নিয়ন্ত্ৰণ আৰু সমন্বয় | Control and Coordination . Class 10 science chapter 7 Assamese medium.

Sudev Chandra Das

NCERT Solution for Class 10 Science Chapter 7 Control and Coordination 

 

Chapter 7 Control and Coordination Science . Class X Solution for Assamese Medium  Science Solution SEBA Class10 Science Solution   Assamese Medium Science Class 10 Chapter 7 Solution | দশম  শ্ৰেণীৰ সাধাৰণ বিজ্ঞান |  

 Class 10 General Science All Chapter Solution .

 


নিয়ন্ত্ৰণ আৰু সমন্বয়

প্ৰ শ্না ৱ লী

 

Class 10 Science NCERT Textbook – Page No 119

1. প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি?


উত্তৰঃ প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য 

প্ৰতীক ক্ৰিয়া

খোজকঢ়া

একেটা উদ্দীপনাৰ প্ৰতি এক দ্ৰুত আচম্বিত আৰু এনৈচ্ছিক সহাঁৰি । উদাহৰণস্বৰূপে- হাঁচি মৰা, চকু টিপিওৱা ইত্যাদি ।

একে সুবিবেচনাপূৰ্ণ ঐচ্ছিক প্ৰক্ৰিয়া যত উদ্দীপনাৰ প্ৰতি সহাঁৰি জড়িত নহয় ।

চিন্তন প্ৰক্ৰিয়া জড়িত নহয় ।

চিন্তন প্ৰক্ৰিয়া জড়িত হয় ।

স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে । 

মস্তিষ্কই নিয়ন্ত্ৰণ কৰে । 

ছেকেণ্ডত সম্পন্ন হয় ।

সম্পন্ন হবলৈ তুলনামূলকভাৱে অধিক সময়ৰ প্ৰয়োজন ।

 

2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে ?

উত্তৰঃ দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছৰ মাজেদি স্নায়ু সংবেদন আমাৰ দেহত প্ৰেৰণ হয়। দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত ৰাসায়নিক পদাৰ্থৰ সঞ্চালন ঘটে । 

 

3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?

উত্তৰঃ পশ্চাৎ মস্তিুষ্কত অৱস্থিত চেৰিবেলামে (Cerebellum) দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়।

 

4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?

উত্তৰঃ নাকৰ স্নায়ুকোষৰ ডেনড্ৰাইটত অৱস্থিত ঘ্ৰাণ সংগ্ৰাহকৰ সহায়ত আমি ধূপকাঠিৰ গোন্ধ লওঁ । 

5. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি?

উত্তৰঃ প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা পালন নকৰে কিয়নো কাৰ্যকৰী পেশীয়ে ক্ৰিয়াৰ বাৰ্তা স্নায়ুৰজ্জুৰ পৰা পোনপটীয়াকৈ লাভ কৰে । অৱশ্য এই তথ্য মগজতো উপনীত হয় যত এয়া ভৱিষ্যতলৈ স্মৃতি হিচাপে সঞ্চিত হৈ থাকে ।  

  অধ্যায় 8 :  জীৱই কেনেকৈ বংশবিস্থাৰ কৰে ?


   অধ্যায় 9 :  বংশগতি আৰু ক্ৰমবিকাশ


  অধ্যায় 10 : পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ


  অধ্যায় 11 : মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী


  অধ্যায় 12 : বিদ্যুত


  অধ্যায় 13 : বিদ্যুত প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া


  অধ্যায় 14 : শক্তিৰ উৎসসমূহ


  অধ্যায় 15 : আমাৰ পৰিৱেশ


  অধ্যায় 16 : প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা


Class 10 Science NCERT Textbook – Page No 122

 

1. উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ (Plant Hormone) বিলাক কি কি ?

উত্তৰঃ  (i) জিবাৰেলিন 

             (ii)চাইটকাইনিন

             (iii) অক্সিন 

             (iv) এবচাইছিক এছিড 

 

2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে ?

উত্তৰঃ নিলাজী বনৰ বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। আনহাতে, বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত। নিলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ হৈ থাকে। এই চলাচল দ্ৰুতিগতিত সংঘটিত হয়। আনহাতে, কাণ্ডৰ কুমলীয়া আগ পোহৰৰ দিশত মন্থৰ গতিত সংঘটিত হয়।


নিলাজী বনৰ পাতৰ চলন

কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত কৰা গতি

নিলাজী বনৰ বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই ।

বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত । 

নিলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ হৈ থাকে।

কাণ্ডৰ কুমলীয়া আগ পোহৰৰ দিশত মন্থৰ গতিত সংঘটিত হয়।

 


3. উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।

উত্তৰঃ অক্সিন (Aunin)

 

4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে ?

