পৰমাণু গঠন নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4 . Class 9 Science Chapter 4 Question answer in Assamese medium

NCERT Solutions For Class 9 Science Chapter 4 Matter in Our Surroundings in Assamese medium

Class 9 Science Chapter 4 Question answer in Assamese medium. পৰমাণু গঠন নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4 |


পৰমাণুৰ গঠন 

পৰমাণুৰ গঠন (STRUCTURE OF THE Atom )



Class 9 Science NCERT Textbook – Page 47

   1. কেনেল ৰশ্মি কি?

উত্তৰঃ 1886 চনত ই গল্ডষ্টেইনে বিশেষ ধৰণৰ ৰন্ধ্ৰবিশিষ্ট কেথড ব্যৱহাৰ কৰি বিদ্যুত মোক্ষণ নলীৰ পৰীক্ষাটো নতুন বিকিৰণৰ উপস্তিতি ধৰা পেলাইছিল আৰু ইয়াক কেনেল ৰশ্মি বোলা হয় ।


   2. পৰমাণু এটাত এটা প্ৰটন আৰু এটা ইলেট্ৰ থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে ?

উত্তৰঃ ইলেট্ৰ আৰু প্ৰটনৰ আধানৰ মান সমান ।যদিও ইহঁত বিপৰীত আধানযুক্ত কণিকা । গতিকে, এটা ইলেট্ৰ আৰু প্ৰটনযুক্ত পৰমাণুত আধান নাথাকিব ।



Class 9 Science NCERT Textbook – Page 49

   1. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা ।

উত্তৰঃ থমছনৰ পৰমাণুৰ আৰ্হিত প্ৰটনৰ উপস্তিতিৰ বাবে পৰমাণু এটাত থকা ধনাত্মক আধানৰ মান, ইলেট্ৰনৰ উপস্তিতিৰ বাবে সৃষ্টি হোৱা ঋণাত্মক আধানৰ মানৰ সমান হয় । সেয়ে, পৰমাণু এটা সামগ্ৰিকভাৱে প্ৰশম বা উদাসীন হয় ।

   2. ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণৱিক কণা থাকে ।

 

উত্তৰঃ ৰাডাৰফৰ্ডৰ পাৰমাণৱিক আৰ্হি মতে পৰমাণুৰ নিউক্লিয়াছত প্ৰটন থাকে ।

   3. তিনিটা শ্বেলৰে সৈতে বৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্ৰ অংকণ কৰা

উত্তৰঃ


      তিনিটা শ্বেলৰে সৈতে বৰৰ পৰমাণুৰ আৰ্হিৰ চিত্ৰ অংকণ কৰা হল ।


    4. যদি a – কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় ।তেনেহলে কি দেখা যাব বুলি ভাবা?

উত্তৰঃ a – কণা বিচ্ছুৰণ পৰীক্ষাটো সম্পন্ন কৰিবলৈ অতি কম বেধৰ পাতৰ প্ৰয়োজন হয় ।

অন্য ধাতু সোণৰ দৰে ঘাত সহনীয় নহয় বাবে এনে পাত আহৰণ কৰাটো কঠিন ব । যদি অধিক বেধবিশিষ্ট পাত ব্যৱহাৰ কৰা হয় তেন্তে a – কণাই প্ৰত্যাৱৰ্তন কৰিব যাৰ ফলত অন্য পৰ্যবেক্ষনহে পোৱা যাব । ৰাডাৰফৰ্ডে ব্যৱহাৰ কৰা সোণৰ পাতখন 1000 পৰমাণুৰ থাক এটাৰ সমান ডাঠ আছিল ।



Class 9 Science NCERT Textbook – Page 49

    1. পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম লিখা

উত্তৰঃ পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণা হৈছে ইলেট্ৰ, প্ৰটন আৰু নিউট্ৰন ।

  2. হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্ৰটন আছে । ইয়াত কিমানটা নিউট্ৰন থাকিব?

