জিকিৰ দশম শ্ৰেণী প্ৰশ্ন উত্তৰ । Class 10 Assamese questions Answer.

দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা সহায়িকা । জিকিৰৰ প্ৰশ্ন উত্তৰ ।





ভাব-বিষয়ক :

১। চমু উত্তৰ দিয়া :

(ক) জিকিৰৰ ৰচক কোন ?

উত্তৰ:- জিকিৰৰ ৰচক হল- আজান ফকিৰ ।

 

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি ?

উত্তৰ:- জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰা তুলনা কৰিব পাৰি ।

 

(গ) জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ?

উত্তৰ:- জিকিৰ শব্দটোজিকৰ শব্দৰ পৰা ওলাইছে

 

২। তলৰ শব্দবোৰৰ অৰ্থ লিখা :

ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা ।

উত্তৰ:-   শব্দ  -----  অৰ্থ

   ৰছুল  ----- আল্লাৰ দূত , দেৱদূত

   মোমিন -----  বিশ্বাসী, মুছলমান

   ৰহম     ----   দয়া

   কুটুব    -----  ধ্ৰুৱ নক্ষত্ৰ

  বান্দা   ------  ভৃত্য


৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।

     যেনে শালে শলৰ লগত দৰিকাৰ টপালি ।।

-উল্লেখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা

উত্তৰ:- মক্কা হল মুছলমান সকলৰ পবিত্ৰ কৰা তীৰ্থস্থান, ইয়াৰ মক্কাই সকলো ধৰ্মৰে পবিত্ৰ তীৰ্থস্থানসমূহক বুজাব বিচাৰিছে । তীৰ্খস্থানসমূহ দৰ্শন কৰি মানুহে পুণ্য অৰ্জন কৰিব বিছাৰে । কিন্তু মন্দিৰ, মচজিদ আদি দৰ্শন কৰি ঘূৰিলেই প্ৰকৃত পুণ্য অৰ্জন নহয় এয়া কেৱল ক্ষন্তেকীয়া মানৰ তৃপ্তিহে । যিদৰে শাল, শল মাছৰ আগত দবিকণা মাছৰ টপালিয়ে কোনো প্ৰভাৱ পেলাৱ নোৱাৰে । ঠিক সেইদৰে নিজৰ আত্মাত বাস কৰা ঈশ্বৰৰ অৱস্থিতিক উপেক্ষা কৰি আমি মন্দিৰ মচজিদ পৰা অৰ্জন কৰা ক্ষন্তেকীয়া পুণ্যও আমাৰ জীৱনত কোনো প্ৰভাৱ পেলাব নোৱাৰিব ।


৪। ব্যাখ্যা কৰা :

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত ।

    খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত ।।

উত্তৰ:-উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা ৰ অন্তৰ্গত জিকিৰ কবিতাটিৰ পৰা তুলি অনা হৈছে । কবিতাটিৰ কবি জনৰ নাম হল আজান ফকিৰ ।

     অগ্নি বা পানীৰ দৰে উপাদানবোৰে নিজস্ব শক্তি আৰু গুণক চিনিব নোৱাৰি আন বস্তুত সেৱা বিচাৰি হাবাথুৰি খায় । ঠিক সেইদৰে মানুহে নিজস্ব অন্তৰত থকা ঈশ্বৰ বা আল্লাক চিনিব নোৱাৰি কিদৰে হাবাথুৰি খাব লগা হয় । তাকে উক্ত কবিতাফাঁকিত অৱতাৰণা কৰা হৈছে ।

    পৃথিৱীৰ প্ৰতিটো অংশতে ঈশ্বৰ বা আল্লা বিৰাজমান । কিন্তু অল্পমতি মনুষ্যই সেই সত্য বিচাৰ কৰিব নোৱাৰি মন্দিৰ মচজিদত ঈশ্বৰক বিচাৰি হাহাকাৰ কৰি ফুৰে । যিদৰে পানীয়ে তাৰ পিয়াহ গুচাব পৰা আৰু অগ্নিয়ে জাৰ আঁতৰাব পৰা গুণৰ পৰা অজ্ঞাত  থাকে, ঠিক তেনেদৰে নিজৰ অন্তৰত থকা আল্লাৰ উপস্থিতিক অনুমান কৰিব নোৱাৰি ম্নুষ্যই অন্য স্থানত তেওঁক বিচাৰি ফুৰে ।

 

(খ) মক্কা দুৱাৰত চাহাব তিৰবিণীৰ ঘাট ।

    বেহাব নোৱাৰে তাত মায়াই ভেটে বাট ।।

উত্তৰ:-উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা ৰ অন্তৰ্গত জিকিৰ কবিতাটিৰ পৰা তুলি অনা হৈছে । কবিতাটিৰ কবি জনৰ নাম হল আজান ফকিৰ ।

    মায়া মোহৰ বশবৰ্তী জীৱই মুক্তিৰ বাবে মক্কা বা মদিনাৰ দৰে পুণ্য স্থান দৰ্শন কৰিলেও কিদৰে পুণ্য অৰ্জন কৰিব নোৱাৰে । তাক উক্ত কবিতাফাঁকিত অৱতাৰণা কৰা হৈছে ।

    মক্কা হৈছে এক পবিত্ৰ স্থান । যত জীৱই নিজৰ পাপ ক্ষয় কৰি পুণ্য অৰ্জন কৰিব পাৰে । মক্কাত থকা ত্ৰিবেণী ঘাটত জীৱই মুক্তিৰ পথ বিচাৰিছে পায় । কিন্তু মায়াৰ জালত সোমাই থকা মনুষ্যই সেই বাট বিচাৰি নাপায় । পুণ্য স্থান দৰ্শনেও তেওঁলোকৰ মনৰ কলুষ-কালিমা দূৰ কৰিব নোৱাৰে । সেয়েহে কোৱা হৈছে যে মায়াই বাট ভেটি ধৰা জীৱই ত্ৰিবেণীৰ ঘাটত বেহাব নোৱাৰে ।

