দশম শ্ৰেণীৰ অসমীয়াৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা
প্ৰশ্নউত্তৰ ।Class 10 assamese
chapter 6 question answer
ছাত্ৰ জীৱন আৰু সমাজ সেৱা
দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ
(১) অতি চমুকৈ উত্তৰ লিখা :
(ক) লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি ?
উত্তৰঃ লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হল – অবনুৱাক বনুৱা কৰা । শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক আধ্যাত্মিক আদি ভাগবোৰ অনুশীলন অৰ্থাত চৰ্চা কৰা ছাত্ৰ জীৱনৰ
শিক্ষাৰ প্ৰকৃত উদ্দেশ্য ।
(খ) বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি ?
উত্তৰঃ বৰ্তমান প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ মুখ্য দোষ । বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ
থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ
কোনো সম্পৰ্ক নাই বুলি কব পাৰি। উদাহৰণস্বৰূপে - বৰ্তমান সময়ৰ শিক্ষাৰ্থীয়ে
পাঠ্যপুথি পঢ়ি `দুখীয়াক মৰম কৰিবা' বুলি
কিতাপত পঢ়িলেও কাৰ্যক্ষেত্ৰত সেয়া কৰেনে নাই তাৰ ওপৰত কোনেও গুৰুত্ব নিদিয়ে । আকৌ
লৰাই ব্যায়ামৰ নামত হাতভৰি ভাঙি ফুটবল ক্ৰিকেট খেলিব নাইবা দহ মাইল বাট খোজ কাঢ়িব
কুণ্ঠাবোধ নকৰে । কিন্তু নিজৰ বাৰীত কোৰ এচাব মাৰিবলৈ বা খৰি এডাল বুটলি আনিবলৈ
টান পায় ।
(গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত
ব্ৰতী হ’ব লাগে ?
উত্তৰঃ ছাত্ৰসকলে জ্ঞানকাৰী, অৰ্থকৰী
আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে।
(ঘ) ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে ?
উত্তৰঃ ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক্ষেত্ৰস্বৰূপে নিজৰ গাওঁখনক বাছি লব পাৰি । গাঁওৰ অজ্ঞানতা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি বিভিন্ন দিশৰ পৰা মুক্ত কৰি অভিজ্ঞতা লাভৰ
দ্বাৰা কাৰ্যকৰী জ্ঞান অৰ্জন কৰিব লাগিব ।
ঙ) লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ
উন্নতি কৰা ?
উত্তৰ: লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা ।
(২) ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে
শিক্ষাৰ সময়ছোৱাত কোনবোৰ পন্থা অৱলম্বন কৰিব পাৰে ? দেশসেৱাত ব্ৰতী হ’বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা
সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ হলে
শিক্ষাৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হব লাগে। একাগ্ৰতা
হৈছে ছাত্ৰ জীৱনৰ উন্নতিৰ ঘাই মন্ত্ৰ। এই অৱস্থাত মনৰ গতি একমুখী হব লাগে, বহুমুখী হলে ছাত্ৰৰ ছাত্ৰত্ব শক্তি লোপ পাব
খোজে। ছাত্ৰ হৈ থকা সময়ছোৱাত ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ললে, নাইবা বাহিৰত হৈ কোলাহল আদিত গা ঢালি দিলে
ছাত্ৰই নিজ জীৱনত উন্নতি কৰিব নোৱাৰে। এনে কিছুমান কথা কাল আৰু
পাত্ৰভেদে বিচাৰ কৰি চলিব লাগে।
ছাত্ৰসকলে ছাত্ৰ জীৱনত
শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলো বিধ শিক্ষাৰে অনুশীলন কৰিব লাগে। আমাৰ
দেশত এই ধৰণৰ সকলো শিক্ষা প্ৰদান কৰা হয়। ছাত্ৰসকলে মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মনুষ্য জনম সাৰ্থক হব, সাংসাৰিক জীৱনত মানুহে কি কাম কৰিলে কৃতকাৰ্য হব পাৰিব এই
সকলোবোৰ ব্যৱহাৰিক তথা কাৰ্যকৰী জ্ঞান আহৰণ কৰাটো গুৰুত্ব দিব লাগে । ছাত্ৰসকল
হল দেশৰ ভৱিষ্যত ।
৩/ “এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী
শিক্ষাৰ একোটি পাঠ মাথোন ।” – কোনখিনি কাম কাম তেওঁলোকৰ
কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন বুজাই লিখা ।
উত্তৰ- ছাত্ৰসকলে গাঁও অঞ্চলসমূহত ৰাজত্ব কৰা অজ্ঞানতা, নিৰক্ষৰতা, কু-সংস্কাৰ, অন্ধবিশ্বাস আদি সকলো দিশ আতঁৰাই দেশৰ প্ৰগতি, উন্নতি আদিৰ পথত থিয় দিব লাগিব।
ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে-ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লোকসকলক এই বিষয়ে চকু
মুকলি কৰিব লাগিব। বাতৰি কাকত আৰু জ্ঞান তথা জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ
অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কুৰ্চুট- কপট গুচাবলৈ চাব
লাগিব। গাঁৱত কোনো নৰীয়া আদি হ'লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। উপদেশেৰে আৰু
উদাহৰণৰে নিজৰ ঘৰ আৰু গাঁওখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব। এইবোৰ কাম ছাত্ৰৰ
কৰ্তব্যৰ বাহিৰ নহয়, কিয়নো এইখিনি কাম তেওঁলোকৰ
কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন ।
৪)আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই
লিখা।
উত্তৰ- বৰ্তমান সময়তো আমাৰ দেশৰ অধিকাংশ লোক অজ্ঞানতা আৰু
কু সংস্কাৰৰ অন্ধকাৰত নিমজ্জিত হৈ আছে । আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ ইয়াৰ তিনি-চাৰিশ
বছৰ আগেয়ে যি অৱস্থাত আছিল আমাৰ দেশৰ অধিকাংশ লোক আজিও লেই অৱস্থাত আছে । কিছুমান
গাঁৱত আজিও পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অৱশন দেখিবলৈ পোৱা গৈছে।
অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত
কৰিছে। অজ্ঞানতা আৰু কু-সংস্কাৰে মানুহক আৱৰি ধৰি আছে। নিজৰ ভৌতিক সম্পদৰ বাবে ইজনে সিজনৰ লগত হাই
কাজিয়াত লিপ্ত হৈ পৰিছে। কানি-ভাং আদি বিভিন্ন ধৰণৰ নিচাসক্ত দ্ৰব্যই নিজৰ লগতে আনৰ উন্নতিৰ ফালে
সমূলি ধৰিছে। ক'ত কি হৈছে তেওঁলোক কানসাৰ নকৰি হাতত হাত সাৱটি বহি
ৰৈছে এচাম মানুহে। একেডোখৰ মাটিতে সাৰ-জাবৰ দি কেনেদৰে তাৰ পৰা সৰহ শস্য উলিয়াব
পাৰি, কেনেকৈ গৰু জাতিটোক ভালদৰে পুহ-পাল দি নিজৰ অৱস্থা
টনকিয়াল কৰিব পাৰি এনেবোৰ কথা তেওঁলোকৰ চিন্তনীয় বিষয় হৈ পৰিছে। এয়াই হৈছে আমাৰ
দেশৰ অধিকাংশ লোকৰ বৰ্তমান অৱস্থা ।
৫/ “গাওঁ একাধাৰে নগৰৰ জনক জননী ।” – কথাষাৰ তাতপৰ্য বুজাই লিখা ।
উত্তৰ- এই পাঠটোত লিখকে গাৱঁক একাধাৰে নগৰৰ জনক জননী বুলি
অভিহিত কৰিছে । একোখন গাঁৱৰ বুকুতেই নগৰৰ জন্ম হয় অৰ্থাৎ গাঁৱেই মাতৃস্বৰুপে নগৰক
