প্ৰশস্তি দশম শ্ৰেণীৰ প্ৰশ্ন উত্তৰ । Class 10 assamese lesson 3 question answer.

 Class 10 assamese lesson 3 question answer

 প্ৰশস্তি

 


ভাব - বিষয়কঃ 

 

১ । অতি চমু উত্তৰ দিয়া ।

 ( ক ) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?

উত্তৰঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।

 

 ( খ ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা ।

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হল - কেতেকী আৰু দহিকতৰা । 

 


 ( গ ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?

উত্তৰঃ প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সদৰি আনিলে বুলি কবিয়ে কৈছে।

 

 ( ঘ ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?

উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।

 

 ( ঙ ) জল , স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে ?

উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে।

 

 ( চ ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?

উত্তৰঃ মোহন কীচক বেণুৱেও মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে । 

 

২ । কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।

উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সোন্দৰ্যৰ মাজেৰে বিভিন্ন বস্তু টানি আনিছে। সেইবোৰ হল - উষাচামৰৰবাব, কুসুম, অন্তৰীক্ষ, কীচক বেণু আৰু বিহংগ ইত্যাদি ।



 

৩ । কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ?

উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰা কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে আৰু ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে । 

 

৪/ কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা ।

উত্তৰঃ প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে । পুৱাৰ সূৰুযে দশোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন ন- পাতেৰে, ফুলেৰে জাতিস্কাৰ হৈ পৰিছে। বনৰ চৰাই, গছ - লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি, পানী, বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে আকৌ কীচক বাহেঁৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু পকৃতি।



৫/ কবিতাটোৰ মূলভাৱ লিখাঁ    

উত্তৰঃ প্ৰশস্তি কবিতাটোৰ কবি ৰঘুনাথ চৌধুৰী । প্ৰশস্তি কবিতাটোত সুন্দৰৰ আৰাধনা আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰীতি সুন্দৰকৈ ফুটি উঠিছে । ৰাতিপুৱা সূৰ্যৰ ৰঙালী আভাই দশোদিশ উদ্ভাসিত কৰি তোলা পৃথিৱীত ন কুঁহিপাতে চোৱৰেৰে বিচি প্ৰকৃতিক আদৰ-সাদৰ লৈ আহিছে । সেই সুন্দৰ প্ৰকৃতিত দেখি চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আলন্দত মতলীয়া হৈছে । আনকি মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও তাত প্ৰেম পৰিমল যাচি দিছে । সুললিত কণ্ঠে গীত গাই চৰাই চিৰিকটিবোৰে সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে । কালৰাত্ৰি শেষ হোৱাত কবিয়ে অমৃতৰ সন্তান মানুহক মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে । মোহন কীচক বেণুৱে অনাহত ছন্দৰে গীত গাই ঈশ্বৰৰ বন্দনা কৰিছে আৰু ভক্তসকসক তন্দ্ৰাৰ মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে । এইদৰে কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব দেখা পাইছে ।  

 


৬ । উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র , |

                         উঠা যত মুক্তি পথযাত্রী ।

      --কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।

উত্তৰঃ  উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ভক্তসকলক সুন্দৰৰ উপাসনা কৰিবলৈ আহ্বান জনাইছে ।  এই জীৱনত মানুহে নানা দুখ - যন্তণাত ভুগিবলগীয়া হয়। তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই, তেনেদৰে বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিদিষ্ট সময়ৰ মূৰত সুৰুজৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া - মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সুৰুজৰ প্ৰতি অৰ্থাৎ আন্ধাৰবিনাশী শক্তি বুলি অনুভব কৰিছে। সকলোয়ে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগবানে বা স্ৰজনকৰ্তাই। বায়ু, পানী, মাটি এই সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন। সেয়েহে মানুহে নিজৰ মাজত থকা অজ্ঞানতা আঁতৰ কৰি জ্ঞান লাভ কৰিব লাগে  সেইবাবে সকলোৱে এক ধ্যানে সুন্দৰৰ আৰাধনা কৰিব লাগে বুলি  কবিয়ে ভক্তবৃন্দক আহ্বান জনাইছে ।  

 


৭ । সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।

উত্তৰঃ বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে এই কবিতাটোৰ দ্বাৰা ভক্ত সকলক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে । কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যসমূহৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে । ৰাতিপুৱা সূৰ্যৰ ৰঙালী আভাই দশোদিশ উদ্ভাসিত কৰি তোলা পৃথিৱীত ন কুঁহিপাতে চোৱৰেৰে বিচি প্ৰকৃতিক আদৰ-সাদৰ লৈ আহিছে । সেই সুন্দৰ প্ৰকৃতিত দেখি চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আলন্দত মতলীয়া হৈছে । আনকি মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও তাত প্ৰেম পৰিমল যাচি দিছে । সুললিত কণ্ঠে গীত গাই চৰাই চিৰিকটিবোৰে সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে । কালৰাত্ৰি শেষ হোৱাত কবিয়ে অমৃতৰ সন্তান মানুহক মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে । মোহন কীচক বেণুৱে অনাহত ছন্দৰে গীত গাই ঈশ্বৰৰ বন্দনা কৰিছে আৰু ভক্তসকসক তন্দ্ৰাৰ মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে । মানুহক `অমৃতৰ পুত্ৰ' সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

