পৃথিৱীৰ মানুহ | Class 9 geography chapter 2 question answer in assamese | Class 9 elective geography solutions in assamese

 পৃথিৱীৰ মানুহ | নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যয় । ভূগোল 

SEBA Class 9 Elective Geography notes. Class 9 elective geography solution in Assamese.  

 

পৃথিৱীৰ মানুহ

 

প্ৰশ্নাৱলী

 

1.   মানৱ ভূগোল’ৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা ।

উত্তৰঃ ভূগোলৰ যি শাখাত স্থান কালগত পৰেপ্ৰেক্ষাৰ ভিক্তিত প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্কৰ অধ্যয়ন কৰা হয়, তাকে মানৱ ভূগোল বোলা হয় । এই অধ্যয়নৰ শাখাটো বহুটো শাখা-উপশাখাৰে গঠিত মানৱ ভূগোলৰ কেইটামান উল্লেখীয় শাখা হৈছেঃ

(i)                         বসতি ভূগোল

(ii)                      সামাজিক ভূগোল

(iii)                   অৰ্থনৈতিক ভূগোল

(iv)                    সাংস্কৃতিক ভূগোল

(v)                       ৰাজনৈতিক ভূগোল

(vi)                    নগৰীয়া ভূগোল

(vii)                 জনসংখ্যা ভূগোল

(viii)              চিকিৎসা ভূগোল

(ix)                    ঐতিহাসিক ভূগোল

(x)                       আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল

2.   মানৱ ভূগোলৰ বিষয়বস্ত সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ মানৱ ভূগোলত প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশত মানুহৰ ক্ৰিয়াকলাপৰ অধ্যয়ন কৰাৰ লগতে এটাৰ ওপৰত আনটোৰ ভিন্ন প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হয় । ই এক বিশাল বিষয় আৰু ইয়াত বৃহৎ পৰিসৰৰ অধ্যয়ন সন্নিৱিষ্ট, কিন্ত ইয়াৰ অধ্যয়ন প্ৰধানতঃ মানৱ কেন্দ্ৰিক মানৱ ভূগোলৰ প্ৰধান বিষয়বস্ত হৈছে-  

(i)                         প্ৰকৃতিক পৰিৱেশ আৰু মানুহৰ মাজৰ সম্বন্ধ বিষয়ে অধ্যয়নঃ মানৱ ভূগোলত প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ মাজৰ সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰা হয় । মানুহৰ কাম-কাজৰ ওপৰত প্ৰাকৃতিক পৰিৱেশে বহু পৰিমাণে প্ৰভাৱ পেলায় । মানুহে জীৱন নিৰ্বাহৰ বাবে প্ৰাকৃতিক পৰিৱেশৰ সৈতে অভিযোজিত হয় ।

(ii)                      মানৱসৃষ্ট পৰিৱ্শৰ অধ্যয়নৰ লগতে মানুহে পৰিৱেশ কেনেদৰে সৃষ্টি কৰে সেই সম্পৰ্কে অধ্যয়নঃ মানৱ ভূগোলত মানৱসৃষ্ট পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে এনে পৰিৱেশৰ মানুহে কেনেদৰে সৃষ্টি কৰে এই সম্পৰ্কে অধ্যয়ন কৰা হয় । মানৱসৃষ্ট পৰিৱেশ ঠাই বিশেষে ভিন্নউদাহৰণস্বৰুপে মানৱ বসতি সমতলভূমিত অতি ঘন হোৱাৰ বিপৰীতে পাহাৰীয়া অঞ্চলসমূহত অতি পাতল । বিভিন্ন প্ৰকৃতিৰ মানৱসৃষ্ট পৰিৱ্শে আৰু ইয়াৰ অন্তৰালৰ কাৰণসমূহ অধ্যয়নৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে ।

(iii)                   বিভিন্ন ঠাইৰ বিভিন্ন মানৱীয় বৈশিষ্ট্যসমূহৰ অধ্যয়নঃ মানৱ ভূগোলৰ ভ-পৃষ্ঠৰ ভিন্ন প্ৰাকৃতিক অৱয়বৰ উপৰিও ভিন ভিন স্থানৰ মানুহৰ বৈশিষ্ট্যৰ ওপৰত আলোকপাত কৰে । পৃথিৱীত বাস কৰা প্ৰায় সাতশ কোটি মানুহৰ ভিন ভিন দৈহিক গঠন, ধৰ্মীয়-ভাষিক গাঁথনি, আচৰণ আৰু ৰীতি-নীতি, অৰ্থনৈতিক ক্ৰিয়া কলাপ, শৈক্ষিক মানবৈশিষ্ট্য আদি মানৱ ভূগোলত অধ্যয়ন কৰা হয় ।

