বতৰ আৰু জলবায়ু | Class 9 Geography Chapter 1 question answer In Assamese.

SEBA Class 9 Elective Geography notes. Geography notes Elective geography Class 9 chapter 1 Class 9 elective geography solutions in Assamese  .

 

 

বতৰ আৰু জলবায়ু

 

প্ৰশ্নাৱলী

1. বতৰ আৰু জলবায়ু বুলিলে কি বুজা ? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা ।

উত্তৰঃ কোনো এখন ঠাইত কম সময়ৰ বাবে যি জলবায়ুগত অৱস্হাৰ সৃষ্টি হয় তাকে বতৰ বোলে ।

জলবায়ুৰ গড় অৱস্হা যদি এখন ঠাইত দীৰ্ঘ কালৰ (কমেও ৩০ বছৰৰ) বাবে চলি থাকে তাকে জলবায়ু বোলে ।

বতৰ আৰু জলবায়ুৰ মাজৰ প্ৰাৰ্থক্যঃ

ক্ৰমিক নং

প্ৰাৰ্থক্যৰ ভিক্তি

বতৰ

জলবায়ু

(i)

সময়

কম সময়, অৰ্থাৎ এদিন, এসপ্তাহ আদিৰ বাবে সৃষ্টি হোৱা অৱস্হাক বিবেচনা কৰা হয়।

দীৰ্ঘদিন অৰ্থাৎ কমেও ৩০ বছৰৰ বাবে চলি থকা অৱস্হা এই ক্ষেত্ৰত বিবেচিত হয় ।

(ii)

এলেকা

এটা ক্ষুদ্ৰ অষ্ণলৰ বায়ুমণ্ডলীয় অৱস্হাক সূচাই ।

বৃহৎ অষ্ণলত ব্যাপ্ত হৈ পৰা বায়ুমণ্ডলীয় বুজোৱা হয় ।














2. বতৰ আৰু জলবায়ুৰ উপাদানবোৰ উল্লেখ কৰা ।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হল-

(i)          উষ্ণতা

(ii)         বায়ুৰ চাপ

(iii)        আৰ্দ্ৰতা

(iv)       বতাহ

(v)         অধঃক্ষেপন

3. বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা

উত্তৰঃ বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হল-

   উষ্ণতা,বায়ুৰ চাপ,আৰ্দ্ৰতা,বতাহ,অধঃক্ষেপন

উষ্ণতাবতৰ আৰু জলবায়ুৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ এনে ধৰণৰঃ

(i)               সূৰ্যৰ পোহৰ আৰু তাপে পৃথিৱীক উত্তপ্ত কৰে । সৌৰ শক্তি যেতিয়া ভূপৃষ্ঠত পৰে, তেতিয়া ইয়াৰ প্ৰতিফলন ঘটে আৰু এই প্ৰতিফলিত তাপে বায়ুমণ্ডলৰ নিম্নস্তৰ ট্ৰপস্ফিয়াৰক উত্তপ্ত কৰ্ তোলে এই ট্ৰপস্ফিয়াৰৰ বায়ু তেতিয়া উত্তপ্ত হবলৈ আৰম্ভ কৰে, ই ওপৰলৈ উঠে আৰু চাৰিওফালে থকা শীতল বতাহে এই ঠাইলৈ গতি কৰে । এই প্ৰক্ৰিয়াত নিম্নচাপ আৰু উচ্চ চাপৰ কেন্দ্ৰৰ সৃষ্টি হয় ।

(ii)              বায়ুমণ্ডলত উচ্চতাৰ পৰিৱৰ্তন উলম্ভভাৱে ঘটে । ট্ৰপস্ফিয়াৰত কোনো লোকে উৰ্ধ্বগমন কৰিলে প্ৰতি কিল মিটাৰত 6.5o C হাৰত উষ্ণতা হ্ৰাস পোৱাটো প্ৰতাক্ষ কৰিব।

(iii)            সূৰ্যৰ ৰশ্মি ভূপৃষ্ঠত হেলনীয়াকৈ পৰিলে তাপমান অনুভুমিকভাৱেও সলনি হব পাৰে । বিষুৱৰ পৰা মেৰু অভিমুখে অগ্ৰসৰ হলে ক্ৰমশঃ উষ্ণতা হ্ৰাস পায় ।

বায়ুৰ চাপ বায়ুমণ্ডলীয় চাপঃ প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলে বতৰ আৰু জলবায়ু ওপৰত তলত উল্লেখ কৰাৰ দৰে প্ৰভাৱ বিস্তাৰ কৰে ।

(i)          বায়ুমণ্ডলৰ নিম্নস্তৰৰ বায়ু অধিক সংকুচিত হোৱাৰ উলত ইয়াৰ ঘনত্ব বৃৰ্দ্ধি পায় । ঘনত্ব বৃৰ্দ্ধি পালে, বায়ুমণ্ডলৰ চাপো বাঢ়ে । বায়ুৰ ঘনত্ব হ্ৰাস পোৱাৰ লগে লগে বায়ুমণ্ডলৰ চাপো হ্ৰাস পাবলৈ ধৰে ।

