মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন | Class 10 Science chapter 5 question answer in Assamese Medium |

SEBA Board NCERT Science text book Solution for Class 10 Science Chapter 5 Periodic Classification of Elements  

 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

Chapter 5 Periodic Classification of Elements  Science . Class X Solution for Assamese Medium Student Assamese Science Solution SEBA Class10 Science Solution  Assamese Medium Science Class 10 Chapter 5 Solution | দশম  শ্ৰেণীৰ সাধাৰণ বিজ্ঞান |  

 

SEBA Board Class 10 Science Textbook Solution

 

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

       

প্ৰ শ্না ৱ লী

 

Class 10 Science NCERT Textbook – Page No 81

1.  নিউলেণ্ডৰ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ ট্ৰায়াড আছিলনে ? তুলনা কৰা আৰু বিচাৰি উলিওৱা । 

উত্তৰ:- নিউলেণ্ডছৰ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ এটা  ট্ৰায়াড আছিল । সেয়া হল -

 

বাৰেইনাৰৰ এটা  ট্ৰায়াড

মৌল

চিহ্ন

পাৰমাণৱিক ভৰ

লিথিয়াম

ডিয়াম

পটেছিয়াম

Li

Na

K

6.9

23.0

39.0


2.     বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?

উত্তৰ:- বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাসমূহ হল- 

(i)         বাৰেইনাৰে মাত্ৰ তিনিটা ট্ৰায়াডহে প্ৰস্তুত কৰিব পাৰিছিল । এই ত্ৰি মৌল শ্ৰেণী বিভাগ সকলো ক্ষেত্ৰতে গ্ৰহণযোগ্য নাছিল ।

(ii)         সেই সময়ত বৰ্তি থকা সকলো মৌলৰ শ্ৰেণী বিভাজন কৰিব পৰা নাছিল ।




3.         নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল

উত্তৰ:- নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হল- 

(i)  নিউলেণ্ডছৰ অষ্টক সূত্ৰ কেৱল কেলছিয়ামলৈকে  প্ৰযোজ্য আছিল । কেলছিয়াম (Ca) ৰ পিছত প্ৰত্যেক অষ্টক মৌলৰ ধৰ্ম প্ৰথম মৌলবিধৰ ধৰ্মতকৈ পৃথক আছিল । 

 

(ii) নিউলেণ্ডছৰ অষ্টক সূত্ৰমতে প্ৰকৃতিতত মাত্ৰ 56 টা মৌলহে আছিল আৰু ভৱিষ্যতে নতুন মৌলৰ আৱিষ্কাৰৰ সম্ভাৱনা খুব ক্ষীণ বুলি ধৰি লোৱা হৈছিল । কিন্তু সময়ৰ লগে লগে বহু মৌলৰ আৱিষ্কাৰ হল যিবোৰক সুকীয়া ধৰ্মৰ বাবে অষ্টক নীতি অন্তৰ্ভুক্ত কৰিব পৰা নগল । 

(iii) একে স্থানতে মৌলৰ একত্ৰীকৰণ : তালিকাৰ লগত খাপ খাব পৰাকৈ একেটা স্থানতে নিউলেণ্ডছে দুটাকৈ মৌল ৰাখিছিল । তেওঁ আনকি সাদৃশ্য নথকা মৌলকো একেটা স্তম্ভতে ৰাখিছিল । 

উদাহৰণস্বৰূপে : বাল্ট (Co) আৰু নিকেল (Ni) ক একেটা স্থানতে ৰখা হৈছিল । তেনেদৰে সেই একেটা স্তম্ভতে ফ্লৰিন (F), ক্লৰিণ (Cl) আৰু ব্ৰমিন (Br) ক ৰখা হৈছিল যাৰ ধৰ্ম উক্ত মৌলসমূহতকৈ ভিন্ন আছিল । 

(iv) অনুপযুক্ত আইৰণ : আইৰণৰ (Fe) ধৰ্ম কবাল্ট (Co) আৰু নিকেল (Ni) ৰ সৈতে একে যদিও আইৰণক এই দুটা মৌলৰ পৰা দূৰত স্থান দিয়া হৈছিল ।  

