Megnetic Effects of Electric Current . (বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ) Class 10 science chapter 13 question answer in assamese.

NCERT Solution for Class 10 Science Chapter 1 Magnetic Effects of Electric Current   

 

Chapter 13 Magnetic Effects of Electric Current   Science . Class X Solution for Assamese Medium Student Assamese Science Solution SEBA Class10 Science Solution   Assamese Medium Science Class 10 Chapter 13 Solution | দশম  শ্ৰেণীৰ সাধাৰণ বিজ্ঞান |  

 

SEBA Board Class 10 Science Textbook Solution

SEBA Board  Ncert textbook solutions for class 10 Science chapter 13 Magnetic Effect of Electric Current .

 বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

প্ৰ শ্না ৱ লী


Class 10 Science NCERT Textbook – Page No 224

1.          দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয় ?

উত্তৰঃ দিগদৰ্শন যন্ত্ৰৰ কাঁটাডালে সৰু দণ্ড চুম্বক এডালৰ দৰে কাম কৰে, সেয়ে ইয়াক দণ্ড চুম্বক এডালৰ কাষলৈ নিলে ইয়াৰ কাঁটাডাল বিক্ষেপিত হয়

এনে হোৱাৰ কাৰণ হল দিগদৰ্শন যন্ত্ৰৰ কাঁটাডালৰ উভয়মেৰুৰ মাজত থকা আকৰ্ষণ আৰু বিকৰ্ষণ বল, যিঁহেতু চুম্বক একেধৰণৰ মেৰু যেনে- (S-S, N-N) ৰ মাজত বিকৰ্ষণ বেলেগ বেলেগ মেৰু যেনে- (S-N, N-S) ৰ মাজত আকৰ্ষণ হয় ।


Class 10 Science NCERT Textbook – Page No 228

1.          এডাল দণ্ডচুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকণ কৰা।

উত্তৰঃ 

         


2.           চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভূক্ত কৰা।

উত্তৰঃ চৌম্বক বলৰেখাৰ ধৰ্মসমূহ হ-

(i)                 চৌম্বক বলৰেখাৰ চৌম্বুকৰ বাহিৰফালে উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সেমায় ।

(ii)               চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয় । এতেকে চৌম্বক বলৰেখাবোৰ বন্ধ বক্ৰৰেখাৰ ৰূপ লয় ।

(iii)             ত চৌম্বক বলৰেখাবোৰ ঠাই খাই থাকে তাতে চৌম্বক ক্ষেত্ৰখন অধিক শক্তিশালী হয়, অৰ্থাৎ মেৰুৰ ওচৰত চুম্বকীয় বলৰ মান অধিক হয় ।

(iv)             দুডাল চৌম্বুক বলৰেখাই  কেতিয়াও পৰস্পৰে কটাকটি নকৰে ।

 


3. দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে ?

উত্তৰঃ দুডাল চৌম্বক বলৰেখাই কেতিয়াও পৰস্পৰে কটাকটি কৰিব নোৱাৰে কাৰণ ষদি এনে কৰে তাৰ অৰ্থ হব যে কটাকটি কৰা বিন্দুত দিগ দৰ্শন যন্ত্ৰৰ কাঁটাডালে দুটা দিশ নিৰ্দেশ কৰিব, যিটো সম্ভৱ নহয় ।  

 

Class 10 Science NCERT Textbook – Page No 229-230


1.  এখন টেবুলৰ সমতলত  তাঁৰৰ বৃত্তকাৰ কুণ্ডলী এটা বিবেচনা কৰা ধৰা হওঁক ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে। কণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা।

উত্তৰঃ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি অনুসৰি টেবুল এখনৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কুণ্ডলী এটাত যেতিয়া প্ৰবাহ ঘড়ীৰ কাঁটাৰ দিশত প্ৰবাহিত হয়, কুণ্ডলীটোৰ ভিতৰত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰকক্ষেত্ৰৰ দিশ তলত, অৰ্থাৎ টেবুলৰ মাজেৰে নিম্নমুখীকৈ দেখুৱাব । আনহাতে, বাহিৰৰ চুম্বক ক্ষেত্ৰৰ দিশ উৰ্ধমুখীকৈ বা ওপৰৰ ফালে অৰ্থাৎ টেবুলৰ মাজেৰে বাহিৰ হৈ এহা দেখুৱাব ।

