লোকসংস্কৃতি
1.
লোকসংস্কৃতিৰ
পণ্ডিত ড প্ৰফুল্ল দত্ত গোস্বামীয়ে লোক’ বা জন’ বুলি আখ্যা দিছিল ?
উত্তৰঃ লোকসংস্কৃতিৰ পণ্ডিত ড প্ৰফুল্ল দত্ত গোস্বামীয়ে
বিশেষভাৱে লিখা-পঢ়া নথকা গঞা লোকেই সধাৰণতে লোক বা জন বুলি আখ্যা দিছিল ।
2.
লিখকে
গঞা লোক আৰু সমাজৰ বিষয়ে কেনেধৰণৰ বৈশিষ্ট্য দাঙি ধৰিছে ?
উত্তৰঃ লিখকে গঞা লোক আৰু সমাজৰ বিষয়ে বিশেষ কেতবোৰ
বৈশিষ্ট্য দিঙি ধৰিছে । যেনে – গঞা লোকসকলৰ সধাৰণতে গাৱে ভূঞে বাস কৰে । তেওঁলোকৰ
জীৱিকা নিৰ্বাহৰ প্ৰধান উপায় হৈছে কৃষি । এই ফালৰ পৰা এওঁলোক খেতিয়ক । খেতিয়কসকল প্ৰায় হাতেৰে নান বিধৰ সা-সঁজুলি সাজে ।
এনে সা-সঁজুলি প্ৰায়ে মাটি, বাঁহ, কাঠ, বেত আদিৰ পৰা প্ৰস্তত কৰে ।
যন্ত্ৰশিপ্ল অৰ্থাৎ যন্ত্ৰত প্ৰস্তত কৰা সঁজুলি গঞা ৰাইজে ব্যৱাহৰ কৰিব নোখোজে
। তেওঁলোকৰ মাজত লিখা-পঢ়াৰ গুৰুত্ব তুলনামূলভাৱে কম । মুখে মুখে প্ৰচলিত গীত-পদ,
কথা-কাহিনী, যোজনা-পটন্তৰ আদিত তেওঁলোক অধিক গুৰত্ব দিয়ে । নতুন নতুন কথা উপদেশ
আদিতকৈ তেওঁলোক পৰম্পৰাগতভাৱে প্ৰচলিত হৈ থকা কতাবোৰতহে অধিক গুৰুত্ব আৰোপ কৰে ।
3.
লোকজীৱনত যুক্তিতকৈ বিশ্বাসত কিয় অধিক গুৰত্ব
দিয়া হয় ?
উত্তৰঃ লোকজীৱনত পুৰণি দিনৰ কথা-বতৰাক অধিক গুৰুত্ব দিয়া
হয় । চহৰীয়া বা নগৰীয়া মানুহৰ তুলনাত গঞা লোকসকল কিছু পৰিমাণে পিছ পৰা । লোকজীৱনত
যুক্তিতকৈ বিশ্বাসত অধিক গুৰুত্ব দিয়া হয় । গভীৰ বিশ্বাসে পুৰণি ধৰণৰ কাৰণ,
ৰীতি-নীতি, ভূত-প্ৰেত, ধৰ্মীয়কাৰ্য, ঔষধ-চিকিৎসা আদিৰ প্ৰতি তেওঁলোকৰ মন-প্ৰাণ
সকলো সময়তে আৱৰি থাকে। অতীতৰ প্ৰতি থকা বিশ্বাস আস্থাই তেওঁলোকক
যাদুপাৰায়ণ কৰি তোলে সেই বাবে তেওঁলোকে সকলোতে অশৰীৰী ভূত-প্ৰেত, বাক দ’ত,
দেৱ-দেৱতাৰ লীলা-খেলা দিখিবলৈ পায় ।
4.
