বিষাদ যোগ । Class 10 Assamese Question Answer SEBA.

 

 

 Class 10 Assamese Book Question Answer SEBA . 



 

বিষাদ যোগ

 

১/ চমু উত্তৰ দিয়াঃ

(ক) মহাৰথী কাক বোলে ?

উত্তৰ:- যিজনে অকলে দহ হাজাৰ ধনুৰ্দ্ধাৰীৰ সৈতে যুঁজ কৰে, তেওঁকে মহাৰথী বোলে ।

 

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা ।

উত্তৰ:- কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হল – গুৰু দ্ৰোণ, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী, অশ্বথামা, বিকৰ্ণ, সোমদত্তৰ পুত্ৰ ভুৰিশ্ৰৱা ।

 

(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল ?

উত্ত:-  সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শঙ্খ, ভেৰী, সোনাক, গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল ।

 

(ঘ) আততায়ী কাক বোলে ?

উত্ত:- যিযে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সৰ্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভাৰ্ষাক অপকাৰ কৰে, অস্ত্ৰ লৈ যুদ্ধ দিয়ে – এই ছয় দোষৰ দোষীকে আততায়ী বোলে ।

 

(ঙ) কলক্ষয় দোষ কি ?

উত্ত:- যি দোষত কুলধর্ম নষ্ট হয, সেয়াই কুলক্ষয়  দোষ । ধৰ্ম নষ্ট হলে অৱশিষ্ট কুলক অধৰ্মে চুবে কুলস্ত্ৰীসকল দুষ্ট হয় । স্ত্ৰী দুষ্ট হলে বৰ্ণসংকৰ হয়, সেই কুলটো নৰকগামী হয়, পিতৃসকল পিণ্ডহীন, জলতৰ্পণবিহীন হৈ পৰে ।

 

২/ তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা ।

উত্তৰ:- পাঠটিত পাণ্ডবসকলৰ যুদ্ধোৎসৱৰ বৰ্ণনা পোৱা যায় এইদৰে – শুকুলা ৰঙৰ চাৰিটা ঘোঁৰাই টনা মহাৰথত উঠি কৃষ্ণাৰ্জ্জনে দিব্যশংখ বজাই ৰণক্ষেত্ৰলৈ অগ্ৰসৰ হল । কৃষণই পাঞ্চজন্য শংখ ফুকালে । অৰ্জুনে দেৱদত্ত নামৰ শংখনাদ কৰিলে । ভীমে পৌণ্ড্ৰক নামে মহাশংখ, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক ধ্বনিৰে ৰণাংগনত প্ৰৱেশ কৰিলে । আনহাতে কাশীৰাজ, সাত্যকি ধৃষ্টদ্যুম্ন, বিৰাট, দ্ৰুপদ, দৌপদীৰ পঞ্চপুত্ৰ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আদি পৃথকে পৃথকে শংখ বজালে । সেই শংখৰ মহানাদে আকাস, পৃথিৱীৰ সমন্বিতে দশোদিশ কঁপাই কৌৰৱ সৈন্যৰ মাজত মহা আতংকৰ সৃষ্টি কৰিলে ।

 

৩/ অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল  ?

উত্তৰ:- অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কৈছিল  যাতে তেওঁ যুঁজাৰু বাৰসকলক এবাৰ দৰ্শন কৰি লব পাৰে । যুঁজাৰু বাৰ সকল দুৰ্যোধনক সন্তুষ্ট কৰাৰ অৰ্থে ৰণলৈ আহিছে ।

 

৪) অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পাই শ্ৰীকৃষ্ণক কি কলে তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ:- অৰ্জুনে যুদ্ধক্ষেত্ৰ লৈ তেওঁৰ পিতৃতুল্য, মাতৃতুল্য, ভাতৃ, পুত্ৰকে আদি কৰি সকলোবোৰ আত্মীয়ক দুয়োটা সৈন্য দলত দেখিবলৈ পালে এনেদৰে সকলোৱে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুনে আবেগিক হৈ কৃষ্ণক কৈছে যে এই জাতি ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি, কঁপিবলৈ ধৰিছে, মুখ শুকাইছে শৰীৰ কঁপিবলৈ ধৰিছে তেওঁৰ এনে কাৰণৰ বাবে লাজ লগা বুলি কৈছে অৰ্জুনে লগতে কৈছে যে যুদ্ধত আপোনাক বধ কৰি একো লাভ নাই এনে বিজয়ৰ তেওঁ আকাংঙ্খা নকৰে আৰু ৰাজ্যসুখৰ লোভত স্বজন বধৰ অৰ্থে অৰ্জুন উদ্যত হৈছিল । সেই মহাপাপৰ প্ৰায়চিত্তৰ বাবে অৰ্জুনে অস্ত্ৰ নধৰি মৌন হৈ ৰোৱাৰ কথা ঘোষণা কৰিলে । দুৰ্যোধন আদিয়ে যদি অস্ত্ৰ ধৰি তেওঁক বধো কৰে, তেওঁৰ কোনো আক্ষেপ নাই । এই বুলি কৈ অৰ্জুনে ধনশুৰ এৰি কম্পিত হৈ ৰথৰ ওপৰত বহি পৰিল ।

