Class 9 elective geography solutions in Assamese Medium. Elective Geography Class 9 Chapter 3 Assamese medium.
জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
প্ৰশ্নাৱলী
1. পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে লিখা । কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল ?
উত্তৰঃ পৃথিৱীত মানৱ বসতিৰ আদিছোৱাত পৃথিৱীৰ জনসংখ্য়া তেনেই নতন্য় আছিল ষ আজিৰ পৰা ১০ হাজাৰ বছৰ আগতে বা খ্ৰীঃপূঃ ৮০০০ ত পৃথিৱীৰ আনুমানিক জনসংখ্য়া আছিল প্ৰায় ৮ নিযুত । সেই সময়ছোৱাত পৃথিৱীৰ জনসংখ্যাৰ পৰিমাণ অতি নিম্নস্তৰৰ হোৱাৰ প্ৰধান কাৰণ আছিল সঘনে সংঘটিত হোৱা দুৰ্ভিক্ষ আৰু মহামাৰী যিহেতু সেই সময়ত এনে অৱস্থাসমূহৰ সৈতে মোকাবিলা কৰিব পৰা ক্ষমতা মানুহৰ নাছিল । অৱশ্যে স্থায়ী কৃষিকাৰ্যৰ আৰম্ভণিৰ লগে লগে খাদ্য সামগ্ৰীৰ যোগান সুচল হৈ পৰে আৰু তেতিয়াৰ পৰাই জনসংখ্যা বৃদ্ধি হ’বলৈ ধৰে । ইয়াৰ ফলস্বৰুপে, পৃথিৱীৰ জনসংখ্যা বৃদ্ধি হৈ খ্ৰীষ্টাব্দৰ আৰম্ভণিতে প্ৰায় ২০০ নিযুত হয় ।
এইদৰে কৃষিৰ সম্প্ৰসাৰণ, স্বাস্থ্য সমস্যাসমূহৰ প্ৰতি সজাগতা, জীৱন ধাৰণাৰ মানৰ উন্নয়ন তথা উন্নত মানৰ ঔষধ-পাতিৰ ফলত মধ্যযুগ আৰু আধুনিক যুগৰ আৰম্ভণিতে পৃথিৱাৰ জনসংখ্যা ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰে আৰু ১৯ শতিকাৰ প্ৰথম দশক (আনুমানিক ১৮০৮ চন)ত পৃথিৱীৰ জনসংখ্যাই ১ শতকোটি (অৰ্থাত ১০০০ নিযুত) অতিক্ৰম কৰে । পৰৱৰ্তী ২০০ বছৰত (১৮০৮ ৰ পৰা ২০০৮ চনলৈ) পৃথিৱীৰ জনসংখ্যা ৭ গুণ বৃদ্ধি হৈ ২০১১ চনত ৭ শতকোটি (৭০০০ নিযুত) হয় । যিয়েই লহওক, উল্লেখযোগ্য যে ১৯৫০ চনৰ পৰা ২০০০ চনলৈ পৃথিৱীৰ জমসংখ্যা অতি দ্ৰুত গতিত বৃদ্ধি হ’বলৈ ধৰে যি আগতে কাহানিও হোৱা নাছিল । পৃথিৱীৰ আনুমানিক জনসংখ্যা ১৯৫০ চনৰ ২৫০ কোটিৰ পৰা বৃদ্ধি হৈ ২০০০ চনত ৬০০ কোটি হৈছিলগৈ, অৰ্থাত ১৮০০-১৯৫০ চনলৈ ১৫০ বছৰৰ এক দীঘলীয়া সময়ত হোৱা ১৫০ কোটিৰ বৃদ্ধিৰ বিপৰীতে কেৱল ৫০ বছৰৰ ভিতৰতে ৩৫০ কোটি জনসংখ্যা বৃদ্ধি হয় ।এই আচৰিত বৃদ্ধিৰ প্ৰধান কাৰকসমূহ আছিল খাদ্য যোগানৰ নিশ্চয়তা, জীৱন ধাৰণৰ মানৰ উন্নয়ন আৰু চিকিৎস্যা বিজ্ঞানৰ উন্নয়ন তথা উন্নত স্বাস্থ্য সুৰক্ষা আদি।
2. পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান ? জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা ।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ২০১১ বৰ্ষৰ ৩১ অক্টোবৰৰ ঘোষণা অনুসৰি পৃথিৱীৰ বৰ্তমান মুঠ আনুমানিক জনসংখ্যা ৭০০ কোটি । পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বেলেগ বেলেগ । স্থানভেদে জনসংখ্যা বৃদ্ধিৰ কাৰণো বেলেগ বেলেগ হোৱা দেখা যায় । জনসংখ্যা বৃদ্ধিৰ এনে স্থানিক তাৰতম্যৰ প্ৰধান কাৰণসমূহ হ’লঃ
