Class 9 maths assamese medium chapter 5. class 9 maths assamese medium chapter 5 notes

 Class 9 maths assamese medium chapter 5

 

 

     1.   গণিতজ্ঞ ইউক্লিডে সংজ্ঞা হিচাপে ব্যৱহাৰ কৰা উক্তিসমূহ কি কি ?

উত্তৰঃ গণিতিজ্ঞ ইউক্লিডে সংজ্ঞা হিচাপে ব্যৱহাৰ কৰা উক্তিসমূহ হ-

(i)                         এটা বিন্দুৰ  কোনো অংশ নাই ।

(ii)                      এডাল ৰেখা হল প্ৰস্হহীন দীঘ ।

(iii)                   ৰেখাৰ মূৰ দুটা হল বিন্দু ।

(iv)                    এডাল সৰলৰেখা হল এডাল ৰেখা যি তাৰ বিন্দুসমূহ সৈতে সমভাৱে বিৰাজমান ।

(v)                       এখন পৃষ্ঠৰ মাথোঁ দীঘ আৰু প্ৰস্হ আছে ।

(vi)                    এখন পৃঠৰহ কাষবোৰ হল একেডালে ৰেখা ।

(vii)                 এখন সমতল হল এখন তল যি তাৰ সৰল ৰেখাবোৰ লগত সমভাৱে বিৰাজমান ।

       2.   গণিতজ্ঞ ইউক্লিডে সৃষ্টি কৰা স্বতঃসিদ্ধ কেইটা লিখা ।

উত্তৰঃ গণিতজ্ঞ ইউক্লিডে সৃষ্টি কৰা স্বতঃসিদ্ধ কেইটা হ

(i)                         একেটা বস্তৰ লগত একে সমান বস্তবোৰৰ এটা আনটোৰ লগত সমান ।  

(ii)                      সমান বস্তৰ পৰা একে পৰিমান বিয়োগ কৰিলে বিয়োগফলবোৰ সমান হব ।

(iii)                   সমান সমান বস্তৰ পৰা একে বস্ত সমান যোগ কৰিলে যোগফলবোৰ সমান হব ।

(iv)                    যিবোৰ বসস্ত এটা আনটোৰ লগত সম্পুৰ্ণৰুপে মিলি যায়, সেইবোৰ পৰস্পৰ সমান ।

(v)                       সম্পুৰ্ণ বস্ত এটা তাৰ অংশতকৈ ডাঙৰ ।

(vi)                    একে বস্তৰ দুগুমবোৰ পৰস্পৰ সমান ।

(vii)                 একে বস্তৰ আধাবোৰ পৰস্পৰ সমান ।

       3.   গণিতজ্ঞ ইউক্লিডে সৃষ্টি কৰা 5 টা স্বীকাৰ্য লিখা ।

উত্তৰঃ  গণিতজ্ঞ ইউক্লিডে সৃষ্টি কৰা 5 টা স্বীকাৰ্য হল –

(i)         এডাল সৰল ৰেখা  এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ টানিব পাৰি ।

(ii)               এডাল সীমিত ৰেখা অসীমলৈ বঢা়ই দিব পাৰি ।

(iii)    এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্ধলৈ আঁকিব পাৰি ।

(iv)                    সকলো সমকোণ পৰস্পৰ সমান ।

(v)               যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপতিত হৈ সৃষ্টি কৰা একেফালে অন্তঃকোণ দুটা তেন্তে ৰেখা দুডাল মিলি যাব ।

(vi)  প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে সৰলৰেখাহে পাব পাৰি ।

Previous Post Next Post