উদ্যোগ নৱম শ্ৰেণীৰ ভূগোল সহায়িকা | Class 9 elective geography solutions in assamese chapter 8

 

উদ্যোগ| নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যয় । ভূগোল

SEBA Class 9 Elective Geography notes. Class 9 elective geography solution in Assamese. 

 

উদ্যোগ

 

প্ৰশ্নাৱলী


    1.   শ্ৰেণীবিভাজনৰ ভিক্তি উল্লেখ কৰি উদ্যোগক শ্ৰেণী বিভক্ত কৰা

উত্তৰঃ শ্ৰম বিভাজন, বৃহৎ বিনিয়োগৰ মাধ্যমেৰে আৰু যন্ত্ৰ-পাতি, শক্তি আদিৰ প্ৰয়োগেৰে প্ৰণালীবদ্ধ উৎপাদন কৰাকে উদ্যোগ বোলা হয় ।

তলত দিয়া ধৰণে উদ্যোগৰ শ্ৰেণীবিভাজন কৰা হৈছেঃ

(ক) পৰিসৰ ওপৰত নিৰ্ভৰ কৰিঃ

(i)       কুটীৰ উদ্যোগঃ যি উদ্যোগৰ পৰিচালনা পৰিয়ালৰ সদস্যসকলে কৰে তেনে উদ্যোগকে কুটীৰ উদ্যোগ বোলা হয় । ইয়াত উৎপাদিত সামগ্ৰী স্থানীয় বজাৰত উপলদ্ধ হয় । উদাহৰণস্বৰুপে, খাদী, হস্ততাঁত, পিতলৰ বাচন-বৰ্তন নিৰ্মাণ, কৃত্ৰিম ফুল প্ৰস্তুতকৰণ ইত্যাদি ।

(ii)                     ক্ষুদ্ৰ উদ্যোগঃ যি উদ্যোগত বিনিয়োগৰ পৰিমাণ এক কোটি টকাতকৈ কম আৰু ইয়াত কম সংখ্যক শ্ৰমিক নিয়োগ কৰা তেনে উদ্যোগক ক্ষুদ্ৰ উদ্যোগ বোলা হয়। উদাহৰণস্বৰুপে, বেতৰ সামগ্ৰী নিৰ্মাণ উদ্যোগ, হস্ততাঁত উদ্যোগ, পুতলা নিৰ্মাণ উদ্যোগ ইত্যাদি ।

(iii)                  বৃহৎ উদ্যোগঃ যি উদ্যোগত বৃহৎ সংখ্যক লোক, বৃহৎ যন্ত্ৰ-পাতি আৰু বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰা হয়, তেনে উদ্যোগক বৃহৎ উদ্যোগ বোলা হয় । উদাহৰণস্বৰুপে, লো আৰু তীখা উদ্যোগ, কপাহী বস্ত্ৰ উদ্যোগ, জাহাজ নিৰ্মাণ উদ্যোগ ইত্যাদি ।


(খ) ব্যৱহৃত কেচাঁমালৰ ভিত্তিতঃ কৃষিজাত সামগ্ৰী কেচাঁমাল হিচাপে ব্যৱহাৰ কৰি সংসাধিত খাদ্য-সামগ্ৰী উৎপাদন কৰা উদ্যোগক কৃষিভিক্তিক উদ্যোগ বোলা হয় । উদাহৰণস্বৰুপে- চেনি উদ্যোগ, মৰাপাট উদ্যোগ, চাহ উদ্যোগ ইত্যাদি

(i)                         খনিজ পদাৰ্থ ভিক্তিক উদ্যোগঃ বিভিন্ন প্ৰকাৰৰ পদাৰ্থ যেনে লোৰ আকৰ, কপাৰ মেংগানিজ, পেট্ৰলিয়াম, ডিজেল, কয়লা, প্ৰাকৃতিক গেছ আদি কেঁচামাল হিচাপে ব্যৱহাৰ কৰি বিভিন্ন প্ৰকাৰৰ সামগ্ৰী নীৰ্মাণ কৰা উদ্যোগক খনিজ পদাৰ্থ ভিক্তিক বোলা হয় ।

(ii)                     বনজ উদ্যোগঃ বিভিন্ন উদ্যোগিক সামগ্ৰী উৎপাদনৰ বাবে অৰণ্যজাত সামগ্ৰী ব্যৱহাৰ কৰা উদ্যোগক বনজ উদ্যোক বোলা হয় । উদাহৰণস্বৰুপে, কাগজ উদ্যোগ, প্লাইউড উদ্যোগ ইত্যাদি ।

