NCERT Solutions for Class 9 Science Chapter 6 Tissues in Assamese Medium
নৱম শ্ৰেণীৰ বিজ্ঞানৰ সমাধানঃ কলা অধ্যায়ৰ প্ৰশ্ন উত্তৰ
কলা
Class 9 Science NCERT Textbook – Page 69
1. কলা কি ?
উত্তৰঃ এটা নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰিবলৈ সংঘবদ্ধ একেধৰণৰ কোষৰ
সমষ্টিক কলা বুলি কোৱা হয় ।
2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি ?
উত্তৰঃ বহুকোষী জীৱই শ্ৰমৰ বিভাজন দেখুৱাই । ফলস্বৰুপে, সঠিকভাৱে
কাৰ্য সম্পাদনৰ বাবে কলাসমূহ সঠিভাৱে ৰুপাংকিত আৰু সজ্জিত হয় । প্ৰত্যেক কলাই নিৰ্দিষ্ট
নিৰ্দিষ্ট কাৰ্য দক্ষভাৱে সম্পাদন কৰে যাৰ ফলত শক্তি আৰু নৈপুণ্য হ্ৰাসৰ সম্ভাৱনা
হ্ৰাস পায় । বহুকোষী জীৱৰ বৃহৎ সংখ্যক কোষে কাৰ্যসমূহৰ বিভাজনৰ বাবে সংঘবদ্ধ হয় ।
আনহাতে এককোষী জীৱৰ কোষটোৱে সকলোবোৰ কাৰ্য সম্পাদন কৰে ।
Class 9 Science NCERT Textbook – Page 74
1. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা ।
উত্তৰঃ বিভিন্ন প্ৰকাৰৰ বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহ হৈছে-
(i)
পেৰেণকাইমা
।
(ii)
ক’লেণকাইমা ।
(iii)
স্ক্লেৰেণকাইমা
।
2. অগ্ৰস্থ ভাজক কলা ক’ত পোৱা যায় ?
উত্তৰঃ অগ্ৰস্থ ভাজক কলা মূল, কাণ্ড আৰু ডালৰ শীৰ্ষত থাকে আৰু এই
কলাই ইহঁতৰ দৈৰ্ঘ্য বৃৰ্দ্ধি পায় ।
3. কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?
উত্তৰঃ স্ক্লেৰেণকাইমীয় কলাই নাৰিকলৰ বাকলিখন গঠন কৰে । এই কলা মৃত
কোষেৰে গঠিত ।
4. ফ্লোৱেম কলা কিহেৰে গঠিত ?
উত্তৰঃ ফ্লোৱেমৰ উপাদানসমূহ যেনে চালনী নলিকা, সংগী কোষ, ফ্লোৱেম পেৰেণকাইমা আৰু ফ্লোৱেম তন্ত্ৰ আদিৰে ফ্লোৱেম কলা গঠিত ।
Class 9 Science NCERT Textbook – Page 78
1. প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?
উত্তৰঃ প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ হৈছে পেশীকলাসমূহ ।
2. নিউৰন (Neuron) দেখাত কেনেকুৱা?
উত্তৰঃ নিউৰন হৈছে প্ৰাণীদেহৰ আঠাইতকৈ দীঘল কোষ । ই স্নায়ুতন্ত্ৰৰ
সাংগঠনিক আৰু কাৰ্যকৰী একক ।
ইয়াক দেহকোষ আৰু স্নায়ুপ্ৰৰ্বধ – এই দুটা ভাগত ভাগ কৰা হৈছে .