লোক
সমাজক সমাজৰ নিম্নস্তৰ বুলি ক’ব পাৰিনে বুজাই লিখা
।
উত্তৰঃ লোক সমাজক কোনো কোনো লোকে সমাজৰ নিম্নস্তৰ বুলি
ক’ব খোজে যদিও এই ধাৰণা গ্ৰহণযোগ্য ক’ব বুলি নোৱাৰি । বিজ্ঞানসন্মত দৃষ্টি-ভংগী হ’লেই যে কোনো এখন সমাজ উচ্চস্তৰৰ হ’ব কোনো কথা নাই । এখন লোক সমাজত সধাণত গাঁও-ভূঁইৰ
লোকসকলে বাস কৰে আৰু অভিযাত শ্ৰেণীৰ লোকসকল নগৰ-চহৰ আদিত বাস বুলি কৰা ধাৰণা সকলো
ক্ষেত্ৰতে গ্ৰহণযোগ্য হ’ব নোৱাৰে । কাৰণ গাওঁতো শিক্ষিত লোক বাস কৰে আৰু
চহৰ-নগৰতো গঞালোকৰ বসতি দেখা যায় । নগৰ-চহৰৰ বিভিন্ন কাম কাজৰ বাবে গঞালোকৰ
প্ৰয়োজন হয় । গতিকে লোকসমাজক সমাজৰ নিম্ন স্তৰ বুলি কোৱা কথাটো গ্ৰহণযোগ্য হ’ব নোৱাৰে ।
5.
লোককৃষ্টি
কাক বোলে ?
উত্তৰঃ এখন সমাজত বাস কৰা লোকসকলে বিভিন্ন কৰ্মৰ মাজেৰে
ঋতু, মাহ, পষেক আদি অনুসৰি বিবিধ সভা-উৎসৱ সম্পাদনা কৰে । সেই সভা-উৎসৱত
গীত-মাত-নৃত্য পৰিৱেশন কৰা হয় । এখন সমাজে বছৰৰ বিভিন্ন সময় অনুসৰি পালন কৰা উৎসৱ
পাৰ্বণসমূহক লোককৃষ্টি বোলা হয়।
6.
লোক বা
মৌখিক কবিতা বা লোকগীত কি কি উপশ্ৰেণীত বিভক্ত ?
উত্তৰঃ লোক বা মৌখিক কবিতা আৰু লোক গীত কেইটা মান
উপশ্ৰেণীত বিভক্ত । যেনে – (ক) লোক কবিতা বা লোকগীতঃ মালিতা বা কাহিনী গীত বা বৰদৈ
গীত, ধৰ্মীয় গীত, প্ৰণয় গীত, কৰ্ম গীত,
উৎসৱ-অনুষ্ঠানৰ গীত বা সংস্কাৰমূলক গীত, নিচুকণী গীত, শিশুৰ খেল-ধেমালিৰ
লগত জৰিত গীত, তত্তপূৰ্ণ গীত, ইত্যাদি ।
(খ) গদ্যধৰ্মী লোকথাঃ পুৰাণ কতা,
জনশ্ৰুতি আৰু সাধু কথা ।
7.
লক্ষ্মীনাথ
বেজবৰুৱা ৰচনা কৰা সাধু কথাৰ পুথি এখনৰ নাম লিখা ।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কৰা সাধু কথাৰ পুথি এখনৰ নাম হ’ল- ‘বুঢ়ী
আইৰ সাধু’ ।
1. তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখাঃ
(ক)লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয় ?
উত্তৰঃ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয়।
(খ)
লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ ?
উত্তৰঃ লোকসমাজত পুৰণি সময়ৰ কথাৰ অধিক সমাদৰ ।
(গ)
লোককৃষ্টি কাক বোলা হয় ?
উত্তৰঃ এখন সমাজত বাস কৰা লোকসকলে বিভিন্ন কৰ্মৰ মাজেৰে
ঋতু, মাহ, পষেক আদি অনুসৰি বিবিধ সভা-উৎসৱ সম্পাদনা কৰে । সেই সভা-উৎসৱত
গীত-মাত-নৃত্য পৰিৱেশন কৰা হয় । এখন সমাজে বছৰৰ বিভিন্ন সময় অনুসৰি পালন কৰা উৎসৱ
পাৰ্বণসমূহক লোককৃষ্টি বোলা হয়।
(ঘ) লোকসংস্কৃতিৰ দৃশ্যমান
দিশক কি বোলা হয় ?
