অসমৰ ভূগোল । সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড ভূগোলৰ চতুৰ্থ অধ্যায়ৰ সকলো প্ৰশ্নোত্তৰ । Class 10 Social Science Question Answer .

Class 10 Social Science Geography Chapter 4 Question Answer in Assamese .  Geography of Assam Class 10 question answer SEBA .   


অসমৰ ভূগোল

 

১) অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে লিখা ।

 

উত্তৰ:- অসমৰ মুঠ মাটিকালি ভাৰতবৰ্ষৰ ২.৪ শতাংশ আগুৰি আছে অৰ্থাৎ  প্ৰায় ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ।

 

   জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ৩,১২,০৫,৫৭৬ জন ǀ ইয়াৰ ভিতৰত ১৫৯,৩৯ লাখ পুৰুষ আৰু ১৫২,৬৬ লাখ মহিলা ǀ

২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কি মি ৩৯৮ জন ǀ

২) অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ লিখা ।

 

উত্তৰ- সময়ৰ গতিত অসমৰ জনসংখ্যা যিদৰে নানা কাৰণত বৃদ্ধি পাইছে । ৰাজ্যখনত ২০০১ চনত শিক্ষিত হাৰ আছিল গড়ে ৬৩.২৫ শতাংশ আৰু ২০১১ চনৰ লোক পিয়ল মতে ৭২.১৯ শতাংশলৈ বৃদ্ধি পাইছে ।

 

৩) ২০১১ চনৰ  তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে ?

 

উত্তৰ- প্ৰথম শ্ৰেণীৰ চহৰ হৈছে সাত খন ǀ সেই কেইখন হৈছে ক্ৰমে - গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনিচুকীয়া আৰু তেজপুৰ ǀ

 দ্বিতীয় শ্ৰেণীৰ চহৰ হৈছে ছখন ǀ সেই কেইখন হৈছে ক্ৰমে- ধুবুৰী, ডিফু, উত্তৰ লক্ষীমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গোৱালপাৰা ǀ

 

 

৪) ১৯০১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা ǀ

 

উত্তৰ- ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসমৰো জমসংখ্যা বৃদ্ধি পাইছে । জন্মহাৰ, মৃত্যুহাৰ আৰু প্ৰব্ৰজনৰ বাবে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিবৰ্তন হয় ǀ তথ্য অনুসৰি ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ৩,২৮৯,৬৮০ আৰু এই জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ ১.৩৮ শতাংশ ǀ ১৯৪১ চনত এই জনসংখ্যা বাঢ়ি ৬,৬৯৪,৭৯০ জন হয়গৈ ǀ এই চাৰিটা দশকত অসমৰ জনসংখ্যা দুগুণকৈও অধিক বৃদ্ধি পায় ǀ এই সময়ছোৱাত ভাৰতৰ মুঠ জনসংখ্যাৰ ২.১০ শতাংশ লোকে অসমত বাস কৰিছিল ǀ

জনসংখ্যাৰ প্ৰতি দহ বছৰৰ বৃদ্ধি লক্ষ্য কৰিলে দেখা  যায় যে ১৯০১-১১ দশকত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল ১৬.৯৯ শতাংশ ǀ কিন্তু ইয়াৰ পিছৰ দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হয় ২০.৪৮ শতাংশ ǀ পৰবৰ্তী তিনিটা দশকত জনসংখ্যা বৃদ্ধি প্ৰায় একে আছিল ǀ যেনে- ১৯২১-৩১ দশকত ১৯.৯৩ শতাংশ, ১৯৩১-৪১ দশকত ২০.৪০শতাংশ আৰু ১৯৮১-৫১ দশকত ১৯.৯৩ শতাংশ হয়গৈ ǀ

 

          স্বাধীনোত্তৰ কালত ভাৰতৰ জনসংখ্যা দ্ৰুত গতিৰে বৃদ্ধি পায় ǀ ১৯৫১-৬১ আৰু ১৯৬১-৭১ দশকত জনসংখ্য ৩৪.৯৮ শতাংশ আৰু ৩৪.৯৫ শতাঁলৈ বৃদ্ধি পায় ǀ অৱশ্যে পৰবৰ্তী দশক কেইটাত জনসংখ্যা বৃদ্ধি ক্ৰমাৎ কমি আহিছে ǀ১৯৭১-৮১, ১৯৮১-৯১, ১৯৯১-২০০১, ২০০১-২০১১ দশককেইটাত জনসংখ্যা বৃদ্ধি আগতকৈ কম ǀ ৰাজ্যখনত লাহে লাহে হ্ৰাস পোৱা জন্মহাৰ, লগতে জনসাধাৰণ আৰু চৰকাৰৰ সজাগতাৰ ফলত বাংলাদেশৰ পৰা হোৱা জনপ্ৰবজন ৰোধ কৰাত কিছু পৰিমাণে সফল হোৱা যেন লাগে ǀ

 

৫) ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা ǀ

 

উত্তৰ- ৰাজ্যখনৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে সমান নহয় ǀ সেয়েহে অঞ্চলভেদে জনসংখ্যাৰ ঘনত্বও বেলেগ বেলেগ ǀ সাধাৰণতে যিবিলাক অঞ্চলৰ প্ৰকৃতিক পৰিবেশ অনুকূল নহয়, যাতায়ত আৰু অৰ্থনৈতিক অৱস্থা উন্নত নহয়,  সেইবিলাক অঞ্চলত জনবসতি সেৰেঙা ǀ ইয়াৰ বিপৰীতে অনুকূল প্ৰাকৃতিক আৰু অৰ্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি জনবসতি ঘন হয় ǀ

    আনহাতে বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষিকাৰ্য আৰু যাতায়তৰ বাবে সুচল ǀ বাবে তাত জনবসতি বেছি ǀ  ২০১১ বৰ্ষৰ তথ্য মতে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কি মি ৫৪৫ জন আৰু  অসমৰ মুঠ জনসংখ্যাৰ ১১ শতাংশ লোক এই অঞ্চলটোত বাস কৰে ǀ

 

          ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলঙ আৰু ডিমা হাচাও পাৰ্বত্য জিলা দুখন সামৰি লোৱা পাৰ্বত্য অঞ্চলটোৰ প্ৰতিকূল ভূ-প্ৰাকৃতিক অৱস্হাৰ বাবে জনবসতি পাতল ǀ অঞ্চলটোত অসমৰ মুঠ জনসংখ্যাৰ ৩.৭৫ শতাংশ লোকে বাস কৰে ǀ

 

 

৬) অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমূকৈ আলোচনা কৰা ǀ

 

উত্তৰ- ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লোক বাস কৰে ǀ উপত্যকাতটোৰ সমতল ভূমি, সাৰুৱা মাটি, সুচল কৃষিকাৰ্য আৰু যাতায়ত ব্যৱস্থাৰ বাবে জনবসতি ঘন ǀ ইয়াত ২০০১ চনত প্ৰতি বৰ্গকিলমিটাৰত  জনসংখ্যাৰ ঘনত্ব আছিল ১২২০ জন আৰু ২০১১ চনত ১৫০২ জনলৈ বৃদ্ধি পাইছে ǀ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ ২১ শতাংশ লোক বাস কৰেǀ ২০১১ চনৰ তথ্য মতে এই অংশত জনসংখ্যাৰ ঘনত্ব ৩৭১ জন ǀ মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ ২৭ শতাংশ লোক বাস কৰে ǀ এই অংশত জনসংখ্যাৰ ঘনত্ব ৫০০ জন (২০১১ চনৰ তথ্য মতে) ǀ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় ৩৬ শতাংশ লোকে বাস কৰে ǀ  ইয়াত জনসংখ্যাৰ ঘনত্ব তুলনামূলকভাৱে বেছি অৰ্থাৎ প্ৰতি বৰ্গ কি মি প্ৰায় ৬৩১ জন ǀ

