ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 Social Science History Part Chapter 5 Question Answer Solution .

 Class 10 Social Science History Part Chapter 5 Question Answer Solution in Assamese Medium . 

Class 10 History Part All Chapter Solutions .

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

 

 

অতি চমু উত্তৰৰ প্রশ্ন- 

১। সিন্ধু সভ্যতাৰ পূব  সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ?

উত্তৰ সিন্ধু সভ্যতাৰ পূব  সীমা গাংগেয় উপত্যকাৰ  মিৰাট পৰ্যন্ত বিস্তৃত আছিল  ǀ

 

২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ?

উত্তৰ সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতাব্দত হৈছিল ǀ

 

৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি ?

উত্তৰ খ্ৰীষ্টপূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ ৰ মানৰ ভিতৰত ঋকবেদ ৰচিত হৈছিল ǀ

 

৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা সত্যমেৱ জয়তেএই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

উত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা সত্যমেৱ জয়তেএই বাক্যশাৰী মূলত মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে ǀ

 

৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি ?

উত্তৰ- প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কৌটিল্যৰ অৰ্থশাস্ত্ৰ

 

৬। বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্রন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ?

উত্তৰ- ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ জৱহৰলাল নেহৰুৰ ভাৰত সম্ভেদ’ (Discovery of India) নাম গ্ৰন্থৰ জৰিয়তে ǀ

 

৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান  কলা কৌশলন প্রয়োগ কৰা হৈছিল ?

উত্তৰঃ ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান  কলা কৌশলন প্রয়োগ গান্ধাৰ শিল্পকলাত ।

 

৮। ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল ?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা খ্ৰীষ্টীয় ২০০ ৰ মানৰ ভিতৰত ভৰত মুনিৰ নাট্যশাস্ত্র ৰচিত হৈছিল ǀ

 

৯। ভৰতৰ নাট্যশাস্ত্রত কিমানটা শ্লোক আছে ?

উত্তৰঃ ভৰতৰ নাট্যশাস্ত্রত ৬০০০ শ্লোক আছে ǀ

 

১০। হেৰাকা আন্দোলন কি ?

উত্তৰঃ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰাকানামৰ আন্দোলনৰ জন্ম দিয়ে ǀ

 

১১। নগালেণ্ডৰ 'হৰ্ণবিল উৎসৱকি জীৱৰ নামত উৎসৰ্গিত ?

উত্তৰঃ নগালেণ্ডৰ 'হৰ্ণবিল উৎসৱ ধনেশ পক্ষী জীৱৰ নামত উৎসৰ্গিত  ǀ

 

১২। চপচৰ কূটকোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ?

উত্তৰঃ ‘চপচৰ কূট মিজো সকলৰ পৰম্পৰাগত উৎসৱ ǀ

 

১৩। মিজো  শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘মিজোশব্দৰ অৰ্থ হল- পাহাৰৰ বাসিন্দা ǀ

 

১৪। উত্তৰ পূর্বাঞ্চলৰ কোন ৰাজ্যত মতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত ?

উত্তৰঃ উত্তৰ পূর্বাঞ্চলৰ মেঘালয় ৰাজ্যত মতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত

 

১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে।

উত্তৰঃ মণিপুৰী নৃত্য চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি  গঢ়ি উঠিছে ।

 

১৬। অসমৰ প্ৰাচীন নাম কি আছিল ?

উত্তৰঃ অসমৰ প্ৰাচীন নাম আছিলঃ প্ৰাগজ্যোতিষ আু কামৰূপ

 

১৭। কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ?

উত্তৰঃ হা-চোমশব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়

 

১৮। চৰ্যাপদ মানে কি  ?

উত্তৰঃ চৰ্যাপদ হৈছে কেইটামান সহজযান পন্থীয় গীত ǀ

 

১৯। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল ?

উত্তৰঃ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত ǀ

 

২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ?

উত্তৰঃ মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ǀ

 

২১। অসমৰ গদ্য সাহিত্যব সূচনা কোনে কৰিছিল ?

উত্তৰঃ অসমৰ গদ্য সাহিত্যব সূচনা ভট্টদেৱ কৰিছিল  ǀ

 

২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?

উত্তৰঃ আজানপীৰ নামেৰে খ্যাত চাহ মিলনে ǀ

 

২৩। আজানপীৰ কোন ?

উত্তৰঃ এজন চুফী সাধক ǀ

 

২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল ?

উত্তৰঃ  স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ǀ

 

২৫। দ-পর্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল ?

উত্তৰঃ দ-পর্বতীয়াৰ শিলৰ তোৰণখন খ্ৰীষ্টীয় ষষ্ঠ শতিকাত নির্মিত হৈছিল ǀ

 

২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল ?

উত্তৰঃ আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ, ৰাস্তা ঘাট, ঘৰ দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য,জোখ মাখ আদি চোৱা চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ বিষয়া এগৰাকীক দায়িত্ব দিয়া হৈছিল ǀ

 

২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল ?

উত্তৰঃ লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ  প্ৰতিমা পাণ্ডে বৰুৱাক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল

 

২৮। অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি ?

উত্তৰঃ অসমৰ প্রথম বার্তালোচনীখনৰ -অৰুণোদই ǀ

 

২৯। উত্তব-পূর্বাঞ্চলব অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তভুক্ত জনজাতিটো কি ?

উত্তৰঃ উত্তব-পূর্বাঞ্চলব অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তভুক্ত জনজাতিটো খাছীয়া ǀ

 

 

৩০। ৰচয়িতাসকলৰ নাম লিখা ।

(ক) অর্থশাস্ত্র- কৌটিল্য

(খ) হস্তিবিদ্যার্ণব- সুকুমাৰ বৰকাইথ

(গ) কীর্তন- শংকৰদেৱ         

(ঘ) নামঘোষা- মাধৱদেৱ

(ঙ) চোৰধৰা পিম্পৰা গুচোৱা- মাধৱদেৱ

(চ) কালিয় দমন- শংকৰদেৱ

(ছ) ৰামবিজয়- শংকৰদেৱ

(জ) কথাগীত- ভট্টদেৱ

(ঝ) ৰাজতৰঙ্গিনী- কলহল

(ঞ) ভাৰত সন্তেদ- জৱহৰলাল নেহৰু

 More Resours For Class 10 Solutions in Assamese Medium

 

চমু উত্তৰৰ প্ৰশ্নঃ 

১। খ্ৰীষ্টীয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা ?

উত্তৰঃ খ্ৰীষ্টীয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হল- গ্ৰীক, মোগল ǀ

 

২। সিদ্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মুৰ্ত্তিৰ নাম লিখা ?

উত্তৰঃ সিদ্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মুৰ্ত্তিৰ নাম হল- পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি

 

৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা ।

উত্তৰঃ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হল- ধান খেতি কৰা,

কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ǀ

 

8ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্রত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে ?

উত্তৰঃ বর্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্রত দেশখনৰ বিভিন্ন ভৌগোলিক পৰিস্থিতিয়েও ভূমিকা গ্রহণ কৰি আহিছে । কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়ত-যোগাযোগৰ বাবে সুচলতা আৰু প্রাকৃতিক সম্পদৰ গুণত কোনো অঞ্চল হয়তো আর্থিকভাবে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পর্শ সঘনাই হৈছে আকৌ অন্য কোনোটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্নহৈ, কষ্টসাধ্য  জীৱন-যাপন কৰিবলগীয়া হৈছে।

 

৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা ।

উত্তৰঃ ঋকবেদ, যজুঃবেদ, অথৰ্ববেদ আৰু সামবেদ ǀ

 

৬। অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে ?

উত্তৰঃ এই লিপিত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে ǀ বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সম্বন্বয় ৰ বাট মুকলি কৰিব লাগে ǀ

 

৭। সাংস্কৃতিক বহুত্ববাদ মানে কি ?

