হনুমন্তই লঙ্কাদৰ্শনৰ প্ৰশ্ন উত্তৰ ।Class 9 Assamese Chapter 13 Question Answer.

হনুমন্তই লঙ্কাদৰ্শনৰ প্ৰশ্ন উত্তৰ ।Class 9 Assamese Chapter 13 Question Answer.  

             



1.    চমুকৈ উত্তৰ লিখাঃ

(ক) মাধৱ কন্দলী কোন আছিল ?

উত্তৰঃ মাধৱ কন্দলী প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখ্যযোগ্য কবি আছিল এওঁ চতুৰ্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰিছিল ।


(খ) মাধৱ কন্দীলীয়ে কোনখন সময়ত মহাকাব্য অনুবাদ

    কৰিছিল ?

উত্তৰঃ  মাধৱ কন্দলীয়ে ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল ।


(গ)  মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা

     যায় ?

উত্তৰঃ মাধৱ কন্দলীৰ ৰামায়ণত পাঁচটা কাণ্ড পোৱা যায়

 

(ঘ) মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত

    কৰিছিল ?

উত্তৰঃ মাধৱ কন্দলীক শংকৰদেৱে পূৰ্ব কবি অপ্ৰমাদী বুলি অভিহিত কৰিছিল ।

 

(ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিবিষ্ট

    কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে ?

উত্তৰঃ মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিবিষ্ট উত্তৰাকাণ্ডটো শংকৰদেৱে ৰচনা কৰে ।

 

(চ) হনুমন্তৰ লঙ্কাদৰ্শনৰ – কাব্যাশংত কোনটো  কাণ্ডৰ

    পৰা লোৱা হৈছে ?

উত্তৰঃ হনুমন্তৰ লঙ্কাদৰ্শনৰ – কাব্যাশংত ৰামায়ণৰ সুন্দৰকাণ্ডৰ পৰা লোৱা হৈছে ।

 

2.    মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজনাৰ

 নাম উল্লেখ কৰা ।

উত্তৰঃ মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব  যুগৰ কবিকেইজন হৈছে – হেমসৰস্বতী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী ।


3.   মধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ? তেওঁ কৰ ৰজা আছিল ?

উত্তৰঃ মাধৱ কন্দলীয়ে বৰাহী ৰজা মামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ।

   তেঁও অসমৰ পূৱ-মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল । এওঁক বাৰাহ বা বৰাহী বুলিও কোৱা হয় ।

 

4.    তলত দিয়াবোৰ টোকা লিখাঃ

   হনুমন্ত, সুগ্ৰীৱ, নীল, অম্ভ্ৰৱতী, কাশ্যপ-নন্দন, বিশ্বকৰ্মা

উত্তৰঃ

হনুমন্তঃ হনুমন্ত অযোধ্যৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত । এওঁ বায়ুদেৱতাৰ পুত্ৰ আছিল । সীতা উদ্ধাৰ কাৰ্যত হনুমন্তই ৰামচন্দ্ৰক সহায় কৰিছিল । এওঁ অতি বলী আৰু পৰাক্ৰমী আছিল । কথিত আছে, হনুমন্তই সীতাৰ অন্বেষণত যাওঁতে একে জাপে সাগৰ পাৰ হৈছিল সেইদৰে সীতা উদ্ধাৰৰ বাবে ৰাম-ৰাৱণৰ মাজত লগা যুদ্ধত মেঘনাদৰ হাতত মৃত্যু হোৱা লক্ষ্মণক পুনৰ জীয়াই তুলিবলৈ  সঞ্জীৱনৰ প্ৰয়োজন হোৱাত হনুমন্তই গন্ধমাদন পাহৰখন তুলি লৈ আনিছিল

সুগ্ৰীৱঃ  সুগ্ৰীৱ কিষ্কিন্ধ্যাৰ বানৰ ৰজা বালিৰ ভায়েক । এওঁ ৰামচন্দ্ৰই  সহায় কৰিছিল । বালিৰ লগত হোৱা অন্যায় যুদ্ধত ৰামচন্দ্ৰই সুগ্ৰীৱক সহায় কৰিছিল আৰু বালিক বধ কৰি সুগ্ৰীৱক  কিষ্কিন্ধ্যাৰ ৰজা পাতিছিল ।

নীলঃ নীল সীতা উদ্ধাৰৰ বাবে বাবে লগা ৰাম-ৰাৱণৰ যুদ্ধৰ এজন সেনাপতি আছিল । এওঁ সীতা অন্বেষণত আৰু সাগৰত সেঁতু বন্ধা কাৰ্যত ৰামচন্দ্ৰক সহায় কৰিছিল

