ভাৰতৰ ৰাজনৈতিক দল নৱম শ্ৰেণীৰ ৰাজনৈতিক খণ্ডৰ প্ৰশ্ন-উত্তৰ

 ভাৰতৰ ৰাজনৈতিক দল নৱম শ্ৰেণীৰ ৰাজনৈতিক খণ্ডৰ প্ৰশ্ন-উত্তৰ

ভাৰতৰ ৰাজনৈতিক দল

অ নু শী ল নী

অতি চমু উত্তৰৰ প্ৰশ্নঃ

1.   একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা ।

উত্তৰঃ একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হল চীন ।

2.   আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি ?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো দ্বী-দলীয় ব্যৱস্থা ।

3.   ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ

(i)                         সংগঠন

(ii)                     নীনি-আদৰ্শ আৰু আঁচনি ।

4.   ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা ।

উত্তৰঃ ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হল জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা ।

5.   অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা ।

উত্তৰঃ অসমৰ এটা আঞ্চলিক দলৰ নাম অসম গণ-পৰিষদ।        

6.   ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি ?

উত্তৰঃ ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হল ঝাৰখণ্ডৰ মুক্তিমৰ্চা ।

7.   ইউ পি এ (UPA)ৰ সম্পৰ্ণ অৰ্থ লিখা ?

উত্তৰঃ ইউ পি এ (UPA)ৰ সম্পৰ্ণ অৰ্থ হল সংযুক্ত গণতান্ত্ৰিক মৰ্চা (United Progressive Alliance)

8.   ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো ?

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হল ভৰতীয় জাতীয় কংগ্ৰেছ ।

9.   কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছচিয়েনগঠন হৈছিল ?

উত্তৰঃ সুৰেন্দ্ৰ বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছচিয়েনগঠন হৈছিল ।

10.                    ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?

উত্তৰঃ ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশচন্দ্ৰ বেনাৰ্জী ।

চমু উত্তৰৰ প্ৰশ্নঃ

1.   ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ এখনৰ বৈশিষ্ট্য কি ?

উত্তৰঃ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ এখনৰ বৈশিষ্ট্যসমূহঃ

(i)                         ভাৰতীয় দলীয় ব্যৱস্থাটো প্ৰথম অৱস্থাৰে পৰা বহুদলীয় হোৱা দেখা যায় । ১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত ৫০-ৰো অধিক ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল ।

(ii)                     ভাৰতত বহুদলীয় ব্যৱস্থা থাকিলেও কাৰ্যতঃ ১৯৭৭ চনলৈ যেতিয়া জনতা দলে পোন প্ৰথমবাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল তেতিয়ালৈ কংগ্ৰেছ দলৰ একদলীয় শাসনব্যৱস্থা থকাটোহে পৰিলক্ষিত হয় হৈছিল ।

(iii)                  ভাৰতত ভাৰতীয় জনতা দলৰ উহুান আৰু এই দলৰ কেন্দ্ৰত চৰকাৰ গঠনে কংগ্ৰেছৰ প্ৰাধান্য যথেষ্ট কমালে

(iv)                  ভাৰতত সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় দলসমূহ থাকোঁতেই আঞ্চলিক দলবোৰৰ জন্ম নিঃসন্দেহে এটা উল্লেখযোগ্য বৈশিষ্ট্য ।

(v)                      একাধিক ৰাষ্ট্ৰীয় দলে কেন্দ্ৰত অকলে চৰকাৰ গঠনত অপাৰগ হৈ আঞ্চলিক দলবোৰৰ সমৰ্থত মৰ্চা চৰকাৰ গঠন কৰিবলগীয়া হোৱাটোও এটা উল্লেখযোগ্য বৈশিষ্ট্য।

2.   গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী ?