উত্তৰঃ সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায় ǀ

 

৮) ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা ǀ

উত্তৰঃ আৰ্যভট্ট আৰু মহৰ্ষি ভৰদ্বাজ ।

 

৯) প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা ǀ

উত্তৰঃ চৰক আৰু সুশ্ৰুত  

 

১০)ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ দুটা ভাগত ভগাব পাৰি ǀ 

       সেই ভাগকেইটা হৈছে 1. বৃহদাকাৰ দেৱাল চিত্ৰ আৰু

                 2.ক্ষুদ্ৰকাৰ চিত্ৰ ǀ

 

১১) চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা ǀ

উত্তৰঃ আকবৰ আৰু জহাংগীৰ

 

১২) ক্ষুদ্ৰকাৰ চিত্ৰ যুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা ǀ

উত্তৰঃ 1. হস্তিবিদ্যাৰ্ণব আৰু

     2.গীত গোবিন্দ । 

 

১৩) হস্তীবিদ্যাৰ্ণৱ গ্ৰন্থ খনৰ চিত্ৰকাৰ দুগৰাকীৰ নাম লিখা ǀ

উত্তৰঃ দিলবৰ আৰু দোচাই

 

১৬) ওজাপালিৰ দুটা ভাগৰ নাম লিখা ǀ

উত্তৰঃ ব্যাসৰ ওজা আৰু সুকনান্নী ওজা ।

 

১৭) প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা ǀ

উত্তৰঃ  প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম হল – ৰামানুজ আৰু জৈমিনি ।

 

১৮) আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা ǀ

উত্তৰঃ 1. দেওধাই বুৰঞ্জী আৰু

     2. তুংখুঙীয়া বুৰঞ্জী

 

১৯) বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা ǀ

উত্তৰঃ 1. দৰং জিলাৰ -  দেউল উৎসৱ আৰু

     2. কামৰূপ জিলা – ভঠেলী উৎসৱ ।

 

 

১৪)  ঝুম খেতি মানে কি বুজা ?

উত্তৰঃ পাহাৰীয়া অঞ্চলত হাবি বন কাটি জুই লগাই মাটি মুকলি কৰি পৰম্পৰাগত সা সাঁজুলিৰে যি খেতি কৰা হয়, তাকে ঝুম খেতি বোলে ǀ

 

 

২০) দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা

উত্তৰঃ  ক) দেওধনী নৃত্য 

          খ) বৰঢুলীয়া নৃত্য 

 

 

২৯) চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা ?

উত্তৰ  খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয়  ১)আকৃতি, ২)জোখ-মাখ ৩) আবেগ অনুভূতি প্ৰকাশক কৌশল ৪) কলাত্মক উপস্থাপন, ৫) সাদৃশ্য জ্ঞান, ৬) তুলিকা ব্যৱহাৰৰ কৌশলী নিয়ম  আদিয়ে চিত্ৰকলাৰ ষড়াংগ চৰ্চাৰ নিয়ম ।

 

 

৩০) ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ যোগবিদ্যা প্ৰাচীন ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্র মানৱ সমাজলৈই এক অনবদ্য অৱদান । সিন্ধু সভ্যতাৰ সময়তে ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি । বৈদিক যুগত এই বিদ্যাৰ বহুল চর্চা হৈছিল । আনুমানিক খ্রীষ্টীয় দ্বিতীয় শতিকাত মহর্ষি পতঞ্জলিয়ে যোগসূত্র নামৰ গ্রন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংহত ৰূপ দিয়ে । তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক সচেতন সক্রিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূর্ণ প্রণালী হিচাপে এক দর্শনৰ ৰূপত গঢ় দিছিল।

 

৩১) ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ǀ

উত্তৰঃ ভাৰতৰ মঠ মন্দিৰ নিৰ্মাণৰ স্থাপত্য কলাৰ নিৰ্মাণ শৈলী তিনি প্ৰকাৰৰ -  

ক) নাগৰ শৈলীঃ উত্তৰ ভাৰতত এই ধৰণৰ মন্দিৰ নিৰ্মাণ শৈলী পোৱা যায় ǀএই শৈলীত নিৰ্মিত উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (শিখৰ) অৰ্ধবৃত্তাকাৰ হৈ থাকে ǀ

 

খ) দ্ৰাবিড় শৈলীঃ  এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰ সমূহ দক্ষিণ ভাৰতত পোৱা যায় ǀ ǀদক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (বিমান) আয়তাকাৰৰে ওপৰলৈ ক্ৰমে সৰু হৈ যায় ǀ

 

গ) ৱেচ শৈলীঃ এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰ বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগৰ অঞ্চলত পোৱা যায় ǀৱেচ শৈলীৰ মন্দিৰ বিলাকত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ দেখা যায় ǀ

 

 

৩২) ৰঙালী বিহুৰ সাতদিনক কি কি নামেৰে জনা যায় ?

উত্তৰ ৰঙালী বিহুৰ সাতদিনক ক্ৰমেঃ- গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু ǀ

 

 

৩৩) কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূলবিষয়বস্তু কি ?

উত্তৰঃ কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূলবিষয়বস্তু  হৈছে- জীৱনৰ সুখ - দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ দেৱীৰ প্ৰশস্তি আদি ǀ

 

 

৩৪) অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা ǀ

উত্তৰঃ ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ আৰু বিষ্ণুপুৰাণ ǀ 

 

 

দীঘল উত্তৰৰ প্ৰশ্নঃ 

১)  ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায় ǀ ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবৰ্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সহবৰ্তিতা আৰু সন্মানৰ মনোভাৱ পোষণ কৰা যায় ǀ ভাৰতৰ ভাষিক, ধৰ্মীয়, ভৌগোলিক আৰু আৰ্থিক আদি অনেক ক্ষেত্ৰত অনেক বিবিধতা থকাৰ সত্বেও ভাৰতীয় সকলে এক ঐক্যবদ্ধ অনুভূতিৰে সাঙোৰ খাই থকা দেখা যায় ǀ এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত  বিভিন্ন কাৰকে ক্ৰিয়া কৰি আহিছে ǀ হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্য সমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস, বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে ǀ ৰামায়ণ আৰু মহাভাৰত গ্ৰন্হ দুখনে ভাৰতৰ বিভিন্ন প্ৰান্তৰ মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ǀ এইবোৰৰ উপৰিও এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্ৰতিটো গোট পৰস্পৰ বন্ধনযুক্ত হৈ থকা দেখা যায় ǀ

 

২) ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজি ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি কলে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা ǀ

উত্তৰঃ ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজি ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি কব পাৰি । কিয়নো এই সময়ছোৱাত ভাৰতত অমূল্য সাহিত্যৰাজিৰ সৃষ্টি হৈছিল । বেদৰ সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্য, গীতা, পুৰাণ, বেদাংগসমূহ (জ্যোতিষ,ব্যাকৰণ, ছন্দনিৰুক্ত, কল্প আৰু শিক্ষা); ৰাজনীতি বিষয়ক গ্ৰন্হ; কৌটিল্যৰ অৰ্থশাস্ত্ৰ; চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্ৰুত সংহিতা; কালিদাসশুদ্ৰক ,বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজী ভাৰতীয় সাহিত্যৰ উজ্বল নিদৰ্শন ǀ কপিল, পতঞ্জলি, গৌতম, বাদৰায়ণ, কণাদ, জৈমিনি, ৰামানুজ, মাধবাচাৰ্য আদি দাৰ্শনিকৰ দৰ্শন গ্ৰন্হসমূহ; বুৰঞ্জীমুলক গ্ৰন্হ কলহনৰ ৰাজতৰংগিনী; আৰ্যভট্ট, বৰাহমিহিৰ, ব্ৰহ্মগুপ্ত, প্ৰথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহৰ্ষি ভৰদ্বাজ আদি বিজ্ঞানীৰ বিভিন্ন গ্ৰন্হ, দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্ৰন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্যৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে ǀ

