ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ | Class 10 Social Science History Part Questions answers in Assamese Medium.

 Class 10 Social Science History Part  Questions answers in Assamese Medium.


Class 10 History Part All Chapter Solutions .

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

 

 

অতি চমু উত্তৰৰ প্ৰশ্ন-

১/ য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?

উত্তৰ- য়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী হৈছিল ǀ

 

২/ কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয় ?

উত্তৰ- কোম্পানীৰ আমোল বুলিলে ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ বুজোৱা হয় ǀ


৩/ অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰ- অসমত বাংলা ভাষাৰ প্ৰচলন ১৮৩৬ চনৰ পৰা হৈছিল ǀ


৪/ বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰ- বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন ১৮৭৩ চনত হৈছিল  ǀ


৫/ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?

উত্তৰ- অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন মিলন আছিল ।


৬/ ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?

উত্তৰ- ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ ব্যৱস্হাৰ বিৰোধিতা কৰা আছিল ǀ


৭/ সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ?

উত্তৰ- সদৌ অসম ৰায়ত সভাৰ গঠন ১৯৩৩ চনত হৈছিল ǀ




৮/ আহোম সভাৰ সম্পাদক কোন আছিল ?

উত্তৰ- আহোম সভাৰ সম্পাদক পদ্মনাথ গোঁহাইবৰুৱা আছিল ǀ

৯/ যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ?

উত্তৰ- যোৰহাট সাৰ্বজনিক সভা ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল  ǀ


১০/ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ?

উত্তৰ- অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ আছিল ।


১১) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল ?

উত্তৰ- অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি বিষ্ণুৰাম মেধি আছিল ǀ


১২) অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল ?

উত্তৰ- অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ ১৯৪৬ চনত নিৰ্বাচিত হৈছিল ǀ 

১৩) কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?

উত্তৰ- কুশল কোঁৱৰক সৰুপথাৰত ৰেল বগৰোৱাৰ অপৰাধত ফাঁচী দিয়া হৈছিল ǀ


১৪) গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?

উত্তৰ- গুৱাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চনৰ ২৬ জানুৱাৰীত স্থাপিত হৈছিল  ǀ


১৫) অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ?

উত্তৰ- অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে ১৯৪৭ চনৰ ৩ নবেম্বৰ নামাংকিত হয় ǀ


১৬) গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?

উত্তৰ- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ǀ



More Resours For Class 10 Solutions in Assamese Medium

চমু উত্তৰৰ প্ৰশ্ন-

১)অসম লিটাৰেৰী ছচাইটিৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰ- ১৮৩৬ চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল যাৰ ফলত স্কুল,অফিছ,কাছাৰী,আদালত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল ǀ কিন্তু অসমীয়া ভাষাক পুনৰ চৰকাৰৰ দ্বাৰা মান্যতা দিয়াবলৈ স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোকে কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকল একত্ৰিত হৈ অসমীয়া ভাষা সাহিত্য উন্নয়নৰ অৰ্থে ১৮৭২ চনতঅসম লিটাৰেৰী ছচাইটীৰ জন্ম দিয়ে ǀ আৰম্ভণিতে অনুষ্ঠানটোক নেতৃত্ব দিছিল-দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনে ǀ এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা ǀ কিন্তু সময় বাগৰাৰ লগে লগে অনুষ্ঠানটোত ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল ǀ ১৮৭২ চনত সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছচাইটিৰ তৰফৰ পৰা সেই সময়ৰ ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছিল ǀ পত্ৰ যোগেদি অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম বংগৰ মাজত ৰেল সংযোগ স্হাপনৰ বাবে ব্যৱস্হা গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল ǀ

 

২/ জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটি চমু আভাস দিয়া ǀ

উত্তৰ- ১৮৮৮ চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰকাশিত আলোচনীখনৰে নাম আছিল জোনাকী ǀ এই জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল ǀ ইয়াত প্ৰকাশিত কবিতা, প্ৰবন্ধ সমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল ǀ

          ব্ৰিটিছসকলৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল ǀ কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিল ǀ

          লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ, অসম সংগীত, বীণ বৰাগী; অম্বিকাগিৰী ৰায়চৌধুৰীৰ বিভিন্ন ৰচনাই স্বদেশপ্ৰেমৰ ঢল বোৱাইছিল ǀ

 


৩/ আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা ǀ

উত্তৰ- আহোম সভা পদ্মনাথ গোঁহাইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভা গঠন কৰা হৈছিল ǀ আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন হৈছিল ǀ আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন নাইকিয়া কৰিবলৈও এই সভা যত্নপৰ হৈছিল ǀ ১৯১০ চনত এই সভাক সদৌ অসম আহোম এছচিয়েছন নাম দিয়া হয় ǀ এই এছচিয়েছনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল- আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যদা প্ৰদান কৰি তেওলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা ǀ এই উদ্দেশ্যে ১৯৩০ আৰু ৪০ দশক দুটাত আহোম সভাই সক্ৰিয়ভাৱে দাবী তুলিছিল ǀ ইয়াৰ পিছত এছচিয়েছনত বিভাজিত হৈ ক্ৰমাৎ দুৰ্বল হৈ পৰে ǀ

 

৪/ আছাম এছচিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি কি আছিল ?