(i) দেহকোষঃ দেহকোষ
গোলাকাৰ, ডিম্বাকাৰ, পিৰামিডাকাৰ বা তৰাকৃতিৰ হ’ব পাৰে । ইয়াত কোষকেন্দ্ৰ, কোষপ্ৰৰস আৰু নিছেলৰ কণিকা
থাকে ।
(ii) স্নায়ুপ্ৰৰ্বধঃ
দেহকোষৰ পৰা ওলোৱা প্ৰট’প্লাজমীয়
প্ৰৰ্বধবোৰক স্নায়ুপ্ৰৰ্বধ বুলি কোৱা হয় ।
এইবোৰ দুই প্ৰকাৰৰ—
(i)এক্সনঃ ই
দীঘল, চুঙাকৃতিৰ, শাখাহীন ।
(ii)ডেনড্ৰাইটঃ
ইহঁতৰ সংখ্যা এক বা একাধিক । ইহঁত দেহকোষৰ চুটি আৰু অধিক শাখা প্ৰশাখাযুক্ত স্নায়ুপ্ৰৰ্বধ
।
3. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল –
(i)ইহঁতৰ
কোষবোৰ চুটি, চুঙাকৃতিৰ, এটা কোষকেন্দ্ৰ বিশিষ্ট আৰু শাখাযুক্ত ।
(ii)ইহঁতে
প্ৰাণীৰ জীৱনকালত নিৰৱচ্ছিন্নভাৱে ছন্দময় প্ৰসাৰণ আৰু সংকোচন কাৰ্য সম্পাদন কৰে ।
(iii) ইহঁত অনৈচ্ছিক প্ৰকৃতিৰ পেশী ।
4. এৰিওলাৰ (Areola) কলাৰ কাৰ্যসমূহ কি কি ?
উত্তৰঃ এৰিওলাৰ কলা বা
ভাজক কলাহৈছে ঢিলা কোষীয় সংকোচক কলা। ইয়াত বগা আৰু হালধীয়া কলাজেন তন্ত্ৰ থাকে ।
এৰিওলাৰ (Areola) কলাৰ কাৰ্যসমূহ হৈছে –
(i) দেহ
গহ্বৰত অংগসমূহৰ মাজত ধাৰক আৰু সুৰক্ষা প্ৰদায়ক কলা হিচাপে ইহঁত কাৰ্য সম্পাদন কৰে
।
(ii)ইহঁতে হাড়ক
হাড়ৰ লগত, মাংসপেশীৰক হাড়ৰ লগত, ছালক মাংসপেসীৰ লগত সংযুক্ত কৰে ।
(iii) আঘাত
প্ৰাপ্তিৰ পিছত ইহঁতে কলাসমূহৰ মেৰামতি কৰে ।
(iv)বাহিৰাগত
বিষাক্ত পদাৰ্থৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত ইহঁতে সহায় কৰে।
(v) ইহঁতে
ছালক পেশীৰ সৈতে সংযুক্ত কৰে ।
(vi)ইহঁতে
সৰু ৰক্ত নলিকাৰ পৰা অক্সিজেন আৰু পুষ্টিদ্ৰব্যৰ ব্যাপনত সহায় কৰে ।
অণুশীলনীঃ
1.
“কলা’ৰ সংজ্ঞা দিয়া ।
উত্তৰঃ
আকাৰ, আকৃতি, গঠন আৰু উৎপত্তিৰ ফালৰ পৰা একে আৰু এক বা একাধিক কাৰ্য সম্পাদন
কৰিবলৈ সংগঠিত কোষৰ সমষ্টিক কলা বোলা হয় । সম্ভৱপৰ সৰ্বাধিক মাত্ৰাৰ নৈপুণ্যৰ বাবে
কোষবোৰ সংগঠিত হয় । উদাহৰণঃ পেশীকলা, স্নায়ুকলা, সংযোজক কলা আদি।
2.
কি কি উপাদানেৰে জাইলেম কলা গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ
জাইলেম কলা চাৰি প্ৰকাৰৰ কোষৰ দ্বাৰা গঠিত। সেইবোৰৰ নাম হৈছে-
(i)
ট্ৰেকাইড
(ii)
নলীকা বা ট্ৰেকীয়া
(iii)
জাইলেম পেৰেণকাইমা
(iv)
জাইলেম স্ক্লেৰেণকাইমা (বা তন্ত্ত)
3.