 


৮ । ব্যাখ্যা কৰাঃ

 

( ক ) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ ।

             ছন্দভৰা সুমধুৰ তান ,

        জল স্থল অন্তৰীক্ষ সকলোতে যেন |

             দেৱতাৰ মহা অভিযান

উত্তৰঃ

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি' কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ কব বিচাৰিছে।

বাখ্যাঃ সূৰ্য উদয় হোৱাৰ লগে লগে প্ৰকৃতিজগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰায়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পাই। কবিৰ এনে লাগে যেন মাটিয়ে - পানীয়ে, আকাশে - বতাহে, গছে - বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিবেশৰ। যত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ। এইদৰে কবিয়ে প্ৰকৃতিৰ প্ৰতিটো বস্তুতেই নেদেখা জনৰ ৰূপ ধ্যান কৰিছে । 

 


( খ ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ |

              শেষ হল মহা কালৰাত্রি ,

        উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র

               উঠা যত মুক্তি পথযাত্রী ।

উত্তৰঃ

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিঅসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে।

বাখ্যাঃ এই পৃথিৱীখনৰ সকলো আৱৰ্জনা, প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্য্যই পৃথিৱী আৰু প্ৰকৃতি জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। সেই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখন। মানুহো প্ৰকৃতি জগতৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আৱদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি কবলৈ হলে দুখ - যন্তণা প্ৰধান। সংসাৰৰ মায়া - মোহে সেইবোৰ দুগুনে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে। কবিয়ে সকলো ভক্তসকসক তন্দ্ৰাৰ মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে ।

 


( গ ) মাহন কীচক বেণু অনাহত ছন্দে

               গায় মহামহিমৰ গান ,

        মাহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !

               সুন্দৰৰ কৰা ৰূপধ্যান ।

উত্তৰঃ

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

 সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ, অৱসাদ, মায়া - মোহ ত্যাগ কৰাৰ কথা কৈছে ।

 বাখ্যাঃ কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন অস্হায়ী। মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্য্যৰ মায়া - মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই। কবিতাটোৰ মাজেৰে কবিয়ে কব খুজিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰ দুদিনীয়া মায়া - মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তি হে মানৱৰ ধ্যান। কীচক বেণুৱে অনাহত ছন্দৰে বতাহত স্ৰষ্টাৰ গান গাই আছে । গতিকে কবিয়ে ভক্তবৃন্দক টোপনিৰ মোহ ত্যাগ কৰি উঠি সুন্দৰৰ আৰাধনা কৰিবলৈ অনুৰোধ জনাইছে । 

 

ভাষা - বিষয়কঃ

 

১/ অর্থ লিখাঃ

 

কিশলয় , চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস ।


উত্তৰঃ কিলশয় - কোঁহ, কুঁহিপাত, তন্ত্ৰালস।

      চিত্তহাৰী - মন-প্ৰাণ হৰি নিয়া।

      অন্তৰীক্ষ - আকাশ।

      তন্ত্ৰালস - ক্লান্ত, টোপনি যোৱা অৱস্থা।

 


২/ বাক্য সাজা : 

দশোদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মোহ । 

উত্তৰ: 

দশোদিশ -- পুৱাৰ সুৰুজৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তুলিছে । 


 উপেক্ষিত --- অতদিনে নিজৰ বাহুবলেৰে জগত জিনা মানুহজন আজি  উপেক্ষিত হৈ পৰিছে । 

 

জৰাজীৰ্ণ-- আজিও অসমৰ বহু বাট-পথৰ অৱস্থা জৰাজীৰ্ণ  হৈ আছে । 


অমৃত---  মধুৰ বচনক অমৃতৰ লগত তুলনা কৰা হয় । 


মোহ --  কবিয়ে ভক্তবৃন্দক টোপনিৰ মোহ  ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে । 

 

৩/ সমার্থক শব্দ লিখাঃ


তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।


উত্তৰ তৰু - বৃক্ষ, গছ, উদ্ভিদ  ।

        মুক্তি - মোক্ষ, নিৰ্বাণ, মুকলি  ।

        সুমধুৰ - মধুৰত্ব, ঘুমিষ্ট, মৌ - সনা  ।

        অভিমান - পৰিক্ৰমা, অনুসন্ধান, পৰিভ্ৰমণ  ।

        ধ্যানী - মনস্বী, ধ্যাতা, কৃতধী  ।

 

Published  By Lokesh Das



Class 10 Assamese questions Answer

Class 10 Assamese medium All Book solutions in Assamese Medium. Class 10 Assamese questions answers in Assamese Medium. Class 10 Assamese Chapter 3 in Assamese.

Previous Post Next Post