 

    আনহাতে বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষিকাৰ্য আৰু যাতায়তৰ বাবে সুচল ǀ বাবে তাত জনবসতি বেছি ǀ  ২০১১ বৰ্ষৰ তথ্য মতে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কি মি ৫৪৫ জন আৰু  অসমৰ মুঠ জনসংখ্যাৰ ১১ শতাংশ লোক এই অঞ্চলটোত বাস কৰে ǀ

 

          ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্হিত কাৰ্বি আংলঙ আৰু ডিমা হাচাও পাৰ্বত্য জিলা দুখন সামৰি লোৱা পাৰ্বত্য অঞ্চলটোৰ প্ৰতিকূল ভূ-প্ৰাকৃতিক অৱস্হাৰ বাবে জনবসতি পাতল ǀ অঞ্চলটোত অসমৰ মুঠ জনসংখ্যাৰ ৩.৭৫ শতাংশ লোকে বাস কৰে ǀ ২০১১ চনৰ তথ্য মতে পাৰ্বত্য অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কি মি ৬৮ জন  

 

           ২০১১ চনৰ লোকপিয়ল মতে  অসমৰ জনসংখ্যা সম্পৰ্কত আন কিছুমান তথ্য উল্লেখ কৰিব পাৰি ǀ আটাইতকৈ বেছি জনসংখ্যাৰ জিলা হৈছে নগাওঁ জিলা (২,৫২২,৩২৪ জন) আৰু আটাইতকৈ কম জনসংখ্যাৰ জিলা হৈছে ডিমা হাচাও জিলা (১,৮৮,০৭৯ জন)ǀ তথ্যমতে কামৰূপ মহানগৰীতে অসমৰ ভিতৰত আটাএতকৈ বেছি জনসংখ্যাৰ ঘনত্ব পোৱা যায়(প্ৰতিবৰ্গ কিলোমিটাৰত ২০১০ জন)ǀ

 

৭) ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা ǀ

 

উত্তৰ- আটাইতকৈ বেছি জনসংখ্যা থকা জিলা-নগাঁও

 

  আটাইতকৈ বেছি  জনসংখ্যাৰ ঘনত্ব থকা জিলা- কামৰূপ মেট্ৰ

 

    আটাইতকৈ কম জনসংখ্যা থকা জিলা- ডিমা হাচাও

 

   আটাইতকৈ কম  জনসংখ্যাৰ ঘনত্ব থকা জিলা- ডিমা হাছাও

 

 

৮) অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা ǀ

উত্তৰ- অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা হৈছে-

(i)                 জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু

(ii)               বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা প্ৰব্ৰজন ǀ

 

ক) জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি- জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি সাধাৰণতে জন্মহাৰ আৰু মৃত্যুহাৰৰ ওপৰত নিৰ্ভৰশীল ǀ মৃত্যুহাৰতকৈ জন্মহাৰ অধিক হলে জনসংখ্যা বৃদ্ধি হয় ǀ আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ ফলত মৃত্যহাৰ হ্ৰাস পাই আহিছে ǀ অসমৰ ক্ষেত্ৰত দেখা যায় সৰ্বভাৰতীয়  জনসংখ্যাৰ গড় জন্মহাৰ আৰু মৃত্যুহাৰৰ লগত অসমৰ গড় জন্মহাৰ আৰু মৃত্যুহাৰ প্ৰায় একে ǀ

  খ) প্ৰব্ৰজন- অসমৰ জনসংযা বৃদ্ধিৰ প্ৰধান কাৰণ হল জনপ্ৰব্ৰজন ǀ জনপ্ৰব্ৰজন, ফলত অসমত ব্ৰিটিছে অসমৰ শাসনভাৰ লোৱাৰে পৰা কম বেছি পৰিমাণে অসমলৈ জনপ্ৰব্ৰজন হৈ আহিছে ǀ কিন্তু যোৱা শতিকাৰ আৰম্ভণিৰে পৰা অধিক সক্ৰিয় ৰূপত ৰাজখনলৈ বাহিৰৰ পৰা মানুহৰ আগমন ঘটিছে ǀ ১৯৪৭ চনৰ দেশ বিভাজনৰ পিছত বহু সংখ্যক হিন্দু শৰণাৰ্থী তেতিয়াৰ পূব পাকিস্তানৰ পৰা অসমলৈ প্ৰব্ৰজন কৰে ǀ


More Resours For Class 10 Solutions in Assamese Medium

 

৯) অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্ৰমে উল্লেখ কৰা ।

উত্তৰ- অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্ৰমে তলত উল্লেখ কৰা হল -

 

(i) সমাজবিজ্ঞানীসকলৰ মতে অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্টিক জনগোষ্ঠীৰ লোকসকল ǀ এওঁলোক দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল ǀ এই জনগোষ্ঠীৰ লোক মেঘালয়ৰ খাচীয়া আৰু জয়ন্তীয়াসকল বৰ্তমান মেঘালয়ত বিস্তৃতভাৱে বাস কৰে ।

 

   (ii) অসমলৈ অহা দ্বিতীয়টো জনস্ৰোত আছিল তিব্বতীয় বৰ্মণ ভাষা কোৱা মংগোলীয়সকল  ǀ এওঁলোক মধ্য এচিয়াৰ পৰা হিমালয় পৰ্বত অতিক্ৰম কৰি অসমলৈ আহিছিল আৰু অসমৰ পৰ্বত ভৈয়ামত বসবাস কৰিবলৈ লয় ǀ ভৈয়ামত বাস কৰা জনজাতি বড়ো, মিছিঙ, তিৱা, দেউৰী, সোণোৱাল কছাৰী, আৰু পাহাৰ অঞ্চলত বাস কৰা কাৰ্বি, ডিমাছা, কুকি, গাৰো, মাৰ, হাজং, ৰেঙমা , জেমি নগা আদি এই জনজাতিৰ লোক ǀ

 

  (iii)   মংগোলীয় জনগোষ্ঠীলোকসকল অহাৰ পিছত আৰ্যমূলৰ ভাষা কোৱা লোকসকল গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল ǀ এওঁলোক আছিল মূলঃত ককেছীয় জনগোষ্ঠীৰ লোক ǀ ব্ৰাহ্মণ, কায়স্থ, কলিতা, নাথ-যোগী, কৈৱৰ্ত্ত আদি জাতিৰ লোকসকল এই বংশৰ ǀ

 

  (iv)  চতুৰ্থ জনস্ৰোততো সিন্ধু আৰ্য মূলৰ ইছলাম ধৰ্মাৱলী লোকৰ আগমণ । মোগল সম্ৰাট সকলৰ পৃষ্ঠ পোষকতাত এওঁলোক অসমলৈ আহে । এওঁলোক বেছিভাগ সৈনিক আৰু কাৰীকৰ হিচাপে আহিছিল ।

 

    (v) পঞ্চমত অসমলৈ আগমণ ঘটা আন এক গুৰুত্বপূৰ্ণ  জনগোষ্ঠী হৈছে আহোমসকল ǀ এওঁলোক চীন দেশৰ পৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত ১২২৮ খ্ৰীষ্টাব্দত চ্যুকাফাৰ নেতৃত্বত পাটকাই পাৰ হৈ অসমলৈ আহি উজনি অসমত আহোম ৰাজ্য স্থাপন কৰে ǀ

 

    (vi)      কোঁচ ৰাজবংশীয় লোকসকল অসমৰ এটা উল্লেখযোগ্য জনগোষ্ঠী ǀ কোঁচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোঁচসকলে অসমৰ পশ্চিম প্ৰান্তত ৰাজ্য স্থাপন কৰি পিছত নামনি অসমৰ বৰনদীলৈকে সাম্ৰাজ্য বিস্তাৰ কৰে ǀ