উত্তৰঃ   

   হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ = 4uভৰ সংখ্যা = প্ৰটনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা

  নিউট্ৰনৰ সংখ্যা = ভৰ সংখ্যা - প্ৰটনৰ সংখ্যা

                 = 4 – 2

                 = 2

 গতিকে, হিলিয়াম পৰমাণুত 2 টা নিউট্ৰন থাকে ।



Class 9 Science NCERT Textbook – Page 50

   1. কাৰ্বন আৰু ছডিয়াম পৰমাণুত ইলেকট্ৰনৰ বিতৰণ দ্খুোওৱা ।

 উত্তৰঃ কাৰ্বনৰ পাৰমাণৱিক সংখ্যা = 6

   ∴ ইলেকট্ৰনৰ সংখ্যা = 6

   = K- কক্ষপথৰ ইলেকট্ৰনৰ সংখ্যা = 2

   = L- কক্ষপথৰ ইলেকট্ৰনৰ সংখ্যা = 4

গতিকে, কাৰ্বন পৰমাণুত ইলেকট্ৰনৰ বিতৰণ 2,4

 ছডিয়ামৰ পাৰমাণৱিক সংখ্যা = 11

ইলেকট্ৰনৰ সংখ্যা = 11

 K - কক্ষপথৰ ইলেকট্ৰনৰ সংখ্যা = 2

 L - কক্ষপথৰ ইলেকট্ৰনৰ সংখ্যা = 8

 M - কক্ষপথৰ ইলেকট্ৰনৰ সংখ্যা  = 1

গতিকে, ডিয়ামৰ পৰমাণুত ইলেকট্ৰনৰ বিতৰণ 2,8,1

 

  2. পৰমাণু এটা K আৰু L শ্বেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্ৰনৰ মূঠ সংখ্যা কিমান হ ?

উত্তৰঃ K কক্ষপথত (n = 1) ইলেকট্ৰনৰ সংখ্যা (n = 1)

       = 2n2 

       = 2 × 12 

        = 2 × 1 

        = 2

L কক্ষপথত (n = 2) ইলেকট্ৰনৰ সংখ্যা (n = 2)

    = 2 × 22

    = 2 × 4 

    = 8

গতিকে, ডিয়ামটোত মূঠ ইলেকট্ৰনৰ সংখ্যা

    = 2 + 8 

    = 10



Class 9 Science NCERT Textbook – Page 52

   1. ক্লৰিন, ছালফাৰ আৰু মেগনেছিয়াম যোজ্যতা কেনেদৰে পাবা?

উত্তৰঃ ক্লৰিনঃ ক্লৰিনৰ পাৰমণৱিক সংখ্যা 17 । ইয়াৰ ইলেকট্ৰনীয় বিন্যাস 2,8,7 ইয়াৰ 7 টা যোজক ইলেকট্ৰন থাকে । গতিকে, অষ্টক নিয়ম অনুসৰি ইয়াক 8-7 = 1 টা ইলেকট্ৰন প্ৰয়োজন হয় । গতিকে, ক্লৰিনৰ যোজ্যতা  1

ছালফাৰঃ ছালফাৰৰ পাৰমণৱিক সংখ্যা 16 ইয়াৰ ইলেকট্ৰনীয় বিন্যাস 2,8,6ইয়াৰ 6 টা যোজক ইলেকট্ৰন থাকে । গতিকে, অষ্টক নিয়ম অনুসৰি ইয়াক 8-6 = 2 টা ইলেকট্ৰন প্ৰয়োজন হয় । গতিকে, ছালফাৰৰ যোজ্যতা 2 ।

মেগনেছিয়ামঃ মেগনেছিয়ামৰ পাৰমণৱিক সংখ্যা 12 । ইয়াৰ ইলেকট্ৰনীয় বিন্যাস 2,8,2 । ইয়াৰ 2 টা যোজক ইলেকট্ৰন ত্যাগ কৰিব পাৰে ।গতিকে, মেগনেছিয়ামৰ যোজ্যতা 2 ।



Class 9 Science NCERT Textbook – Page 52

   1. যদি পৰমাণু এটাত ইলেকট্ৰনৰ সংখ্যা 8 আৰু প্ৰটনৰ সংখ্যাও 8 হয় তেন্তে

(a)   পুৰমাণুটোৰ পৰমাণৱিক সংখ্যা কি হ ? আৰু

(b)   পুৰমাণুটোৰ আধান কিমান হ ?