জন্ম দিয়ে আৰু সেই গাওঁখনেই নগৰখনক পিতৃস্বৰুপে প্ৰতিপালন কৰে । নগৰীয়া সভ্যতা
সৃষ্টি হোৱাৰ আগতে মানুহবোৰ গ্ৰাম্যঞ্চলত বাস কৰিছিল । আমাৰ সমাজত পৰে । গতিকে
গ্ৰাম্যঞ্চলত বাস কৰিছিল । আমাৰ সমাজত যান্ত্ৰিক সভ্যাতাই প্ৰৱেশ কৰাৰ লগে লগে
মানুহবোৰ নগৰমুখা হৈ পৰে । গতিকে গ্ৰাম্যঞ্চলৰ লোকেই আহি নগৰ প্ৰতিষ্ঠা কৰিছে আৰু
যান্ত্ৰিক সভ্যতাৰ লগত নিজকে বিলীন কৰি দিছে । এই নগৰ অঞ্চলৰ মানুহবোৰে দৈনন্দিন
জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন বস্তুৰ বাবে সম্পূৰ্ণৰূপে গ্ৰাম্য সমাজৰ
ওপৰত নিৰ্ভৰ কৰিব লাগে । আমাৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা বস্তুবোৰ কেঁচা
সামগ্ৰীবোৰ গ্ৰাম্যঞ্চলতেই উৎপাদন হয় । তাৰ পৰাই ব্যৱহাৰৰ উপযোগী বিভিন্ন সামগ্ৰী
তৈয়াৰ কৰা হয় । গতিকে গাওঁখনেই পিতৃস্বৰূপে বিভিন্ন সামগ্ৰী যোগান ধৰি নগৰ একোখন
প্ৰতিপালন কৰিবলগীয়া হয় অথবা পিতৃৰ দায়িত্ব পালন কৰিবলগীয়া হয় । সেয়েহে লিখকে
গাঁৱক নগৰৰ জনক জননী বুলি অভিহিত কৰিছে ।
৬। বাখ্যা কৰা ।
(ক) পঢ়াই পঢ়ে ৰোৱে পাণ
এই তিনিয়ে নিচিন্তে আণ
উত্তৰঃ প্ৰসংগঃ উক্ত
বাক্যফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেস্বৰ নেওগৰ দ্বাৰা লিখিত ছাত্ৰ
জীৱন আৰু সমাজসেৱা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে ।
সংগতি বাক্যফাঁকিৰ
দ্বাৰা শিক্ষাৰ্থী শিক্ষক আৰু পাপ ৰওঁতা এই তিনিওজনে যে নিজৰ উদ্দেশ্যৰ পৰা আতৰাব
নালাগে সেই কথাকে বুজাব বিছাৰিছে ।
বাখ্যা শিক্ষাৰ্থী
সকল শিক্ষাৰ লাভৰ সময়ছোৱাত একাগ্ৰ হোৱাটো অতিকে প্ৰয়োজনায় গুণ । এই অৱস্থাত মনৰ
গতি এখ মুখী হব লাগে । একাগ্ৰতিৰে অধ্যয়নত নিমগ্ন নহৈ বাহ্যিক বাতাৱৰণত উটি ভাঁহি
গলে জীৱনত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিব । ঠিক সেইদৰে শিক্ষকৰ মূল উদ্দেশ্য অৰ্জন
কৰা জ্ঞান
ছাত্রক প্রদান কৰা বা ন-ন কথা নিজে শিকাৰ
লগতে শিকোৱা । নিৰলস সাধনাই যে জীৱনৰ সফলতা উক্ত বাক্যশাৰীৰ দ্বাৰা তাকে বুজোৱা
হৈছে ।
(খ) কৰ্ম
শলাত গঢ়িবলৈ হলে আগতে জুইশলাত গঢ়ি চাব লাগিব । সাঁতুৰিবলৈ শিকিবলৈ হলে পানীত
ননমাকৈ নহয় ।
উত্তৰঃ প্ৰসংগঃ উক্ত
বাক্যফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেস্বৰ নেওগৰ দ্বাৰা লিখিত ছাত্ৰ
জীৱন আৰু সমাজসেৱা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে ।
সংগতি লেখকে
উক্ত বাক্যশাৰীৰ দ্বাৰা ব্যৱহাৰীক শিক্ষা বা কাৰ্যকৰী শিক্ষাৰ গুৰুত্ব দ্বাৰা ব্যৱহাৰীক শিক্ষা বা কাৰ্যকৰী শিক্ষাৰ
গুৰুত্ব সম্পৰ্কে বুজাব বিছাৰিছে ।
বাখ্যা ব্যৱহাৰিক
শিক্ষা উপযুক্ত শিক্ষা, এই শিক্ষাই হল শিক্ষাৰ্থীৰ ব্যৱহাৰিক জীৱনৰ সফলতাৰ
চাবি কাঠি । গতিকে প্ৰকৃত শিক্ষা লাভৰ বাবে শিক্ষাৰ্থীয়ে নিজকে সেই পৰিৱেশত ঢাল দি
লব লাগিব । কিয়নো ছাত্ৰ জীৱনৰ শিক্ষা নিক্কৰ্থা অৰ্থাৎ কাপ কাকতৰ দূৰৰ পৰা বহি ৰং
চোৱা শিক্ষা নহয় । ছাত্ৰ সকলে কোনো বিষয়ত পাৰ্গত হবলৈ হলে প্ৰথমে সেই বিষয়টোৰ