 


Class 10 Science NCERT Textbook – Page No 85

1. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা । 

K,  C,  Al,  Si,  Ba

উত্তৰ:- 

 

চিহ্ন

K

C

Al

Si

Ba

মৌলৰ নাম

পটেছিয়াম

কেলছিয়াম

এলুমিনিয়াম

ছিলিকন

বেৰিয়াম

বৰ্গ

I

IV

III

IV

II

অক্সাইডৰ সাধাৰণ সংকেত

R2O

RO2

R2O3

RO2

RO

মৌলৰ অক্সাইডৰ সংকেত

K2O

CO2

Al2O3

SiO2

BaO

 

ইয়াত R য়ে বৰ্গটোৰ যিকোনো মৌলক নিৰ্দেশ কৰিছে । 



2.   গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল ? ( যিকোনো দুটা ) 

উত্তৰ:- গেলিয়ামৰ উপৰি যি মৌলসমূহ আৱিষ্কাৰ হোৱাৰ পূৰ্বেই  মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত খালী স্থান ৰখা মৌল দুটা হল-

 (i) স্কেণ্ডিয়াম (Sc) আৰু 

 (ii) জাৰ্মেনিয়াম (Ge)



3.         মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ(Criteria) কি কি আছিল ?

উত্তৰ:-মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ(Criteria)ল - 

  (i) মৌলবোৰৰ পাৰমাণৱিক ভৰ অনুযায়ী সজোৱা ।

 (ii) একে ৰাখায়নিক ধৰ্ম বিশিষ্ট মৌলবোৰক একেটা বৰ্গতে ৰখা । 

 

4.         সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?

উত্তৰ:- সম্ভ্ৰান্ত গেছবোৰৰ বাহিৰতম কক্ষটোত 8 টাকৈ ইলেকট্ৰন থাকে । গতিকে ৰাসয়নিকভাৱে এইবোৰ প্ৰায় নিষ্ক্ৰয় । সেয়ে  ইহঁতক একেটা বৰ্গতে ৰখা হৈছে ।

যেনে- হিলিয়াম(He), নিয়ন (Ne), আর্গন(Ar), ক্ৰিপ্টন (Kr), জেনন (Xe) আৰু ৰেডন (Rn) আদি । 

 

 

Class 10 Science NCERT Textbook – Page No 90

 

1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল ?

উত্তৰ:-মৌলবোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম হৈছে  সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ । এই পাৰমাণৱিক সংখ্যাৰ ওপৰতেই আধুনিক পৰ্যাবৃত্ত তালিকা আধাৰিত । এনেদৰে আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ দূৰ কৰাৰ প্ৰক্ৰিয়াবোৰ হলঃ

(i) আধুনিক প্ৰৰ্যাবৃত্ত তালিকাত সমস্থানিক (isotopes) বোৰক একেটা স্থানতে ৰখা হল । কাৰণ সমস্থানিকবোৰৰ ভৰ সংখ্যা বেলেগ যদিও  পৰমাণৱিক সংখ্যা একে ।


(ii) আধুনিক পৰ্যাবৃত্ত তালিকাত একে সংখ্যাৰ যোজক ইলেকট্ৰন থকা মৌলবোৰক একেটা বৰ্গতে ৰখা হয় ।


(iii) বাল্ট আৰু নিকেলৰ ভৰ সংখ্যাৰ ক্ষেত্ৰত থকা আসোৱাহ দূৰ হল । ভৰ সংখ্যা মতে কবাল্টৰ(Co) (পাৰমাণৱিক ভৰ 58.93)  পাৰমাণৱিক সংখ্যা 27 আৰু নিকেলৰ (Ni) (পাৰমাণৱিক ভৰ 58.71) 28 কিন্তু পাৰমানৱিক ভৰৰ ক্ষেত্ৰত কবাল্টতকৈ নিকেলৰ কম । গতিকে নিকেলৰ স্থান কবাল্টতকৈ পিছত হয় ।



2.         মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা । তোমাৰ এই বাচনিৰ ভিত্তি কি ?