উত্তৰ- আছাম এছচিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ হৈছে-

(ক)    পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল ǀ

(খ)  আছাম এছচিয়েচনে স্হানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল ǀ

(গ) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল ǀ

(ঘ)    শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল ǀ সেই উদ্দেশ্যে আছাম এছচিয়েচনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্হাপনৰ হকে মাত মাতিছিল ǀ





৫/ অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা ǀ

উত্তৰ- ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূৰ্ণ অধ্যায় । অসমত ১৯২০-২১ চনৰ পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলনত বহু কেইজন গণ্য মান্য ব্যক্তি জড়িত হৈ আছিল ǀ

          ১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত অসহযোগ আন্দোলনৰ সৈতে জড়িত হৈ পৰিল ǀ সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈয়ে আন্দোলনটোৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ǀ

          চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশ গ্ৰহণ কৰিছিল ǀ

তাৰোপৰি লক্ষীধৰ শৰ্মা, ৰোহিনীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদিৰ দৰে  ব্যক্তিও এই আন্দোলনৰ বাটকটীয়া হৈ জনতাক নেতৃত্ব দিছিল ǀ

          ছাত্ৰসকলক অনুসৰণ কৰি- নবীন চন্দ্ৰ বৰদলৈ, তৰুণ ৰাম ফুকন, কুলধৰ শৰ্মা, বিষ্ণুৰাম মেধি আদি উকিলসকলেও ওকালতি ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল ǀ

 

৬/ কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা ǀ

উত্তৰ- আইন অমান্য আন্দোলনক ব্ৰহ্মপুত্ৰ উপত্যকাত এক বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত স্কুল কলেজত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ঠ অৰিহণা আগবঢ়াইছিল ǀ সেয়ে ইংৰাজ চৰকাৰে ছাত্ৰসকলক এই আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ বিভিন্ন ব্যৱস্থা কৰিছিল ǀ ১৯৩০ চনত কানিংহাম চাৰ্কুলাৰ তেনে এক ব্যৱস্থাৰে অংশ আছিল ǀ কানিংহাম চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল ǀ চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক জৰিমণা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হব বুলি ঘোষণা জাৰি কৰিছিল ǀ চৰকাৰৰ এই কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল ǀ




৭/  গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি  হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা ǀ

উত্তৰ- গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত বহুতো সমস্যাৰ মুখামুখি হৈছিল ǀ ভাৰতৰ স্বধীনতাৰ প্ৰাকমুহূৰ্তত অসমৰ আন্ত:গাথনি যথেষ্ট দুৰ্বল আছিল ।  মাত্ৰ ১২ কি মি বহল সংকীৰ্ণ স্থলভাগে উত্তৰ পূবক ভাৰতৰ অন্য প্ৰান্তৰ লগত সংযোগ কৰি ৰাখিছিল ǀ বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু পথপৰিবহন হঠাৎ পূৱ পাকিস্তানৰ অন্তৰ্গত হৈ পৰিছিল ǀ বিভাজনৰ বাবে বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত চলি থকা অৰ্থনৈতিক বাণিজ্যত বাধা আহি পৰিছিল ǀ ইয়াৰ আগতে অঞ্চলটোত কৃষি শিল্পজাত সামগ্ৰী, চাহ, নীল, মৰাপাট, ৰেচম আদিৰ আন্তজাৰ্তিক বাণিজ্যৰ প্ৰচলন আছিল ǀ কিন্তু বিভাজনৰ পিছত আন্তজাৰ্তিক বাণিজ্য বিসৰ্জন দি দেশীয় বাণিজ্যতহে মনোনিবেশ কৰা হয় ǀ ইয়াৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলত ভৌগোলিক পুনৰগঠন আৰু অনুপ্ৰৱেশকাৰী সমস্যাও দেখা দিছিল ǀ ১৯৬২ চনত চীনৰ ভাৰত আক্ৰমণে উত্তৰ পূব ভাৰতৰ  নিৰাপত্তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছিল ǀ

 

৮/  অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা ǀ

উত্তৰ- ১৯২৩ চনত কৰিমগঞ্জত আৰু তাৰ পিছত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি পদক্ষেপ আছিল ǀ এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ আবিৰামভাৱে চলাই গৈছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয়ৰ আৱশ্যকীয় হৈ পৰিছিল ǀ তাৰে পৰিপেক্ষিতত বৰদলৈ মন্ত্ৰীসভাৰ দিনত ১৯৪৮ চনত নগাঁওত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল ǀ এই দুয়োখন মহাবিদ্যালয় সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয় ǀ অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূৱৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় ǀ