অম্ভ্ৰৱতীঃ অম্ভ্ৰৱতী দেৱৰাজ ইন্দৰ ৰাজধনী আছিল । এই নগৰখন দেৱতাসকলৰ খনিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল । ইয়াৰ সৌন্দৰ্য অতি বিতোপন আছিল ।

কাশ্যপ-নন্দনঃ সূৰ্য দেৱতাৰ আন এক নাম হৈছ কাশ্যপ-নন্দন । ৰামায়ণ আৰু কোনো কোনো পুৰাণ শাস্ত্ৰ মতে সূৰ্যদেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পুত্ৰ আছিল ।এওঁ হিন্দু ধৰ্মৰ তেত্ৰিশ কৌটি দেৱতাৰ ভিতৰত এক অন্যতম দেৱতা । এওঁক ত্ৰৈলোক্যৰ প্ৰদীপ বুলিও কব পাৰি  

বিশ্বকৰ্মাঃ বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত ।এওঁক দেৱতাসকলৰ বিমান আৰু অলঙ্কাৰসমূহ নিৰ্মাণ কৰা দেৱতাৰূপেও জনা যায় । ইন্দৰ ৰাজধানী অম্ভ্ৰৱতী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰদ্বাৰই সাধিত হৈছিল । এওঁ দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা ।   

 

5.    লংকা নগৰীৰ কাষৰ বন-বনিত হনুমন্তই কি কি ফল-ফুলৰ গছ দেখিবলৈ পাইছিল ?

উত্তৰঃ লংকা নগৰীৰ কাষৰ বন-বননিত  হনুমন্ত দেখা ফলৰ গছবোৰ হল – তেতেলি, পিয়াল, নাৰঈ, বদৰ, বীজপুৰ, কবিথু, আম, জাম, খাজুৰি, আমলখি, ডহাফল, তামোল, নাৰিকল, শ্ৰীফল, আদি আৰু ফুলৰ গছবোৰ হল – গুলাল, পাৰিজাত, সেউতী, মালতী, গুটিমালী আদি ।

 

6.   হনিমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল ? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল  ?

উত্তৰঃ হনুমন্তই মেকুৰীৰ দৰে ৰূপ ধৰি লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল । তেওঁ সেই ৰূপ ধৰাৰ কাৰণ হল তেওঁৰ নিজা মস্ত শৰীৰটো ৰাক্ষস সকলে তেওঁক ধৰি-বান্ধি ঘৰে ঘৰে ফুৰাই লৈ ঘুৰিব ।


7.   হনুমন্তই গধুলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া ।

উত্তৰঃ  হনুমন্তই গধূলি সময়ত লংকা নগৰীৰ দৃশ্য দেখিলে । গোটেই নগৰখেনি যেন দ্বিতীয় অম্ভ্ৰাৱতীহে । বিশ্বকৰ্মাই যেন বৰ যত্নৰে নগৰীখন নিৰ্মাণ কৰিছে চাৰিওফালে সোণৰ নিৰ্মিত আকাশলঙঘী গড় । তাৰ গাত মাণিক মুকুতাই তিৰবিৰাই আছে । নান ৰকমৰ যন্ত্ৰ-পাতি তাত সাজু কৰি ৰখা হৈছে।

 

8.   সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল ?

উত্তৰঃ সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ এনেধৰণৰ চিন্তা আহিল যে আঈদ, সুগ্ৰীৱ, নীল আৰু তেওঁ এই বিশাল সমুদ্ৰ পাৰ হৈ আহি এই নগৰীত প্ৰৱেশ কৰাটো একো ডাঙৰ কথা নহয় যিহেতু এওঁ নিজেই ইতিমধ্য সুকলমে এই বিশাল সনুদ্ৰ সাহসেৰে পাৰ হৈ আহিছে , কিন্ত সেই বান্দৰ সেনাবোৰ সাগৰ পাৰ হৈ কেনেকৈ এই লংকা নগৰীত প্ৰৱেশ কৰিব আৰু বান্দৰবোৰ সাগৰ পাৰ হৈ আহিলেও বান্দৰবোৰ লঙ্কালৈ কিদৰে আহিব আৰু ৰামচন্দ্ৰই তালৈ আহিলে কি কৰিব ?  পুনৰ ৰাম-লক্ষ্মণৰ অপাৰ মহিমাৰ কথা ভাবি মনলৈ পৰিমাণে আশাৰ সঞ্চাৰ হৈছিল ।


9.   সুবলে শৃংগত বহি হনুমন্তই কি ভাবিছিল ?