(i) এছিয়া মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো হ’ল উচ্চ জন্মহাৰ । এছিয়া মহাদেশৰ কেইখনমান মুছলমান প্ৰধান দেশত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ যথেষ্ট বৃদ্ধি হৈ আছে। এইবোৰ দেশত জন বিস্ফোৰণ হৈ এছিয়া মহাদেশত জনসংখ্যাৰ ঘনত্ব অধিক বৃদ্ধি হৈছে ।
(ii) উত্তৰ আমেৰিকাৰ জনসংখ্যা বৃদ্ধিৰ কাৰণটো হ’ল বাহিৰৰ দেশৰ পৰা হোৱা জন-প্ৰব্ৰজন । আমেৰিকালৈ বিভিন্ন সময়ত ইউৰোপ তথা পৃথীৱিৰ বিভিন্ন অংশৰ পৰা হোৱা জন-প্ৰব্ৰজনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি কৰি আহিছে ।
(iii) আনহাতে ইউৰোপ মহাদেশৰ স্থিৰ তথা একেবাৰে নিম্নহাৰ তথা আমেৰিকা আৰু ওচেনিয়ালৈ ঘটা উচ্চ পৰিমাণৰ বহিঃপ্ৰব্ৰজন । এইবোৰৰ উপৰিও বিকশিত আৰ্থিক অৱস্থা, উন্নত শিক্ষা, চিকিৎস্যা বিজ্ঞানৰ বিকাশ, উন্নত কৃষি ব্যৱস্থা, জীৱন ধাৰণৰ মানৰ উন্নয়ন আদিও হৈছে জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যক প্ৰভাৱান্বিত কৰা কিছুমান প্ৰধান কাৰণ । আনহাতে ভৌগোলিক অৱস্থান, প্ৰাকৃতিক পৰিৱেশ আদিৰ দৰে কাৰণসমূহৰ বাবেও জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্য পৰিলক্ষিত হয় ।
(iv) অৰ্থনৈতিক উন্নয়নঃ আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটিছ যুক্তৰাষ্ট্ৰ, কানাডা আদিৰ দৰে অৰ্থনৈতিক দিশত আগবঢ়োৱা দেশবোৰত হোৱা অৰ্থনৈতিক উন্নয়নৰ বাবে এই দেশকেইখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট কম । নিম্ন অৰ্থনৈতিক উন্নয়নে জনসংখ্যাৰ অত্যধিক বৃদ্ধিত অৰিহণা যোগায় যিহেতু অজ্ঞানতাৰ বাবে দৰিদ্ৰ লোকসকলে বৃহৎ পৰিয়ালৰ পোষকতা কৰে ।
(v) শিক্ষা খণ্ডত উৎকৰ্ষ সাধনঃ শিক্ষা ক্ষেত্ৰত উৎকৰ্ষ সাধন হ’লে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কমে । উদাহৰণস্বৰুপে, ভাৰতৰ কেৰালা ৰাজ্যত সাক্ষৰতাৰ হাৰ উচ্চ হোৱা হেতুকে ইয়াৰ জনসংখ্যা যথেষ্ট কম ।
3. পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ এটি ছবি দাঙি ধৰা ।
উত্তৰঃ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত জনসংখ্যা বৃদ্ধিৰ লগতে জনসংখ্যা বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছিল । ১৭৫০ ৰ পৰা ১৯৫০ বৰ্ষৰ সময়ছোৱাত উন্নত দেশসমূহৰ জনসংখ্য়াৰ বাৰ্ষিক গড় হাৰ (০.৮ শতচাংশ) তুলনাত যথেষ্ট ব৭েছি আছিল । কিন্ত ১৯৫০ ৰ পৰা ১৯৭০ চলত সময়ছোৱাত এই জনসংখ্যা বৃদ্ধিৰ হাৰৰ পৰিৱৰ্তন হয় । এই বিশ বছৰৰ সময়ছোৱাত, যি সময়ত জনসংখ্যা বৃদ্ধিৰ হাৰ উন্নত দেশবোৰত ১.১ শতাংশ হৈছিল তাৰ বিপৰীতে উন্নয়নশীল দেশবোৰত এই বৃদ্ধিৰ হাৰ ২.২ শতাংশ হৈছিল ।