উত্তৰঃ লোকসংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু বুলি কোৱা হয় ।
(ঙ) পাঠত উল্লেখিত লক্ষ্মীনাথ
বেজৰবৰুৱাই সম্পাদনা কৰা
সাধুকথাৰ পুথিখনৰ নাম
লিখা ।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কৰা সাধু কথাৰ পুথি এখনৰ নাম হ’ল- ‘বুঢ়ী
আইৰ সাধু’ ।
2. লোকসমাজত সম্পৰ্কে লোকতত্ববিধে দিয়া কি ধাৰণা
গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে ? এই
ধাৰণা গ্ৰহণ কৰিব নোৱাৰৰ কৰাণ কি ?
উত্তৰঃ লোকসমাজক কিছুমান লোকত্ত্ববিদে সমাজৰ নিম্নস্তৰ বুলি ক’ব খোজে । কিন্ত এই ধাৰণা গ্ৰহণযোগ্য নহয় বুলি
লিখকে কৈছে।
এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰৰ
কাৰণ হৈছে লোকসমাজৰ অন্তৰ্গ লোকসকলে প্ৰায়ে গাঁৱে-ভূঞে বাস কৰে আৰু অভিজাত শ্ৰেণীৰ লোকসকল নগৰ-চহৰ আদিত বাস কৰে বুলি যি
ধাৰণা কৰা হয় এই ধাৰণা সকলো ক্ষেত্ৰতে গ্ৰহণযোগ্য বুলি ক’ব নোৱাৰি
। কাৰণ গাঁৱতো শিক্ষিত মানুহে বাস কৰে । তাৰ বিপৰীতে চহৰ বা নগৰতো
গঞালোকসকলে বসবাস কৰা দেখা যায় । গতিকে লোকসমাজক কেতিয়াও সমাজৰ নিম্নস্তৰ বুলি ক’ব নোৱাৰি।
3. চমু টোকা
লিখাঃ
নিচুকনী গীত, মালিতা
বা কাহিনী গীত, সাঁথৰ, জনশ্ৰুতি, জিকিৰ, দেহ বিচাৰ গীত, হুঁচৰি গীত ।
উত্তৰঃ
নিচুকনী গীতঃ নিচুকনী গীত হল ল’ৰা-ছোৱালী
ওমলোৱা আৰু নিচুকুওৱা গীত । এইবোৰক ধাই নাম বুলিও কোৱা হয় । মিঠা কোমল সৰৰ
গীতবোৰৰদ্বাৰা শিশুক এনে এখন দেশলৈ লৌ যোৱা হয়, য’ত সময়
বা দূৰত্বৰ কোনো নিৰ্দিষ্ট পৰিসৰ নাই আৰু যি বিচাৰে তাকে পায় । এই গীতসমূহৰ কথা
যুক্তিৰ ভেটিত প্ৰতিষ্ঠিত নহয় ।সপোনৰ জীৱনত বাস কৰা শিশুৰ গীতসমূহত বৰ্ণিত সকলো
কথাই জীৱন্ত সত্য । নিচুকণী গীতবোৰ গীতবোৰ
অসমীয়া লোকসংগীতৰ ক্ষেত্ৰত অনুপম সৃষ্টি বুলি কৰিব পাৰি ।
মালিতা বা কাহিনী গীতঃ এই শ্ৰেণীৰ গীতৰ মাজেৰে একোটি কাহিনী বৰ্ণনা ৰা
লহয় । ইয়াক মালিতা বা আখ্যানমূলক গীত বুলিও কোৱা হয় । এনে গীতত বীৰত্বব্যঞ্জনক আদি
ৰসাত্মাক কাহিনী দুঃসাহসিক বা অতিপ্ৰাকৃত ঘটনা আদিও বৰ্ণনা কৰা হয় । এই গীতবোৰৰ
প্ৰধান সুৰ কৰুণ হৈছে । বিষয় বস্তু ফালৰ পৰা তিনি ভাগত ভগাব পাৰিঃ (ক)
বুৰঞ্জীমূলক, (খ) কিংৱদন্তী বা জনশ্ৰুতি আৰু (গ) কাল্পনিক। বুৰঞ্জীমূলক মালিতাৰ