 

৯/ অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা ǀ

উত্তৰ- ডিব্ৰুগড়ত উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল ǀ ১৯০০ চনত ডিব্ৰুগড়ত ডা: জন বেৰী হোৱাটৰ ৫০,০০০ টকাৰ আনুদানৰ পুঁজিৰে  ‘বেৰী হোৱাইট মেডিকেল স্কুলস্হাপন হৈছিল ǀ ডঃ জন বেৰী হোৱাট আছিল লখীমপুৰৰ চিভিল ছাৰ্জন ǀ ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি অনা হৈছিল আৰু ৰেডিঅলজী বিভাগ আৰম্ভ কৰা হৈছিল ǀ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিলǀ স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱেঅসম চিকিৎসা মহাবিদ্যালয়নামেৰে নামাংকিত কৰা হয় ǀ

 



দীঘল উত্তৰৰ প্ৰশ্ন-

১/ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যৱলীৰ বিষয় আলোচনা কৰা ǀ

উত্তৰ-  অসমত ১৮৩৬ চনৰ পৰা চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল যাৰ ফলত স্কুল, অফিছ, কাছাৰী, আদালত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল ǀ কিন্তু স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এচাম শিক্ষিত লোকৰ প্ৰচেষ্টাৰ ফলত ১৮৭৩ চনত অসমীয়া ভাষাক পুনৰ চৰকাৰে মান্যতা দিয়ে ǀ তৎসত্বেও  বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত আক্ৰমণ ১৮৮০-৮৫ চনলৈকে চলিয়ে  আছিল ǀ বাংলা ভাষাৰ আগ্ৰাসন বিৰুদ্ধে আৰু অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে সেই সময়ৰ কলিকতাত থকা অসমীয়া ছাত্ৰসকলে পুনৰ সংগঠিত হোৱাৰ পৰিকল্পনা কৰিছিল ǀ সেই উদ্দেশ্যে ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা (অঃ ভাঃ উঃ সাঃ)গঠিত হৈছিল ǀ এই সভা গঠনত উদ্যোগ লোৱা ছাত্ৰসকল আছিল-হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনক লাল বৰুৱা, চন্দ্ৰ কুমাৰ  আগৰৱালা আৰু ৰমাকান্ত বৰকাকতী ǀ

          এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল ǀএই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিছিল ǀ তদুপৰি এই সভাই অন্যন্যভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো হাতত লৈছিল ǀ এই সভাৰ প্ৰচেষ্টাতে হেমচন্দ্ৰ বৰুৱাইহেমকোষপ্ৰকাশৰ কাম হাতত লৈছিল ǀ

          তাৰোপৰি এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনা জোনাকীয় অসমত এটা নতুন যোগৰ সূচনা কৰিছিল ǀ

 


২/  অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা ǀ

উত্তৰ- অসম ছাত্ৰ সন্মিলন ১৯১৬ চনত গঠন হৈছিল ǀ গুৱাহাটীত বহা ইয়াৰ প্ৰথমখন অধিবেশনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে ǀ অসম ছাত্ৰ সন্মিলনৰ অৱদানবোৰ হ-

    1)  এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল- অসমীয়া ভাষাৰ উন্নতি সাধন কৰা ǀ

    2)  ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান প্ৰদান কৰি এক সম্পৰ্ক স্হাপন কৰিবলৈ চেষ্টা কৰিছিল ǀ

   3)   এই সন্মিলন প্ৰথম অৱস্থাৰ ৰাজনীতিৰ লগত জড়িত নাছিল যদিও পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছিল ǀ

    4)   ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিলমিলন ǀ ইয়াত প্ৰকাশিত বিভিন্ন প্ৰৱন্ধ লেখা আদিয়ে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ় দিয়াত যথেষ্ঠ অৱদান আগবঢ়াইছিল ǀ

   5)   ছাত্ৰ সন্মিলনৰৰ বাৰ্ষিক অধিবেশনসমূহত বিখ্যাত, সাহিত্যিক, চিন্তাবিদ, ৰাজনীতিবিদ সকলে  অংশ গ্ৰহণ কৰি জ্ঞানসমৃদ্ধ আৰু জাতীয়তাবাদেৰে পুষ্ট বক্তৃতাৰে জনসাধাৰণক আকৰ্ষিত কৰিছিল ǀ সেইসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোঁহাইবৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়, কৃষ্ণকান্ত সন্দিকৈ ইত্যাদি  প্ৰধান ǀ

 

