কানাইৰ চাতুৰী । Class 10 Assamese Book Question Answer SEBA .

 Class 10 Assamese Book Question Answer SEBA . 



কানাইৰ চাতুৰী


 ১/ অতি চমু উত্তৰ দিয়া-

 (ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি ষশোদাক কৈছিল ?

উত্তৰ: কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি ষশোদাক কৈছিল

 

 (খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক কৈছিল ?

উত্তৰ: কৃষ্ণই চাৰি-পাঁচ দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক কৈছিল

 

 (গ) দেৱতা সকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধৰিছিল ?

 উত্তৰ:  দেৱতা সকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধৰিছিল ।

 (ঘ) কপিল মুনি মাতৃ কোন আছিল  ?

উত্তৰ: কপিল মুনি মাতৃ দেৱহুতি আছিল

 (ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ?

উত্তৰ: বামনৰ ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল


 More Resours For Class 10 Solutions in Assamese Medium

 

 ২/ তথাপি তোহাক      দেখন্ত ডৰত

      উৰি যায় মোৰ জীউ ।

  -- এইষাৰ কাৰ উক্তি কাক দেখি, কিয় তেওঁৰ জীউ উৰি যায় বুজাই লিখা ।

উত্তৰ:- এই কথাষাৰ শ্ৰীকৃষ্ণৰ উক্তি ।

  এদিনাখন ৰাতিপুৱা বকতবৎসল শ্ৰীকৃষ্ণ শুই থাকোতে গোপ শিশুসকলে খেলিবৰ বাবে শ্ৰীকৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিঠিল । তাকে শুনি মাকে কৃষ্ণক মাতিবলৈ ললে আৰু কিহৰ ভাগৰতনো কৃষ্ণই ইমান দেৰিলৈকে শুই থাকিব লাগে তাকে কৈ খঙো কৰিলে । সেই কথা শুনি শ্ৰীকৃষ্ণই আৰু নজগাবলৈ মাকক অনুনয় কৰলে । তেওঁ চাৰি-পাঁচ দিন গৰু চাৰিবলৈ নগৈ নাখাই নলৈ শুই থাকিব বুলি কলে । কাৰণ তেওং আৰু যশোদাৰ মূৰত জাপি দিয়া কলংকৰ বোজা সহ্য কৰিব নোৱাৰে । তেওঁ নাৰায়ণ আৰু যশোদা সামান্য গোৱালৰ জী । তথাপি যশোদাক দেখিলে তেওঁৰ ভয়তে জীউ উৰি যায় ।

 

 ৩/  মোহিনী স্বৰূপে            অমৃত পিয়ালো

              সাধিলো দেৱৰ কাম

 - কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল ? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য্য সাধন কৰিছিল; খচৰি মাৰি লিখা ।

 উত্তৰ:- ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰম কৰিছিল ।

    তেওঁ দেৱতাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল । এবাৰ দেৱতা আৰু অসুৰসকলে সাগৰ সন্থন কৰিছিল আৰু সাগৰ মন্থন কৰোঁতে উৎপন্ন হোৱা অমৃত খাৱৰ বাবে দেৱতা আৰু অসুৰবিলাকৰ মাজত টনা – আজোৰা লাগিছিল । দেৱতাসকলৰ দৰে যদি অসুৰবিলাকেও অমৃত খাৱলৈ পায় তেনেহলে অসুৰবিলাকো দেৱতাসকলৰ দৰে অজৰ অমৰ হব আৰু সমগ্ৰ পৃথিৱীখন অধৰ্মৰে ভৰি পৰিব । সেইবাবে দেৱ কাৰ্য সাধন কৰিবলৈ ভগৱান বিষ্ণুয়ে মোহিনী ৰূপ ধাৰণ কৰিছিল । অসুৰবিলাক মোহিনীৰ ৰূপত ভোল গৈ থকাৰ সময়তে দেৱতাসকলে অমৃত খাই যেষ কৰিছিল । এনেদৰে বিষ্ণুয়ে মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাৰ কাৰ্য সাধন কৰিছিল ।

 

  ৪/ মাকৰ কি কি গুণ কথা কবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল ? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা ।