 

 (খ) সজাৰ মইনাটিৰ অনেক যুগুতি ।

      দেও মাৰি পাৰ হলে এৰিলে পীৰিত ।।

উত্তৰ:-উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা ৰ অন্তৰ্গত জিকিৰ কবিতাটিৰ পৰা তুলি অনা হৈছে । কবিতাটিৰ কবি জনৰ নাম হল আজান ফকিৰ ।

     সজাৰ মইনাটিয়ে উদাহৰণৰ যোগেদি কবিতা ফাঁকিয়ে বুজাইছে যে আমি জীৱাই থাকোতে আমাৰ যি ইচ্ছা, আকাংশা, অনুভূতি থাকে সেইবোৰ মৃত্যুৰ দুৱাৰদলি পাৰ হলে মুল্যহীন হৈ পৰে । সেই কথাকে উক্ত কবিতাফাঁকিত অৱতাৰণা কৰা হৈছে ।

    সজাৰ মইনাটিয়ে যেতিয়ালৈকে সজাত বন্দী হৈ থাকে তেতিয়া লৈকে চৰাইটিৰ বহুত অভাৱ-অভিযোগ থাকে । সজাৰ পৰা মুকলি হবৰ মন যায় । মনুষ্যৰে জীৱনটো ঠিক তেনেকুৱাই । যেতিয়ালৈকে শৰীৰটোৰ ভিতৰত জীৱ থাকে তেতিয়া লৈকে মানুহৰ জীৱনত বিভিন্ন সমস্যা, সুখ-দুখ, ইচ্ছা –অনিচ্ছা, আকাংক্ষা, অনুভূতি আদি থাকে । কিন্তু মানুহৰ মৃত্যু হলে এই বোৰৰ মূল্য নোহোৱা হৈ পৰে । প্ৰকৃৰ্থাত সজাৰ মইনা চৰাইটিৰ যোগেদি মানুহৰ জীৱনটোক বুজোৱা হৈছে ।

 

ভাষা-বিষয়ক :

১। সমাৰ্থক শব্দ লিখা

 চিন্তো, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল ।

উত্তৰ:-

       শব্দ  ---- সমাৰ্থক শব্দ

      চিন্তো -- ভাবো

      ঘাট   --  তীৰ

     পীৰিতি  – --প্ৰেম

      আচমান – - আকাশ

      দৰিয়া  --- সাগৰ

      পিয়াহ  --- তৃষ্ণা

      বাট    ---- ৰাস্তা

      ভেল  ----শৰীৰ 

 

Q : জিকিৰৰ মূলভাৱ লিখা ।

উত্তৰ:- জিকিৰ হৈছে সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ ভাৱ-চিন্তা প্ৰকাশক ভক্তিমূলক গীত, গীতটিত আল্লাৰ মহাত্মাও প্ৰকাশক কৰা হৈছে । লগত এই জগতত আমি আচলতে কোন আমাৰ স্থিতি কি, আমি কি কৰা উচিত প্ৰকাৰন্তভাৱে তাক বিচৰা হৈছে ।

      সংসাৰখন এখন সাগৰৰ দৰে আল্লাৰ কৃপা অবিহনে এই সাগৰৰ পাৰ হোৱাটো কঠিন আল্লাৰ সন্ধানত মানুহে ত্ৰিবেণীলৈ যায়, কিন্তু পানী আৰু অগ্নি নিজৰ অন্তৰ্নিহিত গুণ উপলব্ধি কৰিব নোৱৰাৰ দৰে মানুহেও নিজৰ আত্মাত বাস কৰা ঈশ্বৰৰ অৱস্থিতি উপলব্ধি কৰিব নোৱাৰি কেৱল বিষয় বাসনাত মগ্ন হৈ থাকে কিন্তু প্ৰকৃত মুছলমান তেওঁহে যিজনৰ অন্তৰত খোদা বিৰাজমান


      মানৱ জীৱন ক্ষণস্থায়ী মৈনৱ দেহ আৰু আত্মাৰ সম্পৰ্ক সজা আৰু সজাত বন্দী মইনাৰ দৰে, মইনা অবিহনে সজা মূল্যহীন, একেদৰে আত্মা অবিহনে দেহ মূল্যহীন । তৰাই আকাশৰ শোভাবৰ্ন্ধন কৰি থকাৰ দৰে মানৱ আত্মাও চকমকাই ৰাখিছে । সজাৰ মইনাটিয়ে নানা ঘৰণৰ কাৰ্যকলাপেৰে মানুহৰ মন জোলোৱাৰ দৰেই আত্মাই ও মানুহক অনেক দুৰ্গতিৰে বিষয় বাসনাত মগ্ন ৰাখিছে । কিন্তু আত্মা আৰু শৰীৰৰ এই সম্পৰ্ক ক্ষন্তেকীয়াহে সজা এৰি মইনা গুচি যোৱাৰ দৰে আত্মাও শৰীৰ ত্যাগ কৰি গুচি যায় । আত্মাবিহীন শৰীৰ তেতিয়া বিলাই বিপত্তিবিহীন হৈ পৰে ।  


 Published  By Lokesh Das


Class 10 Assamese Medium questions Answer

Class 10 Assamese medium All Book solution in Assamese Medium. Class 10 mathematics soution in Assamese Medium. Class 10  solution in Assamese Medium.



Previous Post Next Post