উত্তৰঃ একদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰত গণতন্ত্ৰ সম্ভৱ নহয় বুলি কোৱা হয় । কিন্ত ভাৰতৰ দৰে বৃহৎ ৰাষ্ট্ৰ এখনত বহুদলীয় ব্যৱস্থাৰ বাবে গণতন্ত্ৰ অধিক সফল হব পাৰে বুলি কোৱা হয়। কাৰণ, একদলীয় ব্যৱস্থাত সকলো নাগৰিকে অংশগ্ৰহণ কৰাৰ সুবিধা নোপোৱাৰ বিপৰীতে বহুদলীয় ব্যৱস্থাত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে । কিন্ত দ্বিদলীয় ব্যৱস্থাটোকহে গণতন্ত্ৰত অধিক উপযোগী বুলি ভবা হয় । যিহেতু নাগৰিকে নিৰ্দিষ্ট নীতি, আদৰ্শৰ ভিক্তিত নিজৰ মনৰ পছন্দ অনুসৰি এটা দলক চৰকাৰ গঠন কৰিবলৈ সমৰ্থন জনাব পাৰে । দ্বিদলীয় ব্যৱস্থা (আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড) থকা গণতান্ত্ৰিক ৰাষ্ট্ৰ অধিক সুস্থিৰ আৰি সবল হোৱা দেখা যায় । বিপৰীতে বহুদলীয় ব্যৱস্থাত সঘনে ৰাজনৈতিক সংকট আৰু অস্থিৰতাই দেখা দি গণতন্ত্ৰত দুৰ্বল কৰে ।

3.   ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা ।

উত্তৰঃ ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটাঃ

(i)                         ৰাজনৈতিক দলৰ সংগঠন সুসংগঠিত আৰু শক্তিশালী হব লাগে ।

(ii)                     ৰাজনৈতিক দলৰ সময়োপযোগী আৰু প্ৰগতিশীল নীতি-আদৰ্শ আৰু কৰ্ম উপযোগী আঁচনি থাকিব লাগে ।

(iii)                  ৰাজনৈতিক দলৰ চুড়ান্ত আকাংক্ষা হিচাপে চৰকাৰ গঠন কৰিবলৈ নিজকে প্ৰস্তুত কৰি তুলিব লাগে ।

(iv)                  ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু জাতীয় স্বাৰ্থ অটুট ৰখাটো ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য ।

4.   পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা ।

উত্তৰঃ পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ

(i)                         ১৯৮৫ চনত জন্ম পোৱা অসমৰ অসম গণ-পৰিষদ।

(ii)                     তামিলনাডুত থকা কৰুণানিধিৰ দ্ৰাবিড় মুন্নেট্ৰা কাঝাগম ।

(iii)                  অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ তেলেণ্ড দেশম ।

(iv)                  মহাৰাষ্ট্ৰৰ বাল থাকৰেই প্ৰতিষ্ঠা কৰা শিৱ সেনা দল।

(v)                      জন্মু-কাশ্মীৰৰ ফাৰুখ আব্দুল্লাই প্ৰতিষ্ঠা কৰা নেচনেল কন্ ফাৰেঞ্চ দল ।

5.   মৰ্চা চৰকাৰ বুলিলে কি বুজা ?

উত্তৰঃ মৰ্চা চৰকাৰ মানে কেইবাটাও ৰাজনৈতিক দলে লগ লাগি একত্ৰিত হৈ গঠন কৰা এখন চৰকাৰকে বুজায় । যেতিয়া সাধাৰণ নিৰ্বাচনত চৰকাৰ গঠন কৰিব পৰাকৈ কোনো এটা ৰাজনৈতিক দলে নিৰঙ্কুশ সংখ্যা গৰিষ্ঠতা (দুই-তৃতীয়াংশ) নাপায়, তেতিয়া মতাদৰ্শৰ মিল থকা দুই বা তাতোধিক ৰাজনৈতিক দল লাগি বুজা-পৰাৰ মাজেৰে এখন সন্মিলিত চৰকাৰ গঠন কৰে । এই ধৰণেৰে গঠন হোৱা চৰকাৰকে মৰ্চা চৰকাৰ বোলে । মৰ্চা চৰকাৰৰ গঠনেৰে ৰাষ্ট্ৰখনৰ পুনৰ নিৰ্বাচন পতাৰ খৰচৰ পৰা ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিব পৰা যায়।


দীঘল উত্তৰৰ প্ৰশ্নঃ

1.   সংযুক্ত চৰকাৰ বুলিলে কি বুজা ? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয় ?

