দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 12 বিদ্যুৎ পাঠটিৰ প্ৰশ্ন উত্তৰ । NCERT Solution for Class 10 Science Chapter 12 Electricity in Assamese medium

NCERT Solution for Class 10 Science Chapter 12 Electricity in Assamese medium   

Chapter 12 Electricity  Science . Class X Solution for Assamese Medium Student Assamese Science Solution SEBA Class10 Science Solution   Assamese Medium Science Class 10 Chapter 12 Solution | দশম  শ্ৰেণীৰ সাধাৰণ বিজ্ঞান | বিদ্যুৎ | Class 10 science chapter 12 question answer in assamese medium  

 

SEBA Board Class 10 Science Textbook Solution

SEBA Board  Ncert textbook solutions for class 10 Science chapter 12 Electricity

বিদ্যুৎ

প্ৰ শ্না ৱ লী

 



Class 10 Science NCERT Textbook – Page No 200

 

     1.  এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা ?

উত্তৰ:-`বৈদ্যুতিক প্ৰবাহৰ সোঁতবোৰৰ পৰা নিৰবিচ্ছিন্ন আৰু বন্ধ পথক বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয় ।

 

     2.  প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া ।

উত্তৰ:- বিদ্যুৎ প্ৰবাহৰ এছ আই একক হৈছে এম্পিয়াৰ (A)

 এডাল পৰিবাহীৰ কোনো অমসৰে এক ছেকেণ্ডত এক কুলম্ব আধান প্ৰবাহিত হলে পৰিবাহী ডালৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহক এক এম্পিয়াৰ বুলি কোৱা হয় ।  

 

     3.  এক কুলম্ব আধান হবলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা ।

সমাধান

   আমি জানোঁ যে,

      এটা ইলেক্ট্ৰনৰ আধানৰ মান, e = 1.6 × 10-19 C

                                           মুঠ আধান, Q = 1C

                                   ইলেক্ট্ৰনৰ সংখ্যা, n = ?

এতিয়া, 

ইলেক্ট্ৰনৰ সংখ্যা =

                          n = 6.25 × 1018

                      n = 6.25 × 1018  ইলেক্ট্ৰনৰ



গতিকে, এক কুলম্ব আধান হবলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা 6.25×1018 = 6×1018


Class 10 Science NCERT Textbook – Page No 200

 

    1. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা

 উত্তৰ:-` পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম এটা বা ততোধিক কোষযুক্ত বেটেৰী ।

 

     2.  দুটা বিন্দুৰ মাজৰ বিভৱভেদ  1V  বুলি কলে কি বুজায় ?

উত্তৰ:-`          দুটা বিন্দুৰ মাজৰ বিভৱভেদ  1V  বুলি কলে                      

      




     3.  6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় ?

উত্তৰ:-`  প্ৰতি কুলম্ব আধানক দিয়া শক্তিৰ পৰিমাণ ইয়াক চালিত কৰোঁতে সম্পাদন কৰা কাৰ্যৰ সমান ।

দিয়া আছে,

                 V = 6V

                              আধান, Q =  1C

            সম্পন্ন কৰা কাৰ্য w = ?

  গতিকে,

      দুটা বিন্দুৰ মাজৰ বিভৱভেদ 

     

   
                                           ⇒ W = VQ

                                   ⇒ W= 6×1

                                   ⇒ W = 6

                                   ⇒ W = 6 J



গতিকে, 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক 6 J শক্তি দিয়া হয় । 


Class 10 Science NCERT Textbook – Page No 209

 

     1. পৰিবাহী ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰ:-`  পৰিবাহী ৰোধ তলত দিয়া কাৰকৰ ওপৰত নিৰ্ভৰ কৰে

(i)                 পৰিবাহীৰ দৈৰ্ঘ্য :  পৰিবাহীৰ ৰোধ (R) পৰিবাহীৰ দৈৰ্ঘ্য (l) ৰ সমানুপাতিক ।

R ∝ l

(ii)              পৰিবাহী প্ৰস্থচ্ছেদৰ কালি : পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদ কালি (A)ৰ ব্যস্তানুপাতিক । 

      

(i)                 পৰিবাহী পদাৰ্থৰ প্ৰকৃতি : ভিন ভিন পদাৰ্থৰে নিৰ্মিত পৰিবাহীয়ে ইয়াৰ মাজেদি চালিত প্ৰবাহত ভিন্ন্ পৰিমাণৰ ৰোধ আগবঢ়ায় ।

(ii)              পৰিবাহীৰ উষ্ণতা : পৰিবাহীৰ ৰোধ উষ্ণতা বঢ়াৰ লগে লগে বাঢ়ে আৰু কমাৰ লগে লগে কমে ।

 



      2.  একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোণডালত বেছি সহজে প্ৰৱাহ চলিত হয় ? আৰু কিয় ?