উত্তৰ:- কৃষ্ণ জগতপতি বিষ্ণুৰ পূৰ্ণ অৱতাৰ । এওঁ যশোদাৰ একান্ত ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জন্ম লাভ কৰিছে । কৃষ্ণই চাতুৰি কৰি নিজৰ পৰম ব্ৰহ্মত্বৰ ৰূপ ঢাকি ৰাখি যশোদাৰ ওচৰত নিজৰ মানৱীয় ৰূপ প্ৰদৰ্শন কৰিছে । বাঁহৰ বাঁহী বজাই তেওঁৰ ওঠ দুটা ফাটি তেজ বৈ গৈছে যদিও ৰাজপটেশ্বৰী যশোদাই সোণৰ বাঁহী গঢ়াই নিদিয়ে । মাটিত পুতি থওঁতে থওঁতে তেওঁৰ ধনত জুই লাগিব । গৰু ৰাখি থাকোঁতে যি খাদ্য মাকে দি পঠায় সেই খাদ্যও তেওঁৰ আধাপেটিহে হয় । তেওঁ অতি সাধাৰণ পোছাক পৰিধান কৰিব লাগে । চুলিত তেল অকণো খানি নিদিয়াত তেওঁৰ কেকুৰা চুলি জঁটা বান্ধি গৈছে । এনেধৰণৰ অপমানৰ কথা কবলৈ গৈ তেওঁৰ চকুপানী ওলাই আহে । তেওঁ বৰ্তমান যি দুখত আছে মাককো তেনে দুখ দিবলৈ বুলি তেওঁ দৈৱকা মাতাৰ গৃহলৈ যাব গৈ বুলি যশোদাক কৈছে ।   

 

  ৫/ চমু টোকা লিখা :

    (ক) বামন      (খ) দেৱহুতি        (গ) কপিল

      (ঘ) শ্ৰীধৰ কন্দলি     (ঙ) দৈৱকী 

উত্তৰ:-

 (ক) বামন বিষ্ণুয়ে পৃথিৱীত পঞ্চমবাৰ অৱতাৰ ধাৰণ কৰোঁতে বামনৰ ৰূপ লৈছিল । এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰাৰ ছলেৰে বলিক ছলনা কৰি পাতাললৈ পঠাইছিল । বলি অতি দানী আছিল । দান কৰোঁতে কৰোঁতে নিজকে অতি দানী বুলি বলিৰ অহংকাৰ হৈছিল । বলিৰ এই অহংকাৰ নাশ কৰিবলৈ বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰি তিনি পদ ভূমি বিচাৰিছিল । বলিয়ে তিনি পদ ভূমি দান দিয়াত বমনে এক পদেৰে স্বৰ্গ, এক পদেৰে পাতাল অধিকাৰ কৰি বলিক ক্ষমতাচ্যুত কৰিচিল । দান কৰাৰ বাবে বলিৰ যি অহংকাৰ হৈছিল বামনে তাক বিনাশ কৰিছিল ।

 

(খ) দেৱহুতি  - দেৱহুতি স্বয়াংম্ভুৱ মুনিৰ কন্যা আছিল । তেওংক কদম মুনিৱে ব্বাহ কৰিছিল । তেওঁলোকৰ পুত্ৰ আছিল কপিল মুনি । এওঁক বিষ্ণুৰ অন্য এক অৱতাৰ বুলিও কোৱা হয় । কপিল মুণিয়ে তত্ব বিচাৰ কৰি মাতৃ দেৱহুতিক উদ্ধাৰ কৰিছি ।

 

(গ) কপিল – কপিল এগৰাকী প্ৰসিদ্ধ মুণি আছিল । এওঁ সংখ্যা দৰ্শনৰ প্ৰৱৰ্তন কৰিছিল । তেওঁৰ পিতৃৰ নাম আছিল কদম মুণি আৰু মমাতৃৰ নাম দেৱহুতি । এওঁৰ শাপত সৰগ ৰজাৰ ষাঠী হাজাৰ পুত্ৰ ভষ্মীভূত হৈছিল । এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলি গণ্য কৰা হয় । এই মুণিগৰাকীয়ে তত্ব বিচাৰ কৰি মাতৃ দেৱহুতিক উদ্ধাৰ কৰিছিল ।

 

(ঘ) শ্ৰীধৰ কন্দলি  - শ্ৰীধৰ কন্দলি শংকৰোত্তৱকালৰ এগৰাকী উল্লেখযোগ্য কবি । এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পস্ট ৰূপত থকা দেখা যায় । কন্দলিয়ে কাণখোৱাআৰু ঘুনুচা কীৰ্তননামৰ দুখন কাব্য ৰচনা কৰে । কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হৈছিল । ইয়াত বিষ্ণুৰ লীলা খেলাসমূহ সহজ সৰলভাৱে প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰা হৈছে । দুয়োখন পুথিৰ ভিতৰত কাণখোৱা পুথিখন অধিক জনপ্ৰিয় ।

 