উত্তৰঃ

(a)   পুৰমাণুটোৰ পৰমাণৱিক সংখ্যা = প্ৰটনৰ সংখ্যা = 8

(b) যিহেতু ইলেকট্ৰনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যা সমান, গতিকে পৰমাণুটোৰ আধান শূণ্য ।

 

Class 9 Science NCERT Textbook – Page 53

1. চিহ্ন H, D আৰু Tত প্ৰতিটোতে পোৱা অৱ-পাৰমাৱিক কণাবোৰ তালিকাভূক্ত কৰা।

 উত্তৰঃ

   



 2.একোযোৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। 

 উত্তৰঃ সমস্থানিকঃ ক্লৰিনৰ সমস্থানিক দুটা হৈছে 3517CI আৰু 3717 CIইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2, 8, 7

4018AR ৰ ইলেক্ট্ৰনীয় বিন্যাস 2, 8, 8

4020CA ৰ ইলেক্ট্ৰনীয় বিন্যাস 2, 8, 8, 2

 অণুশীলনীঃ

1.  ইলেক্ট্ৰ', প্ৰ'টন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তুলনা কৰা ।

উত্তৰঃ ইলেক্ট্ৰ', প্ৰ'টন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তলৰ তালিকাত তুলনা কৰা হ'ল-

  
2. জে জে থমছনৰ পৰমাণু আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি ?

উত্তৰঃ জে জে থমছনৰ পৰমাণুৰ আৰ্হি অনুসৰি এটা ধনাত্মকভাৱে আৰ্হিত একোটা গোলক য'ত ইলেক্ট্ৰ'নবোৰ সোমাই থাকে অন্যাৰ্থত, পৰমাণুৰ ইলেক্ট্ৰ'ন আৰু প্ৰ'টনবোৰ গোটেই পৰমাণুত সিঁচৰিত হৈ থাকে অৱশ্যে পৰৱৰ্তী পৰ্যায়ত  a- ৰাডাৰফ'ৰ্ডৰ কণা বিচ্ছুৰণ পৰীক্ষাটোৰ দ্বাৰা সিন্ধান্ত গ্ৰহণ কৰা হৈছিল যে পৰমাণুৰ ভৰ আৰু ধনাত্মক আধান পৰমাণুৰ কেন্দ্ৰত অৱস্থিত নিউক্লিয়াছ বুলি কোৱা এক ক্ষুদ্ৰ স্থানত কেন্দ্ৰীভূত হৈ থাকে গতিকে থমছনৰ পৰমাণুৰ আৰ্হিয়ে অন্য বিজ্ঞানীয়ে কৰা পৰীক্ষাসমূহৰ ফলাফল ব্যাখ্যা কৰিব পৰা নাছিল

3.  ৰাডাৰফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?

উত্তৰঃ ৰাডাৰফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিত ধাৰণা কৰা হৈছিল যে পৰমাণুৰ ভিতৰত নিচেই ক্ষুদ্ৰ নিউক্লিয়াছ এটা থাকে আৰু এই নিউক্লিয়াছটোৰ চাৰিওফালে  ইলেক্ট্ৰ'নবোৰ ঘূৰি থাকে এই আৰ্হিৰ দ্বাৰা পৰমাণু সুস্থিৰতা ব্যাখ্যা কৰিব পৰা নগৈছিল

4.    'ৰৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা ।

উত্তৰঃ ব'ৰৰ পৰমাণু আৰ্হি—

(i)  পৰমাণু এটাৰ কেন্দ্ৰত ইলেক্ট্ৰনৰ দ্বাৰা পৰিবেষ্টিত ধনাত্মক আধানযুক্ত এটা ভৰসম্পন্ন সৰু নিউক্লিয়াছ থাকে । পৰমাণুটোৰ সমগ্ৰ ভৰ নিউক্লিয়াছত থুপ খাই থাকে ।

(ii)  ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচনত বৃত্তকাৰ কক্ষপথেৰে ঘূৰে । এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বোলা হয় ।

(iii) এই কক্ষপথবোৰত নিৰ্দিষ্ট পৰিমাণুৰ শক্তি নিহিত হৈ আছে । এই শক্তিস্তৰবোৰক 1,2,3,4 .... K,L,M,N ৰ দ্বাৰা সূচোৱা হয় ।

(iv) ইলেক্ট্ৰন এটা যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে, ই শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে, আন কথাত, এটা সুনিৰ্দিষ্ট শক্তিস্তৰত থকা ইলেক্ট্ৰনৰ শক্তি স্থিৰ অৱস্থাত  থাকে । সেইবাবে এই কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বুলিও কোৱা হয় ।