উত্তৰ:- একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ ভিৰত শকত তাঁৰডালত বেছি সহজে প্ৰবাহ চালিত হয় ।

     ইয়াৰ কাৰণ এয়ে যে এডাল তাঁৰৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক । গতিকে, এডাল তাঁৰ যিমানে শকত হব ইয়াৰ ৰোধ সিমানেই কম হব আৰু সেইবাবে ইয়াৰ মাজেদি অধিক পৰিমাণৰ প্ৰবাহ চালিত হ

 

    3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্তন হ?

উত্তৰ:- বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজেৰে চালিত প্ৰবাহৰ পৰিৱৰ্তন সম্পৰ্কে ওমৰ সূত্ৰই এনেদৰে প্ৰকাশ কৰে ।



        V =  IR

     

      V = বিডৱভেদ

                 I = প্ৰবাহ

                R = বৈদ্যুতিক উপাদানৰ ৰোধ

  গতিকে, ইয়াক প্ৰযোগ কৰি পাওঁ, 

               (বিভেদভেদ আগৰ মানৰ আধালৈ কমাওঁতে ৰোধৰ মান একে থাকে)

যিহেতু, বিভৱভেদ প্ৰবাহৰ মানৰ সমানুপাতিক, সেয়ে বিভৱভেদ আগৰ মানৰ আধালৈ কমালে, প্ৰবাহৰ মানো আগৰ মানৰ আধালৈ কমিব । 



     4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?

উত্তৰ:- পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কাৰণ-

(i)                 বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ ৰোধকতা বেছি ।

(ii)               অধিক উষ্ণতাত সংকৰ ধাতুবোৰ সহজে জ্বলি নাযায় ।

 5.  তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-

(a)      লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী ?

উত্তৰ:- পাৰাতকৈ লো অধিক ভাল পৰিবাহী বুলি অভিহিত কৰিব পাৰি ।

(b)      কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী ?

উত্তৰ:- ৰূপ (Ag) আটাইতকৈ ভাল পৰিবাহী ।

 



Class 10 Science NCERT Textbook – Page No 213

1.  প্ৰতিটোৰে 2 V কৈ তিনিটা কোষৰ এটা বেটেৰী, এটা 5 Ω ৰ ৰোধক, এটা 8 Ω ৰ ৰোধক, এটা 12 Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকণ কৰা।

উত্তৰ:-

1.  ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এমিটাৰ আৰু 12 Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকণ কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ?

উত্তৰ:-



 




Class 10 Science NCERT Textbook – Page No 216

1.              নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নিৰ্ণয় কৰা ।- (a) 1Ω আৰু 106Ω, (b) 1Ω, 103Ω আৰু 1061Ω

উত্তৰ:- ৰোধকেইটাকে সমান্তৰালভাৱে সংযোগ কৰিলে মুঠ ৰোধৰ প্ৰকাশ ৰাশি

       

(a)          1Ω আৰু 106Ω  

         

    

গতিকে, নিৰ্ণেয় সমান্তৰাল সংযোজন ৰোধ 1Ω



(b)      1Ω, 103Ω আৰু 1061Ω

                             

গতিকে, নিৰ্ণেয় সমান্তৰাল সংযোজন ৰোধ 1Ω । 



2.        100 Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50 Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500 Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ

সমাধান  ইয়াত,

           

 বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহৰ মান I = ?

একে উৎসৰ লগত সংযোগ কৰা বৈদ্যুতিক ইস্ত্রিৰ ৰোধ, R = ?



