অণুজীৱঃ মিত্ৰ আৰু শত্ৰু প্ৰশ্ন উত্তৰ | Class 8 science chapter 2 question answer assamese medium.

NCERT Solution for Class 8 Science Chapter 2 Microorganisms: Friend and Foe in Assamese medium

Chapter 2 Microorganisms: Friend and Foe  Science . Class 8 Science Solution for class 8 | অষ্ট  শ্ৰেণীৰ সাধাৰণ বিজ্ঞান 

অণুজীৱঃ মিত্ৰ আৰু শত্ৰু

অণুশীলনীঃ



       1.   খালী ঠাই পূৰ কৰা।

 ক) অণুজীৱবোৰ ______________ সহায়ত দেখা পোৱা যায়।

 খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ __________________ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে ।

 গ) ________________ ৰ সহায়ত সুৰা প্ৰস্তত কৰা হয় ।

 ঘ) ________________ ৰ দ্বাৰা কলেৰা হয় ।

 উত্তৰঃ ক) অণুজীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।

 খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে ।

 গ) ইষ্ট ৰ সহায়ত সুৰা প্ৰস্তত কৰা হয় ।

 ঘ) বেক্টেৰিয়া ৰ দ্বাৰা কলেৰা হয় ।

     2.   শুদ্ধ উত্তৰত চিন দিয়া ।

 ক) চেনি/ সুৰা/ হাইড্ৰক্লৰিক এছিড/ অক্সিজেন প্ৰস্তত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।

 উত্তৰঃ সুৰা ।

 খ) ছডিয়াম বাইকাৰ্বনেট/ ষ্ট্ৰেপ্টমাইছিন/ সুৰা/ ইষ্ট এবিধ এণ্টিবায়টিক ।

 উত্তৰঃ ষ্ট্ৰেপ্টমাইছিন ।

 গ) মাইকী এনফিলিছ মহ/ পঁইতাচোৰা/ মাখি/ পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটৱাৰ বাহক।

 উত্তৰঃ মাইকী এনফিলিছ মহ ।

 ঘ) পৰুৱা / মাখি/ জিঞা/ মকৰা/ সংক্ৰামক ৰোগৰ বাহক।

 উত্তৰঃ মাখি ।

 ঙ) তাপ/ গুৰি কৰা/ ইষ্টকোষৰ বৃদ্ধি/ ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা উফন্দি উঠে।

 উত্তৰঃ ইষ্টকোষৰ বৃদ্ধি ।

 চ) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ/ সাঁচ/ কিণ্বন/ সংক্ৰমণ বোলা হয়।

 উত্তৰঃ কিণ্বন ।



       3.   ‘A’ অংশত থকা অণুজীৱবোৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলোৱা।

    

                      A                                        B

 

(i)                       বেক্টেৰিয়া           a) নাইট্ৰজেন যৌগীকৰণ

(ii)                   ৰাইজবিয়াম       b) দৈ প্ৰস্তত কৰাত

(iii)                লেক্টবেছিলাছ     c) পাউৰুটিৰ প্ৰস্তত কৰণত 

(iv)                ইষ্ট                      d) মেলেৰিয়া ৰোগ সৃষ্টিত

(v)                    প্ৰটৱা             e) কলেৰা ৰোগ সৃষ্টিত

(vi)                ভাইৰাজ              f) এইডছ ৰোগ সৃষ্টিত

                            g) এণ্টিবডি প্ৰত্তত কৰাত

   উত্তৰঃ

(i)                       বেক্টেৰিয়া         ----      e) কলেৰা ৰোগ সৃষ্টিত

(ii)                   ৰাইজবিয়াম     ----         a) নাইট্ৰজেন যৌগীকৰণ      

(iii)                লেক্টবেছিলাছ  ----         b) দৈ প্ৰস্তত কৰাত        

(vii)             ইষ্ট               ----         c) পাউৰুটিৰ প্ৰস্তত কৰণত              

(iv)                প্ৰটৱা         ----         d) মেলেৰিয়া ৰোগ সৃষ্টিত            

(v)                    বাইৰাজ     ----          f)  এইডছ ৰোগ সৃষ্টিত  

      4.   অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি?

উত্তৰঃ অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়। সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।

       5.   অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি?