 

    (vii) ব্ৰিটিছসকলে অসমৰ শাসনভাৰ লোৱাৰ পিছত তেওঁলোকৰ প্ৰশাসনীয়, অৰ্থনৈতিক আৰু বাণিজ্যিক কামকাজ চলাবৰ বাবে সেই সময়ত বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ, আদিৰ পৰা দক্ষলোকক অনা হৈছিল ǀ নেপালৰ পৰা নেপালী সম্প্ৰদায়ৰ লোকক বিশেষকৈ সৈন্যবাহিনীত নিয়োগ কৰিবলৈ অনা হৈছিল ǀ চাহ খেতিৰ লগত জড়িত কাম-কাজ চলাবলৈ মধ্য ভাৰতৰ ছোটনাগপুৰ মালভূমি অঞ্চলৰ পৰা জনজাতি লোকসকলক চাহ বনুৱা হিচাপে অসমলৈ অনা হৈছিল ǀ

 

 

১০) অসমৰ আহোমসকলৰ জনগোষ্টীয় পৰিচয় দাঙি ধৰা ǀ

 

উত্তৰ- আহোমসকল মূলত মঙ্গোলীয় জনগোষ্ঠীৰ লোক ǀ তেওঁলোক চীনদেশৰ পৰা আহি ম্যানমাৰত সোমায় ǀ ১২২৮ খীষ্টাব্দত চ্যু-কা ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে আৰু উজনি অসমত তেওঁলোকৰ সাম্ৰাজ্য স্থাপন কৰে ǀ পৰবৰ্তী সময়ত এওঁলোকে প্ৰায় গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা  নিজৰ শাসনলৈ আনে ǀ আহোমসকলে অসমত প্ৰায় ছশ বছৰকাল ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে ǀ সম্প্ৰতি আহোমসকল উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজী জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বাস কৰি আছে ǀ

 

 

১১) পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কি দৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা ।

 

উত্তৰ- অসমত পৰিবহণ ব্যৱস্থাই ভালেখিনি সুবিধা কৰি দিছে ǀ অসমৰ পথ পৰিবহণ, জল পৰিবহণ, ৰেল পৰিবহণ আৰু বিমান পৰিবহণ ব্যৱস্থাই চুকে কোণে থকা ঠাইবোৰৰ মাজত সংযোগ ঘটাই ৰাজ্যখনৰ আভ্যন্তৰীণ অৰ্থনীতি বৃদ্ধিত অৰিহণা যোগাইছে ǀ পৰিবহণ ব্যৱস্থাই গাওঁবিলাকক চহৰৰ সৈতে আৰু ভিতৰুৱা কিছুমান অনুন্নত অঞ্চলক উন্নত অঞ্চলবোৰৰ সৈতে সংযোগ স্থাপন কৰাৰ উপৰিও উৎপাদন বৃদ্ধি, বজাৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক উন্নতিৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আগবাঢ়িছে ǀ

 

 

১২) অসমৰ জল পৰিবহনৰ বিষয়ে এটি চমু টোকা লিখা ǀ

 

উত্তৰ- অসমৰ জল পৰিবহন ব্যৱস্থা মূলত আভ্যন্তৰীণ জল পৰিবহনৰ কথাকে বুজায় ǀ অসম এখন নদী প্ৰধান ৰাজ্য ।  ভাৰতৰ মুঠ জলসম্পদৰ ৩২ শতাংশৰ অধিকাৰী অসমত ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈ সমূহে মিলি এক বিস্তৃত জলপথৰ সৃষ্টি কৰিছে ǀ শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ ৮৯১ কি.মি আৰু বৰাকৰ ১২১ কি মি নাব্য জলপথ আছে ǀ উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো ১৯৮৮ চনত ভাৰতৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথৰূপে ঘোষণা কৰা হৈছিল ǀ আনহাতে বৰাক নদীৰ ওপৰত থকা জলপথটো ২০১৩ চনত ভাৰত চৰকাৰে ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ ৰূপে স্বীকৃতি দিছে ǀ এই দুটা জলপথে ৰে চলাচল কৰা জাহাজৰ সহায়ত কম খৰচত মাল বস্তু পৰিবহণ কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাইছে ǀ

       আভ্যন্তৰীণ জলপৰিবহণৰ চৰকাৰী সংস্থা দুটাই জলপৰিবহণৰ উন্নয়নৰ প্ৰচেষ্টা চলি আছে যদিও, সন্তোষজনকভাৱে সফল হব পৰা নাই । ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তিনিখন দলং আছে যদিও ৩০ টা মান ফেৰীঘাটত আৰু জাহাজ চলাৰ ব্যৱস্থা চৰকাৰে কৰিছে । অসম জলপৰিবহণত বহু পিছ পৰি আছে ।

 

 

 

১৩) অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ উল্লেখ কৰা ǀ

 

উত্তৰ- অসমৰ পৰিবহন ব্যৱস্থা ৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণ বোৰ হৈছে-

 

১) পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, প্লাৱনভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূৰ্ণ অসমৰ ভিন্ন ভূ-প্ৰকৃতিৰ বাবে যাতায়ত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধা হয় ǀ

 

২) বাটপথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ ঠাই বিশেষে সিমান উপযুক্ত নহয় ǀ তাৰোপৰি বাৰিষাকালত হোৱা প্ৰচুৰ বৰষুণৰ বাবে বাট পথ সহজে নষ্ট হয় ǀ আকৌ বাট পথ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত আধুনিক কৌশল আৰু প্ৰযুক্তি ব্যৱহাৰ নকৰাৰ ফলত কম দিনৰ ভিতৰতে বাট পথৰ অৱস্থা শোচনীয় হয় ǀ

 

৩) অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে যদিও ইয়াৰ উন্নয়নৰ বাবে এতিয়াও যথোপযুক্ত ব্যৱস্হা গ্ৰহণ কৰা হোৱা নাই ǀ পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে ৰাজ্যখনৰ পৰিবহন ব্যৱস্থাটোৱেও উন্নতি লাভ কৰিব ǀ

 

৪) সময়ে সময়ে উদ্ভৱ হোৱা গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সমস্যাৰ লগতে উগ্ৰপন্থীৰ সমস্যাৰ ফলত সৃষ্টি হোৱা সামাজিক আৰুৰাজনৈতিক অস্হিৰতাৰ বাবে ৰাজ্যখনত দেশী বিদেশী বিনিয়োগ হ্ৰাস পাইছে ǀ ইয়াৰ ফলত বেপাৰ বাণিজ্যৰ সম্প্ৰসাৰণ সীমিত হৈছে আৰু পৰিবহন ব্যৱস্থা বাধাগ্ৰস্ত হৈছে ǀ

 

৫) ৰাজ্যখনৰ পিছপৰা পৰিবহন ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে চৰকাৰ গ্ৰহণ কৰা আঁচনিসমূহ নিৰ্ধাৰিত সময়ত আৰু সঠিক ৰূপত কাৰ্যকাৰী নকৰাৰ বাবে পৰিবহন ব্যৱস্থাৰ দ্ৰুত উন্নয়ন সম্ভৱ হৈ উঠা নাই ǀ

 

 

১৪) সম্পদ বুলিলে কি বুজায় ? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি ?