(iv)                    বিভিন্ন প্ৰকাৰৰ বিভিন্নতা আৰু পদ্ধতিৰ অধ্যয়নঃ পৰিৱ্শ আৰু মানুহৰ গতিশীল সম্পৰ্কত সংঘটিত ভিন্ন পৰিৱৰ্তন আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে মানৱ ভূগোলত অধ্যয়ন কৰা হয় ।

3.   মানৱ জাতি বুলিলে কি বুজা চমুকৈ লিখা ।

উত্তৰঃ মানৱ জাতি হৈছে একে ধৰণৰ শাৰৰাৰিক বৈশিষ্ট্য থকা নৃগোষ্ঠী যাৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ পৰৱৰ্তী জনুলৈ বংশানুক্ৰমে প্ৰবাহিত হয় । জীৱবিদ আৰু নৃতত্ববিদ সকলৰ মতে প্ৰায় ৫-৬ লাখ বছৰ পূৰ্বে বিৱৰ্তনৰ ফলত মধ্য আফ্ৰিকাত মানুহে জন্ম লাভ কৰে । এই নতুনকৈ উপত্তি হোৱা মানৱ প্ৰজাতিক হমচেপিয়েনছ বুলি জনা যায়অৱশ্যে ভিন্ন জলবায়ু আৰু ভিন্ন ভৌগোলিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভিন ভিন শাৰীৰিক বৈশিষ্ট্যযুক্ত মানুহ আদিম কালৰ পৰাই বসবাস কৰা দেখা যায় । তাৰ ফলত, বিভিন্ন ঠাইৰ মানুহৰ মাজত শৰীৰৰ গঠন, ছালৰ বৰণ,নাকৰ গঠন আৰু মুখমণ্ডল, চুলিৰ ৰং আদিৰ ক্ষেত্ৰত লক্ষণীয় পাৰ্থক্য দেখিবলৈ পোৱা যায় একেধৰণৰ শাৰীৰিক বৈশিষ্ট্যযুক্ত মানুহেৰে এটা মানৱ প্ৰজাতি গঠিত হয়জীৱবিদসকলে মানুহক তিনিটা প্ৰধান মানৱ জাতিত বিভক্ত কৰিছে । উদাহৰণ- ককেছিয়, নিগ্ৰইড আৰু মংগোলীয়

4.   কি কি ভিক্তিত মানৱজাতি বিভাজন কৰা হয় চমুকৈ লিখা

উত্তৰঃ বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা লোকৰ ছালৰ বৰণকে ধৰি দৈহিক গঠনৰ বিভিন্ন দিশত বিভিন্নতা পৰিলক্ষিত হয় । তসত্বেও এক ধৰণৰ শাৰীৰিক বৈশিষ্ট্যযুক্ত নৃগোষ্ঠীক মানৱ প্ৰজাতি বুলি কোৱা হয় । বংশগতি সূত্ৰে এটা প্ৰজন্মৰ  পৰা আান এটা প্ৰজন্মলৈ সাদৃশ্য থকা শাৰীৰিক বৈশিষ্ট্য সঞ্চালিত হোৱা মানুহৰ গোটকেমানৱ প্ৰজাতিহিচাপে অভিহিত কৰা হয়সাদৃশ শাৰীৰিক বৈশিষ্ট্যযুক্ত মানুহক নিম্নলিখিত তিনিটা প্ৰধান বহল গোটত বিভক্ত কৰা হৈছে ।

 

এই গোটসমূহ উল্লেখিত প্ৰধান কাৰণৰ অথবা ভিক্তিৰ ওপৰত বিভক্তঃ

(i)         ছালৰ বৰণ

(ii)       চুলিৰ বৰণ

(iii)     উচ্চতা

(iv)     নাকৰ গঠন

(v)       মুখমণ্ডলৰ গঠন

(vi)     কপালৰ গঠন

5.   মানুহ আৰু মানৱজাতিৰ সৃষ্টি সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ মানুহৰ উপত্তিৰ সামান্যতম তথ্যহে উপলদ্ধ । জীৱবিদ আৰু নৃতত্ববিদসকলৰ দ্বাৰা আগবঢ়োৱা বিৱৰ্তনৰ সংজ্ঞা অনুযায়ী মানুহ সম্ভৱত কোনো এক নিৰ্দিষ্ট প্ৰকাৰৰ বান্দৰ, চিম্পাজী, গৰিলা ইত্যাদিৰ পৰা উতপন্ন হয় । এয়া সম্ভৱতেঃ মধ্য প্লেইচটচিন যুগত (প্ৰায় ৫-৬ লাখ বৰ্ষ পূৰ্বে) সংঘটিত হৈছিল যেতিয়া সামগ্ৰিক পাকৃতিক পৰিৱেশ, বতৰ অনুকুল আছিল । এই নতুনকৈ উপত্তি  হোৱা জন্ত মানৱ প্ৰজাতিক হমচেপিয়েনছ বুলি কোৱা হয় । এয়া অনুমান কৰা হল যে এই প্ৰক্ৰিয়া নিশ্চিতভাৱে মধ্য আফ্ৰিকাত আৰম্ভ হয় আৰু পিছলৈ এই নতুনকৈ উপত্তি হোৱা মানৱ সদৃশ জীৱই বিশ্বৰ অন্য প্ৰান্তলৈ প্ৰব্ৰজন কৰে। 

বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিৱেশৰ বসবাস কৰাৰ ফলত মানুহৰ ক্ষেত্ৰত মানুহৰ বিভন্ন ধৰণৰ জৈৱিক বিকাশ সাধন ঘটিব ধৰে । বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা হমচেপিয়েনসকলৰ ওপৰত বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ পৰে আৰু শাৰীৰিক বৈশিষ্ট্যৰ বিভিন্নতাই দেখা দিয়ে । সেইমতে আফ্ৰিকাৰ গ্ৰীষ্ম অঞ্চলসমূহত বসবাস কৰা নিগ্ৰোসকলৰ ছালৰ বৰণ কলা । শীতল অঞ্চলৰ (ককেছীয় ছালৰ বৰণ বগা) আৰু শাতলতম মধ্য এছিয়া অঞ্চলৰ মানহক মংগোলীয় বুলি জনা যায় । (ছালৰ বৰণ হালধীয়া) । সেয়ে এই তিনিটা গোটক বিশ্বৰ প্ৰধান মানৱ জাতি বুলি কোৱা হয় । অৱশ্যে কালক্ৰমত বিভিন্ন প্ৰকাৰ উপপ্ৰজাতি এই প্ৰধান গোটসমূহৰ পৰা উপত্তি হোৱা দেখা যায় । আজি জীয়াই থকা সকলো মানুহ এই প্ৰধান গোটসমুহৰ যিকোনো এটাৰ প্ৰাথমিক গোট বা সিহঁতৰ উপজাতিৰ সংযোজনৰ অন্তৰ্ভুক্ত ।

6.   চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক বিভক্তি কৰা ।

উত্তৰঃ  চুলি, নাক, মুখ, উচ্চতা, ছালৰ বৰণ আদিৰ ওপৰত ভিক্তি কৰি মানৱ প্ৰজাতিক তিনিটা বহল বিভাগত বিভক্তি কৰিব পাৰিঃ

(i)         ককেছীয় গোষ্ঠী

(ii)       নিগ্ৰইড গোষ্ঠী

(iii)     মংগোলীয় গোষ্ঠী

 

7.   পৃথিৱীৰ প্ৰধান মানৱজাতি তিনিটাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ পৃথিৱীৰ প্ৰধান মানৱ প্ৰজাতিসমূহঃ 

(i)          ককেছীয় গোষ্ঠী    

(ii)           নিগ্ৰইড গোষ্ঠী 

(iii)           মংগোলীয় গোষ্ঠী


মানৱ প্ৰজাতিৰ তিনিটা প্ৰধান বৈশিষ্ট্যঃ


ক্ৰমিক নং

মূল

ককেছীয় গোষ্ঠী

নিগ্ৰইড গোষ্ঠী

 

মংগোলীয় গোষ্ঠী

 

(i)

ছালৰ বৰণ

শেতা ৰঙচুৱা বগাৰ পৰা জলফাই মুগা।

লা

গেৰুৱা বৰণৰ পৰা হালধীয়া মুগা

(ii)

চকুৰ বৰণ

পাতল নীলাৰ পৰা ডাঠ মুগা।

লাৰ পৰা ডাঠ মুগা ।

মুগাৰ পৰা ডাঠ

(iii)

চুলিৰ বৰণ

পাতল সোণালী চুলিৰ পৰা ডাঠ মুগা।

কেকুঁৰা

লা, দীঘল আৰু পোন

(iv)

মুখ

ঠেকৰ পৰা মধ্যমীয়া ।

বহলৰ পৰা ঠেক

বহল আৰু চেপেটা ।

(v)

ওঁঠ

পাতল

মোটা

স্বাভৱিক

(vi)

নাক

তীক্ষ আৰু ঠেক ।

বহল আৰু ভোটা

চেপেটা বা চুটি।

(vii)

উচ্চতা

মধ্যমীয়াৰ পৰা ওখ ।

চাপৰৰ পৰা ওখ।

তুলনামূলকভাৱে কম ।

(viii)

