আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল প্ৰশ্নোত্তৰ দশম শ্ৰেণীৰ ঐচ্ছিক ভূগোল ।

 Class 10 advanced geography chapter 4 question answer in Assamese medium.


আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

 

 

১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগোলিক বৈশিষ্ট্য চমুকৈ লিখা ।

উত্তৰ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ড ২৫˚ উত্তৰৰ পৰা ৪৩˚ উত্তৰ অক্ষাংশ আৰু ৬৬˚ পশ্চিমৰ পৰা ১২৫˚ পশ্চিম দ্ৰাঘিমাংশলৈকে বিস্তৃত ǀ সেয়ে এই দেশখন সম্পূৰ্ণৰূপে নাতিষিতোষ্ণ জলবায়ুৰ অন্তৰ্গত । এই দেশখনৰ উত্তৰে কানাডা, পূবে আটলাণ্টিক মহাসাগৰ, দক্ষিণে মেক্সিকো উপসাগৰ আৰু মেক্সিকো দেশ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ ǀ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ হৈছেঃ

১/ আমেৰিকা যুক্তৰাষ্ট্ৰ নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত ǀ

২/  ইয়াৰ মাটিকালি ৯৬ লাখ বৰ্গ কি মি ǀ ই পৃথিৱীৰ মাটিকালিৰ ৬.৩৭ শতাংশ ǀ আকাৰত ই পৃথিৱীৰ চতুৰ্থ বৃহৎ দেশ ǀ

৩/  ভূ-প্ৰাকৃতিক গঠন আৰু ভৌগোলিক বৈশিষ্ট্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰক তিনিটা ভাগত ভাগ কৰা হৈছেঃ 

ক) ৰকি পৰ্বত অঞ্চলৰ ভূ-প্ৰকৃতি

খ) মধ্য সমভূমি অঞ্চল  

গ) আপেলেছিয়ান উচ্চভূমিৰ ভূ-প্ৰকৃতি 

 

২) আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰাকৃতিক বিভাগত ভাগ কৰা ǀ প্ৰতিটো বিভাগৰে এটি চমু আভাস দিয়াǀ

উত্তৰ  আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰাকৃতিক বিভাগক তিনিটা ভাগত ভাগ কৰা হৈছেঃ

ক) আপেলেছিয়ান উচ্চভূমিৰ ভূ-প্ৰকৃতি

       আমেৰিকা যুক্তৰাষ্ট্রৰ পূব অংশত আটলান্টিক উপকূলৰ প্রায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বোলা হয় । দৰাচলতে এই ভূখণ্ডৰ বেছিভাগেই আপেলেছিয়ান পর্বত শ্রেণীয়ে আগুৰি আছে। আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ থুলমূলকৈ উত্তৰে হাডছন উপত্যকা আৰু ইৰি-অন্টাৰিও হ্রদৰ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত । এই ভূখণ্ড পর্বত-পাহাৰ, মালভূমি, সমভূমি-উপত্যকা আদিৰে গঠিত বাবে ইয়াৰ ভূ- প্রকৃতি জটিল । ইয়াৰ ভিতৰত পশ্চিমৰ এলিঘেনি পর্বতশ্রেণী, দক্ষিণ-পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি, পূবৰ আপেলেছিয়ান পর্বতশ্রেণী আৰু উপত্যকা, দক্ষিণৰ ব্লুৰিজ পর্বত আৰু পূর্ব উপকূলীয় সমভূমিয়েই প্রধান । এই অঞ্চলতে দেশৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে বৰষুণ হয় । এই অঞ্চলৰ পূর্বত-পাহাৰবোৰ যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশত থকা ৰকি পর্বতমালাতকৈ বহু আগেয়ে সৃষ্টি হৈছিল । সাগৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা বর্তমানে ২০০০ মিটাৰৰ অধিক নহয় । এই অঞ্চলৰ পৰ্বত-পাহাৰ আৰু মালভূমিৰ মাজেৰে অসংখ্য সৰু-ডাঙৰ নদী বৈ গৈছে । ইয়াৰ ভিতৰত অহিও, টেনিছি, হাডছন আৰু এলাবামা নদীয়েই প্রধান । অঞ্চলটোৰ উত্তৰ সীমাত থকা ইৰি হ্ৰদৰ কাষতে পৃথিৱী বিখ্যাত নিয়াগাৰা জলপ্ৰপাত অৱস্থিত । আপেলেছিয়ান পৰ্বতৰ পূৱ আৰু দক্ষিণফালে আটলান্টিক উপকূলীয় সমভূমি ǀ এই উপকূলীয় সমভূমি অঞ্চলৰ উত্তৰ অংশ অতি ঠেক আৰু দক্ষিণ অংশ কিছু বহল ǀ এই অঞ্চলতে আমেৰিকা যুক্তৰাষ্ট্র ৰাজধানী ৱাশ্চিংটন ডি. চি. বোষ্টন, ফিলাডেলফিয়া, বাল্টিমোৰ, আটলান্টা আদি অৱস্থিত । উল্লেখযোগ্য যে এই অঞ্চলটো লো, পেট্রলিয়াম আদি খনিজ সম্পদত চহকী আপেলেছিয়ান অঞ্চলটোত বহুতো বৃহৎ শিল্পাঞ্চল গঢি উঠিছে ǀ এই ক্ষেত্ৰত উন্নত যাতায়ত ব্যৱস্থাৰ ভূমিকাও উল্লেখনীয় ।  

 

খ) মধ্য সমভূমি অঞ্চল

       আপেলেছিয়ান উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণীৰ মাজত উত্তৰা-দক্ষিণা আৰু পূবা-পশ্চিমাকৈ বিস্তৃত সমভূমি অঞ্চলটোক মধ্য সমভূমি বুলি জনা যায় ।ই উত্তৰে বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত । এই সমভূমি অঞ্চলটো মূলত: মিছিছিপি মিচৌৰি অৱবাহিকাৰ অন্তৰ্গত ǀ অঞ্চলটোৰ মাজে মাজে প্ৰবাহিত প্ৰধান নদী মিছিছিপি আৰু মিচৌৰি আৰু ইয়াৰ উপনৈ সমূহে সমগ্ৰ অঞ্চলটোক এক সাৰুৱা পলসুৱা সমতল ভূমিত পৰিণত কৰিছে ǀ সেয়েহে যুক্তৰাষ্ট্ৰৰ এই অঞ্চলটো কৃষিকাৰ্যৰ বাবে বৰ উপযোগী ǀ

    সাগৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৩০০ মিটাৰতকৈ বেছি নহয় ǀ এই সমতলভূমিৰ মাজে মাজে টিলা সদৃশ ওখ ঠাইও দেখা যায় ǀ হিমবাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা এই অঞ্চলৰ বিখ্যাত হ্ৰদ কিছুমান হৈছে- ছুপেৰিয়ৰ, মিচিগান, হুবন, ইৰি আদি ǀ মধ্যভাগৰ সমভূমিৰ একেবাৰে দক্ষিণ অংশত থকা মেস্কিকো উপকূলীয় কাষৰীয় সমভূমিয়েই হল উপকূলীয় সমভূমি ǀ মিয়ামি, বাৰ্হিংহাম, ছেন্ট লুইচ, চিকাগো হষ্টনৰ দৰে মহানগৰ এই অঞ্চলতে অৱস্থিত ।

  

গ) ৰকি পৰ্বত অঞ্চলৰ ভূ-প্ৰকৃতি

       আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূ-খণ্ডটোক ৰকি পৰ্বত অঞ্চল বোলে ǀ ৰকি পাৰ্বত্য অঞ্চলটো নবীন ভংগিল পৰ্বতেৰে গঠিত ǀ ঠায়ে ঠায়ে কোনো কোনো পৰ্বতৰ শৃংগৰ উচ্চতা ৪২০০ মিটাৰতকৈও অধিক ǀ কৰ্ডিলেৰা অঞ্চলৰ পশ্চিম অংশত থকা উল্লেখযোগ্য পৰ্বতসমূহ হল   চিয়েৰা, নেভাডা, কাস্কেড, কষ্টৰেঞ্জ বা উপকূলীয় পৰ্বতমালা ǀ তদুপৰি ৰকি পৰ্বত  অঞ্চলটোৰ পূব আৰু পশ্চিম প্রান্ত প্রায় সমান্তৰাল পর্বত দুশাৰীৰ মাজভাগত কেইবাটাও মালভূমি আছে। ইয়াৰ ভিতৰত কলম্বিয়া মালভূমি, গ্রেট বেছিন আৰু কলাৰাডো মালভূমিয়েই প্রধান। গ্ৰেট বেছিনকে ধৰি সমগ্ৰ অঞ্চলটো  প্ৰশান্ত উপকূলীয় পৰ্বতমালাৰ বৃষ্টিছায়া অঞ্চলত পৰে ǀ বৰষুণৰ অভাৱত এই ঠাইবোৰ মৰুভূমিত পৰিণত হৈছে ǀ এই অঞ্চলত বিখ্যাত লুণীয়া পানীৰ হ্ৰদ গ্ৰেট ছল্ট লেক ৰ উপৰিও পৃথিৱী বিখ্যাত কলাৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন আৰু ডেথ ভেলী অৱস্থিত ǀ কয়লা, পেট্ৰলিয়াম, সোণ, ৰূপ, তাম আদি খনিজ পদাৰ্থৰে এই অঞ্চলটো চহকী ǀ ইয়াতেই লছ এঞ্জেলচ, চিয়াটল, লাছ-ভেগাছ, চানফ্ৰান্সিকো আদি কৰ্ডিলেৰা অঞ্চলটোৰ কেইখনমান উল্লেখযোগ্য মহানগৰী ।

 

৩) মানচিত্ৰ আঁকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক  বিভাগসমূহ দেখুওৱা ǀ

উত্তৰ-

      


  

৪) আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে মানচিত্ৰ ৰ সহায়ত আলোচনা কৰা ǀ

উত্তৰ ১৭৭৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই স্বাধীনতা লাভ কৰাৰ সময়ত ইয়াৰ অধীনৰ ১৩ ৰাজ্যৰ মুঠ জনসংখ্যা আছিল ৩ নিযুত ǀ পৰবৰ্তী সময়ত ইউৰোপীয় দেশসমূহৰ পৰা হোৱা প্ৰৱজনৰ ফলশ্ৰুতিত ইয়াৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে ǀ ২০০৭ চনৰ  তথ্য অনুসৰি দেশখনৰ জনসংখ্যা হৈছে ৩০২ নিযুত জনসংখ্যাৰে যুক্তৰাষ্ট্ৰ হৈছে পৃথিৱীৰ বিশ্বৰ তৃতীয় বৃহৎ জনসংখ্যাৰ দেশ ǀ 

 

লোকপিয়ল বৰ্ষ

জনসংখ্যা (নিযুত হিচাপত)

১৭৭৬

১৮০০

১৮৫০

১৯০০

১৯৫০

১৯৭০

২০০০

২০০৭

২৩

৭৬

১৫১

২০২

২৮১

৩০২



    



   বৰ্তমান দেশখনৰ জনসংখ্যাৰ হাৰ প্ৰাকৃতিক বৃদ্ধি হ্ৰাস পোৱাৰ লগতে প্ৰৱজন পৰিমাণো যথেষ্ঠ কমি আহিছে ǀ সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক বৃদ্ধিৰ হাৰ ১.২০ শতাংশৰ বিপৰীতে আমেৰিকাৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ হাৰ ০.৬০ শতাংশ ǀ দেশখনৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশই খ্ৰীষ্টান ধৰ্মালম্বী শেতাংগ লোক ǀ বাকী ১৫ শতাশ জিউ, মুছলমান, হিন্দু আৰু ধৰ্মবিহীন কৃষ্ণাংগ গোষ্ঠীৰ লোক ǀ

