ইন্টাৰনেটৰ তিতা মিঠা । Class 10 Assamese Book Question Answer SEBA.

 

Class 10 Assamese Book Question Answer SEBA . 

 

   Assamese All Chapter Question Answer .


ইন্টাৰনেটৰ তিতা মিঠা

 

 

১) চমুকৈ উত্তৰ লিখাঃ

ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল ?

উত্তৰ:- কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ সুৱাদত দেউতাকে তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত কৰিবলৈ কম্পিউটাৰটো উপহাৰস্বৰূপে  দিছিল


খ) ইন্টাৰনেট কি ?

উত্তৰ:- ইন্টাৰনেট হল - কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা ‘Interconnection of Networks’ -এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট (Net) বুলিও কোৱা হয়


গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল ?

উত্তৰ:- কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল


ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল ?

উত্তৰ:- পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।


ঙ) ভাইৰাছ কি ?

উত্তৰ:- ভাইৰাচ বা Virus ৰ সম্পূৰ্ণ নাম হ'Virus information resources under seize. এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম


২) WWW বা ৱেব কি ?

উত্তৰ:- পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব ইয়াৰ WWW অৰ্থাৎ সম্পুৰ্ণ ৰূপ ৱৰ্ল্ড ৱাইড ৱেব (World wide web) বোলে WWW- ত তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ভিদিঅআৰু অডিঅৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি


More Resours For Class 10 Solutions in Assamese Medium


৩) কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে ?

উত্তৰ:- কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণ যিয়ে দেউতাকৰ চাকৰি সূত্ৰে মাস্কোত থাকে আৰু তাতেই পঢ়া-শুনা কৰে, তাইলৈ ই-মেইল কৰিলে । লগে লগে শ্বেৰণে তাইৰ ই-মেইলৰ সঁহাৰি জনাই সিঁহত জনাই আছে বন্ধত মাক দেউতাকৰ লগত সৈতে যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতাৰ বৰ্ণনা কুঁৱলীলৈ  প্ৰেৰণ কৰিলে । এই বিৱৰণে কুঁৱলীক বাৰুকৈয়ে মোহিত কৰিলে । তাই উপলদ্ধি কৰিলে যে ই-মেইলৰ দ্বাৰা বান্ধু বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লব পাৰি । সেয়ে তাই শ্বেৰণৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশত থকা শ্বেণৰ বন্ধু-বান্ধৱীবোৰলৈ ই-মেইল দিয়া আৰম্ভ কৰিলে আৰু এওঁলোকৰপৰা লাভ কৰা প্ৰত্যুত্তৰৰ পৰা দেশ – বিদেশৰ বহু নজনা কথা জানিব পাৰিলে আৰু বহুতো নতুন নতুন অভিজ্ঞতা লাভ কৰিলে ।    

 

৪) ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে ?

উত্তৰ:- ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে বিভিন্ন ধৰণৰ নতুন অভিজ্ঞতা আহৰণ কৰিলে কুঁৱলী অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল পঠিয়াই তাৰ সঁহাৰিৰূপে বন্ধত শ্বেৰণৰ মাক-দেউতাৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতাৰ বৰ্ণনাৰ বিষয়ে জানিব পাৰিলে, ভিডিঅকলিঙ উপভোগ কৰি তাই যেন মুখামুখিকৈ কাৰোবাৰ লগত বহি কথা পাতি আছে সেয়া অনুভৱ কৰিলে । ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকি ললে সপ্তাহৰ নিৰ্দ্ধাৰিত কেইটামান দিনত কুঁৱলীয়ে পঢ়া সামৰি অলপ সময় মনোঞ্জন আমেজ ললে । নীতি শিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহ শুনা আৰু দৰ্শন কৰাৰ লগতে খেল-ধূলাও উপভোগ কৰিলে । ইণ্টাৰনেটত কুঁৱলীয়ে দক্ষিণ ভৰতলৈ যোৱাৰ টিকট কাটিলে, হোটেল বন্দবস্ত কৰিলে, আনকি থাকিবলগীয়া হোটেলৰ অগ্ৰিম ভাড়া জমা দিলে । ই-কমাৰ্চৰ সুবিধাত সাজ-পোছাক আৰু লাগতিয়াল সামগ্ৰী ক্ৰয় কৰিলে । এইদৰে কুঁৱলীয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰি বিভিন্ন সুবিধা লাভ কৰিলে ।

 

 

৫) ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ?

