ভাৰতীয় সংস্কৃতি পাঠটোৰ প্ৰশ্ন উত্তৰ । Class 10 Assamese book question answer |

Class 10 Assamese question | Assamese medium all books soluition |


.  ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি

ত্তৰ: ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল- ক্ৰমবৰ্ধমান শক্তি

 

.  ' ফ্ৰম ভলগা টু গংগা ' কাৰ ৰচনা ?

ত্তৰ: পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা

 

.  সৰ্বপল্লী ৰাধাকৃষ্ণণে ' কালিয়দমন 'ৰ কি আখ্যা দিছে ?

ত্তৰ:  আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী  নৃত্য বুলি আখ্যা দিছে ।

 

.  কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?

ত্তৰ: বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ।

 

শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল ?

ত্তৰ: প্ৰত্নতাত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল ।

 

৬) ইছলামী ভাস্কৰ্যৰ মূল সম্পদ কি ?

 উত্তৰঃ ইছলামী ভাস্কৰ্যৰ মূল সম্পদ গঠনৰ সৰলতা আৰু সূক্ষ্মতা ।


.  অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাবিবস্তু দুটা কি কি ?

উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাবিবস্ত্ত দুটাৰ হল

(ক) সন্ন্যাস জীৱন আৰু

(খ)সমূহীয়া জীৱন। 

.  গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সম্বন্ধয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। 

উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সম্বন্ধয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। 


. সুকুমাৰ কলাৰ ভিতৰত চিত্ৰ শিল্পক কিয় বেছি স্হায়ী বোলা হৈছে

উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত চিত্ৰ শিল্পক বেছি স্হায়ী বোলা হৈছে।


১০.  হেম বৰুৱা সাহিত্য চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া ।

উত্তৰঃ অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা । মৃত্যুৰ আগমূহূৰ্তলৈকে তেওঁ মুঠ ৩৫ খন গ্ৰন্থ ৰচনা কৰিছিল । মমতাৰ চিঠি , আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য । কালিচন্দা (১৯৫৯ ) আৰু মনময়ূৰী (১৯৬৫) তেওঁৰ কবিতা সংকলন। ইয়াৰ বাহিৰেও তেখেতে 'আধুনিক সাহিত্য' ,সাগৰ দেখিছা', ' মানমিহলি', 'ৰঙা কৰবী ফুল', ' কিউপিড আৰু ছাইকি', 'বালিচন্দা' , ' এই গাওঁ ও এই গীত', ' কন্নকী', 'মেকং নৈ দেখিলোঁ' ,' ' ইজৰাইল', ' স্মিতিৰ পাপৰি' ইত্যাদি উল্লেখযোগ্য পূথি । বৰুৱা দেৱে ' the red river and the blue hill ' নামৰ ইংৰাজী গ্ৰন্থ খনো ৰচনা কৰি উলিয়াইছিল । 'পছোৱা' নামৰ মাহেকীয়া আলোচনীখনৰ তেখেতে সম্পাদকৰ দায়িত্ব বহন কৰিছিল । 


১২.  'ভাৰতীয় সংস্কৃতি এক বিৰাট সমণ্বয়ৰ বস্তু' এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ আধাৰত বিচাৰ কৰা।

উত্তৰঃ হেম বৰুৱাই ভাৰতীয় সংস্কতি পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপে সম্পৰ্কে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমণ্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল যদিও নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়েও বিভিন্ন জাতি উপজাতিৰ ভাষা- সংস্কৃতিয়ে বিশালতা প্ৰদান কৰি আহিছে আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰবিড়, গ্ৰীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ প্ৰবাহমান সোঁতৰ সমণ্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে। ইয়াৰ মূল কাৰণ হ'ল ভাৰতৰ ভৌগোলিক পৰিৱেশ। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ নন মানৱপুঞ্জত ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে পেৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ বৰঙনি যোগাইছিল। বিভিন্ন দেৱ-দেবীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, সেই বোৰ প্ৰায়ে দ্ৰবিড় সকলৰ প্ৰভাৱত হোৱা বুলি ক'ব পাৰি। ইয়াৰ বাহিৰেও মৃতকক সকাৰ কৰা, লিংগ পূজা কৰা আদিও অনাৰ্য্য যুগৰ অৱদান আছিল। ভাৰতীয় ৰাজনীতি, সমাজকনীতি শিল্প, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য আদি যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান প্ৰদানৰ মাজেৰে ভাৰতীয় সংস্কৃতি জিয়াই ৰখা হৈছিল। 