    

 ওমৰ সূত্ৰ অনুসৰি,

        

গতিকে তিনিওটা সঁজুলিয়ে লোৱা প্ৰবাহৰ মান 7.04 A

ওমৰ সূত্ৰ অনুসৰি, 

       

গতিকে, বিভৱভেদ V = 220V  …….. (i)

ইয়াৰ মাজেৰে চালিত প্ৰবাহ I = 7.04 A

একেটা উৎসৰ লগত সংযোগ কৰা বৈদ্যুতিক ইস্ত্ৰিৰ ৰোধ, R = ?

(i)ৰ পৰা আমি পাওঁ, 

     

গতিকে, বৈদ্যুতিক ইস্ত্ৰিৰ ৰোধ 31.25 Ω আৰু ইয়াৰ মাজেৰে 7.04A প্ৰবাহ চালিত হৈছে । 



 

3.              এটা বেটেৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয় ?

উত্তৰ:- এটা বেটেৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে হোৱা সুবিধাসমূহ –

(i)                 সমান্তৰাল সজ্জাত  সংযোগ কৰিলে বিভিন্ন সঁজুলিত ভল্টেজৰ বিভাজন নোহোৱা হেতুকে প্ৰত্যেক সঁজুলিতে ভল্টেজ একে থাকে ।

(ii)               মুঠ কাৰ্যকৰী ৰোধৰ মান হ্ৰাস পায় ।

(iii)             বৰ্তনীটোৰ উপাদান এটা বিকল হলে বৰ্তনীটো মুক্ত হৈ নাযায় ।

(iv)             ভিন্ন প্ৰবাহৰ মানৰ প্ৰয়োজন হোৱা সঁজুলিবোৰ সমান্তৰালভাৱে সংযোগ কৰাটো সুবিধাজনক এনে প্ৰত্যক সজুলিতে একোটা এন-অফ চাবিৰ ব্যৱস্থা সম্ভৱ ।



 

4.              2Ω, 3 Ω আৰু ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ (a) 4 Ω আৰু (b) 1 Ω পোৱা যাব ?

সমাধান (a)মুঠ ৰোধ 4 Ω ৰ প্ৰপ্তি

    মুঠ ৰোধ 4Ω পাবলৈ 3Ω আৰু 6Ω ৰ ৰোধকক দুটা সমান্তৰালভাৱে আৰু 2Ωৰ ৰোধকক শ্ৰেণীবদ্ধ সংযোগ কৰিব লাগিব ।

ইয়াত, মুঠ ৰোধ

      

ওমৰ সূত্ৰ প্ৰয়োগ কৰি 



      


(b) মুঠ ৰোধ 1 Ωৰ প্ৰাপ্তি

মুঠ ৰোধ 1Ω পাবলৈ 2Ω আৰু 3Ω ৰ ৰোধকক দুটা সমান্তৰালভাৱে আৰু 6Ωৰ ৰোধকক শ্ৰেণীবদ্ধ সংযোগ কৰিব লাগিব ।

ওমৰ সূত্ৰ প্ৰয়োগ কৰি

ইয়াত, মুঠ R ৰোধ

     



5.        4Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা (a) সর্বোচ্চ আৰু (b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'?

সমাধান (a) 4Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী শ্ৰেণীবদ্ধভাৱে সংযোজিত কৰি সৰ্বোচ্চ মুঠ ৰোধ পাব পাৰি ।

মুঠ ৰোধ R = R1 + R2 + R3 + R4

          = 4+8+12+24

          = 48Ω 

গতিকে, সৰ্বোচ্চ মুঠ ৰোধ মান 48Ω । 

(b)  4Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী পৰস্পৰ সমান্তৰালভাৱে সংযোজিত কৰি সৰ্বনিম্ন মুঠ ৰোধ পাব পাৰি ।

মুঠ ৰোধ R ৰ প্ৰকাশ ৰাশি 

  








⇒ R = 2

∴ R = 2 Ω

গতিকে, সৰ্বনিম্ন মুঠ ৰোধৰ মান 2 Ω


   Class 10 Science NCERT Textbook – Page No 218

1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডাল (heating element) দীপ্ত হয়কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়কিয় ? 


