সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ | নৱম শ্ৰেণীৰ ভূগোল | Class 9 Elective Geography Subject Question Answer |

 সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ

সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ | নৱম শ্ৰেণীৰ ভূগোল সহায়িকা  | Class 9 geography elective subject question answer.


সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ


অতিৰিক্ত প্ৰশ্নোত্তৰ


    1.   কয়লা আৰু পেট্ৰলিয়ামৰ দুটা বিকল্প শক্তিৰ উৎসৰ নাম লিখা ।

উত্তৰঃ কয়লা আৰু পেট্ৰলিয়ামৰ দুটা বিকল্প শক্তিৰ উৎসৰ নাম হল- জলবিদ্যুৎ আৰু পাৰমাণৱিক শক্তি ।

   2.   সৃষ্টিৰ ওপৰত ভিক্তি কৰি সম্পদসমূহক কেইটাভাগত ভাগত কৰিব পাৰি ?

উত্তৰঃ সৃষ্টিৰ ওপৰত ভিক্তি কৰি সম্পদসমূহক তিনিটা ভাগত কৰিব পাৰি ।

(i)                         প্ৰাকৃতি সম্পদ ।

(ii)                     মানৱসৃষ্ট সম্পদ ।

(iii)                  মানৱ সম্পদ ।

     3.   প্ৰাকৃতিক সম্পদসমূহক কি কি ভাগত বিভক্ত কৰিব পাৰি।

উত্তৰঃ প্ৰাকৃতিক সম্পদসমূহক দুটা ভাগত বিভক্ত কৰিব পাৰি।

(i)                         জৈৱিক বা জৈৱ সম্পদঃ উদ্ভিদ, প্ৰাণী ।

(ii)                     অজৈৱিক বা অজৈৱ সম্পদঃ শৌৰশক্তি,সোণ,পানী ইত্যাদি ।


      4.   মানৱ-সৃষ্ট সম্পদ কি ?

উত্তৰঃ প্ৰাকৃতিক উপাদানসমূহৰ পৰা মানুহে সৃষ্টি কৰা সম্পদসমূহকে মানৱ-সৃষ্ট সম্পদ বোলে ।

   5.   সম্পদসমূহক পুনঃসৃষ্টি ক্ষমতা বা নৱীকৰণযোগ্যতাৰ ভিক্তিক কেইটা ভাগত বিভক্ত কৰিব পাৰি ।

উত্তৰঃ সম্পদসমূহক পুনঃসৃষ্টি ক্ষমতা বা নৱীকৰণযোগ্যতাৰ ভিক্তিক দুটা ভাগত বিভক্ত কৰিব পাৰি ।

(i)                         পুনঃসৃষ্টিক্ষম বা নৱীকৰণযোগ্য সম্পদ ।

(ii)                     পুনঃসৃষ্টিহীন বা অনৱীকৰণযোগ্য সম্পদ ।


সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ

                   অনুশীলনী 

1.               সম্পদ বুলিলে কি বুজা ?

উত্তৰঃ প্ৰাকৃতিক আৰু মানৱসৃষ্ট সামগ্ৰী যিয়ে মানুহৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰে, তাকে সম্পদ বোলে ।

2.               প্ৰাকৃতিক উৎপাদনক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে ?

উত্তৰঃ প্ৰকৃতিৰ বুকুত থকা জৈৱ আৰু অজৈৱ উপাদানবোৰ মানুহে ব্যৱহাৰ নকৰা পৰ্যন্ত সম্পূৰ্ণ প্ৰকৃতিৰে অংগ হৈ থাকে । মাটি, পানী, জীৱ-জন্ত, গছ-গছনি খনিজ পদাৰ্থ আদি প্ৰাকৃতিক উপাদানবোৰ মানুহে ব্যৱহাৰ কৰিলেহে বা ব্যৱহাৰৰ উপযোগী বুলি বিবেচিত হলেহে সম্পদ হিচাপে পৰিগণিত হয়। অৰ্থাৎ প্ৰকৃতি, মানুহ আৰু প্ৰযুক্তিৰ মাজত ঘটা সম্পৰ্কৰ যোগেদিহে কোনো এক প্ৰাকৃতিক উপাদান সম্পদত পৰিণত হয় । প্ৰাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ তলত দিয়া কথাকেইটাই মুখ্য ভূমিকা পালন কৰেঃ

