আহোম সকল class 9

আহোম সকল class 9


                                              

 


1.   আহোমসকল আদিতে কোন জাতিৰ লোক আছিল ?

উত্তৰঃ আহোমসকলে আদিতে্ টাই জাতিৰ লোক আছিল ।

2.   আহোমসকলৰ আদি বাসস্তান কত আছিল ?

উত্তৰঃ আহোমসকলৰ আদি বাসস্তান চীনদেশৰ দক্ষিণ-পশ্চিম অঞ্চল, বৰ্তমানৰ ইউনান প্ৰদেসৰ মুংমাও ৰাজ্যত আছিল

 


3.   আহোমসকলৰ কিমান বছৰ অসমত শাসন কৰিছিল ?

উত্তৰঃ আহোমসকলৰ ৬০০ বছৰ অসমত শাসন কৰিছিল ।

 

4.   আহোমসকলৰ আদিভাষা কি আছিল ?

উত্তৰঃ  আহোমসকলৰ আদি ভাষা টাই বা শ্যাম।

 

5.   আহোমসকলৰ কেইটামান উৎসৱৰ নাম লিখা ।

উত্তৰঃ আহোমসকলৰ কেইটিমান  উৎসৱৰ নাম হল- মে-ডাম-মে ফী, ওমপা, চাইফা, ৰিকখন জাচিংফা লাইলুংখাম, আদি ।

 

6.   চমুটোকা লিখাঃ

(ক) লাচিত বৰফুকন।

উত্তৰঃ অসমৰ ঐতিহাসিক দেশপ্ৰেমিক বীৰ লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬১২ খ্ৰীষ্টাব্দত গড়গাঁৱৰ ওচৰে-পাজৰে কোনো এখন গাঁৱত। তেওঁৰ পিতৃৰ নাম মোমোই তামোলী বৰুৱা তেওঁৰ তিনিজন কাকয়েক আছিল, তেওঁলোকৰ নাম হল লালুকসলা, মৰংগী, আৰু ভাৰধৰা । লাচিত বৰফুকন সৰুৰে পৰাই বৰ সাহসী আছিল ।

  লাচিত বৰফুকনে নিজৰ দক্ষতাৰ ফলত অতি সোনকালেই ৰজা ঘৰত নিযুক্তি লাভ কৰিছিল । প্ৰথমে হাঁচতি লধৰা তামুলী , তাৰ পিছত ক্ৰমে ঘোৰা বৰুৱা, দোলীয়া বৰুৱা আৰু শিমলু গুৰীয়া ফুকন, পদত নিযুক্তি লাভ কৰিচিল । মোগলৰ মিৰজুমলাই অসম  আক্ৰমণ কৰা সময়ত দেখুওৱা পাৰদৰ্শিতা আৰু দক্ষতাৰ কাৰণে সেষত আহোম সেনাৰ প্ৰধান সেনাপতি বৰফুকন পদত অধিষ্ঠিত হৈছিল ।

   ১৬৬৭ চনৰ ২০ আগষ্টত আহোম –মোগলৰ যুদ্ধত বীৰ লাচিত বৰফুকনৰ সুদক্ষ নেতৃত্বত মোগল বেয়াকৈ হাৰি গুচি যাবলগীয়া হয়। পিছত মোগলে ৰামসিংহকৰ নেতৃত্বত পুনৰ অসম আক্ৰমণ কৰিবলৈ আহে । মোগলক ভেটা দিবলৈ একেৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ লাচিত বৰফুকনে নিজৰ মোমায়েকক দায়িত্ব দিছিল । কামত গাফিলাতি কৰাত দেশতকৈ মোমাই ডাঙৰ নহয় বুলি খঙৰে তেওঁ মোময়েকক ঘপায়াইহত্যা কৰিছিল ।

   শৰাইঘাটৰ যুদ্ধখনেই আছিল আহোম মোগলৰ শেষ যুদ্ধ । এই যুদ্ধত ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত । স্থল আৰি জল দুয়োপথৰে যঁজি লাচিতৰ নেতৃত্বত অসমীয়া সেনাই মোগল সেনাক কচু কটা দিলে ।

  শৰাইঘাটৰ যুদ্ধৰ কিছু দিন পিছতেই এই দেশপ্ৰমিক সাহসী বীৰৰ গুৱাহাটীত মৃত্যু হয় ।

 


