মোৰ দেশ
মোৰ দেশ নৱম শ্ৰেণী । ইয়াত মোৰ দেশ কবিতাৰ প্ৰশ্ন উত্তৰ বোৰ দিয়া হল ।
1. (ক) হীৰেন
ভট্টাচাৰ্যৰ ক’ত
জন্ম হৈছিল ?
উত্তৰঃ হীৰেন
ভট্টাচাৰ্যৰ ক’ত
জন্ম যোৰহাটত হৈছিল ।
(খ) হীৰন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উত্তৰঃ হীৰন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল চিত্ৰবন আৰু মনন।
(গ) দেশৰ প্ৰতিটো পুৱাই কৰিব বাবে কি লুকাই আনিছে ?
উত্তৰঃ দেশৰ প্ৰতিটো পুৱাই কৰিব বাবে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
লুকাই আনিছিল ।
2. ‘মোৰ দেশ’ কবিতাটিৰ মূলভাৱ লিখা ।
উত্তৰঃ ‘মোৰ দেশ’ কবিতাটিৰ মাজেৰে কবিয়ে
প্ৰেমৰ শ্ৰেষ্ঠতা আৰু উৎকৰ্ষ প্ৰতিপন্ন কৰিছে । প্ৰতি ফাকি কবিতাই এনে শ্ৰেষ্ঠতা
আৰু গৰিমাৰ জয়গান ঘোষণা কৰিছে । কবিয়ে পোনপটীয়াকৈ নিজৰ দেশক শ্ৰেষ্ঠ বুলি কোৱা নাই
যদিও আওপকীয়াকৈ ইয়াৰ প্ৰশংসা কৰিছে । কবিৰ জীৱন যাযবৰী জীৱন । পৃথিৱীৰ চৌদিশে
অৰঙে-দৰঙে ঘুৰি তেওঁ দেশ সমূহৰ শ্ৰেষ্ঠতাৰ
সন্ধান কৰিছে । নিজৰ দেশৰ মাটিৰ পৰা আৰাম্ভ কৰা এই যাত্ৰা পথত কবিৰ বহু সহচৰ হৈছে
। এই বন্ধুসকলৰ সৈতে বিভিন্ন দেশলৈ কৰা যাত্ৰাত কবিয়ে বিভিন্ন ধৰণৰ অভিজ্ঞাতাও লাভ
কৰিছে । তেওঁৰ অন্তৰংগ বন্ধুৰ সৈতে মন খোলা কৰি কথা পাতিছে, ৰং ধেমালি কিৰছে, আৰু
জীৱনৰ আনন্দ দৃশ্য উপভোগ কৰিছে।
3. ব্যাখ্যা কৰাঃ
(ক)
অনৈক্যৰ মাজত ঐকৈ হৈ, বিৰোধৰ
মাজত
সংহতিৰ
সম্ভাৱনা হৈ মই আছোঁ।
উত্তৰঃ প্ৰসংগঃ উদ্ধৃত কবিতা ফাকি কবি হীৰেম ভট্টাচাৰ্য ৰচিত মোৰ দেশ কবিতাটিৰ অন্তগৰ্ত ।
সংগতিঃ কবিয়ে নিজৰ দেশখনৰ প্ৰতি থকা গভীৰ প্ৰেম কথাকেই কবিতা ফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে।
ব্যাখ্যঃ কবিয়ে নিজৰ দেশক সেউজ
সোণালী দেশৰ কবিৰ কাৰণে জীৱনৰ প্ৰতিটো পল নিজৰ দেশৰ মংগলৰ বাবে নিয়োজিত কৰিছ। নিজ
দেশৰ চিন্তাই কবিৰ মনত সোণালী ভবিষ্যতৰ স্বপ্ন জগাই তুলিছে । কবিয়ে এই দেশৰ
বুকুতেই পাইছে ভালপোৱাৰ আনন্দ । প্ৰতিটো পুৱাই কবিলৈ কঢ়িয়াই আনে ঐশ্বৰ্যৰ বিপুল
সম্ভাৰ আৰু্ প্ৰতিটো সন্ধিয়াই কবিক দি যায় বহুতো ফুলৰ মধুৰ সুবাস । তাৰ কাৰণে কবি
সদায় প্ৰস্তত ।
(খ) মোৰ জীৱনৰ আঁহে আঁহে,
মোৰ
যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
