SEBA Class 9 Advanced Geography
Chapter 4 Solution in Assamese Medium.
জনবসতি চতুৰ্থ অধ্যায় ভূগোল নৱম শ্ৰেণী ।
জনবসতি
প্ৰশ্নাৱলী
1. ‘জন-বসতি’ বুলিলে
কি বুজা? ইয়াৰ
সৃষ্টি আৰু বিকাশ সম্পৰ্কে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ জনবসতি
বুলিলে মানুহৰ দ্বাৰা জীৱন নিৰ্বাহৰ বাবে সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ
ঠাইকে বুজা হয় । বিশ্বাস কৰা হয় যে আজিৰ পৰা প্ৰায় ১২ হাজাৰ বছৰ আগতে স্থায়ী কৃষকাৰ্যৰ
আৰম্ভণি আৰু উদ্ভিদ-প্ৰাণীৰ ঘৰচীয়াকৰণৰ লগতে জনবসতি প্ৰক্ৰিয়াৰো আৰম্ভণি হৈছিল ।
ইয়াৰ পূৰ্বে মানুহে স্থায়ী আবাস বা আশ্ৰয়ৰ অভাৱত অঘৰী জীৱন কটাইছিল । কিন্ত জ্ঞানৰ
ক্ৰমবিকাশৰ লগে লগে মানুহে প্ৰাকৃতিকভাৱে অনুকুলীয় পৰিৱেশৰ ঠাইসমূহত স্থায়ীভাৱে
বসবাস কৰিবলৈ আৰম্ভ কৰে । ঠাই এখনত জলবসতিৰ সৃষ্টি আৰু বিকাশ ঠাইখনৰ সাৰুৱা ভূমি,
পানী, বনজ তথা খনিজ সম্পদসমূহৰ দ্বাৰা বাৰুকৈ প্ৰভাৱান্বিত হয়। এইটো অনস্কীকাৰ্য
যে জনবসতিৰ বৃদ্ধি আৰু বিকাশ পানীৰ উপলদ্ধতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত । বেছিভাগ
জলবসতিয়ে সহজে আৰু পৰ্যাপ্ত পৰিমাণে পানী উপলদ্ধ হোৱা অঞ্চলসমূহত গঢ়ি উঠে । এই
কাৰণতে পৃথিৱীৰ প্ৰায়ভাগ প্ৰাচীন সভ্যতাই নদীৰ কাষত গঢ়ি উঠিছিল । তাৰ ভিতৰত ইউফ্ৰেটিছ
আৰু টাইগ্ৰিছ নদীৰ পাৰৰ মেছ’প’টেমীয়া সভ্যতা, নীল নদীৰ পাৰৰ ইজিপ্তীয় সভ্যতা,
হোৱাংহো নদীৰ পাৰৰ চীনদেশীয় সভ্যতা আৰু ভাৰতৰ সিন্দু সভ্যতা নদীৰ পাৰৰ সিন্দু
সভ্যতা আদি বিশেষভাৱে উল্লেখযোগ্য ।
আনহাতে কিছুমান সময়ত বনজ তথা খনিজ সম্পদৰ দৰে
প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ অঞ্চলসমূহত পানীৰ অবিহনেও জনবসতি গঢ়ি উঠা দেখা যায় ।
এইবোৰ অঞ্চললৈ দূৰৈৰ পৰা বৃহৎ নলী বা নলাৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰা হয় । ইয়াৰোপৰি
কৃষিভূমিৰ উপলদ্ধতাইও জনবসতিৰ সৃষ্টি আৰু বিকাশত বৰঙণি যোগায় ।উদাহৰণস্বৰুপে, ইউৰোপৰ
কৃষকসকলে কৃষিৰ বাবে উপযোগী সমান ঠাইহে বসবাসৰ বাবে নিৰ্মান কৰিছিল । আনহাতে
দক্ষিণ-পূব এছিয়ালৈ প্ৰব্ৰজন কৰা মংগোলীয়সকলে ধান খেতিৰ বাবে অনুকুল হোৱাৰ কাৰণে নদীৰ
উপত্যকা আৰু সাগৰীয় উপকূলীয় অঞ্চলসমুহকহে বসতিৰ বাবে আগ্ৰাধিকাৰ দিছিল ।এইদৰে
পানী, কৃষিভূমি, বানপানীৰ সম্ভাৱনাবিহীন উচ্চভুমি, প্ৰয়োজনীয় গৃহ নিৰ্মানৰ উপযোগী
সামগ্ৰী, অনুকুল জলবায়ু, বেপাৰ-বাণিজ্যৰ সুবিধা আদিৰ দৰে কাৰকসমূহে সম্পদসমূহৰ
লগতে উন্নত যাতায়াত তথা যোগাযোগ ব্যৱস্থা আদিৰে চহকী অঞ্চলবোৰত জনবসতি ক্ষিপ্ৰগতিত
সম্প্ৰসাৰিত হোৱা দেখা যায় । তদুপৰি ঠাই এখনত বাস কৰা লোকসকলৰ প্ৰচলিত ধৰ্মীয় আৰু
আৰ্থ-সামাজিক ৰীতি-নীতিয়েও মানুহক বসতিৰ বাবে ঠাই বাছনি কৰাত যথেষ্ট প্ৰভাৱান্বিত
কৰে ।
2. ‘বসতি ভূগোল’ কাক
বোলে? ইয়াৰ মূল বিষয়বস্ত সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ ভূগোলৰ যি শাখাত মানুহৰ বসতি, বসতিৰ বিস্তাৰ
আৰু ইয়াৰ লগত জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহৰ অধ্যয়ন কৰা
হয় তাকে বসতি ভূগোল বোলে। ই হ’ল শেহতীয়াভাৱে উদ্ভৱ হোৱাতথা মানৱ বসতিৰ
বিভিন্ন বিষয়বস্তৰে পৰিৱেষ্টিত মানৱ ভূগোলৰ এটা প্ৰধান শাখা । পৃথিৱী বিখ্যাত
জাৰ্মান ভূগোলবিদ কাৰ্ল ৰিটাৰক বসতি ভূগোলৰ জন্মদাতা বুলি কোৱা হয় । অৱশ্যে