উত্তৰ:- ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপ হৈছে `Vital information resources under seize' ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম ভাইৰাচে নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে


৬)ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে-কথাষাৰৰ বক্তা কোন ? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা

উত্তৰ:- ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে’ - কথাষাৰৰ বক্তা বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞান বিভাগত গৱেষণা কৰি কৰা  শ্বাবানা বাইদেউ

         সুবিধা বৰ্তমান সময়ত মানৱ জীৱন ধাৰণৰ এক অতি প্ৰয়োজনীয় বিষয় হৈছে ইন্টাৰনেট । ইয়াৰ প্ৰয়োগে মানৱ জীৱন অধিক খৰতকীয়া কৰি তুলিছে । মানুহে কোনো এটা বিষয়বস্তু জানিব বিচাৰিলে কম্পিউটাৰত টাইপ কৰি দিলেই হল । ইণ্টাৰনেটৰ পৰা নিমিষতে সেই শব্দটোৰ পৃষ্ঠা জুৰি থকা বিৱৰণ চকুৰ আগত আহি পৰে । ইণ্টাৰনেটৰ এটা অংগ ই-মেইলৰ যোগেদি বিভিন্ন ঠাই ভ্ৰমণৰ চাক্ষুস বৰ্ণনা ৰঙীন ফটোৰ সৈতে দেখা পাব পাৰি, ভিডিঅকলিঙৰ সোৱাদ লব পাৰি । ই-বেংকিঙৰ দ্বাৰা সময় আৰু কষ্ট লাঘৱ কৰি টিকট কটা, হোটেল বন্দবস্তু কৰা, হোটেলৰ ভাড়া জমা দিয়া আদি কাৰ্য কৰিব পাৰি । এনেধৰণৰ ইণ্টাৰনেচৰ পৰা আজিৰ মানৱ সমাজে সা-সুবিধা আহৰণ কৰিব পাৰে ।


    অসুবিধা আজিকালি বেছিভাগ মানুহে ইণ্টাৰনেচৰ ৰঙীন জগতখনৰ প্ৰতিহে বেছি আকৃষ্ট হোৱা দেখা গৈছে । আনকি ছাত্ৰ-ছাত্ৰীসকলেও স্কুললৈ সাজু হোৱাৰ আগলৈকে, স্কুলৰ পৰা আহিয়েঅই মুখ হাত ধুই  নাকে মুখে কিবা অকণ গুজিয়েই ইণ্টাৰনেট খুলি লয় । মাজতে মাত্ৰ স্কুলৰ ঘৰুৱা কামখিনি কৰিলৈ পুনৰ ৰাতি আহাৰ গ্ৰহণ কৰাৰ আগলৈ বা কেতিয়াবা তাৰ পাছতো ইণ্টাৰনেটত ব্যস্ত হৈ থাকে । তেওঁলোকে ইণ্টাৰনেটত থকা মোবাইলৰ ফেচবুক, ৱাটছ এপ আদিৰ দৰে বিভিন্ন ধৰণৰ মেছেজবোৰৰ মাজতে ব্যস্ত হৈ থাকি ভাল পায় । চৌপাশৰ পৰিৱেশৰ প্ৰতি তেওঁলোকৰ কোনো ভ্ৰূক্ষেপ নাই । মাজে মাজে কাণত হেডফোন লগাই গান, চিনেমাৰ ৰঙীন পৃথিৱীখনতো মচমণ্ডল হৈ থাকে । সেইদৰে ইণ্টাৰনেটত থকা গেমবোৰ অধিক গুৰুত্ব দিয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ কমি আহিছে । বাহিৰা কিতাপ, আলোচনী, বাতৰি-কাকত আদিৰ লগত সম্পৰ্ক নোহোৱা হৈ পৰিছে । ছচিয়েল মিডিয়াত প্ৰচাৰিত কিছুমান উৰা-বাতৰিৰ ৰূপ লৈ সমাজখনত বিভিন্ন ধৰণে ক্ষতিসাধনো কৰিছে ।  