 

৫/ কুলক্ষয় দোষত কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা ।

উত্তৰ:-  কুলক্ষয় দোষত মহাপাপ বোলা হয় কাৰণ কুলক্ষয় হলে কুলধৰ্ম নষ্ট হয় । ধৰ্ম নষ্ট হলে অৱশিষ্ট কুলক অধৰ্মই আৱৰি ধৰে । অধৰ্ম বিয়পিলে কুলস্ত্ৰীসকল দুশ্চৰিত্ৰা হয় । স্ত্ৰী দুশ্চৰিত্ৰা হলে বৰ্ণসংকৰ জন্ম হয়, কুল নৰকগামী হয় । ইয়াৰোপৰি পিতৃপুৰুষসকল পিণ্ডহীন, জলতৰ্পহীন হৈ পৰে । এই দোষত সকলো জাতিধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰে ।

 

৬/ জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলো …….

-  এইদৰে কোনে কাক কৈছে ? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা ।

 

 

উত্তৰ;-জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলো …….

        - সঞ্জয়ে ধৃতৰাষ্টক এনেদৰে কলে ।

অৰ্জুনে নিম্নলিখিত বাক্যশাৰী কৈ ৰথৰ ওপৰত বহি পৰিল – মঞি অস্ত্ৰ নধৰি মৌনে ৰহো । তবে দুৰ্যোধনাদি যদি অস্ত্ৰ ধৰি মোক বধে তেবে মোৰ মহা প্ৰিয় হয়, যাতো পাপ নিসিজিব ।

অৰ্থাৎ, মই অস্ত্ৰ নধৰি মৌন হৈ ৰওঁ । তেতিয়া দুৰ্যোধনে যদি অস্ত্ৰ ধৰি মোক বধ কৰে তাতেই মই মহা আনন্দ পাম, মোৰ কোনো পাপ নহয় ।

 

ভাষা বিষয়কঃ

১/ তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা ।

নিপুণ, সমীপ, বিস্তৰ, সহস্ৰ, সদৃশ, বাদ্য, কৰ-চৰণ, চৰ্ম, শ্ৰুতি, বিমংগল, বান্ধৱ ।

শব্দ

সমাৰ্থক শব্দ

নিপুণ

 সমীপ

বিস্তৰ

সহস্ৰ

সদৃশ

বাদ্য

কৰ-চৰণ

চৰ্ম

শ্ৰুতি

বিমংগল

বান্ধৱ

পাকৈত

নিকট

বৃহৎ

হাজাৰ

সম

বাজনা

হাত-ভৰি

ছাল

বেদ

অমংগল

মিত্ৰ

 More Resours For Class 10 Solutions in Assamese Medium


 

২/ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ।

হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলো, খাস, ফুংকিলা, বাইলা, ৰহিবে, ৰহো ।

প্ৰচীন শব্দ

আধুনিক শব্দ

হুয়া

কহা

চক্ষু

কৰিলা

চাঞো

মঞি

বুলিলো

খসি

ফুংকিলা

বাইলা

ৰহিবে

ৰহো

হৈ

কোৱা

চকু

কৰিলে

চাওঁ

মই

কলে

খহি

ফুকালে

বজালে

ৰবলৈ, থিয় দিবলৈ

থাকোঁ ।

 

 

৩/ ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰ:- ভট্টদেব অর্থাৎ কবিৰত্ন ভাগবত ভট্টাচাৰ্য হৈছে অসমীয়া গদ্য সাহিত্যৰ জনক ।

   ভট্টদেৱ যে কেৱল কথাসাহিত্যৰ জনকেই তেনে নহয় । সাহিত্যক তেখেতৰ সমপূৰ্ণ সাহিত্যিক প্ৰতিভা পৰিস্ফূট হৈছে । তেওঁ অসমীয়া গদ্যত তত্ত্বগধূৰ কথা ৰচনাৰ আৰ্হি দেখুৱাই থৈ গৈছে । তেওঁৰ গদ্যপুথি বুৰঞ্জী সাহিত্যৰ দৰে কথিত গদ্য নহয় । তেওঁৰ সমসাময়িক পদ্যৰ ভাষাৰদ্বাৰা প্ৰভাৱিত হৈছিল । ছন্দৰীতিৰ কিছু লক্ষণ তেওঁৰ ভাষাত বিদ্যমান । তেওঁৰ ভাষাৰ মাজত সংস্কৃত শব্দৰ প্ৰয়োগো কম-বেছি পৰিমাণে দেখা যায় । ইয়াৰ মূল কাৰণ হৈছে ভট্টদেৱ আছিল গীতা –ভাগৱত আদি সংস্কৃত শাস্ত্ৰত অগাধ পণ্ডিত ।



 Assamese All Chapter Question Answer .

     Published  By Lokesh Das

Class 10 Assamese  questions Answer.                    


Previous Post Next Post