(ii)         অনুভুমিকভাৱেও বায়ুমণ্ডলীয় চাপৰ তাৰতম্য ঘটে । বিষুৱীয় অঞ্চলত বায়ুৰ ঘনত্ব কম হোৱাৰ বিপৰীতে মেৰু অঞ্চলত বায়ুৰ ঘনত্ব অধিক হয় । গতিকে, বায়ুমণ্ডলীয় চাপ মেৰু অঞ্চলত অধিক হোৱাৰ বিপৰীতে বিষুৱীয় অঞ্চলত কম হয় ।

আদ্ৰতাঃ আৰ্দ্ৰতা অৰ্থাৎ বায়ুত থকা জলীয় বাষ্পই একোটা এলেকাৰ বতৰ আৰু জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায় উষ্ণতাই বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা নিৰ্ধাৰণ কৰে য (বায়ুত) ভিন ভিন সময়ত ভিন্ন স্হাপন ভিন্ন পৰিমাণৰ জলীয় বাষ্প থাকে । উষ্ণ বায়ুৱে অধিক জলীয় বাষ্প ধৰি ৰাখিব পৰাৰ বিপৰীতে শীতল বায়ুৱে কম পৰিমাণৰ জলীয় বাষ্প ধৰি ৰাখিবলৈ সক্ষম হয় ।

বতাহঃ উচ্চ চাপ বিশিষ্ট অঞ্চলৰ পৰা নিম্ন চাপ বিশিষ্ট অঞ্চললৈ বায়ুৰ সঞ্চালকে বতাহ বুলি কোৱা হয় । স্হান আৰু সময় বিশেষে তাপ মানৰ সালসলনিৰ দলত চাপৰ সৃষ্টি হয় আৰু ইয়াৰ ফলতে বতাহৰ সৃষ্টি হয় । বতাহে কোনো এখন ঠাইৰ তাপ মান বঢ়াব  বা কমাব পাৰে আৰু এনেদৰে জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায় ।

অধঃক্ষেপনঃ বায়ুত থকা জলীয় বাস্প উওপ্ত হৈ ঊধ্বগামী হোৱাৰ পাছত ঘনভূত হয় আৰু পৰৱৰ্তী পৰ্যায়ত পৃথিৱীলৈ বিভিন্ন ৰূপত নামি আহে । অধঃক্ষেপসমূহৰ বিভিন্ন ৰূপ এনে ধৰণৰঃ নিয়ৰ, কুৱলি, ঘন কুৱলি, তুষাৰ বৃষ্টি, তুষাৰ পাত, বৃষ্টি পাত, কিনকিনিয়ী বৰষুণ আদি ।

4.  উষ্ণতা, চাপ আৰু আদ্ৰতাৰ মাজৰ সম্পৰ্ক বৰ্ণনা কৰা

উত্তৰঃ উষ্ণতা, চাপ আৰু আদ্ৰতাৰ মাজৰ নিকট সম্পৰ্ক আছেঃ

(i)          উষ্ণতা আৰু চাপৰ মাজৰ সম্পৰ্ক এয়ে যে উষ্ণতা বৃদ্ধিল পালে বায়ুমণ্ডলীয় চাপ হ্ৰাস পায় আৰু বায়ুমণ্ডলীয় চাপ বৃদ্ধি পালে উষ্ণতা হ্ৰাস পায় ।

(ii)         সেইদৰে আৰ্দতা আৰু উষ্ণতাৰ মাজত এক নিকট সম্পৰ্ক আছে । গৰম বতাহ অধিক জলীয় বাষ্প ধৰি ৰাখিব পাৰে আৰু শীতল বায়ুয়ে কম জলীয় বাষ্প ধৰি ৰাখিব পাৰে ।উষ্ণতা বেছি হলে বায়ু পাতল হয় আৰু পাতল বায়ুৱে অধিক পৰিমাণৰ জলীয় বাষ্প ধৰি ৰাখে । অন্যাৰ্থত উষ্ণতা অধিক হলে আৰ্দ্ৰতাও অধিক হয় আৰু আৰ্দ্ৰতা অধিক হলে উষ্ণতাও অধিক হয় ।

(iii)        আৰ্দ্ৰতা আৰু চাপৰ মাজৰ সম্পৰ্কটো এয়ে যে আৰ্দ্ৰ বায়ুৰ চাপ নিম্ন আৰ্দ্ৰতা বৃদ্ধি পালে বায়ুৰ চাপ হ্ৰাস পায় আৰু আৰ্দ্ৰতা হ্ৰাস পালে বায়ুৰ চাপ বৃদ্ধি পায় ।

5. বায়ুমণ্ডলৰ চাপৰ পৰিৱৰ্তন কেনেকৈ হয় ?