 সামগ্রিকভাবে দেশখনৰ পূবত থকা আপেলেছিয়ান উচ্চভূমি আৰু আটলান্টিক উপকূলীয় অঞ্চলৰ জনবসতি ঘন আৰু ইয়াৰ পশ্চিমে থকা মধ্যভাগৰ সমযভূমি আৰু  কাৰ্ডিলেৰা অঞ্চলত বসতি সেৰেঙা । কিন্তু পশ্চিম প্ৰান্তত থকা কেলিফোৰ্নিয়া উপকূল অঞ্চলত জনবসতি কিছু ঘন। । মিচিগান ৰাজ্যৰ দক্ষিণ আৰু পূৱ অংশত থকা দেশখনৰ মাত্ৰ এক চতুৰ্থাংশ মাটিকালিৰ অঞ্চলটোতে দেশৰ মুঠ জনসংখ্যাৰ প্রায় দুই-তৃতীয়াংশ বাস কৰে। যুক্তৰাষ্ট্রৰ জনসংখ্যাৰ গড় ঘনত্ব প্রতি বর্গ কিলোমিটাৰত ৩২ জনৰ বিপৰীতে এই অঞ্চলত ঘনত্ব প্রায় ৮৫ জন। এই অঞ্চলত থকা মাছাছুটেছ, নিউ জাৰ্ছি আৰু ৰড আইলেণ্ড আদিত জনসংখ্যা ঘনত্ব তিনিশৰো অধিক। দেশৰ ৰাজধানী বাশ্বিংটন (ডি. চি.) থকা কলাম্বিয়া (ডি.চি.) জিলাৰ জনসংখ্যাৰ প্ৰায় ৩৮০০ জন। আনহাতে পশ্চিমত থকা মধ্য সমভুমি আৰু কাৰ্ডিলেৰা অঞ্চলত জনসংখ্যাৰ ঘনত্ব মাত্র ১৫ জন। উল্লেখযোগ্য যে এই অঞ্চলত থকা মন্টানা, নেভাডা, উত্তৰ ডাকোটা আৰু ৱায়োমিং ৰাজ্যত জনসংখ্যাৰ ঘনত্ব ৫ জনতকৈও কম ǀ ওখোৰা-মোখোৰা পার্বত্য ভূমি আৰু বৰষুণৰ অভাৱৰ বাবে এই সমগ্ৰ অঞ্চলটো জনবসতি আৰু আর্থিক প্রগতিৰ বাবে একেবাৰে উপযোগী নহয়। অৱশ্যে খনিজ সম্পদক কেন্দ্ৰ কৰি কর্ডিলেৰা অঞ্চলৰ কিছুমান ঠাইত জনবসতি গঢ়ি উঠিছে । যুক্তৰাষ্ট্ৰৰ নগৰ আৰু গাঁৱৰ জনসংখ্যাৰ অনুপাতৰ মাজত যথেষ্ঠ ব্যৱধান দেখা যায় ǀ দেশখনৰ মুঠ জনসংখ্যাৰ তিনি-চতুৰ্থাংশ নগৰৰ অধিবাসী ǀ


৫) আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিৰ ভূমিকা কেনে লিখা ǀ

উত্তৰঃ কৃষি উৎপাদনৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰৰ স্থান মন কৰিব লগীয়া সমগ্র পৃথিৱীত ই মাকৈ, কপাহ আৰু ধঁপাত  উৎপাদনত প্ৰথম আৰু ঘেঁহু আৰু বাৰ্লি উৎপাদনত দ্বিতীয় স্থান অধিকাৰ কৰিছে। ইয়াৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ পৃথিৱীৰ মুঠ উৎপাদনৰ ৪৬ শতাংশ আৰু ১৮ শতাংশ ǀ সেইবাবে যুক্তৰাষ্ট্ৰই বহু দ্ৰব্য বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ǀ যুক্তৰাষ্ট্ৰৰ জনমুৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি ǀ

ৰাষ্ট্ৰীয় আয়ৰ কেৱল মাত্ৰ ২ শতাংশহে কৃষিয়ে যোগান ধৰে ǀ ভূমি ব্যৱহাৰৰ ক্ষেত্ৰত দেখা যায় দেশৰ মুঠ মাটিকালিৰ এক-চতুৰ্থাংশ স্থায়ী কৃষিৰ অন্তৰ্গত ǀ অৱশ্যে দেশৰ অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত মুঠ লোকৰ মাত্ৰ ৫ শতাংশহে কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে ǀ

৬) কৃষি বলয় বুলিলে কি বুজা ? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানটা আৰু কি কি কৃষিবলয় চিনাক্ত কৰা হৈছে মানচিত্ৰত দেখুওৱা আৰু প্ৰতিটো বলয়ৰ বিষয়ে চমু বৰ্ণনা দিয়া ǀ

উত্তৰ  ভূ-প্ৰকৃতি, মাটি, জলবায়ু  আদিৰ ওপৰত ভিত্তি কৰি অঞ্চল বিশেষে কেতিয়াবা কিছুমান নিৰ্দিষ্ট কৃষিকাৰ্য বা খেতি কৰা হয়, তেনেকুৱা কৃষি অঞ্চলক কৃষি বলয় বোলে ǀ



  ভূ-প্ৰকৃতি, মাটি, জলবায়ু  আদিৰ ওপৰত ভিত্তি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক পূৱৰ পৰা পশ্চিমলৈ কেইবাটাও বলয় বা অঞ্চলত ভাগ কৰা হৈছে ǀ এনে প্ৰতিটো ভাগতে এটা বিশেষ শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষি কাৰ্য সম্পাদন কৰা হয় ǀ জনবসতি সেৰেঙা হোৱাৰ বাবে বাণিজ্যিক ভিত্তিত যান্ত্ৰিক পদ্ধতিৰে বিস্তৃতভাৱে কৃষিকাৰ্য কৰা হয় ǀ সেয়েহে যুক্তৰাষ্ট্ৰৰ জনমুৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি ǀ যুক্তৰাষ্ট্ৰৰ মুখ্যকৃষি বলয়সমূহ আটলাণ্টিক উপকূলৰ পৰা পশ্চিমে ১০০˚ পশ্চিম দ্ৰাঘিমা পৰ্যন্ত পূবা পশ্চিমাকৈ বিস্তৃত ǀ দক্ষিণৰ পৰা উত্তৰলৈ সমগ্ৰ দেশখনক ৯টা কৃষিবলয়ত ভাগ কৰা হৈছে ǀ সেইকেইটা হৈছে- উত্তৰ পশ্চিম মিশ্ৰ কৃষি বলয়, ভূমধ্যসাগৰীয় কৃষি বলয়, শুকান কৃষি আৰু পশুপালন বলয়, বসন্ত কালৰ গম বলয়, মাকৈ বলয়, শীতকালৰ গম বলয়, কপাহ বলয়, ধান আৰু সৰিয়হ বলয় আৰু  উত্তৰ পূব মিশ্ৰ কৃষি বলয় ǀ