উত্তৰঃ যেতিয়া হৈ যোৱা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলেও একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া দুই বা তাতোধিক ৰাজনৈতিক দল একলগ হৈ (একক সংখ্যাগৰিষ্ঠতা পাই) চৰকাৰ গঠন কৰে তেতিয়া তেনে চৰকাৰকে সংযুক্ত বা মৰ্চা চৰকাৰ বোলে ।সাধাৰণতে একে মতাদৰ্শৰ বা কিছু পৰিমাণে মিল থকা ৰাজনৈতিক দলবোৰেহে একত্ৰিত হৈ সংযুক্ত চৰকাৰ গঠন কৰিব পাৰে । পৰস্পৰ বিৰোধী দলে কেতিয়াও একত্ৰিত হৈ সংযুক্ত চৰকাৰ গঠন কৰিব নোৱাৰে ।

ইতিমধ্যে কোৱা হৈছে যে যোৱা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক একক সংখ্যাগৰিষ্ঠতা নাপালে মৰ্চা বা সংযুক্ত চৰকাৰ গঠনৰ পৰিৱেশ আৰু পৰিস্থিতিৰ উদ্ভৱ হয় । কিন্ত এখন চৰকাৰ চলি থকা সময়তো মাজে-সময়ে সংযুক্ত চৰকাৰ গঠন পৰিস্থিতিৰ উদ্ভৱ হব পাৰে ।বিশেষকৈ, যেতিয়া শাসনাধিষ্ঠিত দলটোৰ একাংশই ফালৰি কাটি আহি (দল ত্যাগ কৰি) চৰকাৰখনক সংখ্যালঘুত পৰিণত কৰে তেতিয়া চৰকাৰখন বৰ্ত্তাই ৰখাৰ স্বাৰ্থত শাসনাধিষ্ঠত দলৰ সদস্যসকলে আন আন দলৰ লগত আলোচনা কৰি চৰকাৰখন বচাবলৈ সমৰ্থন বিচাৰে আৰু সফল হলে এই দলবোৰক লৈ সংযুক্ত চৰকাৰ গঠন কৰে । নাইবা শাসনাধিষ্ঠি দলটো ত্যাগ কৰা সদস্যসকলেও আন আন দলৰ সহযোগিতাত সংযুক্ত চৰকাৰ গঠন কৰিব পাৰে ।এনেধৰণৰ সংযুক্ত চৰকাৰ গঠনৰ পৰিস্থিতিৰ উদ্ভৱ হলে ৰাষ্ট্ৰত ৰাজনৈতিক বিশৃংখলতা আৰু খোৱা-কামোৰা তথা সদস্যসকলৰ বেচা-কিনা (Horse trading) আৰম্ভ হৈ এক অস্বাস্থ্যকৰ পৰিস্থিতি বিৰাজ কৰে ।

2.   সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা ।

উত্তৰঃ সংযুক্ত বা মৰ্চা চৰকাৰৰ দুটা গুণ হল-

(i)                         সংযুক্ত বা মৰ্চা চৰকাৰত যিহেতু দুটা বা তাতোধিক ৰাজনৈতিক দলৰ অংশ থাকে গতিকে এনে চৰকাৰত একদলীয় চৰকাৰত দেখা স্বেচ্ছাৰিতা নাথাকে ।

(ii)                     সংযুক্ত চৰকাৰৰ গঠনে বাৰে বাৰে নিৰ্বচন পাতি ৰাজহুৱা ধন অপচয় কৰাৰ পৰা ৰাষ্ট্যখনক ৰক্ষা কৰে ।

