চোৰধৰা Assamese question Answer | অসমীয়া সাহিত্য চয়নিকা নৱম শ্ৰেণী

চোৰধৰা  প্ৰশ্ন উত্তৰ অসমীয়া সাহিত্য চয়নিকা নৱম শ্ৰেণী Class 9 Assamese

 

1.  অতি চমুকৈ উত্তৰ দিয়াঃ

 (ক) কানাই বুলি কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ কানাই বুলি শ্ৰীকৃষ্ণক কোৱাৰ কথা কৈছে ।

 

(খ) লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?

উত্তৰঃ লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল

 

 

(গ) মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কি ?

উত্তৰঃ মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা ।

 

(ঘ)ওহি বান্দীসৱক থনে আৱৰ নাহি ।

·         আৱৰ নাহিবুলি কোনে, কাক কৈছিল ?

উত্তৰঃ যশোদাই পুত্ৰ কৃষ্ণক কৈছিল ।

 

     2.  (ক) হে  মাই যশোদে তোহোঁ তাপ তেজহ ।

          -  যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে  কিয় কব লগা হৈছিল ?

 

উত্তৰঃ শিশু শ্ৰীকৃষ্ণই ৰাতিপুৱাতে উলাই গৈ বহু সময় ধৰি ঘৰলৈ ঘুৰি নাহি এজনী গোপীৰ গৰত মনে মনে লৱণু চুৰি কৰি খাবলৈ সোমাইছিল । গোপীয়ে দেখা পাই তেওঁক লৱণু চোৰ বুলি ধৰিলে । গোপীজনীয়ে কৃষ্ণক লৱণুচোৰ ধৰু চুবুৰীৰ ঈন গোপীসকলকে মাতি আনি  কৃষ্ণক তেওঁৰ গৰতি আহি লৱণু চুৰ কৰা বুলি সকিয়ালে । চতুৰ কৃষ্ণ তৎক্ষানাত গোপীজনৰ মোখত লৱণু সানি দিলে কলে যে গোপীজনীয়ে নিজে লৱণু খাই  তেওঁক মিছাকৈ লৱণচোৰ ধৰিছে ।  লণু লাগি থকা গোপীজনৰ মুখ্ই তাৰ সাক্ষী । কৃষ্ণক কথাৰে বলে নোৱাৰি গোপীজনীয়ে লাজ পালে । লাজপাই গোপীসকল ঘৰাঘৰি  যাবলৈ ওলোৱাত কৃষ্ণই তেওঁললোকৰ কাপোৰত ধৰি টানি ৰাখিছে

    ইফালে মাক যশোদাই পুত্ৰ কৃষ্ণক ইমান সময়ে ঘৰলৈ ঘুৰি নহাত মাহা চিন্তা কৰি অতি শোকত বিহ্বল হল । তেতিয়া গোৱালীপাৰত গোপীসকলৰ সৈতে নাচি থকা দেখি অহা  গোপী  এজনীয়ে যশোদাক শোক নকৰিবলৈ  কৈ কৃষ্ণ  গোৱালীপাৰত  গোপীসকলৰ সৈতে নাচি থকাৰ খবৰটো হল ।

 

       (খ) শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল ?

উত্তৰঃ গোৱালীপাৰা শ্ৰীকৃষ্ণই এজনি গোপীৰ ঘৰত সোসাই চুৰ কৰি লৱণ খাবলৈ গৈ ধৰা পৰিল শ্ৰীকৃষ্ণ যে তেওঁৰ ঘৰত আহি লৱণু চুৰি কৰি খাইছেহি এই কথা সকিয়াবলৈ গোপীজনীয়ে চুবুৰীৰ গোপীসকলক মাতি আনিলে ।চতুৰ শ্ৰীকৃষ্ণই ইয়াৰ পৰা হাত সাৰিবলৈ গোপীসকলক কলে য়ে গোপীজনীয়ে নিজেই চুৰ কৰি লৱণু খাই এতিয়া তেওঁক লৱণু চোৰ বুলি মিছাতে ধৰিছে। গোপীজনীৰ লৱণু লাগি থকা মুখেই তাৰ প্ৰমাণ আৰু কি সাক্ষীৰ প্ৰয়োজন আছে।

 

