্ৰক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা প্ৰশিক্ষণ আদিৰ সুদৃঢ় কৰাৰ বাবে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে ।

(iii)             সকলোবোৰ বিত্তিয় প্ৰতিষ্ঠান, ভাৰতৰ চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক আদিৰ সৈতে নাবাৰ্ডে সমন্বই ৰক্ষা কৰে ।

(ঘ)ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক- ভাৰতৰ সংসদত ১৯৮৯ চনত ছিদবি (SIDBI) আইন খন গৃহীত হয় আৰু ১৯৯০ চনৰ পৰা ছিদবি আইনখন কাৰ্যকৰী কৰিবলৈ হাতত লয় । লক্ষৌ চহৰত ছিদবিৰ মুখ্য কাৰ্যালয় অৱস্থিত কৰা হৈছিল ।

 ছিদবিৰ প্ৰধান কাৰ্যাৱলী হল-

(i)      ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীৰণ কৰী হয় ।

(ii)  ক্ষুদ্ৰ উদ্যোগবোৰত উৎপাদিত সামগ্ৰীৰ বজাৰৰ সুবিধা কৰি দিয়া হয় ।

(iii) সৰু নগৰ এলেকাত হোৱা উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি, গাঁৱৰ পৰা নগৰলৈ হোৱা বহিৰ্গমন ৰোধ কৰাৰ ব্যৱস্থা কৰে ।

(iv)  বেংক, নিগম, উদ্যোগবোৰত অৰ্থ সাহায্য যোগান ধৰাত সহায় কৰে ।



Published by Lokesh Das

************


Previous Post Next Post