জনসংখ্য়া বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত বৃহৎ পাৰ্থক্য ১৭৫০-১৮৫০ বৰ্ষৰ সময়ছোৱাত মহাদেশীয় পৰ্যায়তো পৰিলক্ষিত হৈছিল। ১৭৫০-১৮৫০ বৰ্ষৰ সময়ছোৱাত আফ্ৰিকা মহাদেশৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ (০.০৫ শতাংশ) ইউৰোপ মহাদেশৰ বাৰ্ষিক হাৰ (০.৫৩ শতাংশ)ৰ তুলনাত যথেষ্ট কম আছিল । কিন্ত ১৯৫০-২০০০ বৰ্ষৰ সময়ছোৱাত আফ্ৰিকা মহাদেশৰ বৃদ্ধিৰ হাৰত যথেষ্ট পৰিৱৰ্তন হৈ আফ্ৰিকা মহাদেশত বাৰ্ষিক বৃদ্ধিৰ হাৰ ২.৫৫ শতাংশ আৰু ইউৰোপ মহাদেশত ০.৬ শতাংশ হৈছিলগৈ । আনহাতে, মহাদেশসমূহৰ ভিতৰত মধ্য আৰু দক্ষিণ আমেৰিকাতেই ২.৬ শতাংশৰে জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক আছিল । আকৌ, এই সময়ছোৱাৰ জনসংখ্যা বৃদ্ধিক নিৰপেক্ষভাৱে চালে এছিয়া মহাদেশত সৰ্বাধিক জনসংখ্যা বৃদ্ধি হোৱাৰ পৰিলক্ষিত হয় । কাৰণ এই সময়ছোৱাত এছিয়া মহাদেশৰ জনসংখ্যা ৫০২ নিযুতৰ পৰা বৃদ্ধি হৈ ৩,৬৮০ নিযুত হৈছিলগৈ, কিন্ত উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত এই বৃদ্ধি হৈছিল ২ নিযুতৰ পৰা ৩১৬ নিযুত ।
4. পৃথিৱীৰ জনসংখ্যা বিতৰণ সম্পৰ্কে লিখা আৰু অসম বিৰতৰণৰ প্ৰধান কৰাকবোৰ উল্লেখ কৰা ।
উত্তৰঃ পৃথিৱীৰ জনসংখ্যাৰ ক্ষেত্ৰত পৰিলিক্ষিত হোৱা এটা অতি উল্লেখযোগ্য বিশিষ্ট্য হল বিশ্বত জনসংখ্যাৰ আকাৰ বিতৰণৰ ক্ষেত্ৰত থকা বিভিন্নতা । ই সময় আৰু মাহাদেশভদে পৃথক । ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ২০১০ বৰ্ষত পৃথিৱীৰ আনুমানিক জনসংখ্যাক আছিল প্ৰায় ৬৯৭ কোটি । এই মুঠ জনসংখ্যালৈ এছিয়া মহাদেশৰহ অৱদান ৬১ শতাংশ (প্ৰায় ৪২৫ কোটি) হোৱাৰ বিপৰীতে আফ্ৰিকা মহাদেশৰ অৱদান আছিল ১৪.৭ শতাংশ (প্ৰায় ১২০ কোটি) ২০১০ বৰ্ষৰ পৃতিৱীৰ জনংখ্যাত ইউৰোপ মহাদেশৰ অংশ আছিল ১০.৫ শতাংশ (৭৩ কোটি) । উত্তৰ আমেৰিকাৰ অৱদান আছিল ৫ শতাংশ (প্ৰায় ৩৫ কোটি) , আনহাতে দক্ষিণ আৰু মধ্য আমেৰিকাৰ অৱদান আছিল ৮.৩ শতাংশ (৫৮ কোটি) আৰু ওচেনিয়া মহাদেশৰ অৱদান আছিল ০.৫ শতাংশ (৩.৬ কোটি) ২০১০ বৰ্ষৰ তথ্য অনুসৰি উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজতো জনসংখ্য বিতৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভেদ পৰিলিক্ষিত হয় । বৰ্তমান সময়ত বিশ্ব জনসংখ্যাৰ প্ৰায় ১৮.৪ শতাংশ লোক আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটিছ যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, কানাডা আদিৰ দৰে উন্নত দেশসমূহ ত বাস কৰে । আনহাতে অৱশিষ্ট ৮১.৬ শতাংশই পৃথিৱীৰ উন্নয়নশীল তথা অনুন্নত দেশসমূহত বাস কৰে । ইয়োৰিৰোপিৰ , বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ২০ শতাংশ পৃথিৱীৰ প্ৰথম জনবহুল দেশ চীনত পৰিলিক্ষিত হোৱাৰ বিপৰীতে বিশ্বৰ মুঠ জনসংখ্যালৈ ১৭ শতাংশ অৱদান আগবঢ়ালে ভাৰতবৰ্ষ হল পৃতিৱীৰ দ্বিতীয় জনবহুল দেশ ।
জনসংখ্য বিতৰণ থকা অস,মতাৰ প্ৰধান কাৰকসমূহ হ’লঃ
(i) জলবায়ু
(ii) ভূ-অবয়ৱ
(iii) মৃত্তিকা
(iv) শক্তি আৰু খনিজ সম্পদ
(v) যাতায়ত
(vi) আৰ্থ- সমাজিক অৱস্থা
5. জনসংখ্যা বিতৰণ ভূ - অবয়ৱ আৰু জলবায়ুৰ ভুমিকা সম্পৰ্কে উদাৰহণসহ আলোচনা কৰা।
উত্তৰঃ জনসংখ্যা বিতৰণ ভূ - অবয়ৱ আৰু জলবায়ুৰ ভুমিকা হ’লঃ