 (ঙ) দৈৱকী - দৈৱকী উগ্ৰসেনৰ কন্যা আৰু কংসৰ ভনী আছিল । বসুদেৱৰ সৈতে দৈৱকীৱে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ক্ষীকৃষ্ণ তেওঁলোকৰ অষ্টম সন্তান আছিল । দৈৱকীৰ অষ্টম সন্তানৰ হাতত কংসৰ মৃত্যু নিশ্চিত বুলি জানিব পাৰি কংসই দৈৱকী আৰু বসুদেৱক কাৰাগাৰত বন্দী কৰি থৈছিল । কংসৰ বধ কৰি কৃষ্ণই এওঁলোকক কাৰাগাৰৰ পৰা মুক্তি কৰিছিল ।          

       

  ৬/ পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা ।

উত্তৰ: শ্ৰীধৰ কন্দলিৰ কানাইৰ চাতুৰীশীৰ্ষক কবিতা তেওঁ কাণখোৱাপুঠিৰ দ্বিতীয় অংশৰ পৰা তুলি দিয়া হৈছে । কবিতাটোত বৰ্ণিত অনুসৰি এদিন শিশু কৃষ্ণই দেৰিলৈকে শুই নুঠাত মাতৃ যশোদাই আহি তেওঁক জগাই কিন্তু কৃষ্ণই অভইমান কৰি মাতৃক কলে যে- তেওঁ চাৰি-পাঁচ দিন লৈকে নুঠেও আৰু নাখাও যশোদাৰ ঘৰত তেওঁ যিমান কষ্ট পাইছে তেওঁৰ প্ৰণে নশহা হৈছে ।

     তেওঁৰ সমস্ত জগতৰ সৃষ্টিকৰ্তা হলেও যশোদাৰ দৰে এগৰাকী সাধাৰণ গোৱালীৰ জীৰ ভয়ত কপি থাকিবলগীয়া হৈছে । তেওঁ নাৰায়ণ হল অনন্ত ব্ৰহ্মাণ্ডৰ গৰাকী ব্ৰহ্মা আদি কৰি সকলোৱে তেওঁক প্ৰণাম কৰি যায় নাৰায়ণ ৰূপে অনন্ত শয্যাত জলত তেওঁ শয়ন কৰে । কপিল মুনিৰ অৱতাৰ লৈ সাংখ্যা তত্ব জ্ঞান দিলে আৰু দেৱহুতি মাতৃক তাৰণ কৰিলে বামণ ৰূপ লৈ বলিৰ অহংকাৰ নাশ কৰিলে । মোহিনী ৰূপ লৈ দেৱতাক অমৃত পাণ কৰুৱালে । চৰণৰ নখেৰে তেওঁ গংগাক বাট দেখুৱাল আৰু সেইজন নাৰায়ণৰূপী শিশু কৃষ্ণই যশোদাৰ ঘৰত কৰ্কৰা ভাত খাই গৰু চাৰিবলগীয়া হৈছে । সন্তানহীনা যশোদাৰ কাঠবাজী হোৱাৰ দূষ কৰি কৃষ্ণই যশোদাক অপবাদৰ পৰা মুক্ত কৰাইছেতথাপি কিন্তু যশোদাই তেওঁক বিশ্বাশত লব পৰা নাই ।

          তদুপৰি যশোদাৰ এনে বহুগুণ আছে যিবোৰৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজে লাগে, তেওঁৰ চকুপানী ওলাই যায় । ইয়াৰ পুতক তুলিব মথুৰা পুৰীলৈ গৈ । তেওঁ দৈৱকী আইৰ ওচৰতে সদায় থাকি যাব । কৃষ্ণৰ এনে অভিমান ভৰা কটু কথা শুনি যশোদা কান্দি কান্দি আগলৈ আৰু এনে নকৰো বোলাত শিশু কৃষ্ণৰ সকলো অভিমান নাইকিয়া হৈ পৰিল আৰু একে জাপে মাকৰ কোলাত উঠিল ।

 