জনবসতিৰ অধ্যয়ন পদ্ধতিটো ৰিচাৰ্ড হাৰ্টশ্ব’ৰ্ণ নামৰ এজন ভূগোলবিদে উদ্ভাৱন কৰিছিল ।
ইয়াৰ মূল বিষয়বস্ত হ’লঃ
(i)
উপাদানভিক্তিক অধ্যয়নঃ ইয়াৰ
ভিতৰত বসতিৰ অৱস্থান, আকাৰ-আকৃতি ক্ৰিয়াকলাপ আদিক সামৰি লোৱা হয় ।
(ii)
অঞ্চলভিক্তিক অধ্যয়নঃ ইয়াৰ
ভিতৰত বসতিৰ জন্ম আৰু বিকাশ, আকৃতিৰ পৰিৱৰ্তন, বিস্তাৰ, বিতৰণ, প্ৰতিৰুপ আৰু প্ৰকাৰ,
বৈশিষ্ট্য আৰু স্থানিক পাৰ্থক্য আদিক সামৰি লোৱা হয় ।
এই
ক্ষেত্ৰত আমি ক’ব পাৰো
যে বসতি ভূগোলৰ অধ্যয়নে প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক প্ৰতিফলিত কৰাৰ
উপৰি ই মানুহৰ প্ৰচলিত ধৰ্মীয় আৰু সামাজিক ৰীতি-নীতিৰো আভাস দিয়ে । অৰ্থাৎ বসতি
ভূগোলৰ অধ্যয়ন পৰিসৰ এটা জুপুৰি ঘৰৰ পৰা আকাশলংঘী অট্টালিকা পৰ্যন্ত হৈ আছে ।
3. উদাহৰণসহ
জন বসতিৰ শ্ৰেণী বিভাজন দাঙি ধৰা ।
উত্তৰঃ আৰ্হি,
গঠন আৰু জনবসতিৰ বৃত্তিৰ ওপৰত ভিক্তি কৰি জনবসতিক তলত উল্লেখ কৰা ধৰণে
শ্ৰেণীবিভক্ত কৰিব পাৰি ।
(i)
জনবসতিৰ বৃত্তি বা জীৱিকাৰ
ভিত্তিতঃ
(ক) গ্ৰাম্য বসতিঃ গাঁওসমূহ ।
(খ) নগৰীয়া বা পৌৰ বসতিঃ
চহৰ-নগৰ, মহানগৰ, নগৰপুঞ্জ ।
(ii)
আৰ্হি বা আকাৰৰ ভিক্তিতঃ
(ক) বিৰল বা সিঁচৰিত বসতিঃ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষিবলয় ।
(খ) কেন্দ্ৰীভূত বসতিঃ মুম্বাই,
কলিকতা, আদিৰ দৰে মহানগৰসমূহ ।
(iii)
ইয়াৰোপৰি কেন্দ্ৰীভূত বসতিক আকৌ
বিভিন্ন কাৰকৰ ওপৰত ভিক্তি কৰি কেইবাটাও শাখাত বিভক্ত কৰিব পাৰিঃ
(ক) আয়তক্ষেত্ৰাকাৰ বসতিঃ
গংগা-শতদ্ৰু সমভূমি অঞ্চল ।
(খ) ৰৈখিক বসতিঃ গংগা-যমুনা
সমভূমি ।
(গ) বৃত্তাকাৰ বসতিঃ হ্ৰদ আৰু
পুখুৰীৰ চৌকাষে ।
(ঘ) তৰাৰুপী বসতিঃ বাট-পথৰ মুখ্য
সংযোগস্থল ।
(ঙ) ত্ৰিভুজাকৃতিৰ বসতিঃ প্ৰধান
নদীসমূহৰ সংগমস্থল ।
4. গ্ৰাম্য আৰু পৌৰ বসতি বুলিলে কি বুজা ? এনে বসতিৰ
মাজত থকা বৈশিষ্ট্যগত পাৰ্থক্যসমূহ লিখা ।
উত্তৰঃ কৃষি কাৰ্যকে প্ৰধান জীৱিকা হিচাপে গ্ৰহণ কৰি গাঁও অঞ্চলত গঢ়ি উঠা জনবসতিকে গ্ৰাম্য বসতি বুলি কোৱা হয় । আনহাতে, প্ৰধানকৈ বেপাৰ-বাণিজ্য আৰু বিভিন্ন চাকৰিজীৱি লোকসকল লৈ নগৰ অঞ্চলত গঢ়ি উঠা বসতিকে পৌৰ বসতি বুলি কোৱা হয় । এই দুয়ো ধৰণৰ বসতিৰ মাজত থকা প্ৰধান বৈশিষ্ট্যগত প্ৰাৰ্থক্যসমূহ হ’লঃ
ক্ৰমিক
নং |
পাৰ্থক্যৰ
ভিক্তি |
বিৰল বসতি |
কেন্দ্ৰীভূত বসতি |
(i) |
অৰ্থ |
অঞ্চল
এটাত একেবাৰে পাতলকৈ বা সিঁচৰিত হৈ বাস কৰা জনবসতি। |
অঞ্চল এটাত ওচৰা-ওচৰিকৈ থূপ খাই বাস কৰা
জনবসতি । |
(ii) |
পৰিলক্ষিত
হোৱা স্থান |
কৃষিপ্ৰধান
অঞ্চলসমূহত । |
পৌৰ অঞ্চলসমূহত। |
(iii) |
গঠন |
একপ্ৰকাৰৰ
বসতিৰে গঠিত । |
বিভিন্ন প্ৰকাৰৰ বসতিৰে গঠিত । যেনেঃ আয়তক্ষেত্ৰকাৰ বসতি, ৰৈখিক |
(iv) |
জনসংখ্যা |
জনসংখ্যাৰ
আকাৰ সৰু । |
জনসংখ্যাৰ আকাৰ বৃহৎ |
5. বিৰল
বসতি আৰু কেন্দ্ৰীভূত বসতিৰ মাজত থকা মূল পাৰ্থক্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ বিৰল বসতি
আৰু কেন্দ্ৰীভূত বসতিৰ মাজত থকা মূল পাৰ্থক্যসমূহ হ’লঃ
ক্ৰমিক নং |
পাৰ্থক্যৰ ভিক্তি |
গ্ৰাম্য বসতি |
পৌৰ বসতি |
(i) |
জীৱিকা |
কৃষিকাৰ্য, মাছ ধৰা, কাঠ কটা, খনিত
কাম কৰা, কুটীৰ উদ্যোগ ইত্যাদি। |
শিল্প, বেপাৰ-বাণিজ্য আৰু চাকৰি । |
(ii) |
গৃহ |
থলুৱা বা পৰম্পৰাগত আৰু
সৰল আৰ্হিৰ হয়। |
আধুনিক, বৃহৎ আৰু ওখ অট্টালিকা আৰ্হিৰ হয় । |
(iii) |
বসতি |
বিক্ষিপ্ত বসতি । |
কেন্দ্ৰীভূত বসতি। |
(iv) |
সম্বন্ধ |
বাসিন্দাসকলৰ মাজত ওচৰ