ভিতৰত নাহৰৰ গীত, চিকিন, সৰিয়হৰ গীত গৌৰীনাথ সিংহ নাথ ইত্যাদি পৰে । কিংবদন্তী বা
জনশ্ৰুতিমূলক গীত কেতবোৰ হৈছে মণিকোঁৱৰৰ গীত, ফুলকোঁৱৱৰ গীত, জনা গাভৰুৰ গীত
ইত্যাদি ।
কাল্পনিক বা বাৰমাহী গীত কন্য বাৰমাহী, দুবলা শান্তিৰ গীত, মধুমতাৰ
গীত, শান্তি বাৰমাহী ইত্যাদি ।
সাঁথৰঃ ই হৈছে কোনো বস্তুৰ প্ৰকৃত নাম সহজে ক’ব
নোৱাৰকৈ দিয়া আওপকীয়া বৰ্ণনা কৰা । সাঁথৰত পাণ্ডিত্যতকৈ বুদ্ধিমত্তাৰহে বেছি পৰিচয়
পোৱা যায় । সাধৰণতে সদায় দেখি-শুনি অহা বস্তুোবৰৰ নাম লৈয়ে সাঁথৰ ৰচনা কৰা হৈছে।
জনসাধাৰণৰ কাৰণে সাঁথৰ বৰ আমোদজনক । সাধাৰণতে একোটা সাঁথৰত দুশাৰী পদৰ শেষৰ আখৰৰ
মিল থাকে । উদাহৰণস্বৰূপেঃ (ক) ক আইটি তপৰাই । কাটি নিলে ৰাঢ়ি যায় ।
জনশ্ৰুতিঃ পৃথিৱীৰ
প্ৰায় সকলো দেশতে জনশ্ৰুতিৰ প্ৰচলন আছে । এই জনশ্ৰুতিসমূহৰ উৎপত্তি কিদৰে হৈছে, সেই বিষয়ে একো জনা নায়ায় । এই
জনশ্ৰুতিসমূহ নিৰৰ্থক নহ’লেও বাক্যবোৰ কবিতা, তত্ত্বকথা বা নীতি বচন নহয়, অথচ ই লোক সমাজত চিৰদিনেই
প্ৰচলিত হৈ আহিছে । এই জনশ্ৰুতিসমূহ মানুহে কবিতা আদি ৰচনা কাৰৰ দৰে ৰচা নাই, ই
আপোন-আপুনি মানুহৰ মুখত প্ৰচলিত হৈছে । মানুহে দৌনন্দিন জীৱনত ঘটা বিভিন্ন ঘটনাৰ
পৰা জন্ম হোৱা ভাষাবোৰক সংক্ষিপ্ততম অভিব্যক্তি হিচাপে প্ৰকাশ কৰিছিল আৰু পিছলৈ
এইবোৰই জনশ্ৰুতি নাইবা প্ৰবাদ বাক্যত পৰিণিত হৈছিল।
জিকিৰঃ অসমৰ মুছলমান সম্প্ৰাদায়ৰ মাজত প্ৰচলিত কেতবোৰ ধৰ্মীয় গীত হৈছে জিকিৰ
গীত । এই গীতসমূহক লোকগীতৰ অন্তৰ্ভূক্ত কৰিব পাৰি । জিকিৰ শব্দৰ অৰ্থ হৈছে আল্লাৰ
নাম স্মৰণ কৰা । গতিকে জিকিৰ গীত আল্লাৰ নাম-মাহাত্ম্যসূচক গীত । ইছলমান ধৰ্ম সম্পৰ্কীয়
সদাচাৰ, নীতি আৰু আল্লাৰ নাম গৈৰৱ ৱআৰু মাহাত্ম্য এই গীতৰ মাজেদি প্ৰকাশ পাইছে ।
প্ৰায়বোৰ জিকিৰ গীতেই আজান পীৰ বা চাহ মিলনাৰ নামত প্ৰচলিত হৈ আছে যদিও সকলোখিনি তেখেতৰ ৰচনা নহয় । তেওঁৰ এই গীতবোৰ মানুহৰ মুখে মুখে বাগৰি আহি কিছু
মোট সলাইছে আৰু কিছু নতুনকৈ তাত লগ লাগিছে।
দেহ বিচাৰ
গীতঃ দেহ বিচাৰ গীতবোৰ আধ্যাত্মিক ভাৱেৰে সিক্ত । আমাৰ
বৰাগী আৰু ৰাতিখোৱা বা ভিতৰপকীয়া ভকতসকলে টোকাৰী বজাই গাই ফুৰা দেহ বিচাৰ গীতবোৰ
গুহ্যাৰ্থক । দেহতে যে চৈধ্য ব্ৰক্ষাণ্ড আছি, ই যে ব্ৰক্ষাণ্ডৰ এটি ক্ষুদ্ৰ