(i) ভূ-অবয়ৱঃ এখন ঠাইৰ ভূ-অবয়ৱৰ প্ৰকৃতিয়ে জনসংখ্যা বিতৰণৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে । মানুহৰ সাধাৰণতে পাহাৰীয়া অঞ্চলতকৈ সমতল ভূমিত বসতি কৰাৰ প্ৰৱণতা অধিক হয়, কাৰণ পাহাৰীয়া ভূ-খণ্ডত কৃষি কাৰ্য সম্পন্ন কৰাটো তেনেই কঠিন । মানুহৰ যাতায়াত, মাল-বস্তসমূহৰ পৰিবহণ, উদ্যোগ বা কাৰখানাৰ প্ৰতিষ্ঠা আদিৰ ক্ষেত্ৰত পাহাৰীয়া অঞ্চলত যথেষ্ট সমস্যাৰ উদ্ভৱ হয় । এতেকে এনেধৰণৰ অঞ্চলসমূহত জনসংখ্যা অতি সীমিত হয় । আনহাতে, নদী উপত্যকাসমূহ কৃষিকাৰ্যৰ বাবে অধিক সম্ভাৱযুক্ত হোৱাৰ কাৰণে এনে অঞ্চলসমূহ ঘন জনবসতিপূৰ্ণ হয় । সেয়েহে, অৰুণাচল প্ৰদেশ, জন্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আদিৰ দৰে ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলত অৱস্থিত ৰাজ্যসমূহত উত্তৰ প্ৰদেশ, পশ্চিম বংগ, বিহাৰ অসম আদিৰ দৰে সমভূমিত অৱস্থিত ৰাজ্যসমূহতকৈ জনসংখ্যাৰ ঘনত্ব অতি কম।
(ii) জলবায়ুঃ উষ্ণতা, বৃষ্টিপাত, আৰ্দ্ৰতা আদিৰ দৰে জনবায়ুৰ উপাদানসমূহে জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱিত কৰে । এনে হোৱাৰ কাৰণ হ’ল কৃষি কাৰ্যৰ বাবে আৱশ্যক হোৱা অনুকুল উষ্ণতা আৰু পৰ্যাপ্ত বৃষ্টিপাত । কৃষিৰ অবিহনে মানুহে এখন ঠাইত বাস কৰিব নোৱাৰে । সেয়েহে, তুন্দ্ৰাঞ্চল বা সুমেৰু অঞ্চল, মৰুভূমি অঞ্চল, নিৰক্ষীয় উষ্ণ অৰণ্য অঞ্চলসমূহত মানৱ বসতি অতি কম। আনহাতে, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত মধ্যমীয়া উষ্ণতা বিৰাজ কৰাৰ বাবে আৰু পৰ্যাপ্ত পৰিমাণৰ বৃষ্টিপাত হোৱাৰ বাবে এই অঞ্চলসমূহত জনসংখ্যাৰ ঘনত্ব অধিক হোৱা পৰিলক্ষিত হয় ।
6. পৃথিৱীৰ প্ৰধান ঘন বসতিপূৰ্ণ অঞ্চলসমূহ উল্লেখ কৰি সেইবোৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা ।
উত্তৰঃ পৃথিৱীৰ প্ৰধান ঘন বসতিপূৰ্ণ অঞ্চলসমূহ হ’ল
(i) এছিয়া
(ii) দক্ষিণ এছিয়া
(iii) পশ্চিম ইউৰোপ
(iv) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় সমভূমি
অঞ্চল ।
এই অঞ্চলসমূহক ঘন জনবসতিপূৰ্ণ কৰি তোলাৰ ভৌগোলিক বৈশিষ্ট্যসমূহ হ’লঃ
(i) এই অঞ্চলসমূহ প্ৰধানকৈ সমভুমিৰে গঠিত, যিয়ে কৃষি কাৰ্যৰ বিকাশ, উদ্যোগ স্থাপন আৰু সহজ মানৱ বসতিক উৎসাহিত কৰে।
(ii) এই অঞ্চল সমবহত হোৱা পৰ্যাপ্ত বৃষ্টিপাতে অঞ্চলসমূহৰ কৃষিকাৰ্যক উতসাহিত কৰে ।
(iii) জীৱন ধাৰণ তথা কাম-কাজ কৰাৰ বোবে এি অঞ্চলসমূহৰ উষ্ণতা অতি অনুকুল ।
(iv) সাগৰীয় উপকূল বা নদী কাষৰীয়া হোৱা বাবে এই অঞ্চলসমূহ সাৰুৱা ভূমিৰ বাবে উল্লেখনীয় হয় যিয়ে কৃষি, মাল-বস্ত পৰিবহন ব্যৱস্থা আদিৰ বিকাশত সহায় কৰে ।
(v) এই অঞ্চলসমূহ বাট-পথ, জলপথ ৰে’ল পথ, তথা আকাশী পথৰ সৈ২তে ভালদৰে সংযুক্ত হোৱা যাতায়ত তথা বেপাৰ বাণিজ্যৰ অনুকুল হয় ।
(vi) এই অঞ্চলসমূহৰ খনিজ সম্পদৰ প্ৰাচুৰ্যতা ।
7. পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ কি কি ? সেইবোৰ ঠাইত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণবোৰ কি কি ?
