কৃষি | Class 9 elective Geography solutions in Assamese medium.

 কৃষি

কৃষি| নৱম শ্ৰেণীৰ  অধ্যয় । ভূগোল
SEBA Class 9 Elective Geography notes. Class 9 elective geography solution in Assamese. 

 

কৃষি

 

প্ৰশ্নাৱলী

     1.    কৃষি বুলিলে কি বুজা ? কৃষিক প্ৰভাবান্বিত কৰা কাৰকবোৰৰ এটি আভাস দিয়া

উত্তৰঃ খেতিয়কৰ জৰিয়তে ভূমিভাগত খাদ্য বস্তৰ উৎপাদন কৰা কাৰ্যকে কৃষি বুলি কোৱা হয় ।

অন্যাৰ্থত, ভূমি অথবা ভূমিৰ লগত জড়িত কাৰ্যসমূহ যেনেঃ উদ্যান শস্য, মৎস্যপালন, দুগ্ধ পালন, পশুপালন আদিকে কৃষি বুলি  কোৱা হয় ।

কৃষিক প্ৰভাবান্বিত কৰা কাৰকসমূহঃ


(ক) প্ৰাকৃতিক কাৰকঃ-

(i)                         মাটিঃ মাটি হৈছে এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক যিয়ে কৃষিৰ প্ৰকাৰ নিৰ্ধাৰণ কৰে । যিকোনো মাটিত সকলো ধৰণৰ শস্য উৎপাদন নহয় । পলসুৱা মাটি ধান খেতিৰ বাবে উপযোগী তেনেদৰে দাক্ষিণাত্যৰ কলা মাটি কপাহ খেতিৰ বাবে অতি উপযোগী ।

(ii)                     জলবায়ুঃ জলবায়ুৰ উপাদানসমূহ যেনেঃ উষ্ণতা, বৃষ্টিপাত, আৰ্দ্ৰতা(জলীয় বাষ্প) আদিয়ে উদ্ভিদৰ বৃদ্ধিত গভাৰ প্ৰভাৱ পেলায় । কিছুমান শস্যৰ বৃদ্ধিত অধিক উষ্ণতা আৰু অধিক বৃষ্টিপাত যিদৰে প্ৰয়োজনীয় আন কিছুমানৰ ক্ষেত্ৰত এনে উপাদানে উদ্ভিদৰ বৃদ্ধি ৰোধ কৰে ।

(iii)                  বন্ধুৰতাঃ হেলনীয়া ঠাইৰ ঢাল, উচ্চতা আদিৰ বন্ধুৰতাৰ উপাদানে কৃষিৰ প্ৰকাৰ নিৰ্ধাৰ কৰে । উচ্চতা অনুসৰি ভিন্ন শস্যৰ উৎপাদন হয় ।


(খ) আৰ্থ-সামাজিক কাৰণসমূহঃ-

(i)                         ভূমিৰ দখনঃ ভূমিৰ গৰাকীৰ প্ৰকাৰে খেতিত প্ৰভাৱ পেলায় । প্ৰকৃত ভূমিৰ গৰাকীয়ে ভূমিৰ অৱস্থা উন্নত কৰিব বিচাৰে আনহাতে জমিদাৰ, জাগিৰদাৰ আৰু ৰায়তসকলে ভূমিৰ অৱস্থা উন্নত কৰিবলা বিশেষ তেনে কোনো পদক্ষেপ গ্ৰহণ নকৰে ।

(ii)                     কৃষিভূমিৰ আকাৰঃ কৃষিভূমিৰ আকাৰে উৎপাদনৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলায় । ক্ষুদ্ৰ আকাৰৰ কৃষিভূমিয়ে খেতিত যান্ত্ৰিক ব্যৱহাৰ আৰু আধুনিক বৈজ্ঞানিক পদ্ধতিসমূহৰ ব্যৱহাৰত বাধাৰ সৃষ্টি কৰে ।