 

2. এটা প্ৰদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকণ কৰা।

উত্তৰঃ






3. শুদ্ধ উত্তৰ বাছি উলিওৱা।

প্ৰবাহযুক্ত দীঘল চলেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ

(a) শূণ্য

(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায়।

(c) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়।

(d) সকলো বিন্দুতে একে থাকে।

উত্তৰঃ (d) সকলো বিন্দতে একে থাকে।

 

Class 10 Science NCERT Textbook – Page No 231-232

1.  চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হব পাৰে ? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)

(a) ভৰ     (b) দ্ৰুতি        (c) বেগ    (d) ভৰবেগ।

উত্তৰঃ (a) ভৰ আৰু (d) ভৰবেগ।

 

2. কাৰ্যকলাপ 13.7 AB দণ্ডৰ সৰন কেনেদৰে প্ৰবাবিত হব যদি (i) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰা হয়, (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়, আৰু (iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয় ?

উত্তৰঃ 

(i) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰিলে, সৰণো বৃদ্ধি হব।

(ii) অশ্ব খুৰা চুম্বক ব্যৱহাৰ কৰিলেও সৰণ বৃদ্ধি হব।

(iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি হলেও সৰণ বৃদ্ধি হয়।

 


3. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হল। চুম্বক ক্ষেত্ৰৰ দিশ হব-

(a) দক্ষিণমুৱা    (b) পূৰ্ৱমুৱা     (c) নিম্নমুখী     (d) উৰ্দ্ধমুখী।

উত্তৰঃ  (d) উৰ্দ্ধমুখী।

 

Class 10 Science NCERT Textbook – Page No 233

 1. ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।

উত্তৰঃ নীতিঃ যেতিয়া বাওঁহাতৰ তৰ্জনী, মধ্যমা আৰু বুঢ়া আঙুলি তিনিটা দিশত প্ৰসাৰ কৰি দিয়া হল। যদি তৰ্জনী আঙুলিটোৱে চুম্বক ক্ষেত্ৰৰ দিশ, মধ্যমা আঙুলিয়ে বিদ্যৎ প্ৰৱাহৰ দিশ নিৰ্দেশ কৰে, তেন্তে বুঢ়া আঙুলিয়ে পৰিৱাহী দণ্ডৰ বিক্ষেপনৰ দিশ দেখুৱায়

 

2. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি

উত্তৰঃ বৈদ্যুতিক মটৰৰ মূল নীতি হল যে সুষম চুম্বক ক্ষেত্ৰত স্থাপন কৰা বিদ্যুৎ পৰিবাহী এডাল ৰাখিলে ইয়াৰ বিক্ষেপণ ঘটে

3. বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি ?

উত্তৰঃ বৈদ্যুতিক মটৰত ফলা আঙুঠিয়ে দিক পৰিৱৰ্তক হিচাপে কাম কৰে যিয়ে বৈদ্যুতিক মটৰত স্পিলট ৰিঙৰ সহায়ত ইয়াৰ কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ পৰ্যায়ক্ৰমে বিপৰীতমুখী কৰা হয়। ফলত কুণ্ডলীটো সদায় একে দিশত অবিৰতভাৱে ঘূৰি থাকে।

 

Class 10 Science NCERT Textbook – Page No 237

1. কুণ্ডলীত প্ৰবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা।

উত্তৰঃ কুণ্ডলীত প্ৰবাহ আৱিষ্ট কৰা উপায় দুটা হল-

(i) কুণ্ডলী আৰু চুম্বকঃ এডাল দণ্ড চুম্বকৰ এটা মূৰ কুণ্ডলীৰ কাষলৈ নিয়া আৰু তাৰ পৰা আঁতৰাই অনা কাৰ্যটো পুনৰাবৃত্তি কৰিলে কুণ্ডলীত আৱিষ্ট বিদ্যুৎৰ সৃষ্টি হয়।

