অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি । Class 10 Assamese Book Question Answer SEBA .

Class 10 Assamese Book Question Answer SEBA . 

 

   Assamese All Chapter Question Answer .




অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

 

 

 

   ১/ অতি চমু উত্তৰ লিখা:

 

ক) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ?

উত্তৰ:- মংগোলীয় গোষ্ঠী

 

খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল ? 

উত্তৰ:- প্ৰাচীন কালৰে পৰা অসম দেশ যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল

 

গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?

উত্তৰ:- বিভিন্ন ভাষা-ভাষী লোকৰ মাজত ঘটা ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে

 

 ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল ?

উত্তৰ:- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা

 

 ঙ) অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক ?

উত্তৰ:-  আহোমসকল

 

 

 

২/ চমু উত্তৰ লিখা:-

 

 ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ?

উত্তৰ:- অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ প্ৰাচীন জনজাতীয় গোষ্ঠী অৰ্থাৎ অনাৰ্যসকল যেনে -  কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিক বুজায়



 খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?

উত্তৰ:- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল


 

 গ) চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক কৰ কৰ পৰা অসমলৈ আহিছিল ?

উত্তৰ:- চাহ উদ্যোগৰ কৰ্মীসকল হৈছে- চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙ্গা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক

      এওঁলোক বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল

 

ঘ) পাঠটিত থকা খাদ্য- বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা ।

উত্তৰ:- পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা হৈছে - পাৰাথা, পোলাও, কোৰ্মা-কোপ্তা, কে'ক-বিস্কুত, ৰুটি, ৰসগোল্লা, লালমোহন, চিঙ্গাৰা, লুচি-পুৰী, ডচা-চাম্বাৰ, ইডলি ইত্যাদি ।


 

৩/ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি ?

উত্তৰ:- অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে- অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ- সাহিত্য আৰু ডাকৰ বচন আদি

 

 More Resours For Class 10 Solutions in Assamese Medium

 

 

৪/ অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে ’- কথাষাৰৰ গুৰুত্ব বাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা  

উত্তৰ:- অসম দেশত বিভিন্ন জাতি-উপজাতিৰ মানুহে বাস কৰে । অসম সমস্যা বহুল দেশ । ইয়াত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকে লগলাগি এখন অসমীয়া সমাজ গঠন কৰিছে । তেৰয়োদশ শতিকাৰ পৰা আজিলৈকে অসমলৈ নানা ধৰণৰ জাতিৰ মানুহ আহি থিতাপি লৈছে । কিছুমানে যুদ্ধ কৰিবলৈ আহি, কিছুমানে যুদ্ধ হৈ, কিছুমানে বেপাৰ-বাণিজ্য কৰিবলৈ আহি, কিছুমানে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত আহি আৰু আন কিছুমানে চৰকাৰী উদ্যোগত আহি ইয়াত বাস কৰিছে । হিন্দু, মুছলমান, শিখ, জৈন আদি বিভিন্ন ধৰ্মৰ মানুহ অসমলৈ  আহি অসমীয়া হৈ পৰিছে । অসমত থকা বিভিন্ন জাতি গোষ্ঠীসমূহে নিজৰ ভাষা এৰি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া ভাষা সংস্কৃতি ৰক্ষাত সহায় কৰিলে অসমত নানা ধৰেম, নানা ভাষাৰ লোকে বাস কৰে ।      

 

৫/ বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল - ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে - পাঠৰ আলমত বিচাৰ কৰা

উত্তৰ:- ইয়াত ঔদ্যোগিক আবেষ্টনী মানে বৃটিছসকলে অসমত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ললে এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ আদি বিভিন্ন অঞ্চলৰ পৰা অসমলৈ আহিছিল অসমত বিভিন্ন ৰাজ্যৰ পৰা চাঁওতাল, কুৰ্মি, মুণ্ডা, তেলেঙ্গা, মোছহৰ, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোকে অসমৰ চাহ উদ্যোগৰ কাম কৰিবলৈ ল'লে। কালক্ৰমত এই সকলেই নিজৰ সংস্কৃতি কিছু সংৰক্ষণ কৰি হলেও অসমীয়া মাত-কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমত পৰিল কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰল অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হল তেওঁলোকৰ বিশেষ এটা আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি পৰিল

 

 

৬/ এটা সংমিশ্ৰিত- সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অবকাশ নাই” - ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অবকাশ নাইবোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।

উত্তৰ:- এটা সংমিশ্ৰিত- সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অবকাশ নাই ইয়াত লেখকে বৃহৎ অসমীয়া জাতি আৰু এক সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে ।

         নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অবকাশ নাই- অসমীয়া জাতিৰ সংস্কৃতি প্ৰকৃততে গঢ় লৈ উঠিছে বিভিন্ন জনজাতীয় সাংস্কৃতিক উপাদানেৰে । কেৱল এটা জনগোষ্ঠীৰ সংস্কৃতিয়ে অসমীয়া সমস্কৃতি নহয় । অসমীয়া জাতি বুললিলে ই সাঙুৰি লয় কাৰবি, দেউৰী, কছৰী, চুটিয়া আদি বিভিন্ন জনজাতিৰ সেই একেদৰেই এই সংমিশ্ৰিত জাতিৰ সংস্কৃতিতো উপাদান আছে বিভিন্ন জনজাতীয় সাংস্কৃতিক সমলসমূহৰ । বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কটকটীয়া কৰি তুলিলে অসমত বসবাস কৰা জনজাতীয় ভাষা ভালদৰে বুজি পায় আৰু কব পাৰে অসমলৈ পৰৰ্ৱতী কালত অহা লোক সকলেও নিজৰ নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আকোৱালি লয় যুগ যুগ ধৰি এনেদৰে আদান-প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহ হৈ আছে। বিভিন্ন ধৰণৰ জাতি-জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে সেয়ে অসমীয়া জাতি যে এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি এই কথা নুই কৰাৰ কোনো য়ুক্তি- তৰ্কৰ অৱকাশ দেখা নাযায় ।

 

৭) লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল ? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা

উত্তৰ:- অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণও আছিল ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয় আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান আছিল এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল, মুছলমান সকল আৰু বিভিন্ন ৰাজ্যৰ পৰা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল এওঁলোকৰ ভিতৰৰ কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গল এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়েও গ্ৰহণ কৰি ললে সাজপাৰ, আ-অলঙ্কাৰ, দৈনন্দিন ব্যৱহাৰ্য আচবাব, বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে পৰৱৰ্তী কালত আন আন প্ৰজাতিৰ লোক অসমলৈ আহিল । এইদৰে বিভিন্ন অসমলৈ অহা বিভিন্ন সংস্কৃতিসম্পন্ন জাতিয়ে অসমীয়া ভাষা সংস্কৃতিৰ লগত এটাই আনটোত জাহ গৈ মিলি গল । ইয়াৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ আৰম্ভ হল । বাহিৰৰ সংস্কৃতিৰ লগত এই দেশৰ সংস্কৃতিৰ সংমিশ্ৰণ ঘটি এক বলিষ্ঠ সংস্কৃতিৰ সৃষ্টি হল । এইদৰেই সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল ।

 

 

৮) তাৎপৰ্য বাখ্যা কৰা :-

 

ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা

উত্তৰ:-  অসম দেশত নানা ধৰ্মৰ ভাষাগোষ্ঠীৰ লোকে বাস কৰে । এই সকলোবোৰে লোক অসমীয়া । মিচিং, কাৰবি, দেউৰী আদি সম্প্ৰদায়ে নিজ নিজ দোৱান বা উপভাষা জীয়াই ৰাখিছে যদিও তেওঁলোক সকলোৱে অসমীয়া ভাষা বুজে আৰু কয় । বাহিৰৰ পৰা অহা সকলো মানুহে অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষা গোষ্ঠীৰ লগত আদান প্ৰদান কৰে । সেইবৈবে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে লৈ এই গোটেই অঞ্চলৰ সামূহিক ভাষা আছিল অসমীয়া । গতিকে দেখা য়ায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা । ভাষিক সংমিশ্ৰণৰ বাবে অসমত আহোমে আহোম ভাষাৰে, ব্ৰাহ্মণ – ক্ষত্ৰিয়ই সমস্কৃতেৰে আৰু মুছলমানে আৰবী বা ফাৰ্চী ভাষাৰে কথা নাপাতে । এই সকলোবোৰৰ মাতৃভাষা অসমীয়া ।

 

খ) এই গোটেইবোৰ হল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।

উত্তৰ:- পাঠটোত গোটেইবোৰকথাষাৰে অসম দেশত ঘটা কিছুমান পৰিৱৰ্তনৰ কথা বুজাইছে ।

       ইংৰাজসকল অহাৰ লগে লগে আমাৰ দেশত ৰেলগাড়ীৰ প্ৰচলন হল । সেইদৰে পোছাক-পৰিচ্ছদৰ পৰিৱৰ্তন হল । মানুহে কোট পেণ্ট পৰিধান কৰিবলৈ ললে । কেক-বিস্কুটৰ প্ৰচলন হল । নতুন নতুন খাদ্যসামগ্ৰীৰ আমদানি হল ।