৭) ইন্টাৰনেটৰ তিতা মিঠাগল্পটোৰ নামকৰণ সাৰ্থকতা বিচাৰ কৰা

উত্তৰ:- ইন্টাৰনেটৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা এটি দিৱলৈ গৈ লেখিকা ° প্ৰণয়ী দত্তই এই গল্পটিৰ নাম 'ইন্টাৰনেটৰ তিতা মিঠা' ৰাখিব বুলি ধাৰণা কৰিলে

    পৃথিৱীৰ সকলো বস্তুৰে ভাল বা দুয়োটা দিশ আছে লেখিকা   প্ৰণয়ী দত্ত নিজেও ইলেক্ট্ৰনিক মাধ্যমৰ হোৱা হেতুকে সেই মাধ্যমৰ সুবিধা-অসুবিধা দুয়ো দিশতে তেওঁ জ্ঞাত

      ইন্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোতে বিভিন্ন বতৰা দিৱলৈ সক্ষম হৈছে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহুলোক বিশেষকৈ ছাত্ৰসমাজ বিভিন্ন ক্ষতিৰো মুখামুখি হৈছে।

        এটা মূদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে সূৰ্য সৰ্বশক্তিৰ আধাৰ সূৰ্যৰ তাপ পোঁহৰ নথকা হলে এই ধৰণিত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলেহেতেন আকৌ ইয়াৰ বিপৰীতফালে সূৰ্যৰ উৎকট তাপত জহকালি আমি বাটলৈ ওলাব নোৱাৰোঁ, ঠায়ে ঠায়ে মানুহ তথা জীৱ জন্তুৰ লগতে গছ-লতিকাও মৃত্যুমুখত পৰে একেদৰে ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত আগবঢ়াই নি উন্নতিৰ সপোণ ৰচিব পাৰিব অৱেশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব এই ক্ষেত্ৰত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব, তেতিয়া সেই বেয়া দিশ তথা কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ়প্ৰতিজ্ঞ হব ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰি মনোৰঞ্জনৰ বাবে নীতিশিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰিব পাৰি মুঠতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইন্টাৰনেটৰ জৰিয়তে লব পাৰি বুলি লেখিকা গৰাকীয়ে উল্লেখ কৰিছে ইন্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বোলা হৈছে । ইন্টাৰনেটৰ আনহাতে কিছুমান অসুবিধাও আছে ইন্টাৰনেটে এতিয়াৰ নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা-ধূলাৰ জগতখনৰ পৰা, সাহিত্য-সংস্কৃতি আদিৰ পৰা বহুত আঁতৰাই আনিছে ইন্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰিৰ প্ৰচাৰ হয় এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হবলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনাৰে ব্যৱহাৰ কৰিব লাগে সেইবাবে এই গল্পটোৰ নাম 'ইন্টাৰনেটৰ তিতা মিঠা' নামেৰে সাৰ্থক কৰা হৈছে

 