৩/ ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খাতিয়ান দাঙি ধৰা ǀ

উত্তৰ-  ৰায়ত সভাৰ উদ্দেশ্য আছিল-

ক) গ্ৰেজিং কৰ বন্ধ কৰা,

খ) মাটিৰ খাজানা হ্ৰাস কৰা,

গ) পূৰ্ববংগৰ পৰা হোৱা প্ৰৱজন ৰোধ কৰা

ৰায়ত সভাৰ ভূমিকা

  ক)    ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্হাৰ বিৰোধিতা কৰিছিল ǀ অৱশ্যে ১৮৬১-১৮৯৩ চনলৈ ভূমি ৰাজহৰ প্ৰতিবাদত কৃষকৰ দ্বাৰা উত্তৰ কামৰূপকে ধৰি অন্য ঠাইত হোৱা প্ৰতিবাদত ৰায়ত সভাই কোনো ভূমিকা লোৱা নাছিল ǀ

    খ)    ১৯৩০-৩৪ চনৰ আইন আন্দোলনৰ সময়ত অসম কংগ্ৰেছ সমিতিৰ তত্বাবধানত অসমত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠিছিল ǀএইবিলাকৰ ভিতৰত নদুৱাৰ,ছয়দুৱাৰ ,শিৱসাগৰ আৰু দৰঙৰ ৰায়ত সভাবোৰ উল্লেখযোগ্য ǀ আইন আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই ৫০% ভূমি ৰাজহ হ্ৰাস কৰাৰ বাবে দাবী জনাইছিল ǀ

   গ)   ১৯৩৪ ৰ পৰা ১৯৩৯ চনৰ ভিতৰত অসমত প্ৰায় ৩০০খন ৰায়ত সভা গঢ়ি উঠিছিল ǀ কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাত ১৯৩৯ চনৰ পৰা অসমত ৰায়ত সভাসমূহৰ কাম-কাজ নোহোৱা হৈ পৰিল আৰু বিভিন্ন অঞ্চলৰ ৰায়ত সভাসমূহ কংগ্ৰেছ সমিতিত বিলীন হৈ পৰিল ǀ

 


৫/ যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যৱলী সম্পৰ্কে লিখা ǀ

উত্তৰ-  যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য-

   ক)   ৰাইজৰ আশা,আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰা ।

   খ)   চৰকাৰৰ উদ্দেশ্য নীতি জনসাঘাৰণক বুজোৱা ।

    গ)  জনসাধাৰণৰ অৱস্হাৰ উন্নতি সাধন কৰা ।

যোৰহাট সাৰ্বজনিক সভাৰ কাৰ্যৱলীসমূহ-

  ক) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্হাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ǀ

  খ)   ১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল ǀ

  গ)  ১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিবলৈ অনুৰোধ কৰিছিল ǀ

   ঘ)   ১৯০৫ চনৰ বংগভংগৰ বিৰোধিতা কৰিছিল ǀ পূৰ্ববংগৰ সৈতে অসমক সাঙুৰিলে অসমৰ ভৱিষ্যত বিপদাপন্ন হব বুলি মতামত আগবঢ়াইছিল ǀ পিছলৈ অৱশ্যে চৰকাৰৰ প্ৰৰোচনাত পৰি সভাপতি জগন্নাথ বৰুৱা বংগভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল ǀ এই সভাই নতুন প্ৰদেশত অসমীয়াৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল ǀ

 

৫/ আছাম এছচিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা ǀ

উত্তৰ- আছাম এছচিয়েচন অসমৰ ৰাইজৰ মুখ্যপত্ৰ হিচাপে আগবঢ়াইছিল ǀ অৱশ্য ই সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিল । ই শান্তিপূৰ্ণভাৱে আৰু সাংবিধানিক, প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল ।  এই অনুষ্ঠানটোৰ উল্লেখযোগ্য কামকাজসমূহ হৈছে -

1)    পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰা ǀ

2)    আছাম এছচিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল ǀ

3)    বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্হা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল ǀ

4)    শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল ǀ সেই উদ্দেশ্যে আছাম এছচিয়েচনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল ǀ


 


৬/ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ  জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া ǀ

উত্তৰ- অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ  জন্ম- ভাৰতীয় জাতীয় কংগ্ৰেছ ১৮৮৫ চনত জন্ম লাভ কৰিছিল ǀ ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসমতো বিভিন্ন অনুষ্ঠানৰ পৰা অহা প্ৰতিনিধিসকলে জাতীয় কংগ্ৰেছৰ অধিবেশনসমূহত অংশ গ্ৰহণ কৰি আহিছিল ǀ