উত্তৰঃ পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ হ’লঃ
(i) উত্তৰ আমেৰিকা আৰু ইউৰোপৰ তুন্দ্ৰা অঞ্চল ।
(ii) চাহাৰা, কালাহাৰি, গোবি, থৰ আদি উষ্ণ মৰুভূমি অঞ্চলসমূহ ।
(iii) নিৰক্ষীয় অৰণ্য অঞ্চল ।
(iv) হিমালয়, ৰকি, এণ্ডিজ আদি উচিচ পাৰ্বত্য অঞ্চলসমূহ।
এইবোৰ ঠাইত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণবোৰ হ’লঃ
(i) অসাৰুৱা ভূমি
(ii) অত্যধিক গৰম বা অত্যধিক শীতল জলবায়ু
(iii) অতি কম বা অতিপাত বৃষ্টিপাত
(iv) পাহাৰীয়া ভূ-খণ্ড
(iv) পৰ্যাপ্ত পৰিবহণ তথা যোগাযোগ ব্যৱস্থাৰ অভাৱ
(v) নিম্নস্তৰৰ আৰ্থিক বিকাশ
(vi) ঘন অৰণ্যৰ উপস্থিতি
8. ‘জন-প্ৰব্ৰজন’ বুলিলে কি বুজা? ই প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ কোনো লোক বা জনগোষ্ঠীয়ে কিছুমান নিৰ্দিষ্ট সুবিধাৰ বাবে তেওঁলোকৰ নিজৰ বাসস্থান ত্যাগ কৰি অন্য ছঠাইলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কাৰযকে জন-প্ৰব্ৰজন বোলা হয় ।
দূৰত্ব, সময় আৰু কাৰণৰ ওপৰত ভিক্তি কৰি জন-প্ৰব্ৰজন কেইবা প্ৰকাৰৰো হ;ব পাৰে । ইয়াৰ প্ৰধান প্ৰকাৰসমূহ হ’লঃ
(i) দূৰত্বৰ ভিক্তিতঃ হ্ৰস্বদূৰত্ব, দীৰ্ঘদূৰত্ব, অন্তৰ্দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন ।
(ii) সময়ৰ ভিক্তিতঃ হ্ৰস্বকালীন, দীৰ্ঘকালীন, ঋতু অনুযায়ী, স্থায়ী আৰু অস্থায়ী প্ৰব্ৰজন ।
(iii) কাৰণৰ ভিক্তিতঃ অৰ্থনৈতিৰক প্ৰব্ৰজন, সামাজিক প্ৰব্ৰজন, ৰাজনৈতিক প্ৰব্ৰজন, ধৰ্মীয় প্ৰব্ৰজন আদি ।
9. ‘জন-প্ৰব্ৰজন’ কিয় হয় টমুকৈ কিখা ।
উত্তৰঃ ‘জন-প্ৰব্ৰজন’ সংঘতিত হোৱাৰ প্ৰধান কাৰণসমূহ হ’লঃ
(i) উপযুক্ত কৰ্ম সংস্থাপনৰ অভাৱ
(ii) নিম্নমানৰ শৈক্ষিক সুবিধা
(iii) নিম্নস্তৰৰ আৰ্থিক বিকাশ
(iv) ধৰ্মীয় উৎপড়ন
(iv) ৰাজনৈতিক অস্থিৰতা তথা অৰাজকতা
(v) সামাজিক তথা সাম্প্ৰদায়িক হিংসা
(vi) দেশ বিভাজন
(vii) আভ্যন্তৰীণ তথা বহিঃযুদ্ধ
(viii) সঘনাই হোৱা প্ৰাকৃতিক দুৰ্যোগ
10. জন প্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকৰ্ষী কাৰকসমূহ উল্লেখ কৰা।
উত্তৰঃ জন প্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকৰ্ষী কাৰকসমূহ হ’লঃ
(ক) বিকৰ্ষী কাৰকঃ মানুহক নিজৰ বাসস্থানৰ পৰা অঞ্চললৈ প্ৰব্ৰজন কৰিবলৈ ব্ধ্য কৰোৱা কাৰকবোৰকে বিকৰ্ষী কাৰক বুলি কোৱা হয় ।
প্ৰধান বিকৰ্ষী কাৰকসমূহ হ’লঃ
(i) কৰ্মসংস্থাপনৰ অভাৱ
(ii) শৈক্ষিক সুবিধাৰ অভাৱ
(iii) নিম্নমানৰ আৰ্থিক বিকাশ
(iv) সাম্প্ৰদায়িক অনৈক্য
(iv) ৰাজনৈতিক অস্থিৰতা
(v) প্ৰতিকূল জলবায়ু