সম্বন্ধ থাকে । |
বাসিন্দাসকলৰ মাজত ওচৰ
সম্বন্ধ নাথাকে । |
(v) |
যাতায়াত |
যাতায়াত ব্যৱস্থা
সাধাৰণতে সুচল নহয় । |
যাতায়াত ব্যৱস্থা সূচল
হয় । |
(vi) |
ভূমিদৃশ্য |
প্ৰাকৃতিক আৰু পৰিৱেশ
অনুকূলীয়। |
মানৱসৃষ্ট আৰু কৃত্ৰিম
। |
(vii) |
অনান্য সুবিধা |
অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসায়-বাণিজ্যৰ সা-সুবিধা আদি কম । |
অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসায়-বাণিজ্যৰ সা-সুবিধা আদি অধিক । |
6. উদাহৰণ
আৰু চিত্ৰসহ কেন্দ্ৰীভূত বসতিৰ অন্তৰ্গত বসতিসমূহৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
আৰ্হি বা আকাৰৰ ভিত্তিত কেন্দ্ৰীভূত বসতিক তলত উল্লেখ কৰা শ্ৰেণীসমূহত বিভক্ত কৰিব
পাৰিঃ
(i) আয়তক্ষেত্ৰাকাৰ বসতিঃ পোন ৰাস্তা-ঘাটটোৱে ইটোৱে সিটোক সমকোণত কটাকটি কৰা অঞ্চল এটাত আয়তক্ষেত্ৰৰ আকাৰত গঢ়ি উঠা জনবসতিকে আয়তক্ষেত্ৰাকাৰ বসতি বুলি কোৱা হয় । এনে ধৰণৰ বসতি প্ৰধানকৈ বিস্তৃত সাৰুৱা সমভূমি অঞ্চলসমূহত গঢ়ি উঠে । উদাহৰণস্বৰুপে- গংগা-শতদ্ৰু সমভূমি অঞ্চল । সাধাৰণতে যেতিয়া এখন মহানগৰত বসতিৰ আৰ্হি সু-পৰিকল্পিতভাৱে গঢ়ি তোলা হয়, তেতিয়া আয়তক্ষেত্ৰাকাৰ আৰ্হি অনুসৰণ কৰা হয় । ভাৰতৰ চণ্ডীগড়, গান্ধীনগৰ আদিৰ দৰে পৰিকল্পিত মহানগৰত গঢ়ি উঠা বসতিও আয়তক্ষেত্ৰাকাৰ ।জাৰ্মানী, মালয়েছীয়া, ইজৰাইল, ফ্ৰান্স আদিৰ দৰে উন্নত দেশসমূহৰ প্ৰায়বোৰ পৰিকল্পিত মহানগৰতে আয়তক্ষেত্ৰাকাৰ বসতি পৰিলক্ষিত হয় ।
(ii) ৰৈখিক বসতিঃ ৰাস্তা-ঘাট আৰু ৰে’লপথৰ দুয়োকাষে, নদী বা জলসিঞ্চন নলা আদিৰ পাৰত পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা বা সাগৰীয়া উপকূলীয় অঞ্চল আদিত দীঘলীয়াকৈ গঢ়ি উঠা বসতিকে ৰৈখিক বসতি বুলি কোৱা হয় । এই ধৰণৰ বসতি ভাৰতৰ মধ্য আৰু নিম্ন হিমালয় অঞ্চলৰ নদী উপত্যকা আৰু গংগা-যমুনা সমভূমিত থকা ৰাস্তা-ঘাটসমূহৰ কাষে কাষে দেখা যায় ।
(iii) বৃত্তাকাৰ বসতিঃ হ্ৰদ, বিল নাইবা ডাঙৰ পুখুৰী আদিৰ ঘৰ-দুৱাৰ নিৰ্মাণ কৰি ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰাকে বৃত্তাকাৰ বসতি বুলি কোৱা হয়। উদাহৰণস্বৰুপে, মাছমৰীয়া সম্প্ৰদায়সমূহে প্ৰায় হ্ৰদ বা বিল আদিৰ ওচৰত এনে গঢ়ি তোলে নিমখ আহৰণকাৰী লোকসকল লুণীয়া পানীৰ হ্ৰদৰ চাৰিওফালে এনে বসতি স্থাপন কৰে । বৃহৎ ঔদ্যোগগিক অঞ্চলৰ চাৰিওফালেও ঘূৰণীয়াকৈ এনে বসতি গঢ়ি উঠা দেখা যায় ।
(iv) তৰাৰুপী বসতিঃ কিছুমান ঠাইত কেইবা দিশৰ পৰা আহি সংলগ্ন হোৱা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতি গঢ়ি উঠে, তাকে তৰাৰুপী বসতি বুলি কোৱা হয় । এই ধৰণৰ বসতি সমভূমি অঞ্চলৰ ৰাস্তাসমূহৰ সংলগ্নস্থলত দেখা যায় । এনে বসতিৰ প্ৰধান বৈশিষ্ট্য হ’ল যে ই ৰাস্তাসমূহৰ এটা গুৰুত্বপূৰ্ণ সংযোগ কেন্দ্ৰৰ পৰা আৰম্ভ হৈ ৰাস্তাৰ কাষে কাষে কেইবাটাও দিশলৈ সম্প্ৰসাৰিত হয় ।
(v) ত্ৰিভূজাকাৰ বসতিঃ দুখন বৃহৎ নদূৰ সংগমস্থলত পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলদ্ধতাক কেন্দ্ৰ কৰি ত্ৰিভূজ আকৃতিৰ জনবসতি গঢ়ি উঠে, তাকে ত্ৰিভূজাকাৰ বসতি বুলি কোৱা হয় । উত্তৰ ভাৰতৰ নদী গঠিত সমভূমি অঞ্চল তথা পৰ্বত-পাহাৰৰ নামনি অঞ্চলৰ বোঁৱতী নদীৰ সংগমস্থলত এনে ধৰণৰ বসতি পৰিলক্ষিত হয় ।
7. নগৰীয়
বসতিৰ সৃষ্টি আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ আৰম্ভণিতে