উত্তৰঃ সীতাৰ অন্বষেণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবলে বা ত্ৰিকূটগিৰি শৃংগত অৱতৰণ কৰে ।সুবলে শৃংগত বহি হনুমন্তই অতি গৰ্বিত অনূভৱ কৰে আৰু ভাবিবলৈ ধৰে যে শতেক যোজনাৰ সাগৰখন পাৰ হৈ অহা কোনো গৰ্বৰ কথা নহয় কাৰণ কৌটি যজন পাৰ হৈ যাবলৈও হনুমন্তৰ সাহস আছে। তেওঁ অকণো ভয়-শংকা নোহোৱাকৈ সাগৰ পৰা হল আৰু সুবলতে বহি লঙ্কা নগৰীখন চাবলৈ ধৰিলে ।


10.  হনুমন্তই লঙ্কাদৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।

উত্তৰঃ ৰাৱণে হৰণ কৰি নিয়া সীতাৰ অন্বষেনত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবলে বা ত্ৰিকূটগিৰি শৃংগত অৱতৰণ কৰে ।সুবেলিগিৰে শৃংগত বহি লঙ্কা নগৰীখন চাই থাকোঁতেই সূৰ্য অস্ত যাবলৈ লোৱাত কিছু সময়ৰ বাবে সূৰ্যদেৱতাক প্ৰকাশিত হৈ থাকিবলৈ হনুমানে প্ৰাৰ্থনা জনায় যাতে দিনৰ পোহৰত তেওঁ লঙ্কাৰ গড়টো চাব পাৰে ।হনুমানৰ প্ৰাৰ্থনাত সূৰ্যদেৱতা তুষ্ট হৈ কিছু সময়ৰ বাবে প্ৰকাশিত হৈ থকাত হনুমানে দিনৰ পোহৰত লঙ্কা নগৰীখন দেখা পায়  আৰু তালৈ  যাবলৈ ওলায় ।এই পথছোৱাৰ সৌন্দৰ্য অতি বিতোপন। চাৰিওফালে থকা বননিবোৰৰ মাজত থকা পুখুৰীবোৰত পদুল ফল-ফুলৰ গছ দেখা জকমকাই আছে আৰু ভোমাৰাবোৰে সেই ফুলৰ মধু পান কৰি গুঞ্জন তুলিছে । এই বননিত হনুমন্তই বিভিন্ন ধৰণৰ ফল-ফুলৰ গছ দোখা পাইছে সেইবোৰ হল – সৰল, পিয়াল, খৰ, ৱিখৰ, খেজুৰ, শাল, তাল, তমাল, গামাৰি, বীজপুৰ, বৰগছ, ঔটেঙা, বট, কমলা, হাৰিঠা, আমলখি, ডহাফল, ছতিয়ানা, তোমোল, নাৰিকল, শ্ৰীফল, সোলেং, মহৰি, অমৰা কদ্দৈ, আদি এই গছবোৰৰ পৰা গোটেই বছৰ জুৰি শীতল বতাহ বলি থাকে বছৰটোৰ ছয়টা ঋতুতেই কুলিয়ে সুললিত কণ্ঠে গীত জুৰে । তাত বিভিন্ন ধৰণৰ জীৱ-জন্ত আৰু সোণ, মাণিক, মণি, ৰত্ন আদি আছে ।কিন্ত সেই বান্দৰ সেনাবোৰ সাগৰ পাৰ হৈ কেনেকৈ এই লংকা নগৰীত প্ৰৱেশ কৰিব আৰু বান্দৰবোৰ সাগৰ পাৰ হৈ আহিলেও বান্দৰবোৰ লঙ্কালৈ কিদৰে আহিব আৰু ৰামচন্দ্ৰই তালৈ আহিলে কি কৰিব ?  পুনৰ ৰাম-লক্ষ্মণৰ অপাৰ মহিমাৰ কথা ভাবি মনলৈ পৰিমাণে আশাৰ সঞ্চাৰ হৈছিল ।




1.   তলৰ শব্দবোৰ আধুনিক ৰূপ লিখাঃ

    কন্টকি, ছাতিয়াল, তহিতে, দেখিলন্ত ।


উত্তৰঃ

  কন্টকি              =  কাই ।

 ছাতিয়াল           =  ছতিয়না গছ ।

     তহিতে          =  তাত ।

 দেখিলন্ত             = দেখিলে


2.   সমাৰ্থক শব্দ লিখাঃ

   গগন, বিৰাল, গড়, সমুদ্ৰ, পৱন ।

উত্তৰঃ

   গগন          =  আকাশ ।

   বিৰাল         = মেকুৰী ।

    গড়           =  প্ৰাচীৰ ।

   সমুদ্ৰ          = সাগৰ ।

    পৱন       = বতাহ ।

 

 Published  By Abhiman Das


Class 9 Assamese Medium questions Answer

Class 9 Assamese medium All Book solution in Assamese Medium. Class 9 mathematics soution in Assamese Medium. Class 9  solution in Assamese Medium.

Previous Post Next Post