উত্তৰঃ প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলেই হৈছে বায়ুমণ্ডলীয় চাপ । উষ্ণতা আৰু উচ্চতা ভিক্তিত তলত দিয়া ধৰণে বায়ুমণ্ডলীয় চাপৰ তাৰতম্য হয় ।

(i)          বায়ুৰ উষ্ণতাঃ সূৰ্যৰ ৰশ্মি ভূপৃষ্ঠত সমভাৱে নপৰাৰ ফলত উষ্ণতাৰ তাৰতম্য ঘটে । উষ্ণতাৰ তাৰতম্যৰ বাবে ভূপৃষ্ঠত কিছূমান অঞ্চল শীতল, কিছূমান অঞ্চল উত্তপ্ত আৰু কিছূমান অঞ্চল মাধ্যমীয় উষ্ণতা বিশিষ্ট হয় । উত্তপ্ত অঞ্চলসমূহৰ বায়ুৰ চাপ নিম্ন, নিম্ন তাপমানযুক্ত অঞ্চলত বায়ুৰ চাপ অধিক হয় । সেইবাবে অধিক উষ্ণতা বিৰাজ কৰা নিৰক্ষীয় অঞ্চলত বায়ুৰ চাপ কম হয় ।ইয়াৰ বিপৰীতে নিম্ন উষ্ণচা বিশিষ্ট ম্ৰু অঞ্চলৰ বায়ুচাপ অধিক হয় ।

(ii)         ভূপৃষ্ঠৰ উচ্চতাঃ ভূপৃষ্ঠৰ উচ্চতা বৃদ্ধি পালে বায়ুৰ চাপ হ্ৰাস পাব । বায়ুমণ্ডলৰ ট্ৰপস্ফিয়াৰত প্ৰতি ৯০০ ফুট উচ্চতাত ৩৮ এম বি (মিলিবাৰ) হাৰত বায়ুৰ চাপ নিম্নগামী হয় ।

6. বতাহ কিয় বলে ?

উত্তৰঃ তাপমাত্ৰাৰ তাৰতম্যৰ বাবে বিভিন্ন স্হানত বিবিন্ন মাত্ৰাত চাপৰ সালসলনি ঘটে । উচ্চ তাপমান বিশিষ্ট অঞ্চলত বায়ু উত্তপ্ত হয় আৰু ঊৰ্ধগামী হয় । এই প্ৰক্ৰিয়াত উক্ত অঞ্চলত নিম্নচাপৰ সৃষ্টি হয় । ইয়াৰ ফলত চৌপাশৰ উচ্চচাপ বিশিষ্ট অঞ্চলৰ পৰা নিম্ন চাপ বিশিষ্ট অঞ্চললৈ বায়ু প্ৰবাহিত হয় । ইয়াৰ ফলত বতাহৰ সঞ্চালন বা গতি আৰম্ভ হয় অৰ্থাৎ বতাহ বলে ।

7. অধঃক্ষেপন কি ? বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপনৰ নাম উল্লেখ কৰা ।

উত্তৰঃ বায়ুত থকা জলীয় বাষ্পৰ ঘনীভৱন হৈ মাধ্যকৰ্ষনৰ বিভিন্ন ৰুপত প্ৰভাৱিত ভূপৃষ্ঠত পৰিবলৈ আৰম্ভ কৰে । ইয়াকে অধঃক্ষেপন বুলি কোৱা হয়

বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপন হল-

(i)          নিয়ৰ

(ii)         কুঁৱলি

(iii)        ঘন কুঁৱলি

(iv)       তুষাৰবৃষ্টি

(v)         তুষাৰপাত

(vi)       বৃষ্টিপাত

(vii)      পাতলীয়া বৰষুণ

8. বতৰ আৰু জলবায়ুক প্ৰভাৱিত কৰা কাৰকসমূহ উল্লেখ কৰা ।

উত্তৰঃ বতৰ আৰু জলবায়ুক প্ৰভাৱিত কৰা প্ৰধান কাৰকসমূহ হৈছেঃ

(i)          অক্ষাংশ

(ii)         ভূপৃষ্ঠৰ উচ্চতা

(iii)        সমুদ্ৰৰ নিকটৱৰ্তিতা

(iv)       মহাসাগৰীয় সোঁত

(v)         পাহাৰ আৰু পৰ্বতমালা

(vi)       বতাহ

(vii)      মাটিৰ বৈশিষ্ট

(viii)     মাটিৰ ঢাল

(ix)       অৰণ্যাঞ্চল

9. বতৰ আৰু জলবায়ুৰ কাৰকসমূহ উদাহৰণসহ বৰ্ণনা কৰা

উত্তৰঃ বতৰ আৰু জলবায়ুক প্ৰভাৱিত কৰা প্ৰধান কাৰকসমূহ হলঃ

(i)          অক্ষাংশঃ অক্ষাংশই বিষুৱৰেখাৰ পৰা এখন ঠাইৰ দূৰত্ব সূচায় । যেনে বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি লম্ভভাৱে পৰে সেয়ে এই অঞ্চল পৃথিৱীৰ আতাইতকৈ উত্তপ্ত অঞ্চল মেৰুৰ দিশত তাপমান ক্ৰমে হ্ৰাস পায়, কিয়নো এই অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে । বায়ুমণ্ডলৰ দীঘলীয়া অংশৰ মাজেৰে গতি কৰা সূৰ্যৰ ৰশ্মিয়ে তাপৰ মাত্ৰা বৃদ্ধি কৰিব নোৱাৰে আৰু ফলস্বৰুপে মেৰু অঞ্চলৰ তাপমান সদায় কম হয়।