(iii)                  শ্ৰমঃ শ্কমৰ গুণাগুণেকৃষিৰ ক্ষেত্ৰত এক সাংঘাতিক ভূমিকা পালন কৰে । অশিক্ষিত শ্ৰমিকসকলে খেতি বাতিত আদিম পদ্ধতি প্ৰয়োগ কৰাৰ বিপীৰতে শিক্ষিত শ্ৰমিকসকলে আধুনিক যন্ত্ৰপাতি আৰু আধুনিক কৃষি পদ্ধতি অৱলম্বন কৰে ।

(iv)                  মূলধনঃ মূলধনৰ লভ্যতাই জীৱন ধাৰণৰ বাবে কৰা কৃষি (পোষন কৃষি) আৰু বাণিজ্যিক কৃষিৰ পাৰ্থক্য নিৰ্ণয় কৰা । বাণিজ্যিক আৰু ৰোপন কৃষিত বৃহৎ মূলধনৰ আৱশ্যক হয় ।

(v)                      বিপণন আৰু পৰিবহণঃ উৎপাদিত সামগ্ৰীৰ ভাল বজাৰে কৃষি উৎপাদন উৎসাহ যোগায় । চাহিদাৰ ওপৰত ভিক্তি কৰি কিছুমান শস্যৰ খেতি কৰা হয় । উন্নত পৰিবহণ ব্যৱস্থাই কোনো এক স্থানৰ কৃষিকাৰ্যৰ উন্নতিত অৰিহণা যোগায ।


     2.   পৃথিৱীৰ সকলো ঠাইতে কৃষি একে নোহোৱাৰ কাৰণ ব্যাখ্যা          কৰা  ।

উত্তৰঃ পৃথিৱীৰ সকলো ঠাইতে কৃষি একে নোহোৱাৰ কাৰণঃ­

(i) প্ৰকৃতিক বা ভৌতিক কাৰণসমূহ যেনে ভূমিৰ প্ৰকৃতি, উপৰিভাগ,ঢাল,জলবায়ু, পানীৰ উপলব্ধতা ইত্যাদি ঠাই বিশেষে বেলেগ বেলেগ ।

(ii)    আৰ্থ-সামাজিক কাৰকসমূহ যেনে- কৃষকসকলৰ শিক্ষা মান, ভূমিৰ দখল, কৃষি ভূমিৰ আকাৰ, মূলধনৰ উপব্ধতা ইত্যাদি ।

3  3.   কৃষিৰক বিভিন্ন শ্ৰেণীত বিভক্ত কৰা আৰু শ্ৰেণীবিভাজনৰ ভিক্তিৰ আভাস দিয়া ।

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ কৃষিসমূহঃ

(ক) স্থায়িত্বৰ ওপৰত ভিক্তি কৰিঃ

(i)                         স্থায়ী কৃষিঃ কোনো এক ঠাইত স্থায়ীভাৱে বসবাস কৰা ব্যক্তিসকলৰ দ্বাৰা ঘৰৰ চাহিদাৰ উপৰিও বাণিজ্যিক কাৰণত কৰা খেতিক স্থায়ী কৃষি বুলি কোৱা হয় । স্থায়ী কৃষিত মানুহে ব্যৱহাৰ কৰা বিভিন্ন কৃষি পদ্ধতি হল শস্যাৱৰ্তন, মিশ্ৰ কৃষি, পশুধন পাম, যান্ত্ৰিকীৰণ, গহণ কৃষি ।

(ii)                     ঠাই সলনি কৃষিঃ এয়া এনে এক প্ৰথা যত হাবি-জংঘল পুৰি সেই ঠাইত কিছু বছৰৰ কাৰণে কেতি কৰা হয় আৰু পিছত সেই স্থান পৰিত্যাগ কৰি অিন স্থানত খেতি কৰা হয় । এনে খেতিয়ক ঠাই সলনি কৃষি বুলি কোৱা হয় । এনে ধৰণৰ কৃষি উত্তৰ-পূব ভাৰতৰ পাহাৰীয়া জনজাতিসকলে কৰে ।