         ওপৰৰ আলোচনাৰ পৰা ইযাকে বুজা গ'ল যে ভাৰতীয় সংস্কৃতি হ'ল এক সংমিশ্ৰিত সংস্কৃতি। 


১৩. 'সভ্যতা আৰু সংস্কৃতি ' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ 'সভ্যতা আৰু সংস্কৃতি' – দুয়োটা শব্দৰ মাজত প্ৰভেদ আছে সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকহে বুজায়। এই সভ্যতা  শব্দটোৰ প্ৰধান মাপকাঠী হ'ল সমাজ এখন বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থা, সভ্যতা হ'ল দক্ষতা, পুখ-সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৈদ্বিক চিন্তা-ধাৰা, আচাৰ ব্যৱহাৰ আদি আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতি প্ৰধান মাপকাঠী হ'ল - ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি।

        সভ্যতা যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উখান-পতনৰ সৈতে জড়িত হৈ থকে, কিন্তু সংস্কৃতি সেই জাতি বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতে হৈ জড়িত থাকে। সভ্যতাৰ কোনো সংমিশ্ৰ নঘটে সংস্কৃতি হৈছে মানৱ কৃতিৰ শ্ৰেষ্ঠ অংশ। 

 

 ১৪) উত্তৰ ভাৰতীয় , ভাস্কৰ্যৰ বিষয়ে তোমাৰ প্যাঠ্যপুথিৰ সহায়ত লিখা। 

উত্তৰঃ উত্তৰ ভাৰতৰ দৰে দক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ মাজত বিস্তৰ প্ৰভাৱ দেখা যায়  ইয়াত এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা গৈছিল এই পদ্ধতিয়ে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ ৰঙীন কৰি তুলিছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত ইছলামীয় যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বক্ৰ আৰু বৃত্তৰেখাৰ প্ৰাদুৰ্ভাৱ অতি সৰহ আছিল। ই আচলতে সংহতিৰ ভাস্কৰ্যহে আছিল জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰলতা দেখিবলৈ পোৱা গৈছিল আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তুহে ইয়াক কোনো প্ৰকাৰেই সম্পুৰ্ণৰূপে ইছলামীয় বুলিব পৰা নাযায় হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছিল ইয়াৰ বিপৰীতে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰ্য প্ৰদান কৰিছিল এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছিল তাজমহল, ফটেহপুৰ চিক্ৰি, ইচমৎদৌল্লাৰ অসম্পৰ্ণ ভাস্কৰ্য আদি এই ভাস্কৰ্যৰ উজ্জ্বল নিদৰ্শন ।


১৫) অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ   অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰায়এই গুহা অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাসৰ যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্হান অধিকাৰ কৰি আহিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হল – চিত্ৰশিল্প অজন্তাৰ চিত্ৰবোৰত মূলত দুটা ভাৱ বস্তুৰ প্ৰকাশ পাইছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকণ কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে - জীৱন আনন্দ উচ্ছাসময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, গতি, প্ৰেম আৰু যৌনতা ফুটি উঠিছিল। আনফালে আকৌ প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা ফুটি উঠিছে। ভাব বস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল। দুয়োবিধ ছবিতে পুৰুষ মহিলা, শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ আৰু বিখ্যাত হৈ আছে


১৬) মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।

উত্তৰঃ   মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে প্ৰৱেশ কৰিছিল এই চিত্ৰশিল্পৰ ধাৰাটোৰ মূলতে প্ৰচুৰ ব্যক্তিবোধ আছিল। এই চিত্ৰশিল্পৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা। ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু হেংগীজ খাঁৰ ৰাজ দৰবাৰত, গতিকে এই চিত্ৰশিল্পৰ ধাৰাটোৰ যুগ অনুসৰি ই ব্যক্তিবাদী আৰ্ট আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াত কোনো ভাৱ অৱণতা নাই। আছে কেৱল বিপুল উৎসাহ- উদ্দীপনা আৰু প্ৰেৰণা। ব্যক্তিবাদে সমসাময়িকভাৱে হলেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ কোনো ধৰণৰ স্হান নোহোৱা কৰিছে। এইবোৰতে ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰৰ মিলন ঘটিছিল আৰু এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এই ফালৰ পৰা চাবলৈ গলে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্ট ইয়াৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দাপুত ৰস চঞ্চল আৰু আনবিধ ধীৰ, মন্থৰ প্ৰাণ। এইবোৰৰ স্থবিৰতাৰ মাজতে হয়তো লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ পৰিছিল।


১৭/ উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে ?