(vi) সঘনে সংঘতিত হোৱা প্ৰকৃতিক দুৰ্যোগ
(খ) আকৰ্ষী কাৰকঃ মানুহক এখন নতুন ঠাইলৈ আকৰ্ষণ কৰি তেওঁলোকক নতুন ঠাইখনত বসতি স্থাপন কৰিবলৈ উৎসাহিত কৰা কাৰকসমূহক আকৰ্ষী বা আকৰ্ষণমূলক কাৰক বুলি কোৱা হয় ।
প্ৰধান আকৰ্ষীকাৰকসমীহ হ’লঃ
(i) ভাল কৰ্মসংস্থাপনৰ সুবিধা
(ii) অত্যুত্তম শৈক্ষিক সুবিধা
(iii) ৰাজনৈতিক স্থিৰতা
(iv)অনুকুল জলবায়ু
(v) উচ্চহাৰৰ আৰ্থিক উন্নয়ন
(vi) সামাজিক একতা আৰু শান্তি
(vii) উন্নত যাতায়াত তথা আধুনিক যোগাযোগ ব্যৱস্থা আদি।
11. আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা ? উদাহৰণসহ দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল চমুকৈ লিখা ।
উত্তৰঃ যেতিয়া শিক্ষা, কৰ্মক্ষেত্ৰ, বসতি আদিৰ উদ্দেশ্যে এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজন হয় ।, তেতিয়া তাক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কুৱা হয় ।
আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ প্ৰধান কাৰণসমূহ হ’লঃ
(i) শৈক্ষিক উদ্দেশ্য
(ii) উন্নত কৰ্মসংস্থাপনৰ সুযোগ
(iii) ঠাই এখনৰ সঠিক অৰ্থনৈতিক উন্নয়ন
(iv) ধৰ্মীয় উৎপাড়ন
(v) ৰাজনৈতিক অস্থিৰতা তথা অৰাজকতাবাদ
(vi) সামাজিক তথা সাম্প্ৰদায়িক হিংসা
(vii) দেশ বিভাজন
(viii) আভ্যন্তৰাণ তথা বহেঃযুদ্ধ
(ix) সঘনাই হোবা প্রাকৃতিক দুর্যোগ
উদাহরণস্বৰুপেঃ ১৯৪৭ চনৰ আগষ্টত হোৱা ভাৰত বিভাজনৰ ফলত প্ৰায় ১৫-২০ নিযুততকৈও অধিক লোকে ভগনীয়া হিচাপে বিভিন্ন অংশলৈ প্ৰব্ৰজন কৰিবলগীয়া হয় । ১৯৫০ চনত চীনাসকলে তিব্বত আক্ৰমণ কৰাৰ পাছত শ-শ আগতে হাজাৰ হাজাৰ মুছলমান লোকে পশ্চিম পাকিস্তানৰ শাসকপক্ষৰ উতপাড়নৰ পৰা হাত সাৰিবলৈ অসম আৰু পশ্চিমবংগলৈ প্ৰব্ৰজন কৰিছিল ষ প্ৰথম বিশ্বযুদ্ধ (১৯১৪-১৯১৯) আৰু দ্বিতীয় বিশ্বযুদ্ধ (১৯৩৯-১৯৪৫)ৰ ফলস্বৰুপে সমগ্ৰ বিশ্বতে বিশেষকৈ ইউৰোপ আৰু দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত হাজাৰ হাজাৰ লোকৰ প্ৰব্ৰজন ঘটিছিল । ১৯৪৮ চনত ইজৰাইলৰ সৃষ্টিৰ পিছত প্ৰায় ২ নিযুত পেলেষ্টাইনী লোকে আৰব বিশ্বৰ বিভিন্ন অংশলৈ ভগনীয়া হিচাপে প্ৰব্ৰজন কৰিছিল । আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ ফলত জনসংখ্যাৰ গাঁথনিৰ যথেষ্ট পৰিৱৰ্তন ঘটাৰ লগতে বিভিন্ন ঠাইত নানান আৰ্থ-সামাজিক সমস্যাৰ সৃশ্টি হয় । এইবোৰৰ উপৰি অঞ্চল এটাৰ ভাষিক গাঁথনিৰো পৰিৱৰ্তন পৰিলক্ষিত হয় ।
12. চমুটোকা লিখাঃ
(i) জন বিস্ফেৰণ