          অসমত আছাম এছচিয়েচনে  কংগ্ৰেছৰ লগত বিলীন হৈ সৰ্বভাৰতীয় ৰাজনীতিত অংশ লবলৈ অগ্ৰসৰ হৈছিল ǀ আছাম এছচিয়েচনৰ কিছুসংখ্যক সদস্যই প্ৰথমৰে পৰা অনুষ্ঠানটোক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে আন একাংশই তাৰ বিৰোধিতা কৰিছিল ǀ তথাপিও সেই সময়ত কংগ্ৰেছ নীতি আদৰ্শ আু কাৰ্যপন্থাই মধ্যবিত্ত অসমীয়া সকলক বাৰুকৈ আকৰ্ষিত কৰিছিল ǀ

          আছাম এছচিয়েচনক কংগ্ৰেছ সংগঠনৰ ৰূপ দিবলৈ ১৮ এপ্ৰিল ১৯২১ চনত ছৱিলাল উপাধ্যয়ৰ পৌৰহিত্যত এখন বিশেষ অধিবেশন অনুষ্ঠিত কৰা হয় ǀ সেই বছৰৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছৱিলাল উপাধ্যয়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ  উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি  গঠন কৰা হয় ǀ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ  ভূমিকা- ১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰগঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল ǀ কংগ্ৰেছ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈ উৎসাহিত কৰিছিল ǀ ১৯২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাবধানত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ  প্ৰচাৰ চলাবলৈ আমন্ত্ৰণ জনোৱা  হৈছিল ǀ সেই বছৰৰ আগষ্ট মাহত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে নৱগঠিত কংগ্ৰেছ কমিটিখনৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিলে ǀ ফলত আন্দোলনটো অসমত চৌদিশে বিয়পি পৰিল ǀ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ১৯২৬ চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১তম বাৰ্ষিক অধিবেশন আয়োজন কৰিছিল ǀ

          ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰীৰূপে  নিৰ্বাচিত হৈছিল ǀ

          যেতিয়া কেবিনেট মিছনে অসমক পূব বংগৰ লগত সন্নিবিষ্ট কৰি গোট-গ গঠন কৰিব বিচাৰিছিল, সেই সময়ত গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছিল আৰু সেই প্ৰতিবাদক মহাত্মা গান্ধীয়েও সমৰ্থন জনাইছিল ǀ তাৰে পৰিপেক্ষিতত অসম পূব বংগৰ লগত চামিল নোহোৱাকৈ থাকিল ǀ

 


৭/ স্বদেশী আন্দোনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়াǀ

উত্তৰ-  ১৯০৫ চনৰ ১৬ অক্টোবৰত বমগ বিভাজন কাৰ্যকৰী হোৱাৰ লগে লগে পূৰ্ব বংগ আৰু অসমএখন লেফটেনেন্ট গৱৰ্ণৰ শাসিত প্ৰদেশ হয় । অসমৰ তদানীন্তন মু্খ্য আয়ুক্ত ফুলাৰেই পূৰ্ব বংগ আৰু অসমপ্ৰদেশৰ লেফটেনেন্ট গৱৰ্ণৰ পদত আধিষ্ঠিত হয় আৰু একে সময়তে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হয় । ইয়াৰ প্ৰতিবাদত ১৯০৫ চনৰ ৭ আগষ্টত কলিকতাৰ কাছিমবজাৰৰ টাউন হলত হোৱা এখন বিশাল জনসভাত বিদেশী বস্ত্ৰ বৰ্জনৰ প্ৰস্তাৱগ্ৰহণ কৰা হৈছিল ।

  বিট্ৰিছে অসমত প্ৰদান কৰা ইংৰাজী শিক্ষা বৰ্জন কৰি জাতীয় শিক্ষা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল । এই কাৰ্যসূচীৰ ৰূপায়ন কৰোঁতে প্ৰচীন অসমীয়া শিক্ষা, সাহিত্য-সংস্কৃতি ঐৰু ভাষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল যাতে মানুহে অতীতক লৈ গৌৰৱবোধ কৰিব পাৰে । অসমৰ তেজপুৰ, ধুবুৰী, বৰপেটা গৌৰীপুৰ, গুৱাহাটী আদি ঠাইত প্ৰতিবাদী সভাসমূহ অনুষ্ঠিত হৈছিল । অসমৰ জনসাধাৰণতে নিমখৰ পৰিবৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি আৰু বিদেশীৰ বস্ত্ৰৰ বিপৰীতে থলুৱা কাপোৰ ব্যৱহাৰ কৰিছিল । সুৰমা ভেলী এছচিয়েছনৰ নেতৃত্বত সুৰমা উপত্যকাত এই আন্দোলন যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল । ইয়াৰ ফলস্বৰুপে হবিগঞ্জ, শ্ৰীহট্ট, শ্ৰীমংগল, লখাই বনিয়াচগ, শিলচৰ, কৰিমগঞ্জ আদি ঠাইত বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল ।    

 