  (১) ধান আৰু কুঁহিয়াৰ বলয় 

মেক্সিকো উপকূলীয় অঞ্চলত অৱস্থিত ফ্লোৰিডা আৰু জর্জিয়া, এলাবামা, মিছিছিপি আৰু লুছিয়ানা ৰাজ্যৰ দক্ষিণ অংশ এই কৃষি বলয়ৰ অন্তৰ্গত । এই অঞ্চলত উপ-ক্রান্তীয় জলবায়ু বিৰাজ কৰে। ইয়াত ক্রান্তীয় অঞ্চলৰ দৰে উষ্ণতা আক বৰষুণৰ পৰিমাণ বেছি । এই অঞ্চল পলসুৱা সাৰুৱা মাটিৰে গঠিত ǀ ধান আৰু কঁহিয়াৰ এই অঞ্চলৰ প্ৰধান শস্য হোৱাৰ কাৰণে ইয়াক ধান আৰু কুঁহিয়াৰ বলয় হিচাপে চিনাক্ত কৰা হৈছে । ইয়াত কল আৰু মাটি কঁঠালো প্ৰচুৰ পৰিমাণে উৎপন্ন হয় ।  

(২) কপাহ বলয় 

ধান কুঁহিয়াৰ বলয়ৰ ঠিক উত্তৰে মিছিছিপি অববাহিকাৰ দক্ষিণ অংশক সামৰি পূবা-পশ্চিমাকৈ থকা যুক্তৰাষ্ট্ৰৰ এই বিশাল অংশটোতে কপাহ খেতি কৰা হয়। ৩৬˚ উত্তৰ অক্ষাংশই এই কপাহ বলয়ৰ উত্তৰ সীমা নির্ধাৰণ কৰিছে। টেক্সাছ, মিছিছিপি আৰু আৰকানছাছ ৰাজ্যত দেশৰ মুঠ উৎপাদনৰ ৫০শতাংশ তকৈও অধিক কপাহ উৎপন্ন হয় ।

 (৩) শীতকালীন গম আৰু ধঁপাত বলয় 

কপাহ বলয়ৰ উত্তৰে আটলান্টিক উপকূলৰ পৰা পশ্চিমে কলাৰাডো পর্যন্ত এই কৃষি বলয় বিস্তৃত। উত্তৰ কেৰোলিনা, কেন্টকি, ভার্জিনিয়া আৰু মেৰিলেণ্ডক সামৰি এই অঞ্চলৰ পূব অংশত প্ৰচুৰ পৰিমাণে ধপাত উৎপন্ন হয়। আনহাতে ইয়াৰ পশ্চিম অংশত থকা নেব্রাস্কা, কেনছাছ, পূর্ব কলোৰাডো, ওকলাহামা আৰু টেক্সাছ ৰাজ্যত শীতকালীন গমখেতি কৰা হয়। এই শীতকালীন গম বলয়ৰ পৰাই যুক্তৰাই আটাইতকৈ বেছি গম ৰপ্তানি কৰে  ǀ

৪) মাকৈ বলয়

শীতকালীন গম বলয়ৰ উত্তৰে মধ্য অহিওৰ পৰা  মধ্য নেব্ৰাস্কালৈ বিস্তৃত অঞ্চল মাকৈ বলয় বোলা হয় ǀ এই অঞ্চলৰ অন্তৰ্গত আইওৱা, ইলিনইছ, ইণ্ডিয়ানা, মিনেছটা, পেনছিলভেনিয়া আৰু নেব্ৰাস্কা ৰাজ্যৰ পৰাই যুক্তৰাষ্ট্ৰৰ বেছিভাগ মাকৈ উৎপন্ন হয় ǀ

৫) বসন্তকালীন গম বলয়

প্ৰেইৰী অঞ্চলৰ উত্তৰ অংশত গম বলয় অৱস্হিত ǀ যুক্তৰাষ্ট্ৰৰ প্ৰধানকৈ মন্টানা আৰু উত্তৰ ডাকোটা ,দক্ষিণ ডাকোটা আৰু পশ্চিম মিনেছটা ৰাজ্যত শীতৰ প্ৰকোপৰ বাবে বসন্তকালতহে গম উৎপাদন সম্ভৱ ǀ এই অঞ্চলত উৎপাদিত অতি উৎকৃষ্ট মানৰ গম বিদেশলৈ ৰপ্তানি কৰা হয়ǀ

৬) উত্তৰ পূৱ প্ৰান্তীয় মিশ্ৰকৃষি বলয়

গ্ৰেট লেকৰ দক্ষিণ আৰু পূৱত থকা মিনেছটা, উইচকনচিন, মিছিগান, পেঞ্চিলভেনিয়া আৰু নিউ ইংলেণ্ড ৰাজ্যক লৈ এই অঞ্চলটি গঠিত ǀ এই অঞ্চলত ৰাই,বাৰ্লি আদিৰ কৃষিৰ উপৰিও কোমল ঘাঁহৰ প্ৰাচুৰ্যৰ ওপৰত ভিত্তি কৰি একেলগে পশুপালনো কৰা হয়ǀ এই বলয়  দুগ্ধপাম বলয়ো বোলা হয় ǀ

৭) শুকান কৃষি আৰু পশুপালন বলয়

মধ্য সমভূমিৰ পশ্চিম অংশ আু কাৰ্ডিলেৰা অঞ্চলৰ পূব অংশক লৈ এই বিশাল কৃষিভূমি গঠিত ǀ এই অঞ্চলত বৰষুণ কম বাবে ঘাঁহনিৰে ভৰা ǀ টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ, কলাৰাডো, নেভাডা, বাইয়োমিং, ইডাহো আৰু মণ্টানা আদি ৰাজ্য এই অঞ্চলৰ অন্তৰ্গত ǀ  ইয়াত শুকান কৃষিৰ জৰিয়তে জোৱাৰ-বজৰা জাতীয় শস্য, কিছু পৰিমাণে জলসিঞ্চনৰ জৰিয়তে বাৰ্লি, মাকৈ আদি শস্য আৰু পশুপালনৰ জৰিয়তে গাখীৰ, মাংস আৰু উল উৎপাদন কৰা হয় ǀ