(খ) সতী জয়মতী।

উত্তৰঃ সতী জয়মতী কঁৱৰী আছিল তুং-খুঙ্গীয়া ফৈদৰ লাঙ্গি গদাপাণি কোঁৱৰৰ পত্নী । সেই সময়ত আহোম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি আছিল অতি জটিল । প্ৰবল প্ৰতাপী লালুকসোলাই নিজে আহোম সিংহাসনত উঠিবৰ আশাৰে লৰা ৰজা ৰত্নধ্বজ সিংহৰ আদেশত সিংহাসানত উটিবৰ যোগ্য ভালেমানে কোঁৱৰক হয়  হত্যা কৰালে নতুবা আংগক্ষত কৰালে। গদাপাণিক লালুসোকাই লক্ষ্য কৰি লোৱাত পত্নী জয়মতীয়ে তেওঁক জোৰ কৰি পলুৱাই খেদালে ।

গদাপাণিক বিচাৰি নাপাই ৰজাৰ আদেশত জয়মতীক ৰাজসভালৈ অনাই গদাপাণি কত আছে সুধিলে । তেওঁ গদাপাণিৰ খবৰ নোকোৱাত চাউদাঙৰ হতুৱাই জেৰেঙা পথৰাত গছত বান্ধি দিনে ৰাতিয়ে কঠোৰ শাস্তি দিবলৈ  ধৰিলে । এই খবৰগুনি গদাপাণিয়ে নগাৰ বেশ ধৰি আহি জয়মতীক গিৰিয়েকৰ খবৰ দিবলৈ কলে যদিও নগাৰ বেশত থকা গদাপাণিক চিনি পাই তাৰাতাৰি তাৰ পৰা আঁতৰি যাবলৈ ইংগিত দিলে । গদাপাণি জয়মতীৰ ইংগিত পাই গধুৰ বেদনা লৈ আঁতৰি গল । মৃত্যু যান্ত্ৰণা ভুগি অৱশেষত জয়মতীয়ে চাউদাঙৰ হাতত মৃত্যু বৰণ কৰিলে, তথাপি, স্বামীক আৰু স্বামীৰ জৰিয়তে দেশক ৰক্ষা কৰিবলৈ জয়মতীয়ে স্বামীৰ প্ৰকৃত সন্ধান জানিও নকলে । সেই কাৰণে সতী হিচাবে সতী জয়মতী কুঁৱৰী নামে অসম ইতিহাসত তেওঁ চিৰকাললৈ জিলিকি থাকিল ।

 

(গ) টেঙাই মহন ।

উত্তৰঃ পণ্ডিত টেঙাই মহন ইংৰাজী ১৭১৫ চনত চৰাইদেউত মহুং-মাইচেউ পৰিয়ালৰ তকম্বৰিৰ জন্ম গ্ৰহণ কৰিছিল । তিনিজন ককায়েক-ভায়েকৰ ভিতৰত টেঙাই আছিল সৰু .

  আহোম ৰাজত্বৰ শেষৰ ফালে  সচেতন আৰু বুদ্ধিজীৱী আহোমসকল এক মহা সংকটত পৰিছিল । কাৰণটো হল আহোম দৰবাৰত বিভিন্ন কাৰণত আহোম ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাই লাহে লাহে প্ৰসাৰ লাভ কৰিছিল । আনহাতে আহোম ভাষাই ক্ৰমান্বয়ে অৱলেহিত হোৱাৰ লগতে দৈনন্দিন কথা-বতৰাৰ পৰা আঁতৰি যাবলৈ ধৰিলে । এনে স্থলত সচেতন-বুদ্ধিজীৱী আহোমসকলে চিন্তিত হৈ পৰিল এইবুলি যে এসময়ত আহোম ভাষাটো একেবাৰে বিলুপ্ত হৈ যায়, অসমৰ এটা জীয়া সভ্যতা অসমৰ ইতিহাসৰ পৰা নিশেষ হৈ যাব।তেখেতক আহোম ভাষাৰ পুতিৰ ভাঙনিৰ বাবে ইংৰাজ চাহোবে বিলালতলৈ লৈ গৈছ্ল বুলি জনা যায়। এই মহান অভিধানিজনকৰ ১৮২৩ চনত ডিব্ৰুগড় জিলাৰ খুৱাঙত  মৃত্যু  হয় ।

 

(ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন ।

উত্তৰঃ খ্ৰীষ্টীয় ১৯১২ চনৰ অক্টোবৰ মাহৰ এটি তেতিয়াৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত খালৈঘোগুৰা মৌজাৰ অন্তৰ্গত আখৈয়া দেইধাই গাঁৱৰ এটা মধ্যবিত্ত পৰিয়ালত ডম্বৰুধৰ দেইধাই ফুকনদেৱৰ জন্ম হয় । পিতা গংগাৰাম পুকন আৰু মাতৃ চাদৈ ফুকন । পিতা গংগাৰাম ফুকন এজন শিক্ষানুৰোগী ব্যক্তি আছিল । তেওঁ দাদায়েক সৰুনাথ আৰু দেধাই ফুকন আৰু নন্দনাথ দেওধাই ফুকনৰ পৰা ঘৰতে টাই ভাষৰ শিক্ষা গ্ৰহণ কৰিচিল ।১৯৭৫ চনত সদৈ অসম বৌদ্ধ ফ্ৰালুং সংঘ প্ৰতিষ্ঠা আৰু একে ভচৰতে ইয়াৰ কাৰ্যায়লৰ নামত এবিঘা মাটি দান কৰে । ১৯৮১ চনত দিল্লীত বহা প্ৰথম আন্তজাৰ্তিক টাই শিক্ষা সন্মিলনত অংশ গ্ৰহণ কৰি ১৯-খন দেশৰ টাই পণ্ডিতসকলৰ লগত আহোম ভাষা সম্পৰ্কত আলোচনা মিলিত হৈছিল । এই অধিৱেশনৰ পৰা ঘূৰি আহি ধেমাজীৰ প্ৰমোদ ভৱনত ১৯৮১ চনৰ ৮ এপ্ৰিলত পূৰ্বাঞ্চল টাই সাহিত্য সভা গঠন আৰু প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে । ১  

 

(ঙ) কৃ্ষ্ণকান্ত সন্দিকৈ ।

উত্তৰঃ অসমীয়া, সংস্কৃতি, ইংৰাজী আদি কেইবাটাও ভাষাৰ এগৰাকী পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল ১৮৯৮ চনত যোৰহাটত । পিতৃৰ নাম ৰাধাকান্ত সন্দিকৈ আৰু মাকৰ নাম নাৰায়ণী সন্দিকৈ ।১৯১৩ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা এন্ট্ৰেস পৰীক্ষা ১ম বিভাগত আৰু পিছত কলিকতাৰ সংস্কৃতি কলেজৰ পৰা সংস্কৃতিত বেদ গ্ৰুপত সন্মান সহ প্ৰথম শ্ৰেণীত বি.এ পাছ কৰে ।

   ভাৰত চৰাকৰে  ১৯৫৪ চনত পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ  সন্মানেৰে ভাৰত চৰকাৰে তেওঁক সন্মানিত কৰিছিল 1937চনত অসম সাহিত্য সবাৰ গুৱাহাটী অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়েও তেওঁক সন্মানিত ডি লিট উপাধি প্ৰদান কৰিছিল

 

(চ) পদ্মনাথ গোহাঞি বৰুৱা ।

উত্তৰঃ অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম হৈছিল ১৮১৭ চনৰ অক্টোবৰত উত্তৰ লক্ষীমপুৰৰ নকাৰি গাঁৱত । তেওঁৰ দেউতাকৰ নাম আছিল ঘিণাৰাম আৰু মাকৰ নাম লক্ষ্মী দেৱী । তেওঁ ১৮৯০ চনত এন্ট্ৰেস পৰীক্ষা পাছ কৰি কলিকতালৈ গৈ এফ.এ. আৰু আইন পঢ়ে । প্ৰথমে কোহিমানত শিক্ষকতা কৰাৰ পাছ কৰি পাছত যোৰহাটলৈ গৈ কিছুমান তাতো শিক্ষকতাৰ কৰি পিছত তেজপুৰ নৰ্মাল স্কুলত কাম কৰে আৰু তেজপুৰতেই স্থায়ীভাৱে থাকিবলৈ লয়।

  তেওঁ সম্পাদনা কৰা আলোচনী হল- বিজুলী, আসাম বন্তি আৰু উষা । ১৯১৭ চনত অসম সাহিত্য  সভা গঠন হোৱাত তেওঁ আছিল প্ৰতিষ্ঠাপক  সভাপতি আৰু সেই বছৰতেই শিৱসাগৰত অনুষ্ঠিত ইয়াৰ প্ৰথম অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল ।

Published  By Abhiman Das



Previous Post Next Post