সংস্কৰণ এই কথাই হৈছে দেহ বিচাৰ গীতৰ প্ৰধান বিষয়বস্তু । এই গীতবোৰত দেহক কেতিয়াবা
সংসাৰ নদীত পাৰি দিয়া নাৱৰ লগত, কেতিয়াবৱা ন-খন দুৱাৰযপক্ত নগৰৰ লগত দেহক তুলনা
কৰা দেখা যায় যদিও প্ৰকৃততে এই গীতবোৰ মাধৱদেৱৰ ৰচিত নহয়, তান্ত্ৰিক যোগমাৰ্ক বা
কায়সাধনা মাৰ্গৰ কিবা প্ৰভাৱৰ ফলত এই গীতবোৰ সৃষ্টি হৈছে।
হুঁচৰি গীতঃ অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত এক প্ৰকাৰ গীত হৈছে হুচৰি । বহাগ বিহুত
গাঁৱৰ ৰাইজে ঢোল, পেপা, তাল আদি লৈ প্ৰত্যেকে গৃহস্থৰ ঘৰত সামূহিকভাৱে গোৱা বিহুৰ
গীতক হুচৰি গীত বুলি কোৱা হয় । এই গীতবোৰ সাধাৰণতে যোনভাৱবৰ্জিত গহীন গীত । ইশ্বৰৰ
নামেৰে এই গীতবোৰ আৰাম্ভ কৰা হয় আৰু সমূহ ৰাইজৰ মাজত গাব পৰা অশ্লীলতা নথকা বিহু
নামৰে নৃত্যগীত কৰা হয় ।
4. ‘লোকজীৱন তিনিটা ভাগত বিভক্ত’ – লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত ? প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া।
উত্তৰঃ লোকজীৱনক তিনিটা ভাগত ভগোৱা হৈছে । সেই ভাগকেইটা
হৈছে –
(ক) সমাজিক আচাৰ-অনুষ্ঠান
(খ) ভৌতিক বা বস্তু
সংস্কৃতি আৰু
(গ) পৰিৱেশ্য কলা ।
প্ৰত্যেকটি ভাগৰে ভাগৰে চমু আভাস দাঙি ধৰা হ’ল
(ক)সমাজিক আচাৰ-অনুষ্ঠানঃ এখন
সমাজত থকা লোকসকলৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-মৃত্যু-বিবাহ আদি বিষয়ক
ৰীতি-নীতি, আচাৰ-অনুষ্ঠান আদিক সামাজিক আচাৰ-অনুষ্ঠান বুলি কোৱা হয় । এইহোৰ
প্ৰধানকৈ লোকবিশ্বাসৰ সৈতে জড়িত । সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত ভগাব পাৰি
যেনে- উৎসৱ-অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল-ধেমালি, লোক ঔষধ আৰু লোকধৰ্ম ।
(খ) ভৌতিক বা বস্তু সংস্কৃতিঃ
লোকসংস্কৃতিৰ দৃশ্যমান দিশটো
ভৌতিক বা বস্তু সংস্কৃতিৰ অন্তগত । আমাৰ দৈনদ্নিন জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয়
সমলসমূহ নিৰ্মাণ, নাইবা খোৱা-লোক বস্তুসামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্ৰস্তুতি আদিৰ
বিষয়ে ভৌতিক বা বস্তু সংস্কৃতি অধ্যয়ন কৰা হয় । ভৌতিক সংস্কৃতিৰ প্ৰধান উপভাগকেইটা
হৈছে- লোক কলা, লোক শিপ্ল, লোক আভাৰণ আৰু ৰন্ধন প্ৰণালী ।
(গ) পৰিৱেশ্য কলাঃ লোকজীৱনৰ