৮) ভূমধ্য সাগৰীয় কৃষি বলয় 

যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত থকা  কেলিফোৰ্নিয়া অঞ্চলত ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে ǀ সেইয়ে এই অঞ্চলটোক ভূমধ্য সাগৰীয় কৃষি বলয় বোলে ǀ  এই অঞ্চল গম আৰু কপাহৰ উপৰিও সুমথিৰা, আপেল, আঙুৰ আদি ফলমূল প্ৰচুৰ পৰিমাণে উৎপাদন হয় ǀ

৯) উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰকৃষি বলয়

যুক্তৰাষ্ট্ৰৰ উত্তৰ পশ্চিম প্ৰান্তত থকা ৱাশ্বিংটন,ওৰিগন, ইডাহো ৰাজ্যত গম আৰু মাকৈ উৎপাদনৰ লগতে  গাখীৰ আৰু মাংস উৎপাদনৰ বাবে পশুপালনো কৰা হয় ǀ সেয়েহে এই অঞ্চলটোক মিশ্ৰকৃষি বলয় বোলে ǀ



     দক্ষিণ ঔদ্যোগিক অঞ্চলৰ বৰ্ণনাঃ

       ঔদ্যোগিক  বিকেন্দ্ৰীকৰণৰ জৰিয়তে টেক্সাছৰ পৰা পূবে আটলাণ্টিক উপকূলৰ উত্তৰ কেৰোলিনা ৰাজ্য পৰ্যন্ত দক্ষিণৰ ঔদ্যোগিক অঞ্চল বিস্তৃত হৈ আছে ǀ দেশৰ মুঠ বনুৱাৰ প্ৰায় ২০শতাংশ এই  অঞ্চলৰ উদ্যোগ প্ৰতিষ্ঠানসমূহত নিয়োজিত হৈ আছে ǀ জলবিদ্যুত, লো, কয়লা, পেট্ৰলিয়াম আৰু অন্যান্য খনিজ পদাৰ্থৰ আকৰ, আপেলেচিয়ান অঞ্চল বনজ সম্পদ আৰু কৃষিজাত সম্পদ যেনে-কপাহ, ধঁপাত আৰু কুহিয়াঁৰ আদিৰ ওপৰত ভিত্তি কৰি  বহুতো সৰু ডাঙৰ উদ্যোগ এই অঞ্চলত গঢ়ি উঠিছে ǀ এই অঞ্চলটোৰ দুটামান প্ৰধান ঔদ্যোগিক এলেকা হৈছে- 

ক) দক্ষিণ পূৱ উদ্যোগিক কেন্দ্ৰ

খ) দক্ষিণ পশ্চিম উদ্যোগিক কেন্দ্ৰ 


৮) চমু টোকা লিখা-

ক) ৰকি পৰ্বত অঞ্চলৰ ভূ-প্ৰকৃতি

        আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূ-খণ্ডটোক ৰকি পৰ্বত অঞ্চল বোলে ǀ ৰকি পাৰ্বত্য অঞ্চলটো নবীন ভংগিল পৰ্বতেৰে গঠিত ǀ ঠায়ে ঠায়ে কোনো কোনো পৰ্বতৰ শৃংগৰ উচ্চতা ৪২০০ মিটাৰতকৈও অধিক ǀচিয়েৰা, নেভাডা, কাস্কেড, কষ্টৰেঞ্জ এই অঞ্চলৰ উল্লেখযোগ্য পৰ্বতমালা ǀ তদুপৰি ৰকি পৰ্বত  অঞ্চলটোৰ পূব আৰু পশ্চিম প্রান্ত প্রায় সমান্তৰাল পর্বত দুশাৰীৰ মাজভাগত কেইবাটাও মালভূমি আছে। ইয়াৰ ভিতৰত কলম্বিয়া মালভূমি, গ্রেট বেছিন আৰু কলাৰাডো মালভূমিয়েই প্রধান। গ্ৰেট বেছিনকে ধৰি সমগ্ৰ অঞ্চলটো  প্ৰশান্ত উপকূলীয় পৰ্বতমালাৰ বৃষ্টিছায়া অঞ্চলত পৰে ǀ বৰষুণৰ অভাৱত এই ঠাইবোৰ মৰুভূমিত পৰিণত হৈছে ǀ এই অঞ্চলত বিখ্যাত লুণীয়া পানীৰ হ্ৰদ গ্ৰেট ছল্ট লেক ৰ উপৰিও পৃথিৱী বিখ্যাত কলাৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন আৰু ডেথ ভেলী অৱস্থিত ǀ কয়লা, পেট্ৰলিয়াম, সোণ, ৰূপ, তাম আদি খনিজ পদাৰ্থৰে এই অঞ্চলটো ভৰপূৰ ǀ ইয়াতেই লছ এঞ্জেলচ, চিয়াটল, লাছ-ভেগাছ, চানফ্ৰান্সিকো কৰ্ডিলেৰা আদি অঞ্চলটোৰ কেইখনমান উল্লোখযোগ্য দৰে মহানগৰী ।