(ii) কুণ্ডলী- কুণ্ডলীঃ যদি এটা কুণ্ডলীত এটা বিদ্যুৎ কোষ আৰু ছাবি লগাই তাৰ কাষতে থকা আন এটা বন্ধ কুণ্ডলীৰ ওচৰত অন-অফ কৰা হয়, তেতিয়া কাষত থকা কুণ্ডলীটোত আৱিষ্ট বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি হয়

 


Class 10 Science NCERT Textbook – Page No 237

1. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।

উত্তৰঃ এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতিঃ বিদ্যুৎ-চুম্বকীয় আৱেশ সূত্ৰ প্ৰয়োগ বিদ্যুৎ উৎপাদকত যান্ত্ৰিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত হয়।

2. প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা।

উত্তৰঃ প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম হল-

(i)                 শুকান বেটেৰী

(ii)               ডি.চি জেনেৰেটৰ

(iii)              সৌৰ ফলক

 

3. পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎসই উৎপাদন কৰে ?

উত্তৰঃ পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎসই উৎপাদনমূহ হল-

(i)                 পাৰমাণৱিক শক্তি উৎপাদক

(ii)               জলবিদ্যুৎ শক্তি উৎপাদক

(iii)             ভূ-তাপীয়শক্তি উৎপাদক

 

4. শুদ্ধটো বাছি উলিওৱা।

তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি-

(a) দুপাকত সলনি হব।      

(b) এপাকত সলনি হব। 

(c) আধা পাকত সলনি হব।

(d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হব।

উত্তৰঃ (c) আধা পাকত সলনি হব।

 

Class 10 Science NCERT Textbook – Page No 238

1. বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।

উত্তৰঃ বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম হল -

 (i)   ভূমিসংযোগী তাঁৰ ব্যৱস্থা ।

  (ii)  ফিউজ তাঁৰৰ ব্যৱস্থা ।

 


1. এটা বৈদ্যুতিক ওভেনৰ ক্ষমতা 2 KW আৰু ইয়াক 5 A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (220V ৰ) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা ? আলোচনা কৰা ?

উত্তৰ : দিয়া আছে,

           ক্ষমতা, P = 2kW = 2000W

              প্ৰবাহ, I = 220V

আমি জানোঁ,

             P = VI

         

 ⇒ I = 9.09

∴ I = 9.09A

ওপৰৰ গণণাটোৱে সূচায় যে 5A  প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ পৰা অভেনটোৰ দ্বাৰা টনা প্ৰবাহ হল  9.09A  ।  গতিকে, বৰ্তনীটোত অত্যধিক বোজা হৈছে । ইয়াৰ ফলত অগ্নিৰ সূত্ৰপাত হব পাৰে । এনে ক্ষেত্ৰত ফিউজ তাঁৰ গলি বৰ্তনীৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হব ।

1.  ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা লব লাগে ?

উত্তৰ : ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ অৱলম্বন কৰিবলগীয়া সাৱধানতাসমূহ হল –

(i)                 একেটা খাঁজ (socket) ত বহুবোৰ সঁজুলি সংযোগ কৰিব নালাগে ।

(ii)               বৰ্তনীবিলাক সময়ে সময়ে পৰীক্ষা কৰি থাকিব লাগে ।

(iii)             উত্তম মানবিশিষ্ট তাঁৰ ব্যৱহাৰ কৰিব লাগে ।

(iv)             সঁজুলিসমূহত কিবা ত্ৰুতি আছেনে নাই পৰীক্ষা কৰিব লাগে ।

(v)               উপযুক্ত ক্ষমতাৰ ফিউজ তাঁৰেৰে বৰ্তনীত এটা ফিউজ সংযোগ কৰিব লাগে ।

 