       উপৰুক্ত ৰচনাৰাজিয়ে জীৱন আৰু জগতৰ সম্পৰ্কে দৃষ্টিভংগী, ধৰ্ম বিশ্বাস, বিজ্ঞান মানসিকতা, কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্ৰাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্ৰতিফলিত কৰে ǀ এই গ্ৰন্থসমূহে ভাৰতীয়সকলৰ সমাজব্যৱস্থা, মনস্তত্ত্ব, সাহিত্য চেতনা, সৰ্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল ǀ

       হিন্দুধৰ্মৰ চাৰি বৰ্ণাশ্ৰম ব্যৱস্থা, পিতৃ, মাতৃ, গুৰু, অতিথি বিদ্যা আৰু বিদ্বানৰ প্ৰতি ভাৰতীয় সংস্কৃতিত থকা শ্ৰদ্ধাৰ শিক্ষা এই গ্ৰন্থ ৰাজীয়ে প্ৰসাৰ কৰিছিল ǀ জন্মান্তৰবাদ, অৱতাৰবাদ, মোক্ষ, স্বৰ্গ, নৰক, পাপ-পূণ্য আদিৰ ধাৰণাও এই গ্ৰন্থ সমূহে জনপ্ৰিয় কৰি তুলিছিল ǀ

    সংস্কৃত ভাষাত ৰচিত গ্ৰন্হৰাজী পৰবৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তীয় ভাষালৈ অনুবাদ হৈছে ǀ ইয়াৰ বহু কথা পৰিয়ালসমূহত বংশানুক্ৰমে, মৌখিকভাৱে, সমূহীয়া নাম কীৰ্তনৰূপে বা সামাজিক ৰীতি নীতি হিচাপে প্ৰৱাহমান হৈ আছে ǀ এই গ্ৰন্থৰাজিৰ বহু সাৰমৰ্ম উত্তৰ পুৰুষসকলে মূল্যবোধ হিচাপে জীৱনত প্ৰয়োগ কৰি আহিছে ।

 

 

৩) ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা ǀ

উত্তৰ  প্ৰাচীন কালৰে পৰা ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে পৰিগণিত হৈছে । প্ৰাচীন কালৰে পৰা ইয়াত ধৰ্ম ব্যৱস্থাত উপাস্য দেৱতাৰ বিবিধতা দেখা যায় । ভাৰতৰ প্ৰচীনতম পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি নীতিৰ ক্ষেত্ৰত সহবৰ্তিতা, সংযোজন আৰু সংমিশ্মণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰি আহিছে ǀ ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন বাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল ǀ এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেইবাটাও তত্বগতভাৱে পৰস্পৰ বিৰোধী দৰ্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্বৰ বিৰোধিতা কৰা সত্বেও খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত আত্মপ্ৰকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দু ধৰ্মৰ কোনো সংঘাত হোৱা নাছিল ǀ একেটা কাৰণতেই হিন্দুধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল ǀ পৰবৰ্তী কালত বিভিন্ন ৰাজবংশই ধৰ্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায় ǀএই ক্ষেত্ৰত খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতেই সম্ৰাট অশোকৰ গিৰ্ণাৰত থকা ১২ নং বৃহৎ শিলালেখ খনত এটা টোকা উল্লেখ কৰা কৰিব পাৰি ǀ এই লিপিত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে ǀ বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সম্বন্বয় ৰ বাট মুকলি কৰিব লাগে বুলি কৰা সম্ৰাট অশোকৰ এই ঘোষণাই ভাৰতীয় শাসকসকলৰ ধৰ্মীয় উদাৰতাৰ প্ৰাচীনতম সাক্ষী বহন কৰে ǀ পৰবৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা খ্ৰীষ্টীয়ান, ইছলাম, জোৰষ্ট্ৰাৰ, ইহুদী আদি ধৰ্মৰো ভাৰতলৈ আগমন ঘটিছিল ǀ শাস্ত্ৰনিৰ্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি নীতিৰ ভিত্তিত সৃষ্টি হোৱা জনজাতীয় ধৰ্মবোৰো ভাৰতবৰ্ষত শান্তিপূৰ্ণ সহৱস্থান কৰি থকা দেখা যায় ǀ 

 

 

৪) উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে ?

উত্তৰ উত্তৰ পূৰ্বাঞ্চল শব্দটো বিট্ৰিছ শাসকসকলে উদ্ভাৱন কৰিছিল ǀ এই শব্দটোৱে সামৰি লোৱা অঞ্চলবোৰ হৈছে - অসম, অৰুণাচল প্ৰদেশ , নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় (পৰবৰ্তী সময়ত ছিক্কিম ও ইয়াত অন্তৰ্ভুক্ত হয়) প্ৰত্যেকৰে নিজা নিজা কৃষ্টি সংস্কৃতি আৰু ৰাজনৈতিক ইতিহাস আছে ǀএই সমগ্ৰ অঞ্চলটোৰ কেতবোৰ উমৈহতীয়া বৈশিষ্ট্যৰ বাবে অঞ্চলটোৱে এক সুকীয়া পৰিচয় লাভ কৰিছে ǀ

       উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্হিতিয়ে বিশেষ সহায় কৰিছে ǀ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই পাহাৰীয়া ǀ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাই সৃষ্টি কৰা সমতল অংশ মাজভাগত লৈ অসমখনক উত্তৰ, পূৱ আৰু দক্ষিণ দিশত আন ৰাজ্যকেইখনে আৱৰি আছে ǀ ঠিক তেনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যকেইখন বাংলাদেশ,ভূটান ম্যানমাৰ আদি বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ǀ

       অসমকে ধৰি সমগ্ৰ অঞ্চলটোৰ অধিকাংশ  লোকেই বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বিভিন্ন শাখা প্ৰশাখাৰ অন্তৰ্গত জনজাতীয় লোক ǀ নগাসকলৰ একাংশৰ মাজত নিগ্ৰো নৃ-গোষ্ঠীৰ উপাদান পোৱা যায় ǀ মেঘালয়ৰ খাছীয়াসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক ǀ পাহাৰীয়া ৰাজ্যকেইখনৰ জনসাধাৰণ ঠাইবিশেষে হিন্দু, খ্ৰীষ্ট্ৰীয়ান, বৌদ্ধ ধৰ্মৰ অনুৰাগী ǀ 

       উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে অনেক গোষ্ঠীগত ফৈদ তথা শাখা-প্ৰশাখাৰে সৈতে বহু সংখ্যক জনগোষ্ঠীয় লোকে বাস কৰে ǀ পৰম্পৰাগত পোছাক, নৃত্য গীত, বাদ্য, উৎসৱ, দোৱান, লোক বিশ্বাস, ৰীতি নীতি আদিৰে বৰ্ণিল সংস্কৃতি প্ৰতিখন ৰাজ্যতে দেখিবলৈ পোৱা যায় ǀ প্ৰতিখন ৰাজ্যতে  কম বেছি পৰিমাণে ঝুম খেতিৰ প্ৰচলন, পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা মদিৰাপান, আমিষ খাদ্য, পৰম্পৰাগত গ্ৰাম্য প্ৰশাসন, খেৰ বাঁহ আদিৰে নিৰ্মিত চাঙঘৰ বা পৰম্পৰাগত স্বকীয় শৈলীৰ ঘৰ দেখিবলৈ পোৱা যায় ǀ 

       উপৰুক্ত কাৰণসমূহৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হৈছে ǀ 

 