খ) আপেলেছিয়ান উচ্চভূমিৰ ভূ-প্ৰকৃতি

       আমেৰিকা যুক্তৰাষ্ট্রৰ পূব অংশত আটলান্টিক উপকূলৰ প্রায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বোলা হয় । দৰাচলতে এই ভূখণ্ডৰ বেছিভাগেই আপেলেছিয়ান পর্বত শ্রেণীয়ে আগুৰি আছে। আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ থুলমূলকৈ উত্তৰে হাডছন উপত্যকা আৰু ইৰি-অন্টাৰিও হ্রদৰ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত এই ভূখণ্ড পর্বত-পাহাৰ, মালভূমি, সমভূমি-উপত্যকা আদিৰে গঠিত বাবে ইয়াৰ ভূ- প্রকৃতি জটিল ইয়াৰ ভিতৰত পশ্চিমৰ এলিঘেনি পর্বতশ্রেণী, দক্ষিণ-পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি, পূবৰ আপেলেছিয়ান পর্বতশ্রেণী আৰু উপত্যকা, দক্ষিণৰ ব্লুৰিজ পর্বত আৰু পূর্ব উপকূলীয় সমভূমিয়েই প্রধান । এই অঞ্চলতে দেশৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে বৰষুণ হয় এই অঞ্চলৰ পূর্বত-পাহাৰবোৰ যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশত থকা ৰকি পর্বতমালাতকৈ বহু আগেয়ে সৃষ্টি হৈছিল সাগৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা বর্তমানে ২০০০ মিটাৰৰ অধিক নহয় । এই অঞ্চলৰ পৰ্বত-পাহাৰ আৰু মালভূমিৰ মাজেৰে অসংখ্য সৰু-ডাঙৰ নদী বৈ গৈছে ইয়াৰ ভিতৰত অহিও, টেনিছি, হাডছন আৰু এলাবামা নদীয়েই প্রধান অঞ্চলটোৰ উত্তৰ সীমাত থকা ইৰি হ্ৰদৰ কাষতে পৃথিৱী বিখ্যাত নিয়াগাৰা জলপ্ৰপাত অৱস্থিত আপেলেছিয়ান পৰ্বতৰ পূৱ আৰু দক্ষিণফালে আটলান্টিক উপকূলীয় সমভূমি ǀ এই উপকূলীয় সমভূমি অঞ্চলৰ উত্তৰ অংশ অতি ঠেক আৰু দক্ষিণ অংশ কিছু বহল ǀ এই অঞ্চলতে আমেৰিকা যুক্তৰাষ্ট্র ৰাজধানী ৱাশ্চিংটন ডি. চি. বোষ্টন, ফিলাডেলফিয়া, বাল্টিমোৰ, আটলান্টা আদি অৱস্থিত উল্লেখযোগ্য যে এই অঞ্চলটো লো, পেট্রলিয়াম আদি খনিজ সম্পদত চহকী আপেলেছিয়ান অঞ্চলটোত বহুতো বৃহৎ শিল্পাঞ্চল গঢি উঠিছে ǀ এই ক্ষেত্ৰত উন্নত যাতায়ত ব্যৱস্থাৰ ভূমিকাও উল্লেখনীয় ।  


   খ) মধ্য সমভূমি অঞ্চল নদ- নদী

       আপেলেছিয়ান উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণীৰ মাজত উত্তৰা-দক্ষিণা আৰু পূবা-পশ্চিমাকৈ বিস্তৃত সমভূমি অঞ্চলটোক মধ্য সমভূমি বুলি জনা যায় ।ই উত্তৰে বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত । এই সমভূমি অঞ্চলটো মূলঃত মিছিছিপি মিচৌৰি অৱবাহিকাৰ অন্তৰ্গত ǀ অঞ্চলটোৰ মাজে মাজে প্ৰবাহিত প্ৰধান নদী মিছিছিপি আৰু মিচৌৰি আৰু ইয়াৰ উপনৈ সমূহে সমগ্ৰ অঞ্চলটোক এক সাৰুৱা পলসুৱা সমতল ভূমিত পৰিণত কৰিছে ǀ সেয়েহে যুক্তৰাষ্ট্ৰৰ এই অঞ্চলটো কৃষিকাৰ্যৰ বাবে বৰ উপযোগী ǀ

    সাগৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৩০০ মিটাৰতকৈ বেছি নহয় ǀ এই সমতলভূমিৰ মাজে মাজে টিলা সদৃশ ওখ ঠাইও দেখা যায় ǀ হিমবাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা এই অঞ্চলৰ বিখ্যাত হ্ৰদ কিছুমান হৈছে- ছুপেৰিয়ৰ, মিচিগান, হুবন, ইৰি আদি ǀ মধ্যভাগৰ সমভূমিৰ একেবাৰে দক্ষিণ অংশত থকা মেস্কিকো উপকূলীয় কাষৰীয় সমভূমিয়েই হল উপকূলীয় সমভূমি ǀ মিয়ামি, বাৰ্হিংহাম, ছেন্ট লুইচ, চিকাগো হষ্টনৰ দৰে মহানগৰ এই অঞ্চলতে অৱস্থিত ।

   

   ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নগৰীকৰণ আৰু প্ৰধান নগৰসমূহ

       আপেলেছিয়ান উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণীৰ মাজত উত্তৰা-দক্ষিণা আৰু পূবা-পশ্চিমাকৈ বিস্তৃত সমভূমি অঞ্চলটোক মধ্য সমভূমি বুলি জনা যায় । ই উত্তৰে বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত । এই সমভূমি অঞ্চলটো মূলঃত মিছিছিপি মিচৌৰি অৱবাহিকাৰ অন্তৰ্গত ǀ অঞ্চলটোৰ মাজে মাজে প্ৰবাহিত প্ৰধান নদী মিছিছিপি আৰু মিচৌৰি আৰু ইয়াৰ উপনৈ সমূহে সমগ্ৰ অঞ্চলটোক এক সাৰুৱা পলসুৱা সমতল ভূমিত পৰিণত কৰিছে ǀ সেয়েহে যুক্তৰাষ্ট্ৰৰ এই অঞ্চলটো কৃষিকাৰ্যৰ বাবে বৰ উপযোগী ǀ

    সাগৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৩০০ মিটাৰতকৈ বেছি নহয় ǀ এই সমতলভূমিৰ মাজে মাজে টিলা সদৃশ ওখ ঠাইও দেখা যায় ǀ হিমবাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা এই অঞ্চলৰ বিখ্যাত হ্ৰদ কিছুমান হৈছে- ছুপেৰিয়ৰ, মিচিগান, হুবন, ইৰি আদি ǀ মধ্যভাগৰ সমভূমিৰ একেবাৰে দক্ষিণ অংশত থকা মেস্কিকো উপকূলীয় কাষৰীয় সমভূমিয়েই হল উপকূলীয় সমভূমি ǀ মিয়ামি, বাৰ্হিংহাম, ছেন্ট লুইচ, চিকাগো হষ্টনৰ দৰে মহানগৰ এই অঞ্চলতে অৱস্থিত ।