(iii)                  পশুধন ভিক্তিক উদ্যোগঃ বিভিন্ন উপভোগ্য সামগ্ৰী উৎপাদনৰ বাবে মাংস,গাখীৰ, ছাল আদি প্ৰাণীজাত দ্ৰব্য ব্যৱহাৰ কৰা উদ্যোগক পশুধন ভিক্তিক উদ্যোগ বোলা হয় । উদাহৰণস্বৰুপে, দুগ্ধ উদ্যোগ, মাংস উদ্যোগ।


(গ) উৎপাদনৰ ওপৰত ভিক্তি কৰিঃ যি উদ্যোগৰ উৎপাদিত সামগ্ৰীসমূহ গ্ৰাহকসকলে পোনপটীয়া ব্যৱহাৰ কৰে, তেনে উদ্যোগক গ্ৰাহক সামগ্ৰী উদ্যোগ বোলা হয় । উদাহৰণস্বৰুপে, প্ৰসাধন উদ্যোগ, অনাতাঁৰ আৰু দূৰদৰ্শন উদ্যোগ ইত্যাদি ।

(i)                    মৌলিক উদ্যোগঃ কাৰ্য সম্পাদন কৰিবলৈ আৰু বৰ্তি থাকিবলৈ যি উদ্যোগৰ ওপৰত অনান্য উদ্যোগে নিৰ্ভৰ কৰে, তেনে উদ্যোগক মৌলিক উদ্যোগ বোলা হয় । উদাহৰণস্বৰুপে, লো-তীখা উদ্যোগ, তেল উদ্যোগ ইত্যাদি।

(ii)                     গ্ৰাহক সামগ্ৰী উদ্যোগঃ যি উদ্যোগৰ উ

(ঘ) মালিকীস্বত্বৰ ওপৰত নিৰ্ভৰ কৰিঃ

(i)     ৰাজহুৱা খণ্ডৰ উদ্যোগঃ এই খণ্ডৰ মূল লক্ষ্য হৈছে, সৰ্বাধিক সামাজিক কল্যাণ সাধন । উদাহৰণস্বৰুপে, প্ৰতিৰক্ষা উদ্যোগ, মহাকাশ উদঘাটন সম্বন্ধীয় উদ্যোগ, পাৰমাণৱিক উদ্যোগ ইত্যাদি ।

(ii)                  ব্যক্তিগত খণ্ডৰ উদ্যোগঃ ব্যক্তিগত বিনিয়োগকাৰী আৰু উদ্যোগীৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত উদ্যোগক ব্যক্তিগত খণ্ডৰ উদ্যোগ বুলি কোৱা হয় । উদাহৰণস্বৰুপে- তেল উদ্যোগ, লো আৰু তীখা উদ্যোগ, চিমেণ্ট উদ্যোগ ইত্যাদি ।

(iii)                      সমবায়ভিত্তিক উদ্যোগঃ সমবায় সমিতিসমূহৰ দ্বাৰা পৰিচালিত উদ্যোগক সমবায়ভিত্তিক উদ্যোগ বোলা হয়। উদাহৰণস্বৰুপে- চেনি, কলসমূহ, দুগ্ধজাত সামগ্ৰীৰ উদ্যোগ ইত্যাদি ।

  

       2.   ঘৰুৱা উদ্যোগ কি ? এই উদ্যোগৰ যোগেদি সাধাৰণতে কেনে ধৰণৰ সামগ্ৰী তৈয়াৰ কৰা হয় ।

উত্তৰঃ যি উদ্যোগ পৰিয়ালৰ সদস্যসকলৰ পৰিচালনা কৰে আৰু স্থানীয় বজাৰত উপলদ্ধ হোৱাকৈ সামগ্ৰী উৎপাদন কৰে, তেনে উদ্যোগক কুটীৰ উদ্যোগ বোলা হয় ।

ইয়াৰ বৈশিষ্ট্যকেইটা হৈছেঃ

(i)                         অতি ক্ষুদ্ৰ আকাৰৰ ।

(ii)                     স্থানীয় কেচাঁমাল আৰু পৰম্পৰাগত প্ৰযুক্তি ব্যৱহাৰ কৰি সামগ্ৰী উৎপাদন কৰা হয় ।