(v) ইলেক্ট্ৰনবোৰ আটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ জঁপিয়ালেহে শক্তিৰ বিকিৰণ বা অৱশোষণ হয় । বিকিৰত বা অৱশোষিত শক্তিৰ পৰিমাণ, উচ্চ বা নিম্ন শক্তিস্তৰৰ শক্তিৰ পাৰ্থক্যৰ সমান ।

5.    এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা তুলনা কৰা ।

উত্তৰঃ এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা, যেনে থমছনৰ আৰ্হি, ৰাডাফৰৰ্ডৰ আৰ্হি, আৰু বৰৰ আৰ্হিৰ তুলনাঃ

থমছনৰ আৰ্হিঃ

(i)  পৰমাণুৰ ধনাত্মক আৰু ঋণাত্মক আধানৰ মান সমান । গতিকে, পৰমাণু এটা বৈদ্যুতিকভাৱে উদাসীন ।

(ii)     পৰমাণু হৈছে ধনাত্মক আধানযুক্ত এটা সুষম গোলক যত ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰণবোৰ সংলগ্ন হৈ থাকে ।

ৰাডাৰফৰ্ডৰ আৰ্হিঃ

(i)পৰমাণু এটাৰ সমগ্ৰ ভৰ আৰু ধণাত্মক আধান কেন্দ্ৰস্থ অতি সৰু অঞ্চল এটাত থুপ খাই থাকে আৰু ইয়াক নিউক্লিয়াছ বুলি কোৱা হয় । পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ অতিশয় ক্ষুদ্ৰ ।

(ii)  ইলেক্ট্ৰনবোৰে নিউক্লিযাছৰ চাৰিওফালে নিৰ্দিষ্ট বৃত্তাকাৰ পথত তীব্ৰ গতিৰে ঘূৰি থাকে ।

(iii)  পৰমাণু এটাৰ নিউক্লিয়াছ আৰু ঘূৰ্ণীমান ইলেক্ট্ৰনৰ মাজৰ বেচিভাগ ঠাই খালী থাকে ।

ৰৰ আৰ্হিঃ

(i)ইলেক্ট্ৰনবোৰে নিউক্লিযাছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচিত বৃত্তাকাৰ কক্ষপথেৰে ঘূৰি থাকে । এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বোলা হয় ।

(ii)   এই কক্ষপথবোৰত নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ আছে।

(iii)    ইলেক্ট্ৰন এটা যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে, ই শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে, আন কথাত, এটা সুনিৰ্দিষ্ট শক্তিস্তৰত থকা ইলেক্ট্ৰনৰ শক্তি স্থিৰ অৱস্থাত  থাকে । সেইবাবে এই কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বুলিও কোৱা হয় ।

 

6.    প্ৰথম ওঠৰটা মৌলৰ কৰাণে বিভিন্ন শ্বেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মবোৰ সংক্ষেপে লিখা ।

উত্তৰঃ প্ৰথম ওঠৰটা মৌলৰ কৰাণে বিভিন্ন শ্বেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মকেইটা হল-

(বৰ-বুৰী আঁচনি)

(i) প্ৰটিটো কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা 2n2 ইয়াত, nল কক্ষপথৰ সংখ্যা ।

   

N

কক্ষপথ

সৰ্বাধিক ইলেক্ট্ৰনৰ সংখ্যা

1

K

2 × 12 = 2 × 1 = 2

2

L

2 × 22 = 2 × 4 = 8

3

M

2 × 33 = 2 × 9 = 18

 

(ii)   পৰমাণু এটাৰ বহিৰতম কক্ষত 8 টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে ।

(iii) পৰৱৰ্তী উচ্চতৰ কক্ষপথ পূৰ্ণ কৰিবলৈ আৰম্ভ কৰাৰ আগত কক্ষপথ একোটাত সম্পূৰ্ণ নিৰ্ধাৰিত ইলেক্ট্ৰন থকাটো প্ৰয়োজনীয়। অৰ্থাৎ কক্ষপথবোৰ ক্ৰমশঃ ইহঁতৰ শক্তিক্ৰম অনুসৰি পূৰ্ণ হয় ।

