মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথীৱী | দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১১ | Chapter 11 The Human eye and the colourful world Assamese medium.

 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথীৱী

NCERT Solution for Class 10 Science  Chapter 11 The Human Eye and the Colorful World . মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথীৱী


SEBA Board Class 10 Science Textbook Solution

SEBA Board Class 10 Science Textbook Solution for class 10 Science Chapter 11 – The Human Eye and the Colourful World

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথীৱী


প্ৰ শ্না ৱ লী

 1.  চকুৰ উপযোজন ক্ষমতা কি ?

উত্তৰ: বেলেগ বেলেগ দূৰত্বত থকা লক্ষ্যবস্তু অনুযায়ী চকুৰ লেন্ছে তাৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি লব পৰা সামৰ্থকে চকুৰ উপযোজন ক্ষমতা বোলে ।

 

     2.  মায়পিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2m তকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দোখা নাপায় । যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লোন্ছ ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰ :   মায়পিয়াগ্ৰস্ত চকু থকা এজন মানুহ, যিয়ে 1.2m তকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দোখা নাপায়, তেওঁ যথোচিত দৃষ্টি পুনৰ ঘূৰাই আনিবলৈ উপযুক্ত ক্ষমতাৰ সংশোধন অৱতল লেন্ছ ব্যৱহাৰ কৰিব লাগিব । 

    3.  স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকট বিন্দু কি ?

উত্তৰ : স্বাভাৱিক দৃষ্টিৰ মানৱ চকুৰ দূৰ বিন্দু হল চকুৰে বস্তু এটা স্পষ্টকৈ দেখিব পৰা চকুৰ পৰা আটাইতকৈ দূৰৰ বিন্দুটো  সুস্থ চকুৰ ক্ষেত্ৰত দূৰ বিন্দু অসীমত অৱস্থিত হয় ।

আনহাতে, স্বাভাৱিক দৃষ্টিৰ মানৱ চকুৰ নিকট বিন্দু হল চকুৱে বস্তু এটা স্পষ্টকৈ দেখা পাব পৰা নিম্নতম দূৰত্ব । সুস্থ চকুৰ ক্ষেত্ৰত নিকট বিন্দু চকুৰ পৰা 25 ছে: মি: দূৰত্বত অৱস্থিত ।


     4.  ছাত্ৰ এজনে শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায় । লৰাজনে ভোগা বিকাৰটো কি হব পাৰে ? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি ?   

উত্তৰ: যিহেতু লৰাজনে দূৰৰ পৰা বৰ্ডখন পঢ়িবলৈ সক্ষম নহয়, গতিকে তেওঁ ভোগা বিকাৰটো হল মায়পিয়া ।

       উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ চচমা ব্যৱহাৰ কৰি এই বিকাৰটো  সংশোধন কৰিব পাৰি।


অণুশীলনী

 

  1. মানুহৰ চকুৱে লেনছৰ ফকাছ দৈৰ্ঘ্য সলসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ _____

   (a) প্ৰেছবায়পিয়া             (b) উপযোজন ক্ষমতা

   (c) নিকট দৃষ্টিগ্ৰস্ততা          (d) দূৰ দৃষ্টিগ্ৰস্ততা

উত্তৰঃ (b) উপযোজন ক্ষমতা।


2.   মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান

   (a) কৰ্ণিয়া (Cornea)          (b) চকুৰ পতা (Iris)

   (c) চকৰ মণি (pupil)         (d) অক্ষিপট (Retina)

উত্তৰঃ (d) অক্ষিপট (Retina) ।


  3.  নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা নন্যূতম দূৰত্ব ____

   (a) 25 মি:          (b) 2.5 ছে: মি:

   (c) 25 ছে: মি:         (d) 2.5 মি:

উত্তৰঃ (c) 25 ছে: মি: ।

  4.  চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেনছৰ ফকাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন   হয় ?

   (a) চকুৰ মণি           (b) অক্ষিপট

   (c) চিলিয়াৰী   পেশী         (e) চকুৰ পতা

উত্তৰঃ (c) চিলিয়াৰী   পেশী   । 


5.  এজন মানুহৰ দূৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে -5.5 ডায়প্টাৰ ক্ষমতাৰ লেনছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেনছৰ ক্ষমতা +1.5 ডায়প্টাৰ হ'লে (i) দূৰ দৃষ্টিগ্রস্ততা (ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেনছৰ ফ'কাছ দৈর্ঘ্য কিমান ?