উত্তৰঃ অক্সিনে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগায়। উদ্ভিদৰ আকৰ্ষত অক্সিনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে । ইয়াৰ বাবে আকৰ্ষডাল বেকা হয় আৰু বস্তু এটাৰ চাৰিওফালে মেৰাই ধৰি তাত লাগি ধৰে।


5. জলানুবেগী (Hydrotropism) ৰ পৰীক্ষা মূলক আৰ্হি এটা প্ৰস্তুত কৰা ।

উত্তৰঃ উদ্ভিদৰ শিপাই সদায় আৰ্দ্ৰতা বা পানীৰ দিশত গতি কৰে আৰ্দ্ৰতা বা পানীৰ দিশত উদ্ভিদৰ শিপাৰ এই চলাচলক জলানুবেগী বা হাইড্ৰট্ৰপিজিম পিজিম বোলা হয়।

পৰীক্ষাঃ বালিৰে পূৰ্ণ এটা ডাঙৰ পাত্ৰত এটা মটৰ মাহৰ পুলি ৰোপন কৰা হল। বালিত পুলিটোৰ পৰা কিছু দূৰত পানীৰে পূৰ্ণ এটা ৰন্ধ্ৰযুক্ত পাত্ৰ ৰখা হল। কিছুদিনৰ পাছত দেখা যাব যে পুলিটোৰ শিপাডাল পানীৰ পানীৰ উৎসৰ ফালে বেকা হৈছে। এই পৰীক্ষাটোৱে দেখুওৱায় যে উদ্ভিদৰ শিপাই সদায় পানীৰ দিশত গতি কৰে।


Class 10 Science NCERT Textbook – Page No 125

 

1. প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?

উত্তৰঃ প্ৰাণীদেহত হৰমনৰ দ্বাৰা ৰায়ায়নিক সমন্বয় সংঘটিত হয়। প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰমন নিঃসৰণ কৰে। এই গ্ৰন্থিবোৰে ক্ষৰণ কৰা হৰমনসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায় আৰু এই হৰমন ক্ৰিয়া কৰা স্থান সমূহহলৈ পৰিৱাহিত হয় ।

2. আয়ডিনযুক্ত  লৱণ খোৱাটো কিয় আৱশ্যক ?

উত্তৰঃ আয়ডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰড গ্ৰন্থিয়ে থাইৰক্সিন নামৰ হৰমনবিধ তৈয়াৰ কৰে। থাইৰক্সিনে আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বীৰ বিপাক নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত সমতাৰ যোগান ধৰে। গতিকে আয়ডিন পুষ্টি লৱন খোৱাটো আৱশ্যক ।

 

3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয় ?

উত্তৰঃ এড্ৰিনেলিনৰ পোন পটীয়াকৈ তেজত নিঃসৰণ ঘটিলে দেহৰ বিভিন্ন অংশলৈ প্ৰৱাহিত হয়। এড্ৰিনেলিনে নিৰ্দিষ্ট কোষকালত ক্ৰিয়া কৰে । ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়। ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰৱাহিত হয়। মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলোবিলাক একেলগ হৈ এটা কাৰ্য সম্পাদন হয়।

 

4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় ?

উত্তৰঃ  ইনচুলিন হল আমাৰ শৰীৰৰ অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা এবিধ হৰম, যিয়ে আমাৰ তেজৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে যদি এই হৰমনবিধ উপযুক্ত পৰিমাণত ক্ষৰণ কৰা নাযায়, তেনেহলে আমাৰ তেজত শৰ্কৰাৰ স্তৰৰ বৃদ্ধি হয়, যাৰ ফলত শৰীৰত নানা হানিকাৰক প্ৰভাৱে দেখা দিব পাৰে। আমাৰ তেজত শৰ্কৰাৰ স্তৰৰ বৃদ্ধিয়ে ডায়েবেটিছ ৰোগৰ সৃষ্টি কৰে, যাৰ বাবে এই ৰোগৰ কিছুমান ৰোগীক ইনচুলিনৰ বেজী দিয়া হয়।

More Resours For Class 10 Solutions in Assamese Medium

 অনুশীলনী

 

1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ?