7.    ছিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া ।

উত্তৰঃ ছিলিকনৰ যোজ্যতাঃ

    ছিলিকনৰ পাৰমাণৱিক সংখ্যা 14 । ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,4 । ইয়াৰ 4 টা যোজক ইলেক্ট্ৰন থাকে । অকটেট গঠন লাভৰ বাবে ইয়াক চাৰিটা ইলেক্ট্ৰনৰ প্ৰয়োজন । সেয়ে, ছিলিকন পৰমাণুৱে অন্য পৰমাণুৰ সৈতে চাৰিটা যোজক ইলেক্ট্ৰনৰ ভাগ-বতৰা কৰে । গতিকে, ছিলিকনৰ যোজ্যতা 4 ।

          অক্সিজেনৰ যোজ্যতাঃ

    অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 । ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2.6 । ইয়াৰ 6 টা যোজক ইলেক্ট্ৰন থাকে । অকটেট গঠন লাভৰ বাবে ইয়াক অন্য দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন । গতিকে, অক্সিজেনৰ পৰমাণুৱে অন্য পৰমাণুৰ পৰা  দুটা ইলেক্ট্ৰন গ্ৰহণ কৰে । গতিকে, অক্সিজেনৰ যোজ্যতা 2

8.    উদাহৰণৰে সৈতে ব্য।খ্যা কৰা-

(i)                          পাৰমাণৱিক সংখ্যা

(ii)                       ভৰ সংখ্যা

(iii)                    সমস্থানিক আৰু

(iv)                     সমভাৰি

সমস্থানিকৰ যেকোনো দুটা ধৰ্ম লিখা ।

উত্তৰঃ

(i)                          পাৰমাণৱিক সংখ্যা

     এটা মৌলৰ পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ মুঠ সংখ্যাক সেই মৌলটোৰ পাৰমাণৱিক সংখ্যা বুলি কোৱা হয়।

উদাহৰস্বৰুপে, এটা অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8 টা প্ৰটন থাকে । গতিকে, অক্সিজেনৰ পৰামাণৱিক সংখ্যা 8 । একেবিধ মৌলৰ আটাইবোৰ পৰমাণুৰ পাৰমাণুৱিক সংখ্যা একে ।

(ii)                       ভৰ সংখ্যা

     পৰমাণু এটাৰ নিউক্লিয়াছত থকা নিউট্ৰন আৰু প্ৰটনৰ মুঠ সংখ্যাক ভৰসংখ্যা বুলি কোৱা হয় ।

উদাহৰণস্বৰুপে, এটা অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8 টা প্ৰটন আৰু 8 টা নিউট্ৰন থাকে । গতিকে, অক্সিজেনৰ ভৰ সংখ্যা 16 (8 + 8 = 16)

(v)                        সমস্থানিক

      একে পাৰমাণৱিক সংখ্যাবিশিষ্ট একেটা মৌলৰ বিভিন্ন ভৰসংখ্যাবিশিষ্ট পৰমাণুসমূহক মৌলটোৰ সমস্থানিক বোলা হয় ।

অক্সিজেনৰ সমস্থানিক কেইটা হৈছে 16O, 178O আৰু 168Oপ্ৰতিটো সমস্থানিকৰ পৰামাণুৱিক সংখ্যা 8, কিন্ত সমস্থামিককেইটাৰ ভৰসংখ্যা ক্ৰমে 16, 17 আৰু 18 ।

(vi)                     সমভাৰি

      ভিন ভিন পাৰমাণৱিক সংখ্যাবিশিষ্ট, কিন্ত একে ভৰসংখ্যাৰ বিভিন্ন মৌলৰ পৰমাণুবোৰক সমভাৰী বুলি কোৱা হয় ।

উদাহৰণস্বৰুপে, আৰ্গন (Ar) ৰ পাৰমাণৱিক ভৰ 18 আৰু কেলছিয়াম (Ca) ৰ পাৰমাণৱিক ভৰ 20 কিন্ত এই দুয়োটা মৌলৰে ভৰ সংখ্যা 40 ।

 সমস্থানিকৰ যেকোনো দুটা ধৰ্ম হলঃ

(i) বাল্টৰ এটা সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ।

(ii)      ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লীয় ৰিয়েক্টৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।