 সমাধান:

(i)                 দূৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে :

 দিয়া আছে,

      ক্ষমতা      P = -5.5  ডায়প্টাৰ

           'কাছ দৈর্ঘ্য  f = ?

 এতিয়া, 

f = -0.18 মি:

গতিকে, দূৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ ফকাছ দৈৰ্ঘ্য হল -0.18 মিটাৰ । 

 

(ii)                 নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে :

 

দিয়া আছে,

      ক্ষমতা      P =  + 1.5  ডায়প্টাৰ

           'কাছ দৈর্ঘ্য  f = ?

এতিয়া,

      

f = + 0.67 মি:

গতিকে, নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ ফকাছ দৈৰ্ঘ্য হ+ 0.67 মিটাৰ ।

 

6.  নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80  ছে:মি: দূৰত্বত এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেন্‌ছৰ প্রকৃতি কি আৰু ক্ষমতা কিমান

সমাধান:

 এই বিকাৰৰ সংশোধন কৰিবলৈ হলে স্পষ্টভাৱে অসীমত (80 ছে: মি: ওপৰত) লক্ষ্যবস্তুবোৰ উৎপন্ন কৰিবলৈ উপযুক্ত ক্ষমতাৰ লেন্ছ ব্যৱহাৰ কৰিব লাগিব

  ইয়াত,

     

 লেন্ছৰ সুত্ৰ অনুসৰি, 
              
      ⇒ f = -80

  ∴ কাছ দৈৰ্ঘ্য, f = - 80 ছে: মি:

                             = - 0.8 ছে: মি:

 আকৌ, 

            

                  

               = -1.25  ডায়প্টাৰ

গতিকে, সংশোধিত লেন্ছৰ ক্ষমতা হল -1.25 ডায়প্টাৰ ঋণাত্মক ক্ষমতাই সংশোধিত লেন্ছখন অৱতল লেন্ছ বুলি সূচায় । 


     7.   দূৰদৃষ্টিগ্ৰস্তাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা । দূৰ দৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 মি:এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছৰ ক্ষমতা কিমান ? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 মি :  ।

সমাধান:

   

 ইয়াত,

   দূৰ দৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 মি: এই বিকাৰৰ সংশোধন কৰিবলৈ সঠিক ক্ষমতা লেন্ছে 25 ছে:মি: দূৰত্বত থকা (স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু ) লক্ষ্যবস্তুৰ প্ৰতিবিম্ব 1 মিটাৰ দূৰত্বত (দূৰ দৃষ্টিগ্ৰস্ত চকুৰ নিকট বিন্দু ) গঠন কৰিব কৰিবম লাগিব ।

  দিয়া আছে, 

                   

 আকৌ,

        

   গতিকে,  সংশোধন লেন্ছৰ ক্ষমতা হ+3 ডায়প্টাৰ । ধনাত্মক ক্ষমতাই সূটায় সংশোধক লেন্ছখন হল এখন উত্তল লেন্ছ ।  





8. সাধাৰণ চকুৱে এটা 25 ছে: মি: তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় ? 

উত্তৰঃ- চিলিয়াৰী পেশীয়ে চকুৰ লেন্ছৰ দৈৰ্ঘ্য আৰু বক্ৰতা পৰিৱৰ্তন সহায় কৰে । যেতিয়া বস্তু এটা ওচৰৰ দূৰত্বত থাকে চিলিয়াৰী পেশীবোৰৰ সংকোচন ঘটে আৰু চকুৰ লেন্ছৰ ফকাছ দৈৰ্ঘ্য হ্ৰাস পায় । সেয়েহে ওচৰত থকা বস্তুটো স্পস্টভাৱে দেখা যায় ।  আমাৰ চকুৰ বাবে এটা স্থিৰ প্ৰতিবিম্বৰ দূৰত্ব আছে। গতিকে লক্ষ্যবস্তুৰ দূৰত্বৰ সলনি হলেও প্ৰতিবিম্বৰ দূৰত্ব একে থাকে আনহাতে, লক্ষ্যবস্তুৰ দূৰত্ব নুন্যতম 25cm ৰ পৰা অসীম দূৰত্ব যদি লক্ষ্য বস্তুৰ দূৰত্ব 25cm তকৈ কম কৰা হয়, তেতিয়া লেনছৰ প্ৰতিবিম্ব গঠনৰ সূত্ৰমতে প্ৰতিবিম্ব স্পষ্টকৈ চকুৰ ৰেটিনাত গঠন নহব। ফলত স্পষ্টকৈ সেই বস্তুটো দেখা পোৱা নাযায় । 


9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্রতিবিম্বৰ দূৰত্বৰ কি হয় ?