৮) ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা

উত্তৰ:- বৰ্তমান সময়ত ইণ্টাৰনেট মানৱ জীৱনৰ এক অত্যাৱশ্যকীয় অংশ হিচাপে পৰিগণিত হৈছে । ছাত্ৰৰ শিক্ষাৰ ক্ষেত্ৰতো ই বৰ্তমান অতি প্ৰয়োজনীয় বস্তু । শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰে নানা ধৰণৰ সমশ্যাৰ সৃষ্টি কৰিব পাৰে । ইণ্টাৰনেটৰ ৰঙীন জগতখনে ছাত্ৰসকলক অতি সোনকালে আৰু আকৰ্ষিত কৰিব পাৰে । বহুতো লৰা ছোৱালীয়ে ইণ্টাৰনেটত গেম খেলি পঢ়া শুনাৰ প্ৰতি অমনোযোগী হৈ পৰে । সুবিধা পালেই স্কুল ক্ষতি কৰি দিনৰ দিনটো মোবাইলত গেম খেলাত ব্যস্ত হৈ থাকে । ইয়াত অত্যধিক আকৃষ্ট হৈ পৰাৰ ফলত চৌপাশৰ পৰিৱেশ, আত্মীয় স্বজন, ওচৰ-চুবুৰীয়া আদি সকলোৰে প্ৰতি অমনোযোগী হয় । উৎসৱ-অনুষ্ঠান আদিৰ পৰাও আঁতৰি থাকিব পাৰিলেই যেন ভাল পায় । কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনতেই অবিৰাম উঠি ভাঁহি থাকি দৈনন্দিন জীৱনৰ আৱশ্যকীয় সকলো দিশত সম্পূৰ্ণ আনমনা হৈ পৰে । ঘৰুৱা কাম-বন তথা অন্যান্য দায়িত্বৰ প্ৰতি উদাসীন হৈ কেৱল ইণ্টাৰনেটতেই ব্যস্ত হৈ থাকে । ফলত দেহত এলাহ ভাবে দেখা দিবলৈ ধৰে । ইয়াৰ উপৰি ইয়াৰ অত্যধিক ব্যৱহাৰৰৰ ফলত মূৰৰ বিষ, চকুৰ দৃষ্টি কমি যোৱা আদি নানা ধৰণৰ উপসৰ্গই দেখা দিব পাৰে । ই ছাত্ৰ-জীৱনত পঢ়া-শুনাৰ ক্ষেত্ৰত বাধা জন্মায় । ছাত্ৰ-ছাত্ৰীসকলে বাহিৰা কিতাপ-পত্ৰ, আলোচনী, বাতৰি-কাকত আদিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখে ।

 

ভাষা- বিষয়কঃ

৯) বাক্য ৰচনা কৰাঃ

চিনাকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।

উত্তৰ:-

চিনাকি-অচিনাকি- দুখীয়া অথচ মেধাৱী ছাত্ৰজনক সহায় কৰিবলৈ চিনাকি-অচিনাকি বিভিন্নজন আগুৱাই আহিল ।

অলীক-সপোন- সেই দুষ্ট মানুহজনে সহজ সৰল মানুহখিনিক অলীক-সপোন দেখুৱাই তেওঁলোকৰ ধন-সোণ, টকা-পইচা সকলো লুটি-পুটি লৈ গল ।

নাকে-মুখে-  ৰাহঁতে বিদ্যালয়ৰ পৰা আহি নাকে-মুখে ভাত এগাল সুমুৱাই পথাৰলৈ দৌৰ মাৰিলে 

পৰীক্ষা-নিৰীক্ষা বিভিন্ন ধৰণৰ পৰীক্ষা – নীৰিক্ষাৰ অন্তত বিজ্ঞানীসকলে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰাৰ সত্যতা প্ৰমাণ কৰিছিল ।

 

১১/ অৰ্থ লিখাঃ

ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত ।

শব্দ

অৰ্থ

ক্ষতি

বিজুতি

গুণা-গঁথা

উদাস

পুঞ্জীভূত

লোকচান

স্বাদৰ অভাৱ

চিন্তা কৰা কাৰ্য

অনুৰাগৰ অভাৱ

স্তূপীকৃত

 


 Assamese All Chapter Question Answer .

     Published  By Lokesh Das



Class 10 Assamese  questions Answer.                    


 

Previous Post Next Post