(i)                                     সাংস্কৃতিক প্ৰমূল্যঃ কোনবোৰ বস্ত সমাজৰ বাবে গ্ৰহণযোগ্য আৰু কোনবোৰ গ্ৰহণযোগ্য নহয়, সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰম্পৰা, ৰীতি-নীতি, ধৰ্ম আদি সাংস্কৃতিক প্ৰমূল্যসমূহে নিৰুপণ কৰে ।

(ii)                                 প্ৰযুক্তিবিদ্যাঃ মানুহে প্ৰয়োজনীয় বস্তবোৰ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা বস্তবোৰক ব্যৱহাৰৰ উপযোগী কৰি তুলিব, সেয়া সমাজখনে জনা বা প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে ।

(iii)                              অৰ্থনৈতিক ব্যৱস্থাঃ সম্পসমূহৰ বিকাশ দেশ এখনৰ আৰ্থিক ব্যৱস্থা তথা সক্ষমতাৰ ওপৰতো বাৰুকৈ নিৰ্ভৰ কৰে । উদাহৰণস্বৰুপে, ভাৰতবৰ্ষত অসীম জলৰাশিৰে পূৰ্ণ অসংখ্য নদী আছে । এই নদীসমূহৰ জলৰাশি দেশখনৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ । কিন্ত দুৰ্ভাগ্যবশতঃ ভাৰতত এনে বহুতো অঞ্চল আছে যিবোৰ খৰাং পীড়িত হয় নাইবা বানপানীৰ সমস্যাৰে জৰ্জৰিত হয় । দেশখনৰ সকলোবোৰ নদীক একেলগে সংযোগ কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা খৰচৰ মাত্ৰা অধিক হয় বাবে এই নদীসমূহৰ বিশাল জলৰাশি সঠিক ভাৱে ব্যৱহাৰ কৰিব পৰা হোৱা নাই । সেয়েহে প্ৰাকৃতিক উপাদান এবিধক ব্যৱহাৰোপযোগী সামগ্ৰী বা সম্পদলৈ ৰুপান্তৰ কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।


3.               সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰা কাণবোৰ কি ?

উত্তৰঃ যিবিলাক প্ৰকৃতিক আৰু মানৱ-সৃষ্ট সামগ্ৰীয়ে মানুহৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰে, সেইবিলাক সামগ্ৰীকে সম্পদ বোলে । মাটি, পানী, প্ৰাণী উদ্ভিদ আদিৰ দৰে প্ৰাকৃতিক উপাদানসমূহক তেতিয়াহে সম্পদ বুলি স্বীকৃতি দিয়া হয় যেতিয়া এইবোৰক মানুহে মানুহে ব্যৱহাৰ কৰে আৰু উপযোগী বুলি বিবেচনা কৰে । দৰাচলতে কোনো এবিধ উপাদান সম্পদ হয়নে নহয় সেয়া মানুহেই নিৰুপন  কৰে । অৱশ্য সময় আৰু প্ৰযুক্তিৰ পৰিৰ্বতন  সৈতে সম্পদৰ এই ধাৰণাটোৰ পৰিৰ্বতন হব পাৰে । উদাহৰণস্বৰুপে আজি আমি যিবোৰ বস্তক সম্পদ হিচাপে গ্ৰহণ কৰিছো, বহু বছৰ পূৰ্বে সেইবোৰকে আমি হয়তো অলাগতিয়াল বস্ত হিচাপে বিবেচনা কৰিছিলো । উদাহৰণস্বৰুপে ইংৰাজসকল অসমলৈ অহাৰ আগতে ৰাজ্যখনৰ হাবিত পোৱা চাহ গছৰ বিশেষ কোনো ব্যৱহাৰিক মূল্য নাছিল । কিন্ত  ইংৰাজসকলে ইয়াক মূল্যৱান বুলি স্বীকৃত দি বাণিজ্যিকভাৱে ব্যৱহাৰ কিবলৈ আৰাম্ভ কৰাৰ পিছতে পশ্চিমীয়া দেশবোৰতো ই অধিক জনপ্ৰিয় হৈ পৰিছিল, আৰু পৰৰ্ৱতী পৰ্যায়ত বাণিজ্যিক ভিক্তিক চাহ খেতি আৰাম্ভ কৰা হৈছিল যাৰ ফলত অঞ্চলটোৰ দ্ৰুত অৰ্থনৈতিক শ্ৰীবৃদ্ধি হৈছিল । একেধৰণৰ বহু আগতেই অসমত খনিজ তেলৰ আৱিস্কাৰ হৈছিল হৈছিল । কিন্ত মানুহেই ইয়াৰ ব্যৱহাৰ জনা নাছিল আৰু কোনো অৰ্থনৈতিক গুৰত্ব প্ৰদান কৰা নাছিল । সম্প্ৰতি ইয়াক মূল্যৱান সম্পদ হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ আহাৰণে ৰাজ্যখনৰ অৰ্থনৈতিক স্হিতিৰ দ্ৰুতভাৱে উন্নয়ন সাধন কৰে । এই কথাই  ইয়াকে দৰ্শাই যে পৰিৱৰ্তিত সামজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিস্হিতি পৰিগণিত হব পাৰে । অৰ্থাৎ, সময় সাপেক্ষে হোৱা সাংস্কৃতিক, অৰ্থনোতিক আৰু প্ৰযুক্তিগত সম্পদৰ ধাৰমা আৰু ইয়াৰ গুৰুত্ব বিকাশৰ ভিক্তিত পৰিৰ্ৱতন হয় ।