অনুশীলনীঃ

1. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্র শুদ্ধভাৱে বর্ণনা কৰে

(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত। 

(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত। 

(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত। 

(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে গঠিত। 

উত্তৰঃ (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।

 

2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে 

(a) বস্তু আহিতকৰণৰ প্রক্রিয়া 

(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্রক্রিয়া। 

(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া। 

(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্রক্রিয়া। 

উত্তৰঃ (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।

 

3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক 

(a) জেনেৰেটৰ বোলা হয়। 

(b) গেলভেনমিটাৰ বোলা হয়। 

(c) এমিটাৰ বোলা হয়। 

(d) মটৰ বোলা হয়।

উত্তৰঃ (a) জেনেৰেটৰ বোলা হয়।

 

4. পৰিৱর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে  

(a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে। 

(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে। 

(c) পৰিৱর্তী প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।  

(d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তক থাকে। 

উত্তৰঃ (d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তক থাকে। 

 


5. হ্রস্ববর্তনী (Short Circuit ) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্রবাহ 

(a) বুজন পৰিমানে কমি যায় 

(b) সলনি নহয়। 

(c) বুজন পৰিমাণে বৃদ্ধি পায়।

(d) অবিৰতভাৱে সলনি হয়।

উত্তৰঃ (c) বুজন পৰিমাণে বৃদ্ধি পায়

 

6. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা। 

(a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।

উত্তৰঃ ভুল

b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কার্য সম্পাদন কৰে।

উত্তৰঃ শুদ্ধ

(c) এডাল দীঘল বৃত্তাকাৰ প্রবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ'ব। 

উত্তৰঃ শুদ্ধ

 

(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।

উত্তৰঃ ভূল।

 

7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা। 

উত্তৰঃ চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি হল-

a) স্থায়ী দণ্ড চুম্বকৰ ব্যৱহাৰ পদ্ধতি ।

b) প্ৰবাহযুক্ত পৰিবাহীৰ পদ্ধতি ।

 

৪. চলেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে ? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চলেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰিবানে ? ব্যাখ্যা কৰা।

উত্তৰঃ লেনইডৰ মাজেৰে বিদ্যুৎ চালিত হলে ই দণ্ড চুম্বকৰ দৰে আচৰণ কৰে।

       লেনইডৰ যিটো মূৰৰ তাঁৰৰ মাজেৰে বিদ্যুৎ ওলাই যোৱাৰ নিৰ্দেশ কৰে সেই মূৰটো উত্তৰ মেৰু আৰু বিদ্যুৎ প্ৰবাহ যিটো মূৰেৰে সোমায় সেই মূৰটো দক্ষিণ মেৰু হয়। দণ্ড চুম্বকৰ উত্তৰ মেৰুটো যদি চলেনইডৰ বিদ্যুৎ ওলাই যোৱা মূৰৰ ফালে নিয়া হয় তেন্তে ইয়াৰ বিকৰ্ষণ ঘটিব। আনহাতে, চুম্বকৰ দক্ষিণ মেৰু আনিলে চলেনইডটো আকৰ্ষিত হয়। এনেকৈ মেৰু নিৰ্ণয় কৰিব পাৰি।

9. চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্ব্বেচ্চ হয়

উত্তৰঃ চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল যেতিয়া বিদ্যুৎ পৰিৱাহীডাল চুম্বকক্ষেত্ৰৰ দিশৰ লগত ঠিক পৰস্পৰ লম্ব দিশত স্থাপন কৰা হয়, তেতিয়া পৰিৱাহীডালে সৰ্বোচ্চ বল লাভ কৰে।



10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে। চৌম্বক ক্ষেত্ৰৰ দিশ কি হ?