 

উত্তৰ- মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ  বোলা হয় বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল সেয়েহে এইবোৰ সম্পদ ।

          অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ হৈছে- ভূমি সম্পদ, বনজ সম্পদ, খনিজসম্পদ আৰু জলসম্পদ

 

১৫) অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা ǀ

 

উত্তৰ- অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ হৈছে- ডিগবৈ, নাহৰকটীয়া, মৰাণ, হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকী, বৰহোলা আৰু আমগুৰি ǀ

 

১৬) অসমখন জলসম্পদৰ বিষয়ে চমুকৈ লিখা ।

 

উত্তৰ- অসমখন জলসম্পদত চহকী ৰাজ্য ǀ অসমত পৰ্যাপ্ত পৰিমাণে পৃষ্ঠ জল আৰু ভূ-তল জল আছে ǀ প্ৰচুৰ বৰষুণ, গোটেই বছৰ ধৰি বৈ থকা নদ নদীৰ জলপ্ৰবাহখাল, পিতনি, জলাহ, আৰ্দ্ৰভূমি আদি জলৰাশিয়ে অসমৰ পৃষ্ঠজল সম্পদ সমৃদ্ধ কৰি ৰাখিছে ǀ ৰাজ্যখনৰ দুখন প্ৰধান নদী  ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈবোৰে দেশৰ প্ৰায় এক তৃতীয়াংশ জলসম্পদ বহন কৰি ৰাখিছে ǀ ৰাজ্যখনত অলেখ সৰু বৰ পিতনি আৰু জলাহৰ ওপৰিও প্ৰায় প্ৰায় তিনি হাজাৰৰো অধিক আৰ্দ্ৰভূমি আছে ǀ এইবোৰত নানা প্ৰকাৰৰ মাছ আৰু ভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদ পোৱা যায় ǀ পৃষ্ঠ জল সাধাৰণতে বোৱতী নদ নদীৰ জলৰাশি কৃষি কাৰ্যৰ লগতে ঘৰুৱা প্ৰয়োজনত, উদ্যোগ আৰু জল পৰিবহণ খণ্ডত ব্যৱহাৰ হৈ আছে ǀ আনহাতে সমগ্ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভূ-তল জলসম্পদ প্ৰচুৰ পৰিমাণে সঞ্চিত হৈ আছে ǀ সমভূমি অঞ্চলত ভূম-পৃষ্ঠৰ পৰা ৫ মিটাৰ গভীৰতাৰ ভিতৰতে ভূ-তল জলস্তৰ পোৱা যায় ǀ  পৃষ্ঠ জলৰাশি ৰ দৰে ভূতল জলৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰিও ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ǀ

 

 

১৭) অসমৰ প্ৰাকৃতিক সম্পদসমহূৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি ?

 

ক) জনসংখ্যা বৃদ্ধি- অবাধ হাৰত বৃদ্ধি পোৱা জনসংখ্যাই প্ৰকৃতিক সম্পদৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পেলাইছে ǀ ন ন অঞ্চলত মানুহৰ বসতি হোৱাৰ ফলত অৰণ্য,কৃষিভূমি  আদিবোৰ সংকুচিত হৈ আহিছে ǀ বহুতো জীৱ জন্তু বিলুপ্তি পাইছে ǀ

 

খ) সম্পদ অপব্যৱহাৰ- প্ৰাকৃতিক সম্পদসমূহ প্ৰকৃতিৰ মুক্ত দান বুলিও কোৱা  কিন্তু এই পৰ্যন্ত মানুহে ইয়াৰ সদব্যৱহাৰ কৰিবলৈ শিকা নাই ǀ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহৰ অদূৰদৰ্শী মনোভাৱহে দেখা যায় ǀ

 

গ) বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱ – সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত উপযুক্ত নীতি আঁচনি প্ৰস্তুত কৰি তাক বাস্তৱায়িত কৰিবলৈ ব্যক্তিগত, সামজিক বা চৰকাৰী পৰ্যায়ত তৎপৰতা দেখিবলৈ পোৱা নাযায় ǀ বহু সময়ত চৰকাৰীভাৱে কোনো পদক্ষেপ ললেও জনসাধাৰণৰ মাজত সচেতনতাৰ অভাৱে সেইবোৰ অৰ্থহীন কৰে ǀ

 

ঘ) পৰিৱেশ প্ৰদূষণ- মানুহৰ অবিবেচক কামকাজবোৰৰ ফলত পৰিবেশ প্ৰদূষণ দ্ৰুত গতিত বৃদ্ধি পাইছে ǀ নিৰ্বনানীকৰণ, উদ্যোগীকৰণ, নগৰীকৰণ আদি প্ৰক্ৰিয়া অব্যাহত থকাৰ ফলত সম্পদৰ ওপৰত অত্যাধিক হেচা পৰিছে ǀ বায়ু, মাটি আৰু পানী প্ৰদূষণে আমাৰ চাৰিফালে থকা প্ৰাকৃতিক সম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে ǀ 

 

১৮) বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে ?

 

উত্তৰ- বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত এক প্ৰকাৰৰ হেঁচাৰ বৃদ্ধি কৰিছে । এই বৃদ্ধিয়ে প্ৰথমে খাদ্য শস্য বৃদ্ধিৰ বাবে ভূমিৰ প্ৰসাৰণ আৰু বসতি স্থানৰ ব্যৱস্থা কৰি লৈছে । পাহাৰ পৰ্বত কাটি, খাল-বিল পুতি ৰাস্তা-ঘাট কৰি প্ৰকৃতিক সম্পদ ধ্বংস কৰিছে । কৃষি ভূমি অত্যধিক উৎপাদনৰ বাবে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি মাটিৰ উৰ্বৰা শক্তি ধ্বংস কৰিব ধৰিছে । এইদৰে অসমৰ বনাঞ্চলৰ অশেষ ক্ষতি সাধন কৰিছে । মুঠতে অসমৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট কৰি আছে । ক্ৰমান্বয়ে অনবীকৰণ সম্পদসমূহ ক্ৰমে উদং হৈ আহিব ধৰিছে । পাহাৰ পৰ্বত ধ্বংস কৰাৰ বাবে, বসতি স্থান হোৱাৰ বাবে ভূমিস্খলন হৈ যথেষ্ট ক্ষতি সাধন হৈছে । এইদৰেই দ্ৰুত জনসংখ্যা বৃদ্ধিৰ বাবে প্ৰকৃতিক সম্পদসমূহৰ অৱক্ষয় হৈ গৈ আছে ।   

 

১৯) অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা  (সমস্যা) নে সম্পদ ? আলোচনা কৰা ǀ

 

উত্তৰ- অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা নে সম্পদ এইটো নিশ্চিত কৰাটো বৰ কঠিন । ২০১১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ৩১ নিযুত ǀ এই জনসংখ্যা বয়সস্থ লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয় ǀ অসমৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোকৰ বয়স ১৫ ৰ পৰা ৩৪ বছৰ বয়সৰ ǀ অৰ্থাৎ ১০ নিযুততকৈ অধিক লোক অসমৰ যুৱ প্ৰজন্ম । অফুৰন্ত কৰ্মদক্ষতাৰ এই লোকসকল সম্ভাৱনাৰে পৰিপূৰ্ণ ǀ এই বৃহৎ যুৱ শক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা দীক্ষা,বুদ্ধি বৃত্তি,কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব ǀ আনহাতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, দৈহিকভাৱে অক্ষম লোকসকল আৰু মহিলাসকলৰ সবলীকৰণৰ বাবে কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃতাৰ্থত মানৱ সম্পদৰ উন্নয়ন সম্ভৱ হব ǀ কিন্তু এইখিনি কৰিব পৰা নাযায় তেতিয়া হলে এই বৃহৎ জনসংখ্যা এক বোজাত পৰিণত হব । সেয়ে অসমৰ বৃহৎ জনসংখ্যাক ৰাজ্যখনৰ বাবে বোজা হবলৈ নিদি কিদৰে সম্পদ হিচাপে গঢ়ি তুলিব পাৰি তাৰেই পৰিকল্পনা কৰিব লাগে ।

 

 

২০) অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে ?