প্ৰায়বোৰ বসতিয়ে গাঁও হিচাপে সৃষ্টি হয়। সি যি নহওক, কোনো ঠাইত সাৰুৱা ভূমি, সমতল
ভূমি পানী, গৃহ নিৰ্মাণৰ সামগ্ৰী, সুবিধাজনক যাতায়াত ব্যৱস্থা, সুৰক্ষা ব্যৱস্থা, নিৰ্দিষ্ট,
কিছুমান অনুকুলীয় আৰ্থ-সামাজিক তথা ধৰ্মীয় অৱস্থাৰ উপলদ্ধতাৰ বাবে গঢ়ি উঠা
গাঁওসমূহেই ক্ৰমাগতভাৱে সকলো দিশতে লাভ কৰি নগৰলৈ ফন্নীত হয়। কেতিয়াবা কিছুমান
ৰাজনৈতিক বিকাশেও গাঁওসমূহ সৰু চহৰলৈ ৰুপান্তৰ হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগায়, যিবোৰ
পিছলৈ মহানগৰ আৰু অতি মহানগৰ গা গনৰপুঞ্জলৈ উন্নীত হয় ।
যেতিয়াই
মানৱ সভ্যতা বিস্তৃত হ’বলৈ
ধৰে ই কেৱল চহৰ অঞ্চলকে প্ৰভাৱান্বিত নকৰে, ই চহৰাঞ্চলৰ নিকটৱতী, গাঁও অঞ্চলসমূহকো
লোকসকলৰ কাৰ্যকলাপৰ পৰিৱৰ্তন হ’বলৈ
ধৰে। কেতিয়াবা গাঁও এখনৰ কোনো এক বিশেষ সুবিধা তথা অৱস্থানে গাঁওখনক কৃষিভিক্তিক
বসতিৰ পৰা এখন ব্যৱসায়-ভিক্তিক নগৰলৈ ৰুপান্তৰ কৰে । ঠিক সেইদৰে, গাঁও এখনৰ কাষত
মূল্যবান খনিজ সম্পদ আদিৰ সন্ধান ওলালে গাঁওখন ক্ৰমে উদ্যোগিক নগৰীলৈ ৰুপান্তৰ হ’ব পাৰে ।
ৰাস্তা-ঘাট
তথা যাতায়াত ব্যৱস্থাৰ দ্ৰুত উন্নতিয়েও গ্ৰাম্য অঞ্চল এটাক এখন সৰু নগৰলৈ পৰিৱৰ্তন
কৰিব পাৰে । সাগৰৰ উপকূলত অৱস্থিত এখন মাছমৰীয়া গাঁও কালক্ৰমত এটা সৰু মৎস্য ব্যৱসায়
কেন্দ্ৰলৈ ৰুপান্তৰ হ’ব
পাৰে । উল্লেখযোগ্য যে কোনো এখন গাঁৱৰ কেৱল জনসংখ্যা বৃদ্ধি পালেই গাঁওখনে নগৰ
হিচাপে স্বীকৃতি নেপায়, যেতিয়া গাঁওখনত ব্যৱসায়-বাণিজ্য, শিল্প-উদ্যোগ আৰু চাকৰি
আদিৰ বিকাশ হয় তেতিয়াহে গাঁওখনক এখন নগৰৰ আখ্যা দিয়া হয় ।
নগৰৰ
অভ্যূদয় আৰু বিস্তাৰৰ বাবে উপযুক্ত অৱস্থান, পানীৰ ব্যৱস্থা, ভাল যাতায়াত ব্যৱস্থা,
ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণৰ সুবিধা, শিল্প-উদ্যোগৰ বিকাশ, বিত্তীয়
অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ সুবিধাৰ লগতে নগৰ এখনৰ বিভিন্ন প্ৰয়োজনসমূহৰ ব্যৱস্থা
কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ জনসংখ্যা অৱশ্যক । এইটো
সত্য যে নগৰ এখনৰ চৌদিশে পৰিৱেষ্টিত জনপূৰ্ণ অঞ্চলটোৰ লগত স্থাপিত সম্পৰ্কৰ ওপৰতে
নগৰখনৰ সামগ্ৰীক বিকাশ আৰু বিস্তাৰ নিৰ্ভৰ কৰে । বহুটো নগৰৰ একোটা বিশেষ কাৰ্য
সম্পাদনৰ বাবে সৃষ্টি হয় । ইয়াৰ অন্তৰ্গত প্ৰশাসনিক, প্ৰতিৰক্ষাত্মক, ঔদ্যোগিক,
বাণিজ্যক আৰু সাংস্কৃতিক কাৰ্য সাঙুৰিব পাৰি এই কাৰ্যসমূহৰ পৰিসৰ বৃদ্ধি পালে ইয়াৰ
লগত বিশেষভাৱে জড়িত চহৰসমূহৰো সম্প্ৰসাৰণ ঘটে ।
8. উদাহৰণসহ
প্ৰাকাৰ্যৰ ভিক্তিত নগৰসমূহক বিভক্ত কৰা ।
উত্তৰঃ প্ৰাকাৰ্য
বা কাৰ্যকাৰিতাৰ ভিভক্ত নগৰসমূহক কিছুমান বিশেষ শ্ৰেণীত বিভক্ত কৰা হয় কাৰণ
প্ৰায়বোৰ নগৰেই সাধাৰণতে একোটা বিশেষ কাৰ্য সম্পাদান কৰাৰ বাবে গঢ়ি উঠে । তলত
প্ৰাকাৰ্য কাৰ্যকাৰিতাৰ ভিক্তিত নগৰসমূহ এনে শ্ৰেণীবিভাগ উদাহৰণসহ উল্লেখ কৰা হ’লঃ
ক্ৰমিক নং |
কাৰ্যকাৰিতা |
শ্ৰেণী বা আখ্যা |
উদাহৰণ |
(i) |
বহু কাৰ্যকাৰিতা (প্ৰধানকৈ ব্যৱসায়, শিল্প
উদ্যোগ) |
ব্যৱসায়িক মহানগৰ |
কলকাতা, মুম্বাই, গুৱাহাটী ইত্যাদি। |
(ii) |
প্ৰশাশনিক কাৰ্যকাৰিতা |
প্ৰশাসনিক মহানগৰ |
গান্ধীনগৰ, চণ্ডীগড় ইত্যাদি। |
(iii) |
প্ৰতিৰক্ষামূলক কাৰ্যকাৰিতা |
প্ৰতিৰক্ষা মহানগৰী |
কানপুৰ, পুনে, চেন্নাই ইত্যাদি। |
(iv) |
পাৰ্বত্য-স্বাস্থ্য পৰ্যটন ভিক্তিক
কাৰ্যকাৰিতা |
পৰ্যটন মহানগৰী |