     আনহাতে, সংযুক্ত বা মৰ্চা চৰকাৰৰ দুটা দোষ হল-

(i)                         তদুপৰি সংযুক্ত চৰকাৰ গঠনত জড়িত থকা ৰাজনৈতিক দলকেইটাৰ মাজত সম্পূৰ্ণৰুপে বুজা-পৰা আৰু ঐক্য-সদ্ভাৱ নাথাকিলে এই চৰকাৰখনে কেতিয়াও দীৰ্ঘম্যাদী আঁচনি, পৰিকল্পনা আৰু কাম হাতত লব নোৱাৰে । চৰকাৰখনৰ সম্ভাৱ্য পতনৰ সংশয়ে ৰাষ্ট্ৰৰ সমূহীয়া হিতৰ বাবে আৱশ্যকীয় দীৰ্ঘম্যাদি আঁচনি হাতত লোৱাৰ পৰা বিৰত থাকিবলগীয়া হয় ।

3.   গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ শাসনৰ গাদীত নথকা অৰ্থাৎ এককভাৱে সংখ্যাগৰিষ্ঠতা মোপোৱা দলবোৰেই বিধানমণ্ডলত বিৰোধী দল বিচাপে গণ্য হয় । অৱশ্যে সংগঠিত বিৰোধী দল বিচাপে স্বীকৃতি পাবলৈ হলে এটা নিৰ্দিষ্ট পৰিমাণৰ সদস্য়সংখ্যা থাকিব লাগিব ভাৰতত এই সংখ্য়াটো হল ৫০/২০১৪ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ এই সংখ্যাটো নোপোৱা বাবেই সংসদত বিৰোধী দলৰ মৰ্যাদা লাভ কৰিব পৰা নাই । তেওঁলোকৰ মুঠ ৪৪ জনহে সদস্য আছে ।

   গণতান্ত্ৰিক চৰকাৰ এখনৰ সফলতাৰ বাবে ৰাষ্ট্ৰত এটা সুসংগঠিত শক্তিশালী বিৰোধী দল থকাটো খুবেই প্ৰয়োজনীয়। ইয়াৰ অবিহনে গণতন্ত্ৰৰ প্ৰকৃত ফল লাভ কৰিব নোৱাৰি । দ্বী-দলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰবোৰত বিৰোধী দল অধিক শক্তিশালী হোৱা দেখা যায় । কাৰণ এটা দলে শাসনৰ গাদী দখল কৰিলে আনটো দলে বিৰোধীৰ আসনত বহি সক্ৰিয় ভূমিকা গ্ৰহণ কৰে ।

(i)                                     বিৰোধী দলে জনস্বাৰ্থৰ অতন্দ্ৰ প্ৰহৰী হিচাপে শাসনৰ গাদীত থকা চৰকাৰখনৰ প্ৰতিটো কাম-কাজ পুনৰীক্ষণ কৰে যাতে জনস্বাৰ্থৰ পৰিপন্থী একো কাম কৰিব নোৱাৰে ।

(ii)                                 বৰোধী দলে ৰাষ্ট্ৰত জনমত গঠন কৰি আৰু ৰাইজৰ মাজত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰি তেঁওলোকক চৰকাৰৰ কাম-কাজৰ বিষয়ে অৱগত কৰে ।

(iii)                              বিৰোধী দলে জনসাধাৰণৰ আশ্য-আকাংক্ষা, অভাৱ-অভিযোগবোৰ সংসদৰ মজিয়াত বলিষ্ঠভাৱে দাঙি ধৰি সেইবোৰক কামত ৰুপায়িত কৰিবৰ বাবে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে ।

(iv)                              ক্ষমতাৰ ৰাগিত যাতে চৰকাৰখনে স্বেচ্ছাচাৰীভাৱে শাসনকাৰ্য চলাব নোৱাৰে বিৰোধী দলে তাৰ বাবে চৰকাৰখনৰ ওপৰত অহৰহ চোকা নজৰ ৰাখে ।

(v)                                  জনস্বাৰ্থৰ খাতিৰত বিভিন্ন আঁচনি আৰু পৰিকল্পনাবোৰ সফলভাৱে আৰু সময় মতে ৰুপায়ন কৰিবলৈ সংসদৰ মজিয়াত গঠনমূলক সমলোচনা আৰু দিহা-পৰামৰ্শদানেৰে এক পল্লেখযোগ্য ভূমিকা পালন কৰে ।   