উদ্ভিদ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী
কলাতকৈ পৃথক?
উত্তৰঃ উদ্ভিদ
সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলাৰ মাজৰ পাৰ্থক্যবোৰ হ’ল-
ক্ৰমিক নং |
পাৰ্থক্যৰ ভিক্তি |
সৰল
স্থায়ী কলা |
জটিল
স্থায়ী কলা |
(i) |
গঠন |
ইহঁত
কেৱল এক প্ৰকাৰ কোষৰ দ্বাৰা গঠিত। |
ইহঁতে একাধিক প্ৰকাৰৰ কোষৰ
দ্বাৰা গঠিত। |
(ii) |
প্ৰকাৰ |
ইহঁত তিনি
প্ৰকাৰৰঃ (a)
পেৰেণকাইমা (b)
ক’লেণকাইমা (c)
স্ক্লেৰেণকাইমা |
ইহঁত
দুই প্ৰকাৰৰঃ (a)
জাইলেম (b)
ফ্লোৱেম |
(iii) |
কাৰ্য |
ইহঁত
সুৰক্ষাদায়ক কলা। ইহঁতে দৈহিক শক্তি ।যোগাই আৰু খাদ্য তথা বৰ্জ্য পদাৰ্থ সংৰক্ষণ
কৰে। |
উদ্ভিদ
দেহৰ বিভিন্ন অংশলৈ ইহঁতে পানী, খনিজ পদাৰ্থ আৰু খাদ্য সামগ্ৰী পৰিবহণ কৰে। |
(iv) |
উৎপত্তি |
ইহঁতৰ
উৎপত্তি আৰু গঠন একে। |
ইহঁতৰ
উৎপত্তি আৰু গঠন ভিন ভিন। |
4.
কোষ বেৰৰ ওপৰত ভিক্তি কৰি পেৰেণকাইমা, ক’লেনকাইমা, স্ক্লেৰেণকাইমাৰ
মাজত থকা পাৰ্থক্য দাঙি ধৰা।
উত্তৰঃ
উপাদান |
বৈশিষ্ট্য |
|||||||||
কোষবেৰ |
|
5.
পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?
উত্তৰঃ পাতল
তলপিঠিৰ বহিস্ত্বকত পত্ৰৰন্ধ্ৰবোৰ থাকে । দুটা বহিস্তকীয় ৰক্ষী কোষে পত্ৰৰন্ধ্ৰক
পৰিবেষ্টিত কৰি ৰাখে। ৰক্ষীকোষৰ অৱতল পৃষ্ঠই পৰস্পৰৰ মুখামুখিকৈ থাকে। ইহঁতে পত্ৰৰন্ধ্ৰৰ
মেল আৰু জপোৱা কাৰ্য নিয়ন্ত্ৰণ কৰে।
পত্ৰন্ধ্ৰৰ
প্ৰধান কাৰ্যসমূহ হ’ল-
(i)
বায়ুমণ্ডল আৰু উদ্ভিদৰ আভ্যন্তৰীণ পৰিৱেশৰ মাজৰ গেছ
বিনিময়ত অৰ্থাৎ O2 আৰু CO2ৰ বিনিময়ত ইহঁতে ভূমিকা পালন কৰে । গতিকে ইহঁতৰ অবিহনে
সোলোক সংস্লেষণ সম্ভৱ নহয় ।
(ii) ইহঁতে উদ্ভিদক বাষ্পমোচনত সহায় কৰে আৰু এনেদৰে উদ্বিদৰ পৰা অতিৰিক্ত পানীভাগ অপসাৰিত হয়। শিপাৰ কলাৰ দ্বাৰা খনিজ লৱণৰ শোষণত এই পত্ৰিয়াই সহায় কৰে।
6.
প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?
উত্তৰঃ প্ৰাণীদেহৰ
চলনৰ লগত পেশাকলাসমূহ জড়িত।
7.
স্নায়ুকোষ (Neuron) দেখাত
কেনেকুৱা হয়?