মুছৌৰী, দাৰ্জিলিং, শ্বিলং ইত্যাদি। |
(v) |
ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যকাৰিতা |
ধৰ্মীয় বা সাংস্কৃতিক নগৰী |
বাৰাণসী, পুৰী, ঋষিকেশ ইত্যাদি। |
(vi) |
সামুদ্ৰিক বন্দৰ ভিক্তিক কাৰ্যকাৰিতা |
বন্দৰ নগৰী |
হালধীয়া, পাৰাদ্বীপ |
(vii) |
ঔদ্যোগিক কাৰ্যকাৰিতা |
ঔদ্যোগিক নগৰী |
জামছেদপুৰ, ভিলাই, বোকাৰো ইত্যাদি। |
(viii) |
শিক্ষামূলক কাৰ্যকাৰিতা |
শিক্ষা-নগৰী |
অ’ক্সফ’ৰ্ড
আৰু কেম্ ব্ৰিজ মহানগৰ |
9. ‘বসতি
শ্ৰেণীক্ৰম’ বুলিলে
কি বুজা? এই সম্পৰ্কে উদাহৰণ আৰু চিত্ৰসহ চমুকৈ লিখা।
উত্তৰঃ গ্ৰাম্য
আৰু পৌৰ সকলোধৰণৰ বসতিক আকাৰ অনুসৰি সৰুৰ পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱাক
বসতি শ্ৰেণীক্ৰম বুলি কোৱা হয় । এই শ্ৰেণীক্ৰমৰ একেবাৰে নিম্নস্তৰত দুই-এক সিঁচৰিত
কৃষিক্ষেত্ৰিকা ভিক্তিক বাসগৃহ আৰু শীৰ্ষস্তৰত নগৰ নাথাকে । অৰ্থাৎ, এই
শ্ৰেণীক্ৰমত সাধাৰণতে গ্ৰাম্য পৰ্যায়ত কৃষিক্ষেত্ৰিকা ভিক্তিক বাসগৃহৰ পৰা আৰম্ভ
কৰি ক্ৰমে চুবুৰী আৰু গাঁৱলৈ, আনহাতে পৌৰ পৰ্যায়ত নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে
মহানগৰ, নগৰপুঞ্জ আৰু সৰ্ব্বোচ্চ স্থানত নগৰ সংহতি পোৱা যায়।
বসতি শ্ৰেণীক্ৰমত বসতিসমূহৰ পৰ্যায় বৃদ্ধিৰ লগে লগে কাৰ্যকাৰিতা, সা-সুবিধা, স্থানিক পৰিসৰ আৰু বসতিৰ জনসংখ্যাৰ আকাৰতো তাৰতম্য দেখা যায় । আকৌ নিম্নস্থৰৰ পৰা পৰ্যায়ক্ৰমে শীৰ্ষস্তৰলৈ বসতিৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হয় । অৰ্থাৎ, গাঁৱৰ সংখ্যাৰ তুলনাত নগৰৰ সংক্যা বা নগৰৰ তুলনাত মহানগৰৰ সংখ্যা যথেষ্ট কম হয় । এখন মহানগৰ বা নগৰপুঞ্জৰ জনসংখ্যা নগৰ এখনৰ জনসংখ্যাতকৈ বহু বেছি হয় । উদাহৰণস্বৰুপে, ২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ এখন নগৰৰ মুঠ জনসংখ্যা ৫ হাজাৰ হোৱাৰ বিপৰীতে দেশৰ সৰ্ববৃহৎ মহানগৰ মুম্বাইৰ জনসংখ্যা আছিল ১৬ নিযুত । আনহাতে অসমৰ ক্ষেত্ৰত সৰ্ববৃহৎ মহানগৰী গুৱাহাটীৰ মুঠ জনসংখ্যা আছিল ৯ লাখ, তাৰ বিপৰীতে ৰাজ্যখনৰ ১২৫ খন নগৰৰ ভিতৰত মহানগৰ পৰ্যায়ৰ কেৱল ৭ খন মহানগৰতহে ১ লাখতকৈ অধিক জনসংখ্যা আছিল ।
10. গ্ৰাম্য
আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ গ্ৰাম্য
আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ আৰ্হিৰ ক্ষেত্ৰত যথেষ্ট্য পাৰ্থক্য দেখা যায় ।
গ্ৰাম্য বসতি প্ৰধানকৈ কৃষিকাৰ্য, পশুপালন, কাঠফলা, খৰি কটা, খনিজ সম্পদ আহৰণ আদিৰ
দৰে জীৱিকাসমূহৰ লগত জড়িত হোৱাৰ বাবে গ্ৰাম্য বসতিত ভূমিৰ ব্যৱহাৰ নগৰৰ তুলনাত
লেহেমীয়া হয় । আনহাতে গাঁৱৰ তুলনাত নগৰবোৰত যাতায়াত, বজাৰ, আমোদ-প্ৰমোদ আদিৰ
সুবিধা বেছিকৈ থকা বাবে নগৰ অঞ্চলত সাধাৰণতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আৰু ঘনত্ব অধিক
হয় । যাৰ ফলত নগৰ অঞ্চলত ভূমি আৰু বাসগৃহৰ অভিলম্বীয় প্ৰসাৰ, ভূমিৰ ব্যৱহাৰ আদি
গ্ৰাম্য অঞ্চলতকৈ দ্ৰুত হয় ।সাধাৰণতে নগৰ অঞ্চলৰ পৰা যিমানে আঁতৰলৈ যোৱা হয় সিমানেই
জনসংখ্যাৰ ঘনত্ব, ভূমিৰ মূল্য, শিক্ষাৰ হাৰ, যাতায়াতৰ সুবিধা, বিভিন্ন
আৰ্থ-সামাজিক কাৰ্যৰ বহুমুখিতা আদি হ্ৰাস পায় । সামগ্ৰিকভাৱে গাঁও অঞ্চলৰ
ভূমিদৃশ্য বেছি প্ৰাকৃতিক আৰু ইয়াৰ বাসিন্দাৰ কাৰ্যকলাপৰো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল
হয় । আনহাতে, নগৰ অঞ্চলৰ ভূমি দৃশ্য মানৱসৃষ্ট আৰু বৈশিত্ৰ্যময় ।
চি.এ.
