মানৱ বন্দনা
মানৱ বন্দনা Assamese. SEBA Class 9 NCERT Solution for Class 9 Assamese Chapter 2 মানৱ বন্দনা |
IX Solution for Assamese Medium | Assamese Solution |
SEBA Class 9 Assamese Solution Assamese
Medium | Assamese Class 9 Chapter 2 মানৱ বন্দনা Solution |
NCERT Solution for Class 9 Assamese Chapter 2 মানৱ বন্দনা কবিতাৰ প্ৰশ্ন উত্তৰ class 9.
SEBA
Board Class 9 Assamese Textbook Solution
SEBA Board Class 9 Assamese Textbook Solution for Class 9 Assamese Chapter 2 – মানৱ বন্দনা ।
1. চমু উত্তৰ লিখাঃ
(ক)‘মানুহেই পৰাৎপৰ’ বোলা কথাষাৰৰ অৰ্থ কি ?
উত্তৰঃ ‘পৰাৎপৰ’ – মানে শ্ৰেষ্টতকৈ শ্ৰেষ্ঠ
। মানুহৰ নিচিনা বিচাৰ-বিবেচনা, জ্ঞান বুদ্ধি আন জীৱৰ নাই গতিকে মানুহ
শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ বা পৰম সত্য।
(খ)‘মানুহক ময়াপী জীৱ’ বোলাৰ অৰ্থ কি ?
উত্তৰঃ ‘ময়াপী’ মানে মায়া-মোহ ভ্ৰান্তি
আদি ওপজোৱা জীৱ । এইকেইটা গুণ মানুহৰ মাজত বিৰাজমান । বোধশক্তি, অনুভুতি প্ৰধান জীৱ মানুহৰ অন্তৰত মায়া-মমতা , মোহ
ভ্ৰান্তি আদি ওপজে বাবেই মানুহক ‘মানুহক ময়াপী জীৱ’ আখ্যা দিছে ।
(গ) পাদ্য অৰ্ঘ্য লৈ মানুহক
পূজা কৰাৰ অৰ্থ কি ?
উত্তৰঃ পাদ্য শব্দৰ অৰ্থ ভৰি
ধুবলৈ দিয়া পানী আৰু অৰ্ঘ্য শব্দৰ অৰ্থ হল পুজাৰ উপকৰণ । কবিয়ে মানুহক দেৱতা জ্ঞান
কৰি জীৱন্ত দেৱতাস্বৰুপ মানুহক দুৰ্গত বা
আলাই- আথনি অৱস্হাত সেৱা-শুশ্ৰূষা কৰিবই ভগৱানক পুজা কৰাৰ দৰে শুভফল পায় বুলি কৈছে
। সেয়ে ভগৱানক পূত জলেৰে চৰণ ধুৱাই নান উপচাৰেৰে পূজী কৰীৰ দৰে আমি মানৱ সেৱা কৰা
উচিত । এয়াই পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ প্ৰকৃত অৰ্থ ।
2. ‘মানৱ বন্দনা’ কবিতাটিৰ সাৰাংশ তোমাৰ
নিজৰ কথাৰে বিৱৰি লিখা।
উত্তৰঃ ভগৱানক বন্দনা কৰাৰ দৰে মানুহৰ বন্দনাৰ যোগেদি মানৱীয়
মূল্যবিধ জাগ্ৰত কৰা হৈছে । এই পৃথিৱীত দৈনিক অজস্ৰ মানুহৰ জন্ম হৈছে, ঠিক সেইদৰে মৃত্যুও
হৈছে। মানুহৰ জীৱন
ক্ষন্তেকীয়া । মানুহ অজয়-অমৰ হয় । স্থায়ী
জীৱ নহয় যদিও এই মৰতৰ পৰা মানুহ শেষ হৈ নাই । জন্ম-মৃত্যুৰ ধাৰাবাহিকতা
চলিয়ে থাকে । এনে অৱস্থাতে ক্ষন্তেকীয়া জীৱনটো সাৰ্থক কৰিবলৈ এটায়ে মাত্ৰ উপায় হ’ল মানুহৰ বাবে মানুহে
ভবাটো, কিবা এটা কৰাটো । আমি প্ৰত্যেকে মানুহে স্বাৰ্থ ত্যাগ কৰি এজনে আনজনৰ কাৰণে
চিন্তা কৰি ভাল কামন কৰিব পৰাটোহে উচিত কৰ্ম । কাৰণ এনে কামৰ মাজতে মৰম
নিহিত হৈ থাকে । এই পৃথিৱীত মানুহেই
একমাত্ৰ লগ-সংগ । জীৱশ্ৰেষ্ঠ মানুহে নিজৰ শুদ্ধ জ্ঞান-বিচাৰ বুদ্ধিৰে
বিবেচনা কৰিব পৰা শক্তি আছে । এই পৃথিৱীত মানুহেই সকলো । গতিকে পাদ্য-অৰ্ঘ্য লৈ ভগৱানক পূজা কৰা
দৰে মানুহকো সেৱা শুশ্ৰূষাৰে পূজা কৰি মানৱ জয় গান গোৱাটোহে প্ৰকৃত মানৱ ধৰ্ম ।
3. ‘এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।’ – কথাকাষৰৰ অৰ্থ বুজাই
লিখা।
উত্তৰঃ জীৱ শ্ৰেষ্ঠ মানুহে ইজনে
আনজনৰ কথা ভাবিলে, আনক সহায়ৰ হাত আগবঢ়ালে সকলোৰে উপকাৰ হয় ।মানুহ যেতিয়া মানুহক
দেৱতা বা ভগৱান জ্ঞান কৰি সেৱা-শুশ্ৰূষা কৰিব, মিঠা মাত দিব তেতিয়া নিজৰ মনত আনন্দ