9. Na+ ত সম্পূৰ্ণৰুপে পূৰ হৈ থকা K আৰু L শ্বেল আছে । ব্যাখা কৰা ।

উত্তৰঃ ছডিয়াম (Na) ৰ পাৰমাণৱিক সংখ্যা 11 । ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,1 । ৰাসায়নিক বিক্ৰিয়াত Na পৰমাণুৱে ইয়াৰ যোজক ইলেক্ট্ৰনটো দান কৰে আৰু ধনাত্মক আধানযুক্ত ছডিয়াম আয়ন (Na+) ৰ পৰিণত হয় । গতিকে, Na+ আয়নৰ 10 টা ইলেক্ট্ৰন থাকে আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8 এনেদৰেল K শ্বেলত ইয়াৰ 2 ইলেক্ট্ৰন থাকে, এয়াই K শ্বেলৰ সৰ্বধিক ক্ষমতা । L শ্বেলত  8টা ইলেক্ট্ৰন থাকে, এয়া L শ্বেলৰ সৰ্বাধিক ক্ষমতা । গতিকে, Na+K আৰু L শ্বেল সম্পূৰ্ণৰুপে পূৰ হৈ থাকে ।  

 উত্তৰঃ 
           গতিকে, ব্ৰমিন পৰমাণুৰ গড় পাৰমাণৱিক ভৰ = 80.006  
    উত্তৰঃ

            ধৰা হল,

 
 
12.যদি Z = 3 হয়, তেন্তে মৌলটোৰ যোয্যতা কিমান হ? মৌলটোৰ নাম লিখা।

উত্তৰঃ যিহেতু Z য়ে পাৰমাণৱিক সংখ্যা সূচায়, সেয়ে মৌলটোৰ পাৰমাণৱিক সংখ্যা 3 আৰু ইয়াৰ ই লেক্ট্ৰনীয় বিন্যাস 2,1 ।

যিহেতু যোজক ইলেক্ট্ৰনৰ সংখ্যা 1, সেয়ে মৌলটোৰ যোজ্যতা 1 ।

13. দুটা পৰমাণু X আৰু Y ৰ নিউক্লিয়াছৰ সংযুতি তলত দিয়া হৈছে ।

                X          Y

   প্ৰটন = 6           6

 নিউট্ৰন = 6           8

  X আৰু Y ৰ ভৰ সংখ্যা দিয়া । দুয়োটাৰ মাজৰ সম্পৰ্কটো কি?

উত্তৰঃ X ৰ ভৰ সংখ্যা = প্ৰটনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা = 6 + 6 = 12

          Y ৰ ভৰ সংখ্যা = প্ৰটনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা = 6 + 8 = 14

 যিহেতু X আৰু Y উভয়ৰে প্ৰটনৰ সংখ্যা সমান, সেয়ে সিহঁতৰ পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰ সংখ্যা বিভিন্ন ।

গতিকে, X আৰু Y পৰমাণু দুটা পৰস্পৰ সমস্থানিক ।

14. তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত T আৰু ভূলবোৰৰ ঠাইত F লিখা ।

     উত্তৰঃ

(a)            F

(b)           F

(c)            T

(d)           F

প্ৰশ্ন 15, 16 আৰু 17 ত শুদ্ধ বাচনিৰ বিপৰীতে টিক ()  চিন আৰু ভূল বাচনিৰ বিপৰীতে ক্ৰত (×) চিন দিয়া ।

15. ৰাডাৰ ফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই---

   (a) পাৰমাণৱিক নিউক্লিয়াছ ()

   (b) ইলেক্ট্ৰন

   (c) প্ৰটন

   (d) নিউট্ৰন

16. মৌল এটাৰ সমস্থানিকবোৰৰ

   (a) একে ভৌতিক ধৰ্ম

   (b) ফিন্ন ৰাযায়নিক ধৰ্ম ()

   (c) ভিন্ন সংখ্যক নিউট্ৰন

   (d) ভিন্ন পাৰমাণৱিক সংখ্যা থাকে ।

17. C1- আয়নত যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা

   (a) 16

   (b) 8 ()

   (c) 17

   (d) 18

18. তলৰ কোনটো ছডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস ?

   (a) 2, 8

   (b) 8, 2, 1

   (c) 2, 1, 8

   (d) 2, 8, 1 ()

19. তলৰ তালিকাখন সম্পূৰ্ণ কৰা ।


উত্তৰঃ


 


                                    Published  By Krishna Das


Previous Post Next Post