(iii)                  উৎপাদিত সামগ্ৰীসমূহ সাধাৰণতে স্থানীয় বজাৰত বিক্ৰী কৰা হয় । কুটীৰ উদ্যোগৰ পৰা উৎপাদিত প্ৰধান সামগ্ৰীসমূহ হৈছে মাটিৰ বাচন-বৰ্তন, ধাতুৰ বাচন-বৰ্তন, হস্ততাঁত বস্ত্ৰ, বেতৰ সামগ্ৰী, আচবাব, গহনা ইত্যাদি ।

    

       3.   ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ এটি তুলনামুলক আলোচনা দাঙি ধৰা।

উত্তৰঃ তলত ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ এক তুলনামুলক আলোচনা আগবঢ়োৱা হলঃ 

ক্ৰমিক

নং

প্ৰাৰ্থক্যৰ

ভিক্তি

বৃহৎ উদ্যোগ

ক্ষুদ্ৰ উদ্যোগ

(i)

অৰ্থ

বৃহৎ সংখ্যৰ লোক নিয়োগ কৰাৰ লগতে যন্ত্ৰ-পাতিত বৃহৎ বিনিয়োগ কৰা উদ্যোগ ।

কম সংখ্যক লোক নিযুক্তকৰণেৰে আৰু ক্ষুদ্ৰ যন্ত্ৰ-পাতিৰ প্ৰয়োগেৰে এক কোটি টকাতকৈ কম বিনিয়োগ কৰা উদ্যোগ।

(ii)

প্ৰযুক্তি

মুখ্যতঃ প্ৰযুক্তি ভিক্তিক ।

সৰল প্ৰযুক্তি ব্যৱহাৰ কৰে ।

(iii)

ব্যৱহাৰ

স্থানীয় অঞ্চলৰ কেচাঁমাল ব্যৱহাৰ কৰে ।

স্থানীয় আৰু বাহিৰৰ কেচাঁমাল ব্যৱহাৰ কৰে।

(iv)

উদ্দেশ্য

ক্ষিপ্ৰ ঔদ্যোগীকৰণ হয় আৰু এয়া উন্নত দেশসমূহত বিদ্যামান ।

কিছু অঞ্চল ঘাইকৈ উন্নয়নশীল আৰু অনুন্নত দেশসমূহত ঔদ্যোগীক উন্নয়ন সাধন কৰে ।

(v)

জাতীয়

আয়

জাতীয় আয়লৈ সৰ্বোচ্চ অৱদান ।

নিম্নতম অৱদান ।

(vi)

উদাহৰণ

লো আৰু তীখা উদ্যোগ, কপাহী বস্ত্ৰ উদ্যোগ, জাহাজ নিৰ্মাণ উদ্যোগ ইত্যাদি ।

হস্ততাঁত উদ্যোগ, পুতলা নিৰ্মাণ উদ্যোগ ইত্যাদি ।

    

 

      4.   কৃষিভিক্তিক উদ্যোগ কি উদাহৰণেৰে বুজোৱা ।

উত্তৰঃ ঔদ্যোগিক উৎপাদনৰ বাবে কাৰখানা আৰু সংসাধন উদ্যোগত মুখ্যতঃ কৃষিজাত সামগ্ৰী ব্যৱহাৰ কৰা উদ্যোগকে কৃষিভিক্তিক উদ্যোগ বুলি কোৱা হয় । সাধাৰণতে উদ্যোগিক উৎপাদন পদ্ধতি ব্যৱহাৰেৰে কৃষিজাত পদাৰ্থসমূহ উপভোগ্য খাদ্য সামগ্ৰীলৈ সংসাধিত কৰা হয় । উদাহৰণস্বৰুপে- প্ৰধান কৃষিভিক্তিক উদ্যোগসমূহ হৈছে চেনি উদ্যোগ, মৰাপাট উদ্যোগ, চাহ উদ্যোগ, খোৱা তেল উদ্যোগ ইত্যাদি ।

    5.   খনিজ সম্পদভিক্তিক উদ্যোগৰ এটি চমু আভাস দিয়া ।

উত্তৰঃ ঔদ্যোগিক উৎপাদনৰ বাবে প্ৰধান কেচাঁমাল হিচাপে খনিজ পদাৰ্থ ব্যৱহাৰ কৰা উদ্যোগক খনিজ পদাৰ্থ ভিক্তিক উদ্যোগ বোলা হয় । এই উদ্যোগসমূহ সাধাৰণতে খনিজ সম্পদ উপলদ্ধ হোৱা অঞ্চলত গঢ়ি উঠে । কিন্ত, পৰিবহণ ব্যৱস্থাৰ দ্ৰুত অগ্ৰগতিৰ বাবে এই ধৰণৰ উদ্যোগসমূহ খনিজ সম্পদৰ উৎসৰ পৰা যথেষ্ঠ দূৰতো গঢ়ি উঠিব ধৰিছে । প্ৰধান খনিজ পদাৰ্থভিক্তিক উদ্যোগসমূহ হৈছে লো আৰু তীখা উদ্যোগ, এলুমিনিয়াম উদ্যোগ, কপাৰ উদ্যোগ, তেল উদ্যোগ ইত্যাদি ।  