উত্তৰ:- মেগনেছিয়ামৰ((Mg) ইলেক্ট্ৰনীয় বিন্যাস 2,8,2 অৰ্থাত ইয়াৰ যোজক কক্ষত 2 টা ইলেক্ট্ৰন আছে । 

একেদৰে বেৰেলিয়ামৰ (Be)  ইলেক্ট্ৰনীয় বিন্যাস 2,2 আৰু কেলছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,8,2 অৰ্থাত ইয়াৰো যোজক কক্ষত 2 টা ইলেক্ট্ৰন আছে । বেৰেলিয়াম আৰু কেলছিয়াম উভয়ৰে দুটাকৈ  ইলেক্ট্ৰন আছে গতিকে এই মৌল দুটাই মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব ।

 

3.          নাম লিখা ।

a) বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ

b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌল ।

c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল ।

উত্তৰঃ- বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌল হৈছে- লিথিয়াম (Li), ডিয়াম (Na), পটাছিয়াম (K) 

 

b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌল ।

উত্তৰঃ- বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌল হৈছে-  মেগনেছিয়াম (Mg),  কেলছিয়াম (Ca)

 

c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল ।

উত্তৰঃ- পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল হৈছে-  হিলিয়াম (He), নিয়ন (Ne), আৰ্গন (Ar)

4.          

a) লিথিয়াম, ছডিয়াম, পটেছিয়াম এই আটাইকেইটা ধাতু । ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে । এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে  ? 

উত্তৰ:-  লিথিয়াম, ছডিয়াম, পটেছিয়াম ধাতুৰ পৰমাণুৰ সাদৃশ্য এয়ে যে আটাইকেইটা মৌলৰ পৰমাণুৰ বহিৰতম কক্ষত মাত্ৰ এটাকৈ ইলেক্ট্ৰন আছে । গতিকে, তিনিওটা মৌলৰে যোজ্যতা 1  

 b) হিলিয়াম এটা নিষ্ক্ৰয় গেছ আৰু নিয়নো নিষ্ক্ৰয়   গেছ । ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল দেখা যায় ।

উত্তৰ:- হিলিয়াম He আৰু নিয়ন Ne উভয়ৰে বহিৰতম কক্ষ ইলেকট্ৰনেৰে পৰিপূৰ্ণ । সেইবাবে পৰমাণুবোৰৰ মাজত  মিল দেখা যায় ।

 

5.   আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোন কেইটা ধাতু ?

উত্তৰ:-আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত লিথিয়াম (Li)  আৰু বেৰেলিয়াম  (Be)  দুটা ধাতু ।

 

6.    পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হব বুলি অনুমান কৰিবা  ? 

       Ga, Ge, As, Se, Be

উত্তৰ:- যিহেতু এটা পৰ্যায়ত মৌলৰ ধাতৱীয় গুণ বাওঁ ফালৰ পৰা সোঁফাললৈ কমি আহে । গতিকে বেৰিলিয়াম (Be) আটাইতকে বেছি ধাতৱ ধৰ্মী ।  



 

অনুশীলনী

 

1.  পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?

         (a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে ।

          (b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে ।

     (c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় ।

        (d) অক্সইডবোৰ বেছি আম্লিক হৈ পৰে ।

   উত্তৰঃ-(c)পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় ।

2.         মৌল য়ে XCl2 সংকেত ক্লৰাইড গঠন কৰে । ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ । মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাততৈ বেছি

a.         Na       

b.         Mg

c.         Al

d.         Si

      উত্তৰঃ- (b) Mg

  3. কোনটো মৌলৰ আছে 

(a) ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ ?

উত্তৰঃ- a) নিয়ন Ne – 2.8     

 

(b)  2, 8, 2 ইলেক্ট্ৰনীয় বিন্যাস ?

উত্তৰঃ- মেগনেছিয়াম Mg  

 

(c) যোজক কক্ষত চাৰিটা ইলেক্ট্ৰনৰে সৈতে মুঠ তিনিটা কক্ষ ?

