সম্মান class 9 | অসমীয়া সাহিত্য চয়নিকা নৱম শ্ৰেণী | Class 9 assamese subject chapter 16 question answer.

 সম্মান class 9 | Class 9 assamese medium question answer. 


1. অতি চমু উত্তৰ দিয়া-

(ক) অধিকাৰ আৰু শসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ?

উত্তৰঃ সেই দেশৰ মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ।

 

(খ) ছাতৰে শিক্ষকৰ ধাৰ শুঁজিব পাৰেনে ?

উত্তৰঃ ছাতৰে শিক্ষকৰ ধাৰ শুঁজিব নোৱাৰে ।

 

(গ)তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ - ‘তেওঁকোন ?

উত্তৰঃ তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা’ – তেওঁ সৃষ্টিকৰ্তা ভগৱান, ঈশ্বৰ ।

 

 

(ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছইল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল ।

(ঙ)হোমকোষকি ?

উত্তৰঃ হোমকোষ অসমীয়া ভাষাৰ অভিধান ।


       (চ)কানীয়াৰ কীৰ্তনৰ ৰচক কোন ?

উত্তৰঃ কানীয়াৰ কীৰ্তনৰ ৰচক হেমচন্দ্ৰ বৰুৱা ।

 
2.         ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়’ - কথাষৰ বুজাই লিখা । 


উত্তৰঃ ঈশ্বৰ পাছতে পিতৃ-মাতৃ আমাৰ মানীয় । কাৰণ তেওঁলোকেই আমাক জন্ম দিছে আৰু তেওঁলোকৰ পৰাই আমি এই বিচিত্ৰ সংসাৰ দেখিবলৈ পাইছাহঁক । আমি যেতিয়া কেচুঁৱা আছিলোঁ, উঠি-পৰা সফুৰিবৰ বাবে শক্তি মাছিল, তেতিয়া তেওঁলোক কত দুখ সহি কোলাত লৈ আমাক তুলিছিল, আমি নাখালে তেওঁলোকেও খাবলৈ ইচ্চা নকৰছিল, আমি গাত দুখ পালে বা নৰিয়াত পৰিলে শোকত বিহবল হৈ তেওঁলোক আমাৰ আৰোগ্যৰ নিমিক্তে আহৰহ যত্ন কৰিছিল, আনকি আমাৰ মঈলৰ কাৰণে প্ৰাণকো উচৰ্গিবলৈ কুণ্ঠাবোধ নকৰিছল । আমি অলপ ডাঙৰ হলত সিবিলাকে আমাক জ্ঞান-বিদ্যা শিকাই ভাল মানুহ কৰিবলৈ পাৰে মানে যত্ন কৰিছিল আৰি এতিয়াও ধনী, মানী, যশস্বী হলে সিবিলাকৰ আনন্দৰ সীমা নাথাকে, কিন্ত দুৰ্যশা বা দুভাগ্যৰ কথা শুনিলে দাৰুণ আঘাত পায় আৰু চকু মান্য নহয়বুঢ়াকালত যাতে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে কোনো কাৰণতে কষ্ট নাপায় তাৰ কাৰণে আমি আমাৰ শক্তিৰ অনুসাৰে পৰিচৰ্যা কিৰব আৰু যত্ন লব লাগে ।  

 

3.          শিক্ষকৰ  প্ৰতি  ছাত্ৰই মান-সৎকাৰ কিয় ৰাখিব লাগে?

উত্তৰঃ কণা মানুহক যিজনে চকু দিয়ে, তেওঁ যে কণাৰ   পৰম উপকাৰী আৰু মান্য, তাত একো সংশয় নাই । সেইৰূপে শিক্ষকেও ছাত্ৰক চকু দিয়ে । ছাতৰে চকু থাকোঁতেও যি বস্ত নেদেখি আৰু যি কথা নুবুজি কমাৰ নিচিনা হৈ থাকে, শিক্ষকৰ অনুগ্ৰহ চকু মুকলি হৈ সেই কথা দেখিব আৰু বুজিব পৰা হয়এনে শিক্ষকৰ প্ৰতি যি সন্মান নকৰে, তাৰ এটি মাথোন আখৰ ছাত্ৰক শিকায়, তেওঁ পৃথিৱীৰ এনে বস্ত নাই, যাক  দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুঁজিব পাৰে । এতেকে এই কাৰণে শিক্ষকৰ প্ৰতি ছাত্ৰই মান-সৎকাৰ ৰাখিব লাগে 


4.          ‘সন্মানপাঠটোৰ পৰা কি কি শিকিলা, চমুকৈ লিখা ।

উত্তৰঃসন্মান হৈছে গুণ, পদমৰ্যাদা, জ্যেষ্ঠতা আদিৰ ভিক্তিত লাভ কৰা শ্ৰদ্ধা বা আদাৰ । এজনে আনজনৰ প্ৰতি দেখুওৱা আদাৰ বা শ্ৰদ্ধাই সন্মান । বিশ্ব-ব্ৰহ্মাণ্ডৰ গৰাকী সৃষ্টি কৰ্তা ঈশ্বৰ, আমাৰ জন্মদাতা আৰু তুলি-তালি ডাঙৰ-দীঘল কৰোঁতে পিতৃ-মাতৃ, জ্যেষ্ঠজন, বৃদ্ধলোক এই সকলোকে আমাৰ সাধ্যনুসাৰে সন্মান কৰিব লাগে, মান্যতা যাচিব লাগে । এই কথাকেই সন্মান পাঠটিৰ পৰা শিকিলোঁ।




1. তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখাঃ

নৰিয়া, জগত, লোতক, চকু, হেতু, মান ।

উত্তৰঃ

শব্দ

সমাৰ্থক শব্দ

নৰিয়া

ৰোগ

জগত

ভুবন

লোতক

চকুলো

চকু

চক্ষু

হেতু

কাৰণ

মান

জোখ



2.         বিপৰীত শব্দ লিখাঃ

শ্ৰদ্ধা, শলাগ, আদি, দুষ্ট, জ্যেষ্ঠ, ন্যায় ।

উত্তৰঃ

শ্ৰদ্ধা     =  শ্ৰদ্ধা

শলাগ    = অশলাগ

আদি     = অন্ত

দুষ্ট       = শান্ত

 জ্যেষ্ঠ   = কনিষ্ঠ

 ন্যায়   = অন্যায়



Published by Abhiman Das

************


 অসমীয়া সাহিত্য চয়নিকা নৱম শ্ৰেণী pdf . নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা | Class 9 assamese medium question answer. Class 9 Assamese subject solution.

Previous Post Next Post