মুৰৰ আকাৰ

দীঘলৰ পৰা চুটি ।

দীঘলীয়া ।

সাধাৰণতে চেপেটা ।


1.   পৃথিৱীৰ কোন কোন অঞ্চলত প্ৰথমতে মানুহৰ সৃষ্টি হোৱা বুলি ধৰা হয় ? চিত্ৰসহ প্ৰধান মানৱ গোষ্ঠীসমূহৰ বিস্তাৰ আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ পৃথিৱীত মানুহে কেতিয়াৰ পৰা আৰু কত প্ৰথমে বসবাস কৰিছিল তাৰ বিষয়ে কোনো গ্ৰহণযোগ্য় পেৰমান পাবলৈ নাই কিন্ত আধুনিক প্ৰত্নতত্বৰ পৰা লাভ কৰা তথ্য অনুযায়ী অনুমান কৰা হৈছে যে প্ৰায় এক লাখ বৰ্ষ পূৰ্বে প্ৰাচীন পৃথিৱীৰ আফ্ৰিকাৰ পূব প্ৰান্তত মানুহ দেখিবলৈ পোৱা গৈছিল । প্ৰায় ২৫-৩০ হাজাৰ বৰ্ষ পূৰ্বে, পৃথিৱীৰ অন্ প্ৰান্তলৈ মানুহে প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰে । সুদীৰ্ঘ কালজোৰা প্ৰব্ৰজনৰ ফলত আৰু ভৌগোলিক পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তনৰ ফলত সেই সময়ৰ মানুহৰ দৈহিক বৈশিষ্ট্য দৃশ্যমান পৰিৱৰ্তন সাধন হয় । এয়া বিশ্বাস কৰা যায় যে সেই সময়ৰ মানুহৰ দৈহিক গঠন পৃথিৱীৰ প্ৰধান মানৱ গোষ্ঠীসমূহে যেনে ককেছীয়, নিগ্ৰ'ইড আৰু মংগোলীয় গোষ্ঠীৰ সংমিশ্ৰণত গঠিত আছিল কিন্ত প্ৰব্ৰজন আৰু প্ৰাকৃতিক নিৰ্বাচন প্ৰক্ৰিয়া অথবা বংশগতি সূত্ৰে বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা মানুহৰ মাজৰ পাৰ্থক্যসমূহ প্ৰকট হবলৈ ধৰে ।

ইয়াকে কব পাৰি যে প্ৰথম প্ৰব্ৰজন মানুহৰ উৎপত্তিৰ কেন্দ্ৰস্থল মধ্ আফ্ৰিকাৰ পৰাই আৰম্ভ হয় । মানৱ প্ৰজাতিয়ে উত্তৰ আৰু উত্তৰ পূৱ দিশে গমন কৰিছিল । এই গোটসমূহে  পোন প্ৰথমে নিশ্বিতভাৱে দ্বীপসমূহলৈ যাত্ৰা কৰিছিল কাৰণ বিশাল মহাসাগৰ পূব আৰু পশ্চিমৰ মাজত বাধাৰ প্ৰাচীৰ ৰুপে থিয় দিছিল । ইয়াৰ প্লিচটোচিন হিম যুগৰ বৰফাবৃত মহাসাগৰ সমূহে ভূখণ্ডসমূহৰ মাজত যোগসূত্ৰ স্থাপন কৰাত সহায় কৰে । ই চাইবেৰিয়া আৰু আলাষ্কাৰ মাজেৰে বেৰিংপ্ৰণালী পাৰ হোৱাত সহায় হয় । সেইদৰে, মংগোলীয় বংশশোদ্ভৱ মধ্য এছিয়াৰ মানুহ উতেতৰ, মধ্য আৰু দক্ষিণ আমেৰিকালৈ প্ৰব্ৰজন কৰে । ঠিক সেইদৰে, ককেছীয় লোকসকলে দক্ষিণ-পশ্চিম এছিয়াৰ পৰা উত্তৰ আৰু পশ্চিম ইউৰোপ আৰু ত্তৰ-পূব আফ্ৰিকা আৰু মধ্য় আফ্ৰিকাৰ পৰা দক্ষিণ আৰু পূব আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ কিছুমান অঞ্চললৈ প্ৰব্ৰজন কৰে ।

ভাৰতবৰ্ষত বসবাস কৰা লোকসকল দক্ষিণ ইউৰোপৰ পৰা প্ৰব্ৰজন  কৰা ককেছীয় গোষ্ঠীৰ উপ গোষ্ঠী ভূমধ্যসাগৰীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত । দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বসবাস কৰা লোকলসকল পশ্চিম ইউৰোপৰ পৰা প্ৰব্ৰজন কৰা নৰ্দিক শ্ৰেণীৰ ককেছীয় গোষ্ঠীৰ লোক ।

সেয়েহে আমি কব পাৰো যে বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা লোকসকল বিভিন্ন গোষ্ঠীৰ মিশ্ৰিত লোক


   

