অৰ্থনৈতিক কাৰ্য বা বৃত্তি
অৰ্থনৈতিক
কাৰ্য বা বৃত্তি | নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যয় । ভূগোল
SEBA Class 9 Elective Geography notes. Class 9 elective
geography solution in Assamese.
অৰ্থনৈতিক কাৰ্য বা বৃত্তি
প্ৰশ্নাৱলী
1. বৃত্তি বুলিলে কি বুজা ?
উত্তৰঃ মানুহে জূৱন নিৰ্বাহৰ উৎস অৰ্জন
কৰিবলৈ সম্পন্ন কৰা ক্ৰিয়া-কলাপসমূহেই হৈছে জীৱিকা । ই প্ৰধানতঃ এনে এক কাৰ্য যাৰ
জৰিয়তে মানুহে নিজৰ আভাৱসমূহ পূৰণ কৰিবলৈ পাৰে । অন্যাৰ্থত মানুহে নিজৰ জীৱন ধাৰণৰ
বাবে আৰু তেওঁ বাস কৰা সমাজখনৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে কৰা কামসমূহকে বৃত্তি
বুলি কোৱা হয় ।
2. বৃত্তি প্ৰধানকৈ কেই প্ৰকাৰৰ ? উদাহৰণ দি প্ৰত্যকৰে নাম লিখা।
উত্তৰঃ বৃত্তি প্ৰধানকৈ চাৰিটা ভাগত ভগাব
পাৰিঃ
(i) প্ৰাৰ্থমিক বৃত্তঃ কৃষি, পশুপালন, মাছ ধৰা ইত্যাদি ।
(ii) দ্বিতীয়ক বৃত্তিঃ কুঁহিয়াৰৰ পৰা চেনিৰ উৎপাদন, চামৰাৰ পৰা জোতাৰ উৎপাদন, ঘেঁহুৰ পৰা আটাৰ উৎপাদন ইত্যাদি ।
(iii) তৃতীয়ক
বৃত্তিঃ পৰিবহণ, যোগাযোগ, শিক্ষা, চিকিৎসা সেৱা, দ্ৰব্যৰ বিতৰণ ইত্যাদি ।
(iv) চতুৰ্থক
বৃত্তিঃ বেংক ব্যৱসায়, বিভিন্ন বিত্তীয় সেৱা, গণ মধ্যম, বীমা, প্ৰশাসণ ইত্যাদি ।
3. প্ৰাৰ্থমিক বৃত্তি কাক বোলে লিখা ।
উত্তৰঃ যিবিলাক অৰ্থনৈতিক কাৰ্য্য বা বৃত্তি প্ৰকৃতিৰ
পৰা পোনে পোনে সম্পদ আহৰণৰ লগত জড়িত সেইবোৰকে প্ৰাৰ্থমিক বৃত্তি বোলে ।
4. দ্বিতীয়ক বৃত্তি আৰু প্ৰাৰ্থমিক বৃত্তিৰ মাজত থখা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰঃ
ক্ৰমিক নং |
প্ৰাৰ্থক্যৰ ভিক্তি |
প্ৰাৰ্থমিক বৃত্তি |
দ্বিতীয়ক বৃত্তি |
(i) |
অৰ্থ |
মানুহৰ জীৱন ধাৰণাৰ বাবে অত্যাৱশ্যকীয় । |
মানুহৰ জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় নহয় । |
(ii) |
লক্ষ্য |
প্ৰকৃতিৰ পৰা সম্পদ সংগ্ৰহ । |
প্ৰাৰ্থমিক দ্ৰব্যত মূল্য সংযোজন । |
(iii) |
যোগান |
দ্বিতীয়ক বৃত্তি খণ্ডৰ বাবে কেঁচামাল যোগায়
। |
প্ৰাৰ্থমিক কাৰ্যকলাপৰ বাবে যন্ত্ৰপাতি
যোগায়। |
(iv) |
বিকাশ |
বিকাশৰ প্ৰাৰম্ভিক পৰ্যায়টো হৈছে
প্ৰাৰ্থমিক বৃত্তি। |
অৰ্থনৈতিক বিকাশৰ বাবে দ্বিতীয়ক বৃত্তিৰ
বিকাশৰ প্ৰযোজন। |
(v) |
গুৰুত্ব |
আজিকালি বেছিভাগ দেশতে প্ৰাৰ্থমিক বৃত্তি