উত্তৰঃ
স্নায়ুকোষ বা নিউৰণ হৈছে প্ৰাণীদেহৰ আতাইতকৈ দীঘল কোষ । ই স্নায়ুতন্ত্ৰৰ সাংগঠনিক
আৰু কাৰ্যকৰী ইকক। ইয়াক দেহকোষ আৰু স্নায়ু পৱৰ্ধ- এই দুটা ভাগত ভগাব পাৰি ।
দেহকোষঃ
দেহকোষ গোলাকাৰ, ডিম্বাকাৰ, পিৰামিডাকাৰ বা তৰা আকৃতিৰ হ’ব পাৰে । ইয়াত কোষকেন্দ্ৰ, কোষপ্ৰৰস আৰু নিছেলৰ কণিকা
থাকে।
স্নায়ুপ্ৰৱৰ্ধঃ
দেহকোষৰ পৰা ওলোৱা প্ৰট’প্লাজমীয়
প্ৰৱৰ্ধবোৰক স্নায়ুপ্ৰৱৰ্ধ বুলি কোৱা হয় । এইবোৰ দুই প্ৰকাৰৰ-
এক্সনঃ ই
দীঘল, চুঙাকৃতিৰ, শাখাহীন।
ডেনড্ৰাইটঃ
ইহঁতৰ সংখ্যা এক বা একাধিক । ইহঁত দেহকোষৰ চুটি আৰু অধিক শাখা-প্ৰশাখাযুক্ত
স্নায়ুপ্ৰৱৰ্ধ।
8.
হূদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ হূদপেশী
হূদযন্ত্ৰত থাকে। হূদপেশীৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে-
(i)
ইহঁতৰ কোষবেৰ চুটি, চুঙাকৃতিৰ, এটা কোষকেন্দ্ৰ বিশিষ্ট আৰু
শাখাযুক্ত ।
(ii)
ইহঁতে প্ৰাণীৰ জীৱনকালত নিৰৱচ্ছিন্নভাৱে ছন্দময় প্ৰসাৰণ
আৰু সংকোচন কাৰ্ষ সম্পাদন কৰে।
(iii)
ইহঁত অনৈচ্ছিক প্ৰপকৃতিৰ পেশী।
9.
এৰিওলাৰ (Areolar) কলাৰ
কাৰ্যসমূহ কি কি?
উত্তৰঃ এৰিওলাৰ
কলা হৈছে ঢিলা কোষীয় সংযোজক কলা। ইয়াত বেগ আৰু হালধীয়া কলাজেন তন্ত্ত থাকে ।
কাৰ্যঃ
(i)
দেহ গহ্বৰত অংগসমূহৰ মাজত ধাৰণ আৰু সুৰক্ষা প্ৰদায়ক কলা
হিচাপে কাৰ্য সম্পাদন কৰে।
(ii)
ইহঁতে হাড়ক হাড়ৰ লগত, মাংসপেশীক হাড়ৰ লগত, ছালক
মাংসপেশীৰ লগত সংযুক্ত কৰে।
(iii)
আঘাত প্ৰাপ্তিৰ পিছত ইহঁতে কলাসমূহৰ মেৰেমতি কৰে।
(iv)
বহিৰাগত বিষাক্ত পদাৰ্থৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত ইহতে
সহায় কৰে।
(v)
ইহঁতে ছালক পেশীৰ সৈতে সংযোগ কৰে।
(vi)
ইহঁতে সৰু ৰক্ত নলিকাৰ পৰা অক্সিজেন আৰু পুষ্টিদ্ৰব্যৰ
ব্যাপনত সহায় কৰে।
10.
চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীনন্ত্তসমূহৰ মাজৰ
পাৰ্থক্য দেখুওৱা।
উত্তৰঃ coming soon
*****
11.
হূদপেশীসমূহৰ বিশেষ কাম কি?
