কাৰ্বি সকল class 9

 


                                    



   1. কাৰ্বিসকলক অসমৰ কলম্বাচ বুলি কোনে কৈছিল ?

উত্তৰঃ কাৰ্বিসকলক অসমৰ বিষ্ণু প্ৰসাদ ৰাভাই কলম্বাছ বুলি কৈছিল ।

     2.   কাৰ্বিসকলৰ পৰম্পৰাগত সাজ পাৰৰ বিষয়ে লিখা ।

    উত্তৰঃ কাৰ্বিসকলৰ পুৰ, আৰু নাৰীৰ পোচাক পৃথক । পৃথক পুৰুষুৰ  আঁঠমুৰীয়া পো চেলেং, চই হঁথৰ, চুই ইক, চইলক (কাৰ্বি জেকেট) পিই আদিয়েই প্ৰধান । চই  হংথৰ আজিকালি কাৰ্বি জেকিট বুলি পৰিচিত । পহ ৪ আৰু ৫ ইঞ্চি বহল আৰু প্ৰায় ছয় ফুট জদীঘল । ইয়াৰ দুয়োমূৰে বিভিন্ন ৰঙৰ ফুল তুলি দিয়া হয় ।

      চেপান আবু- প্ৰায় ৩  ইঞ্চি বহল  আৰু প্ৰায় দীঘলে ছয় ফুট । দুয়োমূৰে কড়িৰে সম্বলিত বিশেষ চকচকীয়া কলা কাপোৰ । ইয়াক ডোকালৰাসকলে ব্যৱহাৰ কৰা দেখা যায়

  নাৰীৰ সাজ পৰা হলঃ পিনি, পেকক আৰু ৱানকক – তদুপৰি পে ছেলেং,  পে খনজাৰি, পে ছাৰপি আদিয়ে প্ৰধান

  পিবাঃ/২ ফুটৰ পৰা ২ ফুট বহল আৰু ৬ ফুট দীঘলদোয়ো মূৰে বিভিন্ন ৰঙৰ ফুল তুলি কড়িৰে সম্বলিত বিশেষ চকচকীয়া কলা কাপোৰ ।  ইয়াক মহিলাসকলে নিজৰ কেঁচুৱাটিক বোকোচাত লবৰ বাবে ব্যৱহাৰ কৰে ।

 

    3.   কাৰ্বিসকল উৎসৱ-পাৰ্বণ সম্পৰ্কে লিখা ।

   উত্তৰঃ কাৰ্বিসলৰ উৎসৱ-পাৰ্বণ সমূহ হলঃ পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্ৰধান । পেং হেমফু  হল ঘৰুৱা উৎসৱ । এই উৎসৱত  সাধাৰণতে তিনিটাকৈ পূজা থাকে । ৰিৎ আংলং, বুচম মআৰু পেং । এই তিনিটা পূজা বছৰৰ  আৰাম্ভণিতে কৰা হয় যাতে  বছৰৰ আপায়-অমংগল নহয়। ইয়াক কোৱা হয় গুৱা উৎসৱ ।

     চজুন উৎসৱঃ  এই উৎসৱত প্ৰতিবছৰে উদযাপন নহয় । ৪,৫ বা ৯ বছৰৰ মূৰে কৰা হয় ।

     ৰংকেৰ উৎসৱঃ ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয় । এই উৎসৱ বছৰৰ আৰাম্ভণিতে উদযাপন কৰা হয় । পূজাৰ মূল বেদীত চৰাই, ছাগলী , কণী আদি উৰ্ছগা কৰি উপাস্য দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা কৰা হয় ।

   4.   কাৰ্বিসকলৰ মূল ফৈদকেইটা কি কি ?

উত্তৰঃ কাৰ্বিসকলৰ মূল ফৈদকেইটা হটিমুং, টেৰন, তেৰাং, ইংহি ইংতি ।

    5.   কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান  সাজ-পাৰ তথা আ-অলংকাৰৰ নাম লিখা ।

উত্তৰঃ   নাৰীৰ সাজ পৰা হলঃ পিনি, পেকক আৰু ৱানকক – তদুপৰি পে ছেলেং,  পে খনজাৰি, পে ছাৰপি আদিয়ে প্ৰধান আৰু আ-অলংকাৰ সমূহ হল – লেক হিকি, নতেংপী, নলাংপং লেক পাংখৰা, লাং আৱ, ৰই পাংখৰা, ৰই পাহু ইত্যাদি। 

 