(a) ইনচুলিন

(b) থাইৰক্সিন

(c) ৱেষ্ট্ৰজেন

(d) চাইটকাইনিন

উত্তৰঃ (d) চাইটকাইনিন

 

2. দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয়-

(a) ডেনড্ৰাইট

(b) চাইনেপচ

(c) এক্সন

(d) প্ৰেৰণা

উত্তৰঃ (b) চাইনেপচ

 

3. মগজুৱে কি কাম কৰে-

(a) ভাৱ আৰু চিন্তা কৰা

(b) হৃদপিন্দু স্পন্দন নিয়ন্ত্ৰণ

(c) দেহৰ সমতা ৰক্ষা

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা

 

4. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি ? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হব পাৰে ?

উত্তৰঃ সংগ্ৰাহক অংগ হৈছে বিশেষ কোষ বা কোষসমষ্টি যিয়ে বাহ্যিক পৰিৱেশত পৰিবৰ্তন ধৰা পেলায় আৰু এই বাৰ্তাসমূহ মস্তিষ্কলৈ প্ৰেৰণ কৰে । মস্তিষ্কই সংশ্লিষ্ট অংগক সেইমৰ্মে নিৰ্দেশনা দিয়ে ।

  যদি সংগ্ৰাহক অংগই সঠিকভাৱে কাৰ্য সম্পন্ন নকৰে তেন্তে আমাৰ জীৱন ধাৰণ বিপদ সংকুল হব লাগে ।

উদাহৰণস্বৰূপে — সংগ্ৰাহক অংগ ছালে তাপ ধৰা পেলাবলৈ অক্ষম হলে আমি লোহিত তপ্ত বস্তু স্পৰ্শ কৰিব লাগিব কিয়নো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বাৰ্তা প্ৰেৰিত নহব যাৰ ফলত ছাল জ্বলি যাব ।


5. নিউৰন গঠনৰ এটা চিত্ৰ আঁকা। ইয়াৰ কাৰ্য বৰ্ণনা কৰা।

উত্তৰঃ   নিউৰণঃ


কাৰ্যঃ নিউৰণৰ মুখ্য কাৰ্য হল নিউৰণৰ সহায়ত স্নায়ুপ্ৰেৰণা আমাৰ দেহত সঞ্চালিত হয়। নিউৰনে পৰিৱেশৰ পৰা তথ্য আহৰণ কৰি তাক বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ সঞ্চালিত কৰে।

6. উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় ?

উত্তৰঃ উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেকা হয় আৰু শিপাই পোহৰৰ পৰা আঁতৰলৈ গতি কৰে। পোহৰৰ দিশত উদ্ভিদৰ কাণ্ড বেকা হোৱাৰ লগত অক্সিনৰ প্ৰভাৱ জড়িত থাকে। অক্সিন কাণ্ডৰ অগ্ৰাংশত সংশ্লেষিত হয় আৰু যেতিয়া উদ্ভিদৰ কাণ্ডৰ অগ্ৰাংশই পোহৰ লাভ কৰে, অক্সিনে কাণ্ডৰ ছাঁত থকা অংশলৈ গতি কৰে, আৰু এই অঞ্চলৰ কোষসমূহৰ দৈৰ্য্য বৃদ্ধিত অৰিহণা যোগায়। ইয়াৰ বাবে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেকা হৈ পৰে। 


7. স্নায়ুৰজ্জুত আঘাট হলে কেনে বাৰ্তাত ব্যাঘাট ঘটে ?

উত্তৰঃ স্নায়ুৰজ্জুৰ দ্বাৰা গোটেই শৰীৰৰ পৰা মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা শৰীৰৰ অংগ সমূহলৈ সকলো বাৰ্তা সঞ্চালিত হয় । গতিকে স্নায়ুৰজ্জুত আঘাট হলে শৰীৰৰ সকলো ধৰণৰ সংকেতেই বাধাগ্ৰস্ত হব ।

  Class 10 General Science All Chapter Solution .

8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় ?