উত্তৰ বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডাল (heating element) উচ্চ ৰোধকতাবিশিষ্ট পদাৰ্থৰে নিৰ্মিত, আনহাতে সংযোগী তাঁৰবোৰ নিম্ন ৰোধকতাবিশিষ্ট পদাৰ্থৰে নিৰ্মিত । তাপীয় ক্ৰিয়াৰ জুলৰ সুত্ৰ অনুসৰি ৰোধকত উৎপন্ন হোৱা তাপ ৰোধৰ সমানুপাতিক  গতিকে, তাপ উপাদানডালৰ মাজেৰে প্ৰবাহ চালিত হলে ই উত্তপ্ত হৈ ৰঙা পৰি দীপ্ত হয়, কিন্তু সংযোগী তাঁৰবোৰ পৰ্যপ্ত পৰিমাণে উত্তপ্ত নোহোৱাৰ বাবে এই বিলাক দীপ্ত নহয় ।

2. 9600কুলম্ব আধান 1 ঘণ্টাত 50 V বিভৱভেদৰ মাজেৰে সঞ্চালিত হলেউৎপাদিত তাপৰ পৰিমাণ উলিওৱা।

সমাধান তাপীয় ক্ৰিয়াৰ জুলৰ অনুসৰি উৎপন্ন হোৱা তাপৰ পৰিমাণ :

     H = VIt           ………. (i)

ইয়াত,

    বিভৱভেদ V = 50V

সময়, t = 1 ঘণ্টা = 60 মিনিট

        = (60×60) ছেকেণ্ড

  আধান, Q = C

      প্ৰবাহ, I = ? 

     

(i)ৰ পৰা আমি পাওঁ,

       H = VIt       

  

গতিকে, 9600 কুলম্ব আধান 1 ঘণ্টাত 50V বিভৱভেদৰ মাজেৰে সঞ্চাৰিত হলে উৎপাদিত তাপৰ পৰিমাণ 4.8 ×106

 

3. 20 Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 50 A প্ৰবাহ লয় । 30 ছেকেণ্ডতত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।

সমাধান তাপীয় ক্ৰিয়াৰ জুলৰ অনুসৰি উৎপন্ন হোৱা তাপৰ পৰিমাণ :

     H = I2RT          ………. (i)

ইয়াত,

    প্ৰবাহৰ মান, I = 5A

                 ৰোধ, R = 20Ω

                  সময়, t = 30

(i) ৰ পৰা পাওঁ

  H =  I2RT

  ⇒  H = 52 × 20 × 30

  ⇒  H = 25 × 20 × 30

   ⇒  H = 1.5 × 104

    ∴ H = 1.5 × 104 J

গতিকে, 30 ছেকেণ্ডত উৎপন্ন হোৱা হোৱা তাপৰ পৰিমাণ 1.5 × 104 J । 


Class 10 Science NCERT Textbook – Page No 220

 

1.   এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে ?

উত্তৰ এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ তলত দিয়া কাৰককেইটাই নিৰূপন কৰে –

(i)                 বৰ্তনীৰ বৈদ্যুতিক ক্ষমতা বা ৰোধ, আৰু

(ii)               সময় ।

 

2.      এটা বৈদ্যুতিক মটৰে  220 V লাইনৰ পৰা 5 A প্ৰৱাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা।

উত্তৰ দিয়া আছে,

        বিভৱভেদ,V = 220 V

                   প্ৰবাহ,   I = 5 A

                   ক্ষমতা  P = ?

আমি জানোঁ যে,

       P = VI

          P = 220 × 5

         P = 1100

   ∴ P = 1100 W

গতিকে, বৈদ্যুতিক মটৰটোৰ ক্ষমতা 1100 W

আকৌ,

   

   ব্যয় হোৱা শক্তি = ক্ষমতা × সময়

  E = P × t .......   (I)

ইয়াত,

    P = 1100 W

    t = 2 ঘণ্টা = (2×60×60) মিনিট

 (i) ৰ পৰা আমি পাওঁ,

    E = P × t  

  E = 1100×2×60×60  

  ⇒ E = 7.92 × 106

  E = 7.92 × 106 J । 

     




অ ণু শী ল ণী

 

1.         R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হল। যদি সজ্জাটোৰ সমতূল্য ৰোধ R’ হয়, তেতিয়া R/R’ অনুপাত হব-

      

উত্তৰ(d) 25

 

2.         তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ?

(a)      I2R          (b) IR2       (c) VI      (d) V2 /R

উত্তৰ (b) IR2

 

3.         এটা বৈদ্যুতিক বাব্লল 220 V আৰু 100 W চিহ্নিত কৰা আছে যেতিয়া 110 V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হব-

(a)       100 W     (b) 75 W       (c) 50 W       (d) 25 W

উত্তৰ (d) 25 W

4.         একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত-

(a)       1:2      (b) 2:1     (c) 1:4      (d) 4:1

উত্তৰ     (c) 1:4    

5.          দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা ?