উত্তৰঃ অণুজীৱৰ ডাঙৰ ভাগবোৰ হল-

(i)                       বেক্টেৰিয়া ।

(ii)                   ভেঁকুৰ ।

(iii)                প্ৰটবা ।

(iv)                শেলাই ।

      6.   মাটিত বায়ুমণ্ডলীয় নাউট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম কোৱা।

উত্তৰঃ মাটিত বায়ুমণ্ডলীয় নাউট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম হল-

(i)                       বেক্টেৰিয়া ৰাইজবিয়াম ।

(ii)                   নীল হৰিৎ শেলাই আদি ।

       7.   আমাৰ জীৱনত অণুজীৱ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা ।

উত্তৰঃ আমাৰ জীৱনত অণুজীৱৰ ১০টা উপকাৰিতাৰ নাম হল-

দৈ, পাউৰুটি, কেক আদি প্ৰস্তত কৰণত অণুজীৱ ব্যৱহাৰ কৰা হয়।কিছুমান বেক্টেৰিয়া আৰু সেউজীয়া শেলাইয়ে বায়ুণণ্ডলত নাইট্ৰজেন স্থিৰ কৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়ায় উৰ্বৰতা বৃদ্ধি কৰে।ভিনেগাৰ আদি ব্যৱসায়িক ভিক্তিত প্ৰস্তত কৰাৰ বাবে অণুজীৱ ব্যৱহাৰ কৰা হয়।বিভিন্ন ৰোগ নিবাৰণৰ কাৰণে ব্যৱহাৰ হোৱা এণ্টিবায়টিক আদি কিছুমান নিৰ্দিষ্ট অণুজীৱক বিকশিত কৰি প্ৰস্তত কৰা হয়। কলেৰা আদি বহুটো ৰোগ ছিটা দি প্ৰতিৰোধ কৰিব পাৰি।

       8.   অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা।

  উত্তৰঃ অনুজীৱসমূহে বিভিন্ন ধৰণে নিৰ্দিষ্ট সাধন কৰিব পাৰে। কিছুমান অণুজীৱই মানুহ, উদ্ভিদ আৰু প্ৰাণীৰ দেহত ৰোগৰ সৃষ্টি কৰে। ৰোগকাৰী অণুজীৱসমূহ উশাহ, খোৱা পানী অথবা খাদ্যৰ সৈতে দেহত প্ৰৱেশ কৰে আৰু আক্ৰান্ত লোকৰ পৰা বেলেগলৈ সংক্ৰমিত হয়। ইয়াৰোপৰি, যৱ, ধান, আলু, কমলা, আপেল আদি উদ্ভিদত হোৱা ৰোগৰ অন্যতম কাৰক হৈছে অনুজীৱ। তদুপৰি, মানুহৰ আৰু গৰুৰ এন থ্ৰাক্সৰ দৰে বেমাৰ বোৰো বেক্টেৰিয়াৰ দৰে বিভিন্ন অনুজীৱৰ ক্ৰিয়াৰ ফলতে হয়। অনুজীৱই  খাদ্যত  বিক্ৰিয়াও ঘটাব পাৰে।

 

     9.   এণ্টিবায়টিক কি? এণ্টিবায়টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে?

উত্তৰঃ ৰোগ সৃষ্টিকাৰী অণুজীৱবোৰক কৰে অথবা সিহঁতৰ বৃদ্ধিত বাধা সৃষ্টি কৰে, তেনে ঔষধক এন্টিবায়'টিক বোলে। 

 এণ্টিবায়টিক গ্ৰহণ কৰোঁতে এন্টিবায়'টিক কেৱল অৰ্হতাসম্পন্ন

 ডাক্তৰৰ পৰামৰ্শতহে গ্ৰহণ কৰিব লাগে। ডাক্তৰে দিয়া নিদান

 অনুসৰি দৰৱৰ ক'ৰ্ছ শেষ কৰিব লাগে। অপ্ৰয়োজনীয়ভাৱে

 এন্টিবায়'টিক গ্ৰহন কৰাতো স্বাস্থ্যৰ বাবে হানিকাৰক। আদি 

 সাৱধানতা অৱলম্বন কৰিব লাগে। 

 

Published  By Krishna Das



Class 8 Science  Assamese Medium questions Answer

Class 8 Assamese medium All Book solutions in Assamese Medium. Class 8 Science soutions in Assamese Medium. Class 8 Science Chapter 2  solution in Assamese Medium Class 8 Science Assamese Medium.

Previous Post Next Post