   6.   চমুটোকা লিখাঃ

(ক ) ছেমচনছিং ইংতি ।

উত্তৰঃ তেওঁ কাৰ্বি আংলঙৰ স্বপ্নদ্ৰষ্টা আৰু ৰূপকাৰ । ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰত জন্ম গ্ৰহণ কৰিছিল । পিতাকৰ নাম থেংকুৰছিং ইংতি আৰু মাকৰ নাম ৰুথ মাধৱী । ১৯১৬ চনত গোলাঘাট মিছন স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চনত গোলাঘাটত বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ কৰিছিল । তেওঁ নিজে কেইবাখনো কাৰ্বি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমীহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায় । তেওঁ লিখা পুথিকেইখন হল – বিতুছ আকিতাপ’, ‘কালাখা আকিতাপ’,  তোমপুৰু আৰু ৱপী


(খ) ছামচিং হাঞ্চে

উত্তৰঃ ছামচিং হাঞ্চে এজন লেখক, কবি, গীতিকাৰ, ঔপন্যাসিক, কথাছবি প্ৰযোজক, ৰাজনীতিক, সাহিত্যপ্ৰেমী ব্যক্তিনগাঁও জিলিৰা সৰুবাট নৌজাৰ অন্তৰ্গত পণ্ডিতঘাট বা আৰ্হিকেলক গাঁৱত ১৯৪৮ চনৰ এপ্ৰল মাহৰ ১৮ তাৰিখে তেওঁৰ জন্ম হয় । পিতৃৰ নাম জয়সিংহ হাঞ্চে আৰু মাতৃৰ নাম কাএৎ টেৰপণী । খ্ৰীষ্টীয় ১৯৮৫ চনত বিধাসবা সভাৰ নিৰ্বাচনত ডিফু সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসম মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰিত্ব লাভ কৰিবলৈ সক্ষম হয় । ১৯৯৮ চনৰ জানুৱাৰী মাহৰ ১৩ তাৰিখে সকলোকে ম্ত্ৰিয়মান কৰি ইহসংসাৰ পৰা চিৰকালৰ বাবে বিদায় লয় ।

 

(গ) বংলং তেৰাং ।

উত্তৰঃ কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি বংলং তেৰাঙৰ জন্ম হয় ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে ডিলাই নদীৰ কাষৰ নিহাংলাংছ নামৰ ঠাইত । তেৱেঁই কাৰ্বি সাহিত্যৰ প্ৰথম লিখিত ৰূপ প্ৰদান কৰে । দেউতাকৰ নাম ছাৰ তেৰাং আৰু মাকৰ নাম কাৰেঁ  তিচ্ছপী । তেওঁ ১৩ বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰাম্ভ কৰিছিল । তেওঁ লখা বিভিন্ন কিতাপসমূহ হল- ‘Word Book’  আদাম আছাৰ,  ৰূকাছেন,  হাইমু,  ছেৰ হংথম,  ইত্যাদি ।

    ১৯৭৩ চনত কাৰ্বি সাহিত্য সভাৰ তৰফৰ পৰা কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয় । অসম চৰকাৰৰ তৰফৰ পৰা একাকালীন মাননী প্ৰদান কৰাৰ লগতচে সাহিত্যিক পেঞ্চন প্ৰদান কৰে । এই জনা পুৰোধা ব্যক্তিয়ে সকলোকে এৰি ২০০১ চনৰ জুলাই মাহৰ ১৭ তাৰিখে ইহলীলা সম্বৰণ কৰে ।   

(ঘ) লংকাম তেৰণ

উত্তৰঃ সু-সাহিত্যিক লংকাম তেৰেণৰ জন্ম ১৯৩২ চনত । তেওঁৰ দেউতাকৰ নাম ডিপ্লু তৰেণ আৰু মাকৰ নাম কাচাই হাঞ্চেপী । ১৯৫৭ চনত কাচে ৰংহাপীৰ লগত বিবাহ হয় । ১৯৬৪ চনত মিকিৰ পাহৰ  জিলা পৰিষদৰ জন সম্পৰ্কৰক্ষী বিষয়া পদত মনোনীত হয় । তেওঁ কাৰ্বি  আদৰবাৰৰ সাধাৰণ সম্পাদক আৰু শভাপতি পদকো অলংকৃত হৈছিল । তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হল- ৰং কেছেং, টামাহিদি, কিতাপ কিমি, কাৰ্বি লামকুৰু, কাৰ্বি জনগোষ্ঠী’ ‘কাৰ্বি ভাষাৰ পৰিচয়,  কাৰ্বি লামতাছাম আদি।

Previous Post Next Post