(খ)  কৃষিভূমিৰ আকাৰৰ ওপৰত ভিক্তি কৰিঃ

(i)                         বৃহৎ আকাৰৰ/বৃহৎ পৰিসৰৰ কৃষিঃ যন্ত্ৰপাতিৰ ব্যৱহাৰেৰে এবিধ মাত্ৰ শস্যৰ খেতি অতি কম সংখ্যক মানুহৰ দ্বাৰা বৃহৎ পৰিসৰত কৰিলে তেনে কৃষিক ব্যাপক পৰিসৰৰ কৃষি বুলি কোৱা হয় । এই কৃষিৰ চাৰিটা বৈশিষ্ট্য হৈছেঃ ১। যন্ত্ৰপাতিৰ ব্যাপক ব্যৱহাৰ ২। এবিধ শস্যৰ খেতি ৩। শস্যৰ বিশেষীকৰণ ৪। এই বৃহৎ অঞ্চলত খেতি ।

(ii)                     ক্ষুদ্ৰমাত্ৰিক/গহণ কৃষিঃ এয়া এনে ধৰণৰ কৃষি যত কৃষকে সীমিত পৰিমাণৰ কৃষিভূমিত কম সময়ৰ ভিতৰত অধিক উৎপাদনৰ বাবে বহু সংখ্যক শ্ৰমিক, মূলধন আদি বিনোয়গৰ লগতে উন্নত মানৰ বীজ, উৎকৃষ্ট সাৰ, যথেষ্ট পৰিমাণৰ পানী আদি ব্যৱহাৰ কৰে ।

(গ) অৰ্থনৈতিক কাৰণৰ ওপৰত ভিক্তি কৰিঃ

(i)                         বাণিজ্যিক কৃষিঃ যি কৃষিৰ অন্তৰ্গত কৃষিজাত সামগ্ৰীসমূহ ঘৰুৱা ভাৱে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে বিক্ৰীৰ ব্যৱস্থা কৰা হয়, তেনে কৃষক বাণিজ্যিক কৃষি বুলি কোৱা হয় । উদাহৰণস্বৰুপে, ৰবৰ, চাহ, কফি, কপাহ, কুঁহিয়াৰ ইত্যাদি

(ii)                     পোষণ কৃষিঃ বিক্ৰিৰ পৰিৱৰ্তে ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে কৰা কৃষিক পোষণ কৃষি বুলি কোৱা হয় ।


(ঘ) মাটিৰ গুণাগুণ জলবায়ু আৰু কৃষি পদ্ধতিৰ ওপৰত ভিক্তি কৰিঃ

(i)                         শুষ্ক কৃষি পদ্ধতিঃ শুকান অঞ্চল যত বৃষ্টিপাত কম হয় আৰু বছৰৰ বেছিভাগ সময়ত মাটিভাগ শুকান হৈ থাকে । তেনে অঞ্চলত কৰা কষিকৰ্মক শুষ্ক কৃষিকৰ্ম বুলি কোৱা হয় । এনে অঞ্চলসমূহত জলসিঞ্চনৰ কোনো ব্যৱস্থা নাথাকে আৰু শুষ্ক জলবায়ুত বৰ্তি থাকিব পৰা শস্যসমূহৰ খেতি কৰা হয় ।

(ii)                     আৰ্দ্ৰ কৃষিকৰ্মঃ যথেষ্ট পৰমাণে বৃষ্টিপাত হোৱা অঞ্চলত কৰা কৃষিকে আৰ্দ্ৰ কৃষি বুলি কোৱা হয় । মৌচুমী জলবায়ু অঞ্চলত কৃষি কৰা হয় ।