উত্তৰঃ এই পৰিস্থিতিত, ফ্লেমিঙৰ বাওঁহতীয়া নীতিটো বিবেচনা কৰা হয় । যিহেতু ইলেক্ট্ৰনৰ বলক সোঁফাললৈ সূচাইছে সেয়ে প্ৰবাহৰ দিশ ইলেক্ট্ৰনৰ প্ৰবাহৰ বিপৰীত হগতিকে চুম্বকক্ষেত্ৰৰ দিশ উলম্বভাৱে নিম্নমুখী হব।

 

11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কার্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি

উত্তৰঃ

 বৈদ্যুতিক মটৰ হল বৈদ্যুতিক শক্তিৰ যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা ব্যৱস্থা। চুম্বকক্ষত্ৰত ৰখা বিদ্যুৎত প্ৰৱাহী পৰিৱাহী এডালৰ ওপৰত চুম্বকক্ষেত্ৰই ক্ৰিয়া কৰা বলৰ প্ৰয়োগ কৰি বিদ্যুৎত শক্তিক যান্ত্ৰিক শক্তিলৈ এই  আহিলাত ৰূপান্তৰ কৰা হয়। অৰ্থাৎ বিদ্যুৎ পৰিৱাহীৰ ওপৰত চুম্বকৰ ক্ৰিয়া হল বিদ্যুতিক মটৰৰ কাৰ্যনীতি। 

       বৈদ্যুতিক মটৰত ফলা আঙঠিৰ সহায়ত ইয়াৰ কুণ্ডলীৰ মাজেৰে যোৱা প্ৰৱাহৰ দিশ পৰ্যায়ক্ৰমে বিপৰীতমুখী কৰা হয়। ফলত কুণ্ডলীটো সদায় একে দিশত ঘূৰি থাকে।

                          

12. বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলীৰ নাম লিখা ।

উত্তৰঃ বৈদ্যুতিক পাংখা, ৰিফ্ৰিজাৰেটৰ, টেপ ৰেকৰ্ডাৰ, ৱাচিং মেচিন আদি।

 

13. অন্তৰিত তামৰ তাৰৰ কুণ্ডলী এটা গেলভেন'মিটাৰৰ এটাৰ লগত সংযোগ কৰা হৈছে । যদি এডাল দণ্ড চুম্বক 

(i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে 

(ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে 

(ii) কুণ্ডলীৰ অন্তভাগত স্থিতিশীত অৱস্থাত ৰাখিলে কি হ'?

উত্তৰঃ  (i)  গেলভেনমিটাৰৰ কাটাৰ এফালে বিক্ষেপন ঘাটিব।

(ii) কাটাৰ বিক্ষেপন আগৰ বিপৰীত দিশত হব। 

(iii) কাটাৰ কোনো বিক্ষেপন নঘটিব। 

 

14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে । A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হ'বনে  ? কাৰণ দর্শোৱা । 

উত্তৰঃ A কুণ্ডলীত বিদ্যুৎ প্ৰৱাহৰ পৰিৱৰ্তন ঘটালে B কুণ্ডলীত আৱিষ্ট বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি হব।

        কাৰণ A কুণ্ডলীত বিদ্যুতৰ পৰিৱৰ্তন ঘটাৰ বাবে তাত সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্ৰ ৰেখাৰ সলনি ঘটে। আৰু এই ক্ষেত্ৰৰেখা যিহেতু  ওচৰতে ৰখা কুণ্ডলীৰ B কুণ্ডলীৰ মাজেৰে যায়, গতিকে ক্ষেত্ৰৰেখাৰ সলনি B কুণ্ডলীটো ঘটে। চুম্বক ক্ষেত্ৰৰেখাৰ B কুণ্ডলীত পৰিৱৰ্তন ঘটা বাবে B কুণ্ডলীত আৱিষ্ট বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি হয়।



15. (i) প্রবাহযুক্ত পোন পৰিবাহীৰ কেউকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ, (ii) চৌম্বক ক্ষেত্র এখনৰ লম্বভাবে স্থাপন কৰা প্রবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল আৰু (iii) চৌম্বক ক্ষেত্র এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নির্ণয় কৰাৰ নিয়ম উল্লেখ কৰা। 

উত্তৰঃ (i) এই ক্ষেত্ৰত মেক্সৱেলৰ সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম ব্যৱহাৰ কৰা হয়।