ঙ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্য 

উত্তৰ- আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ বশিষ্ট্যসমূহ হৈছে- 

১/     ৰাষ্ট্ৰীয় আয়ৰ ৬৮ শতাংশ যোগান ধৰে বাণিজ্য, যোগাযোগ, পৰিবহন আৰু পৰিবহন সেৱাই, ৩০ শতাংশ যোগান ধৰে উদ্যোগে আৰু কেৱল মাত্ৰ ২ শতাংশহে কৃষিয়ে যোগান ধৰে ǀ

২/     দেশৰ ১৫-৬৪ বছৰ বয়সৰ মুঠ জনসংখ্যখাৰ ৭৯ শতাংশই বিভিন্ন অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত ǀ অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত মাত্ৰ ৫ শতাংশ লোকহে কৃষিৰ ওপৰত নিৰ্ভৰশীল ǀ কৃষি, উদ্যোগ, ব্যৱসায়, বাণিজ্য, পৰিবহন আৰু বিভিন্ন সেৱাৰ উপৰিও বহু লোক মাছধৰা, পশুপালন, খনিজ দ্ৰব্য উদঘাটন আদি কাৰ্যৰ লগত জড়িত ǀ

৩/    আমেৰিকা যুক্তৰাষ্ট্ৰ খনিজ সম্পদ উদ্ঘাটনৰ ক্ষেত্ৰটো বিশ্বৰ ভিতৰতে অগ্ৰণী ǀ কয়লা, তাম, পেট্ৰলিয়ামৰ উৎপাদন পৃথিৱীৰ মুঠ উৎপাদনৰ ২০ শতাংশ ǀ

৪/    কৃষি উৎপাদনৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰৰ স্থান মন কৰিব লগীয়া সমগ্র পৃথিৱীত ই মাকৈ, কপাহ আৰু ধঁপাত  উৎপাদনত প্ৰথম আৰু ঘেঁহু আৰু বাৰ্লি উৎপাদনত দ্বিতীয় স্থান অধিকাৰ কৰিছে। ইয়াৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ পৃথিৱীৰ মুঠ উৎপাদনৰ ৪৬ শতাংশ আৰু ১৮ শতাংশ ǀ সেইবাবে যুক্তৰাষ্ট্ৰই বহু দ্ৰব্য বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ǀ যুক্তৰাষ্ট্ৰৰ জনমুৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি ǀ

 

আমেৰিকা যুক্তৰাষ্ট্ৰ কৃষি বলয় 

        ভূ-প্ৰকৃতি, মাটি, জলবায়ু  আদিৰ ওপৰত ভিত্তি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক পূৱৰ পৰা পশ্চিমলৈ কেইবাটাও বলয় বা অঞ্চলত ভাগ কৰা হৈছে ǀ এনে প্ৰতিটো ভাগতে এটা বিশেষ শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষি কাৰ্য সম্পাদন কৰা হয় ǀ জনবসতি সেৰেঙা হোৱাৰ বাবে বাণিজ্যিক ভিত্তিত যান্ত্ৰিক পদ্ধতিৰে বিস্তৃতভাৱে কৃষিকাৰ্য কৰা হয় ǀ সেয়েহে যুক্তৰাষ্ট্ৰৰ জনমুৰি কৃষি উৎপাদনৰ হাৰ অন্য দেশৰ তুলনাত বেছি ǀ যুক্তৰাষ্ট্ৰৰ মুখ্যকৃষি বলয়সমূহ আটলাণ্টিক উপকূলৰ পৰা পশ্চিমে ১০০˚ পশ্চিম দ্ৰাঘিমা পৰ্যন্ত পূবা পশ্চিমাকৈ বিস্তৃত ǀ দক্ষিণৰ পৰা উত্তৰলৈ সমগ্ৰ দেশখনক ৯টা কৃষিবলয়ত ভাগ কৰা হৈছে ǀ সেইকেইটা হৈছে- উত্তৰ পশ্চিম মিশ্ৰ কৃষি বলয়, ভূমধ্যসাগৰীয় কৃষি বলয়, শুকান কৃষি আৰু পশুপালন বলয়, বসন্ত কালৰ গম বলয়, মাকৈ বলয়, শীতকালৰ গম বলয়, কপাহ বলয়, ধান আৰু সৰিয়হ বলয় আৰু  উত্তৰ পূব মিশ্ৰ কৃষি বলয় ǀ

(ছ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰপূৱ উদ্যোগ বলয়

উত্তৰ বিভিন্ন খনিজ সম্পদৰ উপলব্ধতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূৱ অংশ বৃহৎ বৃহৎউদ্যোগ কেন্দ্ৰৰ সমাবেশ ঘটা দেখা যায় ǀ যুক্তৰাষ্ট্ৰ মুঠ মাটিকালিৰ ১০শতাংশ আগুৰি থকা এই অঞ্চলটোত দেশখনৰ ৫০শতাংশ লোক বাস কৰে ǀ ইয়াতে দেশৰ ৭৫শতাংশ উদ্যোগ থূপ খাই আছে ǀ এই অঞ্চলটো পাচটা প্ৰধান ভাগত ভগাব পাৰি ǀ

(ক) পিটছবার্গ হুইলিং-ক্লিভলেণ্ড উদ্যোগ কেন্দ্র- উত্তৰ আপেলেছিয়ান কয়লা খনি অঞ্চলৰ পেঞ্চিলভেনিয়া আৰু অহিওক কেন্দ্র কৰি এই উদ্যোগ কেন্দ্ৰ গঢ়ি উঠিছে। এই অঞ্চলত থকা উৎকৃষ্ট মানৰ কয়লা, উন্নত পৰিবহণ ব্যৱস্থা আৰু চুপেৰিওৰ অঞ্চলত থকা লোৰ আকৰক ভিত্তি বহু ঠাইত লো তীখা উদ্যোগ গঢ়ি উঠিছে ǀইয়াৰ লগে লগে কাঁচ, বস্ত্ৰশিল্প আৰু ৰবৰ উদ্যোগৰ বাবেও এই অঞ্চল বিখ্যাত ǀ 