    6.   মৌলিক উদ্যোগ বুলিলে কি বুজা উদাহৰণ দি লিখা ।

উত্তৰঃ কাৰ্য সম্পাদন কৰিবলৈ আৰু বৰ্তি থাকিবলৈ যি উদ্যোগৰ ওপৰত অনান্য উদ্যোগে নিৰ্ভৰ কৰে, তেনে উদ্যোগক মৌলিক উদ্যোগ বোলা হয় । উদাহৰণস্বৰুপে- লো আৰু তীখা উদ্যোগ, তেল উদ্যোগ আদিয়ে যন্ত্ৰ-পাতি নিৰ্মাণ কৰা উদ্যোগ আদিলৈ কেচাঁমাল যোগান ধৰে ।

    7.   উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰী কাৰকসমূহৰ এটি আভাস দিয়া ।

উত্তৰঃ নিৰ্দিষ্ট অৰ্থনৈতিক সুবিধাৰ বাবে এখন ঠাই বা এটা অঞ্চলত বিভিন্ন উদ্যোগৰ পুঞ্জীভৱনক উদ্যোগৰ স্থানাৱদ্ধকৰণ বা স্থানবন্ধন বোলা হয় । উদ্যোগৰ স্থানবন্ধন নিৰ্ধাৰণ ৰপা প্ৰধান কাৰককেইটা হৈছে-

(i)                         কেচাঁমালৰ সামীপ্যঃ উচ্চ পৰিবহণ ব্যয়ৰ পৰা ৰেহাই পাবলৈ অধিক সংখ্যক উদ্যোগেই কেচাঁমালৰ উৎসৰ ওচৰে-পাজৰে স্থাপিত হয় । উদাহৰণস্বৰুপে- লো আৰু তীখা উদ্যোগসমূহ এনে ঠাইত স্থাপিত হয় যত লোৰ আকৰ, কয়লা আদি উপলদ্ধ হয় । কপাহী বস্ত্ৰ উদ্যোগসমূহ মহাৰাষ্ট্ৰ, গুজৰাট অঞ্চলত গঢ়ি উঠিছে ।

(ii)                     বিদ্যুতৰ উপলদ্ধতাঃ বহু সংখ্যক উদ্যোগ তাপ বিদ্যুৎ কেন্দ্ৰ অথবা জলবিদ্যুৎ কেন্দ্ৰৰ ওচৰত স্থাপিত হয় । সাধাৰণতে বেছি সংখ্যক উদ্যোগেই উৎপাদনৰ সামগ্ৰিক খৰচ কমাবলৈ বিদ্যুৎ কেন্দ্ৰসমূহৰ ওচৰত স্থাপিত হয় । ইয়াৰ জৰিয়তে বিদ্যতৰ নিৰৱচ্ছিন্ন আহৰণ সম্ভৱ হয় ।

(iii)                  পৰিবহণৰ সুচলতাঃ উদ্যোগসমূহ ৰাষ্ট্ৰীয় পথ, বন্দৰ, চহৰ আৰু বাণিজ্যিক কেন্দ্ৰসমূহৰ ওচৰে-পাজৰে গঢ়ি উঠে । বস্ত্ৰ উদ্যোগসমূহ মুম্বাইৰ ওচৰ-পাজৰে গঢ়ি উঠাৰ অন্যতম কাৰণ,মূহ হৈছে পথ পৰিবহণৰ সু-ব্যৱস্থা, আকাশীপথ আৰু ৰেল যাতায়াতৰ সুচলতা ।


(iv)                  শ্ৰমিকৰ সহজলভ্যতাঃ শ্ৰমিকৰ সহজলভ্যতাই উদ্যগ স্থাপনত অনুপ্ৰেৰণা যোগায় । কাৰিকৰী দক্ষতাসম্পন্ন মানৱ সম্পদৰ বাবে বাংগালুৰু চহৰখন লো আৰু তীখা উদ্যগৰ বিকাশৰ এক অন্যতম কাৰণ হৈছে সস্তীয় শ্ৰমিকৰ সহজলভ্যতা । মানৱ সম্পদৰ সহজলভ্যতাৰ বাবে উত্তৰ প্ৰদেশত চেনি উদ্যোগ গঢ়ি উঠাত সহয় হৈছে ।