(ii)         ভূপৃষ্ঠৰ উচ্চতাঃ উচ্চতাৰ ভিন্নতাৰ লগত তাপমাত্ৰাৰ ভিন্নতাৰ সম্পৰ্ক আছে . উচ্চতাৰ প্ৰতি কিলোমিটাৰত ৬.৫o চেলছিয়াছ হাৰত তাপমান হ্ৰাস পায় । ফলস্বৰুপে, একে অক্ষাংশত অৱস্তিত বিভিন্ন স্হানৰ তাপমান বেলেগ বেলেগ হব পাৰে । যাৰ ফলত জলবায়ুৰ ভিন্নতা পৰিলক্ষিত হয় । উদাহৰস্বৰুপে, শ্বিলং আৰু এলাহাবাদ একে অক্ষাংশতে অৱস্তিত যদিও উচ্চতাৰ ভিন্নতাৰ বাবে জলবায়ু ঠাণ্ডা, কিয়নো শ্বিলংৰ তুলনাত এলাহাবাদ সমূদ্ৰপৃষ্ঠৰ তলত অৱস্তিত।

(iii)        সমূদ্ৰৰ নিকটৱৰ্তিতাঃ সমূদ্ৰৰ নিকটৱৰ্তী স্হানত গ্ৰীষ্ম আৰু শীত কাল মৃদু ধৰণৰ হয় । কিন্ত সমূদ্ৰৰ পৰা যথেষ্ট দূৰত্বত অৱস্তিত স্হানৰ গ্ৰীষ্মকাল যথেষ্ট উষ্ণ হয় আৰু শীতত ঠাণ্ডাৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পায় গ্ৰেট ব্ৰিটেইনত মৃদু জলবায়ু বিৰাজ কৰাৰ প্ৰধান কাৰণ হল সমূদ্ৰৰ নিকটৱৰ্তিতা ।

(iv)       মহাসাগৰীয় সোঁতঃ মহাসাগৰীয় উষ্ণ সোঁতে উপকুলবৰ্তী স্হানৰ উত্তাপ বৃদ্ধি কৰাৰ পৰিৱৰ্তে মহাসাগৰীয় শীলত সোঁতে পাশ্বৱৰ্তী স্হানৰ জলবায়ু শীতল কৰি ৰাখে

উদাহৰণস্বৰুপেঃ উষ্ণ উপসাগৰীয় সোঁতে উত্তৰ-পূব ইউৰোপীয় উপকুলীয় অঞ্চলক কম শীতল কৰি ৰাখে

(v)        পাহাৰ আৰু পৰ্বতনালাৰ অৱস্হানঃ এখন দেশত যদি এটা সউচ্চ পৰ্বত থাকে, ই অত্যন্ত উষ্ণ আৰু শীতল বতাহ সংশ্লিষ্ট দেশখনত প্ৰৱেশ কৰাত বাধা দিয়ে ।

উদাহৰণস্বৰুপেঃ হিমাতয় পৰ্বত মালাই দক্ষিণ এছিয়াৰ শীতল বতাহ ভাৰতত প্ৰৱেশ কৰাত বাধা দি আহিছে ইয়াৰ ওপৰি, হিমালয় পৰ্বত মালাই জলীয় বাষ্প পৰিবাহী বতাহক বাধা দিয়াৰ উপৰি প্ৰতিবাদ দিশৰ স্হানতৈল বৰষুণ আনে ।

(vi)       বতাহঃ কোনো এক অঞ্চললৈ বৰষুণ অনাৰ ক্ষেত্ৰত বতাহৰ গতি দিশে গুৰুত্বপূৰ্ণ ভূমিকা পাতন কৰে । গৰম বতাহে মাটি গৰম কৰে, ঠাণ্ডা বতাহে মাটি .....      

উদাহৰণস্বৰুপেঃ গ্ৰীষ্ম কালত ভাৰতলৈ জলীয় বাষ্প পৰিবাহী বতাহ বংগোপ সাগৰৰ আৰু আৰব সাগৰৰ পৰা আহে আৰু ই গংগা-ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণাঅঞ্চলত বৃষ্টিপাত সূচনা কৰে ।

(vii)      মাটিৰ বৈশিষ্টঃ ঘন অৰণ্য থকা পলসুৱা ভূমিখণ্ডত গ্ৰীষ্মকালত অথবা দিনৰ ভাগত উষ্ণতা অধিক বৃদ্ধি নাপায় । শীতকালত বা নিশাৰ ভাগতো এনে অঞ্চলবোৰ বেছি ঠাণ্ডা হৈ নপৰে । কিন্ত গছ-গছনি নথকা বালিময় ঠাইবোৰ অতি সহজে উষ্ণ বা শীতল হৈ পৰে । ঘন বনাঞ্চল থকা অঞ্চলত বৃষ্টিপাতৰ মাত্ৰাও বৃদ্ধি পায় ।

যেনেঃ ৰাজস্হানৰ মৰুভুমি অঞ্চল দিনত অতি উত্তপ্ত হৈ পৰে আৰু ৰাতি একেবাৰে ঠাণ্ডা হৈ পৰে ।