খণ্ডৰ গুৰুত্ব কমি আহিচে । |
আজিকালি বেছিভাগ দেশতে দ্বিতীয়ক বৃত্তি
খণ্ডৰ গুৰুত্ব বৃদ্ধি পাইছে । |
উত্তৰঃ তৃতীয়ক বৃত্তিখণ্ডৰ লগত জড়িত
অৰ্থনৈতিক কাৰ্যকলাপসমূহঃ
(i)
বিতৰণ
প্ৰক্ৰিয়াত জড়িত পৰিবহণ আৰু যোগাযোগ ।
(ii)
শিক্ষা
যেনেঃ বিদ্যালয়, মহাবিদ্যালয় ইত্যাদি ।
(iii) স্বাস্থ্য
সম্পৰ্কীয় ক্ৰিয়াকলাপ । উদাহৰণঃ চিকিৎসালয়, ঔষধালয় ইত্যাদি ।
(iv)
তথ্য
প্ৰযুক্তি যেনেঃ টিকট প্ৰদান, বিল প্ৰস্ততকৰণ ।
(v) পৰ্যটন
ইত্যদি ।
6. চতুৰ্থক বৃত্তিৰ গুৰুত্ব সম্বন্ধে লিখা ।
উত্তৰঃ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ অভূপূৰ্ব ব্যৱস্থাৰ উন্নয়নৰ ফলস্বৰুপে দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিত যথেষ্ট পৰিৱৰ্তন সাধন হৈছে । সম্প্ৰতি উৎপাদনকাৰীসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰ আৰু উপভোক্তাৰ সৈতে সহজে সংযোগ স্থাপন কৰিব পাৰে । ইয়াৰ ফলত অৰ্থনৈতিক বাতাৱৰণ যথেষ্ট প্ৰতিযোগিতামূলক হৈছে যাৰ বাবে উৎপাদনকাৰীসকলে উৎপাদিত দ্ৰব্যৰ মানদণ্ড আৰু গ্ৰহণীয়তা সম্পৰ্কে সচেতন হৈ থাকিবলগীয়া হয় । এই আটাইবোৰ কাৰকে চতুৰ্থক বৃত্তিৰ অৱতাৰণা কৰে । চতুৰ্থক বৃত্তিৰ অন্তৰ্গত ক্ৰিয়াকলাপসমূহ হৈছে বেংক ব্যৱসায়, বিত্তীয় ক্ৰিয়াকলাপ, গণ্যংমাধ্যাম, বীমা, প্ৰশাসনীয় কাৰ্য গৱেষণা ইত্যাদি । এই কাৰ্যকলাপসমূহে অন্য তিনিটা খণণ্ডৰ বিশেষকৈ দ্বিতীয়ক আৰু তৃতীয়ক খণ্ড বিকাশত যথেষ্ট ভূমিকা পালন কৰে । সম্প্ৰতি আৰু বীমা ব্যৱসায়ৰ পৰ্যাপ্ত বিকাশৰ অবিহনে গৌম আৰু তৃতীয়ক খণ্ডৰ সঠিক বিকাশ হব নোৱাৰে
7. অৰ্থনৈতিক বিকাশে মানুহৰ বৃত্তি পৰিৱৰ্তনত কেনেদেৰে প্ৰভাৱ পেলাইছে বহলাই লিখা ।
উত্তৰঃ অৰ্থনৈতিক বিকাশে মানুহৰ বৃত্তি পৰিৱৰ্তনত বহুধৰণে প্ৰভাৱ পেলায় । কোনো
দেশৰ অৰ্থনৈতিক বিকাশ ঘটিলে প্ৰাৰ্থমিক বৃত্তিত জড়িত লোকৰ সংখ্যা ক্ৰমান্ধয়ে
হ্ৰাস পায় । কিন্ত প্ৰাৰ্থমিক বৃত্তিৰ হ্ৰসৰ সমান্তৰালকৈ দ্বিতীয়ক আৰু তৃতীয়
বৃত্তিত জড়িত সংখ্যা বৃদ্ধি পাবলৈ ধৰে । বৰ্তমান ভাৰতবৰ্ষত ৬৫% লোকে কৃষিবৃত্তিৰ লগত জড়িত । কিন্ত ১৯৯৭ চনৰ সমীক্ষামতে ৭০% লোক কৃষি বৃত্তিৰ লগত জড়িত আছিল ।
এনে হোৱাৰ মূল দুটা কাৰণ দাঙি ধৰা হ’লঃ
(i) প্ৰয়োজনতকৈ
অধিক লোক কৃষিবৃত্তিত জড়িত হৈ আছিল ।
(ii) দ্বিতীয়তে,