লগাৰ লগতে আনজনৰো অন্তৰ আনন্দেৰে উপচি পৰিব । নিজৰ ঘৰখনত আমি মৰম-চেনেহৰ
আদান-প্ৰদানেৰে সকলো এটা স্বগীয় সুখ আনন্দৰ পৰিৱেশ সৃষ্ট কৰোঁ । ঠিক তেনেদৰে গোটেই
জগতখনৰ সকলো মানুহক আনন্দ দিব পাৰিলে
গোটেই পৃথিৱীখনেই নিজৰ মৰমৰ ঘৰখন হৈ লপৰিব । সকলোৱে আপোন মানুহ হৈ পৰিব । আনৰ সুখত
সুখী, দুখত দুখী হ’ব পাৰিলে প্ৰকৃত মানৱ সেৱা কৰা হ’ব আৰু এয়াই শ্ৰেষ্ঠ আনন্দ।
4. তাৎপৰ্য ব্যাখ্যা কৰাঃ-
(ক) মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
উত্তৰঃ উক্ত কবিতাফাঁকি
আমাৰপাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰ কুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ
কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
মানহহে মানুহৰ প্ৰতি কৰা ব্যৱহাৰ, মৰম, সহানুভূতি আদি মানৱীয় ধৰ্মসমূহ যে সকলোতকৈ
শ্ৰেষ্ঠ তাকে বুজাবলৈ কবিয়ে এি কবিতাফাঁকিত উপস্হাপন কৰিছে ।
শ্ৰদ্ধা-ভক্তি, দয়া-মমতা, মৰম চেনেহ আমদি
মানুহৰ এক সূক্ষ্ম অনুভূতি । এজন মানুহ প্ৰকৃতাৰ্থত মানুহ হিচাপে এই পৃথিৱীত জীয়াই
থাকিবলৈ হ’লে এই সূ্ক্ষ্ম
অনুভূতিবোৰৰ অতীব প্ৰয়োজন । বাস্তৱ জীৱন বৰ কষ্টকৰ আৰু মানুহে সদায় বিভিন্ন
সমস্যাৰ সন্মুখীন হৈ থাকে গতিকে মানুহে জীয়াই থাকিবলৈ হ’লে ইজনে আনজনক
শ্ৰদ্ধা-ভক্তি দয়া-মৰম, সহায়-সহযোগিতা কৰিব লাগে । সেয়ে মানুহে মানুহক মৰম-চেনেহ, শ্ৰদ্ধ-ভক্তি কৰিলে
মানৱ জীৱন সাৰ্থক হ’ব ।
(খ) মানুহেই দেৱ মানুহেই সেৱ
মানুহে বিনে নাই কেৱ,
কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই
জয় জয় মানৱ দেৱ।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰপাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰ
কুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
ইয়াত মানুহক জীৱশ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন
কৰিবলৈ গৈ কবিয়ে এই কবিতাফাঁকি উপস্হান কৰিছে । কবিৰ মতে মানৱ জীৱন অতি ক্ষণস্থায়ী
। মানুহৰ এই ক্ষন্তেকীয় জীৱনটো অধিক মানোমোহা, সুন্দৰ আৰু সাৰ্থক কৰিবলৈ হলে এই
পৃথিৱীত বাস কৰা মানুহবোৰক একমাত্ৰ ভগৱান বুলি জাবি পূজা কৰিব লাগে। কবিৰ মতে
দেৱসদৃশ, সেয়ে মানুহক পূজা-সেৱা, মৰম-চেনেহ আৰু সেৱা- শুশ্ৰূষা কৰাটো উচিত । সেয়ে
মানুহে মানুহৰ প্ৰতি কৰা কৰ্মতেই প্ৰকৃত ধৰ্মৰ সন্ধান পোৱা যায় ।
5. সমাৰ্থক শব্দ লিখাঃ
মানুহ; সংগ; পৃথিৱী; সোঁত; স্বৰ্গ; দেৱ ।
উত্তৰঃ
শব্দ |
সমাৰ্থক শব্দ |
মানুহ |
লোক, মনুষ্য |
সংগ |
লগ |
পৃথিৱী |
ধৰিত্ৰী, বসুন্ধৰা |
সোঁত |
প্ৰবাহ, ধাৰা |
স্বৰ্গ |
সৰগ, সুৰলোক |
দেৱ |
দেৱতা, সুৰ |
6. সংস্কৃত কৰ্ম, ধৰ্ম আদি
শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপক্তি হৈছে । এনে কিছুমান শব্দ বাছি উলিয়াই এখন
তালিকা প্ৰস্ত কৰা ।
উত্তৰঃ
সংস্কৃত |
নতুন ৰূপ |
শ্ৰী |
চিৰি |
ভক্তি |
ভকতি |
উৎসৱ |
উছৱ |
স্বাদ |
সোৱাদ |
মিত্ৰ |
মিতিৰ |
ৰত্ন |
ৰতন |
অতিৰিক্তি প্ৰশ্নৰ উত্তৰ
পৰৰ্ৱতী সংসোধনত আপলোড দিয়া হব।
Published by Abhiman Das
************