 

৫)  উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰ ইংৰাজৰ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাসিন্দাসকলৰ মাজত মিছনেৰীসকলে খ্রীষ্টিয়ান ধর্মৰ প্রসাৰ ঘটায় । উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত আর্যভাষা আৰু হিন্দুধর্মৰ প্রসাৰ অতি প্রাচীন কালতেই ঘটিছিল । অনুৰূপ ধৰণে মণিপুৰ আৰু ত্রিপুৰাতো অতি প্রাচীন কালতেই হিন্দুধর্মৰ প্রসাৰ ঘটিছিল । অৱশ্যে এই অঞ্চলটোৰ পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী বিশ্বাস তথা ৰীতি নীতি সমান্তৰালভাবে চলি থকা দেখা যায় । উদাহৰণস্বৰূপে অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্রীষ্টিয়ান আকু বৌদ্ধ ধর্মাৱলম্বী আৰু একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে ডনিপল অর্থাৎ চন্দ্র-সূৰ্য তেওঁলোকৰ জনপ্রি় দেৱতা । নগাসকলে ধনেশ পক্ষীক এক এাণকর্তা পবিত্র জীৱ হিচাপে বিবেচনা কৰে  বাবেই এই পক্ষীৰ নামত হৰ্ণবিল উৎসৱটো চৰকাৰৰ উদ্যোগত ডিচেম্বৰ মাহৰ প্ৰথম দহ দিন উদযাপন কৰে ǀ ঠিক তেনেদৰে স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নগালেগুব পৰম্পৰাগত ধর্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্রৱর্তন কৰাৰ উদ্দেশ্যে হেৰাকা নামৰ এক আন্দোলন গঢ়ি তুলিছিল । মণিপুৰৰ মেইটেই সম্প্রদায়টোৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধর্মাৱলম্বী । বৈষ্ণৱ ধর্মৰে প্রভাৱিত গীত বাদ্য, নৃত্য এওঁলোকৰ মাজত দেখা যায় । চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলম লৈ গঢি উঠা মণিপুৰী নৃত্য ভাৰতৰ সংগীত নাটক অকাদেমিৰ দ্বাৰা স্বীকৃতি প্রাপ্তৃ এটা ধ্রুপদী নৃত্য । মণিপুৰী সকলব একাংশৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী ধর্মপন্থাৰ প্রচলন আছে । ত্রিপুৰাৰ অধিকাংশ লোকে হিন্দু ধর্মাৱলম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্রভাৱিত । বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্রিপুৰাত এক সংমিশ্রিত সংস্কৃতি দেখা যায় । মেঘালয়ৰ পূর্বৰ প্রকৃতি উপাসক খাছী, গাৰো, জয়ন্তীয়া আদি লোকসকলে ১৮৩০ চনব পৰা ক্ৰমে খ্রীষ্টিয়ান ধর্মত দীক্ষিত হবলৈ ধৰে আৰু বৰ্তমান ৰাজ্যখনৰ ৭০ শতাংশতকৈ অধিক লোক এই ধৰ্মত দীক্ষিত ǀ

       মিজোৰামৰ জন গাঁথনিও বিভিন্ন জনগোষ্ঠীৰে গঠিত । আটাইকে একেলগে বুলি কোৱা হয় । মিজোশব্দ অর্থ হল- পাহাৰৰ বাসিন্দা ।এওঁলোকৰ গৰিষ্ঠ সংখ্যক খ্রীষ্টিয়ান ধর্মাৱলম্বীৰ লগতে কিছু সংখ্যক হিন্দুধর্মাৱলম্বী আছে । খ্রীষ্টিয়ান ধর্ম গ্রহণ কৰাৰ পিছত তেওঁলোকৰ পৰম্পৰাগত উৎসৱ, গীত মাতবোৰ হ্রাস পাবলৈ লৈছিল । ১৯৭৩ চনবপৰা মিজোসকলে তেওঁলোকৰ পৰম্পৰাগত চপচৰ কূটউৎসৱটো পুনৰ উদযাপন কৰিবলৈ লৈছে আৰু লগতে অন্য পৰম্পৰাগত নৃত্য, সংগীত আদিবোৰ পুনৰুদ্ধাৰ কৰিবলৈ যত্নপৰ  হৈছে।

 

 

৬) অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল প্ৰসংগটো চমুকৈ আলোচনা কৰা ǀ

উত্তৰ  ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰকৃতিক সম্পদত চহকী অঞ্চল ǀ চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল ǀ তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজানতা আদিৰ বাবে সবদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে,ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থানীয়ভাৱে বসবাস কৰিবলৈ লৈছিল ǀ এইবোৰৰ ফলস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা ,সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হৈছে ǀ ইয়াৰ লগতে উল্লেখ কৰিব পাৰি ভাৰতত বাস কৰা প্ৰধান নৃ-গোষ্ঠী (দ্ৰাবিড়, নিগ্ৰো,অষ্ট্ৰিক আৰু মংগোলীয় আদি) কেইটাৰ অসমতো উপস্হিতি দেখা যায়  আৰু সামগ্ৰিক ভাৱে ভাৰতত সংঘটিত হোৱা নৃতাত্বিক আৰু সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল ǀ ফলস্বৰূপে অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল ǀ

 

 

৭) অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা ǀ   (HSLC-19 , 2022)

উত্তৰ  1. অসমত সপ্তদশ শতিকাৰ পৰা উত্তৰ ভাৰতৰ ক্ষুদ্ৰাকৃতিৰ পুথি চিত্ৰ সমূহৰ আৰ্হিত ৰজাঘৰীয়া  আৰু সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ পৰম্পৰা আৰম্ভ হয় ǀ সেই সময়ৰ কেইখনমান সচিত্ৰ পুথি হৈছে- আনন্দলহৰী, হস্তীবিদ্যাবৰ্ণ, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমাৰ হৰণ, শংখচূড় বধ, লৱ কুশৰ যুদ্ধ আদি সাঁচিপাতৰ পুথি ǀ 

  2. স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুবৰণীয়া চিত্ৰ অঁকা হৈছিল ǀ প্ৰথমে চিত্ৰৰ পটভূমিত এটা নিৰ্দিষ্ট ৰঙ বুলাই লোৱা হয় ǀ তাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল ǀ চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱজন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল ǀখালী ঠাইবোৰবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল 

 3. সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু কলা ৰঙৰ প্ৰয়োভৰ দেখা যায় ǀ সন্মুখ আৰু পাৰ্শ্ব দুয়োধৰণৰ চিত্ৰ অংকন কৰা দেখা যায় ǀ মানুহ আৰু জীৱ জন্তু ছৱিবোৰত মুখাৱয়বৰ ৰ্নিখুত প্ৰকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্ৰকাশক সূক্ষ্ম কৌশল প্ৰয়োগ কৰা দেখা নাযায় ǀ এক কথাত কবলৈ গলে চিত্ৰবোৰ  আছিল সহজ-সৰল আৰু দৃষ্টিনন্দন ǀ

 4. সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যাবৰ্ণ পুথিখনত কাৰ আৰু বৰণৰ হাতীৰ ছৱি আছে ǀ দিলবৰ আৰু দোচাই নামে দুজন চিত্ৰকৰে এই চিত্ৰবোৰ অংকন কৰিছিল ǀ

 

 

৮) অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা ǀ

উত্তৰ  অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে অতীজৰে পৰা মিলাপ্ৰীতিৰে বাস কৰি আহিছে ǀ অসমৰ অধিকাংশ লোক হিন্দু ǀ ইয়াৰ পিছতে আছে- ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক ǀ

হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ, সৌৰপন্হী লোক দেখা যায় ǀ অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত ǀ নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল ǀ

 খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায় ǀ হাজোৰ পোৱা মক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই ǀ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত ǀ

     মানৰ আক্ৰমণৰ সময়ত  ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ  পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰৰ্মে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছু লোক অসমত নিগাজিকৈ থাকি গৈছিল ǀ তেওঁলোকৰ বংশধৰ সকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে ǀ

অসমৰ পূৱ অংশত বাস কৰা টাইফাকে, তুৰুং, আইতন, খামটি, খাময়াং, শ্যাম সকল বৌদ্ধ ধৰ্মাৱলম্বী ǀ মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনা স্থলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাও প্ৰদান কৰিছিল ǀ  

 

৯) উত্তৰ-পূৰ্বাঞ্চলৰ অনা ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে ?