উত্তৰঃ প্ৰসংগঃ উদ্ধৃত কবিতা ফাকি কবি হীৰেম ভট্টাচাৰ্য ৰচিত মোৰ দেশ কবিতাটিৰ অন্তগৰ্ত ।
সংগতিঃ কবিয়ে তেওঁৰ দেশৰ প্ৰতি থকা ভাল পোৱা প্ৰকাশ কৰিবলৈ গৈ এই কবিতাটিৰ অৱতাৰমা কৰিছে ।
ব্যাখ্যঃ কবিয়ে নিজ জন্মভূমি মঙ্গল
কীমনী কৰে । দেশৰ সৰ্বাংগীন মংগল ঐক্য আৰু সংহতিয়েই একমাত্ৰ কাম্য । সেই
বাবেই কবিয়ে জীৱনৰ প্ৰতিটো ক্ষণ দেশৰ মংগল
আৰু উন্নতিৰ বাবে প্ৰয়োগ কৰিব বিচাৰে । কবিয়ে জীৱনৰ ব্যক্তিগত চিন্তাৰ পৰিৱৰ্তে
পৰিৱৰ্তে দেশ আৰু বিদেশৰ মানুহৰ বাবে চিন্তা কৰি মনত লাভ কৰে অসীম
আনন্দ ।
4. কবিতাটোত কবিৰ দেশপ্ৰমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা ।
উত্তৰঃ কবি হীৰণ
ভট্টচাৰ্য প্ৰেমৰ কবি হলেও অন্যান্য প্ৰেমৰ কবিৰ সৈতে তেওঁৰ কবিতাৰ বিশেষ মাল দেখা
নাযায় । তেওঁৰ প্ৰায়বোৰ প্ৰেমৰ কবিতাৰ কবিতাতে কবিৰ বেদনা-বিধুৰ অন্তৰবাণীত
ক্ৰোধা, অনাদাৰ আৰু তৎজনিত ।যন্ত্ৰণাৰ
হূদয়ভেদী স্বৰ শুনা যায় ।
ইয়াৰ উপৰিও হীৰেন ভট্টাচাৰ্যৰ কবিতাত সাধাৰণতে
দুটা ধাৰাৰ প্ৰেম দেখিবলৈ পোৱা যায় – সৰ্বহাৰা শ্ৰেণীৰ প্ৰতি গভীৰ প্ৰেম আৰু
স্বদেশ প্ৰেম । এই দুয়োটা প্ৰেমৰ ধাৰা সুন্দৰ প্ৰতিফলন ঘটিছে, তেওঁৰ ‘মোৰ দেশ’ কবিতাত ।
কবিয়ে নিজৰ মাতৃ-ভূমিক সোণোৱালী শস্যৰ শমৃদ্ধিশালী কৰি গঢ়ি তুলিব
খোজে আৰু সেয়ে জীৱনৰ প্ৰতিটো ক্ষণ, পল, অনুপল সেই লক্ষ্য প্ৰাপ্তিৰ দিশত
ধাবিত হৈছে । কবিয়ে বহুতো দেশৰ কথা জানে । সেইবোৰ যথেষ্ট
উন্নত তথা সুন্দৰ হ’ব পাৰে । এনে বহুতো দেশ
তেওঁ ভ্ৰমণো কৰিছে । তাত বিভিন্ন লোকৰ সৈতে বন্ধুত্ব কৰিছে, প্ৰাণ খুলি কথা পাতিছে, হূদয় বিনিময় কৰিছে,
কিন্ত জীৱনৰ প্ৰাপ্তিৰ বিপুল প্ৰাচুৰ্য নিজ দেশৰ দৰে ক’তো তেওঁ দেখিবলৈ বা উপলদ্ধি কৰিব পাৰ নাই।
“এনে বহু
যাত্ৰাৰ শেষ মোৰ দেশ । যাৰ বুকুৰ উমে মোক দিছে
পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য । জীৱনৰ নতুন অৰ্থ।”
কবিয়ে দেশ-বিদেশত বিভিন্ন বন্ধু লগ পালেও দেশৰ কৃষক-বনুৱাকলৰ দৰে সহজ-সৰল হূদয়ৰ প্ৰকৃত বন্ধু সেই সকলৰ মাজত বিচাৰি পোৱা নাই । সেয়ে এই সকল কৃষক-বনুৱাৰ লগ লাগি দেশক সমৃদ্ধিশালী কৰি তোলাৰ প্ৰতি কবি বিশষ আগ্ৰহী- সদা সচেতন । বিভিন্ন জাতি ধৰ্ম সন্প্ৰদায়ৰ জনগোষ্ঠীৰ পৰিপূৰ্ণ এই বিচিত্ৰ দেশৰ বিচিত্ৰতাৰ মাজতো ঐক্যৰ বীজ লুকাই থকাটো কবিয়ে প্ৰতেক্ষ্য কৰিছে। এই ঐক্য যাতে কোনো প্ৰকাৰে নষ্ট নহয়, তাৰ প্ৰতি কবি সদা-সচেতন। ইয়াৰ মূলতেই হৈছে – কবিৰ নিজ দেশৰ মানুহৰ প্ৰতি থকা বিশ্বাস । এনে বিশ্বাসক মূলধন হিচাপে লৈয়ই কবিয়ে শত্ৰু-মিত্ৰ সকলোকে আপোন কৰি লব বিচাৰিছে । কাৰণ দেশক ভাল পাবলৈ হলে দেশৰ পিৰতুজন নাগৰিকৰে অন্তৰ জয় কৰিব লাগিব । সেয়ে শত্ৰু-মিত্ৰৰ মাজত কোনো ভেদাভেদ নাৰাখি সকলোকে মৰমৰ ডোলেৰে বান্ধি দেশৰ সৰ্বাংগীন উন্নতি আৰু শান্তিৰ কামনা কৰিছে । সেয়েহে কবিক অনৈক্যৰ মাজতো ঐক্য আৰু বিৰোধিতাৰ মাজতো সংহতিৰ প্ৰতীক হব বিচাৰিছে।অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা দেখা এই কবিতাটিৰ মাজেদি আধুনিক বাৱ সম্প্ৰসাৰণ ঘটিছে আৰু দেস প্ৰেমৰ গভীৰতাৰ কথা চিত্ৰকল্পৰ মাজেদি সুন্দৰ ৰূপত প্ৰকাশ পাইছে ।
এই দেশৰ প্ৰতি পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্য়ৰ
বিপুল সম্ভাৰ।
“প্রতিটো সন্ধিযাই বৈ
আনে, স্নিগ্ধ ফুলৰ সুবাস । প্রতিটো ঋতুৱে মোক দি য়ায জীৱনৰ আশীৰ্বাদ ।”
এনেদৰে ‘মোৰ দেশ’ কবিতাত কবিৰ নিজৰ দেশৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা,
ভাল পোৱা সুন্দৰভাৱে প্ৰকাশ পাইছে ।
5. প্ৰতিটো ঋতুৱে কবিক কি দি যায়
বুলি কবিতাটোত উল্লেখ কৰিছে ?
উত্তৰঃ প্ৰতিটো ঋতুৱে কবিক জীৱনৰ
আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।
6. শন্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে ?
উত্তৰঃ শান্তিৰ চৰাইজনীক কবিয়ে আজঁলি ভৰাই এমুঠি ধান আৰু পৰণাৰ একোটা
গান দিছে। তাৰ বাহিৰে কবিয়ে তেওঁৰ আৰু দিবলৈ একো নাই বুলি কৈছে ।
7. সমাৰ্থক শব্দ লিখাঃ
দেশ, কাম, কলৰোল, সাগৰ, সপোন, বন্ধু, শেষ, সম্ভাৰ,শইচ, বুকু, তৰংগ, কল্লোল ।
উত্তৰঃ
দেশ = ৰাষ্ট । বন্ধু = লগ ।
কাম = কৰ্ম
। শেষ = অন্ত ।
কলৰোল = কলৰৱ । সম্ভাৰ = সমল
।
সাগৰ = সুমুদ্ৰ । শইচ = শস্য ।
সপোন = কল্পনা।
বুকু = হিয়া ।
8.
বিপৰীত শব্দ লিখাঃ
সপোন, দেশ, জীৱন, পাহাৰ, ঐকৈ
, সংহতি, শয়ন, বিশ্বাস, শত্ৰু।
উত্তৰঃ
সপোন = দিঠক । দেশ = বিদেশ ।
জীৱন = মুত্যু । পাহাৰ = সমতল ।
ঐকৈ = অনৈক্য । সংহতি = বিভেদ ।
শয়ন = জাগ্ৰতা । বিশ্বাস = অবিশ্বাস ।
শত্ৰু = মাত্ৰ
Published by Abhiman Das
************