(ii) ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম ব্যৱহাৰ কৰা হয়।

(iii) ফ্লেমিঙৰ সোঁহাতৰ নিয়ম ব্যৱহাৰ কৰা হয়।

 

16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক মটৰৰ মূলনীতি আৰু কার্যপ্রণালী বর্ণনা কৰা। ইয়াত ব্রাচদুডালৰ কাম কি

উত্তৰঃ

বৈদ্যুতিক মটৰ হল বৈদ্যুতিক শক্তিৰ যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা ব্যৱস্থা। চুম্বকক্ষেত্ৰত ৰখা বিদ্যুৎত প্ৰৱাহী পৰিৱাহী এডালৰ ওপৰত চুম্বকক্ষেত্ৰই ক্ৰিয়া কৰা বলৰ প্ৰয়োগ কৰি বিদ্যুৎত শক্তিক যান্ত্ৰিক শক্তিলৈ এই আহিলাত ৰূপান্তৰ কৰা হয়। অৰ্থাৎ বিদ্যুৎ পৰিৱাহীৰ ওপৰত চুম্বকৰ ক্ৰিয়া হল বিদ্যুতিক মটৰৰ কাৰ্যনীতি। 

       বৈদ্যুতিক মটৰত ফলা আঙঠিৰ সহায়ত ইয়াৰ কুণ্ডলীৰ মাজেৰে যোৱা প্ৰৱাহৰ দিশ পৰ্যায়ক্ৰমে বিপৰীতমুখী কৰা হয়। ফলত কুণ্ডলীটো সদায় একে দিশত ঘূৰি থাকে।




ব্ৰাছৰ কাৰ্যঃ বিদ্যুৎ উৎপাদকত ব্যৱহৃত ব্ৰাছ দুটা ABCD কুণ্ডলীৰ পৰা আৱিষ্ট বিদ্যুৎ বৰ্হিৰৰ্তনীত সৰবৰাহ কৰে।

 

17. এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয় ?

উত্তৰঃ যেতিয়া কোনো দোষমুক্ত বৈদ্যুতিক আহিলা ব্যৱহাৰ কৰা হয় বা বৰ্তনীত ব্যৱহাৰ কৰা তাঁৰৰ প্লাষ্টিক আৱৰণৰ ক্ষয় হৈ তাৰ ভিতৰৰ তাঁৰ উম্মুক্ত হয়, তেতিয়া লাইভআৰু নিউট্ৰেল তাঁৰৰ মাজত ঠাইতে সংযোগ ঘটে বা চৰ্ট চাৰ্কিত (Short Circuit) ঘটে।

 

18. ভূমি সংলগ্ন তাৰৰ কাম কি ? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্রয়োজন কিয় ?

উত্তৰঃ মাটিৰ লগত সংযোগ কৰা তাঁৰৰ ব্যৱহাৰ বৈদ্যুতিক সঁজুলিৰ সুৰক্ষাৰ বাবে কৰা হয়। সঁজুলিৰ সুৰক্ষাৰ বাবে কৰা হয়।

       সঁজুলিৰ ধাতুৰ শাৰীৰ ভূমি সংযোগী তাঁৰৰ লগত সংলগ্ন কৰা হ, ই প্ৰবাহক ভূমিলৈ কম ৰোধৰ পৰিৱাহী পথ এটাৰ যোগান ধৰে। সঁজুলিৰ ধাতুৰ শৰীৰলৈ এই প্ৰবাহ নিঃসৰিত হলে এই ব্যৱস্থা ধাতুৰ শৰীৰৰ বিভৱ ভূমিৰ সৈতে একে কৰি ৰাখে, ফলত ব্যৱহাৰ কৰি অনুভৱ কৰা বৈদ্যুতিক আঘাত সিমান প্ৰচণ্ড নহব পাৰে


Published  By Lokesh Das



Class 10 Science Assamese Medium questions Answer

Class 10 Assamese medium All Book solutions in Assamese Medium. Class 10 Science soutions in Assamese Medium. Class 10 Science chapter 13  solution in Assamese Medium Class 10 Science Assamese Medium.

Previous Post Next Post