উত্তৰ উত্তৰ-পূৰ্বাঞ্চলৰ অনা ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিকতৰ হৈছে । ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰকৃতিক সম্পদত চহকী অঞ্চল ǀ চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল ǀ তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজানতা আদিৰ বাবে সবদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থানীয়ভাৱে বসবাস কৰিবলৈ লৈছিল ǀ অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ । খ্ৰিষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা শাসন কৰিবলৈ লোৱা আহোমসকলৰ আ-চাম অথবা হা-চাম শব্দৰ পৰা অসম নামৰ উৎপত্তি হোৱা বুলি কিছুমান পণ্ডিতে মতপোষণ কৰে । এনেদৰে অসমৰ সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিকতৰ হৈছে ।  

 

 

১০) লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে” – এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা ǀ

উত্তৰ  এটা জাতি বা সমাজ এখনৰ স্বাভাৱিক ৰূপ ৰং, সুখদুখ, শ্ৰম বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয় ǀ সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সংস্কৃতিৰ কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে আহৰণ কৰে কিন্তু সেইবোৰৰ সৈতে অপৰিচলোক এজনে লোক সংস্কৃতি বিষয়ক প্ৰতিটো কথাই সুক্ষ্মভাৱে পৰ্যবেক্ষণ  কৰিলেহে বুজি পাব ǀ উদাহৰণ স্বৰূপে আমাৰ অসমৰ কথাকে উল্লেখ কৰিব পাৰি ǀ অসমৰ ভিন ভিন অঞ্চল, সম্প্ৰদায়, জাতি জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য, গীত-মাত-নৃত্য-বাদ্য, পোছাক পৰিচ্ছদ, আ-অলংকাৰ,খোৱা বোৱা,গৃহ নিৰ্মাণ, কৃষি, পশুপালন, মাছধৰা, বিভিন্ন উৎসৱ, বাঁহ বেত আদিৰ ব্যৱহাৰ, পাৰিবাৰিক আৰু সামাজিক সম্পৰ্ক, ৰীতি নীতি আদি বিষয়ক অনেক দিশত লোক সংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায় ǀ গতিকে দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মূহূৰ্ততে কৰি থকা কাম আৰু আচৰণবোৰ  যোগেদি লোকসংস্কৃতি প্ৰতিফলিত হয় ǀ

 

 

চমুটোকা লিখা 

 

১) প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প

উত্তৰঃ অতি প্ৰাচীন কালতেই ভাৰতৰ ভাস্কৰ্য শিল্পৰ বিকাশ সাধন হৈছিল ǀ সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন পোৱা যায় ǀ পৰবৰ্তী সময়ত পোৰা মাটি, শিল ,ব্ৰঞ্জ,তাম ৰূপ, সোণ আদিৰে মূৰ্তি নিৰ্মাণ কৰা শৈলীত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্হানীয় কলা কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰো সংযোজন ঘটোৱা হৈছিল ǀ এই মূৰ্তি সমূহৰ মাজত একেবাৰে সহজ সৰল,পোন, অসমানুপাতিক মূৰ্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ,ত্ৰিভংগ আৰু চতুৰ্ভংগ আৰ্হিৰ,সমানুপাতিক, পোছাক অলংকাৰেৰে নিখুত অলংকৰণৰে সজ্জিত মূৰ্তি দেখা যায় ǀ মনৰ শান্তি, সুখ,ক্ৰোধ আদি অনুভূতি প্ৰকাশ কৰিব পৰাকৈ মুখাবয়বত তথা অংগ-প্ৰত্যংগত সূক্ষ্ম কলা কৌশল প্ৰয়োগ আদিৰে নিৰ্মিত অজস্ৰ মূৰ্তি ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় ǀ

 গৌতম বুদ্ধ,মহাবীৰ ,হিন্দু দেৱ দেৱী,যক্ষ-যক্ষিণী,অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি এই ভাস্কৰ্য সমূহত দেখিবলৈ পোৱা যায় ǀ অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত আৰু সামগ্ৰিকভাৱে ভাৰতীয় সংস্কৃতিতো এই জন্তুকেইটাৰ বিশেষ গুৰুত্ব আছে ǀ দেশী বিদেশী বহুতো ৰাজবংশই  নিৰ্মাণৰ এই কলাটোক পৃষ্ঠপোষকতা কৰিছিল ǀ

সামগ্ৰিক দিশৰ পৰা ভাৰতৰ ভাস্কৰ্য শিল্পক তিনিটা ভাগত ভগাব পাৰি ǀ সেই কেইটা হৈছে- গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা  আৰু অমৰাৱতী শিল্পকলা ǀ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা খ্ৰীষ্টীয় সপ্তম শতিকালৈ গান্ধাৰ শিল্পকলাৰ প্ৰচলন আছিল আৰু সেইবোৰত গ্ৰীক-ৰোমান ভাস্কৰ্য শিল্প কলা প্ৰয়োগ কৰি বহুতো বুদ্ধ মূৰ্তি নিৰ্মাণ কৰা হৈছিল ǀ মথুৰা শিল্পকলা আগতে স্বকীয়ভাৱে বিকাশ হৈছিল যদিও পিছলৈ এইবোৰত গান্ধাৰ শিল্পকলাৰ প্ৰভাৱ পৰিছিল ǀ অমৰাৱতী শিল্পকলা খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা প্ৰায় ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিল ǀ বিশেষকৈ সাতবাহন সম্ৰাজ্যৰ ৰজাসকলে সেই শিল্পকলাক আদৰি লৈছিল ǀ মধ্যযুগত ভাৰতীয় ভাস্কৰ্য শিল্পৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে ǀ

 

২) ভাৰতীয় চিত্ৰকলা

উত্তৰঃ প্ৰাচীন ভাৰতৰ চিত্ৰকলাসমূহক দুটা ভাগত ভাগ কৰিব পাৰি ǀ বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ ǀ বৃহদাকাৰ চিত্ৰসমূহ পাহাৰ পৰ্বতৰ শিলাখণ্ডত অংকন কৰা হৈছিল আনহাতে ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্থসমূহ অলংকৃত কৰা তথা সচিত্ৰ বিবৰণ দিবলৈ অংকন কৰা হৈছিল ǀ দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন আৰু হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি মহাৰাষ্ট্ৰৰ অজন্তা, মধ্যপ্ৰদেশৰ বাঘ, তামিলনাডুৰ চিত্তনাৱাচল আৰু আৰমামালাই আদিৰ গুহাৰ দেৱাল সমূহত অংকন কৰা হৈছিল ǀ এইবোৰৰ ভিতৰত অজন্তাৰ দেৱাল চিত্ৰবোৰ পৃথিৱী বিখ্যাত ǀ