 

উত্তৰ- অসমত দিনক দিনে বৃদ্ধি পাই থকা জনসংখ্যা সময়মতে নিয়ন্ত্রণ নকৰিলে আৰু বৃহৎ জনসংখ্যা মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰিলে জনসংখ্যাৰ সমস্যাই ৰাজ্যখনত ব্যাপক ৰূপ ধাৰণ কৰিব ǀ ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৭৩ শতাংশ লোক শিক্ষিত, ইয়াৰ ভিতৰত পৰুষৰ শিক্ষিতৰ হাৰ ৭৮ শতাংশ আৰু মহিলাৰ শিক্ষিতৰ ৬৭ শতাংশ ǀ নগৰ আৰু গাওঁৰ শিক্ষিতৰ হাৰ ক্ৰমে ৮৮ শতাংশ আৰু ৭০শতাংশ ǀ বয়সৰ ভিত্তিত দেখা যায় চীন, জাপান আদি ৰাষ্ট্ৰৰ দৰে ভাৰত বা অসমৰ জনসংখ্যা বয়স্ক লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয় ǀ অসমৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোকৰ বয়স ১৫ ৰ পৰা ৩৪ বছৰ বয়সৰ ǀ অফুৰন্ত কৰ্মদক্ষতাৰ সম্ভাৱনা থকা যুৱপ্ৰজন্মই ৰাজ্যখনৰ জনসংখ্যাৰ এক বুজন অংশক প্ৰতিনিধিত্ব কৰিছে ǀ এই বৃহৎ যুৱ শক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা দীক্ষা,বুদ্ধি বৃত্তি, কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব ǀ আনহাতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, দৈহিকভাৱে অক্ষম লোকসকল আৰু মহিলাসকলৰ সবলীকৰণৰ বাবে কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃতাৰ্থৎ মানৱ সম্পদৰ উন্নয়ন সম্ভৱ হব ǀ

 

 

২১) অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা ǀ

 

উত্তৰ- অসম এখন কৃষি প্ৰধান ৰাজ্য ǀ অসমৰ সৰহ সংখ্যক লোক কৃষিৰ লগত জড়িত হৈ আছে ǀ অসমৰ অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি ǀ অসমৰ মুঠ কৰ্ম নিয়োজিত লোকৰ ভিতৰত ৫৩ শতাংশতকৈও অধিক লোক কৃষিখণ্ডত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে ǀ

 

       কৃষি খণ্ডৰ লগত জড়িত উদ্যোগসমূহ হৈছে- বন পালন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্যপ্ৰস্তুতকৰণ উদ্যোগ, কাগজ উদ্যোগ, মীন পালন আৰু পশু পালন ǀ খাদ্যপ্ৰস্তুতকৰণ উদ্যোগ অসমত নতুনকৈ সম্প্ৰসাৰিত উদ্যোগ বুলিব পাৰি ǀ  সাম্প্ৰতিক সময়ত অসমত খাদ্যপ্ৰস্তুতকৰণ উদ্যোগৰ গুৰুত্ব বৃদ্ধি পাই আহিছে ǀ অসমৰ হাবি বন বনত পোৱা ফল মূল, শাক পাচলি জাতীয় উদ্ভিদ আৰু বনৌষধি উদ্ভিদ এতিয়াও ব্যৱসায়িক ভিত্তিত গঢ়ি উঠা নাই ǀ

 

  ৰেচম উদ্যোগ অসমৰ এটা প্ৰধান কৃষিভিত্তিক উদ্যোগ ǀ অসমত পৰম্পৰাগতভাৱে তিনিবিধ ৰেচম-এৰি, মুগা আৰু নুনি পাট উৎপাদন কৰা হয় ǀ ভাৰতত উৎপাদন হোৱা এৰি সূতাৰ ৬৫ শতাংশ উৎপাদিত হয় অসমত ǀ নুনি সূতাৰ উৎপাদন সিমান বেছি নহয় ǀ অসমৰ মুগা সূতা পৃথিৱী বিখ্যাত ǀ ভাৰতবৰ্ষৰ মুঠ উৎপাদিত মুগা সূতাৰ ৯৭ শতাংশ  অসমত উৎপাদিত হয় ǀ ৰেচম উৎপাদনৰ লগত হস্ততাঁত উদ্যোগটোও অসমত উন্নয়ন ঘটিছে ǀ বৰ্তমান অসমত ১৩ লাখতকৈও অধিক তাতশাল আছে আৰু প্ৰায় ২৫ লাখ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বয়ন উদ্যোগৰ লগত জড়িত হৈ আছে ǀ

 

          চাহ খেতিৰ লগতে ৰবৰ খেতিও অসমত লাহে লাহে জনপ্ৰিয় হৈ পৰিছেǀ ২০১২-১৩ বৰ্ষত অসমত ৩৪.৫ হেজাৰ হেক্টৰ মাটিত ৰবৰ খেতি কৰা হয় ǀৰবৰ উৎপাদনৰ বাবে অসমত প্ৰচুৰ সম্ভাৱনা থকালৈ চাই ভাৰতৰ ৰবৰ বৰ্ডে দ্বাদশ পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ শেষত ৰবৰ খেতি ২ লাখ হেক্টৰলৈ সম্প্ৰসাৰিত কৰাৰ আঁচনি গ্ৰহণ কৰিছে ǀ

 

          চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ ǀ অসমৰ চাহৰ গোটেই বিশ্বজুৰি সুনাম আছে ǀঅসমৰ অৰ্থনীতিত চাহে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে ǀ ২০১২ চনৰ তথ্য মতে অসমত মুঠ ৭৬৫ খন চাহ বাগিচা  আৰু ৭৮,০৯১ খন ক্ষুদ্ৰ চাহ বাগিচা আছে ǀ ২০১২ চনত অসমত প্ৰায়৫৯০ হেজাৰ টন চাহ উৎপাদন হৈছিল ǀ চাহ উদ্যোগত গড়ে দৈনিক ৬.৮৬ লাখ লোক নিয়োজিত হৈ আছে ǀ ভাৰতৰ চাহ বৰ্ডৰ এক তথ্য মতে ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ চাহ উৎপাদন ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫০ শতাংশতকৈ বেছি ǀ

 

          মীনপালন অসমৰ কৃষিখণ্ডৰ এটা উল্লেখযোগ্য ভাগ ǀ বৰ্তমান সময়ত অসমত মীন পালনৰ যথেষ্ট স্থল আছে ǀ অসমখন নদ-নদী, জলাশয়, খাল, বিল, পিতনি আদিৰে ভৰপূৰ ǀ সেইবোৰত প্ৰকৃতিক ভাৱেই বহুতো মাছ পোৱা যায় ǀ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিস্তৃত সমভূমি আৰু প্লাৱনভূমি থকা বিল আৰু জলাশয়বোৰত মৎস্যৰ ভাণ্ডাৰ আছে ǀ বৈজ্ঞানিক পদ্ধতি আৰু পৰিকল্পনাৰে এই বিল আৰু জলাশয়বোৰত মাছ পালন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায় ǀ মৎস্য উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা এলেকাবোৰ যথোপযুক্ত ব্যৱহাৰ হোৱা নাই  ǀ মুঠ ৩.৯৪ লাখ হেক্টৰ মীন উৎপাদন ক্ষেত্ৰৰ পৰা  ২০১১-১২ চনত প্ৰায় ৪৪৯০ নিযুত মাছৰ পোনা উৎপাদন কৰা হৈছিল ǀ সেই বছৰতে ৰাজ্যখনত মুঠ ২.৪৪ লাখ টন মাছ উৎপাদন কৰা হৈছিল ǀ যোৱা ১০ বছৰত অসমত মাছৰ পোনা উৎপাদন প্ৰায় ২.৫ গুণ বৃদ্ধি হৈছে যদিও ১.৫ গুণহে মাছৰ উৎপাদন বৃদ্ধি পাইছে ǀ

