অন্যৰ প্ৰতি ব্যৱহাৰ | Class 9 assamese lesson 6 question answer |

অন্যৰ প্ৰতি ব্যৱহাৰ

অন্যৰ প্ৰতি ব্যৱহাৰ  পাঠটিৰ প্ৰশ্ন উত্তৰ । class 9 assamese | অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer নৱম শ্ৰেণীৰ অসমীয়া. Class 9 Assamese medium question answer

    

     1.   () সাৰথি পুথিখন কাৰ ৰচনা ?

উত্তৰঃ   সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা ।

(খ) কি নজনাৰ নিমিত্তে বহুতো মানুহে জীৱনত

   নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ?

উত্তৰঃ  কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সংসাৰত সুখে-সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ ফলত বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ।  

(গ) কোনটো শ্ৰেণীৰ মানুহৰ সত্ৰু সৰহ ?

উত্তৰঃ  আমি আনৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে । কিন্ত নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যতৰ কথা নাভীবি আনৰ লগত কেটেৰা মাৰিহে কথা কয় । সেই শ্ৰেণীৰ  মানুহৰ সত্ৰু সৰহ

(ঘ) সজ ব্যৱহাৰ অনুপাত কি ?

উত্তৰঃ সজ ব্যৱহাৰ অনুপাত হেছে নম্ৰতা

(ঙ) মনত অহঙ্কাৰ ৰাখি নম্ৰ লহলে মানুহক কি কৰা

     হয়?

উত্তৰঃ মনত অহঙ্কাৰ ৰাখি নম্ৰ লহলে মানুহক ছল কৰা হয়।

 

(চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ মিচেই পাতল - ইয়াত

   কোন শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে ? 

উত্তৰঃ যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথ লুকাই ৰাখিব নাজনে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি কোৱা হৈছে

(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?

উত্তৰঃ শঠ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয় ।

(জ) বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা ? 

উত্তৰঃ বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাৰ ৰচনা

 

     2.   চমুকৈ বুজাই লিখাঃ

(ক)ব্যৱাহৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি ?

উত্তৰঃ  আচাৰ ব্যৱহাৰ মানুহৰ জীৱনক এক প্ৰযোজনীয় বিষয়এই সংসাৰত আমি বিভিন্ন ধৰণৰ মানুহৰ লগত সম্বন্ধ পাতিবলগীয়া হয় । সেই বিলাক মানুহৰ ভিতৰত কাৰ সৈতে কেনেকুৱা ব্যৱহাৰ কেনেকৈ চলিলে সুখ-সন্তোষে বাস কৰিব পাৰি তাক আমি জনা উচিত । ইয়াক নজনাৰ ফলত মানুহে সংসাৰত বিভিন্ন ধৰণৰ দুখ –যন্ত্ৰনা ভুগিবলগীয়া হয় । সজ ব্যৱহাৰ সজ চৰিত্ৰ গুম হলেও চৰিত্ৰৰ সজ হলে ব্যৱহাৰ কৰিব নজনাৰ দোষত বিভিন্ন ধৰণৰ আলহি আহুকাল পাবলগীয়া হয়আনহাতে কিছুমান ছল-কপটীয়া লোকে সজ ব্যৱহাৰ কৰি প্ৰিয়ভাজন হোৱাও দেখা যায় ।আমি সকলোৰে লগত সজ ব্যৱহাৰ কৰিব লাগে । গতিকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি আমি কেতিয়াও উলাই কৰি নালাগে । ইয়য়াক আমি মন দি শিকা উচিত ।

(খ) বিনয় ভাবন দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয়

  হৈছে ?

উত্তৰঃ বিনয় মানুহৰ এটা সজ গুণ । বিনয়ে মানুহক মহান কৰে অনাহকত কেটেৰা কিছুমান লোক আছে যিয়ে্ অনৱৰতে খিংখিঙীয়া হৈ থকে আৰু আগ-পাছ নুগুণি সকলোৰে লগত কেটেৰা-জেঙৰা মাৰিহে কথা কয় । এনে ধৰমৰ লোকক কোনেও ভাল নাপায় । এই লোকসকলে নিজ ব্যৱহাৰ গুমে নিজৰ শত্ৰু বঢ়াই লয় ।সেইদৰে দান দিয়াৰ ক্ষেত্ৰতো জ্ঞানীসকলে বিনয়ৰ বিধান দিছে । বিনয় ভাবেৰে দান কৰিলে দান দিয়তো গৰাকীৰ মহ্বত প্ৰকাশ পায় ।