প্ৰাৰ্থমিক বৃত্তিতকৈ দ্বিতীয়ক বৃত্তিত আৰ্থিক উপাৰ্জনৰ পৰিমাণ বেছি ।
সেয়েহে,
মানুহবিলাকে প্ৰাৰ্থমিক বৃত্তি ত্যাগ কৰি দ্বিতীয়ক বৃত্তি গ্ৰহণ কৰে ।
দ্বিতীয়ক বৃত্তিৰ বিকাশৰ লগে লগে তৃতীয়ক বৃত্তি যেনেঃ পৰিবহণ আৰু যোদাযোগ
বৃত্তি, শিক্ষা বৃত্তি, স্বাস্থ্য বৃত্তি, তথ্য-প্ৰযুক্তি বৃত্তিৰো বিকাশ হ’বলৈ ধৰে । উদ্যোগৰ
জৰিয়তে উৎপাদিত বস্তৰ মান উন্নত হোৱাৰ লগে লগে উন্নচত পৰিবহণ ব্যৱস্থা, যোগাযোগ
ব্যৱস্থা, অভিযন্তা, উচ্চ-প্ৰশিক্ষণ প্ৰাপ্ত পৰিচালক, দক্ষ শ্ৰমিক আদিৰ দৰকাৰ হৈ
পৰে । এই সকলোখিনি চতুৰ্থক আৰু তৃতীয়ক বৃত্তিয়ে যোগান ধৰে । বৰ্ধিত উদ্যেগীকৰণ বা
তৃতীয়ক বৃত্তিয়ে চতুৰ্থক বৃত্তিৰ বিৰ্দ্ধিত অৱদান আদবঢ়াইছে । উক্ত কাৰণবিলাকৰ
বাবেই মানুহে মুখ্য আৰু দ্বিতীয়ক বৃদ্ধি ত্যাগ কৰি তৃতীয়ক আৰু চতুৰ্থক বৃত্তি
গ্ৰহণ কৰে ।
8. বৃত্তিৰ ক্ষেত্ৰত অসমত ঘটা পৰিৱৰ্তনৰ এটি চমু আভাস দিয়া ।
উত্তৰঃ ব্ৰিটিসকলৰ আগমনৰ আগলৈকে অসমীয়া লোকসকলৰ প্ৰধান বৃত্তি আছিল মাছ-ধৰা,
চিকাৰ কৰা, কৃষিকাৰ্য কৰা, অৰণ্যৰ পৰা প্ৰয়োজনীয় খাদ্য সংগ্ৰহ কৰা ইত্যাদি । ১৮৩০
চনত ব্ৰিটিছসকল অসমলৈ অহাৰ পাছত তেওঁলোকে চাহ, পেট্ৰ’লিয়াম আৰু কয়লাৰ
উৎপাদন আৰম্ভ কৰা । ইয়াৰ ফলত শ-শ লোকে নিয়োগৰ সুবিধা লাভ কৰে । এই নিয়োগ ব্যৱস্থাই
ৰাজ্যখনৰ দ্বিতীয়ক বৃত্তি বিকাশত বৰঙণি যোগায় । ভাৰত স্বাধীন হোৱাৰ পাছত দ্বিতীয়কবৃত্তি
বৃদ্ধিৰ সমান্তৰালকৈ তৃতীয়ক বৃত্তি ও বৃদ্ধি পাবলৈ ধৰিলে । বহুলোক প্ৰশাসনিক
কাৰ্যালয়, ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ আদিৰ লগত জড়িত হৈ পৰে । তৃতীয়ক বৃত্তিৰ
বিকাশৰ ফলতেই চতুৰ্থক বৃত্তিৰ বিকাশো সম্ভৱপৰ হৈ উঠে । ৰাজ্যখনত বিত্তীয়
প্ৰতিষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আদিৰ বৃদ্ধিয়ে অসমত ঘটা বৃত্তিগত পৰিৱৰ্তনৰ ছবিখন
উদঙাই দিয়ে । বিগচত কেইটামান দশকত ৰাজ্যখনত সাংবাদিকতা, পৰ্যটন, প্ৰশাসনীয় সেৱা
আদি চতুৰ্থক খণ্ডৰ বৃত্তিয়ে উল্লেখনীয় উন্নয়ন সাধন কৰিছে ।
9. আমাৰ ৰাজ্যখনৰ বৃত্তিগত ক্ষেত্ৰখনলৈ পৰিৱৰ্তন অনা কাৰক কিছুমান উল্লেখ কৰা ।
উত্তৰঃ আমাৰ ৰাজ্যখনৰ বৃত্তিগত ক্ষেত্ৰখনলৈ
পৰিৱৰ্তন অনা কাৰক কিছুমান উল্লেখ কৰা হ’লঃ
(i) অৰ্থনৈতিক বিকাশঃ অৰ্থনৈতিক বিকাশ দেশৰ
বৃত্তিগত পৰিৱৰ্তন অন্যতম কাৰক । আৰ্থিক অৱস্থা উন্নত হোৱাৰ ফলত ন ন উদ্যোগ,