উত্তৰঃ হূদপেশীসমূহৰ
বিশেষ কামটো হ’ল প্ৰাণীৰ জীৱনকালত নিৰৱচ্ছিন্নভাৱে ছন্কময় প্ৰসাৰণ আৰু
সংকোচন কাৰ্য সম্পাদন কৰা। অবিকশিত অৱস্থাৰ পৰা মৃত্যু পৰ্যন্ত ইহঁতে অবিৰামভাৱে
সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন কৰে । এনেধৰণৰ কাৰ্যৰ দ্বাৰা দেহৰ বিভিন্ন অংশলৈ
তেজ পৰিবাহিত হয় ।
12.
গঠন আৰু অৱস্থানৰ ওপৰত ভিক্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী
আৰু হূদপেশীৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ
ক্ৰমিক নং |
পাৰ্থক্যৰ ভিক্তি |
ৰেখিত পেশী (কংকাল) |
অৰেখিত (মৃসন পেশী) |
হূদপেশী |
(i) |
গঠন ১। কোষৰ আকৃতি ২। কোষৰ অৰ্ন্তভাগ
৩। তন্ত্তৰ বহিঃৰুপ |
কেষৰ আকৃতি দীঘল, চুঙাকৃতিৰ পেশীতন্ত্তৰ প্ৰান্তত বহুতো কোষকেন্দ্ৰ থাকে।
পাতল আৰু গাঢ় পটি আছে। |
দীঘল, মাকো সদৃশ
কেন্দ্ৰত এটা কোষকেন্দ্ৰ থাকে।
পটি নাথাকে।
|
চুটি, চুঙাকৃতিৰ
এটা কেষকেন্দ্ৰ থাকে।
অনুজ্জল পটি থাকে।
|
(ii) |
অৱস্থান |
আমাৰ ইচ্ছা অণুসৰি সঞ্চালন কৰিব পৰা অংশসমূহ। যেনেঃ হাত,
ভৰি, কংকাল, পেশী আদি। |
পাকস্থলীৰ অন্ত্ৰ, মূত্ৰনলী আৰু আমাৰ ইচ্ছা অনুসৰি
সঞ্চালন কৰিব নোৱাৰে। |
হূদযন্ত্ৰত। |
13.
এটা আদৰ্শ স্নায়ুকষৰ চিহ্নিত চ্তিৰ আঁকা।
উত্তৰঃ
*** coming soon
14.
তলত দিয়া কলাসমূহৰ লাম লিখাঃ
(a)
আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?
(b)
পেসী আৰু অস্থিক কি কলাই সংযোগ কৰে?
(c)
উদ্ভিদত কি কলাৰে খাদ্য পৰিবহণ কৰে?
(d)
আমাৰ দেহৰ চৰ্বী থকা সংযোজক কলাবিধৰ নাম কি?
(e)
জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি?
(f)
মস্তিষ্কত কি কলা থাকে?
উত্তৰঃ
(a)
চটীয়া আচ্ছাদক কলা
(b)
টেণ্ডন বা কণ্ডৰা
(c)
ফ্লোৱেম
(d)
মেদ কলা
(e)
তেজ
(f)
স্নায়ুকলা
15.
আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?
উত্তৰঃ আমাৰ মুখৰ ভিতৰৰ বেৰখন আচ্ছাদক
কলাৰে গঠিত।
16.
তলত দিয়া প্ৰাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখাঃ
ছাল, অস্থি, বৃক্কৰ আৱৰণ।
উত্তৰঃ ছালঃ চটীয়া আচ্চাদক কলা
অস্থিঃ সংযোজক কলা
বৃক্কৰ আৱৰণঃ ঘলকাকাৰ অচ্ছাদক কলা
17. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰাঃ
উত্তৰঃ
Published By Krishna Das
Class 9 Science Assamese Medium questions Answer
Class 9 Assamese medium All Book solutions in Assamese Medium. Class 9 General Science soutions in Assamese Medium. Class 9 General Science Chapter 6 solution in Assamese Medium Class 9 Science Assamese Medium.