আন এটা প্ৰধান বিভাগ হৈছে লোক পৰিৱেশ্য কলা । লোকজীৱনত প্ৰচলিত পৰম্পৰাগত সংগীত
নৃত্য-নাচ আৰু নাট আদিক লোক বাদ্যযন্ত্ৰ, নৃত্যৰ সাজ-পোচাক আৰু দৃশ্য বিৱৰণি সৈতে
ৰূপায়ন কৰা পদ্ধতিটোক লোক পৰিৱেশ্য কলাৰ অন্তৰ্গত । পৰিৱেশ্য কলা বুলি ক’লে গীত, নৃত্য, বাদ্যযন্ত্ৰ আদিক সামাৰি লয় ।
লোকনাট হৈছে গীত আৰু নৃত্যৰৰ সমষ্টি । ইয়াত সংলাপতকৈ গীত আৰু নৃত্যত আধিক গুৰত্ব
দিয়া হয় ।
5. বহলাই লিখাঃ
(ক) সামাজিক
আচাৰ-অনুষ্ঠান ।
উত্তৰঃ মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে আমাৰ পৰম্পৰাগত জীৱন গঢ় লৈ
উঠিছে । সেইবাবে পৰম্পৰাগত জীৱনক মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজৰ সংযোগ
স্থল বুলি কব পাৰি । মৌখিক সাহিত্য আৰু ভৌতিক
সংস্কৃতিৰ সমন্বয়ত যি পৰম্পৰাগত জীৱন গঢ় লৈ উঠে তাক সামাজিক লোক আচাৰ
ব্যৱাহৰ বুলিবও পাৰি । ইয়াত মানুহৰ ব্যক্তিগত ক্ৰিয়াকলাপতকৈ সমাজগত ক্ৰিয়াকলাপৰ
ওপৰত অধিক গুৰ্তব আৰোপ কৰা দেখা যায় । এখন সমাজত প্ৰচলিত মূখ্যতঃ লোকবিশ্বসৰ ওপৰত প্ৰতিষ্ঠিত কৃষি, জন্ম, বিবাহ,
মৃত্যু আদি বিষয়ক বিভিন্ন ৰীতি-নীতিসমূহ পৰম্পৰাগত জীৱনৰ ভিতৰত অন্তৰ্গত । সমাজিক
আচাৰ-অনুষ্ঠানসমূহক চাৰিটা ভাগত বিভক্ত কৰা হৈছে । সেইবোৰ হ’ল
উৎসৱ-অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল-ধেমালি, লোক ঔষধ আৰু লোক ধৰ্ম ।
(খ) লোক পৰিবেশ্য
কলা ।
উত্তৰঃ লোকজীৱনৰ এটা প্ৰদান ভাগ হৈছে লোক পৰিৱেশ্য কলা। এখন সমাজত
পূৰ্বৰেপৰা প্ৰচলিত সংগীত,
নৃত্য-নাচ আৰু নাট আদিক লোক বাদ্যযন্ত্ৰ, নৃত্যৰ পোছাক-পৰিচ্ছদ আৰু দৃশ্য বিৱৰণি
সৈতে ধৰিব পাৰি । পৰিৱেশ্য কলা বুলি ক’ব পাৰি।গীত,
নৃত্ত-নৃত্য, বাদ্যযন্ত্ৰ আদি বিষয়ক অন্তৰ্ভূক্ত কৰিব পাৰি । লোকগীত আৰু লোক
নৃত্যৰ সমাহাৰত লোক নাটৰ সৃষ্টি হয় । লোক নাটত সংলাপৰ তুলনাত গীত আৰু নৃত্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ
কৰা হয় ।
(গ) ভৌতিক বা
বত্ত-সংস্কৃতি ।
উত্তৰঃ লোকসংস্কৃতিৰ দৃশ্যমান মান দিশটো ভৌতিক বা বস্তু সংস্কৃতিৰ
অন্তৰ্গত বিষয় । এখন সমাজত বসবা কৰি সেই সমাজৰ পুৰুষ-মহিলাসকলে পৰম্পৰাগতভাৱে
কেনেকৈ ঘৰ-দুৱাৰ নিৰ্মাণ কৰে, কেনেকৈ কাপোৰ বোৱে অথৱা খাদ্য-দ্ৰব্য ৰান্ধে,