      3.   তাৎপৰ্য ব্যাখ্য কৰাঃ

  (ক) নম্ৰতা সজ ব্যৱহাৰ অনুপাত ।

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অন্তৰ্গত সত্যনাথ বৰাৰ দ্বাৰা ৰচিত অন্যৰ প্ৰতি ব্যৱহাৰ মানৰ পাঠটিৰ উদ্ধৃত কৰ হৈছে

   এই সংসাৰত সুখে-সন্তোষে বসবাস কৰিবলৈ হলে মানুহে সকলোৰে লগত সজ আচৰণ কৰিব লাগে ।

   নম্ৰতা সজ ব্যৱহাৰ অনুপাত বুলি কব পাৰি । দৰবৰ লগত সঠিক পৰিমাণে অনুপাত লসেৱন কৰিলে ই অধিক গুম দিয়ে । সেইদৰে নম্ৰ ব্যৱবাৰেৰে কৰা সজ আচৰণেৰেও আনৰ পৰা সহজে মৰম-ভক্তি আদায় কৰিব পাৰি, দম্ভলি মাৰি কোৱা কথা শুনি কোনেও ভাল নাপায় । সেইবাবে  আনৰ লগত আলাপ-আচৰণ কৰোঁতে  দম্ভালি এৰি নম্ৰ হোৱা উচিত । বহুতে ভাবে যে লোকৰ আগত নম্ৰ হলে নিজক সৰু বা লঘু কৰা হয় । এই কাথা শুদ্ধ নহয় । নম্ৰতা এক প্ৰকাৰ আশয়ৰ চিন বুলি কব পাৰি । নম্ৰ ব্যৱহাৰে মানুহক কাৰো ওচৰত সৰু নকৰে বৰং তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায় । সদায় মানুহে মনেৰে আৰু মুখৰে একে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে


(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অন্তৰ্গত সত্যনাথ বৰাৰ দ্বাৰা ৰচিত অন্যৰ প্ৰতি ব্যৱহাৰ মানৰ পাঠটিৰ উদ্ধৃত কৰ হৈছে ।

   সোণ এবিধ মূল্যৱান ধতু । ইয়াৰ দ্বাৰা আ-অলংকাৰ গঢ়োৱা হয় ।অতি উজ্জ্বল ধাতু । আমি শোণৰ উজ্জ্বলতাক অমান্য কৰিলেও ইয়াক কোনো ক্ষতি কৰিব নোৱাৰে ।

 ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে, মান্যৱন্ত সদৃস

আদৰণীয় । এওঁলোক সদায় আনৰ পৰা মানসন্মান পায়।কিন্তআমাৰ সমাজত এনে কিছুমান লোক আছে যিসকল মান্যৱন্ত লোকৰ গুমবোৰক গ্ৰহম কৰি নোখোজে , তেওঁলোকে মান্য লোকসকলক ছল পালেই অমান্য কৰিব খোজে ইয়াৰ দ্বাৰা  তেওঁলোক পুৰুষালি কতৰা যেন পায় কিন্ত এই লোকসকল ভাবি নাচায় যে সোণৰ মূল্য যিদৰে কোনো কৰণতে কম কৰিব নোৱাৰি সেইদৰে মানযৱন্ত লোকসকলকো অমান্য কৰি তেওঁলোকৰ মূল্য কমাব নোৱাৰি ।



      4.   বিপৰীত শব্দ লিখাঃ

সুখ; সন্তোষ; সজ; চৰিত্ৰৱন্ত; কপটীয়া; মিঠা; বিনয়; নম্ৰতা; লঘু; উচ্চ; নিন্দা; গুপ্ত; দোষ; গহীন; আঢ্যৱন্ত l

উত্তৰঃ

শব্দ

অৰ্থ

সুখ

দুখ

সন্তোষ

অসন্তোষ

সজ

অসজ

চৰিত্ৰৱন্ত

চৰিত্ৰহীন

কপটীয়া

অকপটীয়া

মিঠা

তিতা

বিনয়

অহংকাৰ

নম্ৰতা

কঠোৰতা

লঘু

গুৰু

উচ্চ

নীচ

নিন্দা

প্ৰশংসা

গুপ্ত

প্ৰকাশ

দোষ

গুণ

গহীন

পাতলা

আঢ্যৱন্ত

দুখীয়া

      5.   বাক্য ৰচনাঃ

চকুৰ কুটা; পেটত কথা ৰাখ্ ।

উত্তৰঃ

চকুৰ কুটাঃ এই সৰু কথাটোৰ বাবে কাজিয়াখন কৰি দুয়ো চকুৰ কুটা হ’ব লাগেনে?

পেটত কথা ৰাখ্ঃ পাতল স্বভাৱৰ লোকে গুপ্ত কথা পেটত ৰাখিব নোৱাৰে ।



Published by Abhiman Das

************


Previous Post Next Post