উত্তৰঃ- ছিলিকন  Si – 2 . 8 . 4       

 

(d) যোজক কক্ষত তিনিটা ইলেক্ট্ৰনৰে সৈতে মুঠ দুটা কক্ষ ?

উত্তৰঃ-  ৰন B – 2 . 3  

 

(e)  দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰ?

উত্তৰঃ-  কাৰ্বন C – 2 . 4    

 

4. a. পৰ্যাবৃত্ত তলিকাত বৰণৰ সৈতে একেটা স্তম্ভকে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?

উত্তৰঃ- a) পৰ্যাবৃত্ত তালিকাত বৰনৰ স্থান হ২ য় পৰ্যায়ৰ 13 বৰ্গ । ইয়াৰ যোজক কক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা  3 গতিকে পৰ্যাবৃত্ত তালিকাত বৰনৰ লগত স্থান পোৱা মৌলসমূহৰ যোজ্যতা 3  

 

b) পৰ্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভকে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?

উত্তৰঃ- পৰ্যাবৃত্ত তালিকাত ফ্ল'ৰিনৰ  স্থান  ২ য় পৰ্যায়ব 17 বৰ্গ । 17 বৰ্গৰ আন মৌলসমূহক একেলগে হেলজেন পৰিয়াল বোলে । ইহঁতৰ যোজ্যতা -1 আৰু ইহঁতে আন মৌলৰ লগত আয়নীয় ৰান্ধনিৰ বান্ধ খাই হেলাইড যৌগ গঠন কৰে ।

 

5. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ2, 8, 7

a. এই মৌলটোৰ পৰমাণৱিক সংখ্যা কি

উত্তৰঃ- পাৰমাণৱিক সংখ্যা = 17

 

b. তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)

       N(7),  F(9),  P(15),  Ar(18)

উত্তৰঃ-      F (9) ৰ লগত সাদৃশ্য থাকিব । 

 

6. পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে ।

16 বৰ্গ    17 বৰ্গ

 -              -

 -             A

-               -

B           C

a) মৌল ধাতুনে অধাতু ?

উত্তৰঃ-  A অধাতু কিয়নো ই 17 বৰ্গত আছে ।

 

b)  C মৌলক A তকৈ বেছি সক্ৰিয়নে কম সক্ৰিয় ?

উত্তৰঃ- C মৌলটো A তকৈ কম সক্ৰিয় । (যিহেতু এটা বৰ্গত তলৰফালে ৰাসায়নিক সক্ৰিয়তা হ্ৰাস পায়)

 

 

C)  C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু

উত্তৰঃ- সৰু হব ।(যিহেতু এটা পৰ্যায়ত বাওঁ ফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ কমি আহে )।

 

d) মৌল A কেনে ধৰণৰ আয়নকেটায়ন বা এনায়ন গঠন কৰিব

উত্তৰঃ- A মৌল 17 বৰ্গত আছে । ইয়াৰ যোজ্যতা -1 ব । অৰ্থাৎ ই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰিব অৰ্থাৎ এনায়ন গঠন হব ।

 

7. নাইট্ৰজেন (পৰমাণৱিক সংখ্যা 7) আৰু ফছফৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে । এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা । ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হব আৰু কিয় ?

উত্তৰঃ- আমি জানো যে

নাইট্ৰজেনৰ ইলেকট্ৰনীয় বিন্যাস = 2,5   

ফছফৰাছৰ ইলেকট্ৰনীয় বিন্যাস = 2,8,5

       নাইট্ৰজেনৰ পৰমাণুৰ আকাৰ ফছফৰাছ পৰমাণুৰ আকাৰতকৈ সৰু । ফলস্বৰূপে  ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা ফছফৰাছতকৈ নাইট্ৰজেনৰ অধিক । ইহঁতৰ নাইট্ৰজেনৰ  বেছি বিদ্যুৎ ঋণাত্মক হব ।

 

8. পৰমাণু এটাৰ ইলেকট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কি দৰে জড়িত হৈ আছে ?