(খ) নিউয়ৰ্ক-ফিলাডেলফিয়া-বাল্টিমোৰ উদ্যোগ কেন্দ্ৰ-    বাল্টিমোৰত লো তীখা উদ্যোগ, বস্ত্ৰশিল্প, টিন, পেট্ৰলিয়াম আৰু তেল শোধানাগাৰ; ফিলাডেলফিয়াত বস্ত্ৰ, বৈদ্যুতিক সা-সৰঞ্জাম, পেট্ৰলিয়াম, চেনি আৰু ৰবৰ উদ্যোগ; পূব পেনঞ্চিলভেনিয়াত লো-তীখা, ৰেলৰ ইঞ্জিন; নিউ জাৰ্চিত বস্ত্ৰ, বৈদ্যুতিক সা-সৰঞ্জাম, সাজ-বাচন উদ্যোগবেৰ অৱস্হিত ǀ

(ডেট্ৰইট উদ্যোগ কেন্দ্ৰ- কয়লা, লো আৰু কঠিন কাঠৰ প্ৰাচুৰ্যৰে ভৰা এই অঞ্চল মটৰ গাড়ী নিৰ্মাণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে ǀ

(ঘ)  দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰ- জলবিদ্যুতৰ ওপৰত নিৰ্ভৰ কৰি বস্ত্ৰ শিল্প, কাগজ শিল্প,বস্ত্ৰ উৎপাদনৰ যন্ত্ৰপাতি নিৰ্মাণ আৰু চামৰা শিল্প আদি গঢ়ি উঠিছে ǀ এই অঞ্চলৰ প্ৰধান ঠাইসমূহ হৈছে-নিউ হেম্পছায়াৰ, ৰড আইলেণ্ড, অৰচেষ্টাৰ আদি ǀ

() দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰ- কয়লা আৰু লোৰ সহজ লভ্যতাৰ বাবে চিকাগো মহানগৰীক কেন্দ্ৰ কৰি ইয়াত লো-তীখা, ৰেল ডবা নিৰ্মাণ, বিভিন্ন ধৰণৰ যন্ত্ৰপাতি প্ৰস্তুত মটৰগাড়ী নিৰ্মাণ আদি গঢ়ি উঠিছে ǀ


(জ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত  উপকূলীয় উদ্যোগ

উত্তৰ  প্ৰশান্ত মহাসাগৰৰ উপকূলত অৱস্থিত ৱাশ্বিংটন, অৰিগন, কেলিফোৰ্নিয়া, ৰাজ্যক লৈ এই উদ্যোগ কেন্দ্ৰটো গঢ়ি উঠিছে ǀ ই যুক্তৰাষ্ট্ৰৰ আটাইতকৈ সৰু আৰু নতুনকৈ গঢ়ি উঠা উদ্যোগিক অঞ্চল ǀ দেশৰ প্ৰায় ১০ শতাংশ বনুৱাই এই অঞ্চলৰ উদ্যোগসমূহত কাম কৰে ǀ লছ-এঞ্জলেছ আৰু ছান ফ্ৰান্সিকো দেশৰ ভিতৰতে প্ৰধান দুটা উদ্যোগ কেন্দ্ৰ ǀ জলবিদ্যুত আৰু পেচ্ৰলিয়াম ব্যৱহাৰ কৰি এই অঞ্চলত লো-তীখা নিৰ্মাণ, উৰাজাহাজ নিৰ্মাণ, কাগজ উৎপাদনবিলাতী মদ উৎপাদনৰ লগত জড়িত শিল্প গঢ়ি উঠিছে ǀ কেলিফোৰ্নিয়া চিনেমা শিল্পৰ বিশ্বজুৰি খ্যাতি আছে ǀ


ঝ) শুকান কৃষি আৰু পশুপালন বলয়

উত্তৰ মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কাৰ্ডিলেৰা অঞ্চলৰ পূব অংশক লৈ এই বিশাল কৃষিভূমি গঠিত ǀ এই অঞ্চলত বৰষুণ কম বাবে ঘাঁহনিৰে ভৰা ǀ টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ, কলাৰাডো, নেভাডা, বাইয়োমিং.ইডাহো আৰু মণ্টানা আদি ৰাজ্য এই অঞ্চলৰ অন্তৰ্গত ǀ  ইয়াত শুকান কৃষিৰ জৰিয়তে জোৱাৰ-বজৰা জাতীয় শস্য, কিছু পৰিমাণে জলসিঞ্চনৰ জৰিয়তে বাৰ্লি, মাকৈ আদি শস্য আৰু পশুপালনৰ জৰিয়তে গাখীৰ, মাংস আৰু ঊল উৎপাদন কৰা হয় ǀ

(ঞ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ 

উত্তৰ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূবে উচ্চ সমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূ-খণ্ডটোক ৰকি পৰ্বত অঞ্চল ǀ এই অঞ্চলটো জলবিদ্যুতৰ উপৰিও কয়লা, পেট্ৰলিয়াম, সোণ, ৰূপ, তামআদি খনিজ পদাৰ্থৰে ভৰপূৰ ǀ ঠিক তেনেদৰে আপেলেছিয়ান উচ্চভূমি অঞ্চলটো  লোৰ আকৰ, পেট্রলিয়াম, কঠিন কাঠ ৰ দৰে খনিজ পদাৰ্থৰ সহজ লভ্যতাৰ বাবে উদ্যোগৰ প্ৰধান কেন্দ্ৰৰূপে পৰিগণিত হৈছে ǀ মধ্য সমভূমি অঞ্চলটো মিছিচিপি আৰু মিচৌৰি নৈ আৰু ইয়াৰ উপনৈবোৰে সৃষ্টি কৰা অৱবাহিকাৰ দ্বাৰা গঠিত যি কৃষিৰ বাবে উৎকৃষ্ট সাৰুৱা ভূমি সৃষ্টি কৰিছে ǀ এই অঞ্চলটো খনিজ পদাৰ্থ সিমান সুলভ নহয়, সেয়েহে ইয়াত জনবসতি আৰু উদ্যোগ একেবাৰে সেৰেঙা ǀ


                                Published  By Lokesh Das

Class 10 Advanced Geography Assamese Medium questions Answer.

CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 ADVANCED GEOGRAPHY SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 ADVANCED GEOGRAPHY Regional geography of the United States  CHAPTER SOLUTIONS IN ASSAMESE MEDIUM. 

****************

 

              


Previous Post Next Post