    ইংৰাজ যোৱাৰ পিছত ভাৰত স্বাধীন হল, দেশত বহুত পৰিৱৰ্তন ঘটিল । আগৰ দিনৰ পৰা হিন্দু মুছলমানৰ মাজত লুকাই চুৰকৈ চলা খানা পিনা সামাজিক ভাৱে আৰু হোটেলৰ যোগেদি খোৱা-লোৱাৰ ব্যৱস্থা হল । বংগদেশীয় ৰসগোল্লা, লালমোহন, চিংগাৰা আদি নানা মিটাইৰ প্ৰচলন হল, লুচী পুৰি সোমাই পৰিল । অসমীয়া মানুহে হোটেলত মাদ্ৰাজীৰ ডচা, চাম্বাৰ আৰু ইদলী খোৱা হল । জাত – কুলৰ বিচাৰ বিলোপ পালে । চুৱাৰ অন্ত হল । সকলোৱে একেলগে খোৱাত আপত্তি নকৰা হল । সামাজিক বাধা নিষেধ কমিল । হিন্দু মুছলমান সকলোৱে উৎসৱত যোগ দিয়া হল । মৰা জীয়াৰ খৱৰ লোৱা হল । মৰাশ সৎকাৰো ভাগ লোৱা হল । এই গোটেইবোৰ প্ৰক্ৰিয়া নিজ্ নিজ্ হোৱা প্ৰক্ৰিয়া । সেইবাবে ইয়াক স্বতঃপ্ৰণোদিত প্ৰক্ৰিয়া বোলা হৈছে ।

 

গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱহাৰ

 

উত্তৰ:- এই পাঠটিত লিখকে বাহিৰাগত সকলে অসম দেশখনক নিজ দেশ বুলি ভবা কথাৰ বিৱৰণ দিছে । বাহিৰৰ মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি আমাৰ দেশৰ ভাষা সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিলে । ই হৈছে এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত মিলি যোৱাৰ ব্যৱস্থা । বহিৰাগত সকলে আমাৰ অসম দেসখনক নিজৰ বুলি ধৰি ললে । এই দেশৰ ভাষাক নিজৰ বুলি গ্ৰহণ কৰিলে । গতিকে সকলোৱে মিলি এটা বৃহৎ অসমীয়া জাতি হৈ পৰিল । লগে লগে সংস্কৃতিৰ পৰিৱৰ্তন হল । এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে । খোৱা বস্তু আৰু ৰন্ধনৰো পৰিৱৰ্তন হল । পোছক পৰিচ্ছদো পৰিৱৰ্তন হল । সদায় ব্যৱহাৰ কৰা আচবাব পত্ৰতো পৰিৱৰ্তন দেখা দিলে – নতুন সাজ-সজ্জা, আ- অলংকাৰ আহিল । এইবোৰ নিজে নিজে হৈছিল, কোনেও কাকো জোৰ কৰি জাপি দিয়া নাছিল ।

 

ভাষা – বিষয়কঃ

 ১/ সন্ধি ভাঙাঃ

সংস্কৃতি, জলাঞ্জলি, স্বাধীন

উত্তৰ:-

সংস্কৃতি  -- সম্  + কৃতি

জলাঞ্জলি – জল্  + অঞ্জলি

স্বাধীন    - - স্ব  + অধীন

 

২/ প্ৰ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা ।

উত্তৰ:- প্ৰ উপসৰ্গ লগ লগাই তিনিটা শব্দ –

            প্ৰভাৱ

            প্ৰহাৰ

            প্ৰস্থান

 

৩/ বাক্য ৰচনা কৰা

ভাষা-সংস্কৃতি, পৃজা-পাৰ্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা ।

উত্তৰ:-

ভাষা-সংস্কৃতি -  অসমীয়া ভাষা- সংস্কৃতিৰ সাধক হেমচন্দ্ৰ বৰুৱা হৈছে হেমকোষঅভিধানৰ প্ৰণেতা ।

 

পৃজা-পাৰ্বণ -  পৃজা-পাৰ্বণৰ অন্তত গৃহস্থই পুৰোহিতৰ আশিষ লৈ যাৱতীয় কাম-কাজত ব্যস্ত হল ।

 

বেপাৰ-বাণিজ্য -  ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বেপাৰ – বাণিজ্যৰ উদ্দেশ্য ভাৰতলৈ আহি ইয়াত খোপনি পুতিছিল ।

 

 সহজ-সৰল -  সহজ – সৰল মনেৰে কঠোৰ লোকৰো হৃদয়  জিনিব পাৰি ।

 

দিয়া-লোৱা -  দিয়া-লোৱা অবিহনে বেপাৰ কেতিয়াও সম্ভৱ নহয় ।

 

এৰা-ধৰা -  এৰা – ধৰা কৰিব নোৱাৰিলে সমাজত চলা টান ।

            


 Assamese All Chapter Question Answer .

     Published  By Lokesh Das

Class 10 Assamese  questions Answer.                    


 

Previous Post Next Post