খেতি-বাতি কৰে মছ পোহে, মাটি-পানীৰ ব্যৱস্থা কৰে, আদি ভৌতিক বা বস্তু সংস্কৃতিৰ
প্ৰধান উপজীব্য বিষয় । ভৌতিক সংস্কৃতিক কেইটামান উপভিভাগত ভগোৱা হৈছে । সেই ভাগবোৰ
হ’ল – লোক কলা,
লোক কলা, লোক শিপ্ল, লোক আভাৰণ আৰু ৰন্ধন প্ৰণালী ।
6. লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে ? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰত্ব দিয়া হয়নে ? তোমাৰ নিজৰ কথাৰে লিখা ।
উত্তৰঃ লোক নাট গীত আৰু নৃত্যৰ সমষ্টি।
এই শ্ৰেণীৰ নাটতচ সংলাপৰ ওপৰত অধিক গুৰত্ব দিয়া
নহয়। সাধাৰণতে নাটকৰ এটা প্ৰধান
উপাদান হৈছে সংলাপ। কিন্ত লোক নাটত সংলাপতকৈ গীত আৰু নৃত্যৰ ওপৰত
অধিক গুৰ্তব দিয়া হয় । লোক নাটৰ বিষয় বস্তু
সাধাৰণতে লোকজীৱনৰ পৰম্পৰাগতভাৱে মুখে মুখে প্ৰচলিত হৈ থাকে সেইদৰে
নৃত্যসমূহো পৰম্পৰাগত ভাৱে
জনসাধাৰণৰ মাজত প্ৰচলিত হৈ থাকে । কিন্ত সংলাপ মানুহ মুখে মুখে প্ৰচলিত হৈ থাকিব
নোৱাৰে । সেইবাবে লোক নাটত সংলাপতকৈ গীত আৰু নৃত্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় ।
7. লোকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবোৰৰ নাম লিখা ।
উত্তৰঃ লোকসাহিত্য লোকজীনৰ লগত নিবিড়ভাৱে জড়িত । লোক সাহিত্যক পাঁচটা
উপভাগত ভগাব পাৰি । এই ভাগকেইটা হৈছে –
(ক) লোক বা মৌখিক কবিতা বা বাচকি কবিতা বা লোকগীত।
(খ) গদ্যধৰ্মী লোককথা বা সাধুকথা ।
(গ) প্ৰবচন, বচন, যোযনা ।
(ঘ) সাঁথৰ, দৃষ্টান্ত আৰু
(ঙ) লোকভাষা ।
8. ভৌতিক বা বত্ত-সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী কি ? ইয়াৰ উপ-বিভাগ কি কি ?
উত্তৰঃ লোকসংস্কৃতিৰ দৃশ্যমান দিশটো ভৌতিক বা বস্তু সংস্কৃতিৰ
অন্তগত । আমাৰ
দৈনদ্নিন জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমলসমূহ নিৰ্মাণ, নাইবা খোৱা-লোক বস্তুসামগ্ৰী
আদিৰ ৰন্ধা-বঢ়া, প্ৰস্তুতি আদিৰ বিষয়ে ভৌতিক বা বস্তু সংস্কৃতি অধ্যয়ন কৰা হয়।
ভৌতিক সংস্কৃতিৰ প্ৰধান উপভাগকেইটা হৈছে- লোক কলা, লোক শিপ্ল, লোক আভাৰণ আৰু ৰন্ধন
প্ৰণালী । ইয়াৰ উপভাগকেইটা হৈছে-
(ক) লোক কলা ।
(খ) লোক শিপ্ল ।
(গ) লোক স্থপতি কলা
(ঘ) লোক আভাৰণ আৰু
(ঙ) লোক ৰন্ধান প্ৰাণালী ।
9. ‘অ’ মাই
যশোৱা হে, মাইহে যশোৱা ...’
গীতটি
কোনে লিখিত ৰূপ দিয়ে ?