ডক্সিয়াডিছ নামৰ ভূগোলবিদগৰাকীয়ে ব্যৱহাৰ কৰা তলত উল্লিখিত পদ্ধতিৰ দ্বাৰা আমি
গ্ৰাম্য আৰু পৌৰ অঞ্চলৰ ভূমি ব্যৱহাৰৰ আৰ্হিক ভালদৰে বুজিব পাৰো ।
জনবসতি
এটা চাৰিটা উপাংশৰে গঠিত-
(i)
সমাংগ অংশ
(ii)
কেন্দ্ৰীয় অংশ
(iii)
পৰিসংচাৰি অংশ আৰু
(iv)
বিশেষ অংশ
গ্ৰাম্য
বসতিৰ ক্ষেত্ৰত সাধাৰণতে সমাংগ অংশটো কৃষিভূমিৰে গঠিত হয় ।
ঘৰ-দুৱাৰ
আদিৰে কেন্দ্ৰীয় অংশ, আলিবাট আদিৰে পৰিসংচাৰি অংশটো আৰু মন্দিৰ, স্কুল নাইবা অন্য
কোনো সামাজিক বা আৰ্থিক অনুষ্ঠানৰ দ্বাৰা বিশেষ অংশটো গঠিত হয় । আনহাতে, নগৰীয়া বা
পৌৰ বসতিৰ ক্ষেত্ৰত সমাংগ অংশটো আৱাসিক অঞ্চলৰ দ্বাৰা গঢ়ি উঠে । কেন্দ্ৰীয় অংশটো
বাণিজ্যিক আৰু বিত্তীয় অনুষ্ঠানেৰে, পৰিসংচাৰি অংশটো পথ তথা যাতায়াত ব্যৱস্থাৰে
আৰু বিশেষ অংশটো বিশিষ্ট্য অনুষ্ঠান আদিৰে সৃষ্টি হয় ।
পৃথিৱীৰ
প্ৰায়বোৰ নগৰৰে অম্তৰ্ভাগৰ ভূমিৰ ব্যৱহাৰ আৰু কাৰ্যকাৰিতা এক নিৰ্দিষ্ট প্ৰতিৰুপৰ
হোৱা দেখা যায় ।
(i)
নগৰ এখনৰ কেন্দ্ৰীয় অঞ্চলটোক
ব্যৱসায়-বাণিজ্যৰ প্ৰাধান্য থাকে ।
(ii)
ইয়াৰ বিভিন্ন প্ৰকাৰৰ ব্যৱসায়
প্ৰতিষ্ঠান, বেংক, কাৰ্যালয়, পাইকাৰী আৰু খুচুৰা বিক্ৰীকেন্দ্ৰ আদি থকা দেখা যায় ।
(iii)
এই অংশটো সু-উচ্চ অট্টালিকা আৰু
বিস্তৃত বজাৰেৰে ভৰপূৰ হয় । নগৰৰ এই অংশটোক কেন্দ্ৰীয় ব্যৱসায় এলেকা বুলি কোৱা হয়
।
নগৰকেন্দ্ৰৰ পৰা আঁতৰি অহাৰ লগে
লগে ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন ঘটা আৰু পৰৱৰ্তী বৃত্তাকাৰ অঞ্চলবোৰত ক্ৰমে কাৰ্যালয়,
শিক্ষানুষ্ঠান, উদ্যোগ-প্ৰতিষ্ঠান, আৱাসিক এলেকা, সৰুনগৰ আদি গঢ়ি উঠা দেখা যায় ।
এই নগৰীয় উপকণ্ঠ অঞ্চলসমূহৰ অলপ দূৰৈৰ পৰাই গ্ৰাম্য বসতিৰ প্ৰসাৰ আৰম্ভ হয় আৰু লগে
লগে ভূমি ব্যৱহাৰৰ আৰ্হি পৰিৱৰ্তন হৈ কৃষিভূমিৰ প্ৰাধান্য বৃদ্ধি হোৱা দেখা যায় ।
11. ‘কেন্দ্ৰীয়
ব্যৱসায় এলেকা’ বুলিলে
কি বুজা? ইয়াৰ
মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ নগৰ
বা মহানগৰ এখনৰ ব্যৱসায়-বাণিজ্য, বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ প্ৰাধান্য থকা
তথা জনসংখ্যাৰ ঘনত্ব অধিক হোৱা কেন্দ্ৰীয় অংশটোক কেন্দ্ৰীয় ব্যৱসায় এলেকা বুলি
কোৱা হয় । কেন্দ্ৰীয় ব্যৱসায় এলেকাৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’লঃ
(i)
এলেকাটোৰ ভূমি প্ৰধানকৈ ব্যৱসায়িক
উদ্দেশ্যত ব্যৱহিত হয় ।
(ii)
মাটিৰ মূল্য অধিক হয় ।
(iii)
ইয়াত ব্যৱসায়ৰ কেন্দ্ৰ-বিন্দু
ৰঢ়ি উঠে আৰু নগৰৰ বা মহানগৰখনৰ সকলো ধৰণৰ ব্যৱসায়িক তথা বিত্তীয় কাৰ্যসমূহ
সম্পাদন হয় ।
(iv)
এই অংশটো জনসংখ্যাৰ ঘনত্ব অধিক
হয় ।
(v)
নগৰৰ কেন্দ্ৰৰ আশে-পাশে বৃত্তাকাৰ
অঞ্চলসমূহত বিদ্যালয়, মন্দিৰ, গীৰ্জা, উদ্যোগ তথা বিভিন্ন ধৰণৰ কাৰ্যালয় আদি উঠে ।
(vi)
এই অঞ্চটোৰ যাতায়াত আৰু যোগাযোগ
ব্যৱস্থাও অতি উন্নত মানৰ হোৱা দেখা যায় ।
12. গ্ৰাম্য
আৰু পৌৰ বসতিৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ গ্ৰাম্য
আৰু পৌৰ বসতিৰ মাজত এক ওচৰ সম্পৰ্ক আছে । বসতিৰ দুয়োটা ৰুপেই পৰস্পৰৰ ওপৰত
নিৰ্ভৰশীল। সাধাৰণতে বেপাৰ-বাণিজ্য তথা সেৱামূলক কাৰ্যসমূহে গ্ৰাম্য আৰি পৌৰ বসতিৰ
মাজত সম্পৰ্ক বজাই ৰাখে । গাঁওসমূহে শিক্ষা, স্বাস্থ্য সেৱা, বিত্তীয় সেৱা, ঘৰুৱা
প্ৰয়োজনীয় তথা বিলাসী সামগ্ৰীৰ যোগান, আমোগ-প্ৰমাদ আদিৰ বাবে নগৰ সমূহৰ ওপৰত
নিৰ্ভৰ কৰে । আকৌ গাঁওসমূহৰ দ্বাৰা উৎপাদিত কৃষিজাত দ্ৰৱ্যসমূহৰ বিক্ৰীৰ বাবে পৌৰ অঞ্চলতে এখন উপযুক্ত বজাৰ উপলদ্ধ