উত্তৰঃ বিশ্ব জনসংখ্য়াৰ দ্ৰুতগতিত হোৱা অভাৱনীয় বৃদ্ধিকে জন-বিস্ফোৰণ বুলি কোৱা হবয় । ১৯৫০-২০০০ বৰ্ষৰ সময়ছোৱাত বিশ্বত জন-বিস্ফোৰণ ঘটে, য’ত হঠাতে বিশ্ব জনসংখ্যা বৃদ্ধি হৈ ১৯৫০ বৰ্ষৰ ২৫০ কোটিৰ পৰা ২০০০ বৰ্ষত ৬০০ কোটি হয়গৈ । অৰ্থাত ১৮০০ ৰ পৰা ১৯৫০ বৰ্ষৰ সময়ছোৱাত ১৫০ বছৰত হোৱা ১৫০ কোটি জনসংক্যা বৃদ্ধিৰ বিপৰাতে ১৯৫০ ৰ পৰা ২০০০ বৰ্ষৰ সময়ছোৱাত কেৱল ৫০ বছৰৰ ভিতৰতে ৩৫০ কোটি জনসংখ্যা বৃদ্ধি পাইছিল। এই অদ্ভত জন বিস্ফোৰণ সংঘট্ত হোৱাৰ প্ৰধান কাৰণসমূহ হ’ল খাদ্য যোগানৰ ক্ষেত্ৰত হোৱা দ্ৰুত বৃদ্ধি, জীৱন ধাৰণৰ মানৰ উন্নয়ন, চিকিতসা বিজ্ঞানৰ উন্নয়ন তথা উপযুক্ত স্বাস্থ্য সুৰক্ষা ।
(ii) জনসংখ্যাৰ ঘনত্ব
উত্তৰঃ জনসংক্যাৰ ঘনত্ব মানে হ’ল প্ৰতি বৰ্গকিলোমিটাৰ অঞ্চলত বাস কৰা লোকৰ সংমখ্যা । কোনো এখন ঠাইৰ মুঠ জনসংখ্যাক ঠাইখনৰ মুঠ মাটিকালিৰে বহণ কৰি জমনসংখ্যাৰ ঘনত্ব নিৰুপণ কৰা হয় । ২০১০ বৰ্ষৰ অনুমানিক তথ্য অনুসৰি পৃথিৱীৰ জনসংক্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ খিঃমিঃত প্ৰায় ৪৭ জন । দেশভেদ জনসংক্যাৰ ঘনত্ব বেলেগ বেলেগ হয় । উদাহৰণস্বৰুপে দেশসমূহৰ জনসংক্যাৰ ঘনত্বৰ ক্ষেত্ৰত প্ৰতি বৰ্গ কিঃমিঃত ১,০৪৬ জনেৰে প্ৰতি বৰ্গ কিঃমিঃত প্ৰায় ৩৭৮ জন ।
(iii) অন্তৰ্দেশীয় প্ৰব্ৰজন
উত্তৰঃ প্ৰব্ৰজন যেতিয়া এখন দেশৰ ভিতৰত সংঘটিত হয় তেতিয়া তাক অন্তঃৰ্দেশীয় প্ৰব্ৰজন বুলি কোৱা হয়। ই এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যৰ মাজত বা এখন জিলাৰ পৰা আন এখন জিলালৈ অথবা একেখন জিলাৰ এখন ঠাই পৰা আন এখন ঠাইলৈ ঘটিব পাৰে ।
এনে প্ৰব্ৰজন চাৰিটা দিশত সংঘটিত হ’ব পাৰেঃ
(i) গাঁৱৰ পৰা নগৰলা
(ii) নগৰৰ পৰা গাঁৱলৈ
(iii) নগৰৰ পৰা নগৰলৈ
(iv) গাঁৱৰ পৰা গাঁৱলৈ
(iv) অন্তঃদেশীয় প্ৰব্ৰজন
উত্তৰঃ যেতিয়া শিক্ষা, কৰ্মক্ষেত্ৰ, বসতি আদিৰ উদ্দশ্য এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজন হয়, তেতিয়া তাক অন্তঃদেশীয় প্ৰব্ৰজন বুলি কোৱা হয় । সকলোতকা বৃহত আন্তঃদেশীয় প্ৰব্ৰজন সংঘট্ত হৈছিল সপ্দদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ মধ্যভাগত । এই প্ৰব্ৰজন প্ৰায় ১০ কোটিতকৈও অধিক ইউৰোপীয় লোকে এছিয়া, আমেৰিকা, অষ্ট্ৰেলীয়া, নিউজিলেণ্ড, আফ্ৰিকা আদিৰ দৰে দেশলৈ প্ৰব্ৰজন কৰিছিল । আন্তঃদেশীয় প্ৰব্ৰজনৰ প্ৰধান কাৰণবোৰ হ’ল উপযুক্ত কৰ্মসংস্তাপনৰ সুযোগ আৰ্থিক উন্নয়ন, ধৰ্মীয় উৎপীড়ন, ৰাজনৈতিক অস্থিৰতা, গৃহযুদ্ধ, দেশ বিভাজন, সঘনাই হোৱা প্ৰাকৃতিক দুৰ্যোগ ইত্যাদি ।
(v) জন প্ৰব্ৰজনৰ আকৰ্ষী কাৰক