 

          অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত আশা কৰা ধৰণে বিশেষ অৰিহণা যোগাব পাৰ নাই ǀ এই পৰ্যন্ত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনত মীন উদ্যোগ খণ্ডই কেৱল দুই শতাংশ অৱদাৱন আগবঢ়াইছে ǀ প্ৰচুৰ সম্ভাৱনা থকা স্বতেও অসমত মাছ উৎপাদন তেনেই সন্তোষজনক নহয় ǀ অসমে বৰ্তমান বাহিৰৰ পৰা বছৰি  ০.২০ লাখ টন মাছ ৰপ্তানি কৰে ǀ ৰাজ্যখনত বছৰি ০.৫২ লাখ টন মাছৰ নাটনি হয় ǀ সেয়েহে অসমত মাছৰ দাম অধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ǀ

 

 

 

 ২২) অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা কি কি ? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা ǀ

 

উত্তৰ- অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা হৈছে-

 

১) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল

 

২)উত্তৰ পাৰৰ সমভূমি অঞ্চল

 

৩) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল

 

৪) উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল

 

৫) বৰাক উপত্যকা অঞ্চল

 

৬) পাৰ্বত্য অঞ্চল

 

এই অঞ্চল কেইটাৰ বৈশিষ্ট্য হৈছে-

 

      ১) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ দহখন জিলাতে ৯.৩০ লাখ হেক্টৰ মাটিত ধান খেতিকে কৰি এটাতকৈ অধিক প্ৰকাৰৰ খেতি কৰা হয় । 

        ২)  উত্তৰ পাৰৰ সমভূমি অঞ্চলৰ ৫ খন জিলাৰ ৫.৩৭ লাখ হেক্টৰ মাটিত প্ৰায় আধাতকৈ অধিক মাটিতে এটাতকৈ বেছি শস্যৰ খেতি কৰা হয় ।

 

       ৩) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ৩.২৮ লাখ হেক্টৰ মাটিত খেতি কৰা হয়, তাৰে ২৬.২১ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয় ǀ

 

      ৪)  উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ৬.২০ লাখ হেক্টৰ মাটিত খেতি কৰা হয়, তাৰে ৩১.২৯ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয় ǀ

 

      ৫)  বৰাক উপত্যকা অঞ্চলত ২.৪২ লাখ হেক্টৰ মাটিত খেতি কৰা হয়, তাৰে ৪২.১৫ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয় ǀ

 

       ৬)  পাৰ্বত্য অঞ্চলৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ১.৫৪ লাখ হেক্টৰ মাটিত খেতি কৰা হয় ইয়াৰে বেছি ভাগতে ঝুম খেতি কৰা হয় ।

 

 

২৩) অসমত কি কি ধানৰ খেতি কৰা হয় ? এই কেইটাৰ বিষয়ে চমুকৈ লিখা ǀ

 

উত্তৰ- ধান অসমৰ প্ৰধান শস্য ǀ অসমৰ সকলো অঞ্চলতে এই খেতি কৰা হয় ǀ অসমত মূলত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয় ǀ সেইকেইবিধ হৈছে- আহুধান, শালিধান আৰু বড়োধান ǀ ইয়াৰ ভিতৰত শালিধানৰ খেতি বিস্তৃতভাৱে কৰা হয় ǀ অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় ৭০ শতাংশ মাটিত শালি ধানৰ খেতি কৰা হয় ǀ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত শালি খেতি ভাল হয় ǀ এই খেতি ৰোপণ পদ্ধতিৰে জুলাই আগষ্ট মাহত আৰম্ভ কৰি নৱেম্বৰ ডিচেম্বৰ মাহত চপোৱা হয় ǀ

 

          আহু খেতি সমভূমিৰ সাৰুৱা মাটিত কৰা হয় আৰু বিশেষকৈ নামনি অসমত এই খেতি বিস্তৃতভাৱে কৰা হয় ǀ আহু খেতি ৰোপণ আৰু সিঁচন দুই প্ৰকাৰে কৰা হয় ǀ ফেব্ৰুৱাৰী মাৰ্চ মাহত আৰম্ভ কৰি জুন জুলাই মাহত চপোৱা হয় ǀ

 বড়ো ধানৰ খেতিও কম বেছি পৰিমাণে অসমৰ আটাইকেইখন জিলাত কৰা হয় ǀ এই ধানৰ খেতি সাধাৰণতে দঠাইবিলাকত শীতকালত আৰম্ভ বাৰিষা জুন জুলাই মাহত বানপানী অহাৰ আগে আগে চপোৱা হয় ǀ বানপীড়িত অঞ্চলৰ লোকৰ মাজত এই খেতি বেশেষ জনপ্ৰিয় কাৰণ বানপানীয়ে শালি খেতি নষ্ট কৰি পেলায় ǀ

 

 

 

২৪) ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে  ?

 

উত্তৰ- ধান  অসমৰ প্ৰধান শস্য ǀ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূমি পলসুৱা হোৱা বাবেই এই উপত্যকাবোৰৰ প্ৰায়বোৰ মাটি অতি সাৰুৱা আৰু পলসুৱা । অসমৰ আটাইকেইটা জলবায়ু অঞ্চলতে কৰা ধান খেতি কৰা হয় ǀ সমভূমি এলেকাৰ লগতে অসমৰ পাহাৰীয়া অঞ্চলতো ঝুম পদ্ধতিৰে ধান খেতি কৰা হয় ǀ অসমৰ সেমেকা জলবায়ু ধান খেতিৰ বাবে উপযোগী, ইয়াক সকলো অঞ্চলতে বিস্তৃতভাৱে কৰিব পৰা যায় ǀ ২০১২-১২ চনত মুঠ ২৫.৪৫ লাখ হেক্টৰ মাটিত ধান খেতি কৰি ৫০.৪৫ লাখ মেট্ৰিক টন ধান উৎপাদন কৰা হৈছিল ǀ অসমত উৎপাদিত ধানে ৰাজ্যখনৰ জনসাধাৰণৰ চাহিদা পূৰণ কৰাৰ লগতে ইয়াৰ ৰপ্তানিৰ জৰিয়তে  ৰাজ্যখনে এক বৃহৎ আয় লাভ কৰে ǀ ধান খেতিৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ কাৰণ হল – উত্তৰ – পূব অঞ্চলৰ বেছি ভাগ ৰাজ্যৰ মানুহে ভাত খায়, সেইবাবে ধানকে খাদ্য শস্য হিচাপে গণ্য কৰে । আনহাতে অসমত ধান খেতি পৰ্যাপ্ত পৰিমাণে উৎপাদন হয় বাবে তাৰ পৰা সহজে তৈয়াৰ হোৱা ভাতকে অসমৰ মানুহে প্ৰধান খাদ্য বুলি ব্যৱহাৰ কৰে । সেই কাৰণে ধান অসমৰ প্ৰধান শস্য ।

 

 

 

 

২৫) অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয় ?