(ঙ) বিশেষ প্ৰকাৰৰ কৃষিঃ

(i)                          ৰোপন কৃষিঃ এক বৃহৎ এলেকা সামৰি আধুনিক যন্ত্ৰপাতি, বৃহৎ সংখ্যক লোক আৰু বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰেৰে এক বিশেষ শস্যৰ খেতি কৰাকে ৰোপণ কৃষি বুলি কোৱা হয় । ৰবৰ,খেতি, চাহ, কফি, কপাহ, কুঁহিয়াৰ আদি এই কৃষিৰ অন্তৰ্গত ।

(ii)                     সমূহীয়া কৃষিঃ যিবোৰ কৃষিকৰ্মত সামাজিক মালিকীস্বত্ব, সামুহিক শ্ৰম আৰু কৃষি উৎপাদনসমূহৰ অংশদাৰীত্ব আদি বৈষিষ্ট্য দেখা যায় । এনে ধৰণৰ কৃষি পূৰ্বৰ ছোভিয়েট ইউনিয়নে প্ৰৱৰ্তন কৰিছিল ।

(iii)                  উদ্যান শস্যৰ কৃষিঃ ফলমূল, শাক-পাচলি আৰু ফুলৰ খেতিক উদ্যান শস্যৰ কৃষি বুলি কোৱা হয় । উদ্যান শস্যৰ কৃষিকাৰ্য কৰা উল্লেখযোগ্য দেশসমূহ হৈছে- আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, জাৰ্মানী, ডেনমাৰ্ক, নেদাৰলেণ্ড । কৃষিকৰ্মৰ অগ্ৰগতি আৰু বিশ্বায়নৰ ফলত এনে উদ্যান শস্যৰ চৰ্চা ভাৰতবৰ্ষত অতি ক্ষিপ্ৰ গতিত আগবাঢ়িছে ।


(iv)                  বজাৰমুখী কৃষিঃ ওচৰ-পাজৰৰ নগৰ আৰু চহৰসমূহৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ফলমূল,শাক-পাচলি আৰু ফুলৰ খেতি কৰাকে বজাৰমুখী কৃষি বুলি কোৱা হয়।

বিশ্বায়নৰ ফলশ্ৰুতিত উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত এক যোগসূত্ৰ স্থাপন হৈছে আৰু ইয়াৰ ফলত গ্ৰাহকৰ চাহিদা অনুযায়ী উৎপাদনকাৰীয়ে উৎপাদন কৰিবলৈ বাধ্য হৈছে ।

(v)                      মিশ্ৰ কৃষিঃ একে ঠাইতে কৃষিৰ লগতে পশুপানল আৰু হাঁহ-কুকুৰা পালন কৰা কৃষিকৰ্মকে মিশ্ৰ কৃষি বুলি কোৱা হয় ।

(vi)                  ট্ৰাক কৃষিঃ ফলমূল, শাক-পাচলি, ফুল আদি সতেজ অৱস্থাত ট্ৰাকেৰে অন্য অঞ্চললৈ ৰপ্তানি কৰাৰ উদ্দেশ্য কৰা কৃষিকাৰ্যকে ট্ৰাক কৃষি বোলা হয় ।


    4.   স্থায়ী কৃষি কি ? ইয়াৰ বৈশিষ্ট্য সম্বন্ধে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ কোনো এক অঞ্চলৰ লোকৰ দ্বাৰা ঘৰুৱা প্ৰয়োজনীয়তাৰ লগতে বাণিজ্যিক উদ্দেশ্যেৰে কৰা কৃষিকৰ্মক স্থায়ী কৃষি বুলি কোৱা বুলি কোৱা হয় । ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহঃ

(i)                         গোটেই বছৰ জুৰি কৃষিকাৰ্য কৰা হয় ।

(ii)                     কৃষকে নাঙল, টেক্টৰ, জলসিন্সন আৰু সাৰৰ প্ৰয়োগৰে কৃষিকাৰ্য কৰে ।