উত্তৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ বিন্দু দুটাৰ সমান্তৰালভাৱে সংযোগ কৰা হয় ।




6.         এডাল তামৰ তাঁৰৰ ব্যাস 0.5mm আৰু ৰোধকতা 1.6×10-8 Ω m  10 Ω ৰোধ পাৱৰ পাবে এই তাঁডালৰৰ দৈৰ্ঘ্য কিমান হব লাগিব । যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হল ৰোধৰ পৰিৱৰ্তন কিমান হব ।

উত্তৰ ইয়াত,

     

ইয়াত,

     তাঁৰডালৰ ৰোধকতা

       P = 1.6 × 10-8 Ω m

           ৰোধ R = 10 Ω

  তাঁৰৰ দৈৰ্ঘ্য l = ?

   তাঁৰৰ ব্যাস d =0.5 mm





(ii)ৰ পৰা আমি পাওঁ 

       

l = 122.6 মিটাৰ ....... (iii)

গতিকে, 10 Ω ৰোধ পাবৰ বাবে তাঁৰ ডালৰ দৈৰ্ঘ্য হব লাগিব । 122.6 মিটাৰ

যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হয় অৰ্থাৎ

তাঁৰডালৰ ব্যাস d = 2×0.5 mm

                          = 1 mm

                          = 0.001 m

     

(i) ৰ পৰা আমি পাওঁ 

    

গতিকে, তাঁৰডালৰ ব্যাস দুগুণ কৰিলে তাঁৰডালৰ ৰোধ হ2.5Ω 




 

7.         এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ I ৰ মান  আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হল-

I(এম্পিয়াৰ)

0.5

1.0

2.0

3.0

4.0

V (ভল্ট)

1.6

3.4

6.7

10.2

13.2



V আৰু I ৰ মাজৰ লেখ অংকণ কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।

উত্তৰ  প্ৰদত্ত তথ্যৰ পৰা V-I লেখডাল অংকন কৰা হ এই লেখডাল লেখকাগজৰ মুলবিন্দুৰ মাজেৰে যোৱা এডাল সৰল ৰেখা । 

   


     

গতিকে, ৰোধকটোৰ নিৰ্ণেয় ৰোধ 3.6Ω  ।



8.         যেতিয়া এটা অজ্ঞাত ৰোধ 12 ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5m A প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।

সমাধান  আমি জানোঁ,

          V = IR

     

গতিকে, ৰোধকটোৰ নিৰ্ণেয় ৰোধ হ4.8 × 103 Ω


9.         এটা 9 V বেটাৰীৰ লগত 0.2Ω, 0.3Ω, 0.4Ω, 0.5Ω আৰু 12Ω, ৰোধক কেইটা শ্ৰেণীৱদ্ধভাৱে সংযোগ কৰা হৈছে। 12 Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে ?

সমাধান

আমি জানোঁ,

          V = IR

    

ইয়াত,

 বিভৱভেদ V = 9 V

মুঠ ৰোধ,

   R = R1 + R2 + R3 +R4 + R5

        = 0.2Ω+0.3Ω+0.4Ω+0.5Ω+12Ω

       = 13.4Ω

প্ৰবাহ,I = ?

(i)                       ৰ পৰা আমি পাওঁ, 

    

∴ I = 0.671A

যিহেতু এইটো শ্ৰোণীবদ্ধ সজ্জাত সংযোগ কৰা বৰ্তনী সেয়ে প্ৰত্যেক ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মান একে ।

গতিকে, 12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে 0.671A প্ৰবাহ চালিত হব ।



10.         176Ω ৰ কিমানটা ৰোধক হলে 220V ৰ লাইন এটাত 5 A প্ৰবাহ পোৱা যাব ?

সমাধান  দিয়া আছে,

      V = 220V

        I = 5A

      R = ?

 ধৰোঁ,

   

       

গতিকে, 176Ω ৰ 4 টা ৰোধক হলে 220V ৰ লাইন এটাত 5A প্ৰবাহ পোৱা যাব ।

 


11.         প্ৰতিটো ৰোধৰ  তিনিটা  ৰোধক কেনেদৰে সংযোগ কৰিলে  সজ্জাটোৰ সমতুল্য ৰোধ (i) 9Ω, আৰু (ii) 4Ω ?