(viii)     ভূমিৰ ঢাল (Slope of Land): এঢলীয়া মাটিত সূৰ্যৰ ৰশ্মি উলম্বভাবে পৰে আৰু উত্তাপ বৃদ্ধি পায়, আৰু সূৰ্যৰ বিপৰীতে এঢলীয়া হলে তাপ কমভাৱে পৰে ।   

 যেনেঃ হিমালয় আৰু আল্পছ পৰ্বতৰ দক্ষিণমুখী এঢলীয়া ভুমিয়ে উত্তৰ মুখী এঢলীয়া ভুমিৰ তুলনাত অধিক সূৰ্যৰ উত্তাপ লাভ কৰে । পৰ্বতৰ প্ৰতিবাত দিশৰ অঞ্চলে অন্যান্য ঠাইতকৈ অধিক বৃষ্টিপাত লাভ কৰে ।

(ix)       অৰণ্যাঞ্চলঃ ঘন বনাঞ্চল থকা অঞ্চলে বেছি বৰষুণ লাভ কৰে । আনহাতে সেৰেঙা গছ-গছনি থকা অঞ্চলত বৰষুণ কম হয় ।

যেনেঃ উত্তৰ ভাৰতৰ বহুতো অঞ্চলত সমপ্ৰতিখৰাঙৰ সৃষ্টি হোৱাৰ মূলতে অৰণ্য ধ্বংশ ।

10. জলবায়ুৰ প্ৰকাৰকেইটা কি কি ?

উত্তৰঃ জলবায়ুৰ প্ৰকাৰকেইটা হল-

(i)          বিষুৱীয় জলবায়ু

(ii)         মৌচুমী জলবায়ু

(iii)        ছুদানৰ লেখীয় জলবায়ু

(iv)       উষ্ণ মৰুভূমিৰ জলবায়ু

(v)         নাতিশীতোষ্ণ মৰু জলবায়ু

(vi)       ভূমধ্যসাগৰীয় জলবায়ু

(vii)      নাতিশীতোষ্ণ আৰ্দ্ৰ বা চীনা জলবায়ু

(viii)     নাতিশীতোষ্ণ তৃণভূমি জলবায়ু

(ix)       নাতিশীতোষ্ণ সামুদ্ৰিক জলবায়ু

(x)         আৰ্দ্ৰ পূৱ-উপকুলীয় জলবায়ু

(xi)       উপ-মেৰু (চাইগা)জলবায়ু

(xii)      তুন্দ্ৰা জলবায়ু

(xiii)     পাৰ্বত্য জলবায়ু

11. উপযুক্ত চিত্ৰৰ সৈতে বিভিন্ন প্ৰকাৰৰ জলবায়ু বৰ্ণনা কৰা ।

উত্তৰঃ অক্ষাংশৰ বিস্তৃতিৰ ভিক্তিত বিভিন্ন প্ৰকাৰৰ জলবায়ু তলত দেখুওৱাহল-

12. চমুটোকা লিখাঃ

(ক) আপেক্ষিক আৰ্দ্ৰতা

উত্তৰঃ (ক) আপেক্ষিক আৰ্দ্ৰতাঃ নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট পৰিমাণৰ বায়ুত থকা জলীয় বাষ্পৰ ওজন আৰু একে উষ্ণতাত একে আয়তনৰ বায়ুক সংপৃক্ত কৰিবলৈ আৱশ্যকীয় জলীয় বাষ্পৰ ওজনৰ অনুপাতকে আপেক্ষিক আৰ্দ্ৰতা বুলি কোৱা হয় । সাধাৰণতে ইয়াক শতাংশত প্ৰকাশ কৰা হয়ঃ

নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট পৰিমাণৰ

বায়ুক সংপৃক্ত কৰিবলৈ আৱশ্যকীয় জলীয় বাষ্পৰ ওজন

বায়ুৰ তাপমাত্ৰাৰ পৰিৱৰ্তনৰ লগে লগে আৰ্দ্ৰতা ধৰণৰ ক্ষমতাৰ তাৰতম্য হয় আৰু ইয়াৰ ফলত আপেক্ষিক আৰ্দ্ৰতাত প্ৰভাৱ পৰে । মহাসাগৰত ই সৰ্বাধিক হোৱাৰ বিপৰীতে মহাদেশত সৰ্বনিস্ন হয় । মৰু অঞ্চলত ই একেবাৰে কম হয়।

(খ) বায়ুমণ্ডলীয় চাপ

উত্তৰঃ প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলকে বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয় । ১৫ চেলছিয়াছত সমুদ্ৰপৃষ্ঠত বায়ুমণ্ডলৰ গড় ১০১৩.২ এম বি (মিলিবাৰ) বেৰমিটাৰ নামৰ যন্ত্ৰৰ সহায়ত ইয়াক জোখা হয় । উষ্ণতা আৰু ভূপৃষ্ঠৰ উচ্চতাৰ তাৰতম্যৰ বাবে চাপৰ পাৰ্থক্য হয় । উষ্ণতা অধিক হলে বায়ুৰ চাপ কমে, উষ্ণতা হ্ৰাস পালে বায়ুত চাপ অধিক হয় । বায়ুমণ্ডলৰ প্ৰতি ৯০০ ফুট উচ্চতাত৩৮ এম বি হাৰত চাপ হ্ৰাস পায় ।