দশম শতিকা মানৰ পৰা অসম, ৰাজস্হান, উৰিষ্যা, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাতীয়া, পাটকাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অকা হৈছিল মূলঃত সংশ্লিষ্ট গ্ৰন্থসমূহৰ সচিত্ৰ বিৱৰণ দিয়াৰ উদ্দেশ্যে ǀ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয়  ১)আকৃতি, ২)জোখমাখ ৩) আবেগ অনুভূতি প্ৰকাশক কৌশল ৪) কলাত্মক উপস্থাপন, ৫) সাদৃশ্য জ্ঞান, ৬) তুলিকা ব্যৱহাৰ নিয়মৰ  চৰ্চা হৈছিল যাক চিত্ৰকলাৰ ষড়াংগ বুলিও জনা যায় ǀ প্ৰথমে দেৱাল চিত্ৰত এইবোৰৰ প্ৰয়োগ হৈছিল আৰু পিছলৈ ক্ষুদ্ৰাকাৰ চিত্ৰটো এইবোৰৰ প্ৰয়োগ কৰা হৈছিল ǀ এলান্ধু,হালধী,সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰা হৈছিল আৰু বৰ্ণিল চিত্ৰ অংকন কৰা হৈছিল ǀ চুলতানী যুগত পাৰস্য দেশীয়কলা ৰীতিৰে অনুস্তপীয়াকৈ আৰম্ভ কৰা  চিত্ৰশিল্পৰ চৰ্চাৰ প্ৰমাণো আজিৰ দিনত উদ্ধাৰ হৈছে ǀ মোগলসকলৰ দিনত আকবৰ,জাহাংগীৰ আৰু ছাহজাহানৰ  পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হৈছিল ǀ পাদছাহনামা, তুতুনামা, জাহাংগীৰনামা, দাস্তান-ই-আমিৰ, খামছা আদি গ্ৰন্হ সচিত্ৰকৈ অঁকা হৈছিল ǀ মোগল যুগৰ চিত্ৰসমূহ সম্ৰাটসকলৰ ছৱি, দৰবাৰ, যুদ্ধ জয়, চিকাৰ ,বাগিছা, ফুল, গছ, লতিকা, জন্তু আদি বিষয়ক লৈ অঁকা হৈছিল আৰু চিত্ৰসমূহত পৰিপক্কতা দেখা গৈছিল ǀ ফাৰ্ছী ৰীতিৰ চিত্ৰশৈলীৰে ৰামায়ন,মহাভাৰত আদি হিন্দুধৰ্ম গ্ৰন্হত চিত্ৰ অঁকা  হৈছিল ǀ

 

৩) ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য

উত্তৰ সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধিশালী ঐতিহ্য আছে ǀ সামবেদৰ স্তোত্ৰসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদ্গাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল ǀ পৰবৰ্তী সময়ত উদ্গাতাসকলৰ সুৰ,তাল ৰ পৰিববৰ্তন ঘটি বিভিন্ন শাখা প্ৰশাখাত বিভক্ত হৈ পৰে ǀ

       ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্যৰ অনুক্ৰমে বৰ্তমান সময়লৈকে সবল ৰূপত বৰ্তি আছে ǀ মোগল সকলৰ দিনত ইয়াৰ উৎকৰ্ষ সাধন হৈছিল ǀ সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেপা, চেহনাই, ঢোল, তবলা, বিভিন্ন প্ৰকাৰৰ তাল, নাগাৰা, মৃদংগ, খোল ,চাৰংগী, চন্তুৰজলতৰংগ, নূপূৰ, চেতাৰ , চাৰিন্দা,দোতাৰা, বিভিন্ন প্ৰকাৰৰ বীণা আদি বাদ্যযন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোকসংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল  আৰু বৰ্তমানেও সেইবোৰ বহুলভাৱে ব্যৱহৃত হৈ আছে ǀ  

       সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰটো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে ǀ দেশৰ চুকে কোণে থকা অজস্ৰ লোকনৃত্যৰ ওপৰিও চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আঠবিধ ধ্ৰুপদী আছে ǀ সেই আঠবিধ নৃত্য হল- কথাকলি (মালায়ালম,কেৰেলা ), মোহিনী আট্টম ( কেৰেলা), ভাৰতনাট্যম (তামিলনাডু), কুচিপুড়ী ( অন্ধ্ৰপ্ৰদেশ), অডিশি (উৰিষ্যা),কথক (উত্তৰ ভাৰত), সত্ৰীয়া (অসম) আৰু মণিপুৰী (মণিপুৰ) ǀ

 

৪)অসমৰ ভাস্কৰ্য শিল্প ।

উত্তৰ অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বি মাত্ৰিক বা পূৰ্ণাঙ্গ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি  আৱিস্কৃত হৈছে ǀ শিলৰ বাহিৰে হাতীৰ দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি নিৰ্মাণ কৰা হৈছিল ǀ এই মূৰ্তিসমূহৰ ভিতৰত দেৱীমূৰ্তি, শিৱ, বিষ্ণু, গণেশ, সূৰ্য, মগৰ, ঘোঁৰা হাতী, সিংহ আদি ǀ ভাস্কৰ্য শিল্পৰ নিদৰ্শন আৱিস্কৃত হোৱা ঠাই কিছুমান হল- তেজপুৰৰ দপৰ্বতীয়া, বামুণী পাহাৰ, মদন কামদেৱ, আমবাৰী, ডবকা, গোৱালপাৰাৰ পাগলাটেক,সূৰ্য পাহাৰ, বৰগঙ্গা,নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মংগলদৈ আদি ǀ কলা নিপুণতাৰ দিশৰ পৰা দ’-পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা গংগা যমুনাৰ মূৰ্তি দুটা আকাৰত সৰু যদিও দেহাৱয়ৱ আনুপাতিক, দ্বিভংগ ভংগিমাত লয়-লাসপূৰ্ণ ৰূপত নিৰ্মাণ কৰা হৈছে ǀ তোৰণখনত অন্য মূৰ্তি কিছুমানো খোদিত কৰা হৈছে ǀ এই ভাস্কাৰ্য গুপ্ত যুগৰ প্ৰভাৱত খ্ৰীষ্ট্ৰীয় ষষ্ঠ শতিকাত নিৰ্মিত হৈছে বুলি ঠাৱৰ কৰা হয় ǀ মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ কোনো তান্ত্ৰিক উদ্দেশ্যত নিৰ্মাণ কৰা হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে ǀ নৃত্যৰতা আৰু প্ৰেম প্ৰকাশক ভংগীমাৰে পুৰুষ নাৰী, বিভিন্ন জীৱ জন্তু আৰু ভৈৰৱ, সূৰ্য আৰু বিষ্ণুৰ মূৰ্তি ইয়াত দেখিবলৈ পোৱা যায় ǀ

 

৫) অসমৰ স্থাপত্য-শিল্প

উত্তৰ অসমত স্থাপত্য শিল্পৰ বর্তমান যিবোৰ নিদর্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্রায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোঁচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নির্মিত হৈছিল । শিৱসাগৰ জিলাত আহোম ৰাজত্ব কালৰ ৰাজকীয় অট্টালিকা তিনিটা ক্রমে ৰপুৰৰ ৰংঘৰ, কাৰেঙঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বর্তি আছে । এই সময়ত নির্মিত প্রাচীন মন্দিৰবোৰ হল - কামাখ্যা মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, উমানন্দ মন্দিৰ, নবগ্রহ মন্দিৰ, শিবদ, জয়দ, দেৱীদ, ফাকুৱাদ, নেঘেৰিটিঙৰ শিৱদ, হাজোৰ হয়গ্রীব মাধৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ দেৱালয়, দেৰগাঁও আৰু বিশ্বনাথৰ শিৱমন্দিব আদি । মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেচৰ শৈলীৰ বৈশিষ্ট্য যুক্ত । মন্দিৰবোৰত সাধাবণতে দুটা অংশ দেখা যায় গর্ভগৃহ আৰু মণ্ডপ । মন্দিবৰ শিখৰবোৰ কিছুমান অর্ধবৃত্তাকাৰ কিছুমান কৰ্দৈশিৰিয়াকৈ দীঘলীয়া । শিৱসাগবৰ শিৱদ, বিষ্ণুদলত এনে শিখৰ দেখিবলৈ পোৱা যায় । এই সময়ত স্থাপত্যবোৰ ইটাৰে সজা অথবা শিলেৰে নির্মাণ কৰা ।