   ৭/ কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা ।

উত্তৰ:- কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল আৰু তাৰ দ্বাৰা বিবিধ কাৰ্য সমাধা কৰিছিল । তেওঁ নিজৰূপ ধাৰণ কৰি এই অনন্ত ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে আৰু জগতখন আত্মাৰূপে প্ৰতিপালন কৰি আছে । নাৰায়ণ ৰূপে অনন্ত শয্যাত জলত শয়ন কৰি পদ্মনাভত ব্ৰহ্মাক ওপজাই বেদৰ জ্ঞান দিলে ।  চতুৰ্ভূজ ৰূপ ধাৰণ কৰি অসুৰৰ ভয়ত সম্ত্ৰস্ত্ৰ দেৱতাসকলক উদ্ধাৰ কৰে ।   মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰায় ।  কপিল ৰূপ ধাৰণ কৰি কদম ঋষিৰ ঘৰত অৱতাৰ গ্ৰহণ কৰে আৰু তত্ত্ব বিচাৰ কৰি দেৱহুতি মাতৃক উদ্ধাৰ কৰে ।  বামন ৰূপ ধাৰণ কৰি বলি ৰজাক ছলনা কৰে । বলি ৰজা নিজকে অতি দানী বুলি অহংকাৰ কৰছিল ।  গতিকে এই দৰ্প চূৰ্ণ কৰিবলৈ বামনে বলিক বিনাশ কৰে ।

 

  ৮/ কবিতাটোত কাঠবাজী বুলি কাক কৈছে ?  ইয়াৰ অৰ্থ কি ?  এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে ?

উত্তৰ: কবিতাটোত কাঠবাজী বুলি যশোদাক কৈছে । কাঠবাজী শব্দৰ অৰ্থ হৈছে যি তিৰোতাৰ কোনো সন্তান নাই সেই তিৰোতাক কাঠবাজী বুলি কোৱা হয় । 

          যশোদাক কাঠবাজী বুলি দগতে হাহিঁছিল কিন্তু কৃষ্ণই তেওঁৰ ঘৰত জন্ম লৈ তেওঁক অপবাদৰ পৰা ৰক্ষা কৰিলে ।

 

  ৯/ তাৎপৰ্য বাখ্যা কৰা ।

(ক) কাঠবাজী বুলি        জগতে হাসয়

         দেখিলে সুমৰো হৰি ।

   মই আসি তোৰ       ঘৰে পুত্ৰ ভৈলো

        সিটো দূষ দূৰ কৰি ।

উত্তৰ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুঠি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা কানাইৰ চাতুৰী  নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে ।

     কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে জগতপতি শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপটো সুন্দৰকৈ ফুটাই তুলিছেসাধাৰণ শিশু এটিৰ দৰে তেওঁ মাকৰ ওপৰত ফং অভিমান কৰিছে ।

    যশোদাক জগতে কাঠবাজী বুলি হাহিছিঁল । কিন্তু কৃষ্ণই জম্ন লাভ কৰি যশোদাৰ সেই দোষ নোহোৱা কৰে । তথাপি তেওঁৰ প্ৰতি যশোদাৰ অকণো মৰম চেনেহ নাই । ভগৱান ভক্তিৰ অধীন । যশোদাই একান্ত ভক্তিৰ বলত জগতৰ প্ৰতি কৃষক পুত্ৰ হিচাপে লাভ কৰিবলৈ পাৰিছে । নাৰায়ণৰূপী কৃষ্ণই নিজৰ আচল ৰূপ ঢাকি ৰাখি সাধাৰণ মানৱ শিশুৰ দৰে যশোদাৰ ওচৰত মান, অভিমান, খং, ৰোষ আদি কৰিছে ।     

 

 (খ) মোহিনী স্বৰূপে        অমৃত পিয়ালো

         সাধিলো দেৱৰ কাম ।

  তোমাৰ ঘৰে আসি       বৰ যশ পাইলো

        লৈলো দধিচোৰ নাম ।

উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা ৰ অন্তৰ্গত শ্ৰীধৰ কন্দলীয়ে কৰা কানাইৰ চাতুৰী নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে ।

     এবাৰ দেৱতা আৰু অসুৰ বিলাকে সাগৰ মন্থন কৰিছিল । সাগৰ মন্থন কৰোঁতে উৎপন্ন হোৱা অমৃত খাৱৰ বাবে দেৱতা আৰু অসুৰৰ মাজত টনা-আজোৰা লাগিছিল । দেৱতাসকলৰ সৈতে যদি অসুৰ বিলাকেও অমৃতৰ ভাগ খাবলৈ পায় তেতিয়া অসুৰবিলাকো দেৱতাসকলৰ দৰে অজৰ অমৰ হব আৰু পৃথিৱীত অধৰ্ম ভৰি পৰিব । সেইবাবে দেৱকাৰ্য সাধন কৰিবলৈ ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল । অসুৰবিলাক মোহিনীৰ ৰূপত ভোল গৈ থকাৰ সময়ত দেৱতাসকলে অমৃত ভাণ্ড পান কৰি শেষ কৰি পেলাইছিল ।