উত্তৰঃ মানুহক এখন নতুন ঠাইলৈ আকৰ্ষণ কৰি তেওঁলোকক নতুন ঠাইখনত বসতি স্থাপন কৰিবলৈ উতসাহিত কৰা কাৰকসমূহক আকৰ্ষী বা আকৰ্ষণমূলক কাৰক বুলি কোৱা হয় ।
প্ৰধান আকৰ্ষীকাৰকসমীহ হ’লঃ
(i) ভাল কৰ্মসংস্থাপনৰ সুবিধা
(ii) অত্যুত্তম শৈক্ষিক সুবিধা
(iii) ৰাজনৈতিক স্থিৰতা
(iv) অনুকুল জলবায়ু
(v) উচ্চহাৰৰ আৰ্থিক উন্নয়ন
(vi) সামাজিক একতা আৰু শান্তি
(vii) উন্নত যাতায়াত তথা আধুনিক যোগাযোগ ব্যৱস্থা আদি।
(vi) জন প্ৰব্ৰজনৰ বিকৰ্ষী কাৰক
উত্তৰঃ মানুহক নিজৰ বাসস্থানৰ পৰা অঞ্চললৈ প্ৰব্ৰজন কৰিবলৈ বাদ্ধ্য কৰোৱা কাৰকবোৰকে বিকৰ্ষী কাৰক বুলি কোৱা হয় ।
প্ৰধান বিকৰ্ষী কাৰকসমূহ হ’লঃ
(i) কৰ্মসংস্থাপনৰ অভাৱ
(ii) শৈক্ষিক সুবিধাৰ অভাৱ
(iii) নিম্নমানৰ আৰ্থিক বিকাশ
(iv) সাম্প্ৰদায়িক অনৈক্য
(v) ৰাজনৈতিক অস্থিৰতা
(vi) প্ৰতিকূল জলবায়ু
(vii) সঘনে সংঘতিত হোৱা প্ৰকৃতিক দুৰ্যোগ
(vii) বাংলাদেশ-ভাৰত জন প্ৰব্ৰজন
উত্তৰঃ ১৯৪৬ চনৰ ভাৰত বিভাজন তথা ১৯৭১ চনৰ পাকিস্তান বিভাজনৰ ফলত ১৯৬০ ৰ দশকৰ শেষৰফালে তথা ১৯৭০ ৰ দশকৰ আৰম্ভণিতে পূব পাকিস্তানৰ পৰা অসমলা এক বৃহৎ সংখ্যক লোকে প্ৰব্ৰজন কৰিছিল । আনকি বাংলাদেশৰ সৃষ্টিৰ পিছত, ১৯৭১ চনৰ বাংলাদেশ যুদ্ধৰ পিছতো যুদ্ধৰ ফলাফলস্বৰুপে বিতাৰিত হোৱা শ-শ বাংলাদেশী লোকে ধাৰাবাহিকভাৱে ভাৰতত অনুপ্ৰৱেশ কৰিছিল । এই প্ৰব্ৰজনৰ অন্য কাৰকসমূহ আছিল পৰ্যাপ্ত পৰিমাণৰ কৃষিভূমি উপলদ্ধতা তথা অধিক উন্নত অৰ্থনৈতিক সুযোগ । এই ক্ষেত্ৰত অসমৰ সৈতে বাংলাদেশৰ সছিদ্ৰ সামী থকা বাবে শ-শ বাংলাদেশায়ে অধিক কঠিনতা অবিহনেই ৰাজ্যখনত অনুপ্ৰৱেশ কৰিছিল । হঠাতে হোৱা বিদেশীসকলৰ এই সমাগমে ৰাজ্যখনৰ জনসংখ্যাতত্ত্ব সামাজিক সুস্থিৰতা আৰু আৰ্থিক অৱস্থাসমূহৰ গভীৰভাৱে পৰিৱৰ্তন ঘটাইছিল।
13. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(ক) কোন বছৰ পৃথিৱীৰ জনসংখ্যা প্ৰায় ১ মহানিযুত আছিল?
(i) ১৯৫০ চনত (ii) ১৮০৮ চনত
(iii) ১৯০৮ চনত (iv) ১০০৮ চনত
উত্তৰঃ (ii) ১৮০৮ চনত ।
(খ) পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি?
(i) জন্মহাৰ বৃদ্ধি
(ii) মৃত্যুহাৰ হ্ৰাস
(iii) জন্মহাৰৰ তুলনাত মৃত্যিহাৰ হ্ৰাস
(iv) প্ৰব্ৰজন
উত্তৰঃ (i) জন্মহাৰ বৃদ্ধি ।
(গ) পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন?
(i) আফ্ৰিকা (ii) ওচেনিয়া
(iii) ইউৰোপ (iv) দক্ষিণ আমেৰিকা
উত্তৰঃ (ii) ওচেনিয়া ।
(ঘ) তলৰ দেশসমূহৰ কোনখন জনসংক্য়া ঘনত্ব আটাইতকৈ বেছি?
(i) জাপান (ii) ভাৰতবৰ্ষ
(iii) বাংলাদেশ (iv) ইন্দোনেছীয়া
উত্তৰঃ (iii) বাংলাদেশ ।
Published by Lokesh Das
************