9.   পৃথিৱীৰ প্ৰধান ধৰ্মবোৰ কি কি ? এই ধৰ্মবোসমূহৰ জনসংখ্যা  ধৰি বিতৰণ আৰু মূল বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ পৃথিৱীৰ প্ৰধান ধৰ্মসমূহ হৈছে খ্ৰীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ । এই চাৰিটা ধৰ্মই পৃথিৱীৰ ৭৫ শতাংশ মানুহৰ দ্বাৰা গঠিত । ২০০৬ চনৰ পৰিসংখ্যা অনুযায়ী এই ধৰ্মৰ লোকসকলৰ সংখ্যা তলত দায়া ধৰণৰঃ

নাম

জনসংখ্যাৰ

আকাৰ (কোটি)

শতাংশ

(i)                 খ্ৰীষ্টান ধৰ্ম

(ii)               ইছলাম

(iii)             হিন্দু

(iv)             বৌদ্ধ

২১৩ কোটি

১৩৫ কোটি

৯০ কোটি

৩৮ কোটি

৩৩%

২১%

১.৪%

%


(i)                         খ্ৰীষ্টান ধৰ্মঃ প্ৰায় ২০০০ বৰ্ষৰ পূৰ্বে যীশু খ্ৰীষ্টৰ দ্বাৰা খ্ৰীষ্ট ধৰ্ম প্ৰতিষ্ঠা কৰা হৈছিল । যদিও এই ধৰ্মৰ পুৰণি ইজৰাইলত আৰম্ভ হয়, অতি শীঘ্ৰে ইয়াৰ বিস্তাৰ ধৰ্ম প্ৰচাৰসকলৰ জৰিয়তে বিশ্বৰ অন্য প্ৰান্তলৈ বিস্তাৰিত হয় । বিশেষকৈ তেতিয়াৰ ৰোমান সাম্ৰাজ্যত । খ্ৰীষ্ট ধৰ্মৰ প্ৰধান বৈশিষ্ট্যসমূহঃ

(ক) খ্ৰীষ্ট ধৰ্মী সকল একেশ্বৰবাদী অৰ্থাৎ তেওঁলোকে এক ঈশ্বৰ বিশ্বাস কৰে ।

(খ) ই পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্ম, প্ৰায় ২১৩ কোটি মানুহ এই ধৰ্মত বিশ্বাসী (২০০৬ চনৰ তথ্য অনুসৰি)

(গ) তেওঁলোকৰ পৱিত্ৰ গ্ৰন্থখন হৈছে বাইবেল

(ii)                      ইছলামঃ প্ৰায় ১৪০০ বৰ্ষ পূৰ্বে হজৰত মহস্মদে মধ্য প্ৰাচ্যৰ মৰু অঞ্চলত ইছলাম ধৰ্ম প্ৰতিষ্ঠা কৰে আৰু অতি শীঘ্ৰে ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়ালৈ সম্প্ৰসাৰিত হয় । এই ধৰ্মৰ কিছু বৈশিষ্ট্য বৈছেঃ

(ক) মুছলমানসকল একেশ্বৰবাদী অৰ্থাৎ তেওঁলোকে এজন ঈশ্বক বিশ্বাস কৰে ।

(খ) মুছলমানসকলৰ দুটা প্ৰধান গোট হৈছে চিয়া আৰু চুন্নী ।

(গ) ই পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ ধৰ্মায় গোট ।

(ঘ) তেওঁলোকৰ পৱিত্ৰ গ্ৰন্থখন হৈছে কোৰাণ ।

(iii)                   হিন্দু ধৰ্মঃ প্ৰায় ২৫০০ পূৰ্বে ভগৱান বুদ্ধই উত্তৰ ভাৰতৰ বুদ্ধ গয়া অঞ্চলত বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰে । এই ধৰ্ম ভাৰতবৰ্ষৰ পৰা চুবুৰীয়া ভূটান, চীন, শ্ৰীলংকা, দক্ষিণ-পূব এছিয়ালৈ বিস্তৃতঃ

বৌদ্ধ ধৰ্মৰ কিছুমান প্ৰধান বৈশিষ্ট্য হৈছেঃ

(ক) ইয়াৰ প্ৰধান দুটা শাখা হৈছে হীনযান আৰু মহাযান ।

(খ) বৌদ্ধ ধৰ্মৰ প্ৰধান ধৰ্ম গ্ৰন্থখন হৈছে ত্ৰিপিটক।

10.   ভাৰতবৰ্ষৰ জনসংখ্যা ধৰ্মীয় গাঁথনি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ ভাৰতবৰ্ষ বহু ধৰ্মৰ দেশ । ভাৰতবৰ্ষ প্ৰধান ধৰ্মসমূহ যেনে- হিন্দু ধৰ্ম, বৈদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্মৰ জন্মস্থলী ।

    ধৰ্মীয় গঠনঃ ভাৰতবৰ্ষৰ ধৰ্মীয় গঠনঃ

ক্ৰমিক নং

ধৰ্ম

শতাংশ

·                                

·                                

·                                

·                                

·                                

হিন্দু ধৰ্ম

ইছলাম ধৰ্ম

খ্ৰীষ্ট ধৰ্ম

শিখ ধৰ্ম

বৌদ্ধ ধৰ্ম

৮১.৪%

১২.৪%

২.৩%

১.৯%

০.৪%

 