    সেইজন বিষ্ণুৱে যশোদাৰ একান্ত ভক্তিত সন্তুষ্ট হৈ নন্দ হৃহত পুত্ৰ হিচাপে জন্ম লাভ কৰিছে । মানৱীয় ৰূপ প্ৰদৰ্সন কৰি তেওঁ মাকৰ লগত ঠেহ-পেচ, মান-অভিমান আদি কৰিছে । দেৱতাসকলক অমৃত পান কৰোৱা বিষ্ণুৱে নন্দৰ হৃহত দধিচোৰ নাম লৈছে । এইদৰে কৃষ্ণই চাতুৰী কৰি নিজৰ পৰম ব্ৰহ্মত্ব ৰূপ ঢাকি ৰাখি নিজৰ মানৱীয় ৰূপ প্ৰদৰ্শন কৰিছে ।

 

(গ) মই নাৰায়ণ      জগত কাৰণ

      তুমি গোৱালৰ জীউ

  তথাপি তোহাক      দেখন্ত ডৰত

      উৰি যায় মোৰ জীউ ।

উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা ৰ অন্তৰ্গত শ্ৰীধৰ কন্দলীয়ে কৰা কানাইৰ চাতুৰী নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে ।

     উক্ত কবিতাফাঁকিৰ জৰিয়তে ইয়াকে বুজাব বিচৰা হৈছে যে কৃষ্ণই জগতৰ কাৰণ স্বৰপ নাৰায়ণ হৈয়ো মাকৰ ভয়তে থাকিব লাগে । তেৱেই এই অনন্ত ব্ৰহ্মাণ্ডখন স্ৰজন কৰি প্ৰতিপালন কৰি আছে আৰু সকলোকে আত্মৰূপে ধৰি আছে । ব্ৰহ্মা আদি কৰি সকলো চৰাচৰে তেওঁক সেৱা কৰে ।

       ভগবান ভক্তৰ অধীন । একান্ত মনেৰে ভক্তি কৰিলে জীৱই তেওঁক পাবলৈ সমৰ্থ হয় । শ্ৰীকৃষ্ণ হৈছে পৰম ব্ৰহ্ম, এই জগতৰ স্ৰজন, পালন আৰু বিনাশ কৰোঁতা । তেওঁক যশোদাই একমাত্ৰ ভক্তিৰ বলেৰেহে পুত্ৰ ৰূপে পাবলৈ সমৰ্থ হৈছে । শ্ৰীকৃষ্ণই চাতুৰী কৰি নিজৰ পৰম ব্ৰহ্মৰ ৰূপ ঢাকি ৰাখি যশোদাৰ আগত মানৱীয় ৰূপ প্ৰদৰ্শন কৰিছে । সেয়েহে কৃষ্ণ স্বয়ং জগতৰ কাৰণস্বৰূপ নাৰায়ণ হলেও সামান্য শিশু এটিৰ দৰে মাকৰ ভয়ত কাতৰ হৈ পৰে ।  

ভাষা – বিষয়কঃ

  ১/ তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা ।

   (ক) আসি    (খ) খেড়ি     (গ) পুহাইল

  (ঘ) নুজুৰাই  (ঙ) বিগুটিয়া  (চ) কিসৰ

উত্তৰ:-

          শব্দ  ---  আধুনিক ৰূপ

 (ক)আসি --  আহি

 (খ) খেড়ি -- খেলা

 (গ) পুহাইল -- পুৱালে

 (ঘ) নুজুৰাই – - জুৰ নপৰে

 (ঙ) বিগুটিয়া – ঠাট্টা কৰা ।

 (চ) কিসৰ -- কিহৰ 

  

  ২/ তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰিতন কৰা ।

  (ক) সুন্দৰী     (খ) মাতৃ     (গ) মামা

উত্তৰ:-

   (ক) সুন্দৰী ---- সুন্দৰ

   (খ) মাতৃ  ---- পিতৃ

   (গ) মামা  --- মামী

 

৩/ বিপৰীত শব্দ লিখা ।

  (ক) বিশ্বাস   (খ) দোষ      (গ) আনন্দ

  (ঘ) অপমান     (ঙ) অমৃত     

উত্তৰ:-

      শব্দ ---- বিপৰীত শব্দ  

   (ক)বিশ্বাস --- অবিশ্বাস

  (খ) দোষ  --- গুণ

  (গ) আনন্দ --- নিৰানন্দ     

 (ঘ) অপমান --- সন্মান / মান

 (ঙ) অমৃত  --- গৰল / বিষ      

   

 Assamese All Chapter Question Answer .

     Published  By Lokesh Das

Class 10 Assamese  questions Answer.                    


Previous Post Next Post