ব্যৱসায়-বাণিজ্য গঢ় লৈ উঠে । ফলত বৃহৎ সংখ্যক লোকৰ নিয়োগৰ সুযোক আহি পৰিল ।
সেয়েহে অধিক মুনাফা লাভৰ বাবে লোকসকলে প্ৰাৰ্থমিক বৃত্তি ত্যাগ কৰি দ্বিতীয়ক আৰু তৃতীয়ক
বৃত্তিৰ প্ৰতি আকৰ্ষিত হয়।
(ii) শৈক্ষিক সম্প্ৰসাৰণঃ অৰ্থনৈতিক বিকাশৰ
সমান্তৰালকৈ শৈক্ষিক ব্যৱস্থাৰো সম্প্ৰসাৰণ ঘটিল । শৈক্ষিক ব্যৱস্থাৰ সম্প্ৰসাৰণে দক্ষ আৰু
শিক্ষিত লোকৰ বৃদ্ধিত বৰঙণি যোগায় । ইয়াৰ ফলত বিশেষকৈ চহৰ আৰু নগৰ অঞ্চলত থকা
বিভিন্ন বেংক প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, ডাঙৰ ডাঙৰ উদ্যোগ আদিত নিয়োগৰ বাট
মুকলি হয় ।
(iii) নগৰাঞ্চলৰ সম্প্ৰসাৰণঃ গোলকীয়কৰণৰ এক
অনিবাৰ্য ফলাফল হৈছে নগৰীকৰণৰ বিস্তাৰ । চহৰ বা নগৰৰ বিস্তাৰৰ ফলত বিভিন্ন ক্ৰিয়াকলাপ
যেনে- ব্যৱসায় বাণিজ্য, বেংক ব্যৱসায়, বিত্তীয় সেৱা, স্বাস্থ্য সেৱা, শৈক্ষিক
গাঁথনি, গণ মধ্যম, প্ৰশাসনীয়ে সেৱা আদিৰো সম্প্ৰসাৰণ ঘটে । ইয়াৰ ফলত শ-শ লোকে
নিযুক্তিৰ সুবিধা লাভ কৰে । গ্ৰামাঞ্চলৰ পৰা বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে চহৰাঞ্চললৈ প্ৰব্ৰজন কৰি
প্ৰশিক্ষণ লয় আৰু অৱশেষত নগৰাঞ্চলৰ বিভিন্ন সেৱাত নিয়োজিত হয়।
(iv)
জীৱন-ধাৰণৰ মানদণ্ড উন্নীতকৰণঃ বৃত্তিগত
পৰিৱৰ্তনৰ আন এক গুৰুত্বপূৰ্ণ কাৰক হ’ল জীৱন-ধাৰণৰ
মানদণ্ড উন্নীতকৰণ । দিনক দিনে
মানুহ বিলাসী জীৱন-যাপনৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে যাৰ ফলত মানুহৰ প্ৰাৰ্থমিক
প্ৰয়োজনীয়তা বৃদ্ধি পাবলৈ ধৰিল । বৰ্তমান সকলো লোকে আৰাম তথা মনোৰঞ্জনত বেছি
গুৰুত্ব আৰোপ কৰে । এই সুবিধাখিনি পাবলৈ অধিক অৰ্থৰ প্ৰয়োজজন হয় । সেয়েহে এই
সুবিধাখিনি ভোগৰ অৰ্থে মানুহে প্ৰাৰ্থমিক বৃত্তি এৰি নতুন নতুন বৃত্তি যেনেঃ ব্যৱসায়
বৃত্তি গ্ৰহণ কৰে । যিহেতু ব্যৱসায়ত অধিক মুনাফা লাভ কৰিব পাৰি ।
(v) কৃষিবৃত্তিৰ নিম্নমুখী আয়ঃ কৃষিবৃত্তিৰ
লোকসকল অন্য বৃত্তিৰ প্ৰতি সহজে আকৰ্ষিত হয় কাৰণ কৃষিৰ পৰা হোৱা আয়ৰ পৰিমাণ সদায়
সন্তোষজনক নহয়। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকসকল কৃষি বৃত্তিৰ লগত জড়িত, কিন্ত
বৰ্তমান তেওঁলোকে অধিক মুনাফা লাভৰ বাবে চহৰত গৈ সুস্থিৰ আয়ৰ নতুন নতুন কামত
আত্মনিয়োজিত হৈ পৰিছে।
Published by Krishna Das
************