অৰ্থনৈতিক উন্নয়ন । Class 10 Social Science Economics Chapter 2 Question Answer in Assamese .

 Class 10 Social Science Economics Chapter 2 Question Answer in Assamese . 

 

Class 10 Social Science Part 3 All Chapter Question Answers Solution . 


অৰ্থনৈতিক উন্নয়ন

 

অতি চমু উত্তৰৰ প্ৰশ্ন-


১) বাখ্যা কৰা (এটা বাক্যত)

 

(ক) অৰ্থনৈতিক বিকাশ - অৰ্থনৈতিক বিকাশ হল দেশ এখনৰ জাতীয় আৰু জনমূৰি আয়ৰ বৃদ্ধি 

 

(খ) অৰ্থনৈতিক উন্নয়ন কোনো এখন দেশত অৰ্থনৈতিক বিকাশ হলেই অৰ্থনৈতিক উন্নয়ন হোৱা বুলি কব নোৱাৰি । 

       এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া যত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো   সমানে গুৰুত্ব দিয়া হয় ǀ 

 

(গ) মানৱ উন্নয়ন-  মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু     ৰাজনৈতিক বিকাশৰ       মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব আৰোপ কৰে ǀ

 

(ঘ) অৰ্থনৈতিক পৰিকল্পনা

       নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হবলৈ কেন্দ্ৰীয়  কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হল-অৰ্থনৈতিক পৰিকল্পনা  ।

More Resours For Class 10 Solutions in Assamese Medium

 

(ঙ) গণতান্ত্ৰিক পৰিকল্পনা- যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশ গ্ৰহণ সুনিশ্চিত কৰা হয়, সেই পৰিকল্পনাই গণতান্ত্ৰিক পৰিকল্পনা ǀ

 

(চ) উদাৰীকৰণ-  দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণেই হ  উদাৰীকৰণ ǀ

 

(ছ) ব্যক্তিগতকৰণ - চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা  প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিটোৱেই হল ব্যক্তিগতকৰণ ǀ

 

(জ) গোলকীকৰণ বা বিশ্বায়ণ - দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংহতি সাধন হোৱা প্ৰক্ৰিয়াটোৱেই হল গোলকীকৰণ বা বিশ্বায়ন ǀ

 

চমু উত্তৰৰ প্ৰশ্ন-

২) অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাথক্য উল্লেখ কৰা ǀ

 

উত্তৰ- অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাথক্য উল্লেখ কৰা হল-

১) দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হলঅৰ্থনৈতিক বিকাশ 

২) অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত 

  আনহাতে, ১) এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া যত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয় 

২)অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল ǀ

 


৩) মানৱ উন্নয়নৰ তিনিটা সূচক কি কি ?

উত্তৰ- মানৱ উন্নয়নৰ তিনিটা সূচক হল ক্ৰমে-

    1) প্ৰত্যাশিত আয়ুস

    2) শিক্ষা

    3) জীৱন যাত্ৰাৰ মান

 

৪) সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ?

উত্তৰ:- মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন কৰাটোক বুজায় । সমষ্টিগত বা সামূহিক পছন্দ নিৰ্ণয় কৰা হয়, বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ বা ভাল-বেয়াৰ ওফৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা সূচক তিনিটা – ১) প্ৰত্যাশিত আয়ুস, ২) শিক্ষা আৰু ৩) জীৱন যাত্ৰাৰ মান । মানৱ উন্নয়নৰ ধাৰণাটোৱে সামূহিক পছন্দৰ বিস্তাৰ সাধনাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে । এই সমষ্টিগত পছন্দই আকৌ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দকো সামৰি লৈছে । মুঠতে জীৱন যাপনৰ মান বৃদ্ধিৰ গুৰুত্বআৰোপ কৰিছে ।

 

৫) ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা মূল লক্ষ্য উল্লেখ কৰা।

উত্তৰ- ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা মূল লক্ষ্য হৈছে- 

    ১)  অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা ।

    ২)  আৰ্থ সামাজিক বৈষম্য দুৰ কৰা 

    ৩)  দৰিদ্ৰতা নিৰ্মূল কৰা, নিয়োগৰ সা-সুবিধা বৃদ্ধি কৰা, আদি ।

 

 

৬) NITI আয়োগৰ সদস্য সকল কোন কোন ?

উত্তৰ- NITI আয়োগৰ অধ্যক্ষ হল প্ৰধানমন্ত্ৰী  ǀ এই আয়োগৰ অন্য সদস্য সকল হৈছে - এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, চাৰি গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যকাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল ǀ

 

দীঘল উত্তৰৰ প্ৰশ্ন-

 

৭) ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ ৰ পৰা বৰ্তমানলৈ)ৰ মাজত থকা এটা মূল পাৰ্থক্য বাখ্যা কৰা ǀ

 

উত্তৰ- ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ উন্নয়নৰ কালছোৱাক দুটা ভাগত ভাগ কৰি, (১৯৫১ চনৰ পৰা ১৯৯১ চনলৈ, আৰু ১৯৯১ চনৰ পৰা বৰ্তমানলৈ অৰ্থাৎ ১৯১৪ চনলৈ)দুয়োৰে মাজৰ এটা মূল অৰ্থনৈতিক পাৰ্থক্য উলিয়াব পৰা যায় ।