৮/ অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খাতিয়ান ডাঙি ধৰা ǀ

উত্তৰ- ভাৰতীয় স্বাধীনতা অন্দোলনৰ ইতিহাসত অসহযোগ আন্দোলন এটা গুৰুত্বপূৰ্ণ অধ্যায় ǀ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ১৯২০ চনৰ পৰা ১৯২২ চনলৈ এই আন্দোলন চলিছিল  ǀ এই আন্দোলনে অসমখনকো বাবৰুকৈ প্ৰভাৱিত কৰিছিল ǀ 

  ১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত এই আন্দোলনৰ জোৰ বাঢ়িল আৰু অতি সোনকালেই ই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল ǀ সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ ǀ   ১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলনক অধিক জনপ্ৰিয় কৰি তোলে ǀগান্ধীজীৰ আহাবনক্ৰমে জনসাধাৰণে বিদেশী বস্ত্ৰ আৰু সা-সামগ্ৰী বৰ্জন কৰি ,সেইবোৰ একেলগে গোটাই জুই লগাই দিছিল ǀ    চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা,অমিয় কুমাৰ দাস ,মহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশ গ্ৰহণ কৰিছিলǀ তাৰোপৰি লক্ষীধৰ শৰ্মা, ৰোহিনীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদি ৰ দৰে স্বনামধন্য ব্যক্তিও এই আন্দোলনৰ বাটকটীয়া হৈ জনতাক নেতৃত্ব দিছিল ǀ  ছাত্ৰসকলক অনুসৰণ কৰি- নবীন চন্দ্ৰ বৰদলৈ,তৰুণ ৰাম ফুকন,কুলধৰ শৰ্মা,বিষ্ণুৰাম মেধি আদি উকিলসকলেও ওকালতি ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল     আন্দোলনৰ প্ৰভাৱত গুৱাহাটী, যোৰহাট, নলবাৰী, তেজপুৰ শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ আদি বিভিন্ন অঞ্চলত এই আন্দোলনৰ প্ৰভাৱত জাতীয় শিক্ষানুষ্ঠান গঢ়লৈ উঠিছিল ǀ ১৯২১ চনত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠানতিলক সোঁৱৰণী স্কুলপ্ৰতিষ্ঠা কৰা হৈছিল ǀ   এই আন্দোলনৰ ফলত অসমত কানিৰ প্ৰচলন একেবাৰে কমি গৈছিল আৰু তাৰ প্ৰভাৱত চৰকাৰৰ সংগৃহীত ৰাজহৰ পৰিমাণো কমি আহিছিল ǀ    এই আন্দোলনৰ ফলত অসমত খাদী বস্ত্ৰৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগতে চাহিদাও বৃদ্ধি পাইছিল    অসমৰ বিভিন্ন চাহ বাগানত নিয়োজিত হৈ থকা বনুৱা সকলে তেওলোকৰ ওপৰত চলা ঔপনিবেশিক শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল ǀ তেওঁলোকে কেইবাটাও হৰতাল পালন কৰি কাম কাজ বন্ধ কৰি দিছিল ǀ১৯২১ চনত কৰিমগঞ্জ চৰাগোলা আৰু লংগাই উপত্যকাৰ প্ৰায় ৮০০০ বনুৱাই কংগ্ৰেছৰ নেতৃত্ব একেলগ হৈ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল ǀ পিছত মালিক পক্ষই তেওলোকৰ ওপৰত হেচা প্ৰয়োগ কৰাৰ ফলত তেওঁলোক আন্দোলনৰ পৰা আতৰি আহিছিল ǀ

 


৯) আইন অমান্য আন্দোলনত অসম ভূমিকা সম্পৰ্কে এটি খাতিয়ান ডাঙি ধৰা ǀ

উত্তৰ- ইংৰাজ চৰকাৰৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থাটো অচল কৰিবলৈ মহাত্মা গান্ধীৰ আহ্বানক্ৰমে ১৯৩০ চনত সমগ্ৰ ভাৰতত আইন আমান্য আন্দোলন আৰম্ভ হৈছিল ǀ

          অসমত হেমচন্দ্ৰ বৰুৱা,মহম্মদ তৈয়বুল্লা,বিষ্ণুৰাম মেধি,অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত জনসাধাৰণ গুৱাহাটীৰ জৰ্জ ফিল্ডত একত্ৰিত হৈ মহাত্মা গান্ধীৰ নেতৃত্ব আৰম্ভ হোৱা লোণ আইনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰে ǀকলিকতাত পঢ়ি থকা লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল ǀ