       তলাতল ঘৰটো নির্মাণ আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই ǀ কেইবা মহলীয়া এই প্ৰসাদটোৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আকু তেওঁলোকৰ উত্তৰাধিকাৰী সকলে নির্মাণ কার্য সমাপ্ত কৰিছিল । বৰঘৰটো নির্মাণ কৰা হৈছিল দুমহলীয়াকৈ, সমুখৰ বাকৰিত বিহু উৎসৱ চাবলৈ । বংঘবটোৰ ছালখন এখন খেলনাৱৰ আৰ্হিত নির্মাণ কৰা হৈছিল । আহোম ৰাজত্ব কালত ভালেমান শিলৰ দলং নির্মাণ কৰা হৈছিল। এইবোৰৰ ভিতবত নামদাঙ, দৰিকা আৰু দিনজয়ৰ শিলৰ সাঁকো এতিয়াও ব্যবহৃত হৈ আছে। ইটা আদি গাঁঠিবলৈ অসমত নিজা পদ্ধতিৰে বৰালি মাছ, কণী, বৰা চাউল আদিৰে 'কৰাল' তৈয়াৰ কৰা হৈছিল ǀ আহোম শাসন ব্যবস্থাত মঠ-মন্দিৰ, ৰাস্তা ঘাট, প্রাসাদ, ঘৰ-দুৱাৰ আদিৰ নির্মাণ কার্য জোখ-মাখ আদি চোৱা চিতা কবিবলৈ চাংৰুং ফুকন নামৰ এগবাকী বিষয়া নিয়োগ কৰা হৈছে । চাংৰুং ফুকনৰ কার্যাৱলী লিপিবদ্ধ থক। বুবঞ্জীসমূহক চাংৰুং ফুকনৰ বুবঞ্জী বুলি কোৱা হয় ।

 

 

ǀ অসমৰ বৈষ্ণৱী সাহিত্য ।

উত্তৰ  শংকৰদেৱ আকু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্রকে গভীৰভাৱে প্রভাৱিত কৰিছিল । এই ধর্মীয় আন্দোলনৰ প্রভাৱত অসমীয়া সাহিত্যতো এক জোৱাৰৰ সৃষ্টি হয় আৰু ভালেসংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয় । সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ, হিন্দু ধর্মৰ তত্ত্বকথা আদি । শঙ্কবদেৱ আৰু মাধবদেৱে নিজেই বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত শংকবদেৱৰ কীর্তন আৰু মাধৱদেৱৰ নামঘোষা আৰু গুৰুদুজনাৰ বৰগীতসমূহ সর্বাধিক জনপ্রিয় । শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট পত্নীপ্রসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয়, মাধৱদেৱৰ ঝুমুৰা চোৰধৰা আৰু পিম্পৰা গুচোৱা' আদি বিপুল জনসমাগমৰ উপস্থিতিত নামঘৰ, সত্র আদি ঠাইত প্রদর্শন কৰা হয় । শংকৰদেৱৰ প্রথম নাট চিহ্নযাত্রাশ্বেক্সপিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ সৃষ্টি আছিল । এই নাটত ব্যবহৃত বৃন্দাৱনী বস্ত্র অসমৰ বয়নশিল্পীৰ চমৎকাৰ সৃষ্টি আছিল । এই বস্ত্রভাগি বর্তমান ব্রিটিছ মিউজিয়ামৰ উপৰি আন কেইবাটাও বিখ্যাত সংগ্রহালয়ত সংৰক্ষিত হৈ আছে। শংকবদেৱ মাধবদেৱৰ পিছত ভট্টদেৱ, অনন্ত কন্দলি, ৰাম-সৰস্বতী আদি সাহিত্যিকে এই সাহিত্য চর্চা অব্যাহত ৰাখে । ইয়াৰ ভিতৰত ভট্টদেৱে কথাগীতা, ভাগৱত কথা আৰু ৰত্নাৱলী কথা ৰচনা কবি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে । শংকৰী সাহিত্যৰ প্রভাৱৰ বাহিৰত থাকি পীতাম্বৰ কবি, দুর্গাবৰ কায়স্থ, সুকবি নাৰায়ণদেৱ, মনকৰ আদিয়ে দেৱী, মনসা, পদ্মা, সতী বেউলা আদি কাহিনী ভিত্তিক গীতি কাব্য ৰচনা কৰিছিল । ষোড়শ শতিকাত জন্ম গ্রহণ কৰা গোবিন্দ মিশ্রৰ পদ্য গীতাখন আজিও এখন বহুলভাৱে ব্যৱহৃত জনপ্রিয় ধর্মগ্রন্থ । 

 

৭) অসমৰ লোকসংগীত

উত্তৰ অসমত ভিন ভিন পৰিবেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক সংগীতৰ প্ৰচলন আছে ǀ কিছুমান লোক সংগীত প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে, আন কিছুমান এতিয়াও প্ৰৱলভাৱে প্ৰবাহিত হৈ আছে ǀ কেঁচুৱা টোপনি নিওঁৱা নিচুকনি গীত, বিয়ানাম, আইনাম, ধাইনাম কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ঢেক আদি অসমত প্রচলিত কিছুমান লোকগীতৰ উদাহৰণ। এইবোৰৰ ভিতৰত বিয়া-নাম, কামৰূপী লোকগীত, আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। বিয়ানামবোৰ দৰা-কইনা নোৱাবৰ বাবে, দৰা আদৰাৰ বাবে, দৰাঘৰীয়া আৰু কইনাঘৰীয়াই পৰস্পৰে জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথক সুৰেৰে গোৱা হয় । কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰি গীতসমূহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্রশস্তি আদি প্রকাশমূলক গীত । এইবোৰৰ উপৰি গোৱালপৰীয়া লোকগীত স্থানীয় কিম্বদন্তি তথা হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈয়ে ৰচিত হয় । লোকগীতৰ বিভিন্ন শাখাত আগবঢ়োবা বিশেষ অবদানৰ বাবে সংগীত নাটক অকাদেমিৰ দ্বাবা বটা প্রদানেৰে সন্মানিত হোৱা কেইগবাকীমান বিশেষ খ্যাতিমান শিল্পী হৈছে- প্রয়াত খগেন মহস্ত, ৰামেশ্বৰ পাঠক আৰু প্রতিমা পাণ্ডে বৰুৱা । এওঁলোকৰ ভিতৰত প্রতিমা পাণ্ডে বৰুৱা পদ্মশ্ৰী উপাধিৰে সন্মানিত হৈছিল ।

 

৮) অসমৰ ধৰ্মীয় সংহতি

উত্তৰ  অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে অতীজৰে পৰা মিলাপ্ৰীতিৰে বাস কৰি আহিছে ǀ অসমৰ অধিকাংশ লোক হিন্দু ǀ ইয়াৰ পিছতে আছে- ইছলাম,খ্ৰীষ্টিয়ান,জৈন,বৌদ্ধ,শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক ǀ

       হিন্দু ধৰ্মৰ ভিতৰত শাক্ত,শৈৱ,বৈষ্ণৱ, সৌৰপন্হী লোক দেখা যায় ǀ অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত ǀ নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল ǀ

       খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায় ǀ হাজোৰ পোৱা মক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই ǀ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত ǀ

       মানৰ আক্ৰমণৰ সময়ত  ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ  পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰৰ্মে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছু লোক অসমত নিগাজিকৈ থাকি গৈছিল ǀ তেওঁলোকৰ বংশধৰ সকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছেǀ

       অসমৰ পূৱ অংশত বাস কৰা টাইফাকে, তুৰুং, আইতন, খামটি, খাময়াং, শ্যাম সকল বৌদ্ধ ধৰ্মাৱলম্বী ǀ মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনা স্থলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাও প্ৰদান কৰিছিল ǀ  

 

৯) অসমৰ বুৰঞ্জী সাহিত্য ।

উত্তৰ  মধ্যযুগত আহোম ৰজা, ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহ অসমৰ সাহিত্য ভাণ্ডাৰৰ অমূল্য সম্পদ ǀ ৰাজকীয় ঘটনাৱলী সন্নিবিষ্ট এই ৰচনা সমূহ প্ৰথম অৱস্হাত আহোম সকলৰ নিজা ভাষাতে ৰচিত হৈছিল ǀ ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাতো লিখিবলৈ লোৱা হয় ǀ ব্ৰিটিছশাসন কালত এনে বহুতো বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিবলৈ লোৱা হয় ǀ এনে কেতবোৰ বুৰঞ্জী হৈছে- দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী আৰু পাদশ্যাহ বুৰঞ্জী আদি  ǀ

 

 

১০ । অসমৰ বিহু উৎসৱ 

উত্তৰ বিহু অসমৰ এক অতি আদৰৰ উৎসৱ । বহাগ মাহ, কাতিমাহ আৰু মাঘমাহত ক্ৰমে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু নামেৰে বছৰৰ তিনিটা সময়ত পৃথক নীতি নিয়মেৰে বিহু উৎসৱ পালন কৰা হয় । 

       ৰঙালী বিহু চত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি বহাগৰ প্ৰথম ছদিনলৈ পালন কৰা হয় ǀ ত মাহৰ শেষৰ দিনটোক সংক্রান্তি বা দোমাহী বুলি কোৱা হয়। সেই দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। কৃষিজীৱী অসমীয়া সমাজত হালবোৱাকে আদি কৰি বিভিন্ন ক্ষেত্রত গৰুৰ ব্যৱহাৰ হয়। বিভিন্ন ৰীতি নীতিৰে সেইদিনাখন ঘৰৰ গাই গৰুৰ প্রতি মৰম, শ্রদ্ধা আৰু কৃতজ্ঞতা প্রকাশ কৰা হয়। উদাহৰণস্বৰূপে সেইদিনা ৰাতিপুৱাই খাল দোং, নদী আদিলৈ গৰু-গাইবোৰ নি তেল হালধি সানি গা-ধুউৱা হয়, নতুন পঘা দিয়া হয়; গোহালি ঘ পৰিষ্কাৰ- পৰিচ্ছন্ন কৰি ধুপ-ধুনা, জাগ আদি দিয়া হয়। বহাগৰ প্রথম দিনটোক মানুহ বিহু বুলি কোৱা হয়; সেইদিনা সকলোৱে নতুন কাপোৰ পৰিধান কৰে। পিতৃ-মাতৃ আৰু পৰিয়ালৰ বয়োজেষ্ঠ সকলব চৰণ চুই কনিষ্ঠ সকলে শ্ৰদ্ধা নিবেদন কৰে ǀ ৰাজহৱা স্থানত থেল-থেমালি, গীত-মাতৰ আয়োজন কৰা হয়। এই কেইদিনৰ ভিতৰতে বয়স্থ লোকৰ হুঁচৰি দল সমূহে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি নৃত্য-গীত আদি কৰি গৃহস্থক আশীর্বাদ দিয়ে। উজনি অসমৰ মহিলাসকলে নির্জন স্থানত পুৰষ মানুহে নেদেখাকৈ জেং বিহু পাতে। পথাৰৰ মাজৰ গছৰ তলত ডেকা-গাভৰুৱে প্রেম আৰু যৌৱনৰ অনুভূতি প্রকাশক গীত আৰু নৃত্যৰে মুকলি বিহুত ভাগ লয় । জনজাতিৰ লোকসকলে নিজা ৰীতিনীতি, গীত-মাত, বেশ-ভূষাৰে ভিন ভিন নামেৰে বিহু উৎসৱৰ আয়োজন কৰে। বড়ো, ৰাভা, কার্বি, মিচিং, দেউৰী, তিৱা আদি লোকসকলে নিজা গীত-মাত, সাজ-পোছাক আৰু পৰম্পৰাৰে বিহু উৎসৱ পালন কৰে। এই সকলো বাবেৰহণীয়া কৃষ্টিৰে বিশাল অসমীয়া সংস্কৃতি গঢ় লৈছে। ৰঙালী বিহৰ সাতদিনক ক্রমে গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। ঠাই ভেদে এই নামবোৰৰ তাৰতম্য হোৱা দেখা যায়। বহাগ বিহুৰ সমধর্মী হিচাপে উদযাপন কৰা দৰং জিলাৰ দেউল, পুৰণি কামৰূপৰ ভঠেলি, ৰি বা সুৱেঁৰি, দহৰ ফুৰোৱা, বাৰ গোপাল উলিওৱা আৰু পুৰণি গোৱালপাৰা জিলাৰ বাঁসপূজা আদি উল্লেখনীয়। 

       আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পবিত্রতাৰে বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। দিনটো ব্রত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়। বড়োসকলে পবিত্ৰ ভাৱেৰে সিজু গছৰ তলত চাকি জ্বলায় ǀ  কোনো কোনোৱে মাহ জুৰি আকাশ বন্তি জ্বলায় ǀ এই ৰীতি নীতি বোৰৰ সৈতে কিছুমান ধর্মীয় বিশ্বাস জড়িত হৈ আছে। 

       মাঘবিহু বা ভোগালী বিহু পুহ মাহৰ শেষদিনা উদযাপন কৰা হয়। তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। গ্রামাঞ্চলৰ ডেকালৰাহতে বা ৰাইজে দল বান্ধি পথাৰত মাজন গছৰ তলত খেব, নৰা আদিৰে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ কাষতে ওখকৈ কেঁচা্বাহ, খৰি, নৰা, খেৰ আদিৰে মেজি সাজে ǀ ৰাজহুৱা ভোজত অংশগ্রহণ নকৰা সকলে ঘৰুৱাকৈ ভোজৰ আয়োজন কৰে। সেই দিনাখন বাতি চুঙাপিঠা, তিলপিঠা, লাৰু আদি কৰা হয়। বিহুৰ দিনা ৰাতি পুৱাই গা-ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়। মেজিৰ জুইত পিঠা লাৰু আদি দি অগ্নি দেৱতাক শ্ৰদ্ধা নিব্দন কৰা হয় ǀ আলহীক দৈ, সান্দহ, চিৰা, পিঠা, জলপান আদিৰে আপ্যায়িত কৰা হয়। এই সময়ছোৱাত খাদ্য সামগ্রী উভেনদী হয় আৰু খোৱা-বোৱাৰ প্রাধান্য থকা বাবে মাঘ বিহুক ভোগালী বিহুবুলি কোৱা হয়। ভাৰতবর্ষৰ বিভিন্ন প্রান্তত অসমৰ বহাগ বিহ, কাতি বিহ আৰু মাঘ বিহুৰ লেখীয়াকৈ ভিন ভিন নামেৰে ভিন ভিন ৰীতি নীতিৰে উৎসৱ পালন কৰা দেখা যায় ǀ 

 

 

                                           

 

Class 10 History Part All Chapter Solutions .


Published by Lokesh Das

Class 10 Social Science Assamese Medium questions Answer.

CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 SOCIAL SCIENCE SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 SOCIAL SCIENCE HISTORY PART  CHAPTER 5 SOLUTIONS IN ASSAMESE MEDIUM. 

************

   

Previous Post Next Post