(iii)     এই কৃষি পদ্ধতিত সাধাৰণতে সমগ্ৰ বিশ্বতে বিস্তৃতভাৱে পৰিশীলন কৰা হয় ।

(iv)      এনে ধৰণৰ কৃষিৰ উৎপাদন তুলনামুলকভাৱে বেছি ।

(v)     পশুপানল, মৎস পালন, উদ্যান শস্যৰ খেতি এই কৃষি পদ্ধিত অংশ ।

    5.   ঠাই সলনি কৃষিৰ (ঝুম কৃষি) এটি চমু আভাস দিয়া । এই কৃষিয়ে কেনেকৈ পৰিৱেশৰ ক্ষতি সাধন কৰে বিশ্লেষণ কৰা ।

উত্তৰঃ হাবি জংঘল আদি পুৰি সেই ঠাইসমূহত কিছুবছৰ খেতি কৰি অইন অঞ্চললৈ খেতিৰ বাবে গমন কৰা কৃষি পদ্ধতিকে ঠাই সলনি কৃষি বুলি কোৱা হয় । কৃষকে এটুকুৰা মাটি খালি কৰি তাত গছ-গছনি ডাল আৰু ঘাঁহবন আদি জমা কৰি পুৰি পেলায় । কেতিয়াবা, গছ-গছনি নকটাকৈ পুৰি পেলোৱা হয় । তিনি চাৰি বছৰ পিছত, কৃষক আৰু তেওঁৰ পৰিয়াল সেই ঠাই এৰি অইন এক ঠাইলৈ গৈ মাটি মুকলি কৰি একেধৰণৰ খেতি কৰে ।

এয়ৈ মানুহৰ দ্বাৰা বিকশিত, সৰ্বপ্ৰথম কৃষি পদ্ধতি । ইয়াক ভাৰতবৰ্ষৰ উত্তৰ পূব অঞ্চলত ঝুম খেতি বুলি জনা যায় । এই ধৰণৰ খেতিৰ কিছুমান প্ৰধান বৈশিষ্ট্যঃ


(i)                         জুইৰ দ্বাৰা ভূমি পৰিষ্কাৰ ।

(ii)                     হাতৰ ব্যৱহাৰ আৰু মানৱশ্ৰম ।

(iii)                  এনে ভূমিক কোনো ব্যক্তিগত মালিকাধীন নহয় । এই ভূমি ৰাইজৰ ।

(iv)                  প্ৰত্যেক ঘৰ মানুহে ইচ্ছানুসৰি যিমান ভূমি বিচাৰে সিমানখিনি ভূমি চাফ চিকুন কৰি খেতি কৰিব পাৰে।

(v)                      উৎপাদিত সামগ্ৰীত পৰিমাণ কম হোৱা হেতুকে পৰিৱেশ বিনষ্ট হয় ।

(vi)                  ঝুম খেতি বা ঠাই সলনি খেতি কৰী অঞ্চলত জনবসতি সেৰেঙা ।

এই ধৰণৰ কৃষিৰ প্ৰধান সমস্যসমূহঃ

(vii)      এই ধৰণৰ কৃষি কাৰ্যত বনাঞ্চল পুৰি পেলোৱা হেতুকে পৰিৱেশ বিনষ্ট হয় ।

(viii)    এটা বৃহৎ অঞ্চলত থকা জীৱ আৰু অজৈৱিক পদাৰ্থসমূহ জুইত পুৰি ভষ্মিভূত হয় ।

(ix)         পৰিৱেশৰ ভাৰসাম্যতা ইয়াৰ জৰিয়তে বিনষ্ট হয় আৰু ই কোনো এটা অঞ্চলৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায় ।

(x)    তৰু-তৃণ, ডাল-পাত আদি পুৰিলে যথেষ্ট পৰিমাণৰ ধোঁৱা সৃষ্টি হয় আৰু ই পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় ।


        6.   বিস্তৃত কৃষি আৰু ক্ষুদ্ৰ কৃষিৰ এটি তুলনাত্মক চিত্ৰ দাঙি ধৰা ।

উত্তৰঃ

ক্ৰমিক

নং

প্ৰাৰ্থক্যৰ

ভিক্তি

বিস্তৃত কৃষি

ক্ষুদ্ৰ কৃষি

(i)