          কিন্তু পৰবৰ্তী সময়ত লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী পালন কৰাত অসুবিধাই দেখা দিয়ে ǀ অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয় ǀ তৰুণ ৰাম ফুকন,ৰোহিনী কুমাৰ চৌধুৰী,নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আন্দোলনৰ সময়ত কোনো সক্ৰিয়তা নাছিল ǀআনহাতে-হেমচন্দ্ৰ বৰুৱা,মহম্মদ তৈয়বুল্লা,বিষ্ণুৰাম মেধি,অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে নিষ্ঠাৱান নেতাসকলে কোনোমতে সংগঠনৰ কামকাজ চলাই ৰাখিছিল ǀ আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো সমিতি আৰু উপসমিতি গঠন কৰা হৈছিল ǀ এই সমিতিবিলাকৰ উদ্দেশ্য আছিল-পুজি বৃদ্ধি কৰা,বিদেশী বস্তু বৰ্জন কৰা,কানি আৰু সুৰাৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰা,শোষণ আৰু দমনমূলক আইনৰ বিৰোধিতা কৰা ǀ

          অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনৰ লগত জড়িত কৰিবলৈ চেষ্টা চলাইছিল যদিও প্ৰথম অৱস্থাত আশানুৰূপ সহাৰি পোৱা নাছিল ǀ অৱশ্যে ১৯৩০ চনৰ ১৪ এপ্ৰিলত জৱহৰলাল নেহেৰু আৰু ৫ মেত মহাত্মা গান্ধীক পুলিচে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এক বৃহৎ সংখ্যক ছাত্ৰই হৰতালত অংশ গ্ৰহণ কৰিছিল ǀ ছাত্ৰসকলে শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল ǀকানিংহাম চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল ǀ চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক জৰিমণা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হব বুলি ঘোষণা জাৰি কৰিছিল ǀ চৰকাৰৰ এই প্ৰৰোচনামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল ǀ

          ১৯৩০ চনৰ জুলাই আৰু আগষ্ট মাহত ক্ৰমে- ১৫,১৮৬ জনৰ ভিতৰত ৩১১৭ জন ছাত্ৰই শিক্ষানুষ্ঠান ত্যাগ কৰে ǀমদ আৰু কানিৰ দোকানসমূহ বন্ধ কৰি পেলোৱা হৈছিল ǀ ৫০শতাংশ ভূমিৰ খাজনা হ্ৰাসৰ দাবীৰে কৃষকসকলো এই আন্দোলনত জপিয়াই পৰিল ǀ

          মুঠতে ছাত্ৰসকলৰ সবল নেতৃত্বত আইন অমান্য আন্দোলনে অসমত যথেষ্ঠ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ǀ

 

১০) অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খাতিয়ান দাঙি ধৰা ǀ

উত্তৰ- ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল ǀ সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল ǀ

          অসমত আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল ǀ জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই গৈছিল ǀ ইয়াৰ পৰিণতিতে আন্দোলনটো হিংসাত্মক হৈ উঠে ǀ আন্দোলনকাৰীসকলে চৰকাৰী ঘৰ দুৱাৰ নষ্ঠ কৰাৰ লগতে সামৰিক অস্ত্ৰ-শস্ত্ৰ সৰবৰাহী পথসমূহ ধ্বংস কৰি দিয়ে ǀ    

          নগাওঁ আৰু দৰঙত চৰকাৰী সা-সম্পত্তি ধ্বংস কৰাৰ লগেতে চৰকাৰী বিষয়াক হাৰাশাস্তি কৰা হৈছিল ǀ গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া, শিৱসাগৰৰ চাফ্ৰাইত ৰেলপথ বগৰুৱাৰ ঘটনা সংঘটিত হৈছিল ǀ

          আন্দোলনকাৰীসকলক প্ৰশমিত কৰিবলৈ ব্ৰিটিছে দমনমূলক নীতি গ্ৰহণ কৰিছিল ǀ শ শ নিৰ-পৰাধী লোক পুলিচৰ লাঠিৰ কোবত আহত হৈছিল ǀ নগাওঁ, বঢ়মপুৰ, গহপুৰবেবেজীয়াঢেকীয়াজুলীপাটাৰকুছি আৰু গোৱালপাৰা আদি বিভিন্ন ঠাইতপ্ৰায় ২৭ গৰাকী প্ৰতিবাদকাৰী শ্বহীদ হৈছিল ǀ গহপুৰত ১৪ বছৰীয়া এগৰাকী কিশোৰী(কনকলতা বৰুৱা)য়ে এই তান্দোলনত আত্মবলিদান দিছিল ǀহাজাৰ হাজাৰ লোকক জেলত ভৰোৱা হৈছিল ǀ সৰুপথাৰত ৰেল বগৰোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল ǀ 

          চৰকাৰে আন্দোলনকাৰী ৰাইজৰ অসামৰিক অধিকাৰ,বাক স্বাধীনতাসংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিছিল ǀ আন্দোলনৰ নেতাসকলক বহিঃদেশৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়া হৈছিল ǀ জেলৰ বাহিৰত থকা কিছুমান নেতাই আত্মগোপন কৰি এই আন্দোলনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল ǀ অসমত এই আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ববহন কৰিছিল- শংকৰ চন্দ্ৰ বৰুৱা, মহেন্দ্ৰনাথ হাজৰিকা, জ্যোতি প্ৰসাদ আগৰৱালা, লক্ষ্মীপ্ৰসাদ গোস্বামী, ব্ৰজনাথ শৰ্মা, গহনচন্দ্ৰ গোস্বামীয়ে ǀ এনে সংগঠন শিৱসাগৰ, নগাঁও, দৰঙ, কামৰূপ, বজালী আদি অঞ্চলত গঢ় লৈ উঠিছিল ǀ    