4.               বৰ্ধিত জনসংখ্যাই সম্পদৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলায় আলোচনা কৰা ।

উত্তৰঃ জনসংখ্যা বৃদ্ধিয়েও সম্পদৰ ওপৰত ভাৱ পেলায়ǀ বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰাবলৈ কিছুমান সম্পদ বেছিকৈ বযৱহাৰ কৰিবলগীয়া হয় ।পুনৰ সৃষ্টি কৰিব নোৱাৰিলে তেনে সম্পদৰ নাটনি হয়। তেতিয়া তাৰ বিকল্প বিচৰা হয়ǀ উদাহৰণস্বৰুপে যাতায়ত ব্যৱস্থা বাহাল ৰাখিবলৈ ইন্ধন হিচাপে খাৰুৱা তেলৰ প্ৰয়োজন হয় ǀ বৰ্তমান সময়ত যি হাৰত খাৰুৱা তেলৰ উৎপাদন আৰু ব্যৱহাৰ হৈ আছে, আশা কৰা হৈছে এটা সময়ত অদূৰ ভৱিষ্যতে খাৰুৱা তেলৰ বিৰাট নাটনিয়ে দেখা দিব ǀ বিজ্ঞানীসকলে ভৱিষ্যতৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি খাৰুৱা তেলৰ বিকল্প হিচাপে সৌৰশক্তি,বেটাৰী দ্বাৰা চালিত  চালিত যানবাহন উৎপাদনত মনোনিবেশ কৰিছেǀ

5.               প্ৰাকৃতিক সম্পদ কাক বোলে ?  

উত্তৰঃ প্ৰকৃতিত উপলদ্ধ যিবিলাক জাতদ্ৰৱ্য মানুহৰ বাবে উপযোগী, সেইবিলাক জাতদ্ৰৱ্যকে প্ৰাকৃতিক সম্পদ বোলে । যেনেঃ মাটি, পানী, বায়ু, উদ্ভিদ, প্ৰাণী ইত্যাদি ।

6.               মানৱসৃষ্ট সম্পদৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ মানৱসৃষ্ট সম্পদৰ দুটা উদাহৰণ হল –

     চাহপাত আৰু এলুমিনিয়াম ।

7.               মানৱ সম্পদ কাক বোলে লিখা ।

উত্তৰঃ নিজৰ লগতে আনৰ চাহিদাসমূহ পূৰণ কৰিবলৈ তথা উন্নত সেৱা পূৰণ কৰিবলৈ শিক্ষা, প্ৰশিক্ষণ, অভিজ্ঞতা আদিৰ জৰিয়তে যোগ্য বা দক্ষতা ঠাকে তাক মানৱ সম্পদ সম্পদ বোলে ।


8.               মানৱ সম্পদ বুলিলে কি বুজা ? ইয়াৰ দুটামান উদাহৰণ দিয়া ।

উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও একেবাৰে নিঃশেষ হৈ নাযায় আৰু পুনঃপূৰ্ণীকৃত কৰিব পাৰি তাকে মানৱ সম্পদ বোলে ।