উত্তৰঃ ‘অ’ মাই যশোৱা হে, মাইহে যশোৱা ...’ গীতটি ভূপেন হাজৰিকাদেৱে লিখিত ৰূপ দিয়ে ।
10. তাৎপৰ্য ব্যাখ্যা কৰাঃ
(ক) লোকসংস্কৃতি
পুৰণি হৈও নতুন, নতুন হৈও পুৰণি ।
উত্তৰঃ লোকসংস্কৃতিৰ বিভিন্ন উপাদানসমূহ যোগে যোগে মানুহৰ মুখত পৰম্পৰাগতভাৱে
প্ৰচলিত হৈ আছে । বৰ্তমান এই উপাদানসমূহক
শিক্ষিত লোকৰ হাতত পৰি আধুনিক ৰূপ লৈ যুগসাপক্ষে বা সময়সাপক্ষে স্থিতি লাভ কৰিছে । এইদৰে লোকসংস্কৃতিৰ বিভিন্ন উপাদানে আধুনিক ৰুপ ল’লেওই পৰ্বৰ ৰুপ সম্পূৰ্ণৰুপে পৰিত্যাগ কৰিবপৰা
নাই। সেইবাবে লোকসংস্কৃতিক
পুৰণি হৈয়ো নতুন আৰু নতুন হৈয়ো পুৰণি বুলি ক’ব পাৰি ।
(খ) সমাজৰ
পৰিৱ্ৰৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিবৰ্তন ঘটে ।
উত্তৰঃ বিভিন্ন কাৰণত একোখন সমাজত পৰিৱৰ্তন আহিব পাৰে। সমন্বয়ন আত্মীকৰণ আদিৰ দ্বাৰা এখন সমাজৰ ওপৰত আন এখন সমাজৰ প্ৰভাৱ পৰিলে দুয়োখন সমাজৰ সামাজিক জীৱনত পৰিৱৰ্তন দেখা দিয়ে । এখন সমাজৰ সমাজিক জীৱনত ঘটা পৰিৱৰ্তনে লোকসমাজখনৰ সংস্কৃতিৰ দিশলৈয়ো পৰিৱৰ্তন আনে । গতিকে ক’ব পাৰি যে সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসং স্কৃতিৰ পৰিৱৰ্তন ঘটে ।
কৃষি, অনুষ্ঠান,
ধাৰণ, আহাৰণ ।
উত্তৰঃ
কৃষিঃ ঋ-ৰ পিছত থকা
দন্তস্য মূৰ্দ্ধন্য ষ হয় ।
ধাৰণঃ ‘ৰ’ পিছত
থকা দন্ত্য ন মূৰ্দ্ধন্য (ণ) হয় ।
অনুষ্ঠানঃ উ-কাৰান্ত উপসৰ্গৰ পিচত থকা স্থা
ধাতুৰ দন্ত্য মূৰ্দধন্য ষ হয় ।
আহাৰণঃ ‘ৰ’ পিছত থকা দন্ত্য ন মূৰ্দ্ধন্য (ণ) হয় ।
2. বিপৰীত শব্দ লিখাঃ
বিশ্বাস, মৌখিক, সংযোগ, প্ৰয়োজনীয়, জন্ম, উচিত
।
উত্তৰঃ
বিপৰীত |
শব্দ |
বিশ্বাস |
অবিশ্বাস । |
মৌখিক |
লিখিত । |
সংযোগ |
বিচ্ছিন্ন । |
প্ৰয়োজনীয় |
অপ্ৰয়োজনীয় । |
জন্ম |
মৃত্যু । |
উচিত |
অনুচিত । |
3. সমাৰ্থক শব্দ লিখাঃ
গঞা, পিতা, বেমাৰ, চহৰ, লোক ।
উত্তৰঃ
সমাৰ্থক |
শব্দ |
গঞা |
গাৱলীয়া । |
পিতা |
দেউতা । |
বেমাৰ |
অসুখ । |
চহৰ |
নগৰ । |
লোক |
মানুহ । |
Published By Abhiman Das
Class 9 Assamese Medium questions Answer
Class 9 Assamese medium All Book solutions in Assamese Medium .