(v)                      বজাৰৰ সমীপ্যঃ বেছি সংখ্যক উদ্যোগ আৰু কাৰখানাই ঔদ্যোগিক আৰু বাণিজ্যিক চহৰ-নগৰৰ ওচৰে-পাজৰে এই কাৰণেই গঢ়ি উঠে যে ইয়াত তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পৰা যায় । বৃহৎ বজাৰ থকাৰ বাবে গুজৰাট-মহাৰাষ্ট্ৰ অঞ্চলত বস্ত্ৰ উদ্যোগ গঢ়ি উঠিছে । তদুপৰি মুম্বাইৰ বন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ অন্তিম জাতদ্ৰব্যৰ ৰপ্তানিও সহজ হয় ।

(vi)                  জলবায়ুঃ উদ্যোগৰ স্থান বাছনিৰ ক্ষেত্ৰত জলবায়ু সন্দৰ্ভতো বিবেচনা কৰা হয় । উদাহৰণস্বৰুপে- আৰ্দ্ৰ জলবায়ুৰ বাবে পশ্চিম অঞ্চলত কপাহী বস্ত্ৰ উদ্যোগ গঢ়ি উঠিছে ।

   

     8.   উদ্যোগৰ অৱস্থানত কেচাঁমালৰ ভূমিকা সম্বন্ধে উদাহৰণ দি         লিখা।

উত্তৰঃ উদ্যোগৰ স্থানবন্দনৰ অন্যতম কাৰণ হৈছে উৎপাদন কেন্দ্ৰৰ ওচৰত প্ৰয়োজনীয় কেচাঁমালৰ সুলভতা । সাধাৰণতে উদ্যোগসমূহ সম্পদৰ উৎসৰ ওচৰতে স্থাপিত হয় । কাৰখানালৈ কেচাঁমাল পৰিবহণৰ ব্যয় হ্ৰা, কৰাৰ উদ্দেশ্যে বিনিয়োগকাৰী আৰু উৎপাদনকৰ্তাই এই আগ্ৰহ দেখুৱায় । গুজৰাট আৰু মহাৰাষ্ট্ৰত বস্ত্ৰ উদ্যোগ তথা বিহাৰ, ঝাৰখণ্ড, ছট্টিছগড় ওড়িশা আদি ৰাজ্যৰ লো আৰু তীখা উদ্যোগৰ অৱস্থিতিৰ মূল কাৰণ এয়েই । এই ৰাজ্যসমূহত লো আৰু তীখা উৎপাদনৰ বাবে আৱশ্যকীয় লোৰ আকৰ আৰু কয়লাৰ ভাণ্ডাৰ আছে । একেদৰে, মৰাপাট উদ্যোগ ভাৰতৰ মুখ্যতঃ পশ্চিমবংগতে কেন্দ্ৰীভূত হৈছে কাৰণ এই ৰাজ্যখন কেচাঁ মৰাপাটৰ মুখ্য যোগানকাৰী । কুঁহিয়াৰৰ উৎপাদনত দেশৰ প্ৰথম ৰাজ্য উত্তৰ প্ৰদেশ হোৱা হেতুকে ইয়াতে চেনি উদ্যোগসমূহ পুঞ্জীভূত হৈছে । পচনশীল কেচাঁমাল যেনেঃ কুঁহিয়াৰ উৎপাদন হোৱা অঞ্চলসমূহৰ আশে-পাশে চেনিৰ উৎপাদন কেন্দ্ৰসমূহ গঢ়ি উঠে । এই সকলোবোৰে ইয়াকে প্ৰকাশ কৰে যে, কেচাঁমালৰ সহজলভ্যতাই হৈছে উদ্যোগৰ স্থানবন্দনৰ নিৰ্ণায়ক কৰাক ।

     