উত্তৰঃ উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু চকুত পেলায় – গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত উৰণীয়া ভাৱৰ সংযোগ দেখা যায় ।


২০/ বাখ্যা কৰা :

(ক) সংস্কৃতিৰ অবিছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ।  

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ অসমায়া পাঠ্যপঠি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি’  নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

   সংস্কৃতিক ইয়াক অবিচ্ছিন্ন ধৰা বুলি কোৱা হৈছে ।

    সংস্কৃতিক হৈছে কোনো এটা জাতি বা সমাজ  এখনৰ জীৱন প্ৰতিভাভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা । এই ধাৰা বাধাহীন গতিৰে বোঁৱতী সুঁতিৰদৰে বৈ ৰৈছে । এই ধাৰা একেৰাহে নিৰৱিচ্ছিন্নভাৱে বৈ আহিছে । সংস্কৃতিৰ এই অবিচ্ছিন্ন ধাৰাটোৱে দৰাচলতে অতীতৰপৰা ভাৰতভূমি বৰ্তি থকা নৃত্য, গীত, কলা, চিত্ৰশিল্প আদিক নিৰ্দেশ কৰিছে ।


(খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী ।

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ অসমায়া পাঠ্যপঠি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি’  নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

 ভাৰত বুৰঞ্জীৰ ইতিহাস বিয়পাই সতেজ হৈ ৰোৱা ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বৰ্ণনা বিৱৰাৰ প্ৰসংগত এই বাক্যশাৰী প্ৰকাশিত হৈছে ।

    ভাৰতভুমি হৈছে বিভিন্ন জাতি উপজাতিৰ সমণ্বয় ভুমি । সময়ে সময়ে এই ভুমিলৈ বিভিন্ন জাতি উপজাতিৰ লোক আহিছে । কোনোবা জাতি আহিছে যুঁজ-বাগৰৰ অৰ্থে, কোনোবা আহিছে বেপাৰ-বাণিজ্যৰ উদ্দেশ্য । সময়ৰ সোঁতত নিজক বিলীন কৰি তেওঁলোক এটা সময়ত এই ভুমিৰে স্থায়ী বাসিন্দা হৈ পৰিছে । সকলোৱে লগত লৈ আহিছে নিজা নিজা সমস্কৃতি । এই সংস্কৃতিৰ পৰা মূল সংগ্ৰহ কৰিয়েই গঠিত বিশাল ভাৰতীয় সংস্কৃতি । সেয়ে ভাৰতীয় সংস্কৃতি তথা ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা গঢ়াৰ সবিশেষ  বুৰঞ্জী ।


(গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায ।

উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ অসমায়া পাঠ্যপঠি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি’  নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

   সকলো আৰ্টৰ মূলতে থকা বিপৰাত পন্থা দুটাৰ কথা ইয়াত বৰ্ণানবলৈ গৈছে ।

    চিত্ৰকলাৰ ক্ষেত্ৰত ভাৰতীয় বুৰঞ্জী আগবঢ়া । ভাৰতীয় সংস্কৃতিত ইয়াৰ বিশেষ অৱদান থকা দেখা যায় । সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে । এই দুটাৰ এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাক-জমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সংযম আড়ম্বৰহীনতা । এটা বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটোৱে মানুহৰ অন্তৰ আত্মা স্পৰ্শ কৰি অভিবূত কৰে । আকৌ প্ৰথমটোৱে প্ৰায়েই বিৰাট পটভুমিৰ অৱতাৰণা কৰে, দ্বিতীয়টোৱে তেনে পদ্ধতিৰ অৱতাৰণা নকৰে । ইয়াৰোপৰি প্ৰথমবিধ আৰ্টৰ বহিৰ্জাগতিক বিস্তৃত আছে, দ্বিতীয়টোৰ সেই বিস্তৃতি নাই ।

 

ভাষা- বিষয়কঃ

১) সন্ধি ভাঙাঃ

সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত।

উত্তৰঃ

 সংস্কৃতি = সম্ + কৃতি

সমন্বয়  = সম্ + অন্বয়

সম্বন্ধ   = সম্ + বন্ধ

ভাৰাক্ৰান্ত = ভাৰ + আক্ৰান্ত

সন্মত   = সম + মত

 

২) বিশেষ্য বা বিশেষণলৈ নিয়াঃ

বৈচিত্ৰ্য, ভৌগোলিক , বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।

উত্তৰঃ 

   বৈচিত্ৰ্য = বিচিত্ৰ

   ভৌগোলিক  = ভূগোল

    বিস্তৃতি = বিস্তৃত

    নৈৰাশ্য = নিৰাশ

     বিপ্লৱ = বৈপ্লৱিক

    

Published by Lokesh Das

************

Class 10 assamese book question answer SEBA 2021

Class 10 Assamese Book SEBA PDF Download is coming soon. SEBA Class 10 Assamese notes is available. Class 10 Assamese Medium ALL subject solution. Class 10 Assamese medium question answer.

Previous Post Next Post