 

উত্তৰ- অসমৰ প্ৰধান মাহজাতীয় শস্যবোৰ হৈছে- মাটিমাহ, মগু মাহ, মচুৰ মাহ, মটৰ মাহ, ৰহৰ মাহ আৰু বুট মাহ ǀ

 

 

২৬) অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা ǀ

 

উত্তৰ- অসমৰ পাৰ্বত্য অঞ্চলৰ কৃষি জলবায়ৱীয় অঞ্চল কাৰ্বি আংলং আৰু ডিমা হাচাও জিলা দুখনত ঝুম খেতি প্ৰধান্য বেছি । জিলা দুখন বেছি ভাগ ঠাই পাহাৰেৰে আগুৰি আছে । দুয়োখন    জিলাতে পাহাৰবোৰৰ এঢলীয়া ঠাইত কোৰেৰে খাপ কাটি পানী ধৰি ৰাখিব পৰাকৈ বান্ধি লয় আৰু সেই খাপবোৰতে শস্য ৰোপন কৰে । এইদৰে কৰা বিভিন্ন শ্স্যৰ খেতিকে ঝুম খেতি বোলে । কাৰ্বি আংলঙত প্ৰায় ৫৪৫২ বৰ্গ কিলোমিটাৰত আৰু ডিমা হাচাও জিলাৰ প্ৰায় ২৫৯৭ বৰ্গ কিলোমিটাৰ মাটিত ঝুম খেতি কৰা হয় । এডোখৰ মাটিত কেবাবাৰো খেতি কৰাত মাটিৰ উৰ্বৰা শক্তি কমিলে পাছত আন এখন ঠাইলৈ গৈ হাবি জংগল কাটি জুই লগাই পুৰি কোৰ মাৰি নতুন এজৰা ঠাইত খেতি কৰা হয় । এইদৰে কেইবছৰ মানৰ মূৰে মূৰে ঠাই সলাই খেতি কৰাকে ঝুম পদ্ধতিৰ খেতি বোলে ।

 

 

২৭) ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি ?

 

উত্তৰ- ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ হল-

 

১)  ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা ।

 

২)  ৰাজ্যখনৰ বিশেষকৈ গ্ৰাম্যাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা ।

 

৩)  ৰাজ্যখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা ।

 

৪) বৃহৎসংখ্যক দক্ষ লোকৰ সৃষ্টি কৰা ।

 

 

২৮) সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজা ? উদাহৰণ দি বুজাই লিখা ǀ

 

উত্তৰ- সেৱা খণ্ডৰ উদ্যোগ বুলিলে সাধাৰণতে জনকল্যাণমূলক কাম-কাজকে বুজায় ।

  অৰ্থনীতিত যিবোৰ উদ্যোগে উৎপাদিত সা সামগ্ৰী উপভোক্তা বা গ্ৰাহকক উপলব্ধ কৰায় সেইবোৰ খণ্ডৰ লগত জড়িত উদ্যোগক সেৱা খণ্ডৰ উদ্যোগ বোলে ǀ

 

সেৱা খণ্ডৰ উদ্যোগবোৰ হৈছে- বাণিজ্য, যোগাযোগ আৰু পৰিবহণ, পৰ্যটন উদ্যোগ, হোটেল ব্যৱসায়, বেংক আৰু বীমা, সকলো ধৰণৰ ব্যৱসায়, লোক প্ৰশাসন ǀ

 

   উদাহৰণ স্বৰূপে বাণিজ্যৰ জৰিয়তে উপভোক্তাই উৎপাদিত সামগ্ৰী পায় ǀ যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা উৎপাদিত সা সামগ্ৰী এঠাইৰ পৰা আন এঠাইলৈ অনা নিয়া কৰাৰ লগত জড়িত ǀ

 

 

২৯) অসমৰ প্ৰধান কৃষি ভিত্তিক উদ্যোগবোৰ কি কি ?

 

উত্তৰ- অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ হৈছে-বন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ ǀ

 

 

 

৩০) অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা ǀ

 

উত্তৰ- চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ ǀ পৃথিৱীৰ ভিতৰতে অসমৰ চাহৰ সুনাম আছে ǀ অসমৰ অৰ্থনীতিত এই উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে ǀ অসমে অকলেই ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰে ǀ চাহ খেতিৰ বাবে প্ৰয়োজনীয় অনুকুল প্ৰাকৃতিক পৰিবেশৰ বাবেই ৰাজ্যখনত চাহ উদ্যোগ গঢ়ি উঠিছে ǀ অসমত ২০১২ চনৰ  তথ্য মতে, মুঠ ৭৬৫ খন চাহ বাগিছা, আৰু ৭৮,০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে ǀ অসমত মুঠ ৩১৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয় ǀ চাহ উৎপাদনৰ ক্ষেত্ৰত দেখা যায় ২০০৯ চনত অসমে ৫০০ হাজাৰ টন আৰু ২০১২ চনত প্ৰায় ৫৯০ হাজাৰ টন চাহ উৎপাদন কৰিছিল ǀ চাহ উদ্যোগটোৱে অসমত এক বুজন সংখ্যক লোকক কৰ্মসংস্থাপন দি আহিছে ǀ অসমৰ চাহ উদ্যোগত গড়ে  দৈনিক ৬.৮৬ লাখতকৈও অধিক লোক নিয়োজিত হৈ আছে ǀ ভাৰতৰ চাহ বৰ্ডৰ এক তথ্য অনুসৰি  অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰায় ৮৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰি প্ৰায় ১০৭ হাজাৰ টন চাহ উৎপাদন কৰিছে ǀ বৰ্তমান অসমত মুঠ ৭৬৫ খন ডাঙৰ চাহ বাগিছা আৰু ৭৮০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে । চাহ উদ্যোগে অসমৰ বুজন সংখ্যক লোকক কৰ্ম সংস্থাপন দিছে ।

 

 

 

৩১) অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা কেনেকুৱা ?

 

উত্তৰ- কৃষি কাৰ্য অসমৰ অৰ্থনিতীৰ মূল ভেটি ǀ বৰ্তমান সময়ত অসমত মীন পালনৰ যথেষ্ট স্থল আছে ǀ অসমখন নদ-নদী, জলাশয়, খাল, বিল, পিতনি, এৰাসুঁতি আদিৰে ভৰপূৰ ǀ সেইবোৰত প্ৰকৃতিক ভাৱেই বহুতো মাছ পোৱা যায় ǀ

          ২০১১-১২ চনৰ তথ্য অুনসৰি অসমৰ বৰপেটা জিলাত সৰ্বাধিক সংখ্যক মাছৰ পোণা উৎপাদন কৰা হৈছে । কৰিমগঞ্জ আৰু নগাওঁ জিলাও পিছ পৰি থকা নাই । ধুবুৰী জিলাতো মাছৰ উৎপাদন যথেষ্ট বেছি । মাছৰ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্বতেও অসমত মাছৰ উৎপাদন মুঠেও সন্তোষজনক হোৱা নাই । বহি:ৰাজ্যৰ পৰা বৰ্তমানো বহুতো মাছ অসমলৈ আহি আছে । মাছৰ দাম যথেষ্ট বৃদ্ধি পায় আছে । অসমতে মাছ পালনৰ উৎপাদনৰ পৰিমাণ বৰ কম । তাৰ তুলনাত বহি: ৰাজ্যৰ পৰা আমদানি হোৱা মাছৰ পৰিমাণ অতি বেছি ।  

 

৩২) অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা ?