সমাধান ইয়াত, 

       

(i) 9Ω ৰোধ পাবৰ বাবে 6Ω ৰোধৰ তিনিটা ৰোধক তলত দিয়া ধৰণে সংযোগ কৰা হব ।

  

                               ∴ R = 3Ω 

    


(ii) 4Ω ৰোধ পাবৰ বাবে 6Ω ৰোধৰ তিনিটা ৰোধক তলত দিয়া ধৰণে সংযোগ কৰা হব ।

    

  মুঠ ৰোধ R,

        

 


12.         বহুকেইটা বৈদ্যুতিক বাল্ব 220V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্ব্বোচ্চ প্ৰবাহ 5A হয় কিমানটা বাল্ব সমান্তৰাল ভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব ?

সমাধান

        দিয়া আছে,

               ক্ষমতা P = 10W

           বিভৱভেদ, V= 220V

                   প্ৰবাহ, I = 5A

        

এতিয়া, ওমৰ সূত্ৰৰ পৰা

            V = IR

         

ধৰোঁ,

বৰ্তনীৰ সৈতে সমান্তৰালভাৱে সংযোগ কৰা বাল্বৰ সংখ্যা x

এতিয়া, বৰ্তনীটোৰ ৰোধ, R = 44 Ω

   প্ৰত্যেক বাল্বৰ ৰোধ R1 = 4840 Ω

         

গতিকে, চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5A হোৱাৰ ক্ষেত্ৰত 110 টা বাল্ব সমান্তৰালভাৱে 220V লাইনৰ লগত সংযোগ কৰিব পৰা যায় । 

 


13.         220 V লাইনৰ লগত সংযোগ  কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী  A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান  24 Ω, যিকেইটা পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্ৰত প্ৰবাহ কি হ?

সমাধান                       

(i)                 দিয়া আছে,

বিভৱভেদ, v = 220

প্ৰত্যক কুণ্ডলীৰ ৰোধ – (A আৰু B)

               R = 24 Ω

      প্ৰবাহ, I = ?

  ওমৰ সূত্ৰ অণুসৰি

    V = IR

 

গতিকে, কুণ্ডলী দুটা পৃথকে ব্যৱহাৰ কৰিলে বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ মাজেৰে 9.166 A প্ৰবাহ চালিত হয় ।


(ii)      কুণ্ডলী দুটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে প্ৰবাহৰঃ

দিয়া আছে,

বিভৱভেদ = 220

ৰোধ (শ্ৰেণীবদ্ধ সজ্জা), R5 = RA + RB

                                     = (24 + 24) Ω

                                     = 48 Ω

      প্ৰবাহ,                I = ?

 ওমৰ সূত্ৰৰ অনুসৰি,

         V = IR

    

গতিকে, কুণ্ডলী দুটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ মাজেৰে 4.58 A প্ৰবাহ চালিত হয় ।

   (iii)      কুণ্ডলী দুটা পৰস্পৰ সমান্তৰাল ভাৱে কৰিলে প্ৰবাহৰ মান

দিয়া আছে,

 বিভৱভেদ  V = 220

ওমৰ সূত্ৰৰ অনুসৰি,

              = 4.58 A

গতিকে, কুণ্ডলী দুটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ মাজেৰে 4.58 A প্ৰবাহ চালিত হয় ।

(i)                       কুণ্ডলী দুটা পৰস্পৰ সমান্তৰাল ভাৱে কৰিলে প্ৰবাহৰ মান

দিয়া আছে,

 বিভৱভেদ  V = 220

        ওমৰ সূত্ৰ অনুসৰি,

                 V = IR

                

               ⇒ I = 18.33

গতিকে, কুণ্ডলী দুটা পৰস্পৰ সমান্তৰাল ভাৱে সংযোগ কৰিলে বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ মাজেৰে 18.33A প্ৰবাহ চালিত হয় ।


14.          2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা

(i)      1 Ω আৰু ৰ দুটা ৰোধক 6 V  ৰ বেটেৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে, আৰু