          আন একাংশ আন্দোলনকাৰীয়ে ব্ৰিটিছৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তঃত চৰকাৰ গঠন কৰিছিল ǀ অসমৰ বজালী, ঢকুৱাখানা, ৰহা, জামুগুৰী, বাঁহজানি আদি ঠাইত আন্দোলনকাৰীয়ে গাওঁ পঞ্চায়ত গঠন কৰি স্হানীয় শাসন ব্যৱস্থা গঢ়ি তুলিছিল ǀ কংগ্ৰেছৰ নেতাসকল কাৰাবাস খাতি থকাৰ সময়তে ১৯৪৪ চনত ইংৰাজ চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি আন্দোলনৰ জুই প্ৰশমিত কৰিছিল ǀ

 


১১) বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্হাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি  সংক্ষিপ্ত বিৱৰণ দিয়া ǀ

উত্তৰ- অসম কৃষি বিশ্ববিদ্যালয়- ১৯২৩ চনত কৰিমগঞ্জত আৰু তাৰ পিছত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি পদক্ষেপ আছিল ǀ এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ আবিৰামভাৱে চলাই গৈছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয়ৰ আৱশ্যকীয় হৈ পৰিছিল ǀ তাৰে পৰিপেক্ষিতত বৰদলৈ মন্ত্ৰীসভাৰ দিনত ১৯৪৮ চনত নগাঁওত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্হাপন কৰা হৈছিল ǀ এই দুয়োখন মহাবিদ্যালয় সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্হাপন কৰা হয় ǀ অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূৱৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় ǀ

এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ হৈছে-

কৃষিত মানৱ সম্পদৰ বিকাশ সাধন কৰা ǀ

কৃষিত বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা ǀ

প্ৰযুক্তিবিদ্যাৰ উন্নতি আৰু ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা ǀ

কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা ǀ

কৃষিখণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ লোকৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰু খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তাৰ সৃষ্টি কৰা ǀ

 

গুৱাহাটী বিশ্ববিদ্যালয়  - উত্তৰ পূৱ ভাৰতৰ  আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হল গুৱাহাটী বিশ্ববিদ্যালয় ǀ ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্হাপন কৰা হৈছিল ǀ গুৱাহাটীত বিশ্ববিদ্যালয় স্হাপন কৰাৰ সম্ভৱ বুলি পোনতে মত প্ৰকাশ কৰিছিল কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে ǀ এই সম্পৰ্কত ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত আছাম এছচিয়েচনৰ বাৰ্ষিক সভাতো এখন বিশ্ববিদ্যালয় স্হাপনৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল ǀপৰবৰ্তী সময়ত যাবতীয় তথ্যপাতি আৰু স্হান নিৰ্বাচন কৰিবলৈ ১৯৪০চনত সূৰ্য কুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল ǀ অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ৰ অধীনত  ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্হাপিত হয় ǀপ্ৰতিষ্ঠাকালত ইয়াৰ অধীনত ১৭ খন মহাবিদ্যালয় আৰু ৮টি স্নাতকোত্তৰ বিভাগ আছিল ǀ

 


অসম চিকিৎসা মহাবিদ্যালয় - ডিব্ৰুগড়ত উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্হাপন কৰা হৈছিল ǀ ১৯০০ চনত ডিব্ৰুগড় ত ডঃ জন বেৰী হোৱাটৰ ৫০,০০০টকাৰ আনুদানৰ পুঁজিৰে  ‘বেৰী হোৱাইট মেডিকেল স্কুলস্হাপন হৈছিল ǀডঃ জন বেৰী হোৱাট আছিল লখীমপুৰৰ চিভিল ছাৰ্জন ǀ ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা এক্স ৰে মেচিন আমদানি কৰি অনা হৈছিল আৰু ৰেডিঅলজী বিভাগ আৰম্ভ কৰা হৈছিল ǀ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিলǀ স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱেঅসম চিকিৎসা মহাবিদ্যালয়নামেৰে নামাংকিত কৰা হয় ǀ

 

Class 10 History Part All Chapter Solutions .


Published by Lokesh Das

Class 10 Social Science Assamese Medium questions Answer.

CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 SOCIAL SCIENCE SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 SOCIAL SCIENCE HISTORY PART  CHAPTER 4 SOLUTIONS IN ASSAMESE MEDIUM. 

************

Previous Post Next Post