অৰ্থ

এনে কষি যত যন্ত্ৰপাতিৰ ব্যৱহাৰেৰে এক বৃহৎ অঞ্চলত এবিধ মাত্ৰ শস্য কম সংখ্যক লোকৰ দ্বাৰা কৰা হয় ।

নিৰ্দ্ধাৰিসীমিত পৰিসত কম সময়ৰ ভিতৰত অধিক উৎপাদনৰ কাৰণে কৰা কৃষি ।

(ii)

প্ৰকৃতি

যান্ত্ৰিক ব্যৱহাৰৰ ব্যাপকতা ।

শ্ৰমিক নিৰ্ভৰশীলতা।

(iii)

পৰিশীলনৰ

স্থল

এনে কিছুমান দেশত কৰা হয় যত জনবসতিৰ ঘনত্ব কম । যেনে- কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ ইত্যাদি ।

জনসংখ্যাবহুল দেশত এনে কৃষিকাৰ্য কৰা হয় । যেনে- ভাৰত, ইংলেণ্ড ইত্যাদি ।

(iv)

খেতি

মাত্ৰ এবিধ শস্যৰ খেতি কৰা হয় ।

বহুবিধ শস্যৰ খেতি কৰা হয় ।

(v)

অন্যান্য নাম

ব্যাপক কৃষি ।

গহন কৃষি ।

  

   7.   ৰোপন কৃষি বুলিলে কি বুজা ? ইয়াৰ বিশেষত্ব আলোচনা কৰা।

উত্তৰঃ এক বিশেষ প্ৰকাৰৰ শস্যৰ খেতি এক বৃহৎ পৰিসৰৰ ভুমিত শতাধিক লোক নিয়োগেৰে বৃহৎ যন্ত্ৰপাতি তথা বৈজ্ঞানিক পদ্ধতি প্ৰয়োগেৰে কৰিলে তেনে কৃষিক         ৰোপন কৃষি বুলি কোৱা হয় ক্ৰান্তীয় আৰু  উপক্ৰান্তীয় অঞ্চলত এনে ধৰণৰ কৃষি দেখা যায় । অনুকুল জলবায়ু আৰু সস্তীয় শ্ৰমিকৰ সহজলভ্যতাই চাহ, কফি, ৰবৰ, নাৰিকল আদিৰ দৰে বিভিন্ন প্ৰকাৰৰ ৰোপন শস্যৰ খেতি সম্ভৱ কৰি তোলে

ৰোপন কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহঃ

(i)        ৰোপন কৃষি প্ৰধানকৈ বাণিজ্যিক উদ্দেশ্যে কৰা হয়।

(ii)    বৃহৎ পৰিসৰত ইয়াৰ খেতি কৰা হয়

(iii)   বেছিভাগ কাৰ্য হস্তসম্পাদিত, উন্নত দেশসমূহ এই ক্ষেত্ৰত পৃথক ।

(iv)  ই শ্ৰমিক তথা মূলধনৰ ওপৰত নিৰ্ভৰশীল ।

(v)     সৰ্বশেষ উৎপাদনসমূহ কাৰখানাত প্ৰস্তুত কৰা হয়।

(vi)   ৰোপন উদ্যোগৰ সৈতে ইয়াৰ নিকট সম্পৰ্ক আছে।

(vii)  এই ধৰণৰ কৃষিত বজাৰৰ চাহিদাই এক মুখ্য ভূমিকা পালন কৰে ।


    8.   নগৰীকৰণ আৰু বজাৰকেন্দ্ৰীক কৃষিৰ সম্বন্ধৰ এটি আভাস দিয়া।

উত্তৰঃ   Coming soon

  


Published by Krishna Das

************

Class 9 elective geography Chapter 7 solution in Assamese Medium. SEBA Class 9 Elective Geography Solutions. Class 9 All subject solution in Assamese Medium.

 

 

 

Previous Post Next Post