উত্তৰঃ- চকুৰ ভিতৰত, প্ৰতিবিম্বৰ দূৰত্ব হ’ল চকুৰ লেন্ছ আৰু অক্ষিপটৰ মাজত থকা দূৰত্ব চকুৰ পৰা লক্ষ্যবস্তুৰ  দূৰত্ব বৃদ্ধি হলে প্ৰতিবম্বৰ দূৰত্ব অপৰিৱৰ্তনীয় হৈ থাকে কিন্তু চকুৰ লেন্ছৰ ফকাছ দৈৰ্ঘ্য চিলিয়াৰী পেশীৰ দ্বাৰা এনে দৰে মিলাই লোৱা হয় যাতে লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব সদায় অক্ষিপটত গঠন হয় । সেয়েহে যেতিয়া চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বৃদ্ধি হয় চিলিয়াৰী পেশীবোৰ শিথিলিত হয় আৰু লেন্ছখন ক্ষীণ হৈ পৰে । এনে অৱস্থাত চকুৰ লেন্ছৰ ফকাছ দৈৰ্ঘ্য বাঢ়ে আৰু ইয়াৰ দ্বাৰা দূৰৰ বস্তু এটা অধিক স্পস্টকৈ দেখা পোৱা কৰি তোলে । 

10. তৰাই তিৰবিৰাই কিয় ?

উত্তৰঃ- তৰাৰ তিৰবিৰণি  পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয় তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিসাৰিত হয় বায়ুমণ্ডলে তৰাৰ পোহৰ অভিলম্বৰ দিশত বেকা কৰি দিয়ে তৰাটোৰ আপাত অৱস্থান, প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। যিহেতু পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয় গতিকে তৰাটোৰ আপাত অৱস্থানো সুস্থিৰ নহৈ সামান্য ইফাল-সিফাল হৈ ফূৰে বা তিৰবিৰাই থাকে । 


11. গ্রহই তিৰবিৰাই নাথাকে কিয় ?

উত্তৰঃ- গ্ৰহৰ নিজা পোহৰ নাই ইহঁতে পোহৰৰ একেটা বিস্তৃত উৎস দেখা যায় সূৰ্যৰ পৰা পোহৰ শোষণ কৰি এইবোৰে পোহৰ গ্ৰহণ কৰে। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ফলত সৃষ্টি হোৱা প্ৰতিবিম্বৰ স্থান গ্ৰহটোৰ গাতে থাকে আৰু অনুজ্জ্বল হৈ পৰা অৱস্থাটো উজ্জ্বলতাৰ দ্বাৰা নিষ্ক্ৰয় হৈ থাকে। গতিকে ইহঁতৰ প্ৰতিবিম্বৰ সাল-সলনি নহয় সেইবাবে গ্ৰহবোৰে তিৰবিৰাই নাথাকে।

12. ৰাতিপুৱা সূর্যক ৰঙচুৱা দেখি কিয় ?

উত্তৰঃ- ৰাতিপুৱা সূৰ্যটো পৃথিৱীৰ পৰা বহু দূৰত থাকে। সূৰ্যৰ পৰা অহা দৃশ্যমান পোহৰৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি। দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে। দিগন্তৰ ওচৰত নীলা ৰংৰ সৰহ ভাগ আৰু চুটি তৰংবোৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সেয়ে আমাৰ চকুত পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ। ই সূৰ্যক ৰঙচুৱা আভা প্ৰদান কৰে।

13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয় ?

উত্তৰঃ- মহাকাশত বায়ুমণ্ডল নাই বাবে সূৰ্যৰ পোহৰ আহোতে পোহৰৰ নীলা ৰঙবোৰৰ বিক্ষেপণ নঘটে। ফলত কোনো বিক্ষেপিত পোহৰ বা আন পোহৰেই গৈ মহাকাশচাৰীৰ চকুত নপৰে। গতিকে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে।


Published by Lokesh Das

************

Chapter 11 The Human Eye and the Colourful World Science . Class X Solution for Assamese Medium |  SEBA  Class10 Science Solution  Assamese Medium | Science Class 10 Chapter 11 Solution | দশম  শ্ৰেণীৰ সাধাৰণ বিজ্ঞান | দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১১. Class 10 Science Book Assamese medium


NCERT Solution for Class 10 Science  Chapter 11 The Human Eye and the Colorful World .

 




 

 

Previous Post Next Post