হয় । গ্ৰাম্য অঞ্চলৰদক্ষ আৰপ অদক্ষ দুয়োধৰণৰ মানুহেই নগৰতহে কৰ্মসংস্থাপন লাভ কৰে।
আনহাতে, নগৰসমূহেও কৃষিজাত খাদ্য সামগ্ৰীৰ বাবে নগৰসমূহে গাঁওসমূহৰ পৰাই গ্ৰাহক
লাভ কৰে । নগৰ অঞ্চলত থকা চিকিৎসালয়, বেংক, ছবিঘৰ, বজাৰ আদিৰ দৰে প্ৰতিষ্ঠানসমূহৰ
পুষ্টিৰ বাবে নিকটৱতী গাঁওসমূহৰ জন-বসতিৰ ওপৰত বিশদভাৱে নিৰ্ভৰ কৰে । এই সকলোবোৰৰ
পৰা দেখা যায় যে গ্ৰাম্য আৰু পৌৰ দুয়োটা খণ্ডৰ মাজত এক ওচৰ সম্পৰ্ক আছে । এইক্ষেত্ৰত
এইটোও ক’ব পাৰি যোগাযোগ আৰু যাতায়াত
ব্যৱস্থাৰ আধুনিক মাধ্যমসমূহেও গ্ৰাম্য আৰু পৌৰ বসতিৰ মাজত থকা বান্ধোন আৰু অধিক
সুদৃঢ় কৰি তোলাত সহায় কৰিছে ।
13. চমুটোকা
লিখাঃ
(i)
জন বসতি আৰু বসতি ভূগোল
উত্তৰঃ জনবসতি
মানে হ’ল মানুহে
জীৱন নিৰ্বাহৰ বাবে সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাই । সাধাৰণতে জনবসতি
দুটা শ্ৰেণীত বিভক্ত কৰা হয় । গ্ৰাম্য আৰপ পৌৰ বসতি । আনহাতে, ভূগোলৰ যিটো শাখাত
জনবসতিৰ জন্ম, বিকাশ আৰু তাৰ লগত জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক
কাৰকসমূহৰ অদ্যয়ন কৰা হয় তাকে বসতি ভূগোল বুলি কোৱা হয় । মানৱ ভূগোলৰ এটা
গুৰুত্বপূৰ্ণ শাখা । বিখ্যাত জাৰ্মান ভূগোলবিদ কাৰ্ল ৰিটাৰক বসতি ভূগোলৰ জন্মদাতা
হিচাপে গণ্য কৰা হয় ।
(ii)
ৰৈখিক বসতি
উত্তৰঃ ৰাস্তা-ঘাট
আৰু ৰে’লপথৰ
দুয়োকাষে, নদী বা জলসিঞ্চন নলা আদিৰ পাৰত পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা বা
সাগৰীয়া উপকূলীয় অঞ্চল আদিত দীঘলীয়াকৈ গঢ়ি উঠা বসতিকে ৰৈখিক বসতি বুলি কোৱা হয় ।
এই ধৰণৰ বসতি ভাৰতৰ মধ্য আৰু নিম্ন হিমালয় অঞ্চলৰ নদী উপত্যকা আৰু গংগা-যমুনা
সমভূমিত থকা ৰাস্তা-ঘাটসমূহৰ কাষে কাষে দেখা যায় ।
(iii)
বৃত্তাকাৰ বসতি
উত্তৰঃ হ্ৰদ,
বিল নাইবা ডাঙৰ পুখুৰী আদিৰ ঘৰ-দুৱাৰ নিৰ্মাণ কৰি ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন
কৰাকে বৃত্তাকাৰ বসতি বুলি কোৱা হয়। উদাহৰণস্বৰুপে, মাছমৰীয়া সম্প্ৰদায়সমূহে প্ৰায়
হ্ৰদ বা বিল আদিৰ ওচৰত এনে গঢ়ি তোলে নিমখ আহৰণকাৰী লোকসকল লুণীয়া পানীৰ হ্ৰদৰ
চাৰিওফালে এনে বসতি স্থাপন কৰে । বৃহৎ ঔদ্যোগগিক অঞ্চলৰ চাৰিওফালেও ঘূৰণীয়াকৈ এনে
বসতি গঢ়ি উঠা দেখা যায় ।
(iv)
তৰাৰুপী বসতি
উত্তৰঃ কিছুমান ঠাইত
কেইবা দিশৰ পৰা আহি সংলগ্ন হোৱা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ
বিচ্ছুৰণৰ দৰে জনবসতি গঢ়ি উঠে, তাকে তৰাৰুপী বসতি বুলি কোৱা হয় । এই ধৰণৰ বসতি
সমভূমি অঞ্চলৰ ৰাস্তাসমূহৰ সংলগ্নস্থলত দেখা যায় । এনে বসতিৰ প্ৰধান বৈশিষ্ট্য হ’ল যে ই
ৰাস্তাসমূহৰ এটা গুৰুত্বপূৰ্ণ সংযোগ কেন্দ্ৰৰ পৰা আৰম্ভ হৈ ৰাস্তাৰ কাষে কাষে
কেইবাটাও দিশলৈ সম্প্ৰসাৰিত হয় ।
(v)
শিক্ষা তথা সামস্কৃতিক নগৰী
উত্তৰঃ সাংস্কৃতিক
তথা ধৰ্মীয় তাৎপৰ্যতাৰ বাবে তীৰ্থস্থান হিচাপে গঢ়ি উঠা নগৰসমূহকে সাংস্কৃতিক নগৰী
বুলি কোৱা হয় । যেনেঃ বাৰাণসী, পুৰী, ঋষিকেশ, তিৰুমালা আদি । আনহাতে, শৈক্ষিক বিশেষত্বৰ
বাবে বিকশিত হোৱা নগৰসমূহক শিক্ষানগৰী বুলি কোৱা হয় । যেনেঃ ইংলেণ্ড কেল্ ব্ৰিজ
এখন বিখ্যাত আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক মহানগৰ ।
(vi)
গ্ৰাম-নগৰ সান্তত্যক
উত্তৰঃ গ্ৰাম্য-নগৰ
সান্তত্যক হ’ল নগৰীয়
কেন্দ্ৰৰ ওচৰত থকা কিছুমান অন্তৱতী অঞ্চল যিবোৰ নগৰ বা গাঁও দুয়োটা শ্ৰেণীৰে
অন্তৰ্ভুক্ত নহয় । এইবোৰৰ গ্ৰাম্য আৰু পৌৰ উভয় ধৰণৰে বৈশিষ্ট্য থাকে । যিহেতু
নগৰসমূহত মাটিৰ মূল্য অধিক হয় সেয়ে প্ৰায়ভাগ চাকৰি জীৱি লোক তথা শ্ৰমিক