উত্তৰঃ উদ্ভিদ দেহত হৰম নামৰ এবিধ ৰাসায়নিক যৌগৰ সহায়ত ৰাসায়নিক সমন্বয় সধিত হয়। উদ্ভিদ হৰমণসমূহে উদ্ভিদদেহৰ বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধন কৰে। 


9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন

উত্তৰঃ জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে এক তন্ত্ৰৰ প্ৰয়োজন আকৌ বহুকোষী জীৱই নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাত ব্যৱহাৰ কৰা হৰমণবোৰৰ বিচিত্ৰতা আমি ভৱাতকৈ বহুগুনে বেছি। জীৱৰ শৰীৰত বিভিন্ন ক্ৰিয়া-কলাপ চলাই নিয়াৰ বাবে অনবৰতে চলাচলৰ প্ৰয়োজন হয়। এই ক্ৰিয়া-কলাপসমূহ হল পৰিপুষ্টি, শ্বসন, পৰিৱহণ, ৰেচন আদিৰ দৰে অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াসমূহ এই সকলো ধৰণৰ চলাচলৰ বাবে তন্ত্ৰৰ আৱশ্যক।


10. ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা ?

উত্তৰঃ 1) প্ৰতীপ ক্ৰিয়া কোনো উদ্দীপনাৰ বিপৰীতে আমাৰ শৰীৰৰ হঠাতে আৰু স্বতঃস্ফতভাৱে সংঘটিত এক প্ৰক্ৰিয়া। আনহাতে, যিবোৰ ক্ৰিয়াৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত থাকে সেইবোৰ ঐচ্ছিক ক্ৰিয়াৰ অৰ্ন্তগত। যেনেঃ খোজ কঢ়া হল আমাৰ শৰীৰৰ এক ঐচ্ছিক ক্ৰিয়া।

2) প্ৰতীপ ক্ৰিয়া যেনে- চকুমণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি অনৈচ্ছিক কাৰ্য মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিস্কই নিয়ন্ত্ৰণ কৰি থাকে। আনহাতে, ঐচ্ছিক ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে চেৰিবেলাম নামৰ অংশই।

11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰমণৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা

উত্তৰঃ প্ৰানীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰমণৰ ক্ৰিয়াৰ মাজৰ তুলনা তলত উল্লেখ কৰা হলঃ 

(i) স্নায়ৱিক সমন্বয়ত বৈদ্যুতিক সংকেত হিচাপে বাৰ্তাৰ সঞ্চালন ঘটে। আনহাতে, হৰমণৰ দ্বাৰা সমন্বয়ৰ ক্ষেত্ৰত হৰমণৰ দ্বাৰা বাৰ্তাৰ সঞ্চালন ঘটে ।

(ii) স্নায়ুৱিক সমন্বয় ক্ষিপ্ৰ গতিত সংঘটিত হয়, কাৰণ বৈদ্যুতিক সংকেতসমূহ দ্ৰুত গতিত সঞ্চালিত হয়।

       হৰমণৰ সমন্বয় তুলনামূলক ভাৱে মন্থৰ গতিত সংঘটিত হয়, কাৰণ হৰমণসমূহ তেজৰ দ্বাৰা কম দ্ৰুতিৰে পৰিৱাহিত হয়।

(iii) স্নায়ৱিক সমন্বয় কম প্ৰভাৱী, কাৰণ শৰীৰৰ প্ৰতীটো কোষেই স্নায়ু কলাৰ লগত সংলগ্ন হৈ নাথাকে আনহাতে হৰমণৰ সমন্বয় অতিকৈ প্ৰভাৱী, কাৰণ হৰমণসমূহ তেজৰ দ্বাৰা পৰিৱাহিত হোৱাৰ ফলত শৰীৰৰ সকলো কোষেই ঢুকি পায়।

 

12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি ?

উত্তৰঃ 

নিলাজী বনৰ পাতৰ চলন

ভৰিৰ চলন

প্ৰতীপ ক্ৰিয়াৰ অনৰ্গত ।

ঐচ্ছিক ক্ৰিয়াৰ অনৰ্গত ।

বৈদ্যুতিক ৰাসায়নিক প্ৰেৰণা প্ৰেৰিত হয় ।

স্নায়ুৰ জৰিয়তে তথ্য প্ৰেৰিত হয় ।

হৰমন নামৰ ৰাসায়নিক যৌগৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ।

স্নায়ু আৰু পশ্চাত মস্তিষ্কৰ চেৰিবেলাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ।

এই চলন সম্পন্ন কৰিবলৈ বিশেষ কলা নাথাকে ।

এই চলন সম্পন্ন কৰিবলৈ বিশেষ কলাৰ আৱশ্যক ।

    

Published by Lokesh Das

Chapter 7 Control and Coordination Science . Class 10 Solution for Assamese Medium Student Assamese Science Solution SEBA.

************



Our website uses cookies to enhance your experience. Learn More
Accept !