শস্য উৎপাদন আৰু ব্যৱস্থাপনা | class8 | Class 8 Science chapter 1 Assamese medium.

শস্য উৎপাদন আৰু ব্যৱস্থাপনা  || Class 8 General Science Solution in Assamese Medium | SEBA class 8 Science all Question Answer In Assamese Medium.



 অতিৰিক্ত প্ৰশ্নোত্তৰঃ

1.    শস্য কাক বোলে?

উত্তৰঃ একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাক শস্য বোলে।

2.   খাৰিফ শস্য কাক বোলে?

উত্তৰঃ বাৰিষা কালত যি শস্য সিচাঁ হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে।

3.  ৰবি শস্য কাক বোলে?

উত্তৰঃ শীতকালত উৎপাদিত শস্যক ৰবি শস্য বোলে।

4.  হাল কাক বোলে?

উত্তৰঃ মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিক হাল বোৱা বোলে।

5.  কৃষি পদ্ধতি কাক বোলে?

উত্তৰঃ এজন মালিয়ে বাগিচাত কৰা কাম বা তমি তোমাৰ ঘৰত সৌন্দৰ্যবৰ্ধক উদ্ভিদ লগাওতে কৰা কামবোৰৰ সৈতে একে । এই কামবোৰক খেতি কৰাৰ পদ্ধতি বা কৃষিপদ্ধতি বোলা হয় ।

6.  দলি চপৰা কাক বোলে?

উত্তৰঃ হাল বোৱা পথাৰত ডাঙৰ ডাঙৰ মাটিৰ চপৰা থাকে, ইয়াকেই দলি চপৰা বোলে।

7.  ফাল কাক বোলে?

উত্তৰঃ এবিধ সজুঁলি কঠোৰ নিৰ্মিত আৰু ইয়াক এহাল বলধ বা মন্থৰ দ্বাৰা টনোৱা হয় । ইয়াত শক্তিশালী ত্ৰিভূজ আকৃতিৰ টি লোৰ পাতি লগোৱা থাকে তাকে ফাল বোলে ।



8.  সাৰ কাক বোলে ?

উত্তৰঃ  উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হবহৰ পোষক দ্ৰব্য হিচাপে মাটিত প্ৰয়োগ ৰা হয় তাকে সাৰ বোলে ।

সাৰ দুই প্ৰকাৰৰ যেনেঃ জৈৱিক সাৰ আৰু ৰাসায়নিৰক সাৰ।

9.  জলসিঞ্চণ কাক বোলে ?

উত্তৰঃ বিভিন্ন সময়ৰ ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে ।

10.                  নিগৰোৱা ব্যৱস্থা কাকা বোলে ?

উত্তৰঃ এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় সেয়ে এই ব্যৱস্থাক পানী নিগৰোৱা ব্যৱস্থা বোলে ।

11.                  অপতৃণ কাক বোলে ?

উত্তৰঃ খেতি পথাৰত সাধৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে কিছুমান অপ্ৰয়োজনীয় উদ্ভিমূহকে অপতৃণ বোলে।

12.                  শস্য চপোৱা  কাক বোলে ?

উত্তৰঃ পৈনেও শস্য কাটি উঘালি অনাকে শস্য চপোৱা বোলে।

13.                  মৰণা কাক বোলে ?

উত্তৰঃ চপোৱা শস্যৰ বীজবোৰ শীহ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াকে মৰণা মৰা বোলে।  




শস্য উৎপাদন আৰু ব্যৱস্থাপনা

1. তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা ।

 

  ওপঙি, পানী, শস্য, পোষক দ্ৰব্য, চহোৱ

(i)         একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয় ।

(ii)               শস্য সিচাঁৰ আগতে মাটি ডৰা চহোৱা হয় ।

(iii)             নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে ।

(iv)      শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পানী আৰু পোষক দ্ৰব্য প্ৰয়োজন হয় ।

 

2. স্তম্ভৰ লগত স্তম্ভ মিলোৱা ।

                               