(গ) চাপ বলয়

উত্তৰঃ তাপমাত্ৰাৰ পৰিৱৰ্তনৰ বাবে বিভিন্ন স্থানত বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটে । ভূপৃষ্ঠত চাপৰ তাৰতম্যৰ ভিক্তিত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত নিম্নোক্ত স্থানীয় চাপ বলয় কেইটা চিনাক্ত হৈছেঃ

(i)          বিষুৱীয় নিম্ন চাপযুক্ত বলয়

(ii)         উপ-ক্ৰান্তীয় উচ্চ চাপযুক্ত বলয়

(iii)        উপমেৰুৰ নিম্ন চাপযুক্ত বলয়

(iv)       মেৰুঅঞ্চলৰ উচ্চ চাপবিশিষ্ট বলয়

(ঘ) ভিন্ন প্ৰকাৰৰ বৃষ্টিপাত

উত্তৰঃ অধঃক্ষেপনৰ প্ৰধান ৰুপ হৈছে বৃষ্টিপাত জলবায়ুত ইয়াৰ ব্যপক প্ৰভাৱ আছে । বৃষ্টিপাত পাচঁ ধৰণৰ আছেঃ

(i)          পৰিচলন বৃষ্টিপাতঃ ভূপৃষ্ঠত ওপৰত থকা বায়ুৰ সূৰ্যৰ ধাৰবাহিক তাপ বিকিৰনৰ ফলত উত্তপ্ত হৈ পৰে আৰু এই উত্তপ্ত বায়ু বায়ুমণ্ডলত উৰ্ধগামী হয় । এনে বায়ুত থকা জলীয় বাষ্পৰ ঘনীভৱন হবলৈ আৰম্ভ কৰে আৰু বৰষুণৰ ৰুপত পৃথিৱীত পৰে ইয়াক পৰিচলন বৃষ্টিপাত বুলি কোৱা হয় ।

(ii)         বৃষ্টিপাতঃ কেতিয়াবা পাহাৰ পৰ্বতত বাধাপ্ৰাপ্ত হোৱা জলীয় বাষ্প পৰিবাহী বতাহৰ ফলতো বৰষুণ হয় আৰু পাহাৰ-পৰ্বতে এনে আৰ্দ্ৰ বতাহক ঊৰ্ধগামী হবলৈ বাধ্য কৰায় । ঊৰ্ধগামী হৈ ঘনীভূত হোৱাৰ ফলত বৰষুণৰ ৰুপত পৃথিৱীত পৰে । এনে বৰষুণক পাৰ্বত্য বা বন্ধুৰতা বৃষ্টিপাত কোৱা হয় ।

(iii)        বামাৰলি বৃষ্টিপাতঃ বামাৰলিৰ লগত অহা বৰষুণকে বামাৰলি বৃষ্টিপাত বুলি কোৱা হয়

(iv)       অক্ষাংশ বৰষুণঃ অক্ষাংশৰ অৱস্থাৰ বাবে স্থানত বৰষুণ হয় তেনে বৰষুণক অক্ষাংশ বৰষুণ বুলি দনা যায় ।কিছুমান অক্ষাংশৰ ওপৰেৰে স্থায়ী ভাৱে প্ৰবাহিত হোৱা বতাহৰ ফলতে এনে বৰষুণ হয় ।

(v)        অৰণ্য বৃষ্টিঃ উদ্ভিদৰ শ্বসনৰ বাবে অৰণ্য অঞ্চলৰ চৌপাশে অধিক আৰ্দ্ৰতা বিৰাজ কৰে । এনে আৰ্দ্ৰ বতাহ উৰ্ধগামী হলে ঘনীভূত হৈ বৰষুণৰ ৰুপত তললৈ পৰে । ইয়াকে অৰণ্য বৃষ্টি বুলি কোৱা হয় ।

(ঙ) জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱ

উত্তৰঃ জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ । ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰন পোন বা হৈলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি হ্ৰাস- বৃদ্ধি হয় । সূৰ্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে । ইয়াৰ বিপৰিতে বেকাঁ বা হেলনীয়াকৈ পৰা সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা কম হয় অৰ্থাত উত্তাপ কমে । 

(চ) জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱ

উত্তৰঃ উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । উদ্ভিদৰেপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে । অৰণ্য অঞ্চলৰ বায়ুৰাশি চেচাঁ হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু এনে অঞ্চলত সঘনে বৰষুণ হ'কিন্ত উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাত পৰিমান কম হ'য় ।

(ছ) মৌচমী জলবায়ু

উত্তৰঃ ১০ উত্তৰ আৰু ৪০ উত্তৰ অক্ষাংশৰ মাজত থকা উত্তৰ গোলাৰ্ধৰ দেশবিলাকৰ পূব প্ৰান্তত মৌচমী জলবায়ু বিৰাজ কৰে গ্ৰীষ্মকালত এই অঞ্চলৰ উষ্ণতা ২৭ ছেলছিয়াছৰ পৰা ৩২ ছেলছিয়াছৰ মাজত থকে । বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ১০০ ৰ পৰা ২০০ ছেণ্টিমিটাৰ হয় । ১০০ ৰ পৰা ২০০ ছেঃমিঃ ৰ মাজত বৰষুণ হোৱা অঞ্চলত পৰণপাতী বৃক্ষৰ অৰণ্য থাকে । যিবোৰ স্থানত ২০০ ছেঃমিঃ ৰ অধিক বৰষুণ হয় । তেনে অঞ্চলত চিৰসেউজ বৃক্ষ থাকে ।