  ইয়াৰ দুটামান উদাহৰণ ল – বায়ু, সূৰ্যৰ পোহৰ, পানী,  

  উদ্ভিদ ইত্যাদি ।

9.               দুবিধমান পুনঃসৃষ্টিহীন সম্পদৰ নাম লিখা ।

উত্তৰঃ দুবিধমান পুনঃসৃষ্টিহীন সম্পদৰ ল – কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, ইত্যাদি ।

10.        সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে ।

উত্তৰঃ নিন্মোক্ত কাৰণত সম্পদৰ অপচয় ৰোধ কৰিব লাগেঃ

(i)                         সীমিত সম্পদঃ সম্পদসমূহৰ অপচয়ে এইবোৰৰ যোগান হ্ৰাস কৰে । এইবোৰৰ ব্যৱহাৰ যদি বৰ্তমানৰ ধৰণে কৰি থকা হয়, তেন্তে অদূৰ ভৱিষ্যতে এইবোৰ নিঃশেষ হৈ যাব ।

(ii)                     পাৰিৱেশিক প্ৰদূষণঃ সম্পদসমূহৰ অপচয়ে পাৰিৱেশিক প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত জটিল স্বাস্থ্যজনিত প্ৰতিবন্ধকতাৰ সৃষ্টি হব পাৰে ।

(iii)                  প্ৰগতিৰ ভিক্তিঃ সম্পদৰ অবিহনে দেশ এখনে উন্নত কৰিব নোৱাৰে । এইবোৰৰ অপচয়ে দেশৰ উন্নতিৰ গতি মন্হৰ কৰে । সেয়েহে সম্পদসমূহৰ অপচয় ৰোধ কৰিব লাগে ।

11.        সংম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশ কেনেকৈ বিনষ্ট কৰিব পাৰে নিজে চিন্তা কৰি লিখা ।

উত্তৰঃ যিকোনো দেশৰে অৰ্থলৈতিক উন্নয়নৰ বাবে সম্পদসমূহ অতি গুৰুত্বপূৰ্ণ উপাদান । কিন্ত এইবোৰৰ অনুপযুক্ত আহৰণ আৰু ব্যৱহাৰে বিভিন্ন নেতি বাচক পৰিণতিৰ সৃষ্টি কৰে । পৰিৱেশৰ ওপৰৰ পৰা এইবোৰৰ গভীৰ প্ৰভাৱৰ ফলত কিছু বছৰৰ ভিতৰত পৰিবেশ প্ৰদূষণ সংঘটিত হৈ পৰিৱেশৰ অৱনতি ঘটে । এইবোৰ তলত উল্লেখ কৰা ধৰণে সংঘটিত হয়ঃ

(i)                         বিভিন্ন বনজ সম্পদসমূহৰ অনুপযোক্ত আহৰণৰ ফলত বহুটো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে । পাৰিৱেশিক নিম্নীকৰণ আৰু বাসস্থান ধ্বংসৰ ফলত বাঘ, সিংহ, হাতী, গড় আদিৰ দৰে বহুতো প্ৰাণীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে । এনে সম্পদৰসমূহৰ ধ্বংসই জীৱমণ্ডলৰ ক্ষতিসাধন কৰি পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলায় ।


(ii)                     কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদিৰ দহনৰ ফলত যান-বাহনৰ পৰা ওলোৱা ধোঁৱাৰ লগত হোৱা বিষাক্ত গেথসমূহৰ নিৰ্গমণে বায়ুমণ্ডল দূষিত কৰে ।

(iii)                  শক্তি উপাদান আৰু পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা পাৰমাণৱিক খনিজ পদাৰ্থসমূহেও বায়ু, পানী আদি প্ৰদূষিত কৰি পৰিৱেশ বিনষ্ট কৰে ।

(iv)                  বিভিন্ন প্ৰকাৰৰ খনিজ পদাৰ্থ ব্যৱহাৰ কৰা কল-কাৰখানাৰ ব্যৱহিত পানীত থকা প্ৰদূষক মৌলই পানীৰ উৎস দূষিত কৰে । ইয়াৰ ফলত উদ্ভিদসমূহে এনে দূষিত পানীকে শোষণ কৰে ।



Published by Krishna Das

************


Previous Post Next Post