4.   আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা ।

উত্তৰঃ যোৱা শতিকাৰ ৬০-ৰ দশকত বৰ্ষিয়ান ৰাজনীতিবিদ এম. কৰুণানিধিয়ে তামিনাডুত দ্ৰাবিড় মুন্নে কাঝাগম (ডি. এম. কে.)নামৰ এটা আঞ্চলিক দল গঠন কৰাৰ পিছৰে পৰা ভাৰতত আন বহুটো আঞ্চলিক দল বিভিন্ন প্ৰদেশত গঠিত হৈঠিল । যিবোৰ কাৰণত তামিনাডুত এদিন ডি. এম. কে. দলটো স্থাপিত হৈছিল সেইবোৰ কাৰণতে ভাৰতৰ চুকে-কোণে এলেবোৰ আঞ্চলিক দলো গঢ়ি উঠিছিল তলত কেইটামান কাৰণ আলোচনা কৰা হল-

(i)                         সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি

(ii)                     দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা

(iii)                  সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতা ভাৱ

(iv)                  কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰনৰ প্ৰবণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা

(v)                      সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ

(vi)                  ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা

(vii)               প্ৰদেশবোৰত যিবোৰ ৰাষ্ট্ৰীয় দলৰ নেতা আছে সেই নেতাবোৰেও নিজৰ প্ৰদেশৰ আশু-উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৰু আন আন ৰাষ্ট্ৰীয় দলবোৰৰ ওচৰত দাবী উহুাপন কৰিবলৈ সমৰ্থ হয় ।

এই কাৰণতে আঞ্চলিক দলবোৰৰ জন্ম হোৱা দেখা যায় ।


5.   গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা।

উত্তৰঃ প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণা জন্মৰ লগে লগে। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একচত্ৰী শাসক আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। কিন্ত পৰৱৰ্তী কালত সমগ্ৰ বিশ্বৰ ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হল আৰু তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল, ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে।

ৰাজনৈতিক দল কেৱল চৰকাৰ গঠন কৰি শাসন চলাবলৈ নহয় ইয়াৰ উপৰিও ইয়াৰ আন আন প্ৰয়োজনীয়তা দেখিবলৈ পোৱা যায় ।

(i)                                     গণতন্ত্ৰত ৰাজনৈতিক দলে চৰকাৰ গঠন কৰাৰ লগতে জনসাধাৰণক ৰাজনৈতিকভাৱে সক্ৰিয় অংশ লৈ গণতন্ত্ৰৰ যোগ্য অংশীদাৰ হিচাপে নিজকে গঢ়ি তুলিবলৈ সহায় কৰে ।

(ii)                                 জনসাধাৰণৰ অভাৱ-অভিযোগবোৰ দূৰ কৰিবলৈ আৰু আশা-আকাংক্ষাবোৰ চৰকাৰৰ ওচৰত এই দলবোৰেই দাঙি ধৰাত অগ্ৰণী ভূমিকা লয় ।

(iii)                              ৰাজনৈতিক দলে মেল, মিটিং আৰু কৰ্মশালা, আলোচনাচক্ৰ আদি পাতি জটিল সমস্যাবোৰৰ ওপৰত জনমত গঠন কৰে আৰু এই জনমতৰ ভিক্তিত চৰকাৰক কাম কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

(iv)                              চৰকাৰৰ কাম-কাজৰ ওপৰত অতন্দ্ৰ প্ৰহৰীৰিপে ৰাজনৈতিক দলবোৰে চোকা নজৰ ৰাখিব লাগে ।

(v)                                  চৰকাৰে কৰা কামবোৰৰ বাবে ৰাজনৈতিক দলবোৰক দায়বদ্ধ আৰু জবাবদিহি কৰিব লাগে ।

6.   ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা ।

উত্তৰঃ প্ৰয়োজনীয় খাতিৰত গণতন্ত্ৰক কাৰ্যক্ষম কৰিবলৈকে এদিন এই ৰাজনৈতিক দলৰ শুভাৰম্ভ হৈছিল । বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাজনৈতিক দলবোৰ সুকীয় অস্তিত্ব থাকিলেও গঠনৰ ফালৰ পৰা সকলোবোৰে বৈশিষ্ট্য প্ৰায় একে হোৱা দেখা যায়।

(i)                         ৰাজনৈতিক দল এটাক সক্ৰিয় সংগঠন হিচাপে ইয়াক সুসংগঠিত ৰিপত গঢ়ি তুলিব লাগিব ।

(ii)                     ৰাজনৈতিক দল জনসাধাৰণৰ সেৱাৰ বাবে নিোদিত হয় আৰু সেইবাবে নিৰ্দিষ্ট নীতি-আদৰ্শ আৰু উপযোগী আঁচনি গ্ৰহণ কৰিবলাগে ।

(iii)                  প্ৰতিটো ৰাজনৈতিক দলৰে মুখ্য লক্ষ্য আৰু আকাংক্ষা হল সময়ত গাদী দখলৰ বাবে, তৰকাৰ গঠনৰপ বাবে নিজকে প্ৰস্তত কৰা ।

(iv)                  ৰাজনৈতিক দলে সততে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে  আৰু সতৰ্ক থকে ।

(v)                      ৰাজনৈতিক দলৰ নিজৰ সাংগঠনিক নিৰ্বাচনৰ জৰিয়তে দলৰ বিষয়-ববীয়ীসকলক গণতান্ত্ৰিক পদ্ধতিৰে বাছি উলিয়ায় আৰু দলৰ শক্তি বৃদ্ধিৰ বাবে নতুন নতুন সদস্য ভৰ্তি কৰে ।

এই ৰাজনৈতিক দলৰ ভিন্ন কাৰ্যৱলী হ এনে ধৰণৰ-

(i)                         গণতন্ত্ৰৰ উচ্চ প্ৰমূল্যবোৰ উপলদ্ধি আৰু বাস্তৱায়িত কৰিবলৈ ৰাজনৈতিক দলে জনসাধাৰণক আৱশ্যকীয় শিক্ষা প্ৰদান কৰে ।

(ii)                     ৰাজনৈতিক দলে জনসাধাৰণক চকাৰৰ ওচৰলৈ নিয়ে আৰু বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰ আৰু জনতাৰ মাজৰ ব্যৱধান নাইকিয়া কৰে ।

(iii)                  ৰাজনৈতিক দলে চৰকাৰৰ কাম-কাজৰ খতিয়ান দাঙি ধৰি সুস্থ-সবল জনমত গঠনত আত্মনিয়োগ কৰে ।

(iv)                  প্ৰতিটো ৰাজনৈতিক দলে জনসাধাৰণৰ সমৰ্থন আদায় কৰি নিৰ্বাচনৰ যোগেদি জয়ী হৈ চৰকাৰ গঠন কৰিবলৈ নিজকে প্ৰস্তত কৰিবলৈ তুলি কৰিব লাগে ।

(v)                      শাসনৰ গাদীত থকা ৰাজনৈতিক দলৰ চৰকাৰখন যদি জনস্বাৰ্থৰ পৰিপন্থী কাৰ্য়-কলাপত লিপ্ত হয় তেনেহলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেনে জনসাধাৰণবিৰোধী চৰকাৰ খনৰ পতন ঘটাই আন এখন উপযুক্ত চৰকাৰ গঠন কৰি ৰাইজক উপহাৰ দিয়াটো প্ৰতিটো ৰাজনৈতিক দলৰে কৰ্তব্য বুলি বিবেচিত হয় ।  

7.   সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা ।

উত্তৰঃ মৰ্চা অথবা সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোয়ে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত থকা কাৰণ কেইটা হৈছেঃ

(i)                         ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি,

(ii)                     একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস,

(iii)                  এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হবলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়,

(iv)                  চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোয়ে মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।


                                                      Published By Krishna Das

Previous Post Next Post