বিতৰণঃ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ধৰ্মীয় গোট হিন্দু দেশৰ সকলো প্ৰান্ততে বসবাস কৰে । ভাৰতৰ মূখ্য ইছলাম-প্ৰধান ৰাজ্যখন হৈছে জন্মু আৰু কাশ্মীৰ । ইছলাম ধৰ্মাৱলম্বী লোক উত্তৰ প্ৰদেশ, বিহাৰ পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, কেৰালা আদি ৰাজ্যত পোৱা যায় । শিখসকল প্ৰধানকৈ পঞ্জাব আৰু হাৰিয়ানা ৰাজ্যত বসবাস কৰে । উত্তৰ-পূৱৰ ৰাজ্যসমূহত যেনে- নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ত খ্ৰীষ্টধৰ্মলোকৰ জলবসতি ঘন । তেওঁলোকে দেশৰ কিছুমান নিৰ্দিষ্ট ঠাইত বসবাস কৰে । বৌদ্ধ ধৰ্মৰ লোকসকল প্ৰধানকৈ কিছিম, অৰুণাচল প্ৰদেশৰ পশ্চিম অংশ পশ্চিমবংগৰ উত্তৰ অংশ আৰু বিহাৰৰ উত্তৰ অংশত পোৱা যায় । জৈনসকল প্ৰধানকৈ ৰাজস্থানত বসবাস কৰে ।

1.   চমুটোকা লিখাঃ

(i)         মানুহ আৰু মানৱ ভূগোল

(ii)       মানৱ জাতি

(iii)     নিগ্ৰইড গোষ্ঠী

(iv)     ধৰ্মীয় গাঁথনি

(v)       বৌদ্ধ ধৰ্ম

(vi)     ভাৰতবৰ্ষত খৃষ্টানধৰ্মীয় লোক ।

উত্তৰঃ

মানুহ আৰু মানৱ ভূগোলঃ বিৱৰ্তনৰ প্ৰক্ৰিয়াৰ ফলত বহুনিযুত বৰ্ষৰ পূৰ্বে বান্দৰ, চিপাঞ্জী, গৰিলা ইত্যাদি জন্তৰ পৰা মানুহ উৎপত্তি হৈছিল বুলি ধৰা হৈছে । এয়া এয়া খুব সম্ভৱতঃ ৫-৬ লাখ বৰ্ষ পূৰ্বে মধ্য আফ্ৰিকাত ঘটিছিল আৰু পিছলৈ বিশ্বৰ অন্যপ্ৰান্তলৈ সম্প্ৰসাৰিত হয়। মানুহৰ উৎপত্তি, বিকাশ আৰু অস্তিত্ব আৰু পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ মানৱ ভূগোলৰ অধ্যয়নৰ প্ৰধান বিষয়বস্তু । মানুহৰ ওপৰত পৰিৱেশৰ প্ৰভাৱৰ ফলত বিভিন্ন ঠাইৰ মানুহৰ বিভিন্ন শাৰীৰিক বৈশিষ্ট্য অদ্ভুদ হোৱাৰ ফলত তিনিটা সুষ্পষ্ট মানৱ প্ৰজাতি গঠন হয়, সেৱহৈছে ককেছীয় গোষ্ঠী, নিগ্ৰইড গোষ্ঠী আৰু মংগোলীয় গোষ্ঠী । পৃথিৱীৰ বিভিন্ন ঠাইত এই সময়ছোৱাত এই প্ৰধান জাতিসমূহৰ পৰা অসংখ্য উপ-জাতিৰ উৎপত্তি হয় । এনে বিজ্ঞান যত মানুহৰ বিকাশ, প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত সম্বন্ধ আৰু ইটোৰ ওপৰত আনটোৰ প্ৰভাৱ আৰু ফলাফলৰ বিষয়ে অধ্যয়ন হয় তেনে অধ্যয়নক মানৱ ভূগোল বুলি কোৱা হয় ।