      3.   ইহা শুনি চিন্তা-শোক তেজিৱে হৰিষিত ভেল।

-  কোনে, কাৰ, আৰু কি কথা শুনি হৰিষিত হৈছিল।

উত্তৰঃ  ৰাতিপুৱাই শিশু শ্ৰীকৃষ্ণ ঘৰৰ পৰা উলাই গৈ বহুদুৰলৈকে ঘৰলৈ নহাত মাক  যশোদা শোকত বিহ্বল হৈ পৰিছিল । তেতিয়া এজনী গোপীয়ে আহি যশোদাক শ্ৰীকৃষ্মই কত কি কৰি আছে তাৰ বতৰা দিয়াত যশোদাই মনৰ শোক এৰি আনন্দিত হৈছিল

   শ্ৰীকৃষ্ণই ঘৰৰ পৰা ৰাতিপুৱা ওলাই গৈ গোৱালীপাৰত এজনী গোপীৰ ঘৰত লৱণু চুৰি কৰি খাবলৈ সোমোৱাত ধৰা পৰিল । শ্ৰীকৃষ্ণই যে তেওঁৰ ঘৰত লৱণু চুৰি  কৰি খাবলৈ আহিছিল তাক প্ৰমাণ কৰ লসাক্ষী  কৰিবৰ বাবে চুবুৰীৰ গোপীসকলক মাতি আনিলে্ । চতুৰ শ্ৰীকৃষ্ণই গোপীজনৰ মুখত কৌশলেৰে লৱণু সানি দিলে  গোপীজনীকেহে লৱমু চোৰ সজালে । ইয়াতে লাজ পাই গোপীসকল ঘৰাঘৰি যাবলৈ  ওলোৱাত শ্ৰীকৃষ্ণ  তেওঁলোকৰ কাপোৰত ধৰি ৰাখিলে ।  তেতিয়া গোপীসকলে তেওঁক লৱণু খাবলৈ দিয়াত গোপীসকলক এৰি দি  তে্ওঁলোকৰ মাজত নাচ-গান কৰি থাকিল ।

   ইফালে পুত্ৰ শ্ৰীকৃষ্ণ বহু দেৰিলৈকে ঘৰলৈ নহাত আৰু একো খবৰ নোপোৱাত যশোদা শোকত কাতৰ হৈ পৰিছিল । তেতিয়া  গোৱালীপাৰত  শ্ৰীকৃষ্ণৰ সকলো খবৰ দিয়াত তেওঁ শ্ৰীকৃষ্ণৰ কাৰমে কৰা মাহাচিন্তা আৰু শোক-তাপ এৰি আনন্দিত হৈছিল।


    4.   মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল ।


উত্তৰঃ  মাক যসোদাই শিশুকৃষ্ণক গোৱালীপাৰত আহি লগ পোৱাত তেওঁৰ সৰ্বশৰীৰ জুৰ পৰিল । কৃষ্ণক কোলাত লৈ গলত  আঁকোৱালি দৰি চুমা খালে আৰু স্তনপান কৰাই মৰম কৰিলে । তাৰ পিছত   গোপীসকলৰ বিপক্ষে কৃষ্ণই  মাকৰ ওচৰত কান্দি কান্দি অভিযোগ কৰাত যশোদাই গোপীসকলক গালি দি কৃষ্ণক এই বুলি কলে যে হে বাপু কৃষ্ণ, এই বান্দীসকলৰ ঠাইলে  আৰু কেতিয়াও  নাহিবা । 


      1.    তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ

তেজহ, তোহাৰি, হামু, থিক, মাখিয়ে, উনিকৰ, ফিৰত, গাৰি ।

উত্তৰঃ

      তেজহ = ত্যাগ কাৰ       তোহাৰি = তোমাৰ

      হামু = মই                    থিক = আছে

      মাখিয়ে = সানি             উনিকৰ = তেওঁৰ

      ফিৰত = ঘুৰি               গাৰি = গালি

 

    2.   বিপৰীত শব্দ লিখাঃ

   চোৰ, উত্তৰ, কাতৰ, পুণ্য, শোক, হৰ্ষ, শীতল ।

উত্তৰঃ

      চোৰ = সাধু          কাতৰ = স্থিৰ ।

      উত্তৰ = প্ৰশ্ন           পুণ্য = পাপ ।

      শোক = দুখ           শীতল =  গৰম

       হৰ্ষ = বিষাদ ।


 Published  By Abhiman Das


Class 9 Assamese Medium questions Answer

Class 9 Assamese medium All Book solution in Assamese Medium. Class 9 mathematics soution in Assamese Medium. Class 9  solution in Assamese Medium.


 

Previous Post Next Post