কৰ্মচাৰীসকলে চহৰৰ কেন্দ্ৰৰ পৰা কিছু আঁতৰত বসবাস কৰা গুৰুত্ব দিয়ে । কিন্ত এই
অঞ্চলসমূহত কৃষিকাৰ্যৰ প্ৰাধান্য থকা বাবে অঞ্চলটোত এটা গ্ৰাম্য পৰিস্থিতিয়েও
বিৰাজ কৰে। সি
যি নহওঁক, কিছুবছৰৰ ভিতৰতে এই অঞ্চলটো নিজে নিজে এখন উপ-নগৰলৈ ৰুপান্তৰ হয় ।
(vii)
বসতি শ্ৰেণীক্ৰম
উত্তৰঃ গ্ৰাম্য
আৰু পৌৰ সকলোধৰণৰ বসতিক আকাৰ অনুসৰি সৰুৰ পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱাক
বসতি শ্ৰেণীক্ৰম বুলি কোৱা হয় । এই শ্ৰেণীক্ৰমৰ একেবাৰে নিম্নস্তৰত দুই-এক সিঁচৰিত
কৃষিক্ষেত্ৰিকা ভিক্তিক বাসগৃহ আৰু শীৰ্ষস্তৰত নগৰ নাথাকে । অৰ্থাৎ, এই
শ্ৰেণীক্ৰমত সাধাৰণতে গ্ৰাম্য পৰ্যায়ত কৃষিক্ষেত্ৰিকা ভিক্তিক বাসগৃহৰ পৰা আৰম্ভ
কৰি ক্ৰমে চুবুৰী আৰু গাঁৱলৈ, আনহাতে পৌৰ পৰ্যায়ত নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে
মহানগৰ, নগৰপুঞ্জ আৰু সৰ্ব্বোচ্চ স্থানত নগৰ সংহতি পোৱা যায়।
বসতি
শ্ৰেণীক্ৰমত বসতিসমূহৰ পৰ্যায় বৃদ্ধিৰ লগে লগে কাৰ্যকাৰিতা, সা-সুবিধা, স্থানিক
পৰিসৰ আৰু বসতিৰ জনসংখ্যাৰ আকাৰতো তাৰতম্য দেখা যায় । আকৌ নিম্নস্থৰৰ পৰা
পৰ্যায়ক্ৰমে শীৰ্ষস্তৰলৈ বসতিৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হয় । অৰ্থাৎ, গাঁৱৰ
সংখ্যাৰ তুলনাত নগৰৰ সংক্যা বা নগৰৰ তুলনাত মহানগৰৰ সংখ্যা যথেষ্ট কম হয় । এখন
মহানগৰ বা নগৰপুঞ্জৰ জনসংখ্যা নগৰ এখনৰ জনসংখ্যাতকৈ বহু বেছি হয় । উদাহৰণস্বৰুপে,
২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ এখন নগৰৰ মুঠ জনসংখ্যা ৫ হাজাৰ হোৱাৰ বিপৰীতে
দেশৰ সৰ্ববৃহৎ মহানগৰ মুম্বাইৰ জনসংখ্যা আছিল ১৬ নিযুত । আনহাতে অসমৰ ক্ষেত্ৰত
সৰ্ববৃহৎ মহানগৰী গুৱাহাটীৰ মুঠ জনসংখ্যা আছিল ৯ লাখ, তাৰ বিপৰীতে ৰাজ্যখনৰ ১২৫ খন
নগৰৰ ভিতৰত মহানগৰ পৰ্যায়ৰ কেৱল ৭ খন মহানগৰতহে ১ লাখতকৈ অধিক জনসংখ্যা আছিল ।
(viii)
নগৰীয় উপকণ্ঠ
উত্তৰঃ নগৰ
কেন্দ্ৰৰ ওচৰে-পাঁজৰে থকা গ্ৰাম্য অঞ্চলসমূহ প্ৰায়ে নিকটৱৰ্তী নগৰখনৰ প্ৰভাৱত
ৰুপান্তৰিত হয় । যেতিয়া বৃহৎ নগৰ বা মহানগৰৰ চৌকাষৰ বৃত্তাকাৰ উপকণ্ঠ অঞ্চসমূহত
নগৰীয়া কাৰ্যকলাপৰ প্ৰভাৱত ভুমিদৃশ্য সলনি হৈ নগৰীয়া অৱস্থাৰফালে ঢাল খায়, তেতিয়া
সেই অঞ্চলটোক উপনগৰীয় অঞ্চল বা নগৰীয় উপকণ্ঠ বোলা হয় । যদিও এই অঞ্চলসমূহ সাধাৰণতে
গ্ৰাম্য জনবসতিৰ অন্তৰ্গত, তথাপি কিছু বছৰৰ ভিতৰতে ইয়াৰ ভূমিদৃশ্য আৰু মানুহৰ
কাৰ্যকলাপবোৰে গ্ৰাম্য পটভূমিৰে সৈতে কিছুমান নগৰীয় বৈশিষ্ট্য আহৰণ কৰি লয় । দিল্লী,
মুম্বাই, কাণপুৰ, পুণা, গুৱাহাটী আদি সকলোবোৰ প্ৰধান মহানগৰেৰে এনে ধৰণৰ নগৰীয়
উপকণ্ঠ আছে ।
(ix)
উপ-নগৰ
উত্তৰঃ মহানগৰসমূহ
সম্প্ৰসাৰণ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ বাণিজ্যিক কাৰ্যকলাপৰ বাবে ঠাই সংকুচিত হৈ
অহাৰ ফলত মানুহবোৰে উপকণ্ঠ অঞ্চলসমূহলৈ আঁতৰি যাবলৈ বাধ্য হৈ পৰে । দ্বিতীয়তে অধিক
মূল্যৰ বাবে মাটিৰ উপলদ্ধতা কমি অহাৰ বাবে ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলে তেওঁলোকৰ
কাৰ্যালয় আৰু প্ৰতিষ্ঠানসমূহ মহানগৰ কেন্দ্ৰৰ পৰা কিছু নিলগত স্থাপন কৰিবলৈ বাধ্য
হয় । ইয়াৰোপৰি মহানগৰ অঞ্চলৰ পৰা কিছু ব্যৱসায়-বাণিজ্য, উদ্যোগ, বিভিন্ন
অনুষ্ঠান-প্ৰতিষ্ঠান বা বসতি স্থানৰ বিকেন্দ্ৰীকৰণ কৰা হয় । এইবোৰৰ ফলস্বৰুপে
প্ৰধান মহানগৰসমূহৰ কিছু আঁতৰত দুই-এখন সৰু নগৰ গঢ়ি উঠে । এই নগৰসমূহকে উপ-নগৰ
বুলি কোৱা হয়, যেনেঃ গুৰগাঁও, গাজিয়াবাদ আদিৰ দৰে দিল্লীৰ উপ-নগৰসমূহ ।
Published by Krishna Das
************