(জ) টাইগা জলবায়ু

উত্তৰঃ ৫০ আৰু ৬৫ উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত উপমেৰু অঞ্চল উপমেৰু (টাইগা) জলবায়ু এই অঞ্চলত গ্ৰীষ্মকালত গড় তাপমাত্ৰা হল ১০ ছেঃ ৰ পৰা ৩০ ছেঃ ইয়াৰ বিপৰীতে শীতকালীন তাপমান ২.৫ ছেঃ লৈ নিম্নগামী হয় । এনে জলবায়ুৰ অঞ্চলত প্ৰচুৰ তুষাৰপাত হয় আৰু বৰষুণৰ মাত্ৰা তেনেই কম হয় এই অঞ্চলৰ মূল উদ্ভিদ হল সৰল বৰ্গীয় উদ্ভিদ । ছাইবেৰিয়াত থকা এনে সৰলবৰ্গীয় বনাঞ্চলক টাইগা বুলি কোৱা হয় ।

(ঝ) ভূমধ্যসাগৰীয় জলবায়ু

উত্তৰঃ ভূমধ্যসাগৰীয় জলবায়ু অঞ্চলৰ অক্ষাংশৰ অৱস্থান হল ৩০ পৰা ৪৫ উত্তৰ আৰু দক্ষিণ বিষুৱৰেখাৰ মাজত অৱস্থিত । এই অঞ্চলৰ গ্ৰীষ্মকালীল তাপমান ২১ ৰ পৰা ২৭ চেলঠিয়াছ হয় আৰু শীতত তাপমান ১০ চেলছিয়াছৰ পৰা ১৩ চেলছিয়াছে হয় । ইয়াত শীতকালত বৰষুণ হয় । ভূমধ্যসাগৰৰ চৌপাশৰ অঞ্চল, চিলিৰ উপকুল আফ্ৰিকাৰ দক্ষিণ উপকুল, অষ্ট্ৰেলিয়াৰ দক্ষিণ-পশ্চিম উপকুলীয় অঞ্চল, আমেৰিকাৰ কেলিফোৰ্ণিয়া আদি অঞ্চলত এনে জলবায়ু বিৰাজ কৰেএনে অঞ্চলৰ মূল উদ্ভিদ চিৰসেউজ আৰু পৰ্ণপাতী উদ্যান শস্যৰ খেতিৰ বাবে এই অঞ্চল অতি উপযোগী ।

(ঞ) চাভানা জলবায়ু

উত্তৰঃ চাভানা জলবায়ু ছুডান জলবায়ু ৰুপেও জনা যায় । ছুডান মধ্যভাৰত, উত্তৰ-মধ্য আফ্ৰিকা দক্ষিণ ব্ৰাজিল, আজেণ্টিনা, ভেনিজুৱেলা আৰু মধ্য অষ্ট্ৰেলিয়াৰ মধ্যখণ্ডত এই জলবায়ু বিৰাজ কৰে

গ্ৰীষ্মকালত এই অঞ্চলসমূহৰ গড় তাপমান ২৭ চে. ৰ পৰা ২৮ চে. পৰ্যন্ত হয় । শীতকালৰ গড় উষ্ণতা ১০ চে. ৰ পৰা ১৫ চে. পৰ্যন্ত । বৰষুণৰ মাত্ৰা ২৫ ছেঃ মিঃ ৰ পৰা ৪০ ছেঃমিঃ পৰ্যন্ত হোৱাৰ ফলত তৃণভুমি গঢ়ি উঠাত সহায়ক হৈছে । আফ্ৰিকাৰ এনে তৃণভুমিক চাভানা আৰু ব্ৰাজিলত এনে তৃণভুমিক কেম্পোছ’ বুলি জনা যায় ।

(ট) তুন্দ্ৰা জলবায়ু

উত্তৰঃ সুমাৰু আৰু কুমেৰু অন্তৰ্গত অঞ্চলবোৰত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে ।ইয়াত ছমাহ অতি ক্ষীণ সূৰ্যৰ পোহৰ পৰে আৰু বাকী ছমাহ ৰাতি হয় । গ্ৰীষ্মকালত উত্তাপ কেৱল ১০ চেণ্টিগ্ৰেট পৰ্যন্ত হয়, কিন্ত শাতকালত উত্তাপ ০ চেণ্টিগ্ৰেটতকৈ কম থাকে । ইয়াত ভূ-পৃষ্ঠ ভাগ বছৰৰ ৯ মাহ ধৰি বৰফেৰে আবৃত হৈ থাকে বাবে ইয়াত কেৱল শেলৱৈ জাতীয় উদ্ভিদহে গজে । ইয়াৰ জনবসতি অতিকৈ সেৰেঙা ।

(ঠ) পাৰ্বত্য জলবায়ু

উত্তৰঃ পাৰ্বত্য অঞ্চলৰ উচ্চতা সাপেক্ষে ভিন্ন জলবায়ু বিৰাজ কৰে । পাৰ্বত্য অঞ্চলৰ পাদদেশত বিষুবীয় জলবায়ু বিৰাজ কৰে । আৰু উচ্চতা বৃদ্ধিৰ লগে লগে জলবায়ু পৰিৱৰ্তন হয় । আলপাইন জলবায়ু মধ্যাংশত পৰলক্ষিত হয় । ইয়াৰ বতাহ সদায়-শীতল হৈ থাকে আৰু বৰষুণৰ পৰিমাণ মজলীয় হয় । তৃণ গুল্ম সৰলবৰ্গীয় উদ্ধিদ এই অঞ্চলত পোৱা যায় । আসপাইন জলবায়ু ভেৰা, ছাগলী, গৰু আদি পোহ-পালৰ বাবে উপযোগী । ওখ ঠাইসমূহত তুন্দ্ৰাৰ দৰে জলবায়ু বিৰাজ কৰেহিমালয় আলপছ ৰকি এন্ড্ৰিজ আদ্ সউচ্চ পৰ্বতমালাত এনে জলবায়ু বিৰাজ কৰে ।

13. চমুকৈ উতেতৰ দিয়াঃ

(ক) বায়ুমণ্ডল ভূপৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে?

উত্তৰঃ বায়ুমণ্ডল ভূপৃষ্ঠৰ ১০,০০০ কি.মি. উচ্চতালৈ প্ৰসাৰিত হৈ আছে ।

(খ)ত্ৰুটি-হাৰ কি ?

উত্তৰঃ ট্ৰপস্ফিয়েৰ স্তৰত ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ মাজেৰে ওপৰলৈ প্ৰতি এক কিলোমিটাৰ বায়ুৰ উত্তাপ গড় হিচাপত ৬ হাৰত কমিব ধৰে । বায়ুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱা এই হাৰক ত্ৰুটি-হাৰ (Lapse rate) বুলি কোৱা হয় ।

(গ) সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান ?

উত্তৰঃ প্ৰতি বৰ্গ ইঞ্চিত ১৪.৭ পাউণ্ড বা প্ৰতি বৰ্গ চেণ্টিমিটাৰত প্ৰায় এক কিলোগ্ৰাম

(ঘ) বায়ুৰ আৰ্দ্ৰতা বুলি কি বুজা ?

উত্তৰঃ বায়ুত থকা জলীয় বাষ্পৰ পৰামাণক বায়ুৰ আৰ্দ্ৰতা বুলি কোৱা হয়

(ঙ) সংপৃক্ত বায়ু কাক বোলে ?

উত্তৰঃ যদি নিৰ্দিষ্ট উষ্ণতাত এক নিৰ্দিষ্ট আয়তনৰ বায়ুত নিৰ্ধাৰিত উষ্ণতাত ধাৰণ কৰিব পৰা পৰিমাণৰ জলীয় বাষ্প থাকে, তেন্তে সেই বায়ুক সংপৃক্ত বায়ু বোলে ।

(চ) বিয়ুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি কিমান ?

উত্তৰঃ বিয়ুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি বিষুৱৰেখাৰ পৰা ১০ ডিগ্ৰী উঃ আৰু দঃ অক্ষৰেখাৰ মাজৰ অঞ্চলত বিৰাজ কৰ

(ছ) কেম্পচ ঘাঁহনি অঞ্চল কোন জলবায়ুৰ অঞ্চলৰ অন্তৰ্গত?

উত্তৰঃ কেম্পচ ঘাঁহনি অঞ্চল  ছাভানা জলবায়ুৰ অঞ্চলৰ অন্তৰ্গত

(জ) নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি উল্লেখ কৰা

উত্তৰঃ দুয়োটা গোলাগৰ্ধত ৩০ প পৰা ৪০ অক্ষাংশৰ মাজত ।

(ঝ) চীনদেশীয় জলবায়ুক কি জলবায়ু বুলি কোৱা হয়?

উত্তৰঃ চীনদেশীয় জলবায়ুক নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু বুলি কোৱা হয়

(ঞ) অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ অনিয়মিত বতাহৰ এটা উদাহৰণ হল মৌচুমা বতাহ।

(ট) উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কিয় বেছি?

উত্তৰঃ উষ্ণ বায়ু প্ৰসাৰিত হৈ থকে আৰু বেছি ঠাই আগুৰি থাকে সেয়ে এই প্ৰসাৰিত বায়ুৰ জলূয় বাষ্প ধাৰণ ক্ষমতা বেছি হয় ।

(ঠ) বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ কিয় বেছি?

উত্তৰঃ বায়ুমণ্ডলৰ নিম্নভাগত বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবেই তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকোচিত হৈ পৰে, ফলত ঘনত্ব বাঢ়ে । ঘনত্ব বাঢ়িলে বায়ুৰ চাপ বেছি হয়।    





Published by Krishna Das

************







Previous Post Next Post