অভ্যাস কৰিব লাগিব । ছাত্ৰসকলে শক্ষিধানৰ বোকামাটিত নানমিব পাৰে, কিন্ত কঠিয়া তলিত হাল জুৰ্ চাব লাগিব নহলে তেওঁলোকৰ কোনো শিক্ষাই হব
নোৱাৰে । ঠিক সেইদৰে কমাৰশালত গঢ়িবলৈ হলে আগতে জুইশালত গঢ়ি চাব লাগিব ।
সাতুৰিবলৈ শিকিবলৈ হলে পানীত ননমাকৈ নহয় ।
(গ) এই কালি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে ।
কাঁইট-কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰুপে মাতৃয়ে গ্ৰহণ নকৰে ।
উত্তৰঃ প্ৰসংগঃ উক্ত
বাক্যফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেস্বৰ নেওগৰ দ্বাৰা লিখিত ছাত্ৰ
জীৱন আৰু সমাজসেৱা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে ।
সংগতি ছাত্ৰৰ পৰিপুষ্ট জ্ঞানৰ গুৰুত্বতো সম্পৰ্কে লেখকে
উক্ত বাক্যফাকিৰ দ্বাৰা আমাক বুজাব বিছাৰিছে ।
বাখ্যা বৰ্তমানৰ ছাত্ৰসকলেই দেশৰ ভৱিশষ্যত, আশা ভৰষাৰ কলি,
এই কলি সময়তে তেওঁলোকক
সম্পূৰ্ণৰুপে বিকশিত হোৱাৰ সুবিধা দিলেহে তেওঁলোকক পৰিপুষ্ট হৈ উঠিব । আৰু দেশ তথা
সমাজৰ উন্নতিত অংশ গ্ৰহণ কৰিব পাৰিব । কিন্ত তাকে নকৰি তেওঁলোকক কলি অৱস্থাতে যদি
আমি চকু খুৱাই হুৰাই আনখনা কৰি তোলা তেওঁলোকৰ অহিত চিন্তাহে হব তথা দেশৰ যহা
আঙুলহে সাধন হব । গতিকে আমাৰ ছাত্ৰ সকলক বিকশিত হবৰ বাবে মনৰ গতি মুকলি কৰিবৰ বাবে
যে আমি সম্পূৰ্ণ সুবিধা দিব লাগিব তাকে লেখকে বুজাব বিছাৰিছে । কিয়নো ফুলৰ কলি বা
কাইট পূজাৰ উপচা ।
(ঘ) নৰ সেৱাই প্ৰকৃত নাৰায় সেৱা ।
উত্তৰঃ উক্ত বাক্যফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ ‘অসমীয়া সাহিত্য চয়নিকাৰ’ৰ অন্তৰ্গত ছাত্ৰ জীৱন আৰু
সমাজ সেৱা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে । পাঠটিৰ ৰচক ডিম্বেশ্বৰ নেওগ ।
বিদ্যানিতীক শিক্ষাৰ লগতে দেশ আৰু সমাজৰ সেৱনা
প্ৰতি আগবাঢ়োও যে প্ৰকৃত শিক্ষাৰ ক্ষেত্ৰতে ভিতৰুৱা সেই কথা প্ৰকাশ কৰাৰ
ক্ষেত্ৰতে লিখকে এই মন্তব্য আগবঢ়াইছে।
নাৰায়ণক সেৱা কৰাৰ আগতে মানুহক সেৱা কৰিব লাগে ।
ভগৱানক পূজা-অৰ্চনা কৰি মানুহক হিংসা কৰিলে তেনে পূজা-অৰ্চনাৰ কোনো মূল্য নাই সেই
পূজাৰ ফল পোৱা নাযায় । আকৌ মানুহক সেই কৰা উত্তম উপায় হৈছে দেশ আৰু সমাজৰ সেৱা কৰা
। ছাত্ৰসকলে শিক্ষা আহৰণৰ লগতে দেশ আৰু সমাজসেৱা আগবঢ়াব লাগে । সেই শিক্ষাই
দৰাচলতে প্ৰকৃত শিক্ষা ।
(৭) বিপৰীত শব্দ লিখা :
নিষ্কৰ্মা, ক্ৰটি, সহযোগিতা, দেশহিতৈষিতা, প্ৰৌঢ়
উত্তৰ শব্দ ----- বিপৰীত শব্দ
নিষ্কৰ্মা --- কৰ্মী
ক্ৰটি --- শুদ্ধ
সহযোগিতা --- অসহযোগিতা
দেশহিতৈষিতা --- দেশদ্ৰোহিতা
প্ৰৌঢ় --- কুমাৰ
(৮) সমাৰ্থক শব্দ লিখা
কাৰ্যকৰী, প্ৰকৃত, সাম্য, কুৰ্চুট-কপট, আনমনা, দুৰ্দিন, কাপ-কাকত
উত্তৰ শব্দ ----- সমাৰ্থক শব্দ
কাৰ্যকৰী --- কাৰ্যক্ষম
প্ৰকৃত --- আচল
সাম্য --- সমান
কুৰ্চুট-কপট --- কুটিল
আনমনা --- অন্যমনস্কতা
দুৰ্দিন ---- কুদিন
কাপ-কাকত --- চিঞাঁহী কাগজ
Published By Lokesh Das
Class
10 Assamese Medium questions Answer
Class 10 Assamese medium All Book solutions in
Assamese Medium .