(i)                 খাৰিফ শস্য    -----   (ঙ) ধান আৰু যৱ

(ii)               ৰবি শস্য      -----   (ঘ) ঘেঁহু,বুট,মটৰ মাহ

(iii)      ৰাসায়নিক সাৰ   ----- (খ) ইউৰীয়া আৰু ছুপাৰ ফছফেট

(iv)             জৈৱিক সাৰ     -----  (গ) প্ৰাণীৰ বৰ্জিত

                       দ্ৰব্য, গৰুৰ মূল-

                       মূত্ৰ আৰু উদ্ভিদৰ

                       অৱশিষ্ট দ্ৰব্য  



3. প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।

(i)                 খাৰিফ শস্য

(ii)               ৰবি শস্য

  উত্তৰঃ

(i)                 খাৰিফ শস্য- ধান আৰু যৱ ।

(ii)               ৰবি শস্য  - ঘেঁহু আৰু বুট ।

4. তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা ।

(i)                 মাটি চহোৱা

(ii)               বীজ সিঁচা

(iii)             বনবাত নিৰোৱা

(iv)             মৰণা মৰা

  উত্তৰঃ

(i)                 মাটি চহোৱাঃ মাটি চহোৱা উৎপাদনৰ প্ৰথম কাম । কৃষি কাৰযৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হল- মাটিডৰা ঢিলা কৰা । ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে । গছৰ শিপাই ঢিলা মাটিত তললৈ গলেও অতি সহজে উশাহ লব পাৰে । ঢিলা মাটিয়ে কেঁছু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে। মাটি চহাই অধিক ঢিলা কৰিব লাগে যাতে মাটিখিনী তল ওপৰ হৈ পুষ্টিকৰ দ্ৰব্যবোৰ মাটিৰ সকলো অংশত মিহলি হয় । উদ্ভিদে তেতিয়া সহজেই এই পোষক দ্ৰব্য গ্ৰহণ কৰিব পাৰে । সেয়েহে মাটি চহাই ঢিলা কৰা কাৰ্য শস্য উৎপাদনৰ বাবে অতি প্ৰয়োজন ।মাটি চহ কৰা ঢিলা কৰা পদ্ধতিটোকে মাটি চহোৱা বা হাল বোৱা বোলে ।  

(ii)              বীজ সিঁচাঃ বীজ সিঁচাটো হল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম । বীজ সিঁচাৰ আগতে, উন্নত জাতৰ বীজ বাছি লব লাগে । উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয় । খেতিয়কে সাধাৰণতে অধিক উৎপাদনক্ষম বীজহে নিৰ্বাচন কৰে ।

(iii)            বনবাত নিৰোৱাঃ খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে । এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে । অপতৃণ আতঁৰোৱাকে বনবাত নিৰোৱা বোলে । যিহেতু অপতৃণৰো শস্য সমানে পানী, পোষক দ্ৰব্য, ঠাই আৰু পোহৰৰ আৱশ্যক হয় সেইবাবে অপতৃণ নিৰোৱা অতি প্ৰয়োজন ।

(iv)            মৰণা মৰাঃ শীহৰ পৰা শস্যৰ ঘুটি পৃথক কৰাকে মৰণা মৰা বোলে । গৰু, মহ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয় । আধুনিক পদ্ধতিত অৱশ্যে শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কমবাইন মেচিনৰ দ্বাৰা কৰা হয় ।




5.  জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰ প্ৰভেদ কি ? বৰ্ণমা কৰা ।

উত্তৰঃ জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰ প্ৰভেদবোৰ হ

ক্ৰম নং

ৰাসায়নিক সাৰ

জৈৱিক সাৰ

ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ ।

জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰৱ্য । গৰু--ছাগলিৰ গোবৰ, মানৱ বৰ্জিত দ্ৰৱ্য আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যৰ পচন ঘটি জৈৱিক সাৰ প্ৰস্তত হয় ।

ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তত কৰা হয় ।

জৈৱিক সাৰ পথাৰতে প্ৰস্তত কৰিব পাৰি ।

ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে ।

জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে ।

ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণ যোগান ধৰিব পাৰে ।

জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে ।

 


6. জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা ।

উত্তৰঃ সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে ।

পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি দুটা হল-

(i)                 জলসিঞ্চনৰ পৰম্পৰাগত পদ্ধতি

  (ii)       জলসিঞ্চনৰ আধুনিক পদ্ধতি

7. বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয়, তেতিয়া কি হ? আলোচনা কৰা ।

উত্তৰঃ সাধাৰণতে নৱেম্বৰ/ডিচেম্বৰৰ পৰা মাৰ্চ/এপ্ৰিললৈকে ঘেঁহুৰ উৎপাদন ভাল হয় । ঘেঁহুৰ খেতি শীতকালত গজে, আৰু  ইয়াত কম পানীৰ প্ৰয়োজন হয় । যদি বৰষা ঋতুত  ঘেঁহু সিঁচা হয়  তেতিয়া ঘেঁহুৰ উৎপাদন ভাল নহয় ।

8. একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা ।

উত্তৰঃ একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰা পোষক দ্ৰব্য কমি যায় । মাটিৰ উৰ্বৰতা পুনৰ ঘুৰি আহিবলৈ পৰ্যাপ্ত পৰিমাণৰ সময় নাপায় ।

9. অপতৃণ কি ? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?

উত্তৰঃ খেতিত গজা অলাগতীয়াল উদ্ভিদক অপতৃণ বোলে ।

 ইহঁতক বনবাত পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পাৰি ।



10. তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় ।


coming soon


Published by Krishna Das

************

Previous Post Next Post