মানৱ জাতিঃ জীৱবিদ আৰু নৃতত্ত্ববিদসকলৰ মতে আজিৰ পৰা ৫-৬ লাখ বৰ্ষ পূৰ্বে বিৰ্ৱতনৰ সূত্ৰে মধ্য আফ্ৰিকাত মানুহৰ উৎপত্তি হয় । এই নতুনকৈ উৎপত্তি হোৱা মানুহ হমচেপিয়েনছ নামৰ গোট এটাৰ অন্তৰ্ভুক্ত । নৃতত্ববিদসকলৰ মতে মানুহ বৰ্তমানৰ বিকাশ স্তৰত উপনীত হবলৈ বোধ হয় বহুটো পৰ্যায় অতিক্ৰম কৰিব লগা হৈছিল । পৰৱৰ্তী কালত, মানুহ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰব্ৰজন কৰে বুলি ধাৰণা কৰা হৈছে । বিশ্বৰ বসবাস কৰা লোকসকলৰ ওপৰত ভৌগোলিক পৰিস্থিতিৰ প্ৰভাৱৰ ফলত অধিক মাত্ৰাত দৈহিক বৈশিষ্ট্যৰ বিভিন্নতা প্ৰকট হয় । তথাপি একে দৈহিক বৈশিষ্ট্যযুক্ত মানুহক একত্ৰিতভাৱে মানৱজাতি আখ্যা দিয়া হৈছে । মানৱ জাতি হৈছে একে ধৰণৰ শাৰীৰিক বৈশিষ্ট্য থকা নৃগোষ্ঠী যাৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ পৰৱৰ্তী জনলৈ বংশানুক্ৰমে সঞ্চালিত হয় । ইয়াৰ ওপৰত ভিক্তি কৰি মানুহক তিনিটা প্ৰধান মানৱ গোষ্ঠীত ভাগ কৰিব পাৰি । এই কেইটা হৈছে ককেছীয়, নিগ্ৰইড গোষ্ঠী আৰু মংগোলীয় গোষ্ঠী ।

নিগ্ৰইড গোষ্ঠীঃ নিগ্ৰইড সকল বেছিকৈ আফ্ৰিকা, দক্ষিণ ভাৰত, শ্ৰীলংকা, দক্ষিণ পূব এছিয়াৰ কিছু অংশ আৰু ওচেনিয়াৰ কিছুমান নিৰ্দিষ্ট অংশত পোৱা যায় । নিগ্ৰইড গোষ্ঠীৰ লোকসকল ছালৰ বৰণ কলা বা গাঢ় মুগা ধৰণৰ, চুলি কেঁকোৰা, নাক বহল আৰু চেপেটা ।নিগ্ৰইড জনসংখ্যাৰ উপ-প্ৰজাতিসমূহঃ

(i)         পূব আফ্ৰিকাৰ নেলটিক হেমিটিক ।

(ii)       মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ বাণ্টু ।

(iii)     পশ্চিম আফ্ৰকাৰ বুছমেন আৰু পিগমি ।

(iv)     দক্ষিণ ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ নেগ্ৰিটো ।

(v)       দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মেলানেচীয়সকল ।

(vi)     ওচেনিয়া অষ্ট্ৰেলইডসকল

ধৰ্মীয় গাঁথনিঃ ধৰ্ম হৈছে নীতি-নিয়ম আৰু নৈতিকতাবোধৰ সমাহা যিয়ে পৃথিৱীত বসবাস কৰা ভিন্ন সমস্কৃতিৰ জাতি-জন গোষ্ঠীৰ জীৱন যাপনৰ ক্ষেত্ৰত পথ পদৰ্শন কৰে । প্ৰাচীন কালৰে পৰাই, পৃথিৱীৰ সকলো প্ৰান্তৰলোকসকলে কোনো ইটা ধৰ্ম অনুসৰণ কৰি আহিছে । পৃথিৱীৰ চাৰিটা প্ৰধান ধৰ্ম হৈছে খ্ৰীষ্ট ধৰ্ম, ইছলাম ধৰ্ম, হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্ম । তেওঁলোকৰে পৃথিৱীৰ ৭৫ শতাংশ জনসংখ্যা গঠিত আৰু বাকী ২৫ শতৈংশ শিখ, জৈন, চীনৰ লোকধৰ্ম, কনফুচিয়াচ, বাহাই, উহুদি (জিউ-হিমব্ৰু), চিন্তো, বৈষ্ণৱ ইত্যাদিৰে গঠিত । পৃথিৱীৰ লোকসকলৰ ধৰ্মীয় সংযুক্তি (২০০৬ চনৰ পৰিসংখ্যা অনুযায়ী)

ক্ৰমিক নং

নাম

জনসংখ্যা অংশৰ

(কোটি হিচাপত)

শতাংশ %

(i)

খ্ৰীষ্ট ধৰ্ম

২১৩

৩৩.০

(ii)

ইছলাম ধৰ্ম

১৩৫

২১.০

(iii)

হিন্দু ধৰ্ম

৯০

১৪.০

(iv)

বৌদ্ধ ধৰ্ম

৩৮

৬.০

(v)

ইহুদি ধৰ্ম

১.৬

০.২

(vi)

চীনৰলোক ধৰ্ম

৩৯

৬.১

(vii)

শিখ

২.৩

০.৩

(viii)

বাহাই ধৰ্ম

০.১

(ix)