 

উত্তৰ-  অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ হল-

 

১)  অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পৰম্পৰা গতভাৱে পুৰণি পদ্ধতিৰে চলি আছে ǀ

 

২)  অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত  বিভক্ত হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিবলৈ অসুবিধা ǀ

 

৩)  জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয় ǀ

 

৪)  অসম বিস্তৃতভাৱে কৰা হয় আৰু কৃষি অৰ্থনীতিত ইয়াৰ গুৰুত্ব অধিক ǀ কিন্তু এই খেতিৰ উন্নতিৰ বাবে আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগত গুৰুত্ব প্ৰদান কৰা হোৱা নাই ǀ

 

৫)  খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা কৃষিকাৰ্যৰ লগতে  কৃষকসকলক সুৰক্ষা দিবলৈ উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ ǀ

 

৬)  শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতি উন্নত নহয় ǀ

 

৭)  শস্য বিশেষকৈ খাদ্যশস্য সংৰক্ষণৰ সুবিধা অতি সীমিত ǀ

 

 

৮)  কৃষকসকলে উন্নত মানৰ বীজ,প্ৰয়োজনীয় সাৰ,কৃষি সঁজুলি আৰু কৃষি ঋণ ৰেহাই হাৰত সহজে পাব পৰা ব্যৱস্হাৰ অভাৱ

 

৯)  ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ চহৰৰ বজাৰৰ মাজত উন্নত যাতায়ত আৰু পৰিবহন ব্যৱস্হাৰ অভাৱ ǀ

 

১০)  কৃষিখণ্ড আৰু কৃষিভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই ǀ

 

১১)  কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত তুলনামূলকভাৱে কম খৰচী বিজুলী শক্তিৰ ব্যৱহাৰ তেনেই সীমিত হৈ আছে ǀ

 

১২)  কৃষি উন্নতিৰ বাবে ৰাজ্যখনত সামগ্ৰিক আন্তঃগাঁঠনিৰ অভাৱ ǀ

 

 

৩৩) অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মণ্হৰ হৈ আছে তাৰ কাৰণসমূহ লিখা ।

 

উত্তৰ-অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মণ্হৰ হৈ আছে তাৰ কাৰণসমূহ হল -  

১। ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ ǀ

 

২। প্ৰচুৰ সম্ভাৱনা থকা সত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ ।

 

৩। অনুন্নত পৰিবহন আৰু যোগাযোগ ব্যৱস্থা ।


৪।  মূলধনৰ অভাৱ ।


৫। ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পৰ্যাপ্ত নহয়

 

৬। স্থানীয় লোকৰ মাজত উদ্যোগী স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ ।


৭। উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল উদ্যোগ নীতিৰ অভাৱ ।


৮।  বিনিয়োগ সন্তুোষজনক নহয়, বিশেষকৈ ৰাজ্যখনত উদ্ভৱ হোৱা বিদ্ৰোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকল আগ্ৰহী নহয় ǀ

 

৯/  ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্বেও পৰ্যটন খণ্ডত অপৰ্যাপ্ত মূলধন বিনিয়োগঅনুন্নত পৰিবহন ব্যৱস্থাবিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিবেশৰ অভাৱপৰ্যটনস্থলীৰ দুৰ্বল আন্তঃগাঁথনি আদিৰ বাবে পৰ্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হোৱা নাই ǀ

 

১০/  সহজে পচনশীল কৃষিজাত শস্যৰ সংৰক্ষণৰ বাবে উপযুক্ত ভঁৰালৰ অভাৱত খাদ্য প্ৰস্তুতকৰণ উদ্যোগে আশাকৰামতে উন্নতি লাভ কৰা নাই


১১/  ঔদ্যোগীকৰণৰ বাবে লাগতীয়াল আন্তঃগাঁথনিৰ অভাৱ ǀ 

 

 

৩৪) অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা ǀ

 

উত্তৰ- ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্বেও পৰ্যটন খণ্ডত এই পৰ্যন্ত উন্নয়ন নোহোৱাৰ কাৰণসমূহ হৈছে-

 

১/  অপৰ্যাপ্ত মূলধন বিনিয়োগ- বিশেষকৈ ৰাজ্যখনত উদ্ভৱ হোৱা বিদ্ৰোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকল আগ্ৰহী নহয় ǀ

 

২/ অনুন্নত পৰিবহন ব্যৱস্থা - বহুতো পৰ্যটন স্থলী লৈ যাবলৈ আজি পৰ্যন্ত সুগম বাট পথৰ ব্যৱস্থা হোৱা নাই ǀ প্ৰায় বিলাক পৰ্যটন স্থলী ত কেৱল পথ পৰিবহন ব্যৱস্থাহে উপলব্ধ ǀ ৰেল পথ বা আকাশীপথেৰে এতিয়াও সেইবোৰ লৈ যাব পৰা অৱস্থা হোৱা নাই ǀ

 

৩/  বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিবেশৰ অভাৱ- বাতৰি কাত বা কোনো বৈদ্যুতিক মাধ্যম সমূহত পৰ্যটনস্হলীৰ সম্পৰ্কে বতৰা বা বিজ্ঞাপন খুব কম পৰিমাণে প্ৰকাশ পায়, যাৰ ফলত বাহিৰৰ পৰ্যটকসকলে ইয়াত উপলদ্ধ পৰিবেশৰ বিষয়ে জ্ঞাত নহয় ǀ

 

৪/  পৰ্যটনস্থলীৰ দুৰ্বল আন্তঃগাঁথনি পৰ্যটন উদ্যোগটোৰ ভালদৰে বিকাশ নোহোৱাৰ অন্য এক কাৰণ হৈছে পৰ্যটনস্থলীৰ আশে পাশে পৰ্যাপ্ত পৰিমাণে থকা -খোৱা -শুৱাৰ ভাল ব্যৱস্থা বাবে হোটেল, ৰেস্তোৰা আদিৰ অভাৱ ǀ

 

 

 

৩৫) অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি ?

 

উত্তৰ-  অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ হল-

১) কৃষি উদ্যোগক অত্যাধুনিক আৰু যান্ত্ৰিকীকৰণ কৰি গঢ়ি তুলিলে অসম খাদ্য শস্য ৰাহি ৰাজ্যত পৰিণত হব । কৃষিক বৈদ্যুতিকৰণ কৰি তুলিব লাগে ।

 

২) অসমৰ পৰিবহণ, যাতায়ত ব্যৱস্থা শোচনীয়, গ্ৰামাঞ্চলকে ধৰি নগৰ – চহৰৰ সকলো ৰাস্তা ঘাট পকীকৰণ কৰি তুলিব লাগে । সকলো দলং পকীকৰণ কৰিব লাগে । স্থলপথ, ৰেলপথ, আকাশীপথ উন্নতি কৰিব লাগে ।

 

৩) সকলো সম্পদ উদঘাটন কৰি উদ্যোগ গঢ়ি তুলিব লাগে । চিমেণ্টৰ উদ্যোগ ৰাজ্য চৰকাৰে চৰকাৰীকৰণ কৰিব লাগে ।

 

৪)  চাহ উদ্যোগৰ সকলো কাম যান্ত্ৰিকীকৰণ কৰি উৎপাদন বৃদ্ধি কৰিব পাৰিলে পৃথিৱীৰ প্ৰধান উৎপাদন বৃদ্ধি কৰিব পাৰিলে পৃথিৱীৰ প্ৰধান উৎপাদনকাৰী ৰাজ্যত পৰিণত হব পাৰিব ।

 

৫) পাহাৰীয়া নদ-নদীত জলবিদ্যুৎ প্ৰকল্প গঢ়ি তুলি বিদ্যুৎ শক্তিৰ উৎপাদন বৃদ্ধি কৰিব লাগে । 

 Chapter NameSolutions Link  

অৰ্থ নৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ সমাধান

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা  সমাধান

পৃথিৱীৰ ভূগোল  সমাধান

অসমৰ ভূগোল  সমাধান


      Published  By Lokesh Das

Class 10 Social Science Assamese Medium questions Answer.

CLASS 10 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 10 SOCIAL SCIENCE SOLUTIONS IN ASSAMESE MEDIUM. CLASS 10 SOCIAL SCIENCE  GEOGRAPHY PART  CHAPTER 4 SOLUTIONS IN ASSAMESE MEDIUM. 

****************

Previous Post Next Post