(ii) 12 Ω আৰু 2  Ω ৰ ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।

সমাধান

  দিয়া আছে,

   বিভৱভেদ  V = 6V

 

                                         = (1+2)Ω

                                         = 3Ω

 ওমৰ সূত্ৰ অনুসৰি,

     V = IR

   

 ⇒ I = 2

I =2A

গতিকে, ৰোধকৰ মাজেদি 2A প্ৰবাহ চালিত হয় ।

ৰোধকটোৰ ব্যৱহৃত ক্ষমতা,

 P = I2R

      = 22×2

     = 4×2

    = 8w

(ii) দিয়া আছে,

   বিভৱভেদ V = 4v

                      

2Ω ৰোধকটোৰ ব্যৱহৃত ক্ষমতা

               

          ⇒ P = 8W

           ∴ P = 8W

গতিকে, দুয়োটা 2Ω ৰোধকে সমপৰিমাণৰ(8W) ক্ষমতা ব্যৱহাৰ কৰিছে ।

 

15.         এটা 220 V 100 W চিহ্নিত আৰু অন্যটো 220 V 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220 V হয়, কিমান প্রবাহ ই ল

সমাধান

  দিয়া আছে,

   বিভৱভেদ  V = 220V

এটা বৈদ্যুতিক চাকিৰ ক্ষমতা,

মুঠ প্ৰবাহ I = ?

ক্ষমতা = বিভৱভেদ × প্ৰবাহ

       

100W  চিহ্নিত বৈদ্যুতিক চাকিটোৱে লোৱা প্ৰবাহৰ মান                      

60W চিহ্নিত বৈদ্যুতিক চাকিটোৱে লোৱা প্ৰবাহৰ মান

                

লাইনৰ পৰা লোৱা মুঠ প্ৰবাহৰ  

               

    গতিকে, লাইনৰ পৰা লোৱা প্ৰবাহৰ মান 0.727A

16.         কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250 W TV চেট 1 ঘণ্টা চলিলে বা এটা 1200W ৰ ৰুটি সেকা সঁজুলি 10 মিনিটত চলিলে

সমাধান

  দিয়া আছে,

        শক্তি = ক্ষমতা × সময়

ক্ষমতা P1 = 250W

সময় T1 = 1 ঘণ্টা

      = (60×60) ছেকেণ্ড

      = 3600 ছেকেণ্ড

E2 = ?

∴ E1 = P1 × T1

⇒  E1 =250 × 3600

E1 = 9 × 105

∴ E1 = 9 × 105J

আকৌ,

ক্ষমতা P2 = 250W

সময় T2 = 1 ঘণ্টা

      = (10×60) ছেকেণ্ড

      = 600 ছেকেণ্ড

E= ?

 E2 = P2 × T2

⇒  E2 =1200 × 600

⇒  E2 = 7.2 × 105

⇒  E2 = 7.2 × 105 J

গতিকে, এটা 250W TV চেট 1 ঘণ্টা চলিলে ব্যৱহৃত হোৱা শক্তিৰ পৰিমাণ এটা 1200W ৰ ৰুটি সেকা সঁজুলি 10 মিনিট চলিলে ব্যৱহৃত হোৱা শক্তিৰ পৰিমাণতকৈ অধিক । 


 

17.         8 Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা  15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা। 

সমাধান

  ইয়াত,

     ৰোধ R = 8Ω

          প্ৰবাহ I = 15A

          সময় t =  2 ঘণ্টা

          = (2 × 60 × 60 )

                     = 7200 ছেকেণ্ড    

আমি জানোঁ,

    P = I2R

P = 152 × 8

⇒ P = 225 × 8

⇒ P = 1800

∴ P = 1800J/s

 চুলাটোত তাপ উৎপন্ন হোৱা হাৰ 1800J/s  । 


18. ব্যাখ্যা কৰাঃ 

(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয়

উত্তৰ বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট  ব্যৱহাৰ হয়

(i)                 ইয়াৰ ৰোধকতা উচ্চ । গতিকে, ই পৰ্যাপ্ত পৰিমাণৰ তাপ উৎপন্ন কৰে যাৰ ফলত পোহৰ নিৰ্গত হয় ।

(ii)               ইয়াৰ গলনাংক উচ্চ হোৱা বাবে অত্যধিক উষ্ণতাত ফিলামেণ্টডাল গলি নাযায় ।

 