ভাৰতীয় পৰিকল্পনাত প্ৰথমছোৱা সময়ত, (১৯৫০ – ১৯৯১) ভাৰতৰ অৰ্থব্যৱস্থা আছিল মিশ্ৰিত অৰ্থব্যৱস্থা-  ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ব্যৱস্থা । ৰাজহুৱা ব্যৱস্থাতকৈ ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল । সমাজবাদী সমাজ প্ৰতিষ্ঠাৰ গুৰুত্বৰে ঔদ্যোগিক নীতিৰ ৰাজহুৱা খণ্ডৰ গুৰুত্ব আৰু চৰকাৰী খণ্ডৰ ভূমিকা বেছি আছিল । অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্ৰধান্য লাভ কৰিছিল  ǀ ষাঠিৰ দশকৰ কৃষি খণ্ডত সংঘটিত সেউজ বিপ্লৱে উত্তৰ ভাৰতৰ কেইএইখনমান নিৰ্দিষ্ট ৰাজ্যৰ বাদে অন্যৰাজ্যক চুব পৰা নাছিল ǀ দেখা গল, সময়ত দেশৰ  অৰ্থনীতিৰ উন্নয়ন হাৰ আশানুৰূপ নহল ǀ

১৯৯১-৯২ ৰ পৰা বৰ্তমানলৈ ভাৰতবৰ্ষৰ অৰ্থনীতিত আমোল পৰিবৰ্তন আহিল ǀ ৰাজহুৱা খণ্ডৰ গুৰুত্ব কমি আহিল ǀ অৰ্থনীতিত ব্যক্তিগতকৰণ, উদ্যোগীকৰণ, গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে ǀ সময় আগবঢ়াৰ লগে লগে ভাৰতবৰ্ষৰ অৰ্থনীতিত এই সংস্কাৰমূলক পদক্ষেপ সমূহৰ সুফল দেখিবলৈ পোৱা গৈছে ǀ দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে ǀ পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ǀ কেন্দ্ৰীয় বেংকত বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি পাইছে ǀ 

  এই দুয়োটা উন্নয়নৰ কালছোৱাত ভাৰতৰ অৰ্থনীতিত এক আমূল পৰিৱৰ্তনৰ কাৰ্য্যসূচী লোৱা হৈছে ।

 

৮) ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ বাখ্যা কৰা ǀ

 উত্তৰ- ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ হৈছে-

(ক) ভাৰতৰ অৰ্থনাতি ৰাজহুৱা খণ্ডৰ চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি হাৰ কম হোৱা বাবে বৃহৎ বৃত্তীয় ঘাটিয়ে দেখা দিছিল । চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগত চৰকাৰী বিনিয়োগৰ পৰিমাণ যিমান বৃদ্ধি কৰা হৈছিল তাৰ বিনিময়ত বহুগুণে বেছি লোকচান ভৰিব লগা হল । বহুতো উদ্যোগ ৰুগ্ন হৈ ৰাজহুৱা উণ্ডৰ পতন ঘটিছিল ।

(খ) আনহাতে চৰকাৰী খণ্ডৰ উদ্যোগবোৰত সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি আনহাতে দেশত অত্যাৱশ্যকীয় সা – সামগ্ৰীৰ অত্যধিক মুল্য বৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুখীয়া শ্ৰেণীটোৰ ব্যৱধান দূৰ্বিষহ কৰি তুলিছিল ।

(গ) ভাৰতৰ অৰ্থনীতিত বৈদেশিক বাণিজ্যত বৈদেশিক বিনিয়োগৰ পৰিমাণ উল্লেখনীয় ভাবে কমি যাবলৈ ধৰে । নিম্নগামী ভাৰতীয় অৰ্থনীতিৰ পৰা বৈদেশিক মূলধনৰ বহি:গমন হবলৈ ধৰে । বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰে । এনে এক দূৰ্যোগপূৰ্ণ সময়তে বিশ্ববেংকেও ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তন হব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল । মুঠতে ভাৰতীয় অৰ্থনীতিৰ পৰিৱৰ্তনৰ মূল কাৰণ আছিল এই তিনিটাই ।

 

৯) অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা ǀ

উত্তৰ- অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমূহৰ সুফলসমূহ হৈছে-

    ১) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে ǀ

    ২) পাইকাৰী মূল্যসূচী পূৰ্বতকৈ হ্ৰাস পাইছে ǀ

  ৩) ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে ǀ

 

১০) অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ বাখ্যা কৰা ǀ

উত্তৰ- অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা হৈছে –

(ক) নতুন নতুন সংস্কাৰিত অৰ্থনৈতিক নীতি – প্ৰৱৰ্তন পাছত প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা দুয়োটাই বৃদ্ধি পাইছে । বিভিন্ন সা-সামগ্ৰী বজাৰলৈ আহিব ধৰিছে ।

(খ) পণ্য দ্ৰৱ্যৰ প্ৰতি অত্যধিক আসক্তিয়ে ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিব তাৰ বাবে নৈতিকতাৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি হৈছে ।

 

 

১১) অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা ǀ

উত্তৰ- অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হল-

    ১) উন্নত ৰাজ্যসমূহৰ সম- পৰ্যায়লৈ আনিবলৈ অহা দুই – তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য ।

 

    ২) দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা ǀ

 

    ৩) কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা ǀ

    ৪) শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা ǀ

 

     ৫) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা  প্ৰয়োগ কৰা ǀ

 

৬) অসমৰ মানৱ উন্নয়নৰ সূচাংকৰ (HDI) মান উন্নত কৰা, তাৰ বাবে স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ বিনিযোগৰ পৰিমাণ বৃদ্ধি কৰা যাতে পুঁজিৰ অভাৱ নহয় ।      

Class 10 Social Science Part 3 All Chapter Question Answers Solution .

      Published  By Lokesh Das

Class 10 Social Science Assamese Medium questions Answer.

CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 SOCIAL SCIENCE SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 SOCIAL SCIENCE  ECONOMICS PART  CHAPTER 2 SOLUTIONS IN ASSAMESE MEDIUM. 

****************

Previous Post Next Post