উত্তৰঃ- পৰমাণু এটাৰ ইলেকট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কি দৰে জড়িত হৈ থাকে । যেনে -

(i)  পৰ্যায় সংখ্যা : এটা মৌলৰ পৰ্যায় সংখ্যা মৌলটোৰ পৰমাণুত থকা কক্ষৰ সংখ্যাই নিৰ্ধাৰণ কৰে । একে সংখ্যক কক্ষ থকা আটাইবোৰ মৌলৰ পৰমাণু একোটা পৰ্যায়ৰ অন্তৰ্ভুক্ত । 

(ii) বৰ্গ সংখ্যা : বিভিন্ন মৌলৰ পৰমাণু যাৰ যোজক ক্ষমতা ইলেক্ট্ৰনৰ সংখ্যা একে হয় , তেনেবোৰ মৌল একেটা বৰ্গৰে  অন্তৰ্ভুক্ত ।  

 

9. আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম (পৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে । এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰায়ায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে ? 

উত্তৰঃ- আমি জানোঁ যে,

  কেলছিয়ামৰ (Ca) পৰমামৱিক সংখ্যা = 20

 ইলেকট্ৰনীয় বিন্যাস  = 2, 8, 8, 2

গতিকে ইয়াৰ যোজক ইলেকট্ৰনৰ সংখ্যা =

                                             যোজ্যতা = 2

          গতিকে ওপৰত উল্লেখিত যি মৌলৰ যোজক ইলেকট্ৰনৰ সংখ্যা 2 , সিয়ে কেলছিয়ামৰ Ca ৰ লগত মিলিব ।

 

পাৰমাণৱিক সংখ্যা

ইলেক্ট্ৰনীয় বিন্যাস

যোজক ইলেক্ট্ৰ

12

2,8,2

2

19

2,8,8,1

1

21

2,8,8,3

3

38

2,8,18,8,2

2

       গতিকে দেখা গ12 আৰু 38 পাৰমাণৱিক সংখ্যা যুক্ত মৌলৰ ৰাসয়নিক আৰু ভৌতিক ধৰ্মসমূহ কেলছিয়ামৰ Ca ৰ লগত মিলে ।

 

10. মেণ্ডেলিৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement)  ৰ তুলনা কৰা ।  

উত্তৰঃ-  


মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা

আধুনিক পৰ্যাবৃত্ত তালিকা

(i) পাৰমাণৱিক ভৰৰ উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে ।

(ii) মৌলৰ সমস্থানিকক সঠিক স্থান দিয়া হোৱা নাই ।

(iii) কিছুক্ষেত্ৰত অধিক পাৰমাণৱিক ভৰসম্পন্ন মৌল এটাক কম ভৰসম্পন্ন মৌল এটাতকৈ আগত স্থান দিয়া হয় । 

(iv) 8 টা স্তম্ভ আছে যাক বৰ্গ বোলা হয় ।

(v) বহুতো ধাতু আৰু অধাতু একেটা বৰ্গতে ৰখা হৈছে ।

(vi) মেণ্ডেলিভৰ সময়ত সম্ভান্ত্ৰ গেছৰ আৱিষ্কাৰ হোৱা নাছিল ।

(vii) হাইড্ৰজেনৰ স্থান স্পষ্ট নাছিল ।

(i) পাৰমাণৱিক সংখ্যাৰ  উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে ।

(ii) পাৰমাণৱিক সংখ্যা একে হোৱা হেতুকে এটা  মৌলৰ সমস্থানিকসমূহক  একেটা স্থানতে ৰখা হৈছে ।

(iii) ) পাৰমাণৱিক সংখ্যাৰ  উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰাৰ ফলত এনে আসোঁৱাহ দূৰ হয় ।

(iv) 18 টা স্তম্ভ আছে যাক বৰ্গ বোলা হয় ।

(v) ধাতু আৰু অধাতু পৃথক কৰা হৈছে ।

 (vi) সম্ভান্ত্ৰ গেছক পৃথক বৰ্গত ৰখা হৈছে ।(বৰ্গ 18)

 

(vii) ক্ষাৰ ধাতুৰ ওপৰত হাইড্ৰজেনক ৰখা হৈছে ।


Published by Lokesh Das

************

Previous Post Next Post