(a)      বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰধাতু কিয় ব্যৱহাৰ কৰা হয়

উত্তৰ বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু ব্যৱহাৰ কৰা হয় কাৰণ –

(i)                 বিশুদ্ধ ধাতু বোৰতকৈ সংকৰ ধাতুবোৰ ৰোধকতা অধিক হোৱা বাবে অধিক মাত্ৰাত তাপ উৎপন্ন কৰিব পাৰে ।

(ii)               সংকৰ ধাতুবোৰ অত্যধিক উষ্ণতাতো জাৰিত নহয় বা সহজে দহন নঘটে ।

 

(b)      ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয়

উত্তৰ ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা  ব্যৱহাৰ কৰা হয় কাৰণ

(i)                  শ্ৰেণীবদ্ধ সজ্জাত ভল্টেজ বিভক্ত হয় আৰু প্ৰত্যেক সঁজুলিয়ে বৃহৎ যোগানৰ পৰা ক্ষুদ্ৰ মাত্ৰাত বিভৱ পায় । ফলত সঁজুলিটোৱে প্ৰবাহ কম পায় । ইয়াৰ ফলত উত্তপ্ত হৈ পৰে ।

(ii)              শ্ৰেণীবদ্ধ সজ্জাৰ বৰ্তনীত আটাইবোৰ সঁজুলি এটা চাবিৰ সৈতে সংযোজিত হয় । গতিকে, এটা সঁজুলি ব্যৱহাৰ কৰিবলৈ আটাইকেইটা সঁজুলিৰ চাবি মুক্ত অৱস্থাত থাকিব লাগিব । এয়া প্ৰায়োগিক দিশৰ পৰা সঠিক নহয় ।

(iii)            ভিন ভিন সঁজুলি কাৰ্যক্ষম হবলৈ ভিন্ন পৰিমাণৰ প্ৰবাহৰ আৱশ্যক কিন্তু শ্ৰেণীবদ্ধ সজ্জাত সংযোজিত বৰ্তনীত সমগ্ৰ বৰ্তনীৰ মাজেৰে সমপৰিমাণৰ প্ৰবাহ চালিত হয় ।

(iv)            বৰ্তনীত এটা বিকল হলে বৰ্তনীত সংযোজিত অন্যান্য সঁজুলি কাৰ্য সম্পাদনত অক্ষম হৈ পৰে ।

 

 

(c)      এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবর্তন হয়

উত্তৰ এডাল পৰিবাহীৰ ৰোধ (R) পৰিবাহী ডালৰ প্রস্থচ্ছেদৰ কালি (A) ৰ ব্যস্তানুপাতিক ।

  R

 গতিকে, প্রস্থচ্ছেদৰ কালি অধিক থকা এডাল পৰিবাহীৰ ৰোধৰ মান প্রস্থচ্ছেদৰ কালি কম থকা এডাল পৰিবাহীৰ ৰোধৰ মানতকৈ পৰিবাহীৰ ৰোধৰ মান কম ।

 

(d)      বৈদ্যুতিক সৰবৰাহ বাবে সাধাৰণে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয় ?

উত্তৰ নিম্নোক্ত কাৰণত বৈদ্যুতিক সৰবৰাহ বাবে সাধাৰণে তাম আৰু এলুমিনিয়াম তাঁৰ  ব্যৱহাৰ কৰা হয় –

(i)                 ৰোধকতা কম আৰু বিদ্যুতৰ সুপৰিবাহী ।

(ii)               ইহঁতক কম দামতে সহজে পোৱা যায় । ইয়াৰ বিপৰীতে আটাইতকৈ ভাল পৰিবাহী হিচাপে বিবেচনা কৰা সোণ আৰু সীমিত পৰিমাণে উপলব্ধ ।

(iii)             ঘাত সহনীয়তা আৰু নমনীয়তা ।

(iv)             অন্যান্য ধাতুৰ দৰে বৈদ্যুতিক প্ৰেৰণত সহজে প্ৰতিকূল অৱস্থাৰ সৃষ্টি নহয় ।



 Published  By Lokesh Das

Class 10 Science Assamese Medium questions Answer

Class 10 Assamese medium All Book solution in Assamese Medium. Class 10 Science soution in Assamese Medium. Class 10 Science Chapter 12 solution in Assamese Medium.

Previous Post Next Post