      9.   ভাৰতৰ লো-তীখা উদ্যোগৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ লো আৰু তীখা উদ্যোগ ভাৰতৰ প্ৰধান আৰু গুৰুত্বপূৰ্ণ মৌলিক উদ্যোগ । ১৯০৭ চনত জামছেদপুৰত টাটাই এটা তীখা উদ্যোগ স্থাপনৰ লগে লগে ভাৰতত তীখা উৎপাদনৰ প্ৰকৃত আৰম্ভণি ঘটে । স্বাধীনতাৰ ঠিক পিছত বহুতো তীখা উদ্যোগ ভাৰতৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠে । সম্প্ৰতি এই উদ্যোগসমূহ খনিজ সম্পদ চহকী বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ,ওড়িশা, ছত্তিছগড়, কৰ্ণাটক, তামিনাডু আদিত গঢ়ি উঠিছে । বৰ্তমানৰ কিছুমান তীখা উদ্যোগ ৰাজহুৱা খণ্ডৰ আৰু কিছুমান ব্যক্তিগত খণ্ডৰ । ব্যক্তিগতখণ্ডৰ প্ৰধান তীখা উদ্যোগসমূহ বিহাৰৰ জামছেদপুৰত, পশ্চিমবংগৰ বাৰ্ণপুৰত আৰু কৰ্ণাটকৰ ভদ্ৰাৱতীত অৱস্থিত । ৰাজহুৱা খণ্ডৰ তীখা উদ্যোগসমূহ হৈছে ভিলাই, (মধ্যপ্ৰদেশ), ৰুৰকেলা (ওড়িশা), বোকোৰো (বিহাৰ) আৰু দূৰ্গাপুৰ (পশ্চিমবংগ) । আছানচোল আৰু চালেমতো লো আৰু তীখা উদ্যোগ অৱস্থিত । লো আৰু তীখা উদ্যোগে ভাৰতৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

ভাৰতত লো আৰু তীখা উদ্যোগৰ দ্ৰুত উন্নয়নৰ কাৰকসমূহ হৈছেঃ


(i)                         বিহীৰ, ঝাৰখণ্ড ওড়িশা আদিৰ ৰাজ্যত লোৰ আকৰৰ বিশাল ভাণ্ডাৰ ।

(ii)                     সস্তীয় শ্ৰমিকৰ সহজলভ্যতা ।

(iii)                  বৃহৎ ঘৰুৱা বজাৰ ।

(iv)                  সুবিধাজনক চৰকাৰী আঁচনি ।

(v)                      লো আকৰৰ উৎসস্থলীৰ ওচৰে-পাজৰে পৰ্যাপ্ত পৰিমাণে বিদ্যুতৰ উপলদ্ধতা ।




      10.    ভাৰতৰ মানচিত্ৰ এখন আঁকি তাত তিনিটা লো-তীখাৰ উদ্যোগ আৰু তিনিটা কপাহী বয়ন উদ্যোগৰ অৱস্থান দেখুওৱা ।  

উত্তৰঃ কপাহী বস্ত্ৰ উদ্যোগ ভাৰতৰ এটা প্ৰাটীনতম উদ্যোগ। বৰ্তমান ই এটা অন্যতম গুৰুত্বপূৰ্ণ উদ্যোগ । ই তিনিটা খণ্ডৰে গঠিতঃ

(i)                         কলঘৰ খণ্ড

(ii)                     বৈদ্যুতিক তাঁতশালখণ্ড

(iii)                  সস্ততাঁত খণ্ড

কপাহী বস্ত্ৰ উদ্যোগে ভাৰতৰ অৰ্থনীতিৰ সৰ্বাংগীন উন্নয়নত প্ৰভূত অৰিহণা আগবঢ়াই আহিছে । এই উদ্যোগৰ মূল কেন্দ্ৰসমূহ মহাৰাষ্ট্ৰ আৰু গুজৰাটত অৱস্থিত । ইয়াৰ মূল কাৰণসমূহ হৈছে কেঁচা সামগ্ৰীৰ উপলদ্ধতা, সস্তীয়া বিদ্যুত, মুম্বাই আৰু কাণ্ডলা বন্দৰৰ সামীপ্য, বাট-পথ আৰু ৰেলপথৰ অত্যুত্তম ব্যৱস্থা আৰু সুন্দৰ জলবায়ু । অৱশ্যে, দেশৰ বিভিন্ন প্ৰান্ততো ইয়াৰ উৎপাদন হয় । কপাহী বস্ত্ৰৰ প্ৰধান উৎপাদনকাৰী অঞ্চলসমূহ হৈছে মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিমবংগ ।

 


Published by Krishna Das

************

Class 9 elective geography Chapter 8 solution in Assamese Medium. SEBA Class 9 Elective Geography Solutions. Class 9 All subject solution in Assamese Medium.



Previous Post Next Post