অনান্য ধৰ্ম

১২৮.৬

১৯.৩


বৌদ্ধ ধৰ্মঃ প্ৰায় ২৫০০ বছৰৰ পূৰ্বে গৌতম বুদ্ধই উত্তৰ ভাৰতৰ বুদ্ধ গয়া অঞ্চলত বুদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰে । বৌদ্ধ ধৰ্মৰ দুটা প্ৰধান শাখা হৈছে হীনযান আৰু মহাযান । বুদ্ধ ধৰ্মৰ প্ৰধান পৱিত্ৰ গ্ৰন্থ হৈছে ত্ৰিপিটক । ২০০৬ চনৰ পৰিসংখ্যা অনুযায়ী সমগ্ৰ বিশ্বত প্ৰায় ৩৮ কোটি বৌদ্ধ ধৰ্মাৱলম্বীৰ লোক বসবাস কৰে । তেওঁলোকৰ দ্বাৰা বিশ্বৰ ৬ শতাংশ জলসংখ্যা গঠিত । বৌদ্ধ ধৰ্ম ভাৰতবৰ্ষৰ পৰা ভূটান, চীন, শ্ৰীলংকা, দক্ষিণ পূব এছিয়া আদিলৈ বিস্তৃত ।

বিতৰণঃ

(i)                         হীনযান শাখাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বেছিভাগ শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, লাওচ, কম্বোডিয়া আদি দেশত বসবাস কৰে ।

(ii)                      মহাযান শ্ৰেণীৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল তিব্বত, মংগোলীয় টাইৱান, চীনৰ চিকিয়াং অঞ্চল, জাপান, উত্তৰ আৰু দক্ষিণ কোৰিয়া, ভূটান, ভিয়েটনাম, মালয়েছিয়াম, ব্ৰুনেই আদি দেশসমূহত পোৱা যায় ।

ভাৰতবৰ্ষৰ খ্ৰীষ্টধৰ্মৰ লোকসকলঃ ২০০১ চনৰ গণনা অনুযায়ী ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ২.৩ শতাংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী । খ্ৰীষ্টানসকলৰ বেছিভাগেই নাগালেণ্ড, মিজোৰাম মেঘালয়ষ কেৰালা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আদি ৰাজ্যত পোৱা যায় । খ্ৰীষ্টানসকল প্ৰধানকৈ দুই প্ৰকাৰৰ, যেনে- ৰোমান কেথলিক আৰু প্ৰটেষ্টাণ্ট । প্ৰটেষ্টাণ্টসকল আৰু অধিক উপ গোটত বিভক্ত, প্ৰত্যেকটোয়ে খ্ৰীষ্ট ধৰ্মৰ বিভিন্ন দিশসমূহত গুৰুত্ব প্ৰদান কৰে । এই আটাইবোৰ গোট ভাৰতবৰ্ষত সক্ৰিয় । সমগ্ৰ দেশত খ্ৰীষ্টধৰ্মৰ মিছনেৰি ক্ৰিয়াকলাপৰ বাবে এই ধৰ্মটো ভাৰতৰ এক দ্ৰুত বৰ্ধশীল ধৰ্ম হিচাপে পৰিগণিত হৈছে ।

1.   শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

    (ক)পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল ?

(i)         ৫-৬ লাখ বছৰ পূৰ্বে

(ii)       ১-২ লাখ বছৰ পূৰ্বে

(iii)     ৫০-৬০ লাখ বছৰ পূৰ্বে

(iv)     ১০-১২ লাখ বছৰ পূৰ্বে

উত্তৰঃ    (i) ৫-৬ লাখ বছৰ পূৰ্বে ।

  (খ) জনসংখ্যা হিচাপে পৃথিৱীৰ বৃহত্তম ধৰ্মীয় গোষ্ঠীটো  

      কি?

(i)         ইছলাম ধৰ্ম

(ii)       হিন্দু ধৰ্ম

(iii)     খ্ৰীষ্টান ধৰ্ম

(iv)     চীনদেশী লোক ধৰ্ম

উত্তৰঃ   (iii) খ্ৰীষ্টান ধৰ্ম

    (গ) মানুহৰ সৃষ্টি কোন মহাদেশত হৈছিল?

(i)         এছিয়া 

(ii)       আফ্ৰিকা মহাদেশ

(iii)     ইউৰোপ মহাদেশ

(iv)     ওচেনিয়া মহাদেশ

উত্তৰঃ     (ii) আফ্ৰিকা মহাদেশ ।

   (ঘ) চীনদেশৰ লোকসকল কোন মানৱগোষ্ঠীৰ অন্তৰ্গত?

(i)         ককেছীয় গোষ্ঠী

(ii)       নিগ্ৰইড গোষ্ঠী

(iii)     মংগোলীয় গোষ্ঠী

(iv)     অষ্ট্ৰেলইড গোষ্ঠী

উত্তৰঃ   (iii) মংগোলীয